অধ্যায়-১৫, আমাৰ পৰিৱেশ (Our Environment) by Podmeswar


১। পৰিৱেশৰ চাৰিবিধ অত্যাৱশ্যকীয় পদাৰ্থৰ নাম লিখা ।
উত্তৰঃ পৰিৱেশৰ চাৰিবিধ অত্যাৱশ্যকীয় পদাৰ্থৰ নাম হ’ল- অক্সিজেন, পানী, কাৰ্বন আরু নাইট্রজেন ।

২। মাটি, বেক্টেৰীয়া আরু আন মৃতজীৱী প্রাণীয়ে সহজে পচন ঘটাব নোৱাৰা পৰিৱেশৰ এবিধ সামগ্রীৰ নাম লিখা ।
উত্তৰঃ প্লাষ্টিক ।

৩। জীৱ নিম্নিকৰণ আরু জীৱ অনিম্নিকৰণ বুলিলে কি বুজা ? উদাহৰণ দিয়া ।
উত্তৰঃ যিবোৰ পদাৰ্থ কিছুমান জৈৱিক প্রক্রিয়াৰ মাধ্যমেৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হয় । সেইবোৰ পদাৰ্থক জীৱ নিম্নিকৰণ (Biodegradable) পদাৰ্থ বোলে । উদাহৰণস্বরূপে- জাৱৰ-জোথৰ ।
    যিবোৰ পদাৰ্থ কিছুমান জৈৱিক প্রক্রিয়াৰ মাধ্যমেৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন নহয় । সেইবোৰ পদাৰ্থক জীৱ অনিম্নিকৰণ (Non Biodegradable) পদাৰ্থ বোলে । উদাহৰণস্বরূপে- পলিথিন ।

৪। পৰিৱেশ বা পৰিস্থিতি তন্ত্র কিদৰে গঠিত হয়?
উত্তৰঃ সকলো উদ্ভিদ, প্রাণী, অনুজীৱ, মানুহ, আদিৰ লগতে ভৌতিক পৰিৱেশ, সকলোবোৰ জীৱ, আরু পৰিৱেশৰ অজৈৱিক উপাদানবোৰৰ মাজত ওতঃপ্রোতঃভাবে জড়িত থকা সামগ্রিক অৱস্থাটোক সামৰি পৰিৱেশ তন্ত্র গঠিত হৈছে ।

৫। পৰিৱেশৰ জৈৱিক আরু অজৈৱিক উপাদানসমূহ লিখা ।
উত্তৰঃ  পৰিৱেশৰ জৈৱিক উপাদান সমূহ হ’ল- গছ-গছনি, প্রাণী, আদি জীৱসমূহ আরু অজৈৱিক উপাদানসমূহ হ’ল- বৰষুণ, আৰ্দ্ৰতা, মাটি, খনিজ লৱণ, উষ্ণতা, বায়ু/বতাহ আদি ।

৬। প্রাকৃতিক পৰিৱেশ তন্ত্র আরু মানৱ সৃষ্ট বা কৃত্রিম পৰিৱেশ তন্ত্র কাক বোলে ? উদাহৰণ দিয়া ।
উত্তৰঃ যিটো পৰিৱেশ বা পৰিস্থিতি তন্ত্র প্রকৃতিৰ দ্বাৰা সৃষ্ট, সেই তন্ত্রক প্রাকৃতিক পৰিৱেশ তন্ত্র বোলে । উদাহৰণ- গছ-গছনি, বনাঞ্চল, নদ-নদী, আদি প্রাকৃতিক পৰিৱেশ তন্ত্রৰ অন্তৰ্গত ।
    আনহাতে, যি পৰিস্থিতি তন্ত্র মানুহৰ স্বাৰ্থৰ বাবে মানুহৰ দ্বাৰা সৃষ্টি কৰি লয়, তাকে মানৱ সৃষ্ট বা কৃত্রিম পৰিৱেশ তন্ত্র বোলে । উদাহৰণ- বাগিচা, খেতিপথাৰ আদি মানৱ সৃষ্ট বা কৃত্রিম পৰিৱেশ তন্ত্র ।

৭। পৰিৱেশৰ পৰা পোষক দ্রৱ্য আহৰণৰ ওপৰত ভিত্তি কৰি জীৱবিলাকক কেইটা ভাগত বিভক্ত কৰা হৈছে আরু কি কি?
উত্তৰঃ পৰিৱেশৰ পৰা পোষক দ্রৱ্য আহৰণৰ ওপৰত ভিত্তি কৰি জীৱবিলাকক তিনিটা ভাগত বিভক্ত কৰা হৈছে আরু সেয়া হ’ল- উৎপাদন/উৎপাদক, উপভোক্তা আরু বিয়োজক ।

৮। উৎপাদন/উৎপাদক কাক বোলে ? উদাহৰণ দিয়া ।
উত্তৰঃ যিবোৰ জীৱই সালোক সংশ্লেষণৰ মাধ্যমেৰে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লব পাৰে, সেই জীৱবোৰকে উৎপাদন/উৎপাদক বোলে । উদাহৰণ- সেউজীয়া উদ্ভিদ, নীল সেউজ শেলাই আদি ।

৯। উপভোক্তা কাক বোলে ? ই কেইপ্রকাৰৰ আরু কি কি? উদাহৰণ দিয়া ।
উত্তৰঃ যিবোৰ জীৱই প্রত্যক্ষভাৱে উৎপাদন আরু পৰোক্ষভাৱে উৎপাদকক ভক্ষণ কৰি জীৱন নিৰ্বাহ কৰে । তাকে উপভোক্তা বোলে ।
    উপভোক্তা তিনিপ্রকাৰৰ । (ক)তৃণভোজী, উদাহৰণ- গরু, ছাগলী, হৰিণ আদি,
(খ) মাংসভোজী, উদাহৰণ- সিংহ, বাঘ, আদি,
(গ) পৰজীৱী, উদাহৰণ- জুঁক, মহ, আদি ।

১০। বিয়োজক কাক বোলে ? উদাহৰণ দিয়া ।
উত্তৰঃ যিবোৰ জীৱই মৃত জীৱৰ দেহ, জীৱৰ মল, বৰ্জিত পদাৰ্থ আদি সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰিব পাৰে, সেই জীৱসমূহক বিয়োজক বোলে । উদাহৰণ- বেক্টেৰীয়া, ভেঁকুৰ আদি ।

১১। বেক্টেৰীয়া, ভেঁকুৰ আদি প্রাণীক বিয়োজক বুলি কিয় কোৱা হয় ?
উত্তৰঃ বেক্টেৰীয়া, ভেঁকুৰ আদি প্রাণীক বিয়োজক বুলি কোৱা হয়, কাৰণ এই জীৱবোৰে জটিল জৈৱ যৌগবোৰক বিয়োজন ঘটাই সৰল অজৈৱ পদাৰ্থলৈ পৰিৱৰ্তন কৰে । লগতে, বিয়োজিত পদাৰ্থসমূহ মাটিৰ লগত মিহলি কৰি দিয়া যিবোৰ উদ্ভিদে খাদ্য হিচাপে পুনৰ গ্রহণ কৰে ।

১২। খাদ্য শৃংখলৰ প্রত্যকটো স্তৰকেই কি হিচাপে গণ্য কৰা হয় ?
উত্তৰঃ খাদ্য শৃংখলৰ প্রত্যকটো স্তৰকেই একোটা পৌষ্টিক স্তৰ হিচাপে গণ্য কৰা হয় ।

১৩। খাদ্য শৃংখলৰ স্তৰকেইটা লিখা ।
উত্তৰঃ পৌষ্টিক স্তৰৰ প্রথম স্তৰটো হ’ল- স্ব-পোষীজীৱ বা উৎপাদকবোৰ ।
পৌষ্টিক স্তৰৰ দ্বিতীয় স্তৰটো হ’ল- তৃণভোজী প্রাণীবোৰ বা প্রাথমিক উপভোক্তাসমূহ ।
পৌষ্টিক স্তৰৰ তৃতীয় স্তৰটো হ’ল- সরু সরু প্রাণী বা দ্বিতীয়ক উপভোক্তাসকল ।
পৌষ্টিক স্তৰৰ চতুৰ্থ স্তৰটো হ’ল- ডাঙৰ প্রাণী বা ত্রৰতীয়ক উপভোক্তাসকল ।

১৪। স্বপোষী জীৱবিলাকে কেনেকৈ খাদ্য বা শক্তি আহৰণ কৰে ?
উত্তৰঃ স্বপোষী জীৱবোৰে সূৰ্যৰ পৰা শক্তি আহৰণ কৰে আরু সেই শক্তিক ৰাসায়নিক শক্তিলৈ রূপান্তৰ কৰে । এই শক্তিক জীৱ জগতৰ প্রায় সকলোবোৰ জীৱই যাৱতীয় কারু-কাৰ্যসমূহৰ কাৰণে প্রয়োজনীয় শক্তি হিচাপে ব্যৱহাৰ কৰে ।  লগতে, এই শক্তিসমূহ স্বপোষী জীৱলৈ আরু বিয়োজক শ্রেণীৰ জীৱসমূহলৈ প্রবাহিত হয় ।

১৫। স্থলজ পৰিস্থিতি তন্ত্রত সেউজীয়া উদ্ভিদে সিহঁতৰ পাতত পৰা সূৰ্যৰ পোহৰৰ পৰা প্রায় কিমান শতাংশ সৌৰশক্তি ধৰি ৰাখিব পাৰে ?
উত্তৰঃ স্থলজ পৰিস্থিতি তন্ত্রত সেউজীয়া উদ্ভিদে সিহঁতৰ পাতত পৰা সূৰ্যৰ পোহৰৰ পৰা প্রায় 10 শতাংশ সৌৰশক্তি ধৰি ৰাখিব পাৰে ।

১৬। জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গড় মান হিচাপে কিমান শতাংশ প্রবাহিত হয় ?
উত্তৰঃ জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গড় মান হিচাপে 10 শতাংশ প্রবাহিত হয় ।

১৭। “শক্তিবিলস্ক এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ পৰিৱৰ্তন হওঁতা কিছু পৰিমাণৰ শক্তি পৰিবেশত এনে এক অৱস্থাত থাকি যায় যে তাক পুনৰাই লাভ কৰিব নোৱাৰি ”- এই কথাষাৰৰ তিনিটা যুক্তি আগবঢ়োৱা ।
উত্তৰঃ এই কথাষাৰৰ তিনিটা যুক্তি হ’ল-
(ক)স্থলজ পৰিস্থিতি তন্ত্রত সেউজীয়া উদ্ভিদে সিহঁতৰ পাতত পৰা সূৰ্যৰ পোহৰৰ পৰা প্রায় 10 শতাংশ সৌৰশক্তি ধৰি ৰাখিব পাৰে ।
(খ)জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গড় মান হিচাপে 10 শতাংশ প্রবাহিত হয় ।
(গ) প্রাথমিক উপভোক্তাবোৰে সেউজীয়া খাদ্য হিচাপে গ্রহণ কৰিলে সৰহভাগ শক্তিয়েই তাপ শক্তি হিচাপে পৰিৱেশত এৰি দিয়ে আরু কিছু পৰিমাণহে পাচন ঘটাই কাৰ্য সমাধা কৰাত ব্যৱহাৰ কৰাৰ লগতে বাকী থকাবোৰ বৃদ্ধি আরু বংশ বিস্তাৰ প্রক্রিয়াত ব্যৱহাৰ কৰে ।  

১৮। খাদ্য শৃংখল আরু খাদ্য জাল কাক বোলে ? উদাহৰণ দিয়া ।
অথবাঃ খাদ্য শৃংখল আরু খাদ্য জালৰ মাজত পাৰ্থক্য লিখা ।
উত্তৰঃ পৰিৱেশত থকা উপভোক্তাবোৰে ইটোয়ে সিটোৰ ওপৰত খাদ্যৰ বাবে নিৰ্ভৰ কৰি জীয়াই আছে । প্রথম শ্রেণী উপভোক্তাৰ ওপৰত দ্বিতীয় শ্রেণী উপভোক্তাই, দ্বিতীয় শ্রেণী উপভোক্তাৰ ওপৰত তৃতীয় শ্রেণী উপভোক্তাই, তৃতীয় শ্রেণী উপভোক্তাৰ ওপৰত চতুৰ্থ শ্রেণী উপভোক্তাই খাদি হিচাপে নিৰ্ভৰ কৰি এক শৃংখলৰ সৃষ্টি কৰে । ইয়াকে খাদ্য শৃংখল বোলে ।
    উদাহৰণস্বরূপে- গছ-বননি আদিক ফৰিঙে খায়, ফৰিঙক সাপে খাই, সাপক ঈগলে খাই, ঈগলক মানুহে খাই আদি এনেধৰণে খাদ্য শৃংখল অটুত ৰাখে ।
আনহাতে, খাদ্য শৃংখলৰ স্তৰৰ সংখ্যা, দৈৰ্ঘ আরু জটিলতা অনুসৰি খাদ্য শৃংখলৰ প্রকৃতি সলনি হয় । আমি পৰিৱেশত সঘনাই লক্ষ্য কৰো যে একেটা জীৱকে বিভিন্ন উপভোক্তাৰ স্তৰে অৰ্থাৎ বেলেগ বেলেগ জীৱই খাদ্য হিচাপে গ্রহণ কৰে বা ভক্ষণ কৰে । এই প্রকৃতিৰ বাবে খাদ্য শৃংখলবোৰ সৰল ৰৈখিক নহৈ প্রায়েই শৃংখলতাৰ সম্বন্ধ শাখা বিন্যাসৰ দৰে হয় । সেয়েহে এনে শৃংখলক খাদ্য জাল বোলে ।
    উদাহৰণস্বরূপে- মাছক ভেঁকুলী, মানুহ, মাছৰোকা, সাঁপ আদি বিভিন্ন প্রাণীয়ে ভক্ষণ কৰে, সেয়েহে মাছৰ খাদ্যৰ শৃংখলটিক খাদ্যজাল হিচাপে বিবেচিত কৰা হয় ।
   
সেয়েহে আমি পাৰ্থক্য হিচাপে ইয়াকে ক’ব পাৰো যে-
(ক) খাদ্য শৃংখল এক নিৰ্দিষ্ট ক্রম থাকে কিন্তু খাদ্য জালৰ কোনো নিৰ্দিষ্ট ক্রম নাথাকে ।
(খ) খাদ্য শৃংখলৰ ক্রম সৰলৰৈখিক, আনহাতে খাদ্য জালৰ ক্রম শাখা বিন্যাসৰ দৰে হয় ।   

১৯। শক্তি প্রবাহৰ দুটা উল্লেখযোগ্য কথা/বাৰ্তা কি?
উত্তৰঃ শক্তি প্রবাহৰ দুটা উল্লেখযোগ্য কথা/বাৰ্তা হ’ল-
(ক)প্রথমটো হ’ল- শক্তিৰ প্রবাহ সদায় একমুখী দিশতহে হয় । উদাহৰণস্বরূপে- স্ব-পোষী জীৱবোৰে সূৰ্যৰ পৰা আহৰণ কৰা শক্তিখিনি পুনৰ সূৰ্যলৈ উভতি যাব নোৱাৰে ।
(খ) দ্বিতীয়তো হ’ল- আমাৰ অজ্ঞাতেই কিছুমান ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ খাদ্য শৃংখলৰ যোগেদি আমাৰ দেহত প্রবেশ ঘটে । উদাহৰণস্বরূপে- শস্য পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক কীটনাশক দ্রব্যসমূহ এক অংশ পানী আরু মাটিৰ লগত মিহলি হৈ থাকি যায় । সেয়াকে উদ্ভিদে পানী আরু খনিজ লৱণ হিচাপে গ্রহণ কৰে । লগতে, সেই খাদ্যকে আমি খাওঁ আরু আমাৰ দেহলৈ সেই ৰাসায়নিক কীটনাশকবোৰ পৰোক্ষভাৱে প্রৱেশ কৰে ।  

২০। “শক্তিৰ প্রবাহ সদায় একমুখী দিশতহে হয়” । উদাহৰণ সহ বুজাই লিখা ।
উত্তৰঃ শক্তিৰ প্রবাহ সদায় একমুখী দিশতহে হয় । উদাহৰণস্বরূপে- স্ব-পোষী জীৱবোৰে সূৰ্যৰ পৰা আহৰণ কৰা শক্তিখিনি পুনৰ সূৰ্যলৈ উভতি যাব নোৱাৰে । ঠিক তেনেদৰে, তৃণভোজী প্রাণীয়ে গ্রহণ কৰা শক্তিখিনি আকৌ পুনৰ স্ব-পোষীলৈ পুনৰ উভতি নাযায় ।

২১। জৈবিক বিবৰ্ধক (Biological Magnification) কাক বোলে ? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ যিকোনো খাদ্য শৃংখলত মানুহবোৰেই আটাইতকৈ শীৰ্ষ স্থানত থাকে । সেয়েহে খাদ্য শৃংখলৰ মাধ্যমেৰে হোৱা কোনো সু-প্রভাৱ আরু দু-প্রভাৱবোৰ অধিকাংশক মানুহেই ভোগ কৰিব লাগে । এই পৰিঘটনাক জৈবিক বিবৰ্ধক (Biologial Magnication) বোলে ।
উদাহৰণস্বরূপে- আমি খেতিত ব্যৱহাৰ কৰা ৰাসায়নিক কীটনাশক দ্রব্য প্রথমে শস্য আরু শস্যৰ মাধ্যমেৰে আমাৰ দেহলৈ আহে আরু অন্তিম উপভোক্তা হিচাপে ইয়াৰ প্রভাৱ আমাৰ দেহতে অধিকাংশ পৰে ।  

২২। খাদ্য শৃংখলৰ আটাইতকৈ শীৰ্ষ স্থানত কোন থাকে ?
উত্তৰঃ খাদ্য শৃংখলৰ আটাইতকৈ শীৰ্ষ স্থানত মানুহবোৰ থাকে ।

২৩। আমাৰ কাৰ্যকলাপে পৰিৱেশক কেনেদৰে প্রভাৱান্বিত কৰে ? উদাহৰণসহ লিখা ।
উত্তৰঃ আমাৰ কাৰ্যকলাপে পৰিৱেশক প্রত্যক্ষ আরু পৰোক্ষভাৱে প্রভাৱান্বিত কৰে । উদাহৰণস্বরূপে- মানুহে ব্যৱহাৰ কৰা গাড়ী-মটৰসমূহৰ পৰা আরু ইয়াৰ পৰা নিৰ্গত হোৱা ধুৱাসমূহৰ পৰা প্রত্যক্ষভাৱে বায়ু প্রদূষিত হয় । লগতে, এই প্রদূষণে পৰোক্ষভাৱে অ’জ’ন স্তৰৰ অৱক্ষয় কৰে । সেয়েহে, আমাৰ কারু-কাৰ্য সমূহে বারুকৈয়ে পৰিৱেশক ক্ষতি কৰে ।

২৪। মানুহে সৃষ্টি কৰা পৰিৱেশৰ দুটা সমস্যা লিখা ।
উত্তৰঃ মানুহে সৃষ্টি কৰা পৰিৱেশৰ দুটা সমস্যা হ’ল- (ক) বায়ু প্রদূষণ আরু (খ) অ’জ’ন স্তৰৰ অৱক্ষয় ।

২৫। অ’জ’নৰ অণুটো অক্সিজেনৰ কেইটা পৰমাণুৰে গঠিত ?
উত্তৰঃ অ’জ’নৰ (O3) অণুটো অক্সিজেনৰ তিনিটা পৰমাণুৰে গঠিত ।

২৬। অ’জ’ন কেনেদৰে উৎপন্ন হয়? অ’জ’ন স্তৰৰ ভূমিকা কি বা অ’জ’ন স্তৰে আমাক কেনেদৰে সহায় কৰে ?
উত্তৰঃ অ’জ’নৰ (O3) অণুটো অক্সিজেনৰ তিনিটা পৰমাণুৰে গঠিত । অ’জ’নবোৰ বায়ুমণ্ডলৰ উচ্চ স্তৰত থকা অক্সিজেন(O2) আরু অতি বেঙুনীয়া ৰশ্মিৰ মাজত বিক্রিয়া ঘটি উৎপন্ন হয় । অতি উচ্চ শক্তি সম্পন্ন এই অতি বেঙুণীয়া ৰশ্মিয়ে অক্সিজেন(O2)ত থকা পৰমাণু দুটাক পৃথক কৰে আরু মুক্ত অক্সিজেনলৈ সলনি কৰে ।

O2 ⟶UV⟶ O + O
O + O2 O3 (অ’জ’ন)

    অ’জ’ন স্তৰে সূৰ্যৰ পৰা নিৰ্গত হোৱা অতি বেঙুণীয়া ৰশ্মি অৰ্থাৎ Ultra Violet ৰশ্মিৰ পৰা পৃথিৱীপৃষ্ঠত অহাত বাধা দিয়ে আরু সুৰক্ষা কৰে ।

২৭। সূৰ্যৰ বেঙুণীয়া ৰশ্মিৰ দুটা অসুবিধা বা ক্ষতিকাৰক বিষয় বা দু-প্রভাৱ উল্লেখ কৰা ।
উত্তৰঃ  সূৰ্যৰ বেঙুণীয়া ৰশ্মিৰ দুটা অসুবিধা বা ক্ষতিকাৰক বিষয় বা দু-প্রভাৱ  হ’ল-
(ক)সূৰ্যৰ বেঙুণীয়া ৰশ্মিয়ে মানুহৰ দেহৰ ছালত কৰ্কট ৰোগৰ সৃষ্টি কৰে ।
(খ)সূৰ্যৰ বেঙুণীয়া ৰশ্মি অতি বিষাক্ত ই জীৱৰ মৃত্যু ঘটাব পাৰে ।

২৮। মানুহৰ দেহৰ ছালত কৰ্কট ৰোগৰ কাৰণ কি?
উত্তৰঃ মানুহৰ দেহৰ ছালত কৰ্কট ৰোগৰ কাৰণ হ’ল- সূৰ্যৰ অতি বেঙুণীয়া ৰশ্মি ।

২৯। অ’জ’নৰ পৰিমাণৰ হ্রাসৰ মূল কাৰণ কি?
উত্তৰঃ ১৯৮০ চনত অ’জ’নৰ পৰিমাণ অত্যন্ত হ্রাস পাইছিল । শীতলীকৰণ যন্ত্র আরু অগ্নি নিৰ্বাপক যন্ত্রত ব্যৱহাৰ হোৱা কিছুমান ৰাসায়নিক পদাৰ্থ বিশেষকৈ ক্ল’ৰ’ফ্ল’ৰ কাৰ্বনক মূল কাৰণ হিচাপে অভিহিত কৰিছিল ।

৩০। অ’জ’ন স্তৰ ৰক্ষাত UNEP ৰ ভূমিকা কি?
উত্তৰঃ ১৯৮৭ চনত UNEPয়ে এক চুক্তি গ্ৰহণ কৰিছিল । এই চুক্তি অনুসৰি ১৯৮৬ত যিমান পৰিমাণৰ চি.এফ.চি. উৎপাদন কৰিছিল তাতকৈ যাতে বেচি উৎপাদন নহয় সকলো ৰাষ্ট্ৰই এইবিষয়ে সজাগ হোৱা উচিত । সেই লক্ষ্য ৰক্ষা কৰি পৰৱৰ্তী পৰ্যায়ত সফলতা লাভ কৰিছিল ।

৩১। UNEP ৰ সম্পূৰ্ণ রূপ লিখা ।
উত্তৰঃ UNEP ৰ সম্পূৰ্ণ রূপ হ’ল- United Nations Environment Programme  

৩২। C.F.C FULL Form কি?
উত্তৰঃ C.F.C FULL Form হ’ল- Chlorofluorocarbon  

   
  

Cheking & updating........