মানৱ সম্পদৰ বিকাশ, ভূগোল, দ্বাদশমান, নোট-পদ্মেশ্বৰ বৰা

বহুতৰ মাজৰ বাছনি তথা অতি চমু উত্তৰৰ আৰ্হি প্রশ্নাৱলীঃ প্রতিটো প্রশ্নৰ মূল্যাংক ১

তলত দিয়া চাৰিটা বিকল্পৰ পৰা সঠিক উত্তৰটো বাছনি করাঃ

১। তলত দিয়াবোৰৰ কোনটোৱে বিকাশৰ উত্তম বিৱৰণ দিয়ে?

(ক) বৃৰ্দ্ধিত আকাৰে            (খ) স্থায়ী প্রৱেশ

(গ) মানৰ ইতিবাচক পৰিৱৰ্তন     (ঘ) মানৰ সৰল পৰিৱৰ্তন

উত্তৰঃ (গ) মানৰ ইতিবাচক পৰিৱৰ্তন ।

 

২। তলত দিয়া কোনখন ৰাষ্ট্রত মানৱ সম্পদৰ বিকাশ উচ্চ ?

(ক) জাপান         (খ) নৰৱে

(গ) আৰ্জেন্টিনা       (ঘ) ইজিপ্ট

উত্তৰঃ (খ) নৰৱে ।

 

অতি চমু উত্তৰ (প্রতিটো প্রশ্নৰ মূল্যাংক ১)

১। মানৱ বিকাশ কি?

উত্তৰঃ মানৱ বিকাশ হ’ল নিৰ্ধাৰিত সময়সীমাৰ পৰিসৰত এক অঞ্চলৰ অধিবাসীয়ে আহৰণ কৰা ধনাত্মক দিশৰ গুণগত পৰিৱৰ্তন ।

 

২। মানৱ বিকাশৰ দুটা উপাদানৰ নাম লিখা ।

উত্তৰঃ মানৱ বিকাশৰ দুটা উপাদানৰ নাম হ’ল- (ক) স্থায়িত্ব আরু (খ) সমতা ।

 

৩। মানৱ বিকাশৰ ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল ?

উত্তৰঃ মানৱ বিকাশৰ ধাৰণাটো ড মেহবুব উল হকে উদ্ভাৱন কৰিছিল ।

 

৪। প্রাপ্তবয়স্ক সাক্ষৰতা কি?

উত্তৰঃ প্রাপ্তবয়স্ক সাক্ষৰতা হ’ল- উপযুক্ত বয়সত শিক্ষা গ্রহণৰ পৰা বঞ্চিত অথবা অনিচ্ছুকসকলে প্রাপ্তবয়স্ক অৱস্থাত শিক্ষাৰ গুরুত্ব উপলব্ধি কৰি শিক্ষা গ্রহণ কৰা কাৰ্য ।

 

৫। অৰ্থৱহ জীৱন বুলিলে কি বুজা ?

উত্তৰঃ অৰ্থৱহ জীৱন বুলিলে সুস্বাস্থ্য, অৰ্হতা বিকাশৰ সামৰ্থ, সমাজ পৰিক্রমাত অংশ গ্রহণৰ আরু লক্ষ্য উপনীত হোৱাৰ যোগ্যতা থকা উদ্দেশ্যধৰ্মী জীৱনক বুজা যায় ।


updating...........