1 Mark Questions:
৪। অর্থনৈতিক
গোলকীকৰণে কি বুজায় ?
১। গোলকীকৰণ বা বিশ্বায়ণ বুলিলে কি
বুজা?
উত্তরঃ গোলকীকৰণ বা বিশ্বায়ণ বুলিলে আমি সাধাৰণতে ধ্যাণ-ধৰণা, মূলধন, দ্রব্যসামগ্রী আরু বিশ্ব প্রৱাহক বুজো ৷
২। ৰাষ্ট্রৰ সমর্থত
গোলকীকৰণৰ ইতিবাচক পৰিণতি এটা উল্লেখ কৰা ।
উত্তরঃ ৰাষ্ট্রৰ সমর্থত গোলকীকৰণৰ এটা ইতিবাচক পৰিণতি হ'ল- আন্তঃজাৰ্তিক ব্যৱসায়-বাণিজ্য ৷
৩। হয় নে নহয় লিখাঃ
গোলকীকৰণৰ ক্ষেত্রত
প্রযুক্তি হ’ল গুরুত্বপূর্ণ কাৰকসমূহৰ ভিতৰত এটা ।
উত্তরঃ হয় ।
উত্তরঃ অর্থনৈতিক
গোলকীকৰণে অর্থনীতিৰ এক আদর্শ, নীতি, মূলধন, বিষয়বস্তু, কাৰিকৰী কৌশল আদি এক স্থানৰ
পৰা আন এক স্থানলৈ স্থানান্তৰিত হোৱাকে বুজায় ।
৫। সাংস্কৃতিক
একীভূতকৰণ মানে কি?
উত্তরঃ সাংস্কৃতিক
একীভূতকৰণ মানে এক পৰিস্থিতি বা পৰ্যায় যত অনুন্নত দেশসমূহত উন্নত আরু পাশ্চাত্য
দেশসমূহৰ সংকৃতি আরু নীতি-নিদ্দেৰ্শনা সমূহৰ প্রভাৱ পৰে নতুবা প্রভাৱিত হয় ।
৬।খালী ঠাই পূৰণ
কৰা ।
সাংস্কৃতিক
একীভূতকৰণ.........ৰ এটা রূপ ।
উত্তরঃ সাংস্কৃতিক
একীভূতকৰণ বিশ্বায়নৰ এটা রূপ ।
৭। ভাৰতে ইয়াৰ
অর্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ কৰিছিল ?
উত্তরঃ ভাৰতে ইয়াৰ
অর্থনৈতিক সংস্কাৰ ১৯৯১ চনৰ পৰা আৰম্ভ কৰিছিল ।
৮। বিশ্ব সামাজিক
মঞ্চ কি ?
উত্তরঃ বিশ্ব
সামাজিক মঞ্চ হ’ল এক মঞ্চ, যত অধিকাংশক পৰিৱেশবিদ, মানৱ অধিকাৰ কর্মীসকল, যুৱ
সম্প্রদায়, মহিলাকর্মীবৃন্দ, শ্রমিক আদি সৱে একগোটেৰে নব্য উদাৰনৈতিক বিশ্বায়নৰ বিৰোধিতা
কৰে ।
৯। WTOৰ স্কেটল বা চিটোল সন্মিলনৰ (১৯৯৯) তাৎপর্য্য কি?
উত্তরঃ WTOৰ স্কেটল বা চিটোল সন্মিলনৰ (১৯৯৯) তাৎপর্য্য এই যে এই সন্মিলনত অর্থনৈতিক ক্ষেত্রত উন্নত ৰাষ্ট্রবোৰে
ব্যৱসায়-বানিজ্যৰ দিশত গ্রহণ কৰা অন্যায় নীতিসমূহৰ বিরুদ্ধে দোষারূপ আরু প্রতিবাদ
সাব্যস্ত কৰিছিল ।
১০।ভাৰতত কেতিয়া
নতুন অর্থনৈতিক নীতি গ্রহণ কৰা হৈছিল ?
উত্তরঃ ভাৰতত
১৯৯১ চনত নতুন অর্থনৈতিক নীতি গ্রহণ কৰা হৈছিল ।
১১। কোন ক্ষেত্রত
গোলকীকৰণ লাভদায়ক নহয় ?
উত্তরঃ সামাজিক
আরু সাংস্কৃতিক ক্ষেত্রত গোলকীকৰণ লাভদায়ক নহয় ।
১২। বিশ্ব সামাজিক
মঞ্চৰ প্রথমখন বৈঠকৰ আয়োজন কেতিয়া কৰা হৈছিল ?
উত্তরঃ বিশ্ব
সামাজিক মঞ্চৰ প্রথমখন বৈঠক ২০০১ চনত ব্রাজিলৰ পোর্টো এলাগাৰত আয়োজন কৰা হৈছিল ।
১৩। গোলকীকৰণৰ
এটা নেতিবাচক দিশ লিখা ।
উত্তরঃ গোলকীকৰণৰ
এটা নেতিবাচক দিশ হ’ল- আমেৰিকা, ইউৰোপ আরু এছিয়াত এক প্রতিদ্বন্দ্বিতামূলক আরু পৰিপন্থীৰ নানান আঞ্চলিক অর্থনৈতিক গোটৰ সৃষ্টি কৰিছে ।
১৪। WTO ৰ
সম্পূর্ণ রূপটো লিখা ।
উত্তরঃ WTO ৰ
সম্পূর্ণ রূপটো হ’ল- World Trade
Organisation .
১৫। গোলকীকৰণ এটা
বৈশিষ্ট্য লিখা ।
উত্তরঃ গোলকীকৰণ
এটা বৈশিষ্ট্য হ’ল- মুক্ত বজাৰ অর্থনীতি ।
১৬। প্রতিৰক্ষাবাদ
কি ?
উত্তরঃ প্রতিৰক্ষাবাদ
হ’ল এক ব্যৱস্থা যাৰ মাধ্যমেৰে বিশ্বৰ দেশসমূহৰ জাতীয়তাবাদী নেতাসসকলে বিশ্বায়নৰ
দিশৰ পৰা নিজৰ নিজৰ জাতীয় ঐতিহ্য সুৰক্ষিত কৰাৰ স্বার্থত গ্রহণ কৰা এক প্রচেষ্টা ।
১৭। গোলকীকৰণৰ বা বিশ্বায়নৰ এটা
সমস্যা উল্লেখ কৰা ।
উত্তরঃ গোলকীকৰণ
বা বিশ্বায়নৰ এটা সমস্যা হ’ল- গোলকীকৰণ বা বিশ্বায়নে আমেৰিকা, ইউৰোপ আরু এছিয়াত
প্রতিদ্বন্দ্বিতা্মূলক, পৰিপন্থী আরু কিছুমান আঞ্চলিক অর্থনৈতিক গোটৰ সৃষ্টি কৰিছে
।
১৮। ভাৰতত
খিলঞ্জীয়া লোক কোন ?
উত্তরঃ ভাৰতত
খিলঞ্জীয়া লোক হ’ল- জনজাতীয় লোকসকল ।
১৯। গোলকীকৰণ
প্রক্রিয়া কেতিয়া আৰম্ভ হৈছিল ?
উত্তরঃ গোলকীকৰণ
প্রক্রিয়া ১৯৯০ চনত আৰম্ভ হৈছিল ।
২০। গোলকীকৰণে
কিহক সামৰি লয় ?
উত্তরঃ গোলকীকৰণে
অর্থনৈতিক, ৰাজনৈতিক আরু সাংস্কৃতিক দিশসমূহক সামৰি লয় ।
২১। বিশ্বায়ন বুলিলে কি
বুজা?
উত্তরঃ বিশ্বায়ণ বা গোলকীকৰণ বুলিলে আমি সাধাৰণতে ধ্যাণ-ধৰণা, মূলধন, দ্রব্যসামগ্রী আরু বিশ্ব প্রৱাহক বুজো ৷
২২। শুদ্ধ নে অশুদ্ধ
লিখাঃ
প্রযুক্তিবিদ্যা বিশ্বায়নৰ এটা গুরুত্বপূৰ্ণ উপাদান ৷
উত্তরঃ শুদ্ধ
২৩। সাংস্কৃতিক
ঐক্যবদ্ধতা (একত্রীকৰণ) মানে কি বুজা?
উত্তরঃ সাংস্কৃতিক ঐক্যবদ্ধতা (একত্রীকৰণ) মানে এক পৰিস্থিতি বা পৰ্যায় যত অনুন্নত দেশসমূহত উন্নত আরু পাশ্চাত্য দেশসমূহৰ সংকৃতি আরু নীতি-নিদ্দেৰ্শনা সমূহৰ প্রভাৱ পৰে নতুবা প্রভাৱিত হয় ।
২৪। ভাৰতে ইয়াৰ
অর্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ কৰিছিল?
উত্তরঃ ভাৰতে ইয়াৰ অর্থনৈতিক সংস্কাৰ ১৯৯১ চনৰ পৰা আৰম্ভ কৰিছিল ।
২৫। বিশ্বায়নৰ
প্রক্রিয়াটো কেতিয়া আৰম্ভ হৈছিল?
উত্তরঃ বিশ্বায়নৰ প্রক্রিয়া ১৯৯০ চনত আৰম্ভ হৈছিল ।
২৬। বহুজাতিক নিগম
বুলিলে কি বুজা?
উত্তরঃ বহুজাতিক নিগম মানে এক পৰিস্থিতি বা পৰ্যায় যত অনুন্নত দেশসমূহত উন্নত আরু পাশ্চাত্য দেশসমূহৰ সংকৃতি আরু নীতি-নিদ্দেৰ্শনা সমূহৰ প্রভাৱ পৰে নতুবা প্রভাৱিত হয় । লগতে, বহুজাতিক কোম্পানী আরু আন্তঃজাৰ্তিক প্রতিষ্ঠানসমূহৰ মাধ্যমত আন্তঃসংযোগ ব্যৱসায় বাণিজ্য আরু আন কারু-কাৰ্য সমাধা হয় ।
2 Marks Questions:
Notice: Below questions & answers are just updated but not checked.
updating and cheking are goingon............... these may be changed in future.
any mistakes found kindly inform.
১। গোলকীকৰণৰ কাৰণবোৰ কি কি ?
উত্তরঃ গোলকীকৰণৰ কাৰণবোৰ হ’ল-
(ক)
আধুনিক পুঁজিবাদী ব্যৱস্থা, ইউৰোপীয় অর্থনীতি আরু সংস্কৃতি, বিজ্ঞান আরু প্রযুক্তিবিদ্যা,
টেলিভিশ্যন, ডাক-তাঁৰ, টেলিগ্রাম, মোবাইল, ইন্টাৰনেট সেৱা, ছপাশালৰ ব্যৱহাৰ, আদিৰ
প্রসাৰ আরু ব্যৱহাৰৰ বাবে গোলকীকৰণৰ প্রভাৱ অপৰিসীম হৈছে ।
(খ)
লগতে, এখন দেশৰ অর্থনীতি, সংস্কৃতি, ৰীতি-নীতি, সামাজিক ব্যৱস্থা, সাজ-পাৰ,
খাদ্যব্যৱস্থা আদি আন এখন দেশে গ্রহণ কৰাৰ দিশতো বিশ্বায়ন বা গোলকীকৰণ বহু পৰিমাণে
নির্ভৰ কৰিছে ।
২। গোলকীকৰণৰ বিভিন্ন দিশবোৰৰ কি কি?
উত্তরঃ গোলকীকৰণৰ বা বিশ্বায়নৰ বিভিন্ন দিশবোৰ হ’ল-
(ক)গোলকীকৰণ বা বিশ্বায়নৰ ৰাজনৈতিক
ফলশ্রুতি, বিশ্বায়নৰ অর্থনৈতিক ফলশ্রুতি, বিশ্বায়নৰ সাংস্কৃতিক ফলশ্রুতি, আন্তর্জাতিক
অনুষ্ঠানসমূহ আদিবোৰ গোলকীকৰণ বা বিশ্বায়নৰ উল্লেখনীয় দিশ ।
(খ)লগতে, এখন দেশৰ অর্থনীতি, সংস্কৃতি,
ৰীতি-নীতি, সামাজিক ব্যৱস্থা, সাজ-পাৰ, খাদ্যব্যৱস্থা আদি আন এখন দেশে গ্রহণ কৰাৰ
দিশতো বিশ্বায়ন বা গোলকীকৰণ বহু পৰিমাণে নির্ভৰ কৰিছে ।
৩।ৰাষ্ট্রৰ সার্বভৌমত্বক গোলকীকৰণ বা
বিশ্বায়নৰ কিদৰে প্রভাবিত কৰে ?
বা গোলকীকৰণ বা বিশ্বায়নৰ চাৰিটা
আসোৱাহ বা সমস্যা উল্লেখ কৰা ৷
উত্তরঃ ৰাষ্ট্রৰ সার্বভৌমত্বক গোলকীকৰণে বিভিন্ন দিশত
প্রভাব পেলাইছে ।
(ক) বিশ্বায়নৰ প্রভাবত ৰাষ্ট্রসমূহৰ পাৰস্পৰিক
সার্বভৌমত্ব ক্ষমতা সীমিত হৈ পৰিছে ।
(খ) বিশ্বায়নৰ ফলত আইন-শৃংখলা নিয়ন্ত্রণ
আরু নাগৰিকসকলৰ জীৱনৰ সুৰক্ষাৰ দিশত বিপদাপন্ন হৈছে ।
(গ) বিশ্বায়নৰ পৰিনতিস্বরূপে, কোনো
দেশে নিজাকৈ সার্বভৌমত্বৰ ক্ষেত্রত কোনো সিদ্ধান্ত গ্রহণ কৰিব নোৱাৰা হৈ পৰিছে ।
(ঘ) বিশ্বায়নৰ বাবে প্রায়বোৰ ৰাষ্ট্র
বজাৰকেন্দ্রিক আরু পুঁজিবাদী ৰাষ্ট্রত পৰিণত হৈছে ।
৪। অর্থনৈতিক গোলকীকৰণৰ সৈতে জড়িত দুটা
কাৰক উল্লেখ কৰা ।
উত্তরঃ অর্থনৈতিক গোলকীকৰণৰ সৈতে জড়িত
দুটা কাৰক হ’ল- (ক) আন্তর্জাতিক মুদ্রা নিধি আরু (খ) বিশ্ব বাণিজ্য সংস্থা ।
৫। বিশ্বৰ সংস্কৃতিত গোলকীকৰণে ভাবুকিৰ
সৃষ্টি কৰা বুলি তুমি ভাবানে ?
উত্তরঃ হয়, বিশ্বৰ সংস্কৃতিত গোলকীকৰণে বা বিশ্বায়ণে ভাবুকিৰ
সৃষ্টি কৰিছে । কাৰণ,
(ক)গোলকীকৰণে বা বিশ্বায়নৰ পৰিনতিস্বরূপে,
কোনো দেশে নিজাকৈ সার্বভৌমত্বৰ ক্ষেত্রত কোনো সিদ্ধান্ত গ্রহণ কৰিব নোৱাৰা হৈ পৰিছে
।
(খ)গোলকীকৰণে বা বিশ্বায়নৰ ফলত
আইন-শৃংখলা নিয়ন্ত্রণ আরু নাগৰিকসকলৰ জীৱনৰ সুৰক্ষাৰ দিশত বিপদাপন্ন হৈছে ।
৬। গোলকীকৰণৰ সাংস্কৃতিক পৰিণতি সদায়
নেতিবাচক বুলি তুমি ভাবানে ?
উত্তরঃ গোলকীকৰণৰ সাংস্কৃতিক পৰিণতি
সদায় নেতিবাচক নহয় । কাৰণ, গোলকীকৰণৰ সাংস্কৃতিক পৰিণতিৰ ফলত নিজ দেশৰ সংস্কৃতিত
বিৰোপ প্রভাৱ পৰে । লগতে, নিজ সংস্কৃতি বাদ দি আনৰ সংস্কৃতি আকোৱালী
লোৱাৰ ঘটনাই নিজ সংস্কৃতিৰ প্রতি ভাবুকিৰ সৃষ্টি হৈছে ।
৭।সাংস্কৃতিক একীভূতকৰণে কি সূচায় ?
উত্তরঃ সাংস্কৃতিক একীভূতকৰণে পৃথিৱীৰ
বিভিন্ন অঞ্চলৰ সংস্কৃতি এখন ঠাই বা অঞ্চলত পৰা প্রভাৱক বুজায় । লগতে, আন দেশৰ
কৃষ্টি-সংস্কৃতি নিজ দেশৰ লগত মিলিত বা একেলগ হোৱা বিষয়ক সাংস্কতিক একীভূতকৰণ বোলা
হয় ।
৮। গোলকীকৰণত প্রযুক্তিয়ে কিদৰে বৰঙণি
যোগায় ?
উত্তরঃ গোলকীকৰণত প্রযুক্তিয়ে বিভিন্ন
দিশত বৰঙণি যোগায় । উল্লেখযোগ্যসমূহ হ’লঃ
(ক)প্রযুক্তি মাধ্যমৰ জৰীয়তে গোলকীকৰণ
ক্ষিপ্রগতিৰে উদ্গনি হৈছে ।
(খ)প্রযুক্তিৰ মাধ্যমেৰে গোটেই বিশ্বখন
এখন গাঁওত পৰিণত হৈছে ।
(গ) প্রযুক্তিৰ কাৰণে এখন দেশৰ
কৃষ্টি-সংস্কৃতি আরু ন ন আৱিস্কাৰ আন দেশৰ মানুহবোৰে উপভোগ কৰাৰ সুযোগ লাভ কৰিছে ।
(ঘ) প্রযুক্তিৰ জৰীয়তে বর্তমান গোটেই
বিশ্বখন সকলো বিষয়ৰ ক্ষেত্রত আদান-প্রদানত সার্থক হৈছে ।
৯। গোলকীকৰণে সকলোৰে একেধৰণৰ ফলাফল
দেখুওৱা বুলি তুমি ভাবানে ?
উত্তরঃ গোলকীকৰণে সকলোৰে একেধৰণৰ ফলাফল
দেখুওৱা বুলি মই নাভাবো । কাৰণ, সকলো দেশৰ সংস্কৃতিয়ে গোলকীকৰণৰ সংস্কৃতিক স্বীকাৰ
নকৰে । লগতে, কোনো
দেশৰ অর্থনৈতিক, ৰাজনৈতিক, সামাজিক আদি ৰীতি-নীতিবোৰ গোলকীয় সংস্কৃতিতকৈ বহু পৃথক ।
১০। গোলকীকৰণৰ শেহতীয়া বৈশিষ্ট্যবোৰ কি
কি ?
উত্তরঃ গোলকীকৰণৰ শেহতীয়া বৈশিষ্ট্যবোৰ
হ’লঃ
(ক) বিশ্বায়ন হ’ল এক বহুমুখী ধাৰণা যাৰ
অর্থনৈতিক, ৰাজনৈতিক আরু সাংস্কৃতিক অভিব্যক্তি আছে ।
(খ) বিশ্বায়ন বা গোলকীকৰণৰ প্রভাৱ সকলো
দেশ বা সমাজত একে নহয় ।
(গ) বর্তমান ঠায়ে ঠায়ে নিজৰ বা থলুৱা
কৃষ্টি-সংস্কৃতি ৰক্ষাৰ দাবীত বিশ্বায়ণ বা গোলকীকৰণৰ বিৰোধিতা কৰিছে ।
(ঘ) বিশ্বায়নৰ ফলত নিজ দেশৰ বা থলুৱা ৰীতি-নীতিবোৰৰ
মৰ্যদা হ্রাস পোৱাৰ বাবে বহুলোকে দুখ প্রকাশ কৰিছে আরু উপলব্ধি কৰিছে ।
১১। গোলকীকৰণৰ ফলত
অনিষ্ট হোৱা দুটা ক্ষেত্র কি কি ?
উত্তরঃ গোলকীকৰণৰ
ফলত অনিষ্ট হোৱা দুটা ক্ষেত্র হ’ল- (ক) সাংস্কৃতিক ক্ষেত্র আরু (খ) অর্থনৈতিক
ক্ষেত্র ।
১২। গোলকীকৰণৰ
ইতিবাচক প্রভাৱ কি কি ? (৪ বা ৬
নম্বৰৰ)
উত্তরঃ গোলকীকৰণৰ
উল্লেখযোগ্য ইতিবাচক প্রভাৱসমূহ হ’লঃ
(ক) গোলকীকৰণৰ ফলত
গোটেই বিশ্বখন এখন গাওঁত পৰিণত হৈছে আরু প্রায় সকলো মানুহ এই ক্ষেত্রত উপকৃত হৈছে
।
(খ) গোলকীকৰণৰ ফলত
বিজ্ঞান আরু প্রযুক্তিবিদ্যাৰ ন ন আৱিস্কাৰসমূহ সকলো মানুহে উপভোগ কৰাৰ সুবিধা
পাইছে ।
(গ) গোলকীকৰণৰ ফলত
হোৱা আমদানি আরু ৰপ্তানিৰ বাবে অর্থনৈতিক দিশত সকলো ৰাষ্ট্র উপকৃত হৈছে ।
(ঘ) লগতে,
আন্তর্জাতিক মুদ্রানিধি, বিশ্ববেংক, আন্তর্জাতিক মুদ্রা নিধি আদিৰ জৰীয়তে
অর্থনৈতিক দিশত স্বাৱলম্বী হৈ সকলো ৰাষ্ট্রই আগবাঢ়ি গৈছে ।
(ঙ) বিশ্বায়ন বা
গোলকীকৰণৰ ফলত সৃষ্টি হোৱা বিভিন্ন সংস্কৃতিৰ একভূতীকৰণ অর্থাৎ একতাই বিশ্ব
ভাতৃত্ববোধ, বিশ্ব জাতিসমূহৰ সংহতি স্থাপন, বিশ্বৰ ঐক্য আদি দিশত সফল রূপায়ণ হৈছে
।
(চ) ৰাজনৈতিক দিশত
সকলো ৰাষ্ট্রৰ বাবে সার্বভৌমত্ব ৰক্ষা কৰা, আইন শৃংখলা অটুট ৰখা, জনসাধাৰণৰ নিৰাপত্তা
প্রদান কৰা, আন্তৰাষ্ট্রীয় ৰাজনীতিৰ বাবে জাতীয় বা ৰাষ্ট্রৰ স্বার্থ পূৰণত সহায়ক
আদি হৈছে ।
১৩। টিকি থকা অসম
বিশ্ব দুখন কি কি ?
উত্তরঃ টিকি থকা অসম
বিশ্ব দুখন হ’ল- উত্তৰৰ উন্নত বিশ্ব আরু দক্ষিণৰ অনুন্নত বিশ্ব ।
১৪। উদাৰীকৰণৰ ফলাফল
কি ?
উত্তরঃ উদাৰীকৰণৰ
ফলাফল বিশেষকৈ অর্থনৈতিক বিশ্বায়নৰ সৃষ্টিৰ দিশত মুখ্য ভূমিকা গ্রহণ কৰে । লগতে, উদাৰীকৰণে মুক্ত বজাৰ অর্থনীতিৰ সৃষ্টি কৰে । ইয়াৰ ফলত পশ্চিমীয়া আদর্শৰ ৰাজনৈতিক আরু সাংস্কৃতিক
বিষয়সমূহ আন আন ৰাষ্ট্রসমূহলৈ প্রসাৰ হৈছে ।
১৫। গোলকীকৰণৰ দুটা
সংজ্ঞা লিখা ।
উত্তরঃ গোলকীকৰণৰ
দুটা উল্লেখযোগ্য সংজ্ঞা হ’ল-
(ক) জন বেইলিছ (John Baylis) আরু ষ্টিভ স্মিথ(Steve Smith) ৰ মতে, “বিশ্বায়ন/গোলকীকৰণ হ’ল এনে এটা প্রক্রিয়া, য’ত বিভিন্ন সমাজৰ মাজত
ক্রমান্বয়ে পাৰস্পৰিক নির্ভৰশীলতা স্থাপিত হয়; যাৰ ফলত বিশ্বৰ কোনো এক প্রান্তৰ
ঘটনাই বহু দূৰত অৱস্থিত অন্য দেশৰ জনসাধাৰণ নাইবা সমাজৰ ওপৰতো প্রভাৱ পেলায় ।”
(খ) এডভাৰ্ড এচ. হাৰমন (Adverd
S. Herman) ৰ মতে, “বিশ্বায়ন/গোলকীকৰণ মানে হ’ল আন্তর্জাতিক পৰিসীমা অতিক্রম কৰি
সংঘটিত পৰিচালনা আরু পদ্ধতিৰ সম্প্রসাৰণভাৱে পৰিবর্তিত হৈ থকা সা-সুবিধা আরু
অর্থনৈতিক সম্পর্ক ।”
১৬। গোলকীয় জনসাধাৰণ
কি ? দুটা উদাহৰণ দিয়া ।
উত্তরঃ পৃথিৱীৰ
যিসমূহ সম্পদৰ ক্ষেত্রত বিশ্বসম্প্রদায়ৰ সকলোৰে উমৈহতীয়া অধিকাৰ বা স্বত্ব আছে,
সেইসমূহকে গোলকীয় জনসাধাৰণ বোলা হয় । উদাহৰণস্বরূপে- প্রাকৃতিক সম্পদ, বায়ুমণ্ডল,
জলমণ্ডল, উত্তৰ মেরু, দক্ষিণ মেরু আদি ।
১৭। গোলকীকৰণৰ প্রতি
প্রযুক্তিয়ে কিদৰে বৰঙনি যোগায়?
উত্তরঃ গোলকীকৰণত প্রযুক্তিয়ে বিভিন্ন দিশত
বৰঙণি যোগায় । উল্লেখযোগ্যসমূহ হ’লঃ
(ক)প্রযুক্তি মাধ্যমৰ জৰীয়তে গোলকীকৰণ
ক্ষিপ্রগতিৰে উদ্গনি হৈছে ।
(খ)প্রযুক্তিৰ মাধ্যমেৰে গোটেই বিশ্বখন
এখন গাঁওত পৰিণত হৈছে ।
(গ) প্রযুক্তিৰ কাৰণে এখন দেশৰ
কৃষ্টি-সংস্কৃতি আরু ন ন আৱিস্কাৰ আন দেশৰ মানুহবোৰে উপভোগ কৰাৰ সুযোগ লাভ কৰিছে ।
(ঘ) প্রযুক্তিৰ জৰীয়তে বর্তমান গোটেই
বিশ্বখন সকলো বিষয়ৰ ক্ষেত্রত আদান-প্রদানত সার্থক হৈছে ।
১৮। খালী ঠাই পুৰণ করাঃ
(ক) গোলকীকৰণ হ’ল এক _____ ।
উত্তরঃ গোলকীকৰণ হ’ল এক বহুমুখী ধাৰণা
।
(খ) অর্থনৈতিক ______ সমগ্র ______
মতবিভেদৰ সৃষ্টি কৰিছে ।
উত্তরঃ অর্থনৈতিক উদাৰীকৰণে সমগ্র
বিশ্বতে মতবিভেদৰ সৃষ্টি কৰিছে ।
(গ) বিশ্ব সামাজিক_____ হ’ল অন্য
______ মঞ্চ ।
উত্তরঃ বিশ্ব সামাজিক ফ’ৰাম হ’ল অন্য
বিশ্ব মঞ্চ ।
১৯। গোলকীকৰণৰ সামাজিক-সাংকৃতিক পৰিণতিবোৰ
কি কি ?
উত্তরঃ গোলকীকৰণৰ সামাজিক-সাংকৃতিক পৰিণতিবোৰ
হ’ল-
(ক) গোলকীকৰণ বা বিশ্বায়নৰ ফলত এখন দেশৰ
ৰীতি-নীতি আরু সংস্কৃতি আন এখন দেশলৈ সম্প্রসাৰণ ঘটিছে ।
(খ) বিশ্বৰ উন্নত আরু পশ্চিমীয়া দেশৰ
সামাজিক-সাংস্কৃতিক নীতি আরু আদর্শ সমূহ আন ৰাষ্ট্রবোৰে গ্রহণ কৰিছে ।
(গ) সাজ-পোছাক, খাদ্যাভাস, খাদ্যবস্তুৰ
বিকল্প প্রয়োগ আদি অন্য দেশৰ দৰে হোৱা পৰিলক্ষিত হৈছে ।
(ঘ) বিশ্বৰ প্রায় সকলো দেশতে মিশ্র
সমাজ-সংস্কৃতি বিৰাজমান হৈছে ।
২০। ভাৰতৰ গোলকীকৰণৰ বিৰোধিতাৰ
অভিজ্ঞতা কেনেকুৱা ?
অর্থাৎ গোলকীকৰণৰ
অসুবিধা/আসোৱাহ/প্রতিবন্ধকসমূহ লিখা ।
উত্তরঃ গোলকীকৰণৰ অসুবিধা/আসোৱাহ/প্রতিবন্ধকসমূহ বা ভাৰতৰ
গোলকীকৰণৰ বিৰোধিতাৰ উল্লেখযোগ্য অভিজ্ঞতাসমূহ হ’লঃ
(ক) বিশ্বায়ন বা গোলকীকৰণে সৃষ্টি কৰা
মুক্ত বজাৰ অর্থনীতিৰ ফলত ধনী লোকসকল অধিক ধণী আরু দুখীয়া সকল অত্যন্ত দুখীয়া হৈ পৰিছে
।
(খ)আন্তর্জাতিক আরু বহুজাতিক
কোম্পানীসমূহৰ বাবে স্থানীয় উদ্যোগ-প্রতিষ্ঠানসমূহৰ গুরুত্ব ক্রমান্বয়ে কমি আহিছে
।
(গ) ৰাজনৈতিক দিশৰ পৰা বিশ্বায়ন বা
গোলকীকৰণে ৰাষ্ট্রৰ সামর্থ্য আরু সার্বভৌমত্বৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিছে ।
(ঘ) অর্থনৈতিক দিশত, মুক্ত বাণিজ্যিক
লেন-দেন সমূহৰ বাবে থলুৱা শিল্পসমুহ ক্রমে নিষ্ক্রিয় আরু অলাগতিয়াল হৈ গৈ আছে ।
২১। বিশ্বায়ন বা গোলকীকৰণে আচলতে এখন ৰাষ্ট্রৰ
কর্মতৎপৰতা বৃদ্ধি কৰে বুলি কোৱাটো কিমানখিনি শুদ্ধ ? কাৰণ দৰ্শোৱা । (৪ নম্বৰৰ
প্রশ্ন)
উত্তরঃ
বিশ্বায়ন বা গোলকীকৰণে আচলতে এখন ৰাষ্ট্রৰ কর্মতৎপৰতা বৃদ্ধি কৰে বুলি কোৱাটো
সর্বাধিক দিশত শুদ্ধ বুলি সমালোচকসকলে কব খুজে । কাৰণ,
(ক)বিশ্বায়ন
বা গোলকীকৰণে এখন ৰাষ্ট্রৰ কর্মৰ তৎপৰতা আগতকৈ বহু গুণে বৃদ্ধি কৰিছে ।
(খ)আন্তঃৰাষ্ট্রীয়
বাণিজ্যিক লেন-দেনসমূহ কৰাৰ ক্ষেত্রত মানিব লগা নীতি আরু সময়সীমাৰ ক্ষেত্রত ৰাষ্ট্রসমূহ
অধিক কর্মতৎপৰতা হব লগা হৈছে ।
(গ) বিশ্ব বাণিজ্য
সংস্থা, বিশ্ব শ্রমিক সংস্থা আদি অনুষ্ঠানসমূহৰ নীতি আরু নির্দেশনাসমূহৰ বাবে
শ্রমিক সমূহৰ নিৰাপত্তা, ব্যৱসায়িক দিশত সতৰ্ক, কর্মৰ ক্ষেত্রত সুস্থ পৰিৱেশ আদি
গঢ়ি তুলাত বিশ্বায়ন
বা গোলকীকৰণৰ ফলত সম্ভৱ হৈ উঠিছে ।
(ঘ)বিশ্বায়ন
বা গোলকীকৰণৰ ফলস্বরূপে বিজ্ঞান আরু প্রযুক্তিবিদ্যাৰ সফল রূপায়ণ সকলো দেশে উপভোগ
কৰাৰ লগতে কর্মৰ ক্ষেত্রত সুপৰিকল্পিতভাৱে বাস্তবায়ন কৰাৰ দিশত ৰাষ্ট্রসমূহ সফল
হৈছে ।
২২। বিশ্বসামাজিক ফৰাম
কি?
উত্তরঃ বিশ্বসামাজিক ফৰাম মানে এক পৰিস্থিতি বা পৰ্যায় যত অনুন্নত দেশসমূহত উন্নত আরু পাশ্চাত্য দেশসমূহৰ সংকৃতি আরু নীতি-নিদ্দেৰ্শনা সমূহৰ প্রভাৱ পৰে নতুবা প্রভাৱিত হয় । লগতে, বহুজাতিক কোম্পানী আরু আন্তঃজাৰ্তিক প্রতিষ্ঠানসমূহৰ মাধ্যমত আন্তঃসংযোগ ব্যৱসায় বাণিজ্য আরু আন কারু-কাৰ্য সমাধা হয় ।
২৩। বিশ্বায়নৰ
বিভিন্ন প্রকাৰ কি কি?
উত্তরঃ গোলকীকৰণৰ বা বিশ্বায়নৰ বিভিন্ন প্রকাৰসমূহ হ’ল-
(ক)গোলকীকৰণ বা বিশ্বায়নৰ ৰাজনৈতিক ফলশ্রুতি, বিশ্বায়নৰ অর্থনৈতিক ফলশ্রুতি, বিশ্বায়নৰ সাংস্কৃতিক ফলশ্রুতি, আন্তর্জাতিক অনুষ্ঠানসমূহ আদিবোৰ গোলকীকৰণ বা বিশ্বায়নৰ উল্লেখনীয় দিশ ।
(খ)লগতে, এখন দেশৰ অর্থনীতি, সংস্কৃতি, ৰীতি-নীতি, সামাজিক ব্যৱস্থা, সাজ-পাৰ, খাদ্যব্যৱস্থা আদি আন এখন দেশে গ্রহণ কৰাৰ দিশতো বিশ্বায়ন বা গোলকীকৰণ বহু পৰিমাণে নির্ভৰ কৰিছে ।
২৪। অসমান বিশ্বদুখন
কি কি?
উত্তরঃ অসমান বিশ্বদুখন হ'লঃ উত্তৰৰ উন্নত বিশ্ব আরু দক্ষিণৰ অনুন্নত বিশ্ব ।
২৫। বিশ্বায়নৰ
সংজ্ঞা দিয়া ।
উত্তরঃ
(ক) জন বেইলিছ (John Baylis) আরু ষ্টিভ স্মিথ(Steve Smith) ৰ মতে, “বিশ্বায়ন/গোলকীকৰণ হ’ল এনে এটা প্রক্রিয়া, য’ত বিভিন্ন সমাজৰ মাজত ক্রমান্বয়ে পাৰস্পৰিক নির্ভৰশীলতা স্থাপিত হয়; যাৰ ফলত বিশ্বৰ কোনো এক প্রান্তৰ ঘটনাই বহু দূৰত অৱস্থিত অন্য দেশৰ জনসাধাৰণ নাইবা সমাজৰ ওপৰতো প্রভাৱ পেলায় ।”
(খ) এডভাৰ্ড এচ. হাৰমন (Adverd S. Herman) ৰ মতে, “বিশ্বায়ন/গোলকীকৰণ মানে হ’ল আন্তর্জাতিক পৰিসীমা অতিক্রম কৰি সংঘটিত পৰিচালনা আরু পদ্ধতিৰ সম্প্রসাৰণভাৱে পৰিবর্তিত হৈ থকা সা-সুবিধা আরু অর্থনৈতিক সম্পর্ক ।”
২৬। খালি ঠাই পূৰণ
করাঃ
( a)
বিশ্বায়ন
হ’ল এক ______ ।
উত্তরঃ বিশ্বায়ন হ’ল এক বহুমুখী ধাৰণা ।
(b)আর্থিক
_____ গোটেই ______ এক মত বিভেদৰ সৃষ্টি কৰিছে ।
উত্তরঃ আর্থিক উদাৰীকৰণে গোটেই সমগ্র বিশ্বতে এক মত বিভেদৰ সৃষ্টি কৰিছে ।
Notice: Below questions & answers are just updated but not checked.
updating and cheking are goingon............... these may be changed in future.
any mistakes found kindly inform.
চমু
উত্তরর আদৰ্শ প্রশ্নঃ (৪/৬ নম্বরর)
১।
গোলকীকরণর পরিণতিবোর কি কি?
অথবাঃ
৪। গোলকীকরণর অৰ্থনৈতিয়ে সংরিছে কি কি? (কেৱল অৰ্থনৈতিক ভাগটোহে লিখিবা)
অথবাঃ
৭। গোলকীয় সংস্কৃতিত গোলকীকরণর প্রভাৱ কিদরে দেখা
যায় আঙুলিওৱা ।
(কেৱল সংস্কৃতির ভাগটোহে লিখিবা)
অথবাঃ
৮। অৰ্থনৈতিক গোলকীকরণর সৈতে কি জড়িত? (কেৱল অৰ্থনৈতিক ভাগটোহে লিখিবা)
অথবাঃ
১৮। বিশ্বায়নে সাংস্কৃতিক বিভিন্নতা আনে বুলি
তুমি ভাবানে?
(কেৱল সংস্কৃতির ভাগটোহে লিখিবা)
অথবাঃ
১৯। বিশ্বায়নর নেতিবাচক প্রভাৱসমূহ দেখুওৱা । (রাজনৈতিক, অৰ্থনৈতক আরু সংস্কৃতির
কুফল/নেতিবাচক প্রভাৱবোর লিখিবা)
অথবাঃ
২০। বিশ্বায়নে রাষ্ট্রর সাৰ্বভৌমত্বৰ ওপরত
কেনেদরে প্রভাৱ পেলায়? (রাজনৈতিক ভাগর নেতিবাচক/কুপ্রভাৱ লিখিবা)
অথবাঃ
১।
গোলকীকরণর
ফলত
উন্নয়নশীল
দেশসমূহত
রাষ্ট্রর
কাম-কাজর
ভূমিকাত
হ্রাস
আরু
বৃদ্ধি
সম্পৰ্কে
ব্যাখ্যা
করা
। (৬ নম্বরর)
(রাজনীতির ভাগটো লিখিবা)
অথবাঃ ২।
‘গোলকীকরণে
আমার
ঘরখনক
প্রভাবিত
করিছে,
আমার
খোৱা-পিন্ধা
সকলোকে
আরু
আচলতে
আমার
চিন্তাকো
প্রভাৱিত
করিছে
।’
গোলককীরণর
সাংস্কৃতিক
পরিণতি
দেখুওৱা
। (৬ নম্বরর)
(সংস্কৃতির প্রভাৱসমূহ লিখিবা)
অথবাঃ ৩।
গোলকীকরণর
রাজনৈতিক,
অৰ্থনৈতিক
আরু
সাংস্কৃতিক
প্রভাৱবোর
কি
কি?
(৬ নম্বরর)
অথবাঃ ৭।
গোলকীকরণে
সংস্কৃতিক
একীভূতকরণ
করিছে
বোলা
মতটোক
তুমি
মানি
লোৱানে
। (৬ নম্বরর) (কেৱল সংস্কৃতির ভাগটোহে লিখিবা)
অথবাঃ ৮।
গোলকীকরণর
পরিপেক্ষিতত
উন্নয়নশীল
দেশসমূহত
রাষ্ট্রর
পরিৱৰ্তিত
ভূমিকার
সমালোচনাত্মক
মূল্যায়ন
করা
। (৬ নম্বরর)(রাজনৈতিক ভাগর নেতিবাচক/কুপ্রভাৱ
লিখিবা)
অথবাঃ ৯।
গোলকীকরণে
কিদরে
রাষ্ট্রর
পরিচালনা
ক্ষমতা
হ্রাস
করে?
(৬ নম্বরর)
(রাজনৈতিক ভাগর নেতিবাচক/কুপ্রভাৱ
লিখিবা)
অথবাঃ ১০।
গোলকীকরণর
ফলাফল
কি?
(৬ নম্বরর)
(সকলো)
অথবাঃ ১১।
বিশ্বায়নর
রাজনৈতিক,
অৰ্থনৈতিক
আরু
সাংস্কৃতিক
প্রভাৱসমূহ
কুই
কি?
আলোচনা
করা
। (৬ নম্বরর) (সকলো)
অথবাঃ ১৩। বহুজাতিক
কোম্পানিবোরে
রাষ্ট্রত
কি
ভূমিকা
পালন
করে?
(৬ নম্বরর) (কেৱল অৰ্থনৈতিক ভাগটোহে লিখিবা)
অথবাঃ ১৪।
বিশ্বায়ন
বা
গোলকীকরণর
ইতিবাচক
প্রভাৱবোর
আলোচনা
করা
। (৬ নম্বরর) (কেৱল সুপ্রভাৱ/ইতিবাচক
ভাগকেইটাহে লিখিবা)
উত্তর:
বিশ্বায়নর
রাজনৈতিক ফলশ্রুতিঃ
সুপ্রভাৱঃ
(ক)
বিশ্বানে বা গোলকীকরণে রাষ্ট্রর সামৰ্থ্য দুগুণে বৃদ্ধি আরু শক্তিশালী করিছে ।
(খ)
আন্তঃরাষ্ট্রনীতির সহায়ত প্রায়বোর রাষ্ট্রই দেশর স্বাৰ্থৰ পূরণত সৰ্বাধিক সফল হৈছে
।
(গ)বিশ্বান
বা গোলকীকরণর ফলস্বরূপে পূৰ্বতকৈ আইন-শৃংখলা, জনসাধারণর জীৱন আদি অনাৱশ্যকীয়
দিশসমূহর ওপরত অধিক নিরাপত্তা প্রদান করিছে ।
(ঘ)বিশ্বানে
বা গোলকীকরণে এখন রাষ্ট্রর কৰ্তৃত্ব পূৰ্বতকৈ অধিক বৃদ্ধি করিছে ।
(ঙ)বিশ্বান
বা গোলকীকরণর এক প্রভাৱ হিচাপে পরিচিত বিজ্ঞান আরু প্রযুক্তির সহায়ত রাষ্ট্র এখনর
নাগরিকর আশা-আকাংক্ষা আরু অভাৱ-অভিযোগ সহজে জনাত সহায় হৈছে ।
(চ)
আন্তৰ্জাতিক রাজনীতির প্রভাৱত রাষ্ট্রর নীতি নিৰ্ধাৰণ পূৰ্বতকৈ উন্নত আরু
পরিকল্পিত হৈছে ।
(ছ)বিশ্বায়ন
বা গোলকীকরণর মাধ্যমেরে রাষ্ট্র এখনত জনসাধারণর বাবে এক নতুন পরিৱেশ আরু সমাজ
ব্যৱস্থার সৃষ্টি হৈছে ।
(জ)
আন্তৰ্জাতিক রাজনৈতিক ব্যৱস্থার প্রভাৱত রাষ্ট্রর কাৰ্যাৱলীর পরিসর পূৰ্বতকৈ
বৃদ্ধি হৈছে ।
(ঝ)বিশ্বায়ন
বা গোলকীকরণে রাষ্ট্রর জনসাধারণর বাবে নতুন বহু সুযোগর ব্যৱস্থা করি দিছে ।
(ঞ)
আন্তৰ্জাতিক রাজনীতির প্রভাৱত রাষ্ট্রর নীতির দ্রুত উদ্গতি সাধন হৈছে ।
কুপ্রভাৱ/নেতিবাচক
দিশসমূহঃ
(ক)বিশ্বায়ন
বা গোলকীকরণে এখন রাষ্ট্রর ক্ষমতা আরু কাৰ্যাৱলীর দিশত বহুতো সংকুচিত আনি দিয়ে ।
(খ)বিশ্বায়ন
বা গোলকীকরণর ফলত রাষ্ট্র এখনর চরকারর বিভিন্ন কাৰ্যাৱলীর ক্ষেত্রত সীমাবদ্ধতা আহে
।
(গ)
কল্যাণকামী দেশর ধারণার সীমিত করি ‘সীমিত দেশ’ (Minimal State) র ধারণালৈ বিশ্বায়ন বা গোলকীকরণে সলনি করিছে ।
(ঘ)
জনসাধারণর নিরাপত্তা, আইন-শৃংখলা অটুত রক্ষা আদি দিশত সীমিত সংখ্যক কামহে
রাষ্ট্রখনে পরিচালনা করে ।
(ঙ) দেশর
বাহিরর বহুজাতিক কোম্পানীসমূহে দেশর সামাজিক কল্যাণকামী আরু অৰ্থনৈতিক কামসমূহর
অগ্রাধিকার লয় ।
(চ)
রাষ্ট্রর প্রায়বোর নীতি বিশ্ববেংক, আন্তৰ্জাতিক মুদ্রানিধি, বিশ্ব বাণিজ্য সংস্থা
আদি আন্তৰ্জাতিক সংগঠনসমূহে কাৰ্যকরী করে আরু এই সংগঠনবোরর দ্বারা পরিচালিত হৈছে ।
(ছ)বিশ্বায়ন
বা গোলকীকরণে রাজনীতির সাৰ্বভৌম ক্ষমতাক বহুপরিমাণে আঘাত হানে ।
(জ)বিশ্বায়ন
বা গোলকীকরণর ফলত সৃষ্টি হোৱা মুক্ত বজার ব্যৱস্থার ফলত রাষ্ট্রর সীমা অতিক্রম করি
অতি সহযে বিদেশী প্রৱেশ করি আছে ।
(ঝ)
ছোভিয়েট সংঘর পতনর পাছত, তৃতীয় বিশ্বৰ প্রায়বোর দেশর আভ্যন্তরীণ বিষয়বোরত আমেরিকা
আরু আন উন্নত ইউরোপীয় দেশবোরে প্রভাৱ বিস্তার করি আছে ।
(ঞ)বিশ্বায়ন
বা গোলকীকরণে রাষ্ট্রসমূহর গণতন্ত্র আরু রাজনৈতিক প্রতিষ্ঠানসমূহক বিপৰ্যয় আনি
দিছে ।
অৰ্থনীতির প্রভাৱঃ
বিশ্বায়ন
বা গোলকীকরণে দেশসমূহর
মাজত সম্পদর বিনিয়োগ, উৎপাদন, বিতরণ আদি অৰ্থনৈতিক নীতিসমূহ বজার অৰ্থনীতিত
স্বাভাৱিক নয়মত পরিণত করিছে । বিশ্বায়ন বা গোলকীকরণে আন আন প্রভাৱসমূহ তলত আলোচনা
করা হ’ল ।
সুপ্রভাৱঃ
(ক)বিশ্বায়ন
বা গোলকীকরণর ফলত অৰ্থনৈতিক লাভা-লাভ বহুপরিমাণে বৃদ্ধি হৈছে ।
(খ)বিশ্বায়ন
বা গোলকীকরণর ফলত আন্তৰ্জাতিক বাণিজ্যিক লেন-দেন আরু আদান প্রদানত সকলো রাষ্ট্রই
সুযোগ-সুবিধা লাভ করিছে আরু অৰ্থনৈতিক দিশর ক্রমাগত বৃদ্ধি হৈছে ।
(গ)বিশ্বায়ন
বা গোলকীকরণর ফলত দেশর রপ্তানি বৃদ্ধি হৈছে আরু বিদেশী পুঁজি অৰ্জন করাত সক্ষম
হৈছে ।
(ঘ)বিশ্বায়ন
বা গোলকীকরণর আৰ্শীবাদস্বরূপ কম্পিউটার, ইন্টারনেট আদির মাধ্যমেরে এতিয়া ঘরতে বহি
ব্যৱসায়-বাণিজ্য করি অৰ্থনৈতিক দিশত উদ্গতি হৈছে ।
(ঙ)অৰ্থনৈতিকবিশ্বায়ন
বা গোলকীকরণর বাবে দেশসমূহর অৰ্থনৈতিক দিশত পারস্পরিক একতা আরু নিৰ্ভৰশীলতা বৃদ্ধি
পাইছে ।
(চ)বিশ্বায়ন
বা গোলকীকরণর ফলত হোৱা মুক্ত বিতরণ বা উদারীকরণ আরু উৎপাদন ব্যৱস্থাই সকলো দেশক
বাণিজ্যিক দিশত সুযোগ-সুবিধা আরু সিদ্ধান্ত গ্রহণর সুবিধা প্রদান করিছে ।
(ছ)বিশ্বায়ন
বা গোলকীকরণে বিশ্বৰ কল্যাণ কামসমূহর বৃদ্ধিত অরিহণা যোগাইছে ।
(জ) অৰ্থনৈতিক
বিশ্বায়নে মানুহর পছন্দর বিভিন্ন সুবিধাসমূহ অৰ্পণ করিছে ।
(ঝ)বিশ্বায়ন
বা গোলকীকরণে আন্তৰ্জাতিক বাণিজ্যিক সুবিধাসমূহ প্রদান করিছে ।
(ঞ)
বিশ্বৰ জনসাধারণর মাজত অৰ্থনৈতিক ক্ষেত্রর মাজেরে ভাতৃত্ববোধ গঢ়ি তুলিছে ।
(ট)বিশ্বায়ন
বা গোলকীকরণে রাষ্ট্রীয় আয় বৃদ্ধি করিছে ।
(ঠ)
পুঁজিবাদী ব্যৱস্থার বহুল প্রচলনর ফলত চরকারর হস্তক্ষেপ হ্রাস পাইছে আরু সকলোৱে
বাণিজ্যিক সুবিধাসমূহ আদায় করিবলৈ সক্ষম হৈছে ।
কুফল/কুপ্রভাৱ/নেতিবাচক দিশসমূহঃ
(ক)বিশ্বায়ন
বা গোলকীকরণর ফলত কিছুমান দেশর অধিক লোকচানর সন্মুখিন হ’ব লগা হৈছে ।
(খ)বিশ্বায়ন
বা গোলকীকরণর ফলত অৰ্থনৈতিক দিশত আন্তঃরাষ্ট্রীয় সংস্থা আরু উন্নতদেশসমূহর কিছুমান
হেচার সন্মুখিন হ’ব লগা হৈছে ।
(গ)বিশ্বায়ন
বা গোলকীকরণর বাবে অৰ্থনৈতিক ক্ষেত্রত রাষ্ট্রর নিয়ন্ত্রণ বহুপরিমাণে হ্রাস পাইছে
।
(ঘ) রাষ্ট্রর
উৎপাদন, বিতরণ, বিনিময় আদিত অৰ্থনীতির নীতিসমূহ নিৰ্ধারণত বিশ্ববেংক, আন্তৰ্জাতিমক
মুদ্রানিধি, বিশ্ববাণিজ্য সংস্থা আদি সংস্থাসমূহর হাতত ন্যস্ত হৈছে ।
(ঙ)অৰ্থনৈতিক
বিশ্বায়ন বা গোলকীকরণর ফলত উন্নত আরু পুঁজিবাদী দেশসমূহহে অধিক উপকৃত হৈছে ।
(চ)বিশ্বায়ন
বা গোলকীকরণর ফলত বিদেশী সামগ্রী আমদানীত অধিক ব্যয় বহ্ন করিব লগা হৈছে ।
(ছ)বিশ্বায়ন
বা গোলকীকরণর ফলত সরু সরু কোটির শিল্প, হস্ত-তাত শিল্প আদিবোরর ক্ষেত্রত অৰ্থনৈতিক
সংকটে দেখা দিছে ।
(জ) পূৰ্বতে
ভারতে ৪৯ শতাংশহে বিদেশী সংস্থাবোরক ঔষধ প্রস্তুতর শ্বেয়াৰ দিছিল আরু প্রয়োজন ঔষধ
ভারততে প্রস্তুত করিছিল লগতে ভারত চরকারর নিয়ন্ত্রণত আছিল । এতিয়া দেশীয় ঔষধর
পরিৱৰ্তে প্রায়বোর ঔষধর আমদানি করিব লগা হোৱাত এই দিশত অধিক বিনিয়োগ আরু জনসাধারণে
অধিক দামত ঔষধ ক্রয় করিব লগা হৈছে ।
(ঝ) অৰ্থনৈতিক
বিশ্বায়ন বা গোলকীকরণে রাষ্ট্রর সাৰ্বভৌম ক্ষমতাত বিপৰ্যয় আনিছে ।
(ঞ)বিশ্বায়ন
বা গোলকীকরণে রাষ্ট্রর অস্তিত্বৰ প্রতি ভাবুকির সৃষ্টি করিছে ।
(ট)বিশ্বায়ন
বা গোলকীকরণর ফলত ধনী-দুখীয়ার মাজত ব্যৱধান বৃদ্ধি পাইছে ।
(ঠ)
অৰ্থনৈতিক বিশ্বায়ন বা গোলকীকরণর ফলত ধনী শ্রেণীর অধিক উন্নতি হৈছে আরু দুখীয়া
শ্রেণীর শোচনীয় অৱস্থার সৃষ্টি হৈছে ।
(ড)বিশ্বায়ন
বা গোলকীকরণর ফলত সকলো বিভাগ বিশেষকৈ শিক্ষা, স্বাস্থ্য, বিদ্যুৎ, আদি পুজিবাদীর
হাতলৈ স্থানান্তরিত হৈছে । এইদিশসমূহত চরকারর হস্তক্ষেপ হ্রাস পাইছে । সেয়েহে,
এইদিশত জনসাধারণে অধিক ব্যয় বহন করিব লগা হৈছে ।
(ঢ)বিশ্বায়ন
বা গোলকীকরণর ফলত পশ্চিমীয়া শিক্ষার প্রভাৱ বিস্তার হৈছে । যার ফলত, জুনিয়র কলেজ,
ডনবক্স, ইংরাজী মাধ্যমর বিদ্যালয় আদির প্রাধান্যতা বৃদ্ধি পাইছে । কিন্তু এই
শিক্ষানুষ্ঠানসমূহত শিক্ষা গ্রহণ করার প্রয়াসে দুখীয়া আরু মধ্যমীয়া শ্রেণীর লোকক
অৰ্থনৈতিক দিশত জুরোলা করিছে ।
(ণ) দুখীয়া
জনসাধারণর ক্ষেত্রত বিশ্বায়ন বা গোলকীকরণ নেতিবাচক প্রভাৱ অধিক বিরাজমান হৈছে আরু
আৰ্থিক অৱনতি হৈছে ।
সমাজ-সংস্কৃতির ফলশ্রুতিঃ
সুফলঃ
(ক)বিশ্বায়ন
বা গোলকীকরণে এখন রাষ্ট্রর জনসাধারণক বিশ্বৰ আন আন সংস্কৃতিসমূহর লগত পরিচিত করি
দিছে ।
(খ) আন
দেশর কথা ছবি পরিদৰ্শন করা, বিশ্বৰ বিভিন্ন সাজ-পার পরিধান করা, বিভিন্ন খাদ্যভাস
আদি আমোদ-প্রমোদবোরর সুবিধা প্রদান করিছে ।
(গ)বিশ্বায়ন
বা গোলকীকরণর ফলত সংস্কৃতির দিশত এক নতুন রেহ-রূপ সংলগ্ন করিছে ।
(ঘ)
রাষ্ট্রর পুরণি গীত-মাতত এতিয়া বিভিন্ন দেশর গীতসমূহে সহযোগিতা করিছে ।
(ঙ)বিশ্বায়ন
বা গোলকীকরণে বিশ্বৰ সকলো সংস্কতির দিশত একগোট করিছে ।
(চ)
সংস্কৃতির বিশ্বায়ন বা গোলকীকরণে সকলোকে এনে এক সংস্কৃতি প্রদান করিছে য’ত বিশ্বর
সকলো জনসাধারণর মাজত একক ভাতৃত্ববোধ গঢ়াত সহায় করিছে ।
(ছ)বিশ্বায়ন
বা গোলকীকরণর ফলত রাষ্ট্রসমূহর মাজত পারস্পরিক সম্পৰ্ক গঢ়ি উঠিছে ।
(জ)বিশ্বায়ন
বা গোলকীকরণর ফলত একক সাংস্কৃতিক ঐক্য আরু বিশ্ব সংস্কৃতির এক নব্য মিশ্র সংস্কৃতির
স্থাপন করিছে ।
(ঝ)বিশ্বায়ন
বা গোলকীকরণে পরম্পরাগত আওপুরণি সংস্কৃতিসমূহক সংস্কার সাধন করিছে ।
(ঞ) আনদেশর
রীতি-নীতি, পরম্পরা আদি গ্রহণর সুবিধা করি দিছে ।
(ট)বিশ্বায়ন
বা গোলকীকরণর ফলত হোৱা সংস্কৃতির সংমিশ্রণর মাধ্মেরে নৱ-প্রজন্মর মাজত নতুন
চিন্তাধারার গঢ় লৈ উঠিছে ।
(ঠ)বিশ্বায়ন
বা গোলকীকরণে বিশ্বৰ সকলো সংস্কৃতিক ওচর চপাই আনিছে আরু বিভিন্ন সংস্কৃতির
পছন্দসমূহ পুরণত সহায় করিছে ।
(ড)
বিশ্বত, প্রত্যেক দেশর সংস্কৃতিয়ে স্বকীয় অস্তিত্ব দাঙি ধরিছে ।
(ঢ)বিশ্বায়ন
বা গোলকীকরণে সাংস্কৃতিক বহুত্বতা’ প্রদান করিছে ।
(ণ)
শেহতীয়াকৈ ‘করুণা’ মহামারীয়ে, বিশ্বৰ দরবারত আলিংগন সংস্কৃতিক পরিহার করাই ভারতর ‘নমস্কার’
সংস্কৃতিক আদরণি জনাইছে/গ্রহণ করিছে ।
কুফল/নেতিবাচক/কু-প্রভাৱঃ
(ক) সমাজতত্ত্ববিদ
জেমছ পেট্রাছর (James
Petras) র মতে বিশ্বায়ন
বা গোলকীকরণে এখন রাষ্ট্রর সাংস্কৃতিক প্রক্রিয়াক ‘আক্রমণাত্মক দৃষ্টি ভংগীর’ ভাৱ প্রকাশ
করিছে ।
(খ)
আন্তৰ্জাতিক কোম্পানীসমুহর বজার প্রসারণর অৰ্থে সাংস্কৃতিক রুচিবোধ, খাদ্যভাস,
সাজ-পার আদি বহুজাতিক কোম্পানীসমূহে নিৰ্মাণ করিছে ।
(গ) বহি
চিন্তাবিদে বিশ্বায়ন বা গোলকীকরণে ‘অপ-সংস্কৃতির বেহা পতা’ বুলি দাবী উত্থাপন করে
।
(ঘ)বিশ্বায়ন
বা গোলকীকরণে এক উপরুৱা সংস্কৃতিক আহ্বান করিছে ।
(ঙ)বিশ্বায়ন
বা গোলকীকরণর ফলত প্রচারিত সংস্কৃতিসমূহে মানুহবোরক সমাজর পরা বহুদিশত বিচ্ছিন্ন
করিছে ।
(চ)বিশ্বায়ন
বা গোলকীকরণে নিজ দেশর পুরণি সংস্কৃতিবোরক আঘাত হানিছে ।
(ছ)বিশ্বায়ন
বা গোলকীকরণে আন দেশর সংস্কৃতিসমূহক নিজদেশত জাপি দিছে ।
(জ) টি-চাৰ্ট,
বাৰ্গাৰ, ব্লু-জিঞ্ছ, কাটালাগা আদি সাজ-পোছাকে এতিয়া চুরিয়া, পাঞ্জাপি, গামোছা আদি
নিজ সংস্কৃতির সাজ-পারবোরক অবমাননা করার দরে পরিলক্ষিত হৈছে ।
(ঝ)
রাষ্ট্রর নৱ-প্রজন্মই নিজর মূল্যৱান সংস্কৃতিক পরিহার করি পশ্চিমীয়া দেশর
বারেবরণীয়া রঙিন সংস্কৃতি গ্রহণ করিছে ।
(ঞ)বিশ্বায়ন
বা গোলকীকরণে আত্ম সংস্কৃতির অস্তিত্বক বিলুপ্ত সাধন করিছে ।
(ট) দেশর
পূৰ্ব সংস্কৃতির দিশত সংকটর ভাবুকি আহি পরিছে ।
(ঠ) বৰ্তমান
নতুন প্রজন্মই নিজ সংস্কৃতিতকৈ পশ্চিমীয়া সংস্কৃতির উৎসৱ পাৰ্বন বোর পালন করাতহে
অধিক গুরুত্ব পালন করিছে ।
২।
উমৈহতীয়া কিন্তু পৃথকীকৃত দায়বদ্ধতা মানে কি?
উত্তরঃ যিবোর
সম্পদ বা পণ্যর ওপরত কোনো নিৰ্দিষ্ট এজন ব্যক্তি বা এখন রাষ্ট্রর অধিকার নাথাকে বা
সাৰ্বভৌম কৰ্তৃত্ব নাথাকে । এইসম্পদসমূহক উমৈহতীয়া সম্পদ বোলে । উদাহরণস্বরূপে-
বায়ুমণ্ডল, ভূ-পৃষ্ঠ, সাগরপৃষ্ঠ, এন্টাৰ্কটিকা মহাদেশ, মহাদেশ, আকাশ, পানী, অ’জ’ন
স্তর, পারিপাৰ্শ্বিকতা আদি ।
এইসম্পদসমূহর ওপরত উমৈহতীয়া
অধিকার আছে আরু উমৈহতীয়া রক্ষণা-বেক্ষণর দায়িত্বও আছে । বৰ্তমান সময়ত,
বিজ্ঞান-প্রযুক্তির ব্যৱহার, ন ন আৱিস্কার আরু উদ্যোগিক খণ্ডর অত্যাধিক হোৱাৰ
পরিপেক্ষিতত এই উমৈহতীয়া সম্পদবোর আরু আমার পারিপাৰ্শ্বিকতার বারুকৈয়ে বিনষ্ট হৈছে
। কিন্তু এই বিনষ্টকরণর কারণে পৃথিৱীৰ ধনী অথবা উন্নত অথবা গোলকীয় উত্তর আরু
পৃথিৱীৰ দুখীয়া অথবা উন্নয়নশীল অথবা গোলকীয় দক্ষিণ দেশবোর সমভাৱে দায়ী নহয় । এই
ক্ষেত্রত পৃথিৱীৰ ধনী অথবা উন্নত অথবা গোলকীয় উত্তর দেশবোর অধিক পরিমাণে দায়ী । কিয়নো
এই দেশবোরত ব্যৱহার হোৱা অত্যাধিক বিজ্ঞান-প্রযুক্তিবিদ্যা আরু বৃহৎ উদ্যোগিক
খণ্ডর প্রভাৱত উন্নয়নশীল দেশতকৈ অধিক পরিমাণে পরিৱেশ পারিপাৰ্শ্বিকতা আরু উমৈহতীয়া
এই সম্পদবোরর অনিষ্ট হৈছে । এই পরিপেক্ষিতত উন্নত অথবা দেশবোরর দায়বদ্ধতা
তুললামূলকভাৱে অধিক । ইয়াকে ১৯৯২ চনর রিঅ’ সন্মিলনর মানি লোৱা হয় যাক ‘উমৈহতীয়া
কিন্তু/অথচ পৃথক দায়বদ্ধতা’ বোলা হয় (Common but differentiated Responsibilities) ।
পৃথকীকৃত দায়বদ্ধতাসমূহর কিছুমান নিদৰ্শন হ’ল
এনেধরণরঃ
(ক)পৃথিৱীৰ দুখীয়া অথবা উন্নয়নশীল অথবা গোলকীয়
দক্ষিণ দেশবোরর মতে বৰ্তমান পরিস্থিতিত জীৱজগতর প্রতি অহা সমস্যা আরু
প্রত্যাহ্বানসমূহর বাবে ধনী অথবা উন্নত অথবা গোলকীয় উত্তর দেশসমূহর উদ্যোগিক আরু
উন্নয়ণমূলক কাৰ্যসমূহেই মূলতঃ দায় । সেয়েহে এইক্ষেত্রত ধনী অথবা উন্নত অথবা গোলকীয়
উত্তর দেশর দেশসমুহর পারিপাৰ্শ্বিকতার দিশত অধিক দায়বদ্ধতা থাকিব ।
(খ) পরিৱেশ সংরক্ষণর দিশত (ক)পৃথিৱীৰ দুখীয়া অথবা
উন্নয়নশীল অথবা গোলকীয় দক্ষিণ দেশবোরতকৈ ধনী অথবা উন্নত অথবা গোলকীয় উত্তর দেশর
দেশসমুহর দায়বদ্ধতা অধিক হ’ব ।
(গ)পৃথিৱীৰ দুখীয়া অথবা উন্নয়নশীল অথবা গোলকীয়
দক্ষিণ দেশবোরর উদ্যোগীকরণ চালুকীয়া অৱস্থাত থকার পরিপেক্ষিতত পরিৱেশ আরু
পারিপাৰ্শ্বিকতা বিনষ্টকরণর কম দায়ী । সেয়েহে তুলনামূলকভাৱে এইদেশবোরর দায়বদ্ধতা
কম হ’ব ।
(ঘ) পরিৱেশর ওপরত চলোৱা নেতিবাচক প্রভাৱৰ কথা ধনী
অথবা উন্নত অথবা গোলকীয় উত্তর দেশসমূহে মানি লৈছিল আরু পৃথক দায়বদ্ধতা বিষয়টোক
‘রিঅ’ সন্মিলনত’ সন্মত হৈছিল ।
(ঙ) ১৯৯২ চনর ‘রাষ্ট্রসংঘর জলবায়ু পরিৱৰ্তনর আধার
সভাত (United Nations
Franework Convention on Climate Change, 1972) ত ‘সমতা আরু উমৈহতীয়া তথা পৃথক দায়বদ্ধতা
ভিত্তিত’ সকলো দেশে জলবায়ু সংরক্ষণর পরিপেক্ষিতত কাৰ্য্যব্যৱস্থা গ্রহণ করার
সংকল্প লয় ।
(চ) যিহেতু সেউজগৃহ ভাপ নিৰ্গমনত ধনী অথবা উন্নত
অথবা গোলকীয় উত্তর দেশসমূহ অধিক দায়ী । সেয়েহে, ১৯৯৭ চনত জাপানর কিঅ’ট’ত সম্পাদন
হোৱা ‘কিঅ’ট’ প্রট’কলত/সন্ধিত’ ধনী অথবা উন্নত অথবা গোলকীয় উত্তর দেশসমহে স্বাক্ষর
করিছিল আরু ভারত, চীন আদি উন্নয়নশীল দেশসমূহক রেহাই দিয়া হৈছিল ।
(ছ) রিঅ’ ঘোষণা পত্র অনুসরি ‘জৈৱ বৈচিত্রর
সংরক্ষণ, রক্ষণাবেক্ষণ আরু সুস্থিরকরণর সকলো দেশরে উমৈহতীয়া সহায়-সহযোগিতা আরু
দায়বদ্ধতা বৰ্তি থাকিব ।
এইদরে উমৈহতীয়া তথা পৃথক
দায়বদ্ধতার নিয়মসমূহক উন্নত আরু উন্নয়নশীল দেশর মাজত পৃথক হিচাপে গ্রহণ করা হৈছিল
।
৩। ভারতত
গোলকীকরণর প্রভাৱ দেখুওৱা ।
অথবাঃ
১৪। ভারতত বিশ্বায়নর প্রভাৱ আঙুলিয়াই দেখুওৱা ।
উত্তরঃ ভারতবৰ্ষত বিশ্বায়নর প্রভাৱ
(ক)
ভারতবৰ্ষত বাহিরা দ্রব্যসামগ্রী, মূলধন, ধ্যান-ধারণা আরু জন সমষ্টিত আদান-প্রদান
অব্যাহত আছে ।
(খ)
উপনিৱেশিক শাসন কালত ভারতক কেঁচামাল সামগ্রী আমদানি আরু রপ্তানিকারী দেশ হিচাপে
ব্যৱহৃত হৈছিল । বৰ্তমানেও, চুবুরীয়া রাষ্ট্রর সৈতে ভারতে আমদানি-রপ্তানি
কাৰ্যসূচী সম্পাদন করি আছে ।
(গ)
বিশ্ব অৰ্থনীতিত ভারতর কুটীর শিল্প আরু ক্ষুদ্র উদ্যোগসমূহে ফের মারিব পরা নাছিল ।
কিন্তু ১৯৯১ চনত ভারতত নতুন অৰ্থনৈতিক সংস্কারর নীতি গ্রহণ করার পিছত আরু গোলকীকরণ
বা বিশ্বায়নর প্রভাৱৰ ফলত এতিয়া ভারতে বাহিরা আন আন দেশসমূহর সমসাময়িকভাৱে আগুৱাই
যোৱাত সক্ষম হৈছে ।
(ঘ)
গোলকীকরণ বা বিশ্বায়নে ভারতর স্থানীয় আরু থলুৱা উদ্যোগ-প্রতিষ্ঠানসমূহক সংকটত
পেলাইছে ।
(ঙ)গোলকীকরণ
বা বিশ্বায়নর প্রভাৱত বহুতো স্থানীয় আরু থলুৱা উদ্যোগ রাজির বন্ধর গরাহত পরিছে ।
(চ)গোলকীকরণ
বা বিশ্বায়নে ভারতর স্বাস্থ্য, শিক্ষা, আদিক উন্নতি করিছে ।
(ছ)
১৯৯১ চনর পরাই ভারতত গোলকীকরণ বা বিশ্বায়নে বিভিন্ন দিশত প্রভাৱ বিস্তার করিছে ।
(জ)
ছোভিয়েট সংঘর পতনর পাছত পি. ভি. নরসিংহ রাও চরকারর আরু সেইসময়র বিত্তমন্ত্রী ড০
মনমোহন সিঙে ভারতত নতুন অৰ্থনৈতিক সংস্কার সাধন করি গোলকীকরণ বা বিশ্বায়ন
প্রক্রিয়ার আরম্ভণি করিছিল ।
(ঝ)গোলকীকরণ
বা বিশ্বায়নর ফলত ভারতত অৰ্থনীতিত ব্যক্তিগতকরণ প্রক্রিয়ার সূচনা করিছে ।
(ঞ)
ভারতর বজার সেৱা আরু উৎপাদনর ক্ষেত্রত বৈদেশিক পুঁজি বিনিয়োগর বাবে মুকলি করি দিছে
।
(ট)গোলকীকরণ
বা বিশ্বায়নর ফলত ভারতর সৰ্বমুঠ ঘরুৱা উৎপাদন আগতকৈ যথেষ্ট পরিমাণে/হারত বৃদ্ধি
পাইছে ।
(ঠ)গোলকীকরণ
বা বিশ্বায়নর ফলত ভারতর সকলো স্তরর লোক উপকৃত হোৱা নাই ।
(ড)গোলকীকরণ
বা বিশ্বায়নর ফলত ভারতর দরিদ্র লোকর অৱস্থা শূচনীয় বা বিরোপ প্রভাৱ পরিছে ।
(ঢ)
যোগাযোগ আরু প্রযুক্তির দিশত ভারত দ্রুতগতিত আগবাঢ়ি গৈছে ।
৫। ‘ভারতত গোলকীকরণর
বিরুদ্ধে বিভিন্ন পক্ষর পরা’ প্রতিবন্ধকতা আহিছে’- উক্তিটো বহলাই লিখা ।
উত্তরঃ ভারতর বিরোধী আন্দোলনবোরঃ
ছোভিয়েট
সংঘর পতনর পাছত ১৯৯১ চনত ভারতর নতুন অৰ্থনৈতিক সংস্কার নীতি গ্রহণ করিছিল ।
তেতিয়ার পরা ভারতত গোলকীকরণ বা বিশ্বায়নর প্রভাৱ বিস্তার করি আহিছে । কিন্তু
গোলকীকরণ বা বিশ্বায়নর অৰ্থনৈতিক, সমাজ-সাংস্কৃতিক, রাজনৈতিক, পরিৱেশিক আদির
দিশসমূহত পরা নেতিবাচক প্রভাৱসমূহর বিরুদ্ধে বিভিন্ন বিরোধী আন্দোলন গঢ়ি উঠিছে ।
ইয়ার ভিতরত উল্লেখযোগ্য আন্দোলনসমূহ হ’ল-
(ক)
ভারতর বিভিন্ন অঞ্চলত তৃণমূল আন্দোলনসমূহ গঢ়ি তুলিছে । তৃণমূল আন্দোলনবোরে
গোলকীকরণ বা বিশ্বায়নর উদারীকরণ আরু ব্যক্তিখণ্ডর বিপক্ষে প্রতিরোধ করিছে ।
(খ)গোলকীকরণ
বা বিশ্বায়নর প্রভাৱত ভারতীয় সংস্কৃতির দিশত বিদেশী সংস্কৃতি আরু বিদেশী পুঁজির
আগমন ঘটিছে । ইয়ার জরিয়তে সমাজর নেতিবাচক প্রভাৱসমূহর বিপক্ষে ‘সোঁপন্থী রাজনৈতিক’
গোটবোরে আন্দোলন সম্পাদন করিছে ।
(গ)গোলকীকরণ
বা বিশ্বায়নর নীতিসমূহে ভারতর অৰ্থনীতি আরু বাণিজ্যিক নীতিত বিরোপ প্রভাৱ পেলাইছে
আরু বহুতো নীতিও সলনি করিছে । সেয়েহে ইয়ার বিপক্ষে ভারতর ‘ট্রেড ইউনিয়ন’ সমূহে
তীব্র প্রতিবাদ জনাইছে ।
উদাহরণস্বরূপে- প্রায় আঠ লখাধিক সদস্যরে
গঠিত ‘সদৌ ভারত বেংক কৰ্মচারী সংস্থাই (All India Bank Employees
Association) গোলকীকরণ
বা বিশ্বায়নর বিত্তীয় খণ্ডর উদারীকরণ আরু বেংকিং নীতির বিরুদ্ধে আন্দোলন গঢ়ি
তুলিছে ।
(ঘ)
সংসদ বা বিধানসভা বা সদনর ভিতরে বাহিরেও গোলকীকরণ বা বিশ্বায়নর নেতিবাচক নীতিসমূহর
বিরুদ্ধে তীব্র আন্দোলন গঢ়ি তুলিছে । ভারত চরকারে গ্রহণ করা এই নেতিবাচক নীতির
বিপক্ষে বামপন্থী আরু মাৰ্ক্সবাদী রাজনৈতিক দলসমূহে বিরোধ মন্তব্য প্রদান করি
আহিছে ।
(ঙ)
অসমতো গোলকীকরণ বা বিশ্বায়নে সংস্কৃতির ক্ষেত্রত পেলোৱা বিরুপ প্রভাৱৰ বিপক্ষে
অনুষ্ঠান, প্রতিষ্ঠান, শিক্ষানুষ্ঠান আদিত প্রতিবাদী কাৰ্যসূচী গ্রহণ করিছে ।
উদাহরণস্বরূপে- ২০০১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত ‘ভেলেন্টাইন দে’ বিপক্ষে বহু যুৱ
ছাত্র সংগঠনে প্রতিবাদ করিছিল ।
১১। গোলকীকরণর সমালোচনা লিখা ।
উত্তরঃ গোলকীকরণ বা বিশ্বায়নর বিরুদ্ধে গঢ়ি উঠা
প্রতিরোধঃ
(ক)
চিন্তাবিদসকলর মতে, গোলকীকরণ বা বিশ্বায়নর ফলত মুক্ত বজার ব্যৱস্থার সৃষ্টি হৈছে ।
ইয়ার ফলত ধনী লোকসকল অধিক ধনী আরু দুখীয়া লোকসকল অতি দুখীয়া হৈ গৈ আছে ।
(খ)
কিছুসমালোচকর মতে, রাষ্ট্রসমূহত বহুজাতিক আরু আন্তৰ্জাতিক কোম্পানীসমূহর কিছু দিশত
হস্তক্ষেপ করিছে । এই প্রভাৱৰ বাবে সমাজর সকলো শ্রেণীর লোকরে স্বাৰ্থপূরণত
রাষ্ট্রবোর ব্যৰ্থ হৈছে ।
(গ)
সাধারণলোকসকলর দাবী এইয়ে যে গোলকীকরণ বা বিশ্বায়নর নেতিবাচক বা ঋণাত্মক প্রভাৱে
সাংস্কৃতিক, রাজনৈতিক, অৰ্থনৈতিক আদি সকলো দিশতে বিরাজমান হৈছে । কিন্তু চরকারর
এইক্ষেত্রত কোনো ভ্রূক্ষেপ আরু কাণসার নাই ।
(ঘ)
রাজনৈতিক দিশর ওপরত সমালোচকসকলে বিরোপ মন্তব্য করে যে গোলকীকরণ বা বিশ্বায়নে
রাষ্ট্রর সাৰ্বভৌমত্ব আরু সামৰ্থ্যৰ দিশত ভাবুকি কঢ়িয়াই আনিছে ।
(ঙ)
অৰ্থনৈতিক ক্ষেত্রর বিরোধীসকলে দাবী জনায় যে অৰ্থনীতির মুক্ত বাণিজ্যিক আরু
উদারীকরণ ব্যৱস্থাই স্থানীয় উদ্যোগসমূহর অস্তিত্ব বিলপ্ত করিবলৈ চেষ্টা করিছে আরু
কিছুসংখ্যক ইতিমধ্যে ধ্বংসপ্রাপ্তি হৈছে ।
(চ)
সংস্কৃতির দিশত সমালোচকসকলে মতপ্রকাশ করে যে গোলকীকরণ বা বিশ্বায়নে পশ্চিমীয়া
সংস্কৃতিক দেশর জনসাধারণর ওপরত জাপি দিছে আরু স্থানীয় সংস্কৃতির প্রতি ভাবুকির
সৃষ্টি করিছে ।
(ছ)গোলকীকরণ
বা বিশ্বায়নর বিভিন্ন বিরোধী আন্দোলনবোরে গোলকীকরণ বা বিশ্বায়নর সাম্রাজ্যবাদ
ব্যৱস্থাই সমাজর নীতি আরু স্থিতিক সলনি করিছে ।
(জ)
১৯৯১ চনত বিশ্ব বাণিজ্য সংস্থার মন্ত্রীসকলর সভাখন চিটল (Seattle) ত অনুষ্ঠিত হৈছিল । এই সভাত গোলকীকরণ
বা বিশ্বায়নর বিপক্ষে তীব্র বিরোধ আন্দোলন গঢ়ি উঠিছিল । এই আন্দোলনকারীসকলে দাবী
জনায় যে মুক্ত বিনিয়োগ ব্যৱস্থার মাধ্যমেরে উন্নত দেশসমূহে বাণিজ্যিক দিশসমূহত
অনৈতিক নীতি আরু কারু-কাৰ্য সম্পাদন করিছে । লগতে, অনুন্নত আরু উন্নয়ণশীল দেশসমূহর
স্বাৰ্থক আঘাত হানিছে ।
(ঝ)গোলকীকরণ
বা বিশ্বায়নর আন এক আন্দোলন হ’ল- ‘বিশ্ব সামাজিক সন্মিলন’ (World
Social Forum) র
মাধ্যমেরে হোৱা আন্দোলন । এই আন্দোলনত মহিলা কৰ্মী, শ্রমিক, মানৱ অধিকার কৰ্মী,
যুৱপ্রজন্ম, পরিৱেশ সংরক্ষণকারী আদি বিভিন্ন গোটর সামাজিক সন্মিলনর মাধ্যমেরে নব্য
উদারয়তনিক গোলকীকরণ বা বিশ্বায়নে বিপক্ষে আন্দোলন গঢ়ি তুলিছিল ।
(ঞ)
লেটিন আমেরিকার দেশ আৰ্জেন্টিনা, বলিভিয়া, ভেনিজুৱেল আদি দেশবোরর জনসাধারণে
গোলকীকরণ বা বিশ্বায়নর বিপক্ষে তীব্র বিরোধী আন্দোলন গঢ়ি তুলিছে । এই আন্দোলনে
চরকারর কাৰ্য্ত পরিৱৰ্তন সাধনত সফল হৈছে ।
১২। টোকা
লিখাঃ
(খ)
বিশ্ব বাণিজ্য সংগঠন (WTO)
উত্তরঃ
WTO অর্থাৎ World Trade
Organisation এক আন্তঃবাণজ্যিক সংস্থা অর্থাৎ বিশ্ব
বেপাৰ/বাণিজ্য সংগঠন যি ৰাষ্ট্রসমূহক আন্তর্জাতিক বাণিজ্য সৈতে সম্পর্ক কৰে । WTO ক ১ জানুৱাৰী ১৯৯৫ চনত মেৰাকেশ চুক্তি (the Marrakesh Agreement)ৰ জৰীয়তে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল । এই চুক্তিত ১২৩ খন দেশে
সহযোগ আরু স্বাক্ষৰ কৰিছিল । এই সংগঠনটো বিশ্বৰ বৃহত্তম আন্তর্জাতিক সংস্থা হিচাপে
প্রতিষ্ঠিত হৈছে ।
এই সংগঠনৰ জৰীয়তে ব্যৱসায়সকলৰ বিভিন্ন বৈষম্যসমূহ ৰোধ কৰাত সফল হৈছে । WTO, এই সংগঠনটোৱে দেশসমূহৰ মাজত পণ্য, সেৱাসমূহ আরু বৌদ্ধিক
সম্পত্তিৰ বাণিজ্যক নিয়ন্ত্রণ আরু নীতি গঠন কৰে । এই সংস্থাই বাণিজ্যিক চুক্তি সমূহ দেশসমূহৰ চৰকাৰী প্রতিনিধিসকলৰ
জৰীয়তে স্বাক্ষৰিত কৰে । পৰিবেশ সুৰক্ষা, জাতীয় সুৰক্ষা আরু
অন্যান্য গুরুত্বপূর্ণ লক্ষ্য আগত ৰাখি আন্তর্জাতিক ব্যৱসায়-বাণ্যিজ্যসমূহ সৰবৰাহ
কৰে । লগতে, বাণিজ্যৰ লগত সম্পর্ক
থকা বিৰোধসমূহ স্বতন্ত্ৰ বিচাৰ-বিবেচনা আরু নীতিৰ সহযোগেৰে নিষ্পত্তি কৰে ।
এই সংস্থাটোৰ বর্তমান পৰিচালক হ’ল ৰবার্তো আজিভাডো
অর্থাৎ Roberto
Azevêdo ।
(গ)
আন্তঃরাষ্ট্রীয় বিত্তীয় নিধি (IMF)
অথবাঃ ১৩।
বিশ্ব
মুদ্রা
নীধির
ওপরত
এটা
টোকা
লিখা
।
বহুজাতিক কোম্পানিবোরে রাষ্ট্রত কি ভূমিকা পালন করে? (৬ নম্বরর)
উত্তরঃ
আন্তঃৰাষ্ট্রীয় ধন ভাণ্ডাৰ(I.M.F. or International Monetary Fund) হ’ল- ১৮৯ খন ৰাষ্ট্রৰ সহযোগত ১৯৪৫ চনৰ ২৭
ডিচেম্বৰত প্ৰতিষ্ঠা লাভ করা রাষ্ট্রসংঘর এক আন্তঃরাষ্ট্রীয় সংগঠন । ইয়ার সদৰ
কাৰ্যালয় আমেৰিকাৰ ওৱাছিংটন চহৰত অৱস্থিত । ইয়াৰ মুখ্য কাৰ্য হ’লঃ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত আন্তর্জাতিক পৰ্যায়ত টকা-পইচাৰ বিনিময় আরু
বেপাৰ-বাণিজৰ ক্ষেত্ৰত আর্থিক সুবিধা প্ৰদান কৰা । এই সংস্থাই বিশ্বর অর্থনৈতিক স্থিরতা রক্ষা আরু অর্থনৈতিক দিশর
উন্নতিসাধন করি আহিছে ।
এই সংগঠনে রাষ্ট্রসমূহর বিভিন্ন মুদ্রার
বিনিময়র ক্ষেত্রত মুদ্রার হারর নীতি গঠন করে । ই এখন দেশর মাজত আন এখন দেশর পণ্য
বিনিময়র ক্ষেত্রত মুদ্রার নীতি নির্ধারণ করে । এই সংস্থাই উন্নয়ণশীল রাষ্ট্রর
ক্ষেত্রত আর্থিক অনুদান আরু ঋণ প্রদান করে । লগতে রাষ্ট্রসংঘর সদস্য রাষ্ট্রসমূহর
মাজত অর্থনৈতিক দিশত স্থিরতা রক্ষা করি উন্নতিসাধন করে ।
Updating & Checking are going on...............................
ভগবানে সকলোকে আগুৱাই লৈ যাওক এইয়ে প্রাৰ্থনা.....................