জনতাৰ আহ্বান, জ্যোতিপ্রসাদ আগৰৱালা

অতি চমু প্রশ্ন(VSA)

(ক) জ্যোতিপ্রসাদ আগৰৱালাৰ কোন চনত জন্ম হৈছিল ?
উত্তরঃ  জ্যোতিপ্রসাদ আগৰৱালাৰ ১৯০৩ চনৰ ১৭ জুন তাৰিখে জন্ম হৈছিল  ।

(খ) জ্যোতিপ্রসাদ আগৰৱালাই কোন স্থানত জন্মগ্রহণ কৰিছিল?
উত্তরঃ জ্যোতিপ্রসাদ আগৰৱালাই ডিব্রুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্মগ্রহণ কৰিছিল ।

(গ) জ্যোতিপ্রসাদ কবিতাসমূহ একত্রিত কৰি প্রকাশ কৰা কাব্য-সংকলখনিৰ নাম কি?
উত্তরঃ জ্যোতিপ্রসাদ কবিতাসমূহ একত্রিত কৰি প্রকাশ কৰা কাব্য-সংকলখনিৰ নাম হ’ল- লুইতৰ পাৰৰ অগ্নিসুৰ ।

(ঘ) নাট্যকাৰ হিচাপে জ্যোতিপ্রসাদ আগৰৱালাই কোনখন নাটকৰ জৰীয়তে আত্মপ্রকাশ কৰে?
উত্তরঃ নাট্যকাৰ হিচাপে জ্যোতিপ্রসাদ আগৰৱালাই ‘শোণিত কুঁৱৰী’ নাটকৰ জৰীয়তে আত্মপ্রকাশ কৰে ।

(ঙ)প্রথম অসমীয়া বোলছবি ‘জয়মতী’ কোন চনত নির্মাণ কৰা হৈছিল?
উত্তরঃ প্রথম অসমীয়া বোলছবি ‘জয়মতী’ ১৯৩৫ চনত নির্মাণ কৰা হৈছিল ।

(চ) জ্যোতিপ্রসাদে নির্মাণ কৰা দ্বিতীয়খন বোলছবিৰ নাম কি?
উত্তরঃ জ্যোতিপ্রসাদে নির্মাণ কৰা দ্বিতীয়খন বোলছবিৰ নাম হ’ল- ইন্দ্রমালতী ।

(ছ) অর্থ লিখাঃ
ষোড়শোপচাৰ, দুৰ্নিবাৰ, প্রবুদ্ধ, অভ্যুত্থান

উত্তরঃ শব্দ-অৰ্থ
ষোড়শোপচাৰ-১৬ বিধ পূজাৰ উপকৰণ
দুৰ্নিবাৰ-বাধা দিব নোৱাৰা, দুর্বাৰ
প্রবুদ্ধ-জাগৰিত, জ্ঞান লাভ কৰা
অভ্যুত্থান-জাগৰণ

(জ) ‘আজি সার্থক হ’ব বেদত ধ্বনি হোৱা আলোকৰ আগমনী মন্ত্রী’- এই আগমনী মন্ত্র কি?
উত্তরঃ এই আগমনী মন্ত্র হল-‘জনতাৰ জয়, জনতন্ত্ৰৰ বা স্বতন্ত্রৰ জয় আরু মহা মানৱতন্ত্ৰৰ জয়’ ।

চমু প্রশ্ন (আৰ্হি নং ১) (SA Type-I)-

(ক) জ্যোতিপ্রসাদ আগৰৱালাৰ দুখন নাটকৰ নাম লিখা ।
উত্তরঃ জ্যোতিপ্রসাদ আগৰৱালাৰ দুখন নাটকৰ নাম হ’ল-(ক) রূপালীম আরু (খ) শোণিত কুঁৱৰী ।

(খ) সুন্দৰৰ পুজা থাপনাত কবিয়ে কিহেৰে উপচাৰ যচাৰ কথা কৈছে ?
অথবাঃ পূজাৰ ১৬ বিধ উপকৰণ বা ষোড়শোপচাৰ কেইটা লিখা / কি কি?


উত্তরঃ সুন্দৰৰ পুজা থাপনাত কবিয়ে ষোড়শোপচাৰ অৰ্থাৎ ১৬ বিধ পূজাৰ উপকৰণেৰে উপচাৰ যচাৰ কথা কৈছে ৷ সেইবোৰ হ’ল-আসন, স্বাগত, পাদ্য, অৰ্ঘ্য, আচমনীয়, মধুপৰ্ক, পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবদ্য, আরু বন্দনা । 

(গ) ‘নৱজীৱনৰ মহা সংঘাতে কঁপায় বর্তমান’- কবিতা ফাকিৰ তাৎপর্য বুজাই লিখা ।
উত্তরঃ বর্তমান মানুহে এই সুন্দৰ পৃথিৱীত শান্তিৰ সুৰভি বিয়পাই নতুন এক অভিনৱ রূপৰ সূচনা কৰিছে । বর্তমান মানুহ সবাই আন্ধাৰ নাশ কৰি পোহৰৰ সন্ধান কৰিছে । লগতে, আলোকবিজয়ী এক নতুন জীৱনৰ উত্থান কৰিছে । যিয়ে এক অপূর্ব অভিযানৰ সৃষ্টি কৰিছে আরু নৱজীৱনৰ মহা সংঘাতৰ সৃষ্টি কৰিছে । এই বিজ্ঞান-প্রযুক্তি আরু ন ন কৌশলৰ ফলত গঢ়ি উঠা এই নৱজীৱনৰ মহা সংঘাতৰ ফলত বর্তমানে আকাশ, মার্গ আদি কপাই তুলিছে । 

চমু প্রশ্ন (আৰ্হি নং ২) (SA Type-II)

(ক) পৃথিৱীৰ আকাশে বতাহে কবিয়ে কিহৰ আহ্বান শুনিবলৈ পাইছে?
অথবা (খ) বোকাত জন্ম লভা মানুহে ক’লৈ উঠি আহে?
অথবাঃ  (গ) “আজি পৃথিৱীৰ আকাশে বতাহে জনতাৰ আহ্বান”- কথাষাৰৰ তাৎপর্য বুজাই লিখা ।

উত্তরঃ কবি জ্যোতিপ্রসাদ আগৰৱালাই জনতাৰ নতুন দিগন্তৰ রূপান্তৰ হোৱাতো লক্ষ্য কৰিছে । তেওঁ বিচাৰে যে মানুহৰ দুখৰ অৱসান হওক আরু এক সুখৰ বার্তাৰ কামনা কৰে । বর্তমান বা আজি পৃথিৱীৰ আকাশে বতাহে জনতাৰ আহ্বানৰ তেওঁ মুহূর্তটো দেখা পাইছে । তেওঁ উল্লেখ কৰিছে যে এতিয়া আকাশে, বতাহে আরু পৃথিৱীৰ চোকে কোণে জনতাৰ এক নতুন সুবাস বিয়পিছে । বোকাত জন্মা অর্থাৎ অতিকৈ দুখীয়া-দৰিদ্র পৰিয়ালত জন্ম গ্রহণ কৰি এতিয়া সমাজত সুৰভি বিলাইছে অর্থাৎ সমাজৰ মহান মহৎ কামবোৰ সাধন কৰিছে । কবি অতি আনন্দিত যে এতিয়া সকলো জনতাই শোষণ, উৎপীড়ন আরু অন্যায়ৰ বিরুদ্ধে একেলগে যুজ কৰিছে আরু এক উজ্জ্বল পোহৰৰ সন্ধান বিচাৰি পাইছে ।

(ঘ) ‘জনতাৰ আহ্বান’ কবিতাটিত কবিয়ে কিহৰ জয় বিচাৰিছে?
উত্তরঃ কবি জ্যোতিপ্রসাদ আগৰৱালাই জনতাৰ নতুন দিগন্তৰ রূপান্তৰ হোৱাতো কামনা কৰে । তেওঁ বিচাৰে যে মানুহৰ দুখৰ অৱসান হওক আরু লগতে এক সুখৰ বার্তাৰ কামনা কৰে । সকলো জনতাই শোষণ, উৎপীড়ন আরু অন্যায়ৰ বিরুদ্ধে একেলগে যুজ কৰক আরু এক উজ্জ্বল পোহৰৰ সন্ধান বিচাৰি পাওক । কবিয়ে বিচাৰে যে সকলো জনতাৰ ইচ্ছা আরু আকাঙ্ক্ষাবোৰ পূর্ণ হওক ।  তেওঁলোকে সকলোয়ে অন্যায়ৰ বিরুদ্ধে যুজ কৰি সত্যৰ বাবে পৰিচৰ্যা কৰক । তেওঁ কামনা কৰে যে সকলো দিশতে যাতে এইদৰে জনতাৰ জয় হয় যাতে জনতাই এক নতুন দিগন্তৰ সূচনা কৰিব পাৰে ।

(ঙ) জ্যোতিপ্রসাদ আগৰৱালাৰ দ্বাৰা ৰচিত তিনিখন নাটকৰ নাম লিখা ।
উত্তরঃ জ্যোতিপ্রসাদ আগৰৱালাৰ দ্বাৰা ৰচিত তিনিখন নাটকৰ নাম হ’ল- (ক)নিমাতী কইনা, (খ)কনকলতা আরু (গ)শোণিত কুঁৱৰী ৷

দীঘলীয়া প্রশ্ন (আৰ্হি নং ১) (LA Type-I)

(ক) ‘জনতাৰ আহ্বান’ নামৰ কবিতাটিত সাধাৰণ মানুহৰ প্রতি কবিৰ কেনে মনোভাৱ প্রকাশ পাইছে?
উত্তরঃ কবি জ্যোতিপ্রসাদ আগৰৱালাই জনতাৰ নতুন দিগন্তৰ রূপান্তৰ হোৱাতো লক্ষ্য কৰিছে । তেওঁ বিচাৰে যে সাধাৰণ মানুহৰ দুখৰ অৱসান হওক আরু এক সুখৰ বার্তাৰ কামনা কৰে । বর্তমান বা আজি পৃথিৱীৰ আকাশে বতাহে জনতাৰ জয়ৰ মুহূর্তটো দেখা পাইছে । তেওঁ উল্লেখ কৰিছে যে এতিয়া আকাশে, বতাহে আরু পৃথিৱীৰ চোকে কোণে জনতাৰ এক নতুন সুবাস বিয়পিছে । বোকাত জন্মা অর্থাৎ অতিকৈ দুখীয়া-দৰিদ্র পৰিয়ালত জন্ম গ্রহণ কৰিও এতিয়া সমাজত সুৰভি বিলাইছে অর্থাৎ সমাজৰ মহান মহৎ কামবোৰ সাধন কৰিছে । কবি অতি আনন্দিত যে এতিয়া সকলো জনতাই শোষণ, উৎপীড়ন আরু অন্যায়ৰ বিরুদ্ধে একেলগে যুজ কৰিছে আরু এক উজ্জ্বল পোহৰৰ সন্ধান বিচাৰি পাইছে । 

(খ) প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা করাঃ

(১) আজি জনতাৰ পংকজ রূপ
জাগে পদুমৰ দৰে
বোকাত জনমা মানুহে আজি
আলোকলৈ উঠি আহে
বেলিমুৱা হৈ হাঁহে ।

উত্তরঃ উক্ত কবিতাফাঁকি রূপকোৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ দ্বাৰা ৰচিত ‘জনতাৰ আহ্বান’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।
     কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে বোকাত জন্মা পদুমে আদৰ পোৱাৰ নিচিনাকৈ আজি সাধাৰণ জনতাই বা অতি দুখীয়া-দৰিদ্র মানুহেও সু-কর্মৰাজিৰ আরু নতুন দিগন্তৰ কাৰণে আদৰ পাবলৈ সক্ষম হোৱাৰ প্রসংগ কথা ব্যক্ত কৰিছে ।
    কবিৰ মতে, বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুমৰ দৰে ফুলি পোহৰৰ লগতে সৌৰভ বিলাইছে । অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ব্যাকুল হৈ পৰিছে । মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ রূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জাগ্রত কৰি তুলিছে । কবিৰ মনোভাৱ আজি জনতাৰ এই আলোকবিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিব ।       

২।অভিনৱ এক জীৱনৰ রূপ
পুষ্পিত কৰি তুলিবলৈ
আজি মানৱৰ জন জীৱনৰ
সংহত অভ্যুত্থান

উত্তরঃ উক্ত কবিতাফাঁকি রূপকোৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ দ্বাৰা ৰচিত ‘জনতাৰ আহ্বান’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।
কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে আজি জনতাৰ এক অভিনৱ নতুন দিগন্ত আরু সংহতভাৱে কৰা সাধনাৰ সফলতাৰ বিষয়ে ব্যক্ত কৰিছে ।
কবিৰ মতে আজিৰ জনতাই অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ ব্যাকুল হৈ পৰিছে । মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ রূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জাগ্রত কৰি তুলিছে । কবিৰ মনোভাৱ আজি জনতাৰ এই আলোকবিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিব ।কবি অতি আনন্দিত যে এতিয়া সকলো জনতাই শোষণ, উৎপীড়ন আরু অন্যায়ৰ বিরুদ্ধে একেলগে যুজ কৰিছে আরু এক উজ্জ্বল পোহৰৰ সন্ধান বিচাৰি পাইছে ।        
   

৩। আজি জনতাৰ আলোক বিজয়ী
অপূৰ্ব অভিযান
আজি পৃথিৱীৰ আকাশে বতাহে
জনতাৰ আহ্বান;
নৱ জীৱনৰ মহা সংঘাতে
কঁপায় বৰ্তমান ।

উত্তরঃউক্ত কবিতাফাঁকি রূপকোৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ দ্বাৰা ৰচিত ‘জনতাৰ আহ্বান’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।

কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে আজি জনতাৰ এক অপূৰ্ব অভিযান আরু নৱ জীৱনৰ এক মহা সংঘাতৰ বিষয়ে ব্যক্ত কৰিছে যি আজি পৃথিৱীৰ আকাশে বতাহে মুখৰিত হৈ পৰিছে ।

প্রগতিশীল আরু মানৱতাবাদী কবি আগৰৱালাই পৃথিৱীৰ জনতাৰ মাজত উদ্দীপ্ত হোৱা চেতনাৰ অভ্যুদয় কথা কবিতাফাকিত বর্ণনা কৰিছে । রূপান্তৰৰ পৃথিৱীত আজি আকাশে বতাহে জনতাৰ আহ্বানেৰে মুখৰিত হৈছে । মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ রূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জাগ্রত কৰি তুলিছে । কবিৰ মনোভাৱ আজি জনতাৰ এই আলোকবিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিব ।


দীঘলীয়া প্রশ্ন (আৰ্হি নং ২) (LA Type-II)-

(ক) কবিয়ে জনজীৱনৰ সংহত অভ্যুত্থান কেনেদৰে হৈছে বুলি দোহাৰিছে বুজাই লিখা ।
অথবাঃ (খ) ‘জনতাৰ আহ্বান’ নামৰ কবিতাটিত কবিয়ে জনতাৰ মংগল কেনেদৰে কামনা কৰিছে বুজাই লিখা ।

উত্তরঃ প্রগতিশীল আরু মানৱতাবাদী কবি আগৰৱালাই পৃথিৱীৰ জনতাৰ মাজত উদ্দীপ্ত হোৱা জনজীৱনৰ চেতনাৰ সংহত অভ্যুত্থানৰ কথা বর্ণনা কৰিছে । রূপান্তৰৰ পৃথিৱীত আজি আকাশে বতাহে জনতাৰ আহ্বানেৰে মুখৰিত হৈছে । সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাত সাধাৰণ জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত ব্রতী হৈ প্রতিশ্রুতিবদ্ধ হৈছে । বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুমৰ দৰে ফুলি পোহৰৰ লগতে সৌ্ৰভ বিলাইছে । অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ব্যাকুল হৈ পৰিছে ।

 মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ রূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জাগ্রত কৰি তুলিছে । কবিৰ মনোভাৱ আজি জনতাৰ এই আলোকবিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিব । নৱজীৱনৰ মহাসংঘাতে বৰ্তমানক কঁপাই ভৱিষ্যতৰ নতুন সপোন বাস্তৱত রূপায়িত কৰিব । বেদত ধ্বনিত হোৱা আলোকৰ আগমনি মন্ত্রই আজি সার্থক হৈ ধৰা দিব । সেয়েহে কবিয়ে উদাত্ত কন্ঠে ঘোষণা কৰিছে 'জনতাৰ জয়, জনতন্ত্রৰ বা স্বতন্ত্রৰ জয় আরু মানৱ্তন্ত্রৰ জয় ।'


(গ) ‘জনতাৰ আহ্বান’ নামৰ কবিতাটিৰ মূলভাৱ লিখা ।

উত্তরঃ রূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ ‘জনতাৰ’ আহ্বান’ এটি গণতান্ত্রিক চেতনাবোধ মনোভাবাপন্ন কবিতা । কবিতাটি জ্যোতিপ্রসাদ আগৰৱালাৰ ‘লুইতৰ পাৰৰ অগ্নিসুৰ’ কবিতাপুথিৰ অন্তর্গত ।

    প্রগতিশীল আরু মানৱতাবাদী কবি আগৰৱালাই পৃথিৱীৰ জনতাৰ মাজত উদ্দীপ্ত হোৱা চেতনাৰ অভ্যুদয় কথা কবিতাটিত বর্ণনা কৰিছে । রূপান্তৰৰ পৃথিৱীত আজি আকাশে বতাহে জনতাৰ আহ্বানেৰে মুখৰিত হৈছে । সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাত সাধাৰণ জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত ব্রতী হৈ প্রতিশ্রুতিবদ্ধ হৈছে । বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুমৰ দৰে ফুলি পোহৰৰ লগতে সৌ্ৰভ বিলাইছে । অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ব্যাকুল হৈ পৰিছে । 

           মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ রূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জাগ্রত কৰি তুলিছে । কবিৰ মনোভাৱ আজি জনতাৰ এই আলোকবিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিব । নৱজীৱনৰ মহাসংঘাতে বৰ্তমানক কঁপাই ভৱিষ্যতৰ নতুন সপোন বাস্তৱত রূপায়িত কৰিব । বেদত ধ্বনিত হোৱা আলোকৰ আগমনি মন্ত্রই আজি সার্থক হৈ ধৰা দিব । সেয়েহে কবিয়ে উদাত্ত কন্ঠে ঘোষণা কৰিছে জনতাৰ জয়, জনতন্ত্রৰ মহা মানৱ্তন্ত্রৰ জয় ।


(ঘ) ‘জনতাৰ আহ্বান’ শীর্ষক কবিতাটিৰ কবিগৰাকীৰ চমু পৰিচয় আগবঢ়োৱা ।

উত্তরঃ ‘জনতাৰ আহ্বান’ শীর্ষক কবিতাটিৰ কবিজনৰ নাম হ’ল-জ্যোতিপ্রসাদ আগৰৱালা । ১৯০৩ চনত ডিব্রুগড়ৰ তামোলবাৰী চাহ বাগিচাত তেখেতে জন্মগ্রহণ কৰিছিল । তেওঁ অসমৰ খ্যাত সংগীত আরু কথাছবি পৰিচালক আছিল । তেখেত অসমীয়া চিনেমা জগতৰ মুখ্য পৰিবাহক আছিল । তেওঁ কথাছবি প্রযোজনা আরু পৰিচালনা বিষয়ৰ ওপৰত জাৰ্মানত প্রশিক্ষণ লৈছিল ।

 ১৯৩৫ চনত তেখেতৰ প্রযোজনাতে প্রথম অসমীয়া বোলছবি ‘জয়মতী’ নির্মাণ হৈছিল । তেখেতৰ দ্বিতীয়খন বোলছবি ‘ইন্দ্রমালতী’ ১৯৩৯ চনত নির্মাণ কৰা হৈছিলতাৰ পৰৱৰ্তী পর্যায়ত অসমীয়া চিনেমা জগতখনক আগুৱাই লৈ গৈছিল । তেওঁ একেধাৰে কবি, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক আদি গুণেৰে ভৰপূৰ আছিল । ‘শোণিত কুৱৰী’ নাটকৰ মাধ্যমেৰে তেখেতে আত্মপ্রকাশ কৰিছিল । তেওঁৰ আন নাটসমূহ আছিল-‘কনকলতা’, ‘রূপালীম’, ‘লভিতা’, ‘নিমাতী কইনা’, ‘খনিকৰ’, ‘সোণ-পখিলা’, ‘সুন্দৰ কোৱৰ’ আদি । অসমীয়া সাহিত্য জগতৰ বিশেষ অবদান আগবঢ়োৱা জ্যোতিপ্রসাদ আগৰৱালাক ‘রূপকোঁৱৰ’ উপাধি প্রদান কৰা হৈছিল ।


 updating & checking..........