‘বিজয়ৰ এক নতুন দিগন্ত’, - পদ্মেশ্বৰ বৰা



এক নতুন সপোন, এক নতুন ধাৰণা,
নৱ এক বিপ্লৱৰ, অলেখ কল্পনা

উৎফুলিত মন আজি, প্রফুল্লিত জন,
আকাশে বতাহে মাথো, বিজয়ৰ পণ ।

মনে মনে জাগি উঠে, সপোন ঘনে ঘনে,  
আনন্দৰ রুল বলে, প্রতি ক্ষণে ক্ষণে ।

ত্রাস অহিংসা, কপট ভেদ কৰি,
সকলো মানৱ আপোন, লোৱা সুৱৰি ।

আজি এই পবিত্র ক্ষণত, নাইযে বিৰাম,
আহা সৱে গঁঢ়ো আমি, দেশৰ সুনাম ।

বিজয়ৰ এই নতুন পলত, ৰং শিঙা বাজে,
বাজিব সদ্য সুখৰ ধ্বনি, আমাৰ স্বতন্ত্ৰ কাজে ।

স্থিত কৰা এই নব্যক্ষণটো, কৰা চিৰগামী,
সদা সুখে ভবঃ, বৈভ হৃদয়ঙ্গামী ।