খালী পঢ় পঢ় পঢ়


“ খালি পঢ় পঢ় পঢ় ”
পদ্মেশ্বৰ বৰাৰ দ্বাৰা

খালি পঢ় পঢ় পঢ়
কেৱল পঢ় আরু পঢ়,
সময় থাকোতে, বয়স বেছি নহওঁতে
নিজৰ জীৱন গঢ় ৷

দেউতাই ক’লে, “তোৰ কাৰণে
কিমানযে কৰিছো মই,
সময় পালেই বন্ধু-মুবাইলৰ সৈতে
লাং-ফাং কৰ তই ৷”

মাই ক’লে, “অ’ মোৰ কলিজা
মোৰ বুকুৰ আমঠু তুমি,
ভালদৰে পঢ়ি, ভাল ফলাফল কৰি
সন্মান আনা যদি ৷”

খুৰাই ক’লে, “চাই আছো মই
তই ধ্বংসৰ পথলৈ গলি,
মুবাইলটো লৈ Whats-app, Facebook etc কৰি
কিতাপবোৰ সামৰি থলি ৷”
খুৰীয়ে ক’লে, “মোৰ সোণ পোণাকণক
নাথাকিব গালি পাৰি,
ভালকৈ পঢ়ি চাকৰি কৰি
আনিব আমালৈ শাৰী ৷”

বৰদেউতাই পিছে, মুৰত হাত ফুৰাই
ক’লে পুৰণি কথা,
“পঢ়া-শুনা নকৰি, আগৰ মানুহৰ দৰে
নলগাবি তই লেথা ৷”

বৰমাই আকৌ পাকঘৰৰ পৰা
দিলেহি সকলোকে মাম (ভাত),
ক’লে, “ভালকৈ পঢ়ি নাম ৰাখিলেহে
আমি মিঠাই খাবলৈ পাম ৷”

ককাই পিছে, আৰামচকীত বহি
আছে ভগৱানৰ নাম গাই,
সকলোকে ক’লে, “চিন্তা নকৰিবি
ভগৱানে নিবযেন আগুৱাই ৷”

আইতাই ক’লে তামোল খাই খাই
মিচিকীয়া হাহি মাৰি,
“তইয়ে আমাৰ, পঢ়ি-শুনি লৈ
হব লাগিব বংশধাৰী ৷”

ভাইটি-ভন্তী, দাদা-বাইদেউ
সকলোৱে ভালদৰে পঢ়ো আহা,
পঢ়ি-শুনি, জ্ঞান অৰ্জন কৰি
পৰিয়াল-সমাজ গঢ়া ৷


মৰম আরু সাদৰেৰে, পদ্মেশ্বৰ বৰা