অধ্যায়-১৪, শক্তিৰ উৎসসমূহ (Sources of Energy), by POdmeswar

১। ‘শক্তিৰ এক প্রকাৰক আন এটালৈ রূপান্তৰ কৰিব পাৰি’- বুজাই লিখা ।
উত্তৰঃ শক্তিৰ বহুতো রূপ বা প্রকাৰ আছে । শক্তিৰ এক প্রকাৰক আন এক প্রকাৰলৈ সলনি কৰিব পাৰি । উদাহৰণস্বরূপে- কাপ এটা মাটিত পেলাই দিলে ইয়াৰ স্থিতি শক্তি শব্দ শক্তিলৈ রূপান্তৰ হয় । এডাল মম জ্বলালে প্রক্রিয়াটো তাপমোচী (Exothermic) হোৱাৰ পৰিপেক্ষিতত মম ডাল জ্বলি ৰাসায়নিক শক্তিৰ পৰা তাপ আরু পোহৰ শক্তিৰ উৎপন্ন হয় ।

২। তলত উল্লেখ কৰা কামসমূহ সাধন কৰিবলৈ কি কি শক্তিৰ প্রয়োজন হয় লিখা ।
(ক) দৈহিক কামসমূহ কৰিবলৈ,
(খ) বিভিন্ন সা-সজুলি চলাবলৈ
(গ) ভাত ৰান্ধিবলৈ বা বাহন চলাবলৈ
উত্তৰঃ (ক) দৈহিক কামসমূহ কৰিবলৈ- পেশীয় শক্তি
(খ) বিভিন্ন সা-সজুলি চলাবলৈ- বৈদ্যুতিক শক্তি
(গ) ভাত ৰান্ধিবলৈ বা বাহন চলাবলৈ- ৰাসায়নিক শক্তি

৩। ইন্ধন এটা নিৰ্বাচন করোঁতে কি কি প্রশ্ন উত্থাপন হয়?
উত্তৰঃ ইন্ধন এটা নিৰ্বাচন করোঁতে অৱতাৰণা হোৱা প্রশ্নসমূহ হ’ল-
(ক) ইন্ধনবিধ জ্বলোতে কিমান পৰিমাণৰ তাপ উৎপন্ন কৰিব ?
(খ) ইন্ধনবিধে বেছিকৈ ধোঁৱা উৎপন্ন কৰিব নেকি?
(গ) ইন্ধনবিধ সহজতে উপলদ্ধনে ?

৪। শক্তিৰ ভাল উৎস কি? ইয়াৰ চাৰিটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ শক্তিৰ ভাল উৎস বুলিলে সেইবোৰ উৎসকে বুজা যায় যিবোৰ উৎস ব্যৱহাৰৰ সাপেক্ষে অধিক লাভৱান হ’ব পাৰি । ইয়াৰ চাৰিটা বৈশিষ্ট্য হ’ল-
(ক) যিবোৰ সহজেই উপলব্ধ ।
(খ) যিসমূহৰ সঞ্চয় আরু পৰিবহন অতিকৈ সহজসাধ্য
(গ) যিটোৱে প্রতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য কৰে ।
(ঘ) যিবোৰ ইন্ধন অতিকৈ মিতব্যয়ী ।  

৫। তিনিবিধ পৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ দিয়া ।
উত্তৰঃ তিনিবিধ পৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ হ’ল-
(ক) জীৱাশ্মজাত ইন্ধন (Fossil Fuel), বিশেষকৈ কয়লা, পেট্রলিয়াম, প্রাকৃতিক গেছ আদি
(খ) তাপভিত্তিক শক্তি প্রকপ (Thermal Power Plant)
(গ) জলশক্তি প্রকল্প (Hydro Power Plant)

৬। তিনিবিধ অপৰম্পৰাগত শক্তিৰ উৎসৰ নাম লিখা ।
উত্তৰঃ তিনিবিধ বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎস হ’ল-
(ক)সৌৰ শক্তি (Solar Energy), বিশেষকৈ চ’লাৰ কুকাৰ, সৌৰ কোষ ফলক
(খ) সমুদ্রৰ পৰা প্রাপ্ত শক্তি, বিশেষকৈ জোৱাৰ ভাতাৰ শক্তি, তরংগ শক্তি, মহাসামুদ্রিক তাপীয় শক্তি
(গ) ভূ-তাপীয় শক্তি (Geothermal Energy),
(ঘ) নিউক্লীয় শক্তি (Nuclear Energy),

৭। পৰম্পৰাগত শক্তিৰ উৎসসমূহৰ ব্যৱহাৰৰ বাবে তিনি প্রকাৰৰ প্রযুক্তিৰ বিকাশৰ নাম লিখা ।
উত্তৰঃ  পৰম্পৰাগত শক্তিৰ উৎসসমূহৰ ব্যৱহাৰৰ বাবে তিনি প্রকাৰৰ প্রযুক্তিৰ বিকাশ হ’ল-
(ক) জীৱভৰ (Bio-Mass),
(খ) বায়ু শক্তি (Wind Energy),
(গ) জৈৱ গেছ প্রকল্প

৮।  পুৰণি কালত তাপ শক্তিৰ আটাইতকৈ প্রচলিত উৎস কি?
উত্তৰঃ পুৰণি কালত তাপ শক্তিৰ আটাইতকৈ প্রচলিত উৎস আছিল- কাঠখৰি ।

৯। নৱীকৰণযোগ্য আরু অনৱঅকৰণযোগ্য শক্তিৰ উৎস বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা । নৱীকৰণযোগ্য আরু অনৱঅকৰণযোগ্য শক্তিৰ উৎস মাজত থকা দুটা পাৰ্থক্য লিখা ।
উত্তৰঃ শক্তিৰ যিবোৰ উৎস এবাৰ ব্যৱহাৰ হোৱাৰ পিছত তাক পুনৰ নতুনকৈ উৎপাদন(নৱীকৰণ) কৰিব পাৰি আরু শেষ হৈ নাযায় । সেইবোৰ উৎসক নৱীকৰণযোগ্য শক্তিৰ উৎস বোলে । উদাহৰণস্বরূপে- (ক)সৌৰ শক্তি (Solar Energy),
(খ) সমুদ্রৰ পৰা প্রাপ্ত শক্তি,(গ) ভূ-তাপীয় শক্তি (Geothermal Energy),(ঘ) নিউক্লীয় শক্তি (Nuclear Energy), আদি যিবোৰ পুনৰ নৱীকৰণ অৰ্থাৎ নতুনকৈ উৎপাদন কৰিব পাৰি ৷

শক্তিৰ যিবোৰ উৎস এবাৰ ব্যৱহাৰ হোৱাৰ পিছত তাক পুনৰ নতুনকৈ উৎপাদন(নৱীকৰণ) কৰিব নোৱাৰি আরু শেষ হৈ যায় । সেইবোৰ উৎসক অনৱীকৰণযোগ্য শক্তিৰ উৎস বোলে । উদাহৰণস্বরূপে- কয়লা, পেট্র’লিয়াম, প্রাকৃতিক গেছ, খারুৱাতেল আদি, এইবোৰ ব্যৱহাৰ কৰিলে শেষ হৈ যায় ।
নৱীকৰণযোগ্য আরু অনৱঅকৰণযোগ্য শক্তিৰ উৎস মাজত থকা দুটা পাৰ্থক্যঃ
(ক)নৱীকৰণযোগ্য শক্তিৰ উৎস পুনৰ নতুনকৈ উৎপাদন কৰিব পাৰি ।
আনহাতে, অনৱঅকৰণযোগ্য শক্তিৰ উৎস পুনৰ নতুনকৈ উৎপাদন কৰিব নোৱাৰি।
(খ)নৱীকৰণযোগ্য শক্তিৰ উৎস এবাৰ ব্যৱহাৰ হ’লে শেষ/নিঃশেষ হৈ নাযায় ।
আনহাতে, অনৱঅকৰণযোগ্য শক্তিৰ উৎস এবাৰ ব্যৱহাৰ হ’লে শেষ/নিঃশেষ হৈ যায় ।

১০। জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ তিনিটা অসুবিধা লিখা ।
উত্তৰঃ জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ তিনিটা অসুবিধাঃ
(ক) জীৱাশ্মজাত ইন্ধন দহন্র ফলত কাৰ্বন, নাইট্র’জেন, চালফাৰ অক্সাইড আদি আম্লিক অক্সাইডবোৰ নিৰ্গত আরু এইবোৰে বায়ুমণ্ডল প্রদূষণ কৰে লগতে আম্লিক বৃষ্টি সৃষ্টি কৰে ।

(খ) জীৱাশ্মজাত ইন্ধনবোৰ অনৱীকৰণযোগ্য, সেয়েহে ইয়াক এবাৰ ব্যৱহাৰ কৰিলে পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি ।

(গ) দ্রুত হাৰত জীৱাশ্ম ইন্ধনবোৰ ব্যৱহাৰ কৰি থাকিলে এইবোৰৰ শক্তিৰ ভাণ্ডাৰ শেষ/নিঃশেষ হৈ যোৱাৰ সম্ভাৱণা আছে ।

১১। জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত হোৱা প্রদূষণৰ পৰিমাণ কেনেদৰে হ্রাস কৰিব পাৰি ? দুটা প্রতিকাৰ লিখা ।
উত্তৰঃ জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত হোৱা প্রদূষণৰ পৰিমাণ হ্রাস কৰাৰ দুটা প্রতিকাৰ হ’ল-
(ক) দহন প্রক্রিয়াৰ দক্ষতা বঢ়াই ।
(খ) পৰিৱেশলৈ অনিষ্টকাৰী গেছ আরু ছাইৰ নিৰ্গমন বিভিন্ন উপায়েৰে হ্রাস কৰি ।

১২। গেছ বাৰ্ণাৰ, যান-বাহন আদি প্রত্যক্ষভাৱে ব্যৱহাৰ হোৱাৰ উপৰিও বিদ্যুৎ উৎপাদনৰ মুখ্য ইন্ধন হৈছে- _________ ।
উত্তৰঃ গেছ বাৰ্ণাৰ, যান-বাহন আদি প্রত্যক্ষভাৱে ব্যৱহাৰ হোৱাৰ উপৰিও বিদ্যুৎ উৎপাদনৰ মুখ্য ইন্ধন হৈছে- জীৱাশ্ম ইন্ধন

১৩। কেনেকৈ টাৰবাইনৰ সহায়ত বিদ্যুৎ উৎপাদন কৰিব পাৰি ? বুজাই লিখা ।
উত্তৰ সৰল টাৰবাইনত এটা গতিশীল অংশ থাকে যাক ঘূৰ্ণক পাখি (Rotor-Blade) বোলা হয় । গতিশীল তৰলে/জোৱাৰযুক্ত পানীয়ে খুন্দা মাৰিলে ঘূৰ্ণক পাখিবোৰ ঘূৰে আরু ঘূৰ্ণকক শক্তিৰ যোগান ধৰে । এনেকৈ ফেনখন বা ঘূৰ্ণকৰ পাখকেইখন খৰকৈ ঘূৰিলে ডাইনাম’ৰ ধূৰাডাল ঘূৰে । লগে লগে, ইয়াৰ পৰিণতিত যান্ত্রিক শক্তি বৈদ্যুতিক শক্তিলৈ রূপান্তৰ হয় । এই বৈদ্যুতিক শক্তি আজি আমি আমাৰ বিভিন্ন কামসমূহ যেনে- দূৰদৰ্শন চলোৱা, পাংখা চলোৱা, কম্পিউটাৰৰ চলোৱা, মেছিন চলোৱা আদি কামসমূহ কৰা হয় ।

১৪। তাপভিত্তিক শক্তি প্রকল্প নামৰ আঁৰৰ কাৰণটো কি?
উত্তৰঃ তাপভিত্তিক শক্তি প্রকল্প নামৰ আঁৰৰ কাৰণটো হ’ল- ইয়াত ইন্ধন পুৰি পুনতে তাপ শক্তি উৎপন্ন কৰে আরু পিছত তাক বিদ্যুৎ শক্তিলৈ রূপান্তৰ কৰা হয় ।

১৫। তাপভিত্তিক শক্তি প্রকল্পত কেনেকৈ তাপ শক্তিক বৈদ্যুত শক্তিলৈ রূপান্তৰ কৰা হয় ?
উত্তৰঃ তাপভিত্তিক শক্তি প্রকল্পকেন্দ্রসমূহত বৃহৎ পৰিমাণৰ জীৱাশ্মজাত ইন্ধন দহন কৰি পানী উতলাই বাষ্প কৰা হয় । এই বাষ্পৰ সহায়ত টাৰবাইন ঘূৰাই বিদ্যুৎ কৰা হয় । প্রক্রিয়াতো, প্রথমে ইন্ধন পুৰি পুনতে তাপ শক্তি উৎপন্ন কৰে আরু পিছত তাক বিদ্যুৎ শক্তিলৈ রূপান্তৰ কৰা হয় ।

১৬। অনেক তাপভিত্তিক শক্তি প্রকল্প কয়লা খনি বা তেলৰ কূপৰ ওচৰত কিয় স্থাপন কৰা হয় ?
উত্তৰঃ একে দূৰত্বলৈ কয়লা বা পেট্রলিয়াম পৰিবহনতকৈ বিদ্যুতৰ পৰিবহন অধিক সুবিধাজনক । লগতে, তাপভিত্তিক শক্তি প্রকল্পসমূহত বৃহৎ পৰিমাণৰ জীৱাশ্মজাত ইন্ধনৰ প্রয়োজন হয় । সেয়েহে অনেক তাপভিত্তিক শক্তি প্রকল্প কয়লা খনি বা তেলৰ কূপৰ ওচৰত স্থাপন কৰা হয় ।  

১৭। ভাৰতবৰ্ষৰ শক্তিৰ চাহিদাৰ কিমান অংশ জলশক্তি প্রকল্পই পূৰণ কৰে ?
উত্তৰঃ ভাৰতবৰ্ষৰ শক্তিৰ চাহিদাৰ এক চতুৰ্থাংশ জলশক্তি প্রকল্পই পূৰণ কৰে ।

১৮। জলশক্তি প্রকল্পত কেনেদৰে বিদ্যুৎ উৎপন্ন কৰা হয় ?
উত্তৰঃ জলশক্তি প্রকল্পত বৈদ্যুতিক জল বিদ্যুৎ উৎপাদন কৰিবৰ বাবে প্রথমে নদীত যথেষ্ট উচ্চতাৰ বান্ধ নিৰ্মাণ কৰি পানীৰ প্রবাহক বাধা দিয়া হয় আরু জলাশয়ত অধিক পৰিমাণৰ পানী জমা কৰা হয় । জলস্তৰৰ উচ্চতা বৃদ্ধি হৈ প্রবাহমান পানীৰ গতিশক্তিক স্থিতি শক্তিলৈ রূপান্তৰ কৰা হয় । বান্ধৰ ওপৰৰ স্তৰৰ পানী পাইপৰ যোগেদি বান্ধৰ পাদদেশত থকা টাৰবাইনলৈ অনা হয় । 
    টাৰবাইনত এটা গতিশীল অংশ থাকে যাক ঘূৰ্ণক পাখি (Rotor-Blade) বোলা হয় । গতিশীল তৰলে/জোৱাৰযুক্ত পানীয়ে খুন্দা মাৰিলে ঘূৰ্ণক পাখিবোৰ ঘূৰে আরু ঘূৰ্ণকক শক্তিৰ যোগান ধৰে । এনেকৈ ফেনখন বা ঘূৰ্ণকৰ পাখিকেইখন খৰকৈ ঘূৰিলে ডাইনাম’ৰ ধূৰাডাল ঘূৰে । লগে লগে, ইয়াৰ পৰিণতিত যান্ত্রিক শক্তি বৈদ্যুতিক শক্তিলৈ রূপান্তৰ হয় । এই বৈদ্যুতিক শক্তি আজি আমি আমাৰ বিভিন্ন কামসমূহ যেনে- দূৰদৰ্শন চলোৱা, পাংখা চলোৱা, কম্পিউটাৰৰ চলোৱা, মেছিন চলোৱা আদি কামসমূহ কৰা হয় ।

১৯। জল বিদ্যুৎ বা জলশক্তিৰ দুটা সুবিধা আরু দুটা অসুবিধা লিখা ।
অথবাঃ নদী বান্ধ প্রকল্পৰ দুটা অসুবিধা লিখা ।
উত্তৰঃ জল বিদ্যুৎ বা জলশক্তিৰ দুটা সুবিধা হ’ল-
(ক)জল বিদ্যুৎ বা জলশক্তি হ’ল- শক্তিৰ এক নবীকৰণযোগ্য উৎস ।
(খ)জল বিদ্যুৎ বা জলশক্তি জীৱাশ্ম ইন্ধনৰ নিচিনাকৈ নিঃশেষ হৈ যোৱাৰ কোনো চিন্তা নাই কাৰণ, ইয়াক পুনঃ পুনঃ পাব পাৰি ।

জল বিদ্যুৎ বা জলশক্তিৰ বা নদী বান্ধ প্রকল্পৰ 5 টা অসুবিধা হ’ল-
(ক)জল বিদ্যুৎ বা জলশক্তিৰ বাবে লগা নদী বান্ধসমূহ কেৱল ওখ নাইবা পাহাৰীয়া অঞ্চলতহে স্থাপন কৰিব পাৰি ।
(খ) বৃহৎ পৰিসৰৰ জনবসতি অঞ্চল এই ক্ষেত্রত লাগতিয়াল হয় আরু পানীত বুৰ যাব লগা হয় ।
(গ) নদীবান্ধৰ পানীত বুৰ গৈ বৃহৎ পৰিস্থিতি তন্ত্রৰ (Ecosystem)  বিনষ্ট হয় ।
(ঘ) পানীত ডুবা গছ-গছনিবোৰ বায়ুহীন অৱস্থাত পচে আরু সেউজ গৃহ বিষাক্ত গেছ মিথেন নিৰ্গত হয় । 
(ঙ)জল বিদ্যুৎ বা জলশক্তিৰ বা নদী বান্ধ প্রকল্পৰ বাবে ভগনীয়া লোকসকলৰ সন্তোষজনক পুনৰসংস্থাপনৰ সমস্যাৰ সৃষ্টি হয় ।

২০। এবিধ সেউজ গৃহ গেছৰ উদাহৰণ দিয়া ।
উত্তৰঃ মিথেন ।   


২১। বিদ্যুৎ ক’ৰ ক’ৰ পৰা উৎপাদন কৰা হয়?

উত্তৰঃ

(ক) জলশক্তি (Hydro Power) বা পানীৰ পৰা (নদীবান্ধ নিৰ্মাণ কৰি বোৱতী পানীৰ জৰিয়তে টাৰবাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰা হয়) 

(খ) বায়ু শক্তি (Wind Power) বা বায়ুৰ পৰা (বায়ু কলৰ জৰিয়তে টাৰবাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰা হয়)

(গ) তাপভিত্তিক শক্তি (Thermal Power) বা বাস্পৰ পৰা (জীৱাশ্মজাত ইন্ধন পুৰি পানী উতলাই বাষ্প সৃষ্টি কৰি সেই বাষ্পৰ জৰিয়তে টাৰবাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰা হয়)

(ঘ) সৌৰ শক্তি (Solar Energy) বা সূৰ্যৰ পৰা (সৌৰ শক্তিক সৌৰ চুলা or Solar Cooker  বা সৌৰ কোষ ফলক or Solar cell point ৰ জৰিয়তে সংগ্রহ কৰি বিদ্যুৎ উৎপাদন কৰা হয়)

(ঙ) জোৱা ভাতাৰ শক্তি (Tidal Energy) বা সাগৰৰ জোৱাৰৰ পৰা (সাগৰত জোৱাৰ উঠা ঠাইত বান্ধ নিৰ্মাণ কৰি, সেই বান্ধত টাৰবাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰা হয়)

(চ) তরংগ শক্তি (Wave Energy) বা সাগৰৰ ঢৌৰ পৰা (সাগৰত প্রবল বতাহৰ পৰা হোৱা তরংগ বা ঢৌত টাৰবাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰা হয়)

(ছ) ভূ-তাপীয় শক্তি (Geothermal Energy) (পাইপৰ জৰিয়তে গৰম পানীৰ উহ/hot spring ৰ বাষ্প টাইবাইনলৈ আনি টাৰবাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰা হয়)

(জ) নিউক্লীয় শক্তি (Nuclear energy) (নিউক্লীয় ৰিয়েক্টৰত নিউক্লীয় বিযোজন / nuclear fission ঘটাই, নিৰ্গত শক্তিৰ পৰা বাষ্প উৎপাদন কৰি, পৰৱৰ্তী পৰ্যায়ত বিদ্যুৎ উৎপাদন কৰা হয়)

 


updating...........