মূলভাৱঃ
বৰগীত কবিতাটিত কবি মাধৱদেৱে বাৎসল্য ভাবৰ
প্রকাশ কৰি ভগৱান শ্রীকৃষ্ণৰ শিশুকালৰ এক মনমুগ্ধ ছবি ফুটাই তুলিছে । এই কবিতাটিত ৰাতিপুৱা
এন সুন্দৰ ক্ষণত মাতৃ যশোদাই শ্রীকৃষ্ণক টোপনিৰ পৰা জগোৱা এক সৰল আরু সুন্দৰ রূপ পৰিস্ফুট
হৈছে ।
যশোদাই কৃষ্ণক বাপু, গোপাল, কমল-নয়ন, প্রাণধন
আদি বুলি বাৰ বাৰ সম্বোধন কৰি টোপনিৰ পৰা জগাইছে, কিয়নো ৰাতি শেষ হৈ এতিয়া ৰাতিপুৱা
হ’ল কিন্ত শ্রী কৃষ্ণ উঠাই নাই । (উঠৰে উঠ বাপু
গোপাল হে নিশি পৰভাত ভৈল । কমল নয়ন, বুলি ঘনে ঘন, যশোৱা ডাকিতে লৈল ।।)
যশোদাই শ্রীকৃষ্ণক চন্দ্রৰ মুখযেন বুলি অৰ্থাৎ
কৃষ্ণক চন্দ্রৰ মুখৰ লগত তুলনা কৰি (সুচান্দ বয়ন) তেওঁৰ প্রাণধন (মোৰ প্রাণধন)
বুলি কৈ টোপণি ত্যাগ কৰিবলৈ অনুৰোধ/মিনতি কৰিছে । লগতে যশোদাই কৈছে যে, শ্রী কৃষ্ণ
হেনো সকলো পুরুষৰে শীৰৰ ভূষণ অৰ্থাৎ সকলোৰে আৰাধ্য আরু তেওঁয়ে ত্রিজগতৰ পতি বাপু
গোবিন্দ । (মোৰ প্রাণধন সুচান্দ বয়ন গাৱ চালি তেজ নিন্দ । সব পুরুষৰ শিৰৰ ভূষণ
তুমিসে বাপু গোবিন্দ ।।)
মাধৱদেৱে বৰগীতটিত মাতৃ-পুত্রৰ মধুৰ সম্পৰ্ক
সুন্দৰকৈ উপস্থাপন কৰিছে । মাতৃ গোৱালী যশোদাই তেওঁৰ পুত্র (মোৰ পুত্র) বুলি সুৱৰি
কৃষ্ণক বুকুত বান্ধি, কোলাত লৈ মুখত বাৰে বাৰে চুমা খাই আনন্দত নিমজ্জিত বা মগ্ন
হৈছে । (মোৰ পুত্র বুলি
যশোদা গোৱালী বুকে বান্ধি
কোলে লৈলা । বয়নে চুম্বন কৰি ঘনে ঘনে আনন্দে মগন ভৈলা ।।)
বৰগীতটোৰ মাধ্যমেৰে কবি মাধৱদেৱে কৃষ্ণৰ
ঐশ্বৰিক রূপ আরু মাহাত্ম্যৰ কথাৰ এক প্রসংগও ফুটাই তুলিছে । মাধৱদেৱৰ মতে, যিজন
শ্রীকৃষ্ণক সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান আরু সাধনাৰ পাছতো বিচাৰি বা লগ নাপায়,
সেই একে ত্রিজগতৰ পতি শ্রীকৃষ্ণক ভক্তিৰ বলত যশোদাই নিজৰ পুত্ররূপে লাভ কৰি কোলাত
লৈ মৰম কৰাৰ সৌভাগ্য হৈছে । ইয়াৰ মাধ্যমেৰে, কবিয়ে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন
কৰি ভগৱান যে ভক্তৰ অধীন এই কথা হৃদয়স্পৰ্শী রূপত তুলি ধৰিছে । লগতে, মাধৱদেৱে
নিজকে মূরুখ বুলি উল্লেখ কৰি ত্রিজগতৰ পতিৰ এই লীলাৰ বিষয়ে বৰ্ণনা কৰিছে । (সিদ্ধ
মুনিগণে চিন্তিয়া নাপাৱে সো হৰি যশোৱা কোলে । ত্রিজগত পৰি ভকতি মিলিল মূরুখ মাধৱে
বোলে ।।)