উভতি নহাৰ কবিতাটি মূলভাৱ লিখা ।
উত্তৰঃ
আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি নৱকান্ত বরুৱা ‘উভতি নহাৰ কবিতা’ এটি দাৰ্শনিক ভাৱাপন্ন কবিতা । কবিতাটিৰ মাজেদি কবিয়ে মানুহৰ জন্ম-মৃত্যুৰ চিৰন্তন সত্য প্ৰকাশ কৰিছে ।
প্ৰকৃতিৰ চিৰা-চৰিত নিয়ম অনুসৰি কবিয়ে এই পৃথিৱীত এবাৰেই জন্ম গ্ৰহণ কৰিছে । এই পৃথিৱীৰ পৰা এবাৰ গুছি গ’লে পুনৰ উভতি নাহে আরু আহিবও নোৱাৰে । অকল কবিয়েই নহয় কোনো লোকেই এই পৃথিৱীলৈ পুনৰ উভতি নাহে । কবিয়ে এই পৃথিৱীখনক প্ৰাণভৰি ভালপায় আরু এই কথা জীৱনত বহুবাৰ কলে, বহু ভাবেৰে বুজালে । কিন্ত সেয়ে হ’লেও পৃথিৱীখনলৈ কবি পুনৰ উভতি নাহে । কবিৰ বাবে যন্ত্ৰণাকো আকোৱালী অৰ্থাৎ
যন্ত্রণা লৈ জীয়াই থকাটো কবিয়ে এটা ধেমালী বুলি কৈছে । এই ধেমালী কবিয়ে এবাৰেই খেলিলে । মৃত্যুৰ পিছত খেল খেলিব কোনো
মানুহ উভতি নাহে । কবিৰ বিদায়ৰ লগে লগে পৃথিৱীলৈ নতুন ধ্যান–ধাৰণাৰ প্ৰকাশ ঘটিব য’ত কবিৰ একো চিন নাথাকিব । নতুন প্ৰজন্মই হ’ব পৃথিৱীৰ নতুন মানুহ আরু সেই দিনবোৰো হ’ব নতুন দিন।
জীয়াই থকা কালত কবিয়ে বুটলা বকুলজোপাৰ ফুল তেতিয়া বা কবিৰ মৃত্যৰ পাছত কবিয়ে নহয় অইন কোনোবাইহে বুটলিব । কবি উভতি নাহে আরু আহিব নোৱাৰে । হেৰাই যোৱাৰ দুখত কবিয়ে যেন অকলেই হাহেঁ । তেওঁ পৃথিৱীখনক ভালপায় এই কথা শেষবাৰ স্বীকাৰ কৰিছে তথাপি তেওঁ মৰমৰ পৃথিৱীখনলৈ উভতি আহিব নোৱাৰে ।