কৰুণতম -ড০ নিৰ্মলপ্ৰভা বৰদলৈ (১৯৩৩-২০০৪)


সম্পাদন কৰিছে- বিশাল দাস, বিপ্লৱ মণ্ডল, সুভম দাস আরু প্রশান্ত দাস ।     
কিবা ভুলৰ সমাহাৰ পালে অনুগ্রহ কৰি জনাব । 

I নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?
উওৰ:- নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম ` বন ফৰিঙৰ ৰং’I

2I নিমলপ্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে?
উওৰ:- নিমলপ্ৰভা বৰদলৈয়ে `সুদীৰ্ঘ দিন আৰু ঋতুনামৰ পুথিখনৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে I

I `কৰুণতমকবিতাটো কবিৰ কোনখন কবিতা পুথিত সংকলিত হৈছে ?
উওৰ:- `কৰুণতমকবিতাটো কবিৰ `দিনৰ পিছত দিননামৰ কবিতাপুথিত সংকলিত হৈছে I

I`কৰুণতমকোন শ্ৰেণীৰ কবিতা?
উওৰ:- `কৰুণতমকবিতা আধুনিক শ্ৰেণীৰ কবিতা I

I নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটা বৈশিষ্ট্য লিখা?
উওৰ:- নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটা বৈশিষ্ট নগৰীয়া জীৱনৰ প্ৰতি বিদ্বষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ I

() চমু প্ৰশ্ন
I নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা ?
উওৰ:- নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতাপুথিৰ নাম –` সমীপেষু’,`অন্তৰংগআৰু `বনফৰিঙৰ ৰং’ I

2I নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা ?
উওৰ:- নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম -`সোণবৰনীয়া আইআৰু `সুৰীয়া মাত’ I

I নিৰ্মলপ্ৰভা বৰদলৈৰ গবেষনামূলক গ্ৰন্থ তিনিখনৰ নাম লিখা ?
উওৰ:- নিৰ্মলপ্ৰভা বৰদলৈৰ গবেষণামূলক গ্ৰন্থ তিনিখনৰ নাম -`দেৱী’,`সূৰ্যআৰু `শিৱ’ I

I `কৰুণতমআৰু `সুবাসশব্দৰ অৰ্থ লিখা?
উওৰ:- কৰুণতমচৰম বেদনাদায়ক বা দুখদায়ক  আৰু সুবাস-সুগন্ধ I

I `কৰুণতমকবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট লিখা ?
উওৰ:- `কৰুণতমকবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট :- () আধুনিক কবিতা বাস্তৱবাদী I
() আধুনিক কবিতা সামবাদী ভাৱধাৰাৰে পৰিপুষ্ট I

() দীঘল প্ৰশ্ন :-

I `কৰুনতমকবিতাৰ নামাকৰনৰ তাৎপৰ্য বিশ্লেষন কৰা?

উওৰ:-    `কৰুনতমড০ নিৰ্মলপ্ৰভা বৰদলৈৰ এটা উৎকৃষ্ট কবিতা Iকবিতাটোৰ শিৰোনামটোৰ জৰিয়তে ইয়াৰ মূলভাব, মূল চৰিএআৰু বিষয়বস্তুৰ সম্পৰ্কে ইংগিত পোৱা যায়I
`কৰুনতমকবিতাটোত ভৱিষ্যতৎ প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম,আদৰ্শ সন্দৰ্ভত সন্দিহান হোৱাৰ কথা কবিয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে I আহিনৰ সজাল ধৰা ধাননি পথাৰৰ গোন্ধ পালে কবিৰ পিতৃ-স্মৃতি জাগ্ৰত হয় I কাৰন কবিৰ পিতৃ এজন কৃষক আছিল I কৃষি তেওঁৰ বাবে কেৱল বৃওিয়েই নাছিল ; বৰঞ্চ আছিল জীৱনৰ সাধনা I পিতৃৰ সেই কৰ্ম সাধনাক লৈ কবি গৌৰবান্বিত I একেদৰে দোকানৰ জাপ- ভঙা গামোচাৰ সুৱাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰেI কাৰন কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল I গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কৰ্মত লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে I
              কবিৰ পিতৃ-মাতৃয়ে নিদিষ্ট কৰ্ম-সাধনাৰেসময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে I মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব খোদিত কৰি যাৱ পাৰিছে I কিন্ত কবিয়ে পিতৃ-মাতৃৰ দৰে নিজৰ সন্তানলৈ কেনেধৰনৰ কৰ্ম-আদৰ্শৰে যুগমীয়া স্মৃতি ৰাখি যাব পাৰিব- সেই সৰ্ম্পকে নিশ্চিত পৰা নাই I তেঁও ভৱিষ্যত্ প্ৰজন্মৰ বাবে কোনো আদৰ্শ থৈ যাব নোৱাৰিৱ বুলি ভাবি সংশয়ত ভুগিছে I কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো নোৱাৰে I গতিকে কবিতাটোৰ মূল বিষয়বস্ত আৰু ভাবাৰ্থৰ ফালৰ পৰা কবিতাটোৰ নামাকৰন -`কৰুণতমসাৰ্থক হৈছে বুলি পাৰি I

I `কৰুণতমকবিতাত কবিৰ পিতৃ-মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ পাইছে বিচাৰ কৰা?
উওৰ:-
              `কৰুণতম’ কবিতাটোৰমাজেৰে নিজ পিতৃ মাতৃৰ প্ৰতি থকা কবিৰ গভীৰ শ্ৰদ্ধা আৰু ভালপোৱা প্ৰকাশ পাইছে I আহিনৰ সজাল ধৰা ধাননি-পথাৰৰ গোন্ধ পালে কবিৰ পিতৃ-স্মৃতি জাগ্ৰত হয় I কাৰন কবিৰ পিতৃ এজন কৃষক আছিল I কৃষি-কৰ্মৰে তেওঁ পৰিয়ালটিক ভৰন-পোষন দিছিল I সেই কৰ্ম তেওঁৰ বাবে কেৱল বৃওিয়েই নাছিল; বৰঞ্চই আছিল জীৱনৰ সাধনা I পিতৃৰ সেই কৰ্ম-সাধনাক লৈ কবি গৌৰবান্বিত I সেইদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰা I কাৰন কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল I গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কলা- কুশলতাৰ পৰিচয় দিছিল
              মাতৃৰ শিল্পীসুলভ কৰ্মক লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে I কবিৰ পিতৃ-মাতৃয়ে নিদিষ্ট কৰ্ম-সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে I মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভবিষত প্ৰজন্মৰ মনত নিজৰ যাউতিযুগীয়াকৈ খোদিত কৰি যাব পাৰিছে I কবিৰ মনত যুগমীয়া সাঁচ বহোৱাই থৈ যোৱা পিতৃ-মাতৃৰ কৰ্মৰ তেনে বিশেষ স্মৃতিচিহ্নবোৰৰ সংস্পৰ্শলৈ অহাৰ লগে লগে কবিৰ অন্তৰত পিতৃ-মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তি জাগৰিত হয় Iগাঁৱৰ সহজ-সৰল জীৱন আৰু অসমীয়া সংস্কৃতিৰ ধাৰক আৰু বাহক পিতৃ-মাতৃয়ে সৎ উপায়েৰে এই পৃথিৱীত অস্তিত্ব ৰাখি যাবলৈ সক্ষম হৈছে কিন্তু আধুনিকতাৰ হেঁচাত অস্তিত্বৰ সংকটত ভোগা কবিয়ে কেনেধৰনৰ কৰ্মাদৰ্শৰে সন্তানৰ বাবে নিজৰ স্মৃতি ৰাখি যাব- সেয়া কবিৰ বাবে এক  চৰম বেদনাদায়ক প্ৰশ্ন I
          -এনেদৰে কবিয়ে পিতৃ-মাতৃয়ে এৰি থৈ যোৱা আদৰ্শ স্মৰন কৰি তেওঁলোকৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তিৰ ভাৱ প্ৰকাশ পাইছে I

I `কৰুণতম’  কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা ?
উওৰ:- কবিগীতিকাৰ ড০ নিৰ্মলপ্ৰভা বৰদলৈয়ে `কৰুণতমকবিতাটোৰ মাজেৰে তেখেতৰ অন্তৰৰ ওপজা গভীৰ দুখবোধ অতি মৰ্মান্তিকভাৱে প্ৰকাশ কৰিছে I
                               আহিনৰ সজাল ধৰা সেউজীয়া ধাননি পথাৰৰ গোন্ধই কবিৰ পিতৃ-স্মৃতি জাগ্ৰত কৰে I কাৰন কবিৰ পিতৃ কৃষক আছিল I কৃষি-কৰ্মৰে তেঁও পৰিয়ালটিক ভৰন-পোষন কৰিছিল I সেই কৰ্ম তেওঁৰ বাবে কেৱল বৃওিয়েই নাছিল; বৰঞ্চ আছিল জীৱন সাধনা I পিতৃৰ সেই কৰ্ম-সাধনাক লৈ কবি গৌৰৱান্বিত I সেইদৰে দোৰানৰ জাৰ-ভঙা গামোচাৰ সুৱাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰেI কাৰন কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল I গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কলা-কুশলতাৰ পৰিচয় দিছিল I মাতৃৰ শিল্পীসুলভ কৰ্মক লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে
                      কবিৰ পিতৃ-মাতৃয়ে নিদিষ্ট কৰ্ম  সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাৱলৈ সক্ষম হৈছে Iমহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষৎ প্ৰজন্মৰ মনৰ নিজৰ অস্তিত্ব যাউতিযুগীয়াকৈ খোদিত কৰি যাৱ পাৰিছে I কিন্তু কবিয়ে পিতৃ-মাতৃৰ দৰে নিজৰ সন্তানলৈ কেনেধৰনৰ কৰ্ম-আদৰ্শৰে যুগমীয়া স্মৃতি ৰাখি যাব পাৰিব-    সেই ভাবনাই কবিৰ অন্তৰত গভীৰ দুখবোধৰ সৃষ্টি কৰিছে I আধুনিৰ পৃথিৱীখনত কবিয়ে কৰিব পৰা একোৱেই নাই ,যাৰ বাবে ভৱিষৎ প্ৰজন্মই কবিক মনত ৰাখিব I সেয়েহে কবিয়ে গভীৰ অস্তিত্বৰ সংকটত ভুগিছে I কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো নোৱাৰে Iএনেদৰে শোকত ম্ৰিয়মান কবিৰ দুখবোধ কবিতাটোত স্পষ্টভাৱে প্ৰকাশ কৰিছে I

I `কৰুণতমকবিতাত প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিএ আংকন হোৱা বুলি পাৰি নেকি পিচাৰ কৰা ?
উওৰ:- ড০ নিৰ্মলপ্ৰভাবৰদলৈৰ `কৰুণতমকবিতাটোৰ বিষয়বস্তুক গভীৰভাৱে অধ্যয়ন কৰিলে প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীবনৰ সংঘাতৰ চিএ এখন অংকিত হোৱা বুলি পৰা যায় 
                  কবিতাটোত ঐতিহ্য সচেতন কবিয়ে আহিনৰ পথাৰৰ গোন্ধ আৰু দোকানৰ  জাপ ভঙা গামোচাৰ সুবাসৰ লগত পিতৃ-মাতৃৰ স্মৃতি জড়িত কৰি গ্ৰাম্য সমাজ-সংস্কৃতিৰ এখনি আকৰ্ষনীয় চিএ অংকন কৰিছে I গ্ৰাম্য জীৱনৰ সৈতে কৃষি কৰ্ম-সংস্কৃতি জড়িত হৈ থাকে I আহিনৰ পথাৰ মানেই সেউজীয়া সজাল ধৰা ধননিৰ লয়লাস I তাৰ মাজে মাজে সহজ সৰল কৃষকৰ কৰ্মব্যস্ততা I সেই আহিনৰ সেউজীয়া পথাৰৰ গোন্ধ পালেই কবিৰ হেঁপাহৰ পিতৃলৈ মনত পৰে গাঁৱলীয়া হোজা কৃষকসকললৈ
                  সেইদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুৱাসে কবিৰ মনত মৰমী মাতৃৰ স্মৃতি সজীৱ কৰি তোলে I কাৰণ গামোচাত ৰং-বিৰঙৰ সপোনৰ ফুল বাচি মাতৃয়ে শিল্পনিপুনতাৰ পৰিচয় দিছিল I পিতৃ-মাতৃৰ সেই মহৎ কৰ্ম সাধনাক লৈ কবি পৰম গৌৰৱান্বিত কিন্তু সময়ৰ পৰিবৰ্তন হৈছে I আধুনিকতাৰ পাকচক্ৰত আহিনৰ সেউজীয়া পথাৰ, শিপিনীসকলৰ তাঁতশালৰ ঐতিহ্য ক্ৰমে যেন হেৰাই যাৱলৈ ধৰিছে I সেয়ে কবিয়ে পিতৃ-মাতৃৰ অতীতৰ গাম্ভীৰ্যপূৰ্ণ স্মৃতিৰ সমধৰ্মী হিচাপে ভৱিষ্যতে সন্তানৰ মনত নিজকে স্থাপন কৰিবলৈ অসমৰ্থ বুলি আশংকা প্ৰকাশ কৰিছে I ইয়াতেই প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ মাজত সংঘাতৰ সৃষ্টি হৈছে I
        কবিয়ে যিদৰে এফালে আহিনৰ  পথাৰৰ গোন্ধ আৰু দোকানৰ জাপ-ভঙা গামোচাৰ সুৱাসৰ কথা লৈ গ্ৰাম্য জীৱনৰ গুণ-গৰিমা আৰু অকৃএিমতাৰ এখন সাৰ্থক চিএ ৰুপায়ন কৰিছে , সেইদৰে ভৱিষ্যত প্ৰজন্মলৈ কবিয়ে একো স্থিতি এৰি যাব নোৱাৰিব বুলি আক্ষেপ প্ৰকাশ কৰি আধুনিক নগৰীয়া সভ্য সমাজৰ এখন নিজস্বতাহীন , নিস্তেজ আৰু শূন্যতাৰে ভৰা ছবি আংকন কৰিছে I


I প্ৰসংগ সংগতি দৰ্শাই  ব্যাখ্য়া কৰা I
              মই মোক                                                                                                                                  
             মোৰ সন্তানৰ কাৰণে
             থৈ যাম                                                                                                                           
             ??
উওৰ:- উক্ত কবিতাফাকি আমাৰ পাঠ্য়পুথি `সাহিত্য সৌৰভ অৰ্ন্তগত ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচিত `কৰুণতমকবিতাটোৰ পৰা উদ্ধত কৰা হৈছে I
                প্ৰসঙ্গক্ৰমে ভৱিষ্যৎ প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্মআদৰ্শ সন্দৰ্ভত সন্দিহান কবিয়ে ব্যাখ্যেয় কবিতাফাঁকিৰ অৱতাৰনা কৰিছে I
               অসমীয়া গ্ৰাম্য সমাজ-সংস্কৃতি তথা ঐতিহ্যৰ প্ৰতি কবি সচেতন I কবিৰ পিতৃ-মাতৃয়ে নিজস্ব কৰ্ম-সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ যুগমীয়াকৈ ৰাখি যাবলৈ সক্ষম হৈছে I কবিৰ পিতৃ এজন উওম কৃষক আছিল আৰু মাতৃ এগৰাকী পাকৈত শিপিনী আছিল I মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব তেওঁলোকে খোদিত কৰি যাব পাৰিছে I কবিয়েও ভৱিষ্যৎ প্ৰজন্মৰ মাজত নিজৰ আদৰ্শ ৰাখি যাব বিচাৰে I কিন্তু আধুনিকতাৰ হেঁচাত অস্তিত্বৰ সংকটত ভোগা কবিয়ে কেনেধৰনৰ কৰ্মাদৰ্শৰে ভৱিষ্যৎৰ বাবে  নিজৰ স্মৃতি ৰাখি যাবসেই আশংকাত কবি চিন্তাক্লিষ্ট  হৈ পৰিছে I নিজ সন্তানৰ ওচৰতেই ভৱিষ্যতে অচিনাকি হৈ যোৱাৰ সংশয়ত কবিৰ অন্তৰত ওপজা গভীৰ দুখবোধৰ ভাবো কবিতাফাকিৰ মাজেদি প্ৰকাশিত পাইছে I

অতিৰিক্ত প্ৰশ্ন :- 
I `কৰুণতমʼ কবিতাটো বৰদলৈৰ কোনখন কবিতাপুথিৰ অৰ্ন্তগত ?
উওৰ:-`দিনৰ পাছত দিনʼ নামৰ কবিতাপুথিখনৰ অৰ্ন্তগত I

I নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ দুটা বৈশিষ্ট্য  লিখা ?
উওৰ:- নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতৰ দুটা বৈশিষ্ট্য ʼ :-
       () নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ শব্দ-সজ্জা তথা চুটি চুটি কাব্যিক বাক্যৰ এক গভীৰ মনৰ ভাৱ নিহিত থাকে I
       () নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষন তেওঁৰ কবিতাসমূহত প্ৰকাশ পায় I

I নিৰ্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি?
উওৰ:- `জীৱন জীৱন বৰ অনুপমʼ I


I নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম ʼ হৈছিল ?
  উওৰ:- নিমলপ্ৰভা  বৰদলৈৰ জন্ম শিনসাগৰত ১৯৩৩ চনত হৈছিল I

I নিৰ্মলপ্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহন কৰিছিল?
উওৰ :- নিৰ্মলপ্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহন কৰিছিল I



 কিবা ভুলৰ সমাহাৰ পালে অনুগ্রহ কৰি জনাব ।