সম্পাদন করিছে- বিশাল দাস, বিপ্লৱ মণ্ডল, সুভম দাস
আরু প্রশান্ত দাস ।
কিবা ভুলর সমাহার পালে অনুগ্রহ করি জনাব ।
১) কপাল ফুলা (সৌভাগ্য উপিস্তত হোৱা): যি কি নহও্ঁক ঘৰখনৰ এনে অৱস্হাত লটাৰীৰ টকাখিনিয়েই মানুহজনৰ কপাল পুলালে ।
২) কানে কান মাৰি(কোনোমতে): তিনিবাৰৰ মূৰত সি এইবাৰ কানে কান মাৰিহে পৰীক্ষাত পাছ কৰিলে দেই ।
৩) কঁকালত টঙালি বন্ধা (কোনো কামলৈ সাজু হোৱা): গৰুহাল কিনি ৰমেনে এইবাৰ খেতি কৰিবলৈ কঁকালত টঙালি বান্দিলে ।
৪) গা এৰা দিয়া (মনোযোগ নিদিয়া বা দায়িত্ব এৰা): তাক ডাঙৰ দায়িত্ব নিদিবা, সি পয়োজনীয় সময়ত গা এৰা দিয়ে ।
৫) গাৰ নোম ডাল ডাল হোৱা (অতিপাত ভয় খোয়া): অমাৱশাৰ ৰাতি নিজাই হাবিখন পাৰ হওঁতে তাৰ গাৰ নোম ডাল ডাল হৈছিল ।
৬) গা টঙা (সুস্হ হৈ উঠা): ৰহিমলাই মেলেৰিয়াৰ পৰা গা টঙাই উঠিছিলহে, এইবাৰ আাকৌ নতিয়েকটৌ বেমাৰত পৰিল ।
৭) চকু কপালত উটা (আচৰীত হোৱা): অকণমানি ছোৱালিজনীৰ ডাঙৰ ডঙাৰ কথাবোৰ শুনি সকলোৰে চকু কপালত উঠিল ।
৮) চকু চহৰা (আনৰ ভাল দেখিব নোৱাৰা): ছোৱালিজনীৰ চকু চহৰা স্বভাৱৰ বাবেই কোনেও তাইক ভাল নাপায় ।
৯) চকুৰ কুটা (অপিয়, শএ): ৰহিম আৰু কৰিম দুয়োজন ভাল বন্বু যেন লাগিলেও ভিতৰী ভিতৰী সিহঁত দুটা চকুৰ কুটা দাঁতৰ হলহে ।
১০) মুখ বজোৱা (কাজিয়া কৰা): ছোৱালীজনী কামত নাই, কিন্ত মুখখন ঠিকেই বজায় ।
১১) হাত লৰ (চোৰ স্বভাৱৰ): ৰঙালিবাইৰ হাত লৰ স্বভাৱটোৰ কথা সকলোৱে জানে ।
১২) হাত দীঘল (ক্ষমতাশালী,প্ৰভাৱশালী): মহিৰাম হাত দীঘল মানুহ, তেওঁৰ বিৰুদ্বে ৰাইজে কেতিয়াও মাত নামাতে ।
১৩) দাঁতে-ওঁঠে লগা (কাজিয়া-পেচাল কৰি থকা): সিহঁত হাল ইমান মিল যে কেতিয়াও দাঁতে ওঁঠে লগাও দেখা নাই।
১৪) দাঁত নোহোৱা (সাহস নথকা) সি ওনেয়ে কথাত দম্ভালি মাৰে, কায্ৰত দাঁত নোহোৱা সাপৰ দৰেই মূৰ পোলোকা মাৰে ।
১৫) হিয়াৰ আমঠু (অতি মৰমৰ): হয়াৰ আমঠুহেন নাতিয়েকঠো গুচি যোৱাত বুঢীয়ে পাৰে মানে কান্দিলে ।
১৬) মূৰ পোলোকা দিয়া (দায়িত্বৰপৰা আঁতৰি থকা): মূৰ পোলোকা মাৰি কিমান দিন কামৰ পৰা আঁতৰি থাকিবা, এদিন নিজৰেই বিপদ হ’ব ।
১৭) এলা-পেচা (সাধাৰণ): দেখাতে মানুহজন এলা-পেচা যেন লাগিলেও বৰ গ্ঞানী দেই ।
১৮) উৰুলি পুঙা (থান থিত নোহোৱা): সি গোটেই জীৱনটো উৰুলি পুঙা হৈয়ে কটালে ।
১৯) পিঠি দিয়া (আওকান কৰা): ৰাইজে পাতি দিয়া মন্এীজনে শেষত ৰাইজকেই পিঠি দিলে ।
২০) অজীন পাতকী (জীন যাব নোৱাৰা, মিলিব নোৱাৰা): অজীন পাতকী বদনে মান আনি অসম উচ্ছ্নন কৰিলে ।
২১) ঊনৈশত বা বলা (আনন্দত আত্মহাৰা হোৱা): তাৰ পৰীক্ষাৰ ফলাফলে ঘৰখনৰ মানুহবোৰক ঊনৈশত বা বলাদি বলালে ।
২২) কপাল ফুটা (দুভাগ উপস্হিত হোৱা): একমাএ উপাজনক্ষম ডাঙৰ ল’ৰাটোৰ আকস্মিক মূতু হোৱাত গৰখনৰে কপাল পুটিল ।
২৩) কাঁহ পৰী জীন যা (সন্পূণ নিস্তব্ব হোৱা): শিক্ষকজনৰ অকস্মাত উপস্হিতিত শ্ৰেণীকোঠাটো কাঁহ পৰি জীণ গ’ল ।
২৪)খাই পাত ফলা (অকূতগ, অশলাগী): সি যে কিমান খাই পাত ফলা ল’ৰা, বিপদৰ সময়তহে গম পালোঁ।
২৫) গাই বাই চা (কোনো কাম কৰিবলৈ যত্ন কৰা, চেষ্টা কৰি চোৱা): নিৰাশ নহৈ আকৌ এবাৰ গাই বাই চাচোন, কিজানি এইবাৰ চাকৰিটো হয়েই ।
২৬) ঘৰ গোনা (অনবৰতে সোমাই থকা): তই ঘৰতে এনেকৈ ঘৰ গোনা হৈ কিমান দিন থাকিব?বাহিৰলৈ ওলাই গৈ কিবা এটা নকৰ কিয় ?
২৭) চকু মুদ (মৃতু্ হোৱা): দুঘটনাৰ পিছত চিকিৎসালয় গৈ নৌপাওঁতেই অমলে বাটতে চকু মুদিলে ।
২৮) তেজক পানূী কৰ (অতি পৰীশ্ৰম কৰা): ৰমেনে তেজক পানী কৰি খতিডৰা কৰিছিলহে,বানপানীয়ে মাৰী থৈ গ’ল ।
২৯) পেট ভাটৌ (পেটত কথা ৰাখি থোৱা লোক): এই পেট ভাটৌটোৰ পৰা কখা উলিয়াব পাৰিম বুলি ভাবিছা নেকি ?
৩০) পানী কৰ (নষ্ট কৰা, সহজ কৰি বুজাই দিয়া): (ক)শিক্ষকজনে টান বুলি ভবা অংককেইটা পানী কৰি বুজাই দিলে ।
(খ) অতিমাএা বৰষুণে লহপহকৈ বাঢি অহা খেতিডৰা পানী কৰি পেলালে ।
৩১) পানীৰ মিঠে (কাল্পনিক, মনেৰে সজা বা ভবা কথা): (ক) তাইৰ কথাবোৰ যে পানীৰ মিথৈ,এই কথা মই পিছতহে গম পালোঁ ।
(খ) তাইৰ পানীৰ মিথৈহেন কথাবোৰ বিশ্বাস নকৰিবি ।
৩২) বুকুৰ তেজ (অতিকৈ আপোন): বুকুৰ তেজহেন নাতিয়েকটো যাবলৈ ওলালত বুঢীয়ে পাৰে মানে কান্দিলে ।
৩৩) মুখৰ ছাই গুচা (মৃতকৰ শ্ৰাদ্বাদি কৰি শুদ্বি হোৱা): ল’ৰাজনে বাপেকৰ মুখৰ ছাই গুচাই উঠিছিলহে, অকস্মাতে মাকো ঢুকালে ।
৩৪) মূৰ দোৱা (সেৱা কৰা): বিপদৰ সময়ত সহায় কৰাৰ বাবে আপোনাৰ ওচৰত কৃতগতাৰে মূৰ দোৱাইছোঁ ।
৩৫) মূৰে ভৰি কাঢ (বিপৰীতে কায্ কৰা): ৰাঘৱৰ মূৰে ভৰি কঢা স্বভাবে তাৰ জীৱনলৈ বিপযয় আনিলে ।
৩৬) সোণৰ সোলেং (অতি মৰমৰ): সোণৰ সোলেংহেন নাতিয়েকটো যাবলৈ ওলালত আইতাকে পাৰে মানে কান্দিলে ।
৩৭) সাত ঘাটৰ চেঙেলি (বৰ টেঙৰ লোক): ন-বোৱাৰীজনী দেখাতহে সাদৰী, ভিতৰি সাত ঘাটৰ চেঙেলি ।
৩৮) হাত লৰ (চোৰ স্বভাৱৰ): ছোৱালীজনীৰ হাত লৰ স্বভাৱৰ বাবে কোনেও তাইক কামত নাৰাখে ।
৩৯) হাড পেলা (মৃতু হোৱা): (ক) বুঢ়াজনৰ কথা সুধিছা ? তেওঁৰ হাড় পোলোৱা আজি এবছৰেই হ’ল ।
(খ) বহুদিন অসুখত ভুগি থকা মহীৰামে অৱশেষত নিজৰ ভেটিতে হাড় পেলালে ।
৪০) সান্দহ খোৱা বালি তল যোৱা (পূবৰ সুবিধা নাইকিয়া হোৱা): নিবাচনত মনএীজন পৰাজিত হোৱাত তেওঁৰ লগত থকা মানুহবোৰৰ সান্দহ খোৱা বালি তল গ’ল ।
৪১) বিনা মেঘে বজ্ৰপাত (আকস্মিকভাৱে হোৱা বিপদ): দেউতাকৰ আকস্মিক মৃত্যুৰ বাতৰিটো পাই জোনাকীৰ বিনা মেঘে বজ্ৰপাত পৰাৰ দৰে অৱস্হা হ’ল ।
৪২) পেটে ভাতে খা (কোনো মতে জীৱন নিবাহ কৰা): একমাএ উপাজনক্ষম ডাঙৰ ল’ৰাটো ঢুকোৱাৰ পিছৰে পৰা ৰমলাহঁতৰ পৰিয়ালটোৱে পেটে ভাতে খাই দিন অতিবাহিত কৰিছে ।
৪৩) চকুৰে সৰিয়হ ফুল দেখা (অতি মাৰ খোৱা ): ৰাইজৰ মাৰত চোৰটোৱে চকুৱে সৰিয়হ ফুল দেখিলে ।
৪৪) পাবত গজা (মূল নোহোৱা): বতমান পাবত গজা নেতাৰে দেশ ভৰি পৰিছে ।
৪৫) ৰৌটোকে টৌটৌ কৰা (সামান কথাকে ডাঙৰ কৰা): ৰমলাই সৰু কথাটোকে ৰৌটোকে টৌটৌ কৰি কাজিয়াৰ সূএপাত ঘটালে ।
৪৬) কান কটা (নিলাজ): তোৰ দৰে কান কটা ল’ৰা মই দেখা নাই দেই।মাৰ খাইয়ো স্বভাব সলনি নহ,ল ।
৪৭) কঁকাল দঙা (সাজু হোৱা): ঘৰখনে কঁকাল দাঙি উঠিবই নাপায়, আন এটা বিপদে আকৌ লগ দিয়েহি ।
৪৮) গা ঘেলাই ফুৰা (কাম-বন নকৰি ঘূৰি ফুৰা): জীৱনৰ এিশটা বছৰ গা ঘেলাই ফুৰোঁতেই গ’ল, অতি সোনকালে কিবা এটা নকৰিলে খাবি কি ?
৪৯) হাডক মাটি কৰা (কঠোৰ পৰিশ্ৰম কৰা): দেউতাৰে হাডক মাটি কৰি গঢি যোৱা সনপওিখিনি তই আলাসতে পাই ধবংস নকৰিবি ।
৫০) পেট কুলি (ভিতৰি টেঙৰ): বাহিৰে সৰল যেন লাগিলেও সৰলাজনী যে পেট কুলি ছোৱালী এই কথা মই পিছতহে গম পালোঁ ।
৫১) পানীৰ তলৰ কাইঁট (অজান শএ্, গোপন শএ): দেখা শএৰ পৰা ৰক্ষা পাব পাৰি, কিন্ত পানীৰ তলৰ কাঁইটৰ পৰা ৰক্ষা পোৱা টান ।
৫২) বাটে পোৱালি মেলা (উপাজনৰ পথ মুকলি হোৱা): ইমানখিনি পঢি-শুনি অৱশেষত ৰমেনৰ চাকৰিটো হোৱাত তাৰ বাটে পোৱালি মেলিলে যেন পাইছোঁ ।
৫৩) অচিন কাঠৰ থোৰা (অচিনাকি মানুহ): অচিন কাঠাৰ থোৱাৰ লগত সন্বনবদ কৰাৰ ফল ৰমাকান্তই হাতে হাতে পালে ।
৫৪) আচঁলৰ ধন (অতি মৰমৰ): আচঁলৰ ধন বুলি মৰমৰ নাতিয়েকক লাই দি দি ককাকেই তাৰ স্বভাৱটো নষ্ট কৰিলে ।
৫৫) কাণ সৰালি মৰা (নুশুনাৰ ভাও ধৰা): তাই কথেবোৰ নাজানে বুলি ববিছা ? সকলো কথা তাই কাণ সৰালি মাৰি শুনিহে আছিল ।
৫৬) কুন্দত কটা (অতি ধুনীয়া): ছোৱালীজনী দেখাত বগা নহ’লেও গঢটো কুন্দত কটা ।
৫৭) জয়দেউ কাকূতি (অতি অনুনয়-বিনয়): জয়দেউ কাকূতি কৰিও মহীৰামে টকাকেইটা মহাজনৰ পৰা উলিয়াব নোৱাৰিলে ।
৫৮) ঢোলৰ লগত টৈমেকা (ডাঙৰ মানুহৰ লগত ফুৰা সৈমান্ লোক):
(ক) ঢোলৰ লগত টৈমেকা হৈ আৰু কিমান দিন থাকিবি?নিজাকৈ কিবা এটা নকৰ কিয়?
(খ) মন্এীৰ পিছে পিছে ঢোলৰ লগত টৈমেকা হৈ ঘূৰি ফুৰি সি অৱশেষত ফুটুকাৰ ফেন সোপাহে পালে ।
৫৯) টৌতে খৰ মাৰি (আহুকালৰ মাজতে আজৰি উলিয়াই কাম কৰা): কিমাননো আৰু ঘৰৰ কাম কৰা? টৌতে খৰটো মাৰি আমাৰ ফালে এপাক আহিবাচোন ।
কিবা ভুলর সমাহার পালে অনুগ্রহ করি জনাব ।