জতুৱা ঠাঁচ বা খণ্ডবাক্য বা জতুৱা খণ্ডবাক্য , Class 12, Assamese, AHSEC Board, supported by Podmeswar


) কপাল ফুলা (সৌভাগ্য উপস্থিত হোৱা): নতুনকৈ চাকৰিটো পাই, তেখেতৰ কপাল ফুলিল । 

 

) কানে কান মাৰি(কোনোমতে): তিনিবাৰৰ মূৰত সি এইবাৰ কানে কান মাৰিহে পৰীক্ষাত পাছ কৰিলে

 

) কঁকালত টঙালি বন্ধা (কোনো কামলৈ সাজু হোৱা): গরুহাল কিনি ৰমেনে এইবাৰ খেতি কৰিবলৈ কঁকালত টঙালি বান্দিলে

 

) গা এৰা দিয়া (মনোযোগ নিদিয়া বা দায়িত্ব এৰা): তাক ডাঙৰ দায়িত্ব নিদিবা, সি প্রয়োজনীয় সময়ত গা এৰা দিয়ে

 

) গাৰ নোম ডাল ডাল হোৱা (অতিপাত ভয় খোৱা): অমাৱশ্যাৰ ৰাতি নিশাই হাবিখন পাৰ হওঁতে তেওঁৰ গাৰ নোম ডাল ডাল হৈছিল  

 

) গা টঙা (সুস্থ হৈ উঠা): ৰহিমলাই মেলেৰিয়াৰ পৰা গা টঙাই উঠিছিলহে, এইবাৰ আাকৌ নাতিয়েকটো বেমাৰত পৰিল

 

) চকু কপালত উঠা (আচৰিত হোৱা): অকণমানি ছোৱালিজনীৰ ডাঙৰ ডাঙৰ কথাবোৰ শুনি সকলোৰে চকু  কপালত উঠিল

 

) চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা): ছোৱালীজনীৰ চকু চহৰা স্বভাৱৰ বাবেই কোনেও তাইক ভাল নাপায়

 

) চকুৰ কুটা (অপ্রিয়, শত্রু): ৰহিম আৰু কৰিম দুয়োজন ভাল বন্ধু যেন লাগিলেও ভিতৰী ভিতৰী সিহঁত দুটা চকুৰ কুটা দাঁতৰ শালহে

 

১০) মুখ বজোৱা (কাজিয়া কৰা): ছোৱালীজনী কামত নাই, কিন্ত মুখখন ঠিকেই বজায়

 

১১) হাত লৰ (চোৰ স্বভাৱৰ): ৰঙালিবাইৰ হাত লৰ স্বভাৱটোৰ কথা সকলোৱে এতিয়া জ্ঞাত হৈছে

 

১২) হাত দীঘল (ক্ষমতাশালী, প্ৰভাৱশালী): মহিৰাম হাত দীঘল মানুহ, তেওঁৰ বিরুদ্ধে ৰাইজে কেতিয়াও মাত নামাতে

 

১৩) দাঁতে-ওঁঠে লগা (কাজিয়া-পেচাল কৰি থকা): সিহঁত হাল ইমান মিল যে কেতিয়াও দাঁতে ওঁঠে লগাও দেখা নাই

 

১৪) দাঁত নোহোৱা (সাহস নথকা) সি এনেয়ে কথাত দম্ভালি মাৰে, কাৰ্যত দাঁত নোহোৱা সাপৰ দৰেই মূৰ পোলোকা মাৰে

 

১৫) হিয়াৰ আমঠু (অতি মৰমৰ): হিয়াৰ আমঠুহেন নাতিয়েকটো গুচি যোৱাত বুঢীয়ে পাৰে মানে কান্দিলে  

 

১৬) মূৰ পোলোকা দিয়া (দায়িত্বৰপৰা আঁতৰি থকা): মূৰ পোলোকা মাৰি কিমান দিন কামৰ পৰা আঁতৰি থাকিবা, এদিন নিজৰেই বিপদ

 

১৭) এলা-পেচা (সাধাৰণ): দেখাতে মানুহজন এলা-পেচা যেন লাগিলেও বৰ গঞানী দেই

 

১৮) উরুলি পুঙা (থান থিত নোহোৱা): সি গোটেই জীৱনটো উরুলি পুঙা হৈয়ে কটালে

 

১৯) পিঠি দিয়া (আওকান কৰা): ৰাইজে পাতি দিয়া মন্ত্রীজনে শেষত ৰাইজকেই পিঠি দিলে

 

২০) অজীন পাতকী (জীন যাব নোৱাৰা, মিলিব নোৱাৰা): অজীন পাতকী বদনে মান আনি অসম ধ্বংস কৰিছিল

 

২১) ঊনৈশত বা বলা (আনন্দত আত্মহাৰা হোৱা): তাৰ পৰীক্ষাৰ ফলাফলে ঘৰখনৰ মানুহবোৰক ঊনৈশত বা বলাদি বলালে

 

২২) কপাল ফুটা (দুভাগ্য উপস্থিত হোৱা): একমাত্র উপৰ্জনক্ষম ডাঙৰ ৰাটোৰ আকস্মিক মৃত্যু হোৱাত ঘৰখনৰে কপাল ফুটিল

 

২৩) কাঁহ পৰী জীন যা (সম্পূৰ্ণ নিস্তদ্ধ হোৱা): শিক্ষকজনৰ অকস্মাত উপস্থিতিত শ্ৰেণীকোঠাটো কাঁহ পৰি জীণ

 

২৪)খাই পাত ফলা (অকৃজ্ঞ, অশলাগী): সি যে কিমান খাই পাত ফলা ৰা, বিপদৰ সময়তহে গম পালোঁ

 

২৫) গাই বাই চা (কোনো কাম কৰিবলৈ যত্ন কৰা, চেষ্টা কৰি চোৱা): নিৰাশ নহৈ আকৌ এবাৰ গাই বাই চাচোন, কিজানি এইবাৰ চাকৰিটো হয়েই

 

২৬) ঘৰ গোনা (অনবৰতে সোমাই থকা): তই ঘৰতে এনেকৈ ঘৰ গোনা হৈ কিমান দিন থাকিবি? বাহিৰলৈ ওলাই গৈ কিবা এটা নকৰ কিয় ?

 

২৭) চকু মুদ (মৃতু্ হোৱা): দুৰ্ঘটনাৰ পিছত চিকিৎসালয় গৈ নৌপাওঁতেই অমলে বাটতে চকু মুদিলে

 

২৮) তেজক পানী কৰ (অতি পৰীশ্ৰম কৰা): ৰমেনে তেজক পানী কৰি খেতিডৰা কৰিছিলহে, বানপানীয়ে মাৰী থৈ

 

২৯) পেট ভাটৌ (পেটত কথা ৰাখি থোৱা লোক): এই পেট ভাটৌটোৰ পৰা কখা উলিয়াব পাৰিম বুলি ভাবিছা নেকি ?

 

৩০) পানী কৰ (নষ্ট কৰা, সহজ কৰি বুজাই দিয়া): ()শিক্ষকজনে টান বুলি ভবা অংককেইটা পানী কৰি বুজাই দিলে

 

() অতিমাত্রা বৰষুণে লহপহকৈ বাঢি অহা খেতিডৰা পানী কৰি পেলালে

 

৩১) পানীৰ মিঠে (কাল্পনিক, মনেৰে সজা বা ভবা কথা): () তাইৰ কথাবোৰ যে পানীৰ মিথৈ, এই কথা মই পিছতহে গম পালোঁ

 

 () তাইৰ পানীৰ মিথৈহেন কথাবোৰ বিশ্বাস নকৰিবি

 

৩২) বুকুৰ তেজ (অতিকৈ আপোন): বুকুৰ তেজহেন নাতিয়েকটো যাবলৈ ওলালত বুঢীয়ে পাৰে মানে কান্দিলে

 

৩৩) মুখৰ ছাই গুচা (মৃতকৰ শ্ৰদ্ধাদি কৰি শুদ্ধি হোৱা): ৰাজনে বাপেকৰ মুখৰ ছাই গুচাই উঠিছিলহে, অকস্মাতে মাকো ঢুকালে

৩৪) মূৰ দোৱা (সেৱা কৰা): বিপদৰ সময়ত সহায় কৰাৰ বাবে আপোনাৰ ওচৰত কৃতজ্ঞতাৰে মূৰ দোৱাইছোঁ

 

৩৫) মূৰে ভৰি কাঢ় (বিপৰীতে কাৰ্য কৰা): ৰাঘৱৰ মূৰে ভৰি কঢ়া স্বভাবে তাৰ জীৱনলৈ বিপৰ্যয় আনিলে

 

৩৬) সোণৰ সোলেং (অতি মৰমৰ): সোণৰ সোলেংহেন নাতিয়েকটো যাবলৈ ওলালত আইতাকে পাৰে মানে কান্দিলে

 

৩৭) সাত ঘাটৰ চেঙেলি (বৰ টেঙৰ লোক): -বোৱাৰীজনী দেখাতহে সাদৰী, ভিতৰি সাত ঘাটৰ চেঙেলি

 

৩৮) হাত লৰ (চোৰ স্বভাৱৰ): ছোৱালীজনীৰ হাত লৰ স্বভাৱৰ বাবে কোনেও তাইক কামত নাৰাখে

 

৩৯) হাড় পেলা (মৃত্যু হোৱা): () বুঢ়াজনৰ কথা সুধিছা ? তেওঁৰ হাড় পোলোৱা আজি এবছৰেই

                      () বহুদিন অসুখত ভুগি থকা মহীৰামে অৱশেষত নিজৰ ভেটিতে হাড় পেলালে

 

৪০) সান্দহ খোৱা বালি তল যোৱা (পূবৰ সুবিধা নাইকিয়া হোৱা): নিৰ্বাচনত মন্ত্রীজন পৰাজিত হোৱাত তেওঁৰ লগত থকা মানুহবোৰৰ সান্দহ খোৱা বালি তল

 

৪১) বিনা মেঘে বজ্ৰপাত (আকস্মিকভাৱে হোৱা বিপদ): দেউতাকৰ আকস্মিক মৃত্যুৰ বাতৰিটো পাই জোনাকীৰ বিনা মেঘে বজ্ৰপাত পৰাৰ দৰে অৱস্থা

 

৪২) পেটে ভাতে খা (কোনো মতে জীৱন নিৰ্বাহ কৰা): একমাত্র উপাৰ্জনক্ষম ডাঙৰ ৰাটো ঢুকোৱাৰ পিছৰে পৰা ৰমলাহঁতৰ পৰিয়ালটোৱে পেটে ভাতে খাই দিন অতিবাহিত কৰিছে  

 

৪৩) চকুৰে সৰিয়হ ফুল দেখা (অতি মাৰ খোৱা, অতি বিপদত পৰা, কি কৰিম কি নকৰিম লগা): ৰাইজৰ মাৰত চোৰটোৱে চকুৰে সৰিয়হ ফুল দেখিলে

 

৪৪) পাবত গজা (মূল নোহোৱা): বৰ্তমান পাবত গজা নেতাৰে দেশখন ভৰি পৰিছে

 

৪৫) ৰৌটোকে ঢৌটো কৰা (সামান্য কথাকে ডাঙৰ কৰা): ৰমলাই সরু কথাটোকে ৰৌটোকে ঢৌটো কৰি কাজিয়াৰ সূত্রপাত ঘটালে

 

৪৬) কাণ কটা (নিলাজ): তোৰ দৰে কাণ কটা ৰা মই দেখা নাই দেই, মাৰ খাইয়ো স্বভাৱ সলনি নহ’ল

 

৪৭) কঁকাল দঙা (সাজু হোৱা): ঘৰখনে কঁকাল দাঙি উঠিবই নাপায়, আন এটা বিপদে আকৌ লগ দিয়েহি

 

৪৮) গা ঘেলাই ফুৰা (কাম-বন নকৰি ঘূৰি ফুৰা): জীৱনৰ ত্রিশটা বছৰ গা ঘেলাই ফুৰোঁতেই , অতি সোনকালে কিবা এটা নকৰিলে খাবি কি ?

 

৪৯) হাড়ক মাটি কৰা (কঠোৰ পৰিশ্ৰম কৰা): দেউতাৰে হাড়ক মাটি কৰি গঢ়ি যোৱা সম্পত্তিখিনি তই আলাসতে পাই ধবংস নকৰিবি

 

৫০) পেট কুলি (ভিতৰি টেঙৰ): বাহিৰে সৰল যেন লাগিলেও সৰলাজনী যে পেট কুলি ছোৱালী এই কথা মই পিছতহে গম পালোঁ

 

৫১) পানীৰ তলৰ কাইঁট (অজান শত্রু, গোপন শত্রু): দেখা শত্রুৰ পৰা ৰক্ষা পাব পাৰি, কিন্ত পানীৰ তলৰ কাঁইটৰ পৰা ৰক্ষা পোৱা টান

 

৫২) বাটে পোৱালি মেলা (উপাৰ্জনৰ পথ মুকলি হোৱা): ইমানখিনি পঢ়ি-শুনি অৱশেষত ৰমেনৰ চাকৰিটো হোৱাত তাৰ বাটে পোৱালি মেলিলে যেন পাইছোঁ

 

৫৩) অচিন কাঠৰ থোৰা (অচিনাকি মানুহ): অচিন কাঠৰ থোৰাৰ লগত সম্বন্ধ কৰাৰ ফল ৰমাকান্তই হাতে হাতে পালে

 

৫৪) আচঁলৰ ধন (অতি মৰমৰ): আচঁলৰ ধন বুলি মৰমৰ নাতিয়েকক লাই দি দি ককাকেই তাৰ স্বভাৱটো নষ্ট কৰিলে

 

৫৫) কাণ সৰালি মৰা (নুশুনাৰ ভাও ধৰা): তাই কথাবোৰ নাজানে বুলি ভাবিছা ? সকলো কথা তাই কাণ সৰালি মাৰি শুনিহে আছিল

 

৫৬) কুন্দত কটা (অতি ধুনীয়া): ছোৱালীজনী দেখাত বগা নহলেও গঢ়টো কুন্দত কটা

 

৫৭) জয়দেউ  কাকূতি (অতি অনুনয়-বিনয় কৰা): জয়দেউ কাকূতি কৰিও মহীৰামে টকাকেইটা মহাজনৰ পৰা উলিয়াব নোৱাৰিলে

 

৫৮) ঢোলৰ লগত টেমেকা (ডাঙৰ মানুহৰ লগত ফুৰা সামান্য লোক): () ঢোলৰ লগত টেমেকা হৈ আৰু কিমান দিন থাকিবি? নিজাকৈ কিবা এটা নকৰ কিয়?

() মন্ত্রীৰ পিছে পিছে ঢোলৰ লগত টেমেকা হৈ ঘূৰি ফুৰি সি অৱশেষত ফুটুকাৰ ফেন সোপাহে পালে

 

৫৯) ঢৌতে খৰ মাৰি (আহুকালৰ মাজতে আজৰি উলিয়াই কাম কৰা): কিমাননো আৰু ঘৰৰ কাম কৰা? ঢৌতে খৰটো মাৰি আমাৰ ফালে এপাক আহিবাচোন

 

৬১। পোহাৰি চুপতি (সামান্য কথা লৈ উত্তৰা-উত্তৰিৰা): হিমা পোহাৰি চুপতি ৰা স্বভাৱটো বাবেই সকলোৱে তাইক বেয়া পায় । 

 

৬২। বি দি বাট নোপোৱা (বহু মানুহ সমাগম হোৱা): শোভাযাত্রাত বি দি বাট নোপোৱা অৱস্থাই মানুহবোক অসুবিধাত পেলালে ।

 

৬৩। পেট মচা (নুমলীয়া) : পেট মচা বুলি সকলোৱে মম কৰোঁতে কৰোঁতে ৰিতু দিনক দিনে কথা নুশুনা হৈ আহিছে ।

 

৬৪।   হাড়ত বন গজা (বহুত দিনৰ আগতে মৃত্যু হোৱা): ৰমাকান্তৰ কথা সুধিছা? তেওঁৰ হাড়তো বন গজিল ।

 

৬৫। ভেকুলীৰ পিঠিত নোম গজা (অদ্ভুত কথা) : তাৰ সদায় ভেকুলীৰ পিঠিত নোম গজাহেন কথাবোৰ শুনি শুনি আমনি লাগিছে ।

 

৬৬। শঠা মিতিৰ (কপটীয়া বন্ধু): ৰমেনক বিশ্বাসত নল’বা, সি এটা শঠা মিতিৰ

 

৬৭। ধোঁৱা খুলীয়া (খৰচী): তাৰ ধোঁৱাখুলীয়া স্বভাৱে অতি সোনকালে তাৰ জীৱনলৈ বিপৰ্যয় নমাই আনিব ।

 

৬৮। কাঠ সংস্কাৰ কৰা (মৰা শ খৰি দিয়া): বুঢ়া মানুহজনক কাঠ সংস্কাৰ কৰা শেষ নৌহওঁতেই বৰষুণজাক আহিল ।

 

৬৯। আকাশত চাং পতা (অলীক কল্পনা): দুহেজাৰটকীয়া চাকৰিৰে দুমহলীয়া ঘৰ সাজিব বুলি ভবাটো তাৰ কাৰণে আকাশত চাং পতা কথাহে ।

 

৭০। আঁঠুৱা তলৰ মহ (অধীন লোক): কাম নকৰোঁ বুলি বৰকৈ ফট্‌ফটালে কি হ’ব, সি মহাজনৰ আঁঠুৱা তলৰ মহহে

 

৭১। উলুৰ লগত বগৰী পোৰা (অসৎ ব্যক্তিৰ লগতে সৎজনৰো অনিষ্ট হোৱা): ঐ ৰহিমৰ সংগ নল’বি, দিন বেয়া থাকিলে ভাল কাম কৰিও উলুৰ লগত বগৰী পোৰা যাবি ।

 

৭২। গাখীৰতে ম’হৰ খুটি (মহাসুখ): পৰীক্ষাত পাছ কৰিয়েই ঘৰৰ ওচৰতে চাকৰিটো পাই মহেনৰ গাখীৰতে ম’হৰ খুটি যেন হ’ল ।

 

৭৩। ডলাৰ বগৰী (একে ঠাইতে নথকা): সি ডলাৰ বগৰী হৈয়েই গোটেই জীৱনটো কটালে ।

 

৭৪। ম’হতকৈ শিং চৰা (চম্ভালিব বা সামৰিব নোৱাৰা): (ক) সি যিমান কৰে কথাবোৰ তাতকৈ এখোপ চৰা, যেন ম’হতকৈ শিং চৰাহে

(খ) ভায়েকে কামবোৰ নিয়াৰিকৈয়ে কৰিছিল, ককায়েকে আহি ম’হতকৈ শিং চৰা কৰি পেলালে ।

 

৭৫। ৰৈ বৈ যোৱা (অশেষ খাতি অৰ্জন কৰা): অজয়ৰ সুখ্যাতিত তাৰ নাম গোটেই অসমতে ৰৈ বৈ গ’ল

 

৭৬। হাতত সাৰে ভৰিত সাৰে (মনে মনে, গোপনে): অজয়ৰ সুখ্যাতিত তাৰ নাম গোটেই অসমতে ৰৈ বৈ গ’ল

 

৭৭। দিকচৌ বন (নজনা-নুশুনা ঠাই): সন্যাসীজন কেতিয়া গৈ কোন দিকচৌ বন পালেগৈ কোনেও গমকে নাপালে ।

 

৭৮। তিলটোকে তাল কৰা (সামান্য কথাকে ডাঙৰ কৰা): ৰঙিলী বায়ে সরু কথাটোকে তিলকে তালটো কৰি কাজিয়াৰ সৃষ্টি কৰিলে ।

 

৭৯। হাত টান (কৃপণ): মানুহজনৰ ইমানেই হাত টান যে পূজালৈ বুলি বিশ টকা চান্দাও দিব নোৱাৰিলে ।

 

৮০। অহুকাণে-পহুকাণে (ঘুনুক-ঘানাককৈ শুনা): অহুকাণে-পহুকাণে শুনা কথাক বিশ্বাস কৰিব নালেগে ।

 

৮১। থৰকাছুটি এৰ (ধৈৰ্যচ্যুতি এৰা): ল’ৰাজনৰ অতপালিত ঘৰৰ মানুহবোৰৰ থৰকাছুটি এৰিলে । 

 

৮২। কণাৰ লাখুটি (একমাত্র সহায়): সকলোকে হেরুৱাই বুঢ়ীয়ে কণাৰ লাখুটি হেন নাতিটোকে লৈয়েই জীয়াই আছে ।

 

৮৩। আলাসৰ লাডু (অতি মৰমৰ): চাৰিজনী ছোৱালীৰ পিছত ল’ৰাটি হোৱাত সকলোৱে তাক আলাসৰ লাডু যেন জ্ঞান কৰে

 

৮৪। উলহৰ মাদলি (আনন্দত আত্মহাৰা হোৱা): বহুত বছৰৰ পিছত পুৰণি বন্ধুক লগ পাই দুয়োজনেই উলহৰ মাদলি হৈ পৰিল ।

 

৮৫। একাদশত বৃহস্পতি (সৌভাগ্য উপস্থিত হোৱা): এফালে চৰকাৰী চাকৰি আনফালে ব্যৱসায়ত উন্নতি হৈ ৰমেনৰ একাদশত বৃহস্পতি যুগ চলিছে যেন পাওঁ ।

 

৮৬। বাগি কুঠাৰ মৰা (ছলনা কৰা): হলা গছ দেখিলে সকলোৱে বাগি কুঠাৰ মাৰে

 

৮৭। ছিলিম ছিগ (উপায় নাইকিয়া হোৱা): একমাত্র উপাৰ্জনক্ষম পুত্রৰ মৃত্যুত ঘৰখনৰ জীয়াই থকাৰে ছিলিম ছিগিল ।

 

৮৮। আভুৱা ভাৰ (ঠগা): তাৰ আভুৱা ভৰা কথাৰ আৰু মই পতীয়ন নাযাওঁ ।  

 

৮৯। গহৰা গজা (ওপৰতে হোৱা): বৰ্তমান সমাজত গৰহা গজা নেতাৰ অভাৱ নাই ।

 

৯০। হিয়াৰ আমঠু (অতি মৰমৰ): হিয়াৰ আমঠুহেন নাতিয়েকটো যাবলৈ ওলালত আইতাকে পাৰে মানে কান্দিলে ।

 


ভগৱানে সকলোকে সকলোকে পঢ়াৰ দিশত আগুৱাই নিয়ে যেন ।