“প্রকৃতি”

প্রকৃতি”


-     -হিরকজ্যোতি বরা



প্রকৃতিৰ ৰুদ্র তাণ্ডৱ

গছকতে ভাঙিছে

ঘৰ-দুৱাৰ ৷

আচৰিত লাগিছিল দেখি

সেই প্রকৃতিৰ

মোহময়ী ৰূপ ।

কিন্তু, হঠাৎ এইয়া কি !

নামি আহিল

ধাৰাসাৰে বৰষুণৰ টোপাল ....,

উটাই-বোৱাই নিলে

মানুহৰ ঘৰ-দুৱাৰ

আৰু বহুতো ......।

দেখা নাই কেতিয়াও

সেই তাণ্ডৱ

মোহময়ী প্রকৃতিৰ ।

মাথো মই দেখিছো

সেই প্রকৃতির

এক অকল্পিত ৰূপ ।

 

 

হঠাৎ আকৌ ৰুদ্র তাণ্ডৱ ধৰা প্রকৃতি

যেন শান্ত হৈছে,

অশান্ত নৈত যেন....

আগমন হৈছে এক নতুন প্রবাহৰ

দেখি আচরিত লগা সেই প্রকৃতির

উদ্ভৱ হৈছে এক

প্রস্ফুতিত নৱ-সূৰুযৰ

নব্য সুঁতির দিশে ।

 

এইয়েই যে প্রকৃতির

ৰুদ্র-শান্ত ৰূপ,

অবুজ-বুজ আমার সেই

প্রকৃতির বাস্তৱ-সপোন স্বৰূপ ।