1 Mark Questions:
১। ভাৰতৰ প্রথমগৰাকী প্রধানমন্ত্রী কোন আছিল ?
ৰাজ্য পুনৰ গঠন আয়োগ ১৯৫৩ চনত তৈয়াৰ কৰা হৈছিল । ৰাজ্য পুনৰ গঠন আয়োগৰ অতি গুরুত্বপূর্ণ পৰামর্শটো আছিল- ভাষাৰ ভিত্তিত ভাৰতীয় ৰাজ্যসমূহক পুনৰ গঠন কৰা । এই পৰামর্শ অনুসৰি, ১৯৫৬ চনত ১৪ খন ৰাজ্য আরু ৬ খন কেন্দ্রীয় শাসিত অঞ্চলৰ সৃষ্টি হৈছিল ।
Notice: Below questions are just uploaded, & cheking.....finding any mistakes inform us....
৪ বা ৬ নম্বরর প্রশ্ন উত্তরঃ
Updating...........
১। ভাৰতৰ প্রথমগৰাকী প্রধানমন্ত্রী কোন আছিল ?
উত্তরঃ ভাৰতৰ
প্রথমগৰাকী প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহরু আছিল ।
২। স্বাধীন ভাৰতে
কিমান ধৰণৰ প্রতাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল ?
উত্তরঃ স্বাধীন
ভাৰতে তিনি ধৰণৰ প্রতাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল ।
৩।১৯৪৭ চনৰ ১৪-১৫
আগষ্টত দুখন ৰাষ্ট্রৰ জন্ম হৈছিল- এখন ভাৰত, আনখন কি আছিল ?
উত্তরঃ ১৯৪৭ চনৰ
১৪-১৫ আগষ্টত দুখন ৰাষ্ট্রৰ জন্ম হৈছিল- এখন ভাৰত, আনখন পাকিস্তান আছিল ।
৪।দেশ বিভাজনৰ
সময়ত বিভিন্ন সাম্প্রদায়িক মণ্ডলত বিভাজিত হৈ পৰা দুখন মহানগৰৰ নাম লিখা ।
উত্তরঃ দেশ
বিভাজনৰ সময়ত বিভিন্ন সাম্প্রদায়িক মণ্ডলত বিভাজিত হৈ পৰা দুখন মহানগৰৰ নাম হ’ল-
কলিকতা আরু লাহোৰ ।
৫।ৰাজকীয় ৰাষ্ট্র
কি ?
উত্তরঃ ৰাজকীয় ৰাষ্ট্র
হ’ল ৰজাৰ দ্বাৰা পৰিচালিত আরু শাসনাধীন ৰাজ্য ।
৬।চৰ্দাৰ
বল্লভভাই পেটেল কোন আছিল ?
উত্তরঃ চৰ্দাৰ
বল্লভভাই পেটেল স্বাধীন ভাৰতৰ প্রথমজন উপপ্রধানমন্ত্রী আরু গৃহমন্ত্রী আছিল ।
৭।স্বাধীনতাৰ
সময়ত মণিপুৰৰ মহাৰজা কোন আছিল ?
উত্তরঃ স্বাধীনতাৰ
সময়ত মণিপুৰৰ মহাৰজা আছিল বোধচন্দ্র ।
৮।কোন বছৰত নাগপুৰৰ
অধিৱেশন বহিছিল ?
উত্তরঃ ১৯২০ চনত
নাগপুৰৰ অধিৱেশন বহিছিল ।
৯।দেশ বিভাজনৰ
দ্বাৰা কোন দুখন ৰাজ্য ক্ষতিগ্রস্ত হৈছিল ?
উত্তরঃ দেশ
বিভাজনৰ দ্বাৰা পঞ্জাৱ আরু কাশ্মীৰ, এই দুখন ৰাজ্য ক্ষতিগ্রস্ত হৈছিল ।
১০। শুদ্ধ নে
অশুদ্ধ লিখা ।
(ক)ব্যাপকভাৱে
স্বাধীন ভাৰতে তিনি ধৰণৰ প্রত্যাহ্বানৰ সন্মুখীন হৈছিল ।
উত্তরঃ শুদ্ধ ।
(খ) ১৯৪৭ চনত বছৰটো
আছিল ব্যপক, অতি আকস্মিক অপৰিকল্পিত আরু শোকৱহ ঘটনাৱলীৰ বছৰ ।
উত্তরঃ শুদ্ধ ।
(গ)ৰাষ্ট্র গঠনৰ
প্রক্রিয়াটো পাকিস্তানৰ সৃষ্টি আরু ৰাজকীয় ৰাজ্যসমূহৰ একত্রকৰণেৰে ইতি পৰিছিল ।
উত্তরঃ অশুদ্ধ ।
(ঘ) ‘ষ্ট্রাগল ফৰ
ছার্ভাইভেল’ (অস্তিত্বৰ সংগ্রাম) প্রকাশিত হৈছিল (১৯৫১/১৯৫৩/১৯৫৫) চনত ।
উত্তরঃ ১৯৫২ চনত
।
১১। ভাৰতে কেতিয়া
স্বাধীনতা লাভ কৰিছিল ?
উত্তরঃ ভাৰতে
১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰিছিল ।
১২। ব্রিটিছ
মহাসাম্রাজ্য বুলিলে বুজা ?
উত্তরঃ ব্রিটিছ
মহাসাম্রাজ্য বুলিলে গ্রেট ব্রিটেইনৰ ৰাণী আরু তেওঁৰ বৃহৎ সাম্রাজ্যখনক বুজা যায় ।
১৩। ‘দ্বিৰাষ্ট্র
সূত্র’ৰ ধাৰণাটো উল্লেখ কৰা ।
উত্তরঃ ‘দ্বিৰাষ্ট্র
সূত্র’ বুলিলে বৃটিছ শাসিত ভাৰতবর্ষক হিন্দু আরু মুছলমান ধর্মৰ ভিত্তিত ভাৰত আরু
পাকিস্তান নামৰ দুখন ৰাষ্ট্র হিচাপে স্বাধীনতা প্রদান কৰা নীতি বা ধাৰণাটোক সূচায়
বা বুজা যায় ।
১৪। পণ্ডিত নেহরুৰ
লক্ষ্য কি আছিল ?
উত্তরঃ পণ্ডিত
নেহরুৰ লক্ষ্য আছিল এক শান্তিপূর্ণ ভাৰতবর্ষৰ প্রতিষ্ঠা কৰা/সৃষ্টি কৰা । লগতে তেওঁ সর্বভাৰতীয় লোকসকলৰ মাজত
ঐক্যসংহতি বজাই ৰখা আরু সংখ্যালঘুসকলক নিৰাপত্তা প্রদান কৰা দিশতো মনোনিবেশ কৰিছিল
।
১৫। ভাৰতীয়
সংবিধানখন কেতিয়া বলবৎ কৰা হৈছিল ?
উত্তরঃ ভাৰতীয়
সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে বলবৎ কৰা হৈছিল ।
১৬। হায়দৰাবাদৰ
জনসাধাৰণে নিজামৰ শাসনৰ বিৰোধিতা কিয় কৰিছিল ?
উত্তরঃ হায়দৰাবাদৰ
জনসাধাৰণে নিজামৰ শাসনৰ বিৰোধিতা কৰিছিল কাৰণ হায়দৰাবাদৰ নিজামে সাধাৰণ জনসাধাৰণ,
অনামুছলমানসকল আরু কৃষকসকলক শোষণ, অত্যাচাৰ আরু উৎপীড়ন কৰিছিল ।
১৭। নিজামৰ
অত্যাচাৰী শাসনৰ বলি কোন হৈছিল ?
উত্তরঃ নিজামৰ
অত্যাচাৰী শাসনৰ বলি হৈছিল- হায়দৰাবাদৰ অনামুছলমান আরু কৃষকসকল ।
১৮। সার্বজনীন
প্রাপ্ত বয়স্ক ভোটাধিকাৰৰ ভিত্তিত কোনখন ৰাজকীয় ৰাজ্যই কিছুমান সমস্যাৰ সৃষ্টি কৰিছিল
?
উত্তরঃ সার্বজনীন
প্রাপ্ত বয়স্ক ভোটাধিকাৰৰ ভিত্তিত মণিপুৰ ৰাজকীয় ৰাজ্যই কিছুমান সমস্যাৰ সৃষ্টি কৰিছিল
।
১৯। ভাৰত অংগৰাজ্য
হোৱাৰ ক্ষেত্রত কোনকেইখন ৰাজকীয় ৰাজ্যই কিছুমান সমস্যাৰ সৃষ্টি কৰিছিল?
উত্তরঃ ভাৰত অংগৰাজ্য
হোৱাৰ ক্ষেত্রত জুনাগড়, মণিপুৰ, হায়দৰাবাদ আরু কাশ্মীৰ ৰাজ্যই কিছুমান সমস্যাৰ
সৃষ্টি কৰিছিল ।
২০। ‘চামিলকৰণৰ
দলিল’ চুক্তিখনৰ মূল বিধানসমূহ কি আছিল?
উত্তরঃ ‘চামিলকৰণৰ
দলিল’ চুক্তিখনৰ মূল বিধানসমূহ আছিল- ভাৰতবর্ষৰ অন্তর্গত বিভিন্ন অঞ্চলসমূহৰ
শাসকসকলৰ সৈতে দেশীয় শাসকসকলৰ চহী কৰি সেইঅঞ্চলসমূহ ভাৰতীয় সংঘৰ লগত চামিলকৰণ কৰা ।
২১। কোন তাৰিখে জম্মু আরু
কাশ্মীৰৰ মহাৰজাই ভাৰতত চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল ?
উত্তরঃ ১৯৪৭ চনৰ ২৬
অক্টোবৰত জম্মু-কাশ্মীৰৰ মহাৰজাই ভাৰতত চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল ।
২২। খালী ঠাই পূৰণ করাঃ
(ক) ১৯৭২ চনত মেঘালয়ক
______ ৰ পৰা পৃথক কৰা হৈছিল ।
উত্তরঃ ১৯৭২ চনত মেঘালয়ক
অসমৰ পৰা পৃথক কৰা হৈছিল ।
(খ) পণ্ডিত নেহরুৱে কোনো
_______ সৃষ্টি কৰিব পৰা নাছিল, যাৰ মাজত তেওঁ ভাৰতৰ জনসাধাৰণক একত্রিত কৰিব পাৰিছিল
।
উত্তরঃ পণ্ডিত নেহরুৱে
কোনো আদর্শ সৃষ্টি কৰিব পৰা নাছিল, যাৰ মাজত তেওঁ ভাৰতৰ জনসাধাৰণক একত্রিত কৰিব পাৰিছিল
।
2 Marks Questions:
২৩। ভাৰতৰ প্রথম
প্রধানমন্ত্রী কোন আছিল?
উত্তরঃ ভাৰতৰ প্রথম প্রধানমন্ত্রী আছিল- পণ্ডিত জৱাহৰলাল নেহরু আছিল ।
২৪। ১৯৪৭ চনৰ ১৪-১৫
আগষ্টত, দুখন জাতি ৰাষ্ট্রৰ জন্ম হৈছিল- এখন ভাৰত, আনখন কি?
উত্তরঃ ১৯৪৭ চনৰ ১৪-১৫ আগষ্টত, দুখন জাতি ৰাষ্ট্রৰ জন্ম হৈছিল- এখন ভাৰত, আনখন হ'ল- পাকিস্তান ।
২৫। বিভাজনৰ সময়ত
সাম্প্রদায়িক অঞ্চলত পৰিণত হোৱা নগৰ দুখনৰ নাম লিখা ।
উত্তরঃ বিভাজনৰ সময়ত সাম্প্রদায়িক অঞ্চলত পৰিণত হোৱা নগৰ দুখন হ'ল- কলিকতা আরু লাহোৰ ।
২৬। ৰাজ-শাসিত ৰাজ্য কি?
উত্তরঃ ৰাজ-শাসিত ৰাজ্য হ’ল ৰজাৰ দ্বাৰা পৰিচালিত আরু শাসনাধীন ৰাজ্য ।
২৭। চৰ্দাৰ বল্লভভাই
পেটেল কোন আছিল?
উত্তরঃ চৰ্দাৰ বল্লভভাই পেটেল স্বাধীন ভাৰতৰ প্রথমজন উপপ্রধানমন্ত্রী আরু গৃহমন্ত্রী আছিল ।
২৮। স্বাধীনতাৰ সময়ত
মণিপুৰৰ মহাৰজা কোন আছিল?
উত্তরঃ স্বাধীনতাৰ সময়ত মণিপুৰৰ মহাৰজা বোধচন্দ্র আছিল ।
২৯। নাগপুৰ অধিবেশন কোন
চনত অনুষ্ঠিত হৈছিল?
উত্তরঃ নাগপুৰ অধিবেশন ১৯২০ চনত চনত অনুষ্ঠিত হৈছিল ।
৩০। বিভাজনৰ ফলত
ক্ষতিগ্রস্ত হোৱা দুখন ৰাজ্যৰ নাম লিখা ।
উত্তরঃ বিভাজনৰ ফলত ক্ষতিগ্রস্ত হোৱা দুখন ৰাজ্যৰ নাম হ'ল- পঞ্জাৱ আরু কাশ্মীৰ ।
৩১। ভাৰত বৃটিছ শাসনৰ পৰা
কেতিয়া মুক্ত হৈছিল ?
উত্তরঃ ভাৰত বৃটিছ শাসনৰ পৰা ১৯৪৭ চনৰ ১৫ আগষ্টত মুক্ত হৈছিল ।
৩২। বৃটিছ শাসনৰ
সৰ্বোচ্চ কৰ্তৃত্ব মানে কি বুজা?
উত্তরঃ বৃটিছ শাসনৰ সৰ্বোচ্চ কৰ্তৃত্ব মানে গ্রেট ব্রিটেইনৰ ৰাণী আরু তেওঁৰ বৃহৎ সাম্রাজ্যখনক বুজা যায় ।
৩৩। ভাৰতীয় সংবিধান
কেতিয়া বলৱৎ কৰা হয়?
উত্তরঃ ভাৰতীয় সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে বলৱৎ কৰা হয় ।
৩৪। হায়দৰাবাদৰ জনসাধাৰণে
নিজামৰ শাসনৰ কিয় বিৰোধিতা কৰিছিল?
উত্তরঃ হায়দৰাবাদৰ জনসাধাৰণে নিজামৰ শাসনৰ বিৰোধিতা কৰিছিল কাৰণ হায়দৰাবাদৰ নিজামে সাধাৰণ জনসাধাৰণ, অনামুছলমানসকল আরু কৃষকসকলক শোষণ, অত্যাচাৰ আরু উৎপীড়ন কৰিছিল ।
৩৫। সাৰ্বজনীন
প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচনত অনুষ্ঠিত কৰা প্রথমখন ৰাজ শাসিত ৰাজ্য
কি আছিল?
উত্তরঃ সাৰ্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচনত অনুষ্ঠিত কৰা প্রথমখন ৰাজ শাসিত ৰাজ্য আছিল- মণিপুৰ ৷
৩৬। কোন কেইখন ৰাজ শাসিত
ৰাজ্যই ভাৰতৰ অংশ হওঁতে কিছু সমস্যাৰ সৃষ্টি কৰিছিল?
উত্তরঃ ভাৰতৰ অংশ হোৱাৰ ক্ষেত্রত জুনাগড়, মণিপুৰ, হায়দৰাবাদ আরু কাশ্মীৰ ৰাজ্যই কিছুমান সমস্যাৰ সৃষ্টি কৰিছিল ।2 Marks Questions:
১। ভাৰতে গ্রহণ কৰিবলগীয়া প্রথমটো প্রত্যাহ্বান
উল্লেখ কৰা ।
উত্তরঃ ভাৰতে গ্রহণ কৰিবলগীয়া প্রথমটো
প্রত্যাহ্বান আছিল- জাতি গঠন বা নির্মাণ প্রক্রিয়া । কাৰণ, ভাৰত এখন বিশাল দেশ যত
বিভিন্ন ভাষা-সংস্কৃতি আরু জাতিৰ লোক আছে ।
২। ‘আমাৰ
মুছলমান সংখ্যালঘু আছে, যিসকল সংখ্যাত ইমান বেছি যে ইচ্ছা কৰিলেও তেওঁলোকে যাওঁ
বুলিলেও অন্য কোনো ঠাইলৈ যাব নোৱাৰে ।’- কোনে আরু কেতিয়া কৈছিল ?
উত্তরঃ উক্ত
কথাষাৰ জৱাহৰলাল নেহেরুৱে ১৯৪৭ চনৰ ১৫ অক্টোবৰ তাৰিখে কৈছিল ।
৩। স্বাধীনতাৰ
পূর্বে মুছলিম লীগে দ্বি-ৰাষ্ট্রৰ সূত্র আগবঢ়াইছিল । এই সূত্রত অন্তর্ভুক্ত ৰাষ্ট্রদুখন
কি কি ?
উত্তরঃ
স্বাধীনতাৰ পূর্বে মুছলিম লীগে দ্বি-ৰাষ্ট্রৰ সূত্র আগবঢ়াইছিল । এই সূত্রত
অন্তর্ভুক্ত ৰাষ্ট্রদুখন আছিল- ভাৰত আরু পাকিস্তান ।
৪। কেতিয়া
মহাত্মা গান্ধীক হত্যা কৰা হৈছিল আরু কোনে কৰিছিল ?
উত্তরঃ ১৯৪৮ চনত
মহাত্মা গান্ধীক হত্যা কৰা হৈছিল আরু এই হত্যা নাথুৰাম গডছে কৰিছিল ।
৫। ব্রিটিছ ভাৰতক
দুটা অঞ্চলত ভাগ কৰা হৈছিল, সেই অঞ্চল দুটা কি কি আছিল ?
উত্তরঃ ব্রিটিছ
ভাৰতক দুটা অঞ্চলত ভাগ কৰা হৈছিল, সেই অঞ্চল দুটা আছিল- (ক) ব্রিটিছ ভাৰতৰ প্রদেশ
আরু (খ) দেশীয় ৰাজ্য ।
৬। ‘নিজাম’ৰ
অর্থ কি ?
উত্তরঃ ব্রিটিছ
শাসিত ভাৰতবর্ষত হায়দৰাবাদৰ শাসকজনক ‘নিজাম’ বুলি জনা গৈছিল ।
৭। কোন চনত আরু
কোনটো মাহত ভাৰতৰ প্রথম সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল ?
উত্তরঃ ১৯৫২ চনৰ
জুন মাহত ভাৰতৰ প্রথম সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল ।
৮। দেশ বিভাজনৰ
দ্বাৰা ক্ষতিগ্রস্ত হোৱা ৰাজ্য দুখনৰ নাম লিখা ।
উত্তরঃ দেশ
বিভাজনৰ দ্বাৰা ক্ষতিগ্রস্ত হোৱা ৰাজ্য দুখনৰ নাম হ’ল- জম্মু কাশ্মীৰ আরু পাঞ্জাৱ ।
৯। এসময়ত
কেন্দ্রীয় শাসিত অঞ্চল হৈ থকা বর্তমানৰ দুখন ৰাজ্যৰ নাম লিখা ।
উত্তরঃ এসময়ত
কেন্দ্রীয় শাসিত অঞ্চল হৈ থকা বর্তমানৰ দুখন ৰাজ্যৰ নাম হ’ল- (ক) গোৱা আরু (খ)
চিকিম ।
১০। ৰাজ্য পুনৰ
গঠন আইন কেতিয়া গৃহীত গৈছিল ? এই আইনৰ অধীনত গঠন হোৱা যিকোনো এখন ৰাজ্যৰ নাম লিখা
।
উত্তরঃ ৰাজ্য
পুনৰ গঠন আইন ১৯৫৬ চনত গৃহীত গৈছিল । এই আইনৰ অধীনত গঠন হোৱা এখন ৰাজ্যৰ নাম হ’ল-
অন্ধ্রপ্রদেশ ।
১১।
স্বাধীন ভাৰতে সন্মুখীন হোৱা প্রত্যাহ্বান তিনিটা কি কি আছিল ?
উত্তরঃ
স্বাধীন ভাৰতে সন্মুখীন হোৱা প্রত্যাহ্বান তিনিটা আছিলঃ
(ক)গণতন্ত্র
প্রতিষ্ঠা কৰাৰ প্রত্যাহ্বান
(খ)দেশৰ
ঐক্য আরু সংহতি স্থাপন তথা সার্বভৌমত্ব ৰক্ষা কৰা ক্ষেত্রত আরু
(গ)
সমগ্র ভাৰতীয় লোকৰ বিকাশ আরু মংগল সুনিশ্চিতকৰণ কৰাৰ দিশত ।
১২।
‘দ্বিৰাষ্ট্র সূত্র’ৰ তাৎক্ষণিক ফল কি আছিল ?
উত্তরঃ
‘দ্বিৰাষ্ট্র সূত্র’ৰ তাৎক্ষণিক ফল আছিলঃ
(ক)
ভাৰত আরু পাকিস্তান নামৰ দুখন ৰাষ্ট্রৰ সৃষ্টি হৈছিল ।
(খ)
ভাৰত আরু পাকিস্তান দুয়ুখন দেশতে সাম্প্রদায়িক সংঘর্ষ সৃষ্টি হৈছিল ।
১৩।
ব্রিটিছ গভর্নৰ জেনেৰেল মাউন্টবেটেনে ১৯৪৭ চনৰ ৩ জুনত কি ঘোষণা কৰিছিল ?
অথবাঃ
ব্রিটিছ গভর্নৰ জেনেৰেল মাউন্টবেটেনে ১৯৪৭ চনৰ ৩ জুনত ঘোষণা কৰা আঁচনিখনত থকা মূল
বিষয়বস্তুসমূহ কি কি আছিল ? (৪ বা ৬ নম্বর প্রশ্ন)
উত্তরঃ
ব্রিটিছ গভর্নৰ জেনেৰেল মাউন্টবেটেনে ১৯৪৭ চনৰ ৩ জুনত ঘোষণা কৰা আঁচনিখনত থকা মূল
বিষয়বস্তুসমূহ আছিল এনেধৰণরঃ
(ক)
ভাৰতক দ্বিখণ্ডিত কৰি ভাৰত আরু পাকিস্তান নামেৰে দুখন ৰাষ্ট্র গঠন কৰা হ’ব ।
(খ)
বংগ আরু পঞ্জাৱৰ কি কি অংশ পাকিস্তানৰ সৈতে চামিল হ’ব সেইটো নির্ধাৰণ কৰিবলৈ এখন
সীমা নির্ধাৰণ আয়োগ নিয়োগ কৰা হ’ব ।
(গ)
এই সিদ্ধান্ত অসমৰ ছিলেট
আরু উত্তৰ-পশ্চিম সীমান্ত প্রদেশত কার্যকৰী কৰিবলৈ গণভোটৰ ব্যৱস্থা কৰা হ’ব ।
(ঘ)
সিন্ধু প্রদেশত বিধানসভাৰ দ্বাৰা এই সিদ্ধান্ত গ্রহণ কৰা হ’ব ।
(ঙ)
দেশীয় ৰাজ্যবোৰে নিজ ইচ্ছামতে ভাৰত বা পাকিস্তানত যোগদান অথবা স্বাধীনভাৱে থাকিব
পাৰিব ।
১৪।
জম্মু আরু কাশ্মীৰক বিশেষ মৰ্যদা প্রদান কৰা যিকোনো দুটা ব্যৱস্থাৰ উল্লেখ কৰা ।
উত্তরঃ
জম্মু আরু কাশ্মীৰক বিশেষ মৰ্যদা প্রদান কৰা যিকোনো দুটা ব্যৱস্থা হ’লঃ
(ক)
ভাৰতৰ সংবিধানৰ ৩৬৯ নং অনুচ্ছেদ অনুসৰি জম্মু-কাশ্মীৰক সুকীয়া সংবিধান প্রদান কৰা ।
(খ)
ভাৰতৰ সংবিধান ৩৭০ নং অনুচ্ছেদ অনুসৰি জম্মু-কাশ্মীৰক সুকীয়া শাসন ব্যৱস্থাৰ
স্বীকৃতি দিয়া ।
১৬।
ৰাজ্য পুনৰ গঠন আইনৰ অধীনত কিমানখন ৰাজ্য আরু কেন্দ্রীয় শাসিত অঞ্চল গঠন কৰা হৈছিল
?
উত্তরঃ
ৰাজ্য পুনৰ গঠন আইনৰ অধীনত ১৪ খন ৰাজ্য আরু ৬ খন কেন্দ্রীয় শাসিত অঞ্চল গঠন কৰা
হৈছিল ।
১৭।
জাতীয় আন্দোলনৰ নেতৃবৃন্দই কিয় ধর্মনিৰপেক্ষ ৰাষ্ট্রৰ ধাৰণা পোষণ কৰিছিল ? কাৰণ
দর্শোৱা ৷
উত্তরঃ
জাতীয় আন্দোলনৰ নেতৃবৃন্দই ধর্মনিৰপেক্ষ ৰাষ্ট্রৰ ধাৰণা পোষণ কৰিছিল । কাৰণ,
(ক)
প্রথমে, ভাৰতবর্ষ হ’ল বহু জাতি, ধর্ম, বর্ণ, আদিৰে পৰিপূর্ণ এখন দেশ ।
(খ)
দ্বিতীয়তে, ভাৰতবর্ষ স্বাধীনতা লাভ কৰাৰ বাবে সকলো ধর্মৰ লোকৰ সমর্থন আরু সঁহাৰিৰ
নিতান্ত প্রয়োজন আছিল ।
১৮।
ৰাজ্য পুনৰ গঠন আয়োগ কিমান চনত তৈয়াৰ কৰা হৈছিল ? ৰাজ্য পুনৰ গঠন আয়োগৰ অতি
গুরুত্বপূর্ণ পৰামর্শটো কি আছিল ?
উত্তরঃ
ৰাজ্য পুনৰ গঠন আয়োগ ১৯৫৩ চনত তৈয়াৰ কৰা হৈছিল । ৰাজ্য পুনৰ গঠন আয়োগৰ অতি
গুরুত্বপূর্ণ পৰামর্শটো আছিল- ভাষাৰ ভিত্তিত ভাৰতীয় ৰাজ্যসমূহক পুনৰ গঠন কৰা । এই পৰামর্শ অনুসৰি, ১৯৫৬ চনত ১৪ খন ৰাজ্য
আরু ৬ খন কেন্দ্রীয় শাসিত অঞ্চলৰ সৃষ্টি হৈছিল ।
১৯।
দেশ বিভাজনৰ সন্দর্ভত তলত দিয়া ভাষ্যবোৰৰ কোনটো অশুদ্ধ ।
(ক) ভাৰত বিভাজন ‘দ্বিৰাষ্ট্র সূত্র’ৰ
ফল ।
(খ) ধর্মৰ ভিত্তিত বিভাজন কৰা প্রদেশ
দুখন আছিল পঞ্জাৱ
আরু বংগ ।
(গ)
পূব পাকিস্তান আরু পশ্চিম লগালগিকৈ নাছিল ।
(ঘ)
দেশ বিভাজনৰ আঁচনিয়ে সীমান্তৰ দুয়োফাললৈ জনসংখ্যা হস্তান্তকৰণৰ এক পৰিকল্পনা সামৰি
লৈছিল ।
উত্তরঃ
(ঘ) দেশ বিভাজনৰ আঁচনিয়ে সীমান্তৰ দুয়োফাললৈ জনসংখ্যা হস্তান্তকৰণৰ এক পৰিকল্পনা
সামৰি লৈছিল ।
২০। দেশ বিভাজনর সন্দর্ভত তলত দিয়া ভাষ্যবোরর কোনটো অশুদ্ধ ।
(ক) ভাৰত বিভাজন 'দ্বি-ৰাষ্ট্র সূত্র'ৰ ফল ।
(খ) ধর্মৰ ভিত্তিত বিভাজন কৰা প্রদেশ দুখন আছিল পঞ্জাব আরু বংগ ।
(গ) পূব পাকিস্তান আরু পশ্চিম লগালগিকৈ নাছিল ।
(ঘ) দেশ বিভাজনৰ আঁচনিয়ে সীমান্তৰ
দুয়ো ফাললৈ জনসংখ্যা হস্তান্তৰণৰ এক পৰিকল্পনা সামৰি লৈছিল ।
উত্তরঃ (ঘ) দেশ বিভাজনৰ আঁচনিয়ে
সীমান্তৰ দুয়ো ফাললৈ জনসংখ্যা হস্তান্তৰণৰ এক পৰিকল্পনা সামৰি লৈছিল ।
২১। শ্বিলং কোন
ৰাজ্যৰ ৰাজধানী আছিল? সেই ৰাজ্যখনৰ পৰা ইয়াক কেতিয়া আতঁৰাই নিয়া হয়?
উত্তরঃ শ্বিলং অসম ৰাজ্যৰ ৰাজধানী আছিল । সেই ৰাজ্যখনৰ পৰা ইয়াক ১৯৭২
চনত আতঁৰাই নিয়া হয় ।
২২। ভাৰতে
সম্মুহীন হোৱা প্রথম প্রত্যাহ্বানটো উল্লেখ কৰা ।
উত্তরঃ ভাৰতে সম্মুহীন হোৱা প্রথমটো প্রত্যাহ্বান আছিল-
জাতি গঠন বা নির্মাণ প্রক্রিয়া । কাৰণ, ভাৰত এখন বিশাল দেশ যত বিভিন্ন
ভাষা-সংস্কৃতি আরু জাতিৰ লোক আছে ।
২৩। আমাৰ এনে এক
বৃহৎ সংখ্যক মুছল্মান সংখ্যালঘু আছে যে তেওঁলোকে বিচাৰিলেও আন কলৈকো যাব নোৱাৰে-
কথাষাৰ কোনে আরু কেতিয়া কৈছিল?
উত্তরঃ উক্ত কথাষাৰ জৱাহৰলাল নেহেরুৱে ১৯৪৮ চনৰ ১৫ অক্টোবৰ তাৰিখে
কৈছিল ।
২৪। মহাত্মা
গান্ধীক কোনে আরু কেতিয়া হত্যা কৰিছিল?
উত্তরঃ মহাত্মা গান্ধীক নাথুৰাম গডছে(Nathuram Vinayak Godse) ১৯৪৮ চনত হত্যা কৰা হৈছিল ।
২৬। এনে দুখন
ৰাজ্যৰ নাম লিখা যি এসময়ত কেন্দ্রীয় শাসিত অঞ্চল আছিল?
উত্তরঃ এসময়ত কেন্দ্রীয় শাসিত অঞ্চল হৈ থকা বর্তমানৰ দুখন ৰাজ্যৰ নাম হ’ল- (ক) গোৱা আরু (খ) চিকিম ।
২৭। ৰাজ্য পুনৰ
গঠন আইনখন কেতিয়া গৃহীত হৈছিল ? এই আইনৰ অধীনত সৃষ্টি কৰা যিকোনো এখন ৰাজ্যৰ নাম
লিখা ।
উত্তরঃ ৰাজ্য পুনৰ গঠন আইনখন ১৯৫৬ চনত গৃহীত
হৈছিল । এই আইনৰ অধীনত গঠন হোৱা এখন ৰাজ্যৰ নাম হ’ল- অন্ধ্রপ্রদেশ ।
২৮। ‘দ্বি-জাতি
তত্ব’ৰ তাৎক্ষণিক পৰিণতি কি আছিল?
উত্তরঃ ‘দ্বি-জাতি তত্ব’ৰ তাৎক্ষণিক পৰিণতি আছিল এনেধৰণৰঃ
(ক) ভাৰত আরু পাকিস্তান নামৰ দুখন ৰাষ্ট্রৰ সৃষ্টি হৈছিল ।
(খ) ভাৰত আরু পাকিস্তান দুয়ুখন দেশতে সাম্প্রদায়িক সংঘর্ষ সৃষ্টি হৈছিল ।
২৯। ১৯৪৭ চনৰ ৩
জুন তাৰিখে বৃটিছ গৱৰ্ণৰ জেনেৰাল মাউণ্টবেটেনে কি ঘোষণা কৰিছিল?
উত্তরঃ ব্রিটিছ গভর্নৰ জেনেৰেল মাউন্টবেটেনে ১৯৪৭ চনৰ ৩ জুনত ঘোষণা
কৰা আঁচনিখনত থকা মূল বিষয়বস্তুসমূহ আছিল এনেধৰণরঃ
(ক) ভাৰতক দ্বিখণ্ডিত কৰি ভাৰত আরু পাকিস্তান নামেৰে দুখন ৰাষ্ট্র গঠন কৰা হ’ব ।
(খ) বংগ আরু পঞ্জাৱৰ কি কি অংশ পাকিস্তানৰ সৈতে চামিল হ’ব সেইটো নির্ধাৰণ কৰিবলৈ এখন সীমা নির্ধাৰণ আয়োগ নিয়োগ কৰা হ’ব ।
(গ) এই সিদ্ধান্ত অসমৰ ছিলেট আরু উত্তৰ-পশ্চিম সীমান্ত প্রদেশত কার্যকৰী কৰিবলৈ গণভোটৰ ব্যৱস্থা কৰা হ’ব ।
(ঘ) সিন্ধু প্রদেশত বিধানসভাৰ দ্বাৰা এই সিদ্ধান্ত গ্রহণ কৰা হ’ব ।
(ঙ) দেশীয় ৰাজ্যবোৰে নিজ ইচ্ছামতে ভাৰত বা পাকিস্তানত যোগদান অথবা স্বাধীনভাৱে থাকিব পাৰিব ।
৩০। নেহরুৰ
নীতিৰ দুটা নেতিবাচক দিশ লিখা ।
উত্তরঃ নেহরুৰ নীতিৰ দুটা/চাৰিটা নেতিবাচক লক্ষণ হ'লঃ
(ক) নেহরুয়ে অকলেই ৰাজনীতিৰ মুখ্য
ক্ষমতা দখল কৰিছিল অৰ্থাৎ একনায়কত্ববাদ চলাইছিল ৷
(খ) ১৯৫২ চনৰ পৰা ১৯৬৪ চনলৈকে তেওঁ
অকলেই প্রধানমন্ত্রীৰ পদ দখল কৰিছিল ৷
(গ) সম্পর্কীয় রাজনীতি তেওঁর আন এক
নেতিবাচক লক্ষণ । তেওঁর পাছত একেধারে তেওঁর জীয়ারী ইন্দিরা গান্ধী, পুত্র রাজীৱ
গান্ধী, রাহুল গান্ধী আদিয়ে কংগ্রেছর মুখ্য ভূমিকা গ্রহণ করিছিল ।
(ঘ) নেহরুয়েই প্রথমে সংবিধান
শুদ্ধৰণির ব্যৱস্থাৰ সূচনা কৰিছিল আরু সংবিধান নিয়মৰ স্থিৰতাত আঘাত জন্মাইছিল
। (on 10
May 1951 and enacted by Parliament on 18 June 1951.)
৩১। ৰাজ্য পুনৰ
গঠন আইনৰ অধীনত কেইখন ৰাজ্য আরু কেন্দ্রীয় শাসিত অঞ্চল সৃষ্টি কৰা হৈছিল?
উত্তরঃ ৰাজ্য পুনৰ গঠন আইনৰ অধীনত ১৯৫৬ চনত ১৪ খন ৰাজ্য আরু ৬
খন কেন্দ্রীয় শাসিত অঞ্চল সৃষ্টি কৰা হৈছিল ।
৩২। ৰাজ্য পুনৰ
গঠন আয়োগৰ আটাইতকৈ গুরুত্বপূর্ণ অনুমোদন কি আছিল?
উত্তরঃ ৰাজ্য পুনৰ গঠন আয়োগ ১৯৫৩ চনত তৈয়াৰ কৰা হৈছিল । ৰাজ্য পুনৰ গঠন আয়োগৰ অতি গুরুত্বপূর্ণ পৰামর্শটো আছিল- ভাষাৰ ভিত্তিত ভাৰতীয় ৰাজ্যসমূহক পুনৰ গঠন কৰা । এই পৰামর্শ অনুসৰি, ১৯৫৬ চনত ১৪ খন ৰাজ্য আরু ৬ খন কেন্দ্রীয় শাসিত অঞ্চলৰ সৃষ্টি হৈছিল ।
৩৩। দেশ বিভাজন
সম্পর্কে তলৰ কোনটো উক্তি অশুদ্ধ?
(a) ভাৰত বিভাজন ‘দবি-জাতি তত্ব’ৰ পৰিণতি ।
(b) পঞ্জাৱ আরু বঙ্গদেশ ধর্মৰ ভিত্তিত
বিভাজিত দুখন প্রদেশ ।
(c) পূব পাকিস্তান আরু পশ্চিম পাকিস্তান
সংলগ্ন নাছিল ।
(d) বিভাজনৰ আঁচনিত সীমাৰ সিপাৰে জনসংখ্যা
দেশান্তৰ কৰাৰ আঁচনি নিহিত আছিল ।
উত্তরঃ (d) বিভাজনৰ আঁচনিত সীমাৰ সিপাৰে জনসংখ্যা দেশান্তৰ কৰাৰ আঁচনি
নিহিত আছিল ।
Notice: Below questions are just uploaded, & cheking.....finding any mistakes inform us....
৪ বা ৬ নম্বরর প্রশ্ন উত্তরঃ
১। স্বাধীনতার পিছত তাৎক্ষণিকভাৱে ভারতে সন্মুখীন হ’বলগীয়া হোৱা
প্রত্যাহ্বান দুটার বিষয়ে আলোচনা করা ।
অথবাঃ ‘স্বাধীন ভারতে সহজতে উপনীত হ’ব পরা দুটা লক্ষ্যর বিষয়ে
ব্যাখ্যা করা ।
উত্তরঃ ভারতবর্ষ ১৯৪৭ চনর ১৫ আগষ্টত স্বাধীনতা লাভ করিছিল ।
স্বাধীনতার পিছত তাৎক্ষণিকভাৱে ভারতে সন্মুখীন হ’বলগীয়া বিভিন্ন প্রত্যাহ্বানর
ভিতরত উল্লেখযোগ্য দুটা হ’লঃ
(ক) রাজশাসিত রাজ্যসমূহক ভারতর সৈতে চামিলকরণঃ
ভারতবর্ষ স্বাধীন হোৱাৰ
পিছত প্রায়বোর রাজশাসিত রাজ্য ধর্মর ভিত্তিত ভারত বর্ষত চামিল হৈছিল ।কিন্তু
জুনাগড়, কাশ্মীর, হায়দরাবাদ, মণিপুর আদির দরে রাজ্যসমূহর চামিলকরণত নানান সমস্যার
সন্মুখীন হব লগা হৈছিল । বহুতো নীতি আরু প্রচেষ্টার অন্তত শেষত ভারতর লগত চামিল
হ’ল যদিও কাশ্মীর, মণিপুর আদি রাজ্যত বর্তমানেও সমস্যা অব্যাহত হৈ আছে ।
(খ) ভারতবর্ষর রাজ্যসমূহর পুনর গঠনঃ
স্বাধীন প্রাপ্তর পিছত
ভারত বর্ষখনত রাজ্যসমূহক ভাষিক, আঞ্চলিক, আদির ভিত্তিত রাজ্যর পুনর গঠনর বাবে
আন্দোলন গঢ়ি উঠিছিল । এই পরিপেক্ষিতত ১৯৫৩ চনত রাজ্য পুনর গঠন আয়োগ আরু ১৯৫৬ চনত
রাজ্য পুনর গঠন আইনখন প্রণয়ন করি ভারতত ১৪ খন রাজ্য আরু ৬ খন কেন্দ্রীয় শাসিত
অঞ্চল নতুনকৈ সৃষ্টি করা হৈছিল ।
২। ‘দ্বি-রাষ্ট্রর সূত্রটো’ চমুকৈ ব্যাখ্যা করা ।
অথবাঃ কি নীতির ভিত্তিত ভারত বিভাজন সম্পূৰ্ণ করা হয়?
অথবাঃ দেশ বিভাজন প্রক্রিয়াত জড়িত নীতি আরু জটিলতাসমূহ আলোচনা করা ।
(**নীতির বাবে তলর উত্তরতো লিখিবা আরু জটিলতার বাবে ৩ নম্বরর উত্তরতো লিখিবা ।)
উত্তরঃ ১৯৪৭ চনত ১৪ আরু ১৫ আগষ্ট তারিখে পাকিস্তান আরু ভারত নামর দুখন
রাষ্টর গঠন হৈছিল । অতীতর ইংরাজর শাসনাধীন ভারতবর্ষক বিভাজিত করি দুখন রাষ্টর
সৃষ্টি করা হৈছিল । মুছলীম লীগে দ্বি-জাতিতত্ত্বটো আগবঢ়াইছিল । এই সূত্র অনুসরি
ভারতবৰ্ষত দুই জাতি আছে- হিন্দু আরু মুছলমান । ইয়ার ওপরত নির্ভর করি মুছলীম লীগে
মুছলমানসকলর কারণে এখন পৃথক রাষ্ট্র ‘পাকিস্তান’র দাবী জনাইছিল । ভারতীয় জাতীয়
কংগ্রেছ আরু ইয়ার নেতাসকলে এই বিষয়ত তীব্র বিরোধীতা জনাইছিল । কিন্তু ১৯৪০র দশকত
সংঘটিত হোৱা নানান ঘটনা-পরিঘটনা, কংগ্রেছ-মুছলীম লীগর তীব্র রাজনৈতিক বিরোধ আরু
প্রতিযোগিতা আরু ইংরাজ শাসকর ভূমিকাত দেশখন ‘ভারত’ আরু ‘পাকিস্তান’ হিচাপে দুই
রাষ্ট্রত বিভক্ত হৈছিল । ইয়াকে ‘দ্বি-রাষ্ট্রর সূত্র’ বুলি কোৱা হয় ।
৩। ‘হৃদয়র বিভাজন’ শব্দ দুটাই কি বুজায় আলোচনা করা ।
অথবাঃ ‘হৃদয়র বিভাজন’ শব্দ কেইটাই কি বুজায় ? আলোচনা করা ।
অথবাঃ ভারত বিভাজনর সৈতে সম্পর্কিত ঘটনাৱলীৰ আলোচনা করা ।
অথবাঃ ১৯৪৭ চন ভারত বিভাজিত হোৱাৰ প্রতিফলবোর কেনেকোৱা আছিল?
অথবাঃ ‘ভারতর স্বাধীনতা লাভর পথটো সেন্দুরীয়া নাছিল’- ব্যাখ্যা
করা ।
অথবাঃ ভারত বিভাজনর লগত জড়িত ঘটনাসমূহ আলোচনা করা ।
অথবাঃ ১৯৪৭ চনর ভারত বিভাজনর ফলাফলসমূহ কি কি আছিল?
অথবাঃ “ভারতর স্বাধীনতার পথ গোলাপর পথ নাছিল ।”- ব্যাখ্যা করা ।
অথবাঃ দেশ বিভাজনর প্রতিফল ব্যাখ্যা করা।
অথবাঃ ভারত বিভাজনর ফলাফলসমূহ পরীক্ষা করা ।
উত্তরঃ মুছলীম লীগর ‘দ্বি-রাষ্ট্রর সূত্র’ অনুসরি ১৪ আরু ১৫ আগষ্টত
ধর্মর ভিত্তিত ভারতবর্ষক ‘ভারত’ আরু ‘পাকিস্তান’ হিচাপে বিভক্ত করা হৈছিল । দেশ
বিভাজনর পাছত সমগ্র ভারতত বিভিন্ন সংকটে দেখা দিছিল । ধর্মর নামত নৃশংস অত্যাচার
আরু হত্যা-হিংসাই চরম সীমা অতিক্রম করিছিল । লাহোর, অমৃতসর, কলকাতা আদি চহরত
সাম্প্রদায়িক মণ্ডলর সৃষ্টি হৈছিল । হিন্দু অধ্যুষিত অঞ্চললৈ মুছলীম লোক আরু
মুছলমান অধ্যুষিত অঞ্চললৈ হিন্দু মানুহ অহা-যোৱা করাতো বন্ধ আরু বিপদসংকুল হৈ
পরিছিল । সীমান্তরর দুয়ুপারে সংখ্যালঘুসকলে সীমাহীন কষ্ট আরু নিৰ্যাতন ভুগিব লগা
হৈছিল । বহুতো লোক গৃহহীণ হৈ শরণার্থী শিবিরত থাকিব লগা হৈছিল ।স্থানীয় প্রশাসন
আরু আরক্ষীর পরা যথোপযুক্ত সহায়-সহারি পাবলৈ সক্ষম হোৱা নাছিল । সীমা পার হোৱাৰ
পথত হত্যা-ধৰ্ষণ-লুন্ঠনর সন্মুখীন হব লগা হৈছিল । হাজার হাজার মহিলাক ধর্ষণ, বিয়া
করাই ধর্মান্তর করা, বিধর্মীর হাতত লাঞ্ছিত হোৱা, দুর্নামর ভয়ত পরিয়ালর মানুহে
মহিলাক হত্যা করা আদি অসহনীয় কর্ম সংঘটিত হৈছিল । হাজার হাজার শিশু পিতৃ-মাতৃর পরা
পৃথক হৈ আশ্রয়হীন হৈছিল । সীমান্তর ইটোপারতো তেওঁলোকর বাবে কোনো ঘর নাছিল । দেশর
স্বাধীনতার নামত দুয়ুখন রাষ্ট্রই ‘আশ্রয় শিবিরর জীৱন’ প্রাপ্ত হৈছিল । এই বিষয় আরু
ঘটনা সমূহক কেন্দ্র কবি-সাহিত্যিক সকলে গল্প, কবিতা, উপন্যাস, চলচ্চিত্র আদি
নির্মাণ করিছিল । দেশ-বিভাজনক উপজীৱ্য হিচাপে লৈ সৃষ্টি হোৱা এনে কলাত্মক
সৃষ্টিসমূহত দেশ-বিভাজনক ‘হৃদয়র বিভাজন’ হিচাপে বৰ্ণনা করা হৈছিল । সেয়েহে বহুতো
‘ভারতর স্বাধীনতা লাভর পথটো সেন্দুরীয়া নাছিল’ বুলি অভিহিত করে । লগতে, বহুতো কয়
যে “ভারতর স্বাধীনতার পথ গোলাপর পথ নাছিল ।”
৪। গান্ধীজীর কাম-কাজবোর সকলোৱে পছন্দ করা নাছিল ।যদি এয়া সঁচা হয়, কিয়
তেনে হৈছিল ব্যাখ্যা করা ।
উত্তরঃ ১৯৪৭ চনর ১৫ আগষ্ট তারিখে মহাত্মা গান্ধীয়ে কলকাতার
হিন্দু-মুছলমানর মাজত চলা সংঘর্ষ পীড়িত অঞ্চলত উপস্থিত হৈছিল । গান্ধীর জীৱনীশক্তি
আরু মূল অস্ত্রস্বরূপ অহিংস আরু সত্যাগ্রহ, এই দুই নীতিরে জনগণক সংযত করিবলৈ তেওঁ
চেষ্টা করিছিল । তেওঁ হিংসাত্মক কাৰ্য ত্যাগ করি হিন্দু-মুছলীম সকলোকে স্বাধীনতা
দিৱস নাচ-গাণর সমাহেরে পালন করিব দিছিল ।হিন্দু-মুছলীমর একতার বাবে তেওঁ প্রার্থনা
সভাসমূহর আয়োজন করিছিল । কলকাতার লগতে তেওঁ দিল্লীতো তেওঁ হিন্দু-মুছলমানর একতা
আরু শান্তির বাবে সকলোকে আহ্বান করিছিল । শান্তি ঘূরাই আনিবলৈ তেওঁ কলকতা আরু
দিল্লীত অনশন কাৰ্য হাতত লৈছিল । দুয়ুখন চরকারে গ্রহণ করা সম-নাগরিকত্ব,
সম-মৰ্যাদা, সিদ্ধান্ত আরু প্রতিশ্রুতিসমূহ পালন নকরাত অত্যন্ত দুখীত হৈছিল । তেওঁ
ভারতর সংখ্যালঘু মছলমানলোকসকলক সুরক্ষা আরু সম-মৰ্যাদা দিবর বাবে চেষ্টা করিছিল ।
গান্ধীজীর এই কর্মরাজীসমূহ উভয় সম্প্রদায়র চরম্পন্থীসকলে ভালপোৱা নাছিল আরু
তেওঁলোকর অৱস্থার বাবে গান্ধীকে দায়ী করিছিল । হিন্দুরাষ্ট্র হিচাপে ভারতক
প্রতিষ্ঠা করিব খোজা চরমপন্থী হিন্দুসকল, রাষ্ট্রীয় স্বয়ং সেৱক সংঘর নেতাসকল আরু
হিন্দু সম্প্রদায়র নেতাসকলে পাকিস্তান আরু মুছলমানসকলর পক্ষে গান্ধী ভূলকৈ
পরিচালিত হৈছে বুলি অভিযোগ তুলিছিল । হিন্দু-মুছলমানর সম্প্রীতিরে ভারতক ধ্বংস করি
পেলাব বুলি সংকিত হৈ ১৯৪৮ চনর ৩০ জানুৱারীত আবেলির এক প্রার্থনাসভাত রাষ্ট্রীয়
স্বয়ং সেৱক সংঘর নেতা নাথুরাম বিনায়ক গডচে নামর লোকজনে তিনিজাঁই গুলীরে গান্ধীক
হত্যা করিছিল ।
৫। ব্রিটিছ ভারতীয় রাজ্যসমূহ কি কি আছিল? রাজকীয় রাজ্যসমূহর পরা সিবোর
কিদরে পৃথক আছিল ?
অথবাঃ বৃটিছ ভারতীয় প্রদেশ কোনবোর আছিল? রাজ শাসিত রাজ্যর পরা
সেইবোর কেনেদরে পৃথক আছিল ?
উত্তরঃ ব্রিটিছ ভারতীয় রাজ্যসমূহ আছিল-1.আজমীৰ-মাড়ৱাৰা(Ajmer-Merwara), 2.আন্দামান আরু নিকোবৰ দ্বীপপুঞ্জ
(Andaman and Nicobar Islands), 3.অসম(Assam), 4.বেলুচিস্থান(Baluchistan), 5.বঙ্গ (Bengal), 6.বিহাৰ
(Bihar), 7.বোম্বাই
(Bombay), 8.কেন্দ্রীয় প্রদেশ আরু বেরার
(Central Provinces and Berar), 9.কূর্গ
(Coorg), 10.দিল্লি, (Delhi), 11.মাদ্রাজ(Madras), 12. উত্তর-পশ্চিম সীমান্ত
(North-West Frontier), 13.উৰিষ্যা
(Orissa), 14.পান্থ-পিপলোদা( Panth-Piploda), 15.পাঞ্জাৱ
(Punjab), 16.সিন্ধঃ
(Sind), 17. সংযুক্ত প্রদেশসমূহ
(United Provinces)।
ইংরাজী শাসনাধীন ভারতবর্ষত দুই ধরণর অঞ্চল আছিল- (ক)বৃটিছ ভারতর
প্রদেশ (British Indian Province) আরু (খ) দেশীয় রাজ্য (Princely State) । বৃটিছ ভারতর
প্রদেশসমূহ ইংরাজ চরকারর অধীনত প্রত্যক্ষ নিয়ন্ত্রণাধীন হৈ আছিল । আনহাতে, ভারতর সরু-বর বহুতো প্রদেশত রজাই শাসন চলাইছিল । রজাসকলে ইংরাজর
আধিপত্যক স্বীকার করিবলগীয়া হৈছিল । দেশীয় রাজ্যসমূহর রজাসকলে ইংরাজ চরকারে
নির্ধারণ করি দিয়া কর পরিশোধ করিব লগা হৈছিল । এই রাজ্যবোরক ইংলেণ্ডর রাজমুকুটর
তলতীয়া রাজ্য বুলি ধরা হৈছিল । ইংরাজর শাসনাধীন ভারততেক-তৃতীয়াংশ অঞ্চল এনে দেশীয় রাজ্য
আছিল ।প্রতি ৪জনর১ জন ভারতীয় এনে দেশীয় রাজ্যসমূহত বাস করিছিল ।
৬। রাষ্ট্র গঠনর নির্ণয় করা যিকোনো চারিটা কারকর ব্যাখ্যা করা ।
অথবাঃ জাতি গঠন নির্ধারণ করা যিকোনো চারিটা উপাদান ব্যাখ্যা করা ।
উত্তরঃ রাষ্ট্র গঠনর উল্লেখযোগ্য কেইটামান কারক হ’লঃ
(ক) ধর্মর ভিত্তিত দেশ বিভাজনঃ
১৯৪৭ চনর ১৪ আরু ১৫
আগষ্ট তারিখে ভারতবর্ষখন ধর্মর ভিত্তিত বিভাজন হৈছিল । হিন্দু সংখ্যা গরিষ্ঠ
অঞ্চলবোর ভারতত আরু মুছলমান অধুষ্যিত অঞ্চলবোর পাকিস্তানত চামিল হৈছিল ।
(খ) ভাষার ভিত্তিত রাষ্ট্র গঠনঃ
স্বাধীনতার পাছত বহুতো
রাজ্য ভাষার ভিত্তিত গঢ়ি উঠিছিল । তাহানির মাদ্রাজ প্রদেশর পরা অন্ধ্রপ্রদেশ,
বোম্বে প্রদেশর পরা গুজরাট আরু মহারাষ্ট্র,
পাঞ্জাৱ প্রদেশর পরা হারিয়ানা আরু হিমাচল প্রদেশ, অসমর পরা মেঘালয় আদি
রাজ্যর সৃষ্টি হৈছিল ।
(গ) দেশীয় রাজ্যসমূহর চামিলকরণর ভিত্তিতঃ
১৯৪৭ চনর ভারত স্বাধীনতা
প্রাপ্ত হোৱাৰ পাছত আরু ইংরাজ চরকারর ঘোষণার লগে লগে ৫৬৫ খন দেশীয় রাজ্যর স্বাধীন
হৈ পরিছিল । ইয়ারে প্রায় বোর রাজ্য ভারতর লগত চামিল হৈছিল যদিও মণিপুর, কাশ্মীর,
হায়দরাবাদ, জুনাগড় আদি কিছুমান রাজ্যর পরৱৰ্তী পৰ্যায়ত চামিল হৈছিল ।
(ঘ)সাংবিধানিক গণতান্ত্রিক ভিত্তিতঃ
ভারত রাষ্ট্রখন
সাংবিধানিক গণতান্ত্রিক ভিত্তিত এক গণতান্ত্রিক রাষ্ট্র হিচাপে প্রতিষ্ঠিত হৈছে ।
স্বাধীনতা লাভ করা পাছর পরা বৰ্তমানলৈকে ভারতর গণতান্ত্রিক রাষ্ট্র প্রতিষ্ঠা হৈ
আছে ।
(ঙ) সাংস্কৃতিক ভিন্নতা আরু পৃথক আঞ্চলিক চরিত্রর ভিত্তিতঃ
সাংস্কৃতিক ভিন্নতা আরু
পৃথক আঞ্চলিক চরিত্রর ভিত্তিত্রর ২০০০ চনত ছত্তিছগড় আরু উত্তরাঞ্চল নামর দুখন নতুন
রাজ্যর সৃষ্টি হৈছিল । সমান বিকাশ নোহোৱাৰ অভিযোগ তুলি আই রাজ্যসমূহর সৃষ্টি হৈছিল
।
(চ) সীমা নির্ধারণর জরীয়তেঃ
ইংরাজসকলে ভারতর
ভূ-খণ্ডক প্রশাসনীয় সুবিধা অনুযায়ী বিভক্ত করিছিল । স্বাধীনতার পাছত এই সীমাক উঠাই
নতুনকৈ সীমা নির্ধারণ করি ভারতবর্ষ গঠিত হৈছিল ।
৭। ভারতর ভাষা সমস্যার চারিটা বৈশিষ্ট্য উল্লেখ করা ।
উত্তরঃ ভারতর ভাষা সমস্যার উল্লেখযোগ্য চারিটা বৈশিষ্ট্য হ’লঃ
(ক)ভারত হ’ল বিভিন্ন ভাষা-সংস্কৃতির দেশ অথবা ভাষিক-সাংস্কৃতিক
ভিন্নতাঃ
ভারত হ’ল ভাষার
বিভিন্নতার দেশ । সেয়েহে সকলো ভাষীক লোকর বাবে সম-সুবিধা প্রদান করার বাবে সকলোয়ে
আন্দোলন গঢ়ি তুলে ।
(খ) ভাষার ভিত্তিত রাজ্যর পুনর গঠনঃ
ভারতত অতীতরে পরা
বর্তমানেও ভাষার ভিত্তিত রাজ্যর পুনর গঠনর দাবী উত্থাপন করি আছে । ইয়ার ভিত্তিতে
অন্ধ্রপ্রদেশ, মহারাষ্ট্র, গুজরাটী আদি রাজ্যর সৃষ্টি হৈছিল
(গ) ভাষার ভিত্তিত কংগ্রেছর স্থিতিঃ
১৯২০ চনত কংগ্রেছর নাগপুর
অধিৱেশনত ভাষার ভিত্তিত রাজ্য গঠনর প্রতিশ্রুতি দিয়া হৈছিল । সেই ভিত্তিত
স্বাধীনতার পিছর বিভিন্ন ভাষিক গোষ্ঠীসমূহে ভাষার ভিত্তিত রাজ্য গঠনর দাবী উত্থাপন
করি আহিছে ।
(ঘ) ভাষার ভিত্তিত রাজ্য গঠনর প্রতিশ্রুতিঃ
স্বাধীনতা সংগ্রামর
নেতাসকলে ইংরাজ চরকারে নির্ধারণ করি দিয়া রাজ্যর সীমাসমূহ মানি লোৱা নাছিল ।
সেয়েহে, স্বাধীন ভারতত ভাষার ভিতিত রাজ্য পুনর গঠনর প্রতিশ্রুতি প্রদান করিছিল যার
বাবে আজিও এই সমস্যা বর্তি আছে ।
৮। ভারতর সৈতে কাশ্মীরর চামিলকরণর বিশদ ব্যাখ্যা করা ।
অথবাঃ ভারতর লগত কাশ্মীর সংযোজন ব্যাখ্যা করা ।
উত্তরঃ কাশ্মীরর রজা হরি সিং হিন্দু ধর্মর লোক আছিল আরু তেওঁ
ভারতরগণতন্ত্র আরু পাকিস্তানর সাম্প্রদায়িকতার দুয়ুটাকে ভয়করি চামিলনহৈ স্বাধীন
রাজ্য হিচাপে থাকিব বিচারিছিল । শ্বেখ আব্দুল্লার নেতৃত্বাধীন ‘নেশ্যনেল
কনফারেন্স’ দলে কাশ্মীর ভারততচামিল হোৱাতো বিচারিছিল । এনে পরিস্থিতিতে,
পাকিস্তানে সৈন্যবাহিনীয়ে ১৯৪৭ চনর ২২ অক্টোবরত কাশ্মীর আক্রমণ করি রাজ্যর রাজধানী
শ্রীনগরলৈ আগুৱাই আহে । তেতিয়া মহারাজ হরি সিঙে ২৪ অক্টোবরত সামরিক সাহায্য বিচারি
ভারত চরকারক আবেদন জনালে । এনে পরিস্থিতিত ভারত চরকারে কাশ্মীর চামিলকরণনকরাকৈ
আন্তর্জাতিক নিয়ম অনুসরি সৈন্য প্রেরণ করিব নোৱারিব বুলি জনালে । সেয়েহে ২৬
অক্টোবর তারিখে কাশ্মীর ভারতর লগত চামিল হয় । তার পাছত, শ্বেখ আব্দুলাই রাজ্যর
প্রশাসনর দায়িত্ব গ্রহণ করে । ২৭ অক্টোবরত ভারতে সৈন্য বাহিণী প্রেরণ করি শ্রীনগর
উদ্ধার করে । ১৯৪৭ চনর ৩০ ডিচেম্বরত ভারত চরকারে ‘কাশ্মীর সমস্যা” সম্পর্কে
রাষ্ট্রসংঘর নিরাপত্তা পরিষদলৈ প্রেরণ করে । লগতে, ১৯৫১চনত রাষ্ট্র সংঘই এটা
প্রস্তাৱ গ্রহণ করি কাশ্মীরর গণভোট অনুষ্ঠিত করার পরামর্শ আগবঢ়ায় ৷ ইয়ার পৰৱৰ্তী
পৰ্যায়ত কাশ্মীরক বিশেষ সুবিধা প্রদান করি ভারতর লগত নিগাজিকৈ চামিল করে যদিও
বর্তমানেও ইয়াক লৈ সমস্যার সৃষ্টি হৈয়েই আছে ।
৯। হায়দরাবাদর গণ আন্দোলনর বিষয়ে এটা টোকা লিখা ।
উত্তরঃ হায়দরাবাদত স্বাধীনতার সময়ত নিজামে শাসন কাৰ্য চলাইছিল ।
হাইদরাবাদর নিজামজন বিশ্বর ধনৱন্ত সকলরমাজর এজন আছিল । তেওঁ হায়দরাবাদক ভারতর
সৈতেচামিল করিব বিচরানাছিল । ১৯৪৭ চনর নৱেম্বর মাহত ভারতর লগত স্থিতাৱস্থা রক্ষা
করার বাবে ‘Standstill agreement’ করিছিল । কিন্তু হায়দরাবাদর জনতাই ভারতর লগত চামিল করণর বাবে আন্দোলন
গঢ়ি তুলিছিল । পরৱৰ্তী পৰ্যায়ত বিদ্রোহে শক্তিশালী রূপ ধারণ করিছিল । তেলেংগনা
অঞ্চলর কৃষকসকলে নিজামর শাসন, দমন, উৎপীড়ন আরু অত্যাচার শাসনর বিপক্ষে আন্দোলন গঢ়ি
তুলিছিল । এই আন্দোলনত বহু সংখ্যক মহিলাই যোগদান করিছিল । এই আন্দোলনক দমন করিবর
বাবে নিজামে ‘রাজাকারচ’ নামর এক অর্ধ-সামরিক বাহিনী নিয়োগ করিছিল । এই বাহিনীটোয়ে
অ-মুছলমানসকলক কেন্দ্র করি ব্যাপক হত্যা, ধর্ষণ, লুন্ঠন, লুট-পাত আদি অনৈতিক কাৰ্য
করিছিল । এই আন্দোলনকে হায়দরাবাদর ‘গণ-আন্দোলন’ বুলি জনা গৈছিল । ১৯৪৮ চনর
ছেপ্তেম্বর মাহত ভারতীয় সেনাই নিজামর সৈন্য বাহিনীর লগত যুদ্ধ করি নিজামর বিদ্রোহ
দমন করিছিল আরু হায়দরাবাদক ভারতর লগত চামিল করিছিল ।
১০। স্বাধীন ভারতে সন্মুখীন হোৱা প্রত্যাহ্বান সমূহ কি কি আছিল?
অথবাঃ ভারতে গ্রহণ করিবলগীয়া হোৱা তিনিটা প্রত্যাহ্বানর বিষয়ে
ব্যাখ্যা করা ।
অথবাঃ ভারতর জাতি গঠন প্রক্রিয়াত জাতীয় নেতাসকলে সন্মুখীন হোৱা
প্রত্যাহ্বানসমূহ আলোচনা করা ।
উত্তরঃ ভারতবর্ষ ১৯৪৭ চনর ১৫ আগষ্টত স্বাধীনতা লাভ করিছিল ।
স্বাধীনতার পিছত স্বাধীন ভারতে সন্মুখীন হ’বলগীয়া বিভিন্ন প্রত্যাহ্বানর ভিতরত
উল্লেখযোগ্য তিনিটা হ’ল এনেধরণরঃ
(ক) জাতি-গঠন প্রক্রিয়াক কেন্দ্র করিঃ
ভারতবর্ষর নিচিনা এখন
বিশাল দেশত বিভিন্ন জাতি-উপজাতি, ভাষা-ভাষী আরু ধর্মাৱলম্বী মানুহ বসবাস করে ।
সেয়েহে ভৌগোলিক অখণ্ডতা রক্ষা করি জাতীয় ঐক্য সাধন করিবলৈ সকলো শংকিত হৈ পরিছিল ।
(খ)স্বাধীন ভারতত গণতান্ত্রিক শাসন ব্যৱস্থা প্রতিষ্ঠা করাঃ
ভারতবর্ষর সংবিধানে
জাতি-বর্ণ-ধর্ম-ভাষা-লিংগ নির্বিশেষে সকলো নাগরিকর কারণে মৌলিক অধিকার আরু
সম-সুযোগৰ নীতি সংলগ্ন করিছে ।সেয়েহে, ভারতত প্রতিনিধিত্বমূলক গণতান্ত্রিক
ব্যৱস্থার প্রৱৰ্তন করি সকলো জনসাধারণর মাজত বিশ্বাস, আনুগত্য, গণতান্ত্রিক
প্রমূল্যবোধর আরু গনতন্ত্র রক্ষা করাতো অত্যন্ত চিন্তনীয় বিষয় আছিল ।
(গ) চরকারে সমাজর সকলো শ্রেণীর লোকরে কল্যাণর হকে তথা সকলো অঞ্চলর
সম-বিকাশর বাবে কাম করাটোঃ
ভারতর সকলো শ্রেণীর লোকর
বাবে সুরক্ষা প্রদান করি সমবিকাশ করাতো অতি সহজ কর্ম নাছিল । ইয়ার লগতে, সমাজর
দরিদ্রতা আরু নিবনুৱা নির্মূল করা, সকলো অঞ্চলর আর্থিক বিকাশ সাধন, পিছপরা আরু
সংখ্যালঘুসকলর ধর্মীয় আরু সাংস্কৃতিক গোষ্ঠীসমূহ সুরক্ষা দিয়া আদির সন্মুখীন হব
লগা হৈছিল ।
এইদরে স্বাধীনতার
পরৱৰ্তী সময়ছোৱাত বিভিন্ন সমস্যা আরু প্রত্যাহ্বানর মুখা-মুখী হব লগা হৈছিল ।