“কৰুণা” (এক আবেদনমূলক কবিতা), পদ্মেশ্বৰ বৰা




১। কৰুণা কৰুণা অ’ আই কৰুণা
নকৰিবা আমাকে অনিষ্ট,
মনত ভয়-আশংকা, হতভম্ব আমি
সকলো যেন পথভষ্ট ।

২। ব্যৱসায়ীৰ হায় হায়, ডাক্তৰৰ ৰেহাই নাই
মন্ত্রীসৱাৰ হেৰাইছে গাত তত,
দুখীয়াৰ হায়-হায়, কিযে কৰিব ভাই
বিশৃংখলতা জাগিছে মনত ।

৩। স্কুল-কলেজ সকলো বন্ধ হৈ গ’ল
ভ্রমণ-পৰিভ্রমণৰ হৈছে অন্ত,
নহ’বা মহামাৰী, কৰা দুখহাৰী
আনা আকৌ নৱ্য দিগন্ত ।


৪। আমি সমাজ প্রিয় প্রাণী, জ্ঞানী-অজ্ঞানী
এতিয়া হৈছে আমাৰ বিচ্ছেদ,
   মৰম-চেনেহৰ সংগম-মিলনৰ
 বৰ্তমান হৈছে ভেদা-ভেদ ।

৫। কাহ-ছৰ্দী, সাধাৰণ জ্বৰ আদি
হ’লেই যেন এতিয়া আমাৰ ভয়,
হে আই কৰুণা, ত্যাগ কৰা কামনা
কৰা আমাৰ নিৰাময় ।

৬। তুমি(কৰুণা) এৰি দিয়া, আই ধৰিত্রীক
      চিৰদিনলৈ যোৱাগৈ গুছি,
তেতিয়া আকৌ আমি লগ পাম, সুখৰ ৰেঙণি
      ভয়-শংকা সবাকে নেওছি ।