মিলন, কবি- নলিনীবালা দেৱী

মূলভাৱঃ

মিলন কবিতাটিৰ মাধ্যমেৰে কবি নলিনীবালা দেৱীয়ে এক আধ্যাত্মিক চেতনাৰ প্রতিধ্বনি অনুভূত কৰিছে । কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে আরু তেওঁৰ হৃদয়ৰ মাজত উপলব্ধি আরু অনুভৱ কৰিছে ।

    কবিৰ মতে যদিও কোনোবাই কয় ভগবানক নেদেখি তথাপি ভগবান তেওঁৰ মনৰ নিজান কোণত সদায় স্থিত বা আছে । কবিৰ মতে প্রভু ভগবান তেওঁৰ সপোন আরু পৰম আৰাধ্য আরু তেওঁ কবিৰ মনত সদায় দৰ্শন দিয়ে । নিশা ভগবানে জোনাকীৰ উজ্জ্বল দীপালি হৈ আরু আকাশৰ তৰা হৈ জিলিকি কবিৰ বাবে যেন মঙ্গল উরুলি দিয়ে । গধূলিৰ এন্ধাৰ হোৱা সময় ক্ষণত তেওঁৰ নাম লৈ যেতিয়া কবিয়ে ধ্যান কৰে আরু তেতিয়াই ভগবানে তেওঁক মানস পটত দেখা দিয়ে ।

 দোভাগ নিশা যেতিয়া কবিয়ে লাল কাল টোপণিত থাকে, সেই সময়ত ভগবানক অচেতন সপোন মনত দেখা পায় । যেতিয়া কবিয়ে ভাগরুৱা নিৰল পাটিত শুই পৰে তেতিয়া ভগবানক মানস অৰ্থাৎ মন আরু কল্পনাৰ মাধ্যমেৰে দেখা পায় । যেতিয়া ধলপুৱা বা দোকমোকালী হয়, নিয়ৰ পৰি থাকে, পখীবোৰ আরু প্রকৃতি নীৰব অৱস্থাত থাকে সেই মুহূৰ্ততো কবিয়ে ভগবানক উপলব্ধি কৰিছে । পুৱাৰ শুভক্ষণত, যেতিয়া সূৰ্য উদয় হয়, তেতিয়া কবিয়ে সদায় বা নিতৌ শেৱালী বনত ভগবানক মানস পটত বা মনৰ মাধ্যমেৰে দেখা পায় ।

এনেদৰে কবি নলিনীবালা দেৱীয়ে ভগবানক দিনটোৰ সকলো ক্ষণতে উপলব্ধি কৰিছে আরু তেওঁৰ মনত ভগৱানক স্মৰণৰ লগতে রূমন্থণ কৰিছে ।