অতি চমু প্রশ্ন (VSA) মূল্যাংকঃ ১
(ক) নৱকান্ত বরুৱাই কোন
চনত জন্ম গ্রহণ কৰিছিল?
উত্তৰঃ নৱকান্ত বরুৱাই ১৯২৬ চনত গুৱাহাটীত জন্ম গ্রহণ কৰিছিল ৷
(খ) নৱকান্ত বরুৱাই স্কুলীয়া শিক্ষা ক’ত সমাপন কৰিছিল?
উত্তৰঃ নৱকান্ত বরুৱাই স্কুলীয়া শিক্ষা নগাঁৱত সমাপন কৰিছিল ৷
(গ) ‘উভতি নহাৰ কবিতা’টি কোনখন কাব্য সংকলনৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘উভতি নহাৰ কবিতা’টি ‘দলঙত তামীঘৰা’ কাব্য সংকলনৰ পৰা লোৱা হৈছে ৷
(ঘ) কবিৰ বাবে জীয়াই থকাৰ মন্ত্র কি?
উত্তৰঃ কবিৰ বাবে জীয়াই থকাৰ মন্ত্র হ’ল- যন্ত্রণা ৷
(ঙ)
‘তামীঘৰা’ শব্দটিৰ অৰ্থ লিখা ।
উত্তৰঃ
‘তামীঘৰা’ শব্দটিৰ অৰ্থ হ’ল- তম্বু ।
(চ) নৱকান্ত বরুৱাই কোনখন গ্রন্থৰ বাবে সাহিত্য অকাদেমি লাভ
কৰিছিল?
উত্তৰঃ নৱকান্ত বরুৱাই ‘ককাদেউতাৰ হাড়’ উপন্যাসখনৰ বাবে সাহিত্য অকাদেমি লাভ
কৰিছিল ৷
(ছ)
ৰোমান্টিক কবিতা আরু আধুনিক কবিতাৰ এটা পাৰ্থক্য লিখা ।
উত্তৰঃ ৰোমান্টিক কবিয়ে পুনৰ জন্মত বিশ্বাস কৰে, কিন্ত আধুনিক কবি সকল বাস্তৱবাদী,
তেওঁলোকৰ মতে এবাৰ
জন্ম লৈ পৃথিৱীৰ পৰা গুছি যোৱা পিছত এই পৃথিৱীলৈ পুনৰাই আহিব নোৱাৰে ।
(জ)
‘উভতি নহাৰ কবিতা’ কোন শ্ৰেণীৰ কবিতা ?
উত্তৰঃ
‘উভতি নহাৰ কবিতা’ আধুনিক যুগৰ এক বাস্তৱবাদী দাৰ্শনিক কবিতা ।
(ঝ)
‘উভতি নহাৰ কবিতা’ পাঠটি ক’ৰ
পৰা সংগ্ৰহ কৰা হৈছে ?
উত্তৰঃ ‘উভতি নহাৰ কবিতা’ পাঠটি নৱকান্ত বরুৱাৰ ‘দলঙত তামীঘৰা’ নামৰ
কাব্য সংকলনৰ পৰা সংগ্ৰহ কৰা হৈছে ।
(ঞ) কোনখন
পুথিৰ বাবে নৱকান্ত বরুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?
উত্তৰঃ ‘ককাদেউতাৰ হাড়’
পুথিখনৰ বা উপন্যাসখনৰ
বাবে নৱকান্ত
বরুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ।
চমু প্রশ্ন (আৰ্হি নং ২) (SA Type-II) – মূল্যাংকঃ ২
(ক) নৱকান্ত বরুৱাই কর্ম জীৱন কটোৱা শিক্ষানুষ্ঠান দুখনিৰ নাম লিখা ।
উত্তৰঃ নৱকান্ত বরুৱাই কর্ম জীৱন কটোৱা শিক্ষানুষ্ঠান দুখনিৰ নাম হ’ল-
(১)জগন্নাথ বরুৱা মহাবিদ্যালয় আরু (২) কটন মহাবিদ্যালয় ।
(খ) নৱকান্ত বরুৱাৰ দুখন উল্লেখযোগ্য কাব্য গ্রন্থৰ নাম লিখা ।
উত্তৰঃ নৱকান্ত বরুৱাৰ দুখন উল্লেখযোগ্য কাব্য গ্রন্থৰ নাম হ’ল- (১)ৰাৱণ আরু
(২) ৰত্নাকৰ ।
(গ) নৱকান্ত বরুৱাৰ দুখন উল্লেখযোগ্য উপন্যাসৰ নাম লিখা ।
উত্তৰঃ নৱকান্ত বরুৱাৰ দুখন উল্লেখযোগ্য উপন্যাসৰ নাম হ’ল- (১)কপিলীপৰীয়া সাধু
আরু (২)ককাদেউতাৰ হাড় ।
(ঘ) কবিয়ে বকুল তলৰ ফুল কোনে বুটলিব বুলি ভাবিছে?
উত্তৰঃ কবিয়ে বকুল তলৰ ফুল তেওঁৰ দৰে কোনোবাই আহি বুটলিব বুলি ভাবিছে । সেয়া
হ’ব নতুন দিন আরু নতুন মানুহ ।
(ঙ) জীয়াই থকাটো কবিয়ে কি বুলি ভাবিছে?
উত্তৰঃ জীয়াই থকাটো কবিয়ে ধেমালি বুলি ভাবিছে (“জীয়াই থকাৰ ধেমালিটো মই এবাৰেই
খেলি গ’লো”) । তেওঁৰ মতে যন্ত্রণাই জীয়াৰ মন্ত্র যিটো মানুহৰ জীয়াই থকাৰ প্রতি
মূহূৰ্ত্ততে প্রতিফলিত হয় (“যন্ত্রণা মোৰ জীয়াৰ মন্ত্র সেই মন্ত্রকে গালোঁ”) ।
(চ)
নৱকান্ত বরুৱাৰ তিনিখন কবিতা পুথিৰ নাম লিখা ।
উটৰঃ নৱকান্ত
বরুৱাৰ তিনিখন কবিতা পুথি হ’ল-
(১) হে অৰণ্য হে মহানগৰ, (২)এটি দুটি এঘাৰটি তৰা, আরু (৩)ৰাৱণ ।
(ছ) নৱকান্ত
বরুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা ।
উত্তৰঃ নৱকান্ত বরুৱাই
ৰচনা কৰা দুখন উপন্যাস হ’ল- (১) কপিলীপৰীয়া সাধু আরু (২) ককাদেউতাৰ হাড় ।
(জ) নৱকান্ত
বরুৱাই শিশু আরু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা ।
উত্তৰঃ নৱকান্ত
বরুৱাই শিশু আরু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থ হ’ল- (১) আখৰৰ জখলা, আরু (২)শিয়ালী পালেগৈ ৰতনপুৰ ।
(ঝ) কবিৰ
বাবে জীয়াই থকাৰ মন্ত্ৰ কি ? ‘জীয়াই থকাৰ ধেমালিটো’ কবিয়ে কেইবাৰ খেলিছে ?
উত্তৰঃ
কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ হ’ল-যন্ত্ৰণা ।
জীয়াই থকাৰ ধেমালিটো কবিয়ে এবাৰেই খেলিছে ।
(ঞ) কবিৰ
মতে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে কি পৰিৱৰ্তন হʼব
?
উত্তৰঃ
কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে নানান পৰিবৰ্তন হʼব
। তেওঁলোকৰ কাম কাজত নতুন চিন্তাধাৰা, নতুন
দিন আরু নতুন ধ্যান-ধাৰণাৰ প্ৰকাশ ঘটিব ।
তেতিয়া, কবিৰ দৰে পুৰণা মানুহৰ কোনো চিন নাথাকিব ।
চমু প্রশ্ন (আৰ্হি নং ২) (SA Type-II) মূল্যাংকঃ ৩
(ক)কবিয়ে
কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, চমুকৈ বুজাই লিখা ।
উত্তৰঃ
মানুহ মৰণশীল ।
প্ৰত্যেকৰে এবাৰেই জন্ম হয় আরু এবাৰেই মৃত্যু হয় ।
মৃত্যুৰ পিছত কোনোৱেই পুনৰ পৃথিৱীলৈ উভতি আহিব নোৱাৰে । কবিয়েও জীৱনৰ বকুলপাহ এবাৰে বুটলিছে অৰ্থাৎ এবাৰেই জনম লভিছে ।
পৃথিৱীক কবিয়ে প্ৰাণভৰি ভালপায় ।
তথাপি তেওঁৰ জীৱন চিৰস্থায়ী নহয় ।
কবিয়ে পৃথিৱীক ভালপোৱাৰ কথা নানা ভাবেৰে আরু নানা ভাষাৰে প্ৰকাশ কৰিছে ।
তেওঁ জানে হাজাৰ ভালপোৱাই তেওঁক ওভোতাই আনিব নোৱাৰে ।
সেয়ে এবাৰ গুছি যোৱাৰ পিছত কবি পুনৰ উভতি নাহে, ই প্ৰকৃতিৰ চিৰন্তন ৰীতি যাক কবিয়ে মানিবই লাগিব ।
(খ)নতুন দিনত কবিৰ একো চিন কিয় নাথাকে বুলি ভাবিছে বুজাই
লিখা ।
অথবাঃ কবিয়ে
নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে, বুজাই লিখা ।
উটৰঃ
কবি নৱকান্ত বরুৱাৰ ‘দলঙত তামীঘৰা’ৰ অন্তৰ্গত কবিতা পুথিৰ ‘উভতি নহাৰ কবিতা’ত যুগ পৰিৱৰ্তনৰ আভাস দেখা পোৱা যায় ।
কবিয়ে পৃথিৱীখনক প্ৰাণভৰি ভালপায়, কিন্ত যিমানে ভাল পালেও এই পৃথিৱীত তেওঁ চিৰদিন ৰৈ নাথাকে ।
এবাৰ গুছি যোৱাৰ পিছত কোনোৱেই এই পৃথিৱীলৈ পুনৰাই উভতি আহিব নোৱাৰে ।
কবিয়ে উপলব্ধি কৰিছে যে যিহেতু এই পৃথিৱীখনত কোনো মানুহেই বাৰে বাৰে উভতি নাহে, গতিকে ভৱিষ্যতে যিসকল এই পৃথিৱীলৈ আহিব তেওঁলোকে সম্পূৰ্ণ নতুন ভাৱেৰে, নতুন দিনত নিজ নিজ জীৱন গঢ় দিব ।
ইতিমধ্যে আতৰি যোৱা কবিৰ জীৱনৰ লগত নতুন প্ৰজন্মৰ কোনো চিনাকি আরু সম্পৰ্ক নাথাকিব ।
কবিৰ চিন্তা-চৰ্চা,
ধ্যান-ধাৰণা আদি সকলোবোৰ নতুন মানুহৰ ওচৰত তেনেই অপৰিচিত আরু অপ্ৰাসংগিক হৈ পৰিব ।
অৰ্থাৎ পুৰণি যুগৰ কোনো চিন–মোকাম নতুন যুগত নাথাকিব ।
(গ) ‘হেৰাই যোৱা ৰঙতেইচোন অকলে অকলে হাঁহো’ – কবিতা ফাকিৰ
তাৎপৰ্য বুজাই লিখা ।
উত্তৰঃ উক্ত কবিতাফাকিৰ মাধ্যমৰে কবি নৱকান্ত বৰুৱাদেৱে জীৱনৰ ব্যাখ্যাক সুৱৰি দুখতে হাঁহো বুলি ব্যক্ত কৰিছে
। তেওঁৰ মতে জীৱনটো এক ধেমালিহে মাত্র আৰু ইয়াত কেৱল যন্ত্রণাহে প্রাপ্ত হয় । পৃথিৱীলৈ কবি পুনৰ উভতি নাহে বুলি অভিহিত
কৰিছে । অকল কবিয়ে নহয়, কোনো মানুহ পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে । জীৱনৰ
বকুল পাহি এবাৰেই কবিয়ে তুলিবলৈ সক্ষম হ’ল । কবিৰ গমনৰ পিছত কবিৰ সলনি আন বেলেগ
বেলেগ লোকসকল আহিব আৰু যত এই
নতুন মানুহৰ উপস্থিতিয়ে কবিৰ প্রভাৱ বা চিন নুই কৰিব । এইবোৰ দুখ সুমৰি কবিজনাই
‘হেৰাই যোৱা ৰঙতেইচোন অকলে অকলে হাঁহো’ বুলি ব্যক্ত কৰিছে আৰু নিজকে সান্তনা দিছে ।
(ঘ)
উভতি নহাৰ কবিতাত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃ সৃষ্টিৰ
নীতি পালন কৰি কবিয়ে এই পৃথিৱীত জনম লৈছে ।
সেয়েহে পৃথিৱীখন কবিৰ অতিকে আপোন ।
তেওঁ বাস কৰা পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুৱেই কবিৰ প্ৰিয় ।
জাবৰৰ মাজৰ পৰা এপাহ বকুল বুটলিবলৈ পাই কবি সন্তষ্ট । পৃথিৱীৰ সেউজীয়াই কবিৰ মন ভৰাই তোলে ।
যন্ত্ৰণাই হৃদয় দগ্ধ কৰিলেও পৃথিৱীৰ মাটি-পানী-সেৱন কৰি কবিয়ে হাঁহি হাঁহি পাহৰি যায় ।
পৃথিৱীৰ রূপ-ৰস-গন্ধ-স্পৰ্শৰ আবেশত কবিয়ে জীৱনক আকোৱালী লয় ।
পৃথিৱীখনক তেওঁ প্ৰাণভৰি ভাল পায় । কবিতাটোত তাৰ প্ৰকাশ দেখা যায় এনেদৰে-
ʼʼমাথোন
এই পৃথিৱীখনক ভালপাই গʼলোঁ
এই
কথাটোকে কিমানবাৰ
যে কʼলোঁ
কিমান ভাবেৰে কʼলোঁ………।”
দীঘলীয়া প্রশ্ন (আৰ্হি নং ১) (LA Type-I) – মূল্যাংকঃ ৪
(ক) কবিয়ে জীয়াই থকাৰ মন্ত্র কি বুলি কৈছে ? জীয়াই থকাৰ
ধেমালিটো কেইবাৰ, কেনেদৰে কৰাৰ কথা কৈছে বুজাই লিখা ।
উত্তৰঃ কবিয়ে জীয়াই থকাৰ মন্ত্র ‘যন্ত্রণা’ বুলি কৈছে ।
জীয়াই থকাৰ ধেমালিটো কবিয়ে এবাৰ খেলাৰ কথা কৈছে ।
পৃথিৱীখন কবিৰ অতিকে আপোন ।
যন্ত্ৰণাই হৃদয় দগ্ধ কৰিলেও পৃথিৱীৰ মাটি-পানী-সেৱন কৰি কবিয়ে হাঁহি হাঁহি যন্ত্রণাবোৰ
পাহৰি যায় ।
পৃথিৱীৰ রূপ-ৰস-গন্ধ-স্পৰ্শৰ আবেশত কবিয়ে জীৱনক আকোৱালী লয় ।
পৃথিৱীখনক তেওঁ প্ৰাণভৰি ভাল পায় । পৃথিৱীলৈ কবি
পুনৰ উভতি নাহে বুলি অভিহিত কৰিছে । অকল কবিয়ে নহয়, কোনো মানুহ পৃথিৱীৰ পৰা গুচি
যোৱাৰ পিছত উভতি নাহে । তথাপিতো তেওঁ পৃথিৱীখনত জীয়াই থাকি হৃদয়ভৰি ভাল পায় । কবিতাটোত তাৰ প্ৰকাশ দেখা যায় এনেদৰে-
“যন্ত্রণা মোৰ জীয়াৰ মন্ত্র
সেই মন্ত্রকে
গালোঁ
জীয়াই থকাৰ ধেমালিটো মই
এবাৰেই খেলি গ’লোঁ ।”
(খ) প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
১)যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ
সেই মন্ত্ৰকে গালোঁ
জীয়াই
থকাৰ ধেমালিটো মই
এবাৰেই
খেলি গʼলোঁ
।
উত্তৰঃ
ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথি ʼসাহিত্য সৌৰভʼৰ
অন্তৰ্গত নৱকান্ত বরুৱা দেৱৰ ৰচিত ʼউভতি নহাৰ কবিতাʼ
নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে ।
ইয়াত কবিয়ে পুনৰ এই পৃথিৱীখনলৈ উভতি নহাৰ প্ৰসঙ্গত কথাখিনি উল্লেখ কৰিছে ।
কবিয়ে পৃথিৱীখনলৈ দুনাই আহিব নোৱাৰে । সাংসাৰিক প্ৰাণী মাত্ৰেই সুখ-দুখ পোৱা-নোপোৱা আরু বেদনা থাকে ।
কবিও তাৰ উৰ্ধ্বত নহয় ।
কবিৰ জীৱনতো যন্ত্ৰণাৰ পাহাৰ আছে ।
সেই যন্ত্ৰণাক বুকুত বান্ধি কবিয়ে জীৱন বাটত খোজ দিছে ।
কবিয়ে জানে জীয়াই থকাটো এটা ধেমালি মাত্ৰ ক্ষন্তেকীয়া ।
এদিন সকলোৱে এই পৃথিৱী এৰি যাব লাগিব । সেয়ে যন্ত্ৰণাত দগ্ধ হৈ ক্ষন্তেকীয়া জীৱনটোক কবিয়ে দুখময় কৰি তুলিব নোখোজে ।
যন্ত্ৰণাৰে পৰিপূৰ্ণ এই পৃথিৱীখনলৈ কবিয়ে বাৰে বাৰে উভতি আহিব নোৱাৰে ।
তেওঁ এবাৰেই এই
জীৱনৰ খেল-ধেমালি খেলিব সুযোগ পাইছে বুলি কবিতাংশত বুজাব খুজিছে ।
(২)
কোনোৱা আহিব মোৰ দৰে কোনো দিনা ?
মোৰ সুৰতে বাজিব নতুন বীণা ?
ওহোঁ সেয়া হʼব
নতুন মানুহ
সেই দিনো হʼব
নতুন দিন
মোৰ তাত একো নাথাকে চিন ।
উত্তৰঃ
ব্যাখেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বরুৱা ৰচিত ‘উভতি নহাৰ কবিতা’শীৰ্ষক কবিতাটোৰ পৰা উৰ্দ্ধিত কৰা হৈছে ।
কবিয়ে এই পৃথিৱীখনলৈ পুনৰ উভতি নহাৰ প্ৰসঙ্গত এই
কবিতাংশ উল্লেখ কৰিছে ।
প্ৰকৃতিৰ নিয়ম অনুসৰি কবিয়ে এই পৃথিৱীখনত জন্ম গ্ৰহণ কৰিছে ।
পৃথিৱীখনক ভালপায় বাবেই কবিয়ে দুখ-যন্ত্ৰণা পাহৰি হাঁহি হাঁহি জীৱন অতিবাহিত কৰিছে ।
কিন্ত
কবি বাস্তৱত বিশ্বাসী । কবি এই পৃথিৱীৰ পৰা এদিন যাব লাগিব, এই কথা মৰ্মে তেওঁ উপলব্ধি কৰে ।
সংসাৰত তেওঁ বহু কাম কৰি গৈছে, জীৱন কালত তাৰ কেতবোৰ স্বীকৃতিও পাইছে ।
তেওঁৰ মৃত্যুৰ পাছত তেওঁক অনুকৰণ কৰি উত্তৰ প্ৰজন্মই হয়তো বহুতো কাম কৰিব । তথাপি, তেওঁৰ চিন তাত নাথাকিব, থাকিব মাথো নতুন ধ্যাণ-ধাৰণা আরু এক নতুন দিনৰ
বা যুগৰ সূচনা হ’ব ।
দীঘলীয়া প্রশ্ন (আৰ্হি নং ২) (LA Type-II) – মূল্যাংকঃ
৫
(ক)
‘উভতি নহাৰ কবিতা’টিৰ মূলভাব লিখা ।
উঃ আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি নৱকান্ত বরুৱাদেৱৰ ‘উভতি নহাৰ কবিতা’ এটি দাৰ্শনিক ভাৱাপন্ন কবিতা ।
কবিতাটিৰ মাজেদি কবিয়ে মানুহৰ জন্ম মৃত্যুৰ চিৰন্তন সত্যৰ বিষয়ে প্ৰকাশ কৰিছে ।
প্ৰকৃতিৰ চিৰাচৰিত নিয়ম অনুসৰি কবিয়ে এই পৃথিৱীত এবাৰেই জন্ম গ্ৰহণ কৰিছে ।
এই পৃথিৱীৰ পৰা এবাৰ গুছি গʼলে
পুনৰ উভতি নাহে আরু আহিব নোৱাৰে ।
অকল কবিয়েই নহয়, কোনো লোকেই এই পৃথিৱীলৈ উভতি নাহে ।
কবিয়ে এই পৃথিৱীখনক প্ৰাণভৰি ভালপায় । এই কথা জীৱনত বহুবাৰ ক’লে আরু বহু ভাবেৰে বুজালে ।
কিন্ত
সেয়ে হʼলেও
পৃথিৱীখনলৈ পুনৰ
তেওঁ উভতি নাহে ।
‘যন্ত্ৰণাকো আকোৱালী লৈ জীয়াই থকা’টো কবিয়ে এটা ধেমালী বুলি কৈছে ।
এই ধেমালী কবিয়ে এবাৰেই খেলিলে ।
মৃত্যুৰ পিছত খেল খেলিব কোনো উভতি নাহে ।
কবিৰ বিদায়ৰ লগে লগে পৃথিৱীলৈ নতুন ধ্যান–ধাৰণাৰ প্ৰকাশ ঘটিব আরু তাত কবিৰ একো চিন নাথাকিব ।
নতুন প্ৰজন্মই হʼব
পৃথিৱীৰ নতুন মানুহ আরু সেই দিনবোৰো হʼব
নতুন দিন ।
জীয়াই
থকা কালত কবিয়ে বুটলা বকুলজুপিৰ ফুল, এতিয়া কবিয়ে নহয় অইন কোনোবাই বুটলিব ।
কবি উভতি নাহে আরু আহিব নোৱাৰে ।
হেৰাই যোৱাৰ দুখত কবিয়ে যেন অকলেই হাহেঁ ।
তেওঁ পৃথিৱীখনক ভালপায় এই কথা শেষবাৰ স্বীকাৰ কৰিছে, তথাপি তেওঁ মৰমৰ পৃথিৱীখনলৈ উভতি আহিব নোৱাৰে ।
(খ) পৃথিৱীলৈ কবিয়ে কিয় উভতি আহিব নোৱাৰে কবিতাটিৰ (‘উভতি নহাৰ কবিতা’) আধাৰত
বুজাই লিখা ।
উত্তৰঃ আধুনিক
অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি নৱকান্ত বরুৱাদেৱৰ ‘উভতি নহাৰ কবিতা’ এটি দাৰ্শনিক ভাৱাপন্ন কবিতা ।
কবিতাটিৰ মাজেদি কবিয়ে মানুহৰ জন্ম মৃত্যুৰ চিৰন্তন সত্যৰ বিষয়ে প্ৰকাশ কৰিছে ।
প্ৰকৃতিৰ চিৰাচৰিত নিয়ম অনুসৰি কবিয়ে এই পৃথিৱীত এবাৰেই জন্ম গ্ৰহণ কৰিছে ।
এই পৃথিৱীৰ পৰা এবাৰ গুছি গʼলে
পুনৰ উভতি নাহে আরু আহিব নোৱাৰে ।
অকল কবিয়েই নহয়, কোনো লোকেই এই পৃথিৱীলৈ উভতি নাহে ।
কবিয়ে এই পৃথিৱীখনক প্ৰাণভৰি ভালপায় । এই কথা জীৱনত বহুবাৰ ক’লে আরু বহু ভাবেৰে বুজালে ।
কিন্ত
সেয়ে হʼলেও
পৃথিৱীখনলৈ পুনৰ
তেওঁ উভতি নাহে ।
প্ৰকৃতিৰ নিয়ম অনুসৰি কবিয়ে এই পৃথিৱীখনত জন্ম গ্ৰহণ কৰিছে ।
পৃথিৱীখনক ভালপায় বাবেই কবিয়ে দুখ-যন্ত্ৰণা পাহৰি হাঁহি হাঁহি জীৱন অতিবাহিত কৰিছে ।
কিন্ত
কবি বাস্তৱত বিশ্বাসী । কবি এই পৃথিৱীৰ পৰা এদিন যাব লাগিব, এই কথা তেওঁ ভালদৰে উপলব্ধি কৰে ।
ভগৱানে সকলোকে পঢ়াৰ দিশত
আগুৱাই লৈ যাওঁক............