ক) ১ নম্বৰৰ প্রশ্নসমূহ
ক)খালী ঠাই পূৰণ কৰা
১। বসুন্ধৰা সন্মিলন ১৯৯২ চনত _____ চহৰত অনুষ্ঠিত হৈছিল ।
উত্তরঃ বসুন্ধৰা সন্মিলন ১৯৯২ চনত ব্র্রাজিলৰ ৰিউ-দি-জেনেৰিঅ’ চহৰত অনুষ্ঠিত
হৈছিল ।
২। আন্তঃৰাষ্ট্রীয় পৰিৱেশ শিক্ষা সন্মিলন _____ চনত
বেলগ্রেডত (যুগোশ্লোভিয়া) ত অনুষ্ঠিত হৈছিল ।
উত্তরঃ আন্তঃৰাষ্ট্রীয় পৰিৱেশ শিক্ষা সন্মিলন ১৯৭৫
চনত বেলগ্রেডত (যুগোশ্লোভিয়া) ত অনুষ্ঠিত হৈছিল ।
৩। ৰাষ্ট্রসংঘৰ ‘মানৱ পৰিৱেশ সন্মিলন’ ১৯৭২ চনত ____ত
অনুষ্ঠিত হৈছিল ।
উত্তরঃ ৰাষ্ট্রসংঘৰ ‘মানৱ পৰিৱেশ সন্মিলন’ ১৯৭২ চনত ছুইডেনৰ
ষ্টকহোমত অনুষ্ঠিত হৈছিল ।
৪। বিশ্ব জনসংখ্যা দিৱস_____ তাৰিখে পালন কৰা হয় ।
উত্তরঃ বিশ্ব জনসংখ্যা দিৱস ১১ জুলাই তাৰিখে পালন কৰা
হয় ।
৫। মানৱ পৰিৱেশৰ ষ্টকহোম সন্মিলন _____ চনত অনুষ্ঠিত হৈছিল
।
উত্তরঃ মানৱ পৰিৱেশৰ ষ্টকহোম সন্মিলন ১৯৭২ চনত
অনুষ্ঠিত হৈছিল ।
৬। পৰিৱেশ দিৱস ____ তাৰিখে পালন কৰা হয় ।
উত্তরঃ পৰিৱেশ দিৱস ৫ জুন তাৰিখে পালন কৰা হয় ।
৭। পৰিৱেশ শিক্ষাৰ ওপৰত প্রথমখন আন্তঃচৰকাৰী সন্মিলন _____
ত অনুষ্ঠিত হৈছিল ।
উত্তরঃ পৰিৱেশ শিক্ষাৰ ওপৰত প্রথমখন আন্তঃচৰকাৰী সন্মিলন ১৯৭৭
চনত ৰাছিয়াৰ বিলিচি (Tbilisi) ত অনুষ্ঠিত হৈছিল ।
৮। আন্তঃৰাষ্ট্রীয় মহিলা দিৱস ____ তাৰিখে পালন কৰা হয় ।
উত্তরঃ আন্তঃৰাষ্ট্রীয় মহিলা দিৱস ৮ মাৰ্চ তাৰিখে
পালন কৰা হয় ।
৯।বর্তমান ভাৰতৰ সাক্ষৰতা হাৰ ______ ।
উত্তরঃ বর্তমান ভাৰতৰ সাক্ষৰতা হাৰ ৭৪.৪ শতাংশ ৷
১০। বর্তমান ভাৰতৰ জনসংখ্যা _____ ।
উত্তরঃ বর্তমান ভাৰতৰ জনসংখ্যা ১,০২৮ মিলিয়ন (২০০১ চনৰ
লোকপিয়ল অনুসৰি) আরু ১৩৩.৯২ কোটি (২০১৭ চনৰ লোকপিয়ল অনুসৰি)
১১। শৃংখলিত প্রণালীৰে নিয়ন্ত্রিত দেহভংগী আরু দেহ-সঞ্চালনৰ
প্রক্রিয়াক ____ বোলে ।
উত্তরঃ শৃংখলিত প্রণালীৰে নিয়ন্ত্রিত দেহভংগী আরু
দেহ-সঞ্চালনৰ প্রক্রিয়াক শাৰীৰিক শিক্ষা বোলে ।
১২। ‘পৰিৱেশ’ শব্দটোৰ অর্থ হৈছে _____ ।
উত্তরঃ ‘পৰিৱেশ’ শব্দটোৰ অর্থ হৈছে আমাৰ চাৰিওফাল বা
আমাৰ পাৰিপাৰ্শ্বিকতা ৷
১৩। ‘পৰিৱেশ’ শব্দটো ফৰাচী শব্দ _____ ৰ পৰা আহিছে ।
উত্তরঃ ‘পৰিৱেশ’ শব্দটো ফৰাচী শব্দ ENVIRONER ৰ পৰা আহিছে ।
১৪। বসুন্ধৰা সন্মিলন ____ত অনুষ্ঠিত হৈছিল ।
উত্তরঃ বসুন্ধৰা সন্মিলন ১৯৯২ চনত অনুষ্ঠিত হৈছিল ।
১৫। পৰিৱেশ শিক্ষাৰ উদ্দেশ্যসমূহ ____ সন্মিলনত নির্ধাৰণ কৰা
হৈছিল ।
উত্তরঃ পৰিৱেশ শিক্ষাৰ উদ্দেশ্যসমূহ বিলিচি আন্তজাৰ্তিক
পৰিৱেশ শিক্ষা সন্মিলনত নির্ধাৰণ কৰা হৈছিল ।
১৬। পৰিৱেশ সামাজিক, ভৌতিক____ পৰিৱেশ হিচাপে ভগাব পাৰি ।
উত্তরঃ পৰিৱেশ সামাজিক, ভৌতিক আরু প্রাকৃতিক পৰিৱেশ
হিচাপে ভগাব পাৰি ।
১৭। ____ পৰিৱেশ, পৰিৱেশৰ জীৱন্ত উপাদনৰে গঠিত ।
উত্তরঃ প্রাকৃতিক পৰিৱেশ, পৰিৱেশৰ জীৱন্ত উপাদনৰে
গঠিত ।
১৮। বিলিচি আন্তজাৰ্তিক পৰিৱেশ শিক্ষা সন্মিলন _____ চনত
অনুষ্ঠিত হৈছিল ।
উত্তরঃবিলিচি আন্তজাৰ্তিক পৰিৱেশ শিক্ষা সন্মিলন ১৯৭৭
চনত অনুষ্ঠিত হৈছিল ।
১৯। ভাৰতৰ পৰিৱেশ শিক্ষাৰ কেন্দ্র ____ চনত স্থাপন কৰা
হৈছিল ।
উত্তরঃ ভাৰতৰ পৰিৱেশ শিক্ষাৰ কেন্দ্র আহমেদাবাদত ১৯৮৪ চনত
স্থাপন কৰা হৈছিল ।
২০। _____ হৈছে সুস্থ মনৰ এটা পূর্ব চৰ্ত ।
উত্তরঃ সুস্থ দেহ হৈছে সুস্থ মনৰ এটা পূর্ব চৰ্ত ।
২১। নাৰীশিক্ষা কমিটি ____ চনত গঠন হৈছিল ।
উত্তরঃ নাৰীশিক্ষা কমিটি ১৯৫৮ চনত গঠন হৈছিল ।
২২। Commission on status of women” ____ চনত
নিয়োগ কৰা হৈছিল ।
উত্তরঃ Commission on status of women” ২১ জুন ১৯৪৬ চনত নিয়োগ কৰা হৈছিল ।
২৩। মহিলা সবলীকৰণৰ মানে হৈছে মহিলাসকলক ------- প্রদান কৰা
৷
উত্তরঃ মহিলা সবলীকৰণৰ মানে হৈছে মহিলাসকলক সিদ্ধান্ত
গ্রহণৰ ক্ষমতা প্রদান কৰা ৷
২৪। ____ এ জনসংখ্যা শিক্ষাৰ ধাৰণা প্রৱৰ্তন কৰিছিল ।
উত্তরঃ আমেৰিকাৰৰ সমাজ তত্ত্ববিদ আলভা মিৰদালে
জনসংখ্যা শিক্ষাৰ ধাৰণা প্রৱৰ্তন কৰিছিল ।
২৫। ____ হৈছে মানুহৰ কিছুমান আদর্শ, যিবিলাক তেওঁ সঁচাকৈয়ে
বিচাৰে ।
উত্তরঃ মূল্যবোধ শিক্ষা হৈছে মানুহৰ কিছুমান আদর্শ,
যিবিলাক তেওঁ সঁচাকৈয়ে বিচাৰে ।
২৬। নাৰীশিক্ষাৰ ওপৰত ৰাষ্ট্রীয় কমিটি ____ চনত গঠন কৰা
হৈছিল ।
উত্তরঃ নাৰীশিক্ষাৰ ওপৰত ৰাষ্ট্রীয় কমিটি ১৯৫৮ চনত
গঠন কৰা হৈছিল ।
২৭। মহিলা সবলীকৰণৰ বাবে ৰাষ্ট্রীয় নীতি ____ চনত গৃহীত
হৈছিল ।
উত্তরঃ মহিলা সবলীকৰণৰ বাবে ৰাষ্ট্রীয় নীতি ২০০১ চনত
গৃহীত হৈছিল ।
২৮। “নাৰীৰ ঘরুৱা হিংসা সুৰক্ষা আইন” ____ চনত পাছ কৰা
হৈছিল ।
উত্তরঃ “নাৰীৰ ঘরুৱা হিংসা সুৰক্ষা আইন” ২০০৫ চনত
পাছ কৰা হৈছিল ।
২৯। ভাৰত চৰকাৰে ____ চনটোক নাৰী সৱলীকৰণ বর্ষ হিচাপে ঘোষণা
কৰিছিল ।
উত্তরঃ ভাৰত চৰকাৰে ২০০১ চনটোক নাৰী সৱলীকৰণ বর্ষ
হিচাপে ঘোষণা কৰিছিল ।
৩০। “Women Reservation Bill” এ ____ শতাংশ আসন
সংসদ আরু বিধানসভাত নাৰীৰ কাৰণে সংৰক্ষণ কৰি ৰাখিছে ।
উত্তরঃ “Women Reservation Bill” এ ৩৩ শতাংশ আসন সংসদ আরু বিধানসভাত নাৰীৰ কাৰণে সংৰক্ষণ কৰি ৰাখিছে
।
৩১। জনসংখ্যা শিক্ষাৰ মূল প্রয়োজনটো হৈছে _____ নিয়ন্ত্রণ কৰা ।
উত্তরঃ জনসংখ্যা শিক্ষাৰ মূল প্রয়োজনটো হৈছে জনসংখ্যা
বৃদ্ধি নিয়ন্ত্রণ কৰা ।
(খ) শুদ্ধ নে অশুদ্ধ লিখা
৩২। ১৯৭২ চনত আন্তঃৰাষ্ট্রীয় পৰিৱেশ শিক্ষা কর্মশালা
অনুষ্ঠিত হৈছিল ।
উত্তরঃ অশুদ্ধ ।
৩৩। ১৯৯২ চনত ষ্টকহোমত বসুন্ধৰা সন্মিলন অনুষ্ঠিত হৈছিল ।
উত্তরঃ অশুদ্ধ ।
৩৪। ষ্টকহোমত মানৱ পৰিৱেশ সন্মিলনে পৰিৱেশ শিক্ষাৰ কাৰণে
কিছুমান নির্দেশনা আগবঢ়াইছিল ।
উত্তরঃ শুদ্ধ ।
৩৫। বেলগ্রেড সন্মিলন পৰিৱেশ শিক্ষাৰ উদ্দেশ্যসমূহ নির্ধাৰণ
কৰা হৈছিল ।
উত্তরঃ শুদ্ধ ।
৩৬। পৰিৱেশ শিক্ষা এক জীৱনজোৰা প্রক্রিয়া হোৱা উচিত ।
উত্তরঃ শুদ্ধ ।
৩৭। পৰিৱেশ শিক্ষাৰ লক্ষ্য হৈছে মূল্যবোধ সৃষ্টি কৰা ।
উত্তরঃ শুদ্ধ ।
৩৮। জনসংখ্যা বিস্ফোৰণ আরু জনসংখ্যা শিক্ষা পৰিৱেশ শিক্ষাৰ
এক গুরুত্বপূর্ণ দিশ ।
উত্তরঃ শুদ্ধ ।
৩৯। পৰিৱেশ শিক্ষাই আমাক সাংস্কৃতিক পৰিৱেশৰ বিষয়েও সজাগ কৰি
ৰাখে ।
উত্তরঃ শুদ্ধ ।
৪০। ৬ জুলাই বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয় ।
উত্তরঃ অশুদ্ধ ।
৪১। জনসংখ্যা শিক্ষাৰ প্রকৃতি মান নির্ণায়ক মূলক ।
উত্তরঃ শুদ্ধ ।
৪২। শাৰীৰিক শিক্ষাই আত্ম-বিশ্বাস গঢ়ি তোলা ।
উত্তরঃ শুদ্ধ ।
৪৩। খেল সদায় প্রতিযোগিতামূলক ।
উত্তরঃ শুদ্ধ ।
৪৪। মূল্যবোধসমূহ আদর্শমূলক মানদণ্ড ।
উত্তরঃ শুদ্ধ ।
৪৫। মূল্যবোধসমূহ শিকা হয়, শিকোৱা হয় ।
উত্তরঃ শুদ্ধ ।
৪৬। নাৰী সৱ্লীকৰণে মহিলাসকল সিদ্ধান্ত গ্রহণৰ ক্ষমতা
বিকশাই তোলা ।
উত্তরঃ শুদ্ধ ।
৪৭। শাৰীৰিক শিক্ষাই ব্যক্তিৰ সামগ্রিক ব্যক্তিসত্তাৰ বিকাশ
তোলে ।
উত্তরঃ শুদ্ধ ।
৪৮। মূল্যবোধ জন্মগত, ইয়াক অর্জন কৰিব নোৱাৰি ।
উত্তরঃ অশুদ্ধ ।
৪৯। মূল্যবোধে ব্যক্তিৰ মাজত সামাজিক দক্ষতা বিকশাই তোলে ।
উত্তরঃ শুদ্ধ ।
৫০। নাৰীসৱলীকৰণে নাৰীসকলক অপৰম্পৰাগতভাৱে ভূমিকা গ্রহণৰ
ক্ষেত্রত থকা সামাজিক বাধা অতিক্রম কৰাত সহায় কৰে ।
উত্তরঃ শুদ্ধ ।
(গ) উত্তৰ দিয়া (পৰাপক্ষত এটা বাক্যতে)
৭০। ষ্টকহোম সন্মিলন কোন চনত অনুষ্ঠিত হৈছিল ।
উত্তরঃ ষ্টকহোম সন্মিলন ১৯৭২ চনত অনুষ্ঠিত হৈছিল ।
৭১। ভাৰত চৰকাৰে কোন চনত ৰাষ্ট্রীয় নাৰীসৱলীকৰণ নীতি গ্রহণ কৰে ।
উত্তরঃ ভাৰত চৰকাৰে ২০০১ চনত ৰাষ্ট্রীয় নাৰীসৱলীকৰণ নীতি
গ্রহণ কৰে ।
৭২। বিশ্বৰ ভিতৰত জনবহুল দেশ কোনখন?
উত্তরঃ বিশ্বৰ ভিতৰত জনবহুল দেশ হ’ল- চীন দেশ ।
৭৩। সাংস্কৃতিক পৰিৱেশ কি?
উত্তরঃ সাংস্কৃতিক পৰিৱেশ হ’ল- সমাজৰ সংস্কৃতি সমূহেৰে
সংলগ্ন থকা পৰিৱেশিক বেষ্টনিটো ।
৭৪। মূল্যবোধ কি?
উত্তরঃ মূল্যবোধ হৈছে এটা বিশ্বাস যাৰ ওপৰত নির্ভৰ কৰিয়েই
এজন ব্যক্তিয়ে নিজস্ব রুচি অনুযায়ী কাৰ্য্যসম্পাদন কৰে । (by Allport)
৭৫। নাৰী সৱলীকৰণ মানে কি?
উত্তরঃ নাৰী সৱলীকৰণ মানে হ’ল- সামাজিক শক্তি আরু সম্পদ নিয়ন্ত্রণ
ব্যৱস্থা মহিলাৰ হিতার্থে পুনৰ বিতৰণ কৰাৰ প্রক্রিয়া ।
অথবাঃ নাৰী সৱলীকৰণ মানে হ’ল- নাৰীসকলক সিদ্ধান্ত গ্রহণ কৰাৰ
ক্ষেত্রত সহায় কৰাৰ উপৰিও আত্মবিশ্বাসী হোৱা আরু সমাজৰ যিকোনো পৰিস্থিতিতে সমাযোজন
কৰাত সামৰ্থ প্রদান কৰা ।
৭৬। পৰিৱেশ শিক্ষাক কিয় পৰিৱেশৰ বিষয়ে শিক্ষা বুলি ক’ব পাৰি
লিখা ।
উত্তরঃ পৰিৱেশ শিক্ষাই প্রাকৃতিক পৰিৱেশ, বিশেষকৈ জৈৱিক(গছ-গছনি,
জীৱজন্তু, মানুহ ইত্যাদি) আরু অজৈৱিক(ভূমি, বায়ু, পানী ইত্যাদি) আরু লগতে সামাজিক
পৰিৱেশৰ সকলো দিশ সামৰি, পৰিৱেশৰ বিষয়সমূহক আলোচনা কৰে । সেয়েহে, পৰিৱেশ শিক্ষাক পৰিৱেশৰ বিষয়ে শিক্ষা বুলি ক’ব পাৰি ।
৭৭। পৰিয়াল পৰিকল্পনা কি?
উত্তরঃ পৰিয়াল পৰিকল্পনা হ’ল- এক কাৰ্যসূচী যাৰ জৰীয়তে
গর্ভনিৰোধ কৰা, অতিৰিক্ত গর্ভপাত বন্ধ কৰা, দুটি শিশুৰ জন্মৰ ব্যৱধান সম্পর্কে
অবগত কৰা, “সরু পৰিয়াল সুখী পৰিয়ালৰ ধাৰণা অবগত কৰা”, আদি সমূহ প্রতিটো পৰিয়ালৰ
ক্ষেত্রতে সজাগতা বৃদ্ধি কৰা ।
৭৮। যৌন শিক্ষা মানে কি?
উত্তরঃ যৌন শিক্ষা হ’ল- মূলতঃ মানৱ যৌনতা, যাৰ মাধ্যমে মানসিক সম্পর্ক আরু
দায়িত্ববোধ, মানৱ যৌন শাৰীৰস্থান, যৌনাচাৰ, যৌন প্রজনন, সম্মতিৰ বয়স, প্রজনন স্বাস্থ্য, প্রজনন অধিকাৰ, নিৰাপদ যৌনতা, জন্ম নিয়ন্ত্রণ আরু যৌন নিবিড়তা সহ মানৱ
যৌনতাৰ সৈতে সম্পর্কিত বিষয়বোৰৰ নির্দেশ কৰা হয় ।
৭৯। পৰিৱেশ শিক্ষাৰ সংজ্ঞা দিয়া ।
উত্তরঃ আৰ. এ. শর্মাৰ মতে, “বৈষয়িক আরু সাংস্কৃতিক পৰিৱেশৰ
সজাগতা আরু বাস্তৱ জীৱনৰ পৰিস্থিতিৰ লগত ইয়াৰ সম্পর্ক সম্বন্ধে পৰিৱেশ শিক্ষাই বুজ
লয় ।”
১৯৭৬ ত জন্মিত (Janmi) ত
অনুষ্ঠিত UNESCO ৰ পৰিবেশ শিক্ষা সম্পর্কীয় আলোচনা চক্রৰ
মতে, “পৰিৱেশ শিক্ষা হৈছে পৰিৱেশ ৰক্ষণা বেক্ষণৰ লক্ষ্য সমূহক বাস্তবায়িত কৰা এক
উপায় । ই এক পৃথক অধ্যয়ন ক্ষেত্র বা বিজ্ঞানৰ এটা পৃথক ভাগ নহয় । জীৱনব্যাপি চলা
শিক্ষাৰ নিতি অনুসৰি ইয়াৰ প্রধান কাৰ্য্য চলা উচিত ।”
৮০। ‘পৰিৱেশ’ শব্দৰ ব্যুৎপত্তিগত অর্থটো লিখা ।
উত্তরঃ পৰিৱেশ শব্দৰ ইংৰাজী প্রতিশব্দ হ’ল- Environment । এই শব্দটো ফৰাচী ভাষাৰ “Environer”
শব্দৰ পৰা অহা, যাৰ অর্থ হ’ল- “আমাৰ চাৰিওফাল” বা “আমাৰ পাৰিপাৰ্শ্বিকতা” ।
৮১। ব্যায়াম মানে কি বুজা ?
উত্তরঃ ব্যায়াম হ’ল- শাৰীৰিক কার্যক্রম বা শাৰীৰিক সুস্থতা ৰক্ষা
বা বৃদ্ধিত সাহায্য কৰা এক শাৰীৰিক ক্রিয়া ।
খ) ২ নম্বৰৰ প্রশ্নাৱলী
৫১। পৰিৱেশ মানে কি?
উত্তরঃ পৰিৱেশ মানে হ’ল আমাৰ চৌপাশে থকা জৈৱিক আরু অজৈৱিক উপাদান সমূহে
পৰিবেষ্টিত সামূহিক পৰিস্থিতি । পৰিৱেশ শব্দৰ ইংৰাজী প্রতিশব্দ হ’ল- Environment । এই শব্দটো ফৰাচী ভাষাৰ “Environer”
শব্দৰ পৰা অহা, যাৰ অর্থ হ’ল- “আমাৰ চাৰিওফাল” বা “আমাৰ পাৰিপাৰ্শ্বিকতা” । পৰিৱেশক মূলতঃ তিনিটা ভাগত ভগাব পাৰি,
প্রাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ আরু মানবসৃষ্ট পৰিৱেশ ।
৫২। শাৰীৰিক শিক্ষা মানে কি?
উত্তরঃ শাৰিৰিক শিক্ষা হ’ল শাৰীৰিক
স্বাস্থ্য, মানসিক আরু আবেগিক বিকাশৰ সমসাময়িকভাৱে ব্যক্তিগত বিকাশ আরু সামাজিক
বিকাশৰ দিশত শিক্ষাৰ এক মাধ্যম । ইয়াৰ সহায়ত শিক্ষার্থী
সকলৰ শাৰীৰিক দিশত উন্নতি কৰাই সবল শাৰিৰীক আরু মানসিকতা গঢ় দি তুলা হয় ।
৫৩। মূল্যবোধ শিক্ষা প্রদানৰ দুটা উপায় লিখা ।
উত্তরঃ মূল্যবোধ শিক্ষা প্রদানৰ দুটা উপায় হ’লঃ
(ক) একেটা বিষয়ৰ ওপৰত বিভিন্ন ধৰণৰ বিচাৰ বিবেচনাৰ মাধ্যমেৰে
ধাৰণাৰ বিকাশ ঘটাই মূল্যবোধৰ শিক্ষা প্রদান কৰিব পাৰি ।
(খ) ব্যক্তিয়ে সমাজত প্রদর্শন কৰিব লগীয়া আচৰণ সম্পর্কে আরু
সমাজ এখনক স্বীকৃতি প্রদান কৰা কৌশলসমূহৰ জ্ঞাণ প্রদান কৰি মূল্যবোধৰ শিক্ষা
প্রদান কৰিব পাৰি ।
৫৪। জনসংখ্যা বিস্ফোৰণ কি?
উত্তরঃ জনসংখ্যা বিস্ফোৰণ এনে এক অৱস্থাক সূচায় যত অত্যাধিক
জনসংখ্যা বৃদ্ধিৰ সাপেক্ষে আলোচনা কৰা হয় । অতিৰিক্ত হাৰত জনসংখ্যা
বৃদ্ধি হোৱা পৰিস্থিতিটোক জনসংখ্যা বিস্ফোৰণ বোলা হয় ।
৫৫। জনসংখ্যা শিক্ষা কি?
উত্তরঃ জনসংখ্যা শিক্ষা হ’ল এক
শিক্ষাৰ প্রচেষ্টা আরু মাধ্যম যি জনসংখ্যা বৃদ্ধি, জনসংখ্যা বিস্ফোৰণ, জনসংখ্যা সমস্যা, এইসমূহৰ সমাধান আদি সম্পর্কে
সজাগ আরু সচেতন হোৱাৰ বাবে শিক্ষাৰ জৰীয়তে সমাজ আরু সকলো নাগৰিকৰ লগতে
ছাত্র-ছাত্রীসকলক সজাগ কৰি তুলাৰ ক্ষেত্রত পাঠ্যসূচি, আচনি আরু নীতিৰ যুগুত কৰা
হৈছে ।
৫৬। মূল্যবোধ শিক্ষা মানে কি বুজা?
উত্তরঃ মূল্যবোধ শিক্ষা হ’ল শিক্ষাৰ এক ধৰণ যি ন্যায়বিচাৰ,
ক্ষমা, দয়া, সহনশীলতা, আত্মবিশ্বাস, সৎসাহস, সত্যনিষ্ঠা, আত্মনিষ্ঠা, আদি গুণসমূহ
ছাত্র-ছাত্রীসকলৰ মাজত বিকশাই তোলে৷ লগতে, মূল্যবোধ শিক্ষাই কু-হিংসা, কু-সংস্কাৰ
আদিৰ সংস্কাৰ সাধন কৰাৰ সসাময়িকভাৱে আন্তৰ্জাতিক মূলবোধ, ৰাষ্ট্রীয় ঐক্য সংহতি আদি
গঢ়ি তোলাত শিক্ষাৰ্থীসকলক সহায় কৰে ৷
৫৭। পৰিৱেশ শিক্ষাৰ সংজ্ঞা দিয়া ।
উত্তরঃ Mc Graw Hill ৰ Encyclopedia
of Environmental Science (1975)ৰ মতে পৰিবেশ হ’ল- “সকলো ধৰণৰ অৱস্থা আরু প্রভাৱ যিয়ে উমৈহতীয়া ভাৱে
মানুহ আরু অন্যান্য প্রাণীৰ বিকাশ সাধন কৰিব পাৰে ।”
Douglass আরু Holland ৰ
অনুসৰি পৰিবেশ হ’ল- “সকলোবোৰ বাহ্যিক শক্তি,
প্রভাৱ আরু পৰিস্থিতি আদি যি সজীৱ প্রাণীৰ প্রকৃতি, আচৰণ তথা বিকাশ আরু পৈণতা প্রাপ্তিৰ ওপৰত প্রভাৱ পেলায় তাকে সামগ্রিক রূপত
পৰিবেশ স্বরূপে বর্ণনা কৰা হয় ।”
পৰিৱেশ শিক্ষাৰ ওপৰত টিবিলিচিত, ইউ. এছ. এছ. আৰৰ, ১৯৭৭ চনত বহা সন্মিলন অনুসাৰে পৰিৱেশ হ’ল- “Whole set of natural and social systems in which
man and other organims live and from which they draw their sustance”.
৫৮। পৰিৱেশ শিক্ষাক সমস্যা সমাধানৰ কৌশল হিচাপ কিদৰে ব্যৱহাৰ
কৰিব পাৰি ।
উত্তরঃ পৰিৱেশ শিক্ষাক সমস্যা সমাধানৰ কৌশল হিচাপে প্রয়োগ কৰাৰ
বাবে লব পাৰা ব্যৱস্থা আরু নীতিসমূহ হ’লঃ
(ক) পৰিৱেশ আরু ইয়াৰ নানান সমস্যাৰাজিৰ সম্পর্কে সজাগ হোৱাৰ বাবে শিক্ষাত কাৰ্যসূচী গ্রহণ কৰা ।
(খ) ছাত্র-ছাত্রীসকলৰ মাজত পৰিবেশৰ প্রতি দায়ত্বশীল মনোভাব গঢ়ি তুলা ।
(গ) শিক্ষার্থীবিন্দক পৰিৱেশীয় সমস্যাসমহৰ চিনাক্তকৰণ আরু
সমাধানৰ কৌশল প্রস্তুত কৰণৰ জ্ঞান প্রদান কৰা ।
(ঘ) পৰিৱেশৰ বিভিন্ন কাৰ্য্যাৱলীসমূহত সক্রিয়ভাৱে যোগদান কৰাৰ ক্ষেত্রত পৰিৱেশ শিক্ষাৰ মাধ্যমেৰে সামর্থ্য কৰি তোলা ।
(ঙ) পৰিৱেশৰ লগত জড়িত সংকট সমূহৰ বিষয়ে অভিজ্ঞতা আরু মৌলিক বোধগম্যতা প্রাপ্ত হোৱাকৈ পৰিৱেশ শিক্ষা প্রদান কৰা ।
৫৯। ‘শাৰীৰিক শিক্ষাই আত্মবিশ্বাস গঠনত সহায় কৰে ।“ – ব্যাখ্যা কৰা ।
উত্তরঃশাৰীৰিক শিক্ষাই এজন
শিশুৰ শাৰীৰিক বিকাশৰ জ্ঞানৰ ক্ষেত্রত সহায় কৰে। শাৰীৰিক শিক্ষাই এজন শিশুক সুস্থভাৱে জীৱন বিকাশৰ বাবে মানসিক, সামাজিক আরু আবেগিক বিকাশৰ দিশত উন্নতি সাধন কৰে। এনেদৰে, ‘শাৰীৰিক শিক্ষাই আত্মবিশ্বাস গঠনত সহায় কৰে ।”
৬০। নাৰী সৱ্লীকৰণৰ লগত জড়িত দুটা দিশ উল্লেখ কৰা ।
উত্তরঃ নাৰী সৱ্লীকৰণৰ লগত জড়িত দুটা দিশ হ’লঃ
(ক) মহিলাসকলক সিদ্ধান্ত গ্রহণ কৰাৰ ক্ষেত্রত আত্মবিশ্বাসী কৰি
তুলে ।
(খ) মহিলাসকলক সমাজৰ যিকোনো পৰিস্থিতিতে পুরুষৰ
সমসাময়িকভাৱে সমাযোজন কৰিবৰ বাবে সৱলীকৰণ কৰাত সহায় কৰে ।
৬১। Sport আরু Game ৰ মাজৰ
পার্থক্য লিখা ।
উত্তরঃ Sport আরু Game
ৰ প্রায় বেলেগ ধাৰণা । এটা Game ৰ মাজত একাধিক
ব্যক্তি জড়িত হৈ থাকে
।
আনহাতে, খেলা বা
Sport কেৱল কোনো ব্যক্তিৰ দক্ষতা আরু কার্য সম্পাদনৰ লগত সম্পর্কিত। ই এক শাৰীৰিক ক্রিয়াকলাপ, খেলাধুলা
নিয়মৰ এক সম্মত কাৰ্যসূচি অনুসাৰে পৰিচালিত হয়।
৬২। ‘Rio-De-Jenerio-Earth Summit’ ৰ ওপৰত
চমুটোকা লিখা ।
উত্তরঃ ১৯৯২ চনত ৩ জুনৰ পৰা ১৪ জুন পর্যন্ত পৰিৱেশ আরু বিকাশ
বিষয়ক সম্মিলন ‘Rio-De-Jenerio-Earth Summit’ বা বসুন্ধৰা
সন্মিলন অনুষ্ঠিত কৰা হৈছিল । এই অনুষ্ঠানৰ মুখ্য বিষয়সূচীসমুহ হ’ল-
(ক) পৰিৱেশক অনিষ্ট কৰিব পৰা ৰাসায়নিক বস্তুসমূহৰ ব্যৱহাৰ
আরু উৎপাদন হ্রাস কৰা ।
(খ) অনবীকৰণযোগ্য সম্পদসমূহৰ বিকল্প শক্তিৰ উৎপাদনৰ বাবে
কাৰ্যসূচী গ্রহণ কৰা ।
(গ) গাড়ী-মটৰ, কল-কাৰাখানাৰ ব্যৱহাৰ আদিৰ ফলত হব পৰা বায়ু
প্রদূষণ, মাটি প্রদূষণ, পানী প্রদূষণ, আরু শব্দ প্রদূষণ ৰোধ কৰিবৰ বাবে সকলো ৰাষ্ট্র
আরু চৰকাৰে উচিত নীতি আরু কাৰ্যসূচী গ্রহণ কৰা ।
(ঘ) পানীৰ অপচয় ৰোধ কৰা আরু পানীৰ সঠিক ব্যৱহাৰ আরু সংৰক্ষণৰ
ব্যৱস্থা কৰাৰ নীতি গ্রহণ কৰা ।
৬৩। ‘গ্রহণীয় বিকাশ’ যে পৰিৱেশ শিক্ষাৰ এটা দিশ আলোচনা কৰা ।
উত্তরঃ গ্রহণীয় বিকাশে পৰিৱেশৰ সুৰক্ষা আরু ৰক্ষণাবেক্ষণৰ
ক্ষেত্রত সহায় কৰে । এই ধৰণৰ পদক্ষেপে সকলো জনসাধাৰণকে পৰিৱেশ সম্পর্কে সজাগ কৰি
তুলে । লগতে, গ্রহণীয় বিকাশসমহে পৰিৱেশৰ উন্নতিৰ নীতি আরু কাৰ্য-সূচী সমূহ সমাধান
কৰাত সহায়ক হয় । সেয়ে আমি কব পাৰো যে ‘গ্রহণীয় বিকাশ’ যে পৰিৱেশ শিক্ষাৰ এটা উল্লেখনীয়
দিশ ।
৬৪। ‘শাৰীৰিক শিক্ষাই এটা সুস্থ জীৱনৰ বাট দেখুৱায়’-
ব্যাখ্যা কৰা ।
উত্তরঃ শাৰীৰিক শিক্ষাৰ প্রয়োজন আরু গুরুত্ব অপৰিসীম । ইয়াৰ ভিতৰত উল্লেখযোগ্য দিশসমূহ হ’লঃ
(ক) অনুশাসন গঠনৰ/বজাই ৰখোৱাৰ দিশতঃ
শাৰীৰিক
শিক্ষাই মানুহৰ মানসিক আরু দৈহিক দিশত অনুশাসন গঢ়ি
তুলাত সহায় কৰে।
(খ) আবেগিক বিকাশতঃ
মানুহৰ খং, ৰাগ, চিন্তা, ভাৱনা আদি আবেগিক বিকাশৰ উত্তম মাধ্যম হিচাপে শাৰীৰিক শিক্ষাই উন্নতি সাধন কৰে।
(গ) মানুহৰ মাজত আন্তৰিকতাৰ ভাৱৰ উন্নতি সাধনতঃ
শাৰীৰিক
শিক্ষাই বিভিন্ন মানুহৰ মাজত সহণ শীলতা, সহযোগিতা আদি আন্তৰিকতাৰ ভাৱৰ উন্নতি সাধন কৰে।
(ঘ) জাতীয় সংহতি ৱজাই ৰখাৰ দিশতঃ
শাৰীৰিক
শিক্ষাই মানুহৰ জাতীয় সংহতি সুপৰিকল্পিত ভাৱে বজাই ৰখাত সহায় কৰে।
সেয়ে আমি কব পাৰো যে ‘শাৰীৰিক শিক্ষাই এটা সুস্থ জীৱনৰ বাট
দেখুৱায় ।
৬৫। ভাৰতৰ নাৰী সৱ্লীকৰণৰ লগত জড়িত দুখন কমিটিৰ নাম উল্লেখ
কৰা ।
উত্তরঃ ভাৰতৰ
নাৰী সৱ্লীকৰণৰ লগত জড়িত দুখন কমিটিৰ নাম হ’লঃ মহিলা ক্ষমতায়ন সম্পর্কিত সংসদীয় কমিটি (Parliamentary Committee on Empowerment of Women) আরু মহিলা ক্ষমতায়ন সম্পর্কিত
কমিটি (Committee on the Empowerment of Women) ৷
৬৬। পৰিৱেশৰ উপাদান কি কি?
উত্তরঃ পৰিৱেশৰ উপাদান কেইটা হ’ল- প্রাকৃতিক উপাদান আরু
সামাজিক উপাদান । প্রাকৃতিক উপাদনৰ অন্তর্গত হৈ আছে- জৈৱিক আরু অজৈৱিক । জৈৱিক
বুলিলে গছ-গছনি, জীৱজন্তু, মানুহ ইত্যাদি আরু অজৈৱিক হ’ল-ভূমি, বায়ু, পানী ইত্যাদি
। এই সকলো বোৰেই পৰিৱেশৰ উপাদান ৷
৬৭। সামাজিক
মূল্যবোধ কি?
উত্তরঃ সামাজিক মূল্যবোধ হৈছে-
এটা বিশ্বাস যাৰ ওপৰত নির্ভৰ কৰিয়েই এজন ব্যক্তিয়ে নিজস্ব রুচি অনুযায়ী সমাজৰ কাৰ্য্য সম্পাদন কৰে । সামাজিক মূল্যবোধে সমাজত সমতা,
সমভাবতা, ন্যায়, সহায়পৰায়ণতা আদি গুণসমূহৰ বিকাশৰ ক্ষেত্রত মনোনিবেশ কৰে ।
৬৮। মূল্যবোধ কি? সংজ্ঞা দিয়া ।
উত্তরঃ
মূল্যবোধ হৈছে- এটা বিশ্বাস যাৰ ওপৰত নির্ভৰ কৰিয়েই এজন ব্যক্তিয়ে নিজস্ব রুচি অনুযায়ী কাৰ্য্য সম্পাদন কৰে ।
মূল্যবোধৰ সংজ্ঞাঃ
জন ডিউইৰমতে, “Value means
primarily to prize, to esteem, to appraise, to estimate. It means the act of cherihing
something holding it and also the act of passing judgement upon the nature…”
Allport ৰ মতে মূল্যবোধ হৈছে, “এটা বিশ্বাস যাৰ ওপৰত নির্ভৰ কৰিয়েই এজন ব্যক্তিয়ে নিজস্ব রুচি অনুযায়ী কাৰ্য্য সম্পাদন কৰে ।” (“a belief upon which a man acts by preference”)
৬৯। নাৰী সৱ্লীকৰণ মানে কি?
উত্তরঃ নাৰী বা মহিলা সৱলীকৰণ হ’ল- এক প্রক্রিয়া বা এক প্রচেষ্টা যাৰ সহায়েৰে মহিলাৰ মাজত
সংলগ্ন থকা পাৰদর্শিতা সম্পর্কে অবগত কৰা আরু মহিলাসকলক উচিত সময়ত, উচিত ঠাইত উচিত
সিদ্ধান্ত লোৱাৰ ক্ষেত্রত সক্ষম কৰি তুলা । লগতে, ইয়াৰ সমসায়িকভাৱে মহিলাসকলৰ বাবে
পুরুষৰ সমভাৱে সুযোগ গ্রহণ কৰাৰ মানসিকতা গঢ়ি তুলা ।
Any Mistakes inform us please by the contact form or contact us option.