ইন্টাৰনেটৰ তিতা-মিঠা, ড০ প্রণয়ী দত্ত, নোট-পদ্মেশ্বৰ


প্রশ্নাৱলীঃ

১। চমুকৈ উত্তৰ লিখাঃ
(ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?
উত্তরঃ কুঁৱলীয়ে নৱম শ্রেণীৰ পৰা দশম শ্রেণীলৈ প্রথম হৈ উত্তীৰ্ণ হোৱা বাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল ।
(খ) ইন্টাৰনেট কি?
উত্তরঃ ইন্টাৰনেট হ’ল- বিভিন্ন প্রকাৰৰ আরু আকাৰৰ নেটৱৰ্কৰ সমষ্টি ।
(গ) কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল?
উত্তরঃ কুঁৱলীয়ে প্রথমে তাইৰ অন্তৰংগ বান্ধবী শ্বেৰণলৈ ই-মেইল কৰিছিল ।
(ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে ক’লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?
উত্তরঃ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিলো ।
(ঙ) ভাইৰাচ কি?
উত্তরঃ ভাইৰাচ হ’ল- এক ধ্বংসাত্মক অভিপ্রায়েৰে প্রস্তুত কৰা কম্পিউটাৰ প্রগ্রেম ।

২। WWW বা ৱেব কি?
উত্তরঃ WWW বা ৱেব হৈছে- পৃথিৱীজুৰি সিঁচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামূহিক ভাণ্ডাৰ । এই  WWW বা ৱেবত তথ্যবোৰ পাঠ, গ্রাফিকছ, ভিডিঅ’ আরু অডিঅ’ৰ মাধ্যমত থাকে আরু সেইসমূহ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি ।
৩। কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে?
উত্তরঃ কুঁৱলীৰ অন্তরংগ বান্ধৱী শ্বেৰণৰ পৰা এই মাক-দেউতাকৰ সৈতে ফুৰিবলৈ যোৱা ছেইণ্ট পিটাৰ্ছবাৰ্গৰ বহুতো ৰঙীন ফটোৰ সৈতে তাইৰ অভিজ্ঞতাৰ কথা ইমেইলৰ জৰিয়তে জানিব পাৰিলে । কুঁৱলীয়ে তাইৰ বন্ধু-বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্রমণৰ চাক্ষুস অভিজ্ঞতা আরু নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চকৰ সোৱাদ লাভ কৰিলে । লগতে, ইমেইলৰ জৰিয়তে ভিডিঅ’ কলিং ব্যৱহাৰ কৰি মুখা-মুখিকৈ বহি কথা পতাৰ অভিজ্ঞতা লাভ কৰিলে ।

৪। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?
উত্তরঃ ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে নিশ্চিত হ’ল যে বিজ্ঞান, কলা আরু আন সকলো ক্ষেত্রৰ বিষয়সমূহ ইণ্টাৰনেটৰ মাধ্যমেৰে জানিব পাৰি । ইণ্টাৰনেটৰ মাধ্যমেৰে শব্দবোৰৰ পৃষ্ঠাজুৰি বিৱৰণ পাব পাৰি । তাই জানিব পাৰিলে লে সমগ্র বিশ্ব ব্রহ্মাণ্ডখনেই যেন ইণ্টাৰনেটত পুঞ্জীভূত হৈ আছে ।
    কুঁৱলীৰ অন্তরংগ বান্ধৱী শ্বেৰণৰ পৰা মাক-দেউতাকৰ সৈতে ফুৰিবলৈ যোৱা ছেইণ্ট পিটাৰ্ছবাৰ্গৰ বহুতো ৰঙীন ফটোৰ সৈতে তাইৰ অভিজ্ঞতাৰ কথা ইমেইলৰ জৰিয়তে জানিব পাৰিলে । কুঁৱলীয়ে তাইৰ বন্ধু-বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্রমণৰ চাক্ষুস অভিজ্ঞতা আরু নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চকৰ সোৱাদ লাভ কৰিলে । লগতে, ইমেইলৰ জৰিয়তে ভিডিঅ’ কলিং ব্যৱহাৰ কৰি মুখা-মুখিকৈ বহি কথা পতাৰ অভিজ্ঞতা লাভ কৰিলে ।
      ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ জৰিয়তে বিজ্ঞানৰ নানান পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে শিকি ল’লে । সপ্তাহৰ কেইটামান দিনত পঢ়া সমাপ্ত কৰাৰ পিছত কিছু সময় মনোৰঞ্জনৰো আমেজ লয় । তদুপৰি, নীতিশিক্ষা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন-প্রাণ পুলকিত কৰা গীতসমূহ আরু খেলা-ধূলা উপভোগ কৰি মন প্রফুল্লিত কৰাৰ অভিজ্ঞতা অৰ্জন কৰিছে । পূজাৰ বন্ধত দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সংক্রান্তত কুঁৱলীয়ে টিকট কটা, হোটেলৰ বন্দৱস্ত কৰা, হোটেলৰ কোঠালি আরু চৌপাশৰ ফটো পৰিদৰ্শন কৰা লগতে ই-বেংকিঙৰ সহায়ত ভাৰাসমূহ জমা দিলে আরু এইকামসমূহৰ নতুন অভিজ্ঞতা প্রাপ্ত হ’ল । তদুপৰি নেট আরু ই-কমাৰ্চৰ মাধ্যমেৰে ভ্রমণৰ সাজ-পোছাক আরু অন্যান্য লাগতিয়াল সা-সামগ্রীসমূহ ঘৰতে বহি ক্রয় কৰি সময় আরু কষ্ট লাঘৱ কৰাৰ অভিজ্ঞতা অৰ্জন কৰিলে ।

৫। ভাইৰাচ কি? ইয়াৰ সম্পূর্ণ রূপ লিখা । ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? ইয়াক কেনেদৰে ৰোধ বা সমাধান কৰিব পাৰি? কুঁৱলীক এই বিষয়ে কোনে অবগত কৰিলে?

উত্তরঃ ভাইৰাচ হৈছে এক ধ্বংসাত্মক অভিপ্রায়েৰে প্রস্তুত কৰা কম্পিউটাৰ প্রগ্রেম । ইয়াৰ সম্পূর্ণ রূপ হ’ল- Vital Information Resource under Seize
ভাইৰাচে নিজকে কম্পিউটাৰত থকা আন সুস্থ প্রগ্রেম আরু ফাইনৰ লগত সংযুক্ত হৈ সাধাৰণ কামত বিজুতি ঘটায় । এই ভাইৰাচ সমূহ মূল ব্যৱসায়কাৰীজন বা ব্যৱহাৰকৰোতাজনৰ অজ্ঞাতে আরু অনুমতি নোলোৱাকৈ কম্পিউটাৰত প্রবেশ আরু স্থাপন হয় লগতে আন ফাইল, ফল্ডাৰসমূহ, আদিসমূহ মূল পথ বা কামৰ পৰা বিচলিত কৰে ।
    এভিজি (AVG) , কুইক হেল (QUICK HELL), কে ৭ (K 7), আদি এন্টিভাইৰাছ চফটৱেৰ এটা অন্তৰ্ভুক্ত কৰি ভাইৰাছক ৰোধ কৰিব পাৰি ।
    এই বিষয়টো কুঁৱলীক বিশ্ববিদ্যালয়ত পদাৰ্থবিজ্ঞানত গৱেষণা কৰি থকা শ্বাবানা বাইদেউৱে তাইক অবগত কৰিছিল ।    

৬। “ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে ।”- কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আরু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা ।
অথবাঃ ৭। ‘ইন্টাৰনেটৰ তিতা-মিঠা’ গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা ।
অথবাঃ ৮। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্র-ছাত্রীৰ জীৱনত কেনে প্রভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা । (নোট-এই উত্তৰত তলত উল্লেখিত ইন্টাৰনেটৰ সুবিধাসমূহ নিলিখিবা)

উত্তরঃ  ‘ইন্টাৰনেটৰ তিতা-মিঠা’ গল্পটোত ডপ্রণয়ী দত্তই ইণ্টাৰনেটৰ মিঠা অর্থাৎ সুফল আরু তিতা অর্থাৎ কু-ফলসমূহৰ বিষয়ে ব্যক্ত কৰিছে । নাম অনুসাৰে এই গল্পটোৰ মাধ্যমেৰে ইণ্টাৰনেটৰ সুবিধা আরু অসুবিধাসমূহ জ্ঞাত হোৱাত সুবিধা হৈছে । গল্পটোত উল্লেখিত বিশ্ববিদ্যালয়ত পদাৰ্থবিজ্ঞানত গৱেষণা কৰি থকা শ্বাবানা বাইদেউৱে কৈছিল যে “ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে ।” । গল্পটিত উল্লেখিত এই সুবিধা আরু অসুবিধাসমূহ তলত আলোচনা কৰা হ’ল ।
   
ইণ্টাৰনেটৰ মিঠা/সুবিধা/সুফল/সুযোগ সমূহ লঃ

(ক)ইণ্টাৰনেটৰ সহায়ত বিজ্ঞান, কলা আরু আন সকলো ক্ষেত্রৰ বিষয়সমূহ ইণ্টাৰনেটৰ মাধ্যমেৰে জানিব পাৰি ।

(খ)ইণ্টাৰনেটৰ মাধ্যমেৰে শব্দবোৰৰ পৃষ্ঠাজুৰি বিৱৰণ পাব পাৰি ।

(গ)সমগ্র বিশ্ব ব্রহ্মাণ্ডখনেই যেন ইণ্টাৰনেটত পুঞ্জীভূত হৈ আছে ।

(ঘ) দেশ ভ্রমণৰ চাক্ষুস অভিজ্ঞতা আরু নিজস্ব দৃষ্টিভংগীৰ ৰোমাঞ্চকৰ সোৱাদ ইমেইলৰ মাধ্যমেদি প্রেৰণ বা গ্রহণ কৰি চাব পাৰি ।

(ঙ) ইমেইলৰ জৰিয়তে ভিডিঅকলিং ব্যৱহাৰ কৰি মুখা-মুখিকৈ বহি কথা পাতিব পাৰি ।

(চ) ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ জৰিয়তে বিজ্ঞানৰ নানান পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে শিকিব পৰা যায় ।

(ছ) নীতিশিক্ষা থকা পুৰণি চিনেমাসুগায়ক-গায়িকাৰ মন-প্রাণ পুলকিত কৰা গীতসমূহ আরু খেলা-ধূলা উপভোগ কৰি মন প্রফুল্লিত কৰিব পাৰি ।

(জ)টিকট কটা, হোটেলৰ বন্দৱস্ত কৰা, হোটেলৰ কোঠালি আরু চৌপাশৰ ফটো পৰিদৰ্শন কৰা লগতে ই-বেংকিঙৰ সহায়ত ভাৰাসমূহ জমা দিয়া আদি কামসমূহ কৰিব পাৰি ।

(ঝ) নেট আরু ই-কমাৰ্চৰ মাধ্যমেৰে ভ্রমণৰ সাজ-পোছাক আরু অন্যান্য লাগতিয়াল সা-সামগ্রীসমূহ ঘৰতে বহি ক্রয় কৰি সময় আরু কষ্ট লাঘৱ কৰিব পাৰি ।


ইণ্টাৰনেটৰ তিতা/অসুবিধাসমূহ/কুফলসমহ/প্রতিবন্ধকতাসমূহঃ 

(ক) ফেচবুক, ৱাটচএপ আদি চচিয়েল মিডিয়াৰ বাবে নতুন প্রজন্মই কিতাপ আরু খেলা-ধূলাৰ পৰা আতৰি গৈছে ।

(খ) ফেচবুক, ৱাটছএপ, টুইতাৰ, ইউ টিউব আদিত বহুতো মিছা আরু ভুৱা বাতৰি সমাজত প্রচলিত হৈ ভয়ানক সমস্যাৰ সৃষ্টি হয় ।

(গ) কিছুমান বিশ্বাসযোগ্যতাৰ প্রমাণ নোহোৱা বাতৰিও চচিয়াল মিডিয়াৰ মাধ্যমেদি প্রচাৰ হয় ।

(ঘ) ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে সমনীয়া আর‍্য বয়োজ্যেষ্ঠসকলৰ প্রতি থকা বন্ধুত্ববোধ আরু দায়িত্ববোধ ক্রমান্বয়ে হ্রাস কৰিছে ।

(ঙ) ইণ্টাৰনেটৰ ব্যৱহাৰত কৰা সময়ৰ অপচয়ে পঢ়া আরু সমাজৰ প্রতি থকা দায়বদ্ধতা অক্ষুণ্ণ ৰখাত সমস্যাৰ সৃষ্টি হৈছে ।

(চ)ফেচবুক, ৱাটছএপ, টুইতাৰ, ইউ টিউব আদিৰ মেচেজবোৰতে স্কুল, কলেজ, অনুষ্ঠান, গাড়ীত যাত্রা কৰোতে আদি সকলোতে প্রায় সকলো নতুন প্রজন্ম ব্যস্ত থাকে ।   

(ছ) শেহতীয়াকৈ, ইণ্টাৰনেটৰ মাধ্যমত উপলব্ধ গেম বা খেলবোৰে নতুন প্রজন্মৰ সময়, পঢ়া আরু আন আন সু চিন্তা আরু কারু-কাৰ্যসমূহত বাধাৰ সৃষ্টি কৰিছে ।

(জ) ইণ্টাৰনেটে বাহিৰা কিতাপ, বাতৰি কাকত, আলোচনী আদিৰ লগত শিক্ষার্থীসকলৰ সম্পর্ক হ্রাস কৰিছে ।

    এনেদৰে ইণ্টাৰনেটৰ তিতা-মিঠাপাঠটিত নাম অনুসাৰে ইণ্টাৰনেটৰ মিঠা/সুবিধা/সুফল/সুযোগ সমূহক ব্যক্ত কৰিছে আরু আনহাতে তিতা/অসুবিধা/কুফল/দুৰ্যোগ সমূহক উপস্থাপন কৰিছে ।

updating...........