মানসিক স্বাস্থ্য আরু স্বাস্থ্য বিজ্ঞান, গোট-৬, by P.B.

১। মানসিক স্বাস্থ্য বিজ্ঞান বুলিলে কি বুজা?
উত্তরঃ মানসিক স্বাস্থ্য বিজ্ঞান বুলিলে এক বিজ্ঞানৰ উল্লেখযোগ্য অংশক সূচায় যি এজন ব্যক্তিৰ বা সমাজৰ মানুহবোৰৰ মানসিক অথবা মনোজগতৰ লগত জড়িত থকা শক্তি আরু সামর্থ্যসমূহৰ প্রণালীবদ্ধ অধ্যয়ণ আরু ব্যৱহাৰক বুজায় । 

২।হাইজিন(Hygine) শব্দতো মূলত_______ শব্দ ।
উত্তরঃ হাইজিন(Hygine) শব্দতো মূলত গ্রীকভাষাৰ শব্দ ।

৩। স্বাস্থ্য-বিজ্ঞান পৰিভাষাই কি বুজায় ?
উত্তরঃ স্বাস্থ্য বিজ্ঞানৰ ইংৰাজী পৰিভাষা হ’ল- Hygineএই শব্দটো গ্রীকভাষাৰ ‘hugiene’ শব্দটোৰ পৰা উৎপত্তি হৈছে । ইয়াৰ অর্থ হ’ল- ‘of health’ অর্থাৎ বেমাৰ-আজাৰ অথবা ৰোগ আরু ব্যাধিসমূহক বাধা দিয়াৰ অর্থে নিজকে আরু নিজ নিজ পৰিবেষ্টনিক পৰিস্কাৰ কৰি ৰখাৰ প্রক্রিয়াটোক বুজায় ।

৪।মানসিক স্বাস্থ্যৰ সংজ্ঞা দিয়া । মানসিক স্বাস্থ্যৰ যিকোনো চাৰিটা উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰা
উত্তরঃ হিলগাৰ্ডৰ (Hilgard-1962)  মতে- “মানসিক স্বাস্থ্য হৈছে মানসিক ৰোগৰ অনুপস্থিতি অধিক সদর্থকভাৱে ক’বলৈ হ’লে ই হৈছে সমযোজন, ফলদায়ক পূৰ্বাভিমুখীনতা আরু আগ্রহ আদিৰ দ্বাৰা বিশেষভাবে চিহ্নিত কৰা এটা অৱস্থা ।”
কিছুমান মনোবিজ্ঞানৰ মতে, “মানসিক স্বাস্থ্য হৈছে কোনো বেমাৰ আজাৰৰ পৰা মানসিকভাৱে মুক্ত হৈ থকা এটা বিশেষ অৱস্থা । ইয়াৰ দ্বাৰা এগৰাকী ব্যক্তিৰ বেমাৰ অথবা আঘাতহীন মানসিক অৱস্থা এটাৰ কথা বুজোৱা হয় ।”
মানসিক স্বাস্থ্যৰ যিকোনো চাৰিটা উদ্দেশ্য হ’লঃ
(ক) নতুন প্রত্যাহ্বানসমূহৰ মুখা-মুখী করাঃ
মানসিক স্বাস্থ্যৰ অন্যতম উদ্দেশ্য হৈছে মানুহৰ জীৱনত সংঘটিত হৈ থকা নতুন নতুন প্রত্যাহ্বানসমূহৰ লগত মুখা-মুখী কৰা আরু সমাধান কৰা
(খ) মানসিক চাপ আরু আবেগিক সমস্যাৰ লগত সমাযোজন করাঃ
মানসিক স্বাস্থ্যৰ আন এক উল্লেখনীয় উদ্দেশ্য হ’ল এই যে মানহৰ কৰ্মৰ জৰীয়তে অহা মানসিক আরু আবেগিক সমস্যাসমূহৰ লগত সমাযোজনত সহায় কৰা
(গ)সুস্থ আরু সবল মানসিক স্বাস্থ্য গঢ়ি তুলাঃ
সুস্থ আরু সবল মানসিক স্বাস্থ্য গঢ়ি তুলা মানসিক স্বাস্থ্যৰ আন এক উল্লেখনীয় উদ্দেশ্য ।
(ঘ)সামাজিক অপ্সমাজোজন আরু দৈনন্দিন জীবনৰ বদ আচৰণসমূহৰ পৰিহাৰ করাঃ
মানসিক স্বাস্থ্যৰ জৰীয়তে যাতে সামাজিক অপসমাযোজন আরু দৈনন্দিন জীৱনৰ বদ আচৰণসমূহৰ পৰিহাৰ কৰিব পাৰে তাৰ ব্যৱস্থাৰে মানসিক স্বাস্থ্যৰ উদ্দেশ্য আশা কৰা হৈছে

৫। মানসিক অসুস্থতাৰ যিকোনো দুটা কাৰণৰ বিষয়ে উল্লেখ কৰা
উত্তরঃ  মানসিক অসুস্থতাৰ যিকোনো দুটা কাৰণ হ’লঃ
(ক) আবেগিক জনিত বিষয়সমূহঃ
আবেগৰ লগত সংলগ্ন থকা বিষয়সমূহৰ বাবে মানসিক অসুস্থতা হোৱা পৰিলক্ষিত হয় ।
(খ) সামাজিক অপসমাযোজনঃ
মানসিক অসুস্থতাৰ আন এক উল্লেখনীয় দিশ হ’ল- সামাজিক অপসমাযোজন । ই এজন মানুহৰ সমাজৰ সামঞ্জস্য ৰক্ষা কৰাৰ দিশত মানসিক অসুস্থতাৰ সৃষ্টি কৰে

৬। মানসিকভাৱে অসুস্থলোক সকলক সহায় কৰাৰ যিকোনো উপায়ৰ কথা উল্লেখ কৰা
উত্তরঃ মানসিকভাবে অসুস্থলোক সকলক সহায় কৰাৰ বাবে উলেখযোগ্য উপায়সমূহ হ’লঃ
(ক) প্রণালীবদ্ধভাবে মানসিক স্বাস্থ্য বজাই ৰখাতঃ
মানসিকভাবে অসুস্থলোক সকলক মানসিক স্বাস্থ্যবিজ্ঞানৰ সহায়ত মানসিক স্বাস্থ্য বজাই ৰখাত সহায় কৰিব পাৰি
(খ) সুন্দৰ মানবীয় সম্পর্ক আরু বান্ধোন বজাই ৰখাতঃ
সুন্দৰ মানবীয় সম্পর্ক আরু বান্ধোন বজাই ৰখাতো মানসিক স্বাস্থ্যবিজ্ঞানৰ জৰীয়তে মানসিকভাবে অসুস্থলোক সকলক সহায় কৰিব পৰা যায় ।
(গ) মানসিক স্বাস্থ্যৰ লগত সম্পর্কিত সমস্যা সমূহ জনা আরু বুজাত সহায় করাঃ
     মানসিকভাবে অসুস্থলোক সকলক মানসিক স্বাস্থ্যবিজ্ঞানৰ সহায়ত মানসিক স্বাস্থ্যৰ লগত সম্পর্কিত সমস্যা সমূহ জনা আরু বুজাত সহায় কৰিব পাৰি
(ঘ) সুন্দৰ মানসিক স্বাস্থ্যবিজ্ঞানৰ অনুশীলনৰ কথাবোৰ বুজি পোৱাত সহায় করাঃ
      সুন্দৰ মানসিক স্বাস্থ্যবিজ্ঞানৰ অনুশীলনৰ কথাবোৰ বুজি পোৱাত ক্ষেত্রত মানসিক স্বাস্থ্য-বিজ্ঞানৰ সহযোগত সহায় কৰিব পাৰি
(ঙ) মানসিক অসুস্থতাৰ কাৰণবোৰ জনাতঃ
     মানসিকভাবে অসুস্থলোক সকলক মানসিক স্বাস্থ্যবিজ্ঞানৰ মাধ্যমেৰে মানসিক অসুস্থতাৰ কাৰণবোৰ জ্ঞাত হোৱাত সহায় কৰিব পাৰি ।  
(চ) সামাজিক পৰিৱেশৰ লগত সুন্দৰ সমাযোজন কৰাতঃ
     সামাজিক পৰিৱেশৰ লগত সুন্দৰ সমাযোজন কৰাৰ ক্ষেত্রত মানসিকভাবে অসুস্থলোক সকলক মানসিক স্বাস্থ্যবিজ্ঞানৰ আলমেৰে সহায় কৰিব পাৰি
(ছ) ভাৰসাম্য আবেগময়তা অথবা মানসিক বিকাৰগ্রস্ততাৰ প্রয়োজনীয়তাৰ বিষয়ে জনাত সহায়ঃ
মানসিকভাবে অসুস্থলোক সকলক মানসিক স্বাস্থ্যবিজ্ঞানৰ যোগেদি ভাৰসাম্য আবেগময়তা অথবা মানসিক বিকাৰগ্রস্ততাৰ প্রয়োজনীয়তাৰ বিষয়ে জনাত সহায় কৰিব পাৰি
(জ) অতি সুন্দৰ আরু ভাৰসাম্য মানসিক বিকাশৰ কলা কৌশলসমূহৰ বিষয়ে জনাত সহায় করাঃ
  অতি সুন্দৰ আরু ভাৰসাম্য মানসিক বিকাশৰ কলা কৌশলসমূহৰ বিষয়ে মানসিকভাবে অসুস্থ লোকসকলক মানসিক স্বাস্থ্যবিজ্ঞানৰ সহায়ত জনাত সহায় কৰিব পৰা যায় ।

৭। মানসিক স্বাস্থ্যবিজ্ঞানে কি অধ্যয়ণ কৰে ?
উত্তরঃ মানসিক স্বাস্থ্যবিজ্ঞানে অধ্যয়ণ কৰা ক্ষেত্রসমূহ হ’ল এনেধৰণরঃ
(ক)মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক ৰোগসমূহৰ কাৰণসমূহৰ বিষয়ে অধ্যয়ণ কৰে
(খ)মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক ৰোগৰ নিৰাময়ৰ কাৰণে প্রয়োজনীয় উপায় আরু ব্যৱহাৰিকভাবে এই উপায়সমূহ প্রয়োগ কৰাৰ অর্থে অধ্যয়ণ কৰে
(গ)মানসিক স্বাস্থ্যবিজ্ঞানে স্বাস্থ্যকৰ জীবন নির্বাহৰ কলা আরু কৌশল সমূহৰ বিষয়ে জনাৰ ক্ষেত্রত অধ্যয়ণ কৰে
(ঘ)মানসিক স্বাস্থ্যবিজ্ঞানে মূল্যবোধসমূহৰ গুরুত্ব উপলব্ধি কৰাৰ দিশত অধ্যয়ণ কৰে
(ঙ)মানসিক স্বাস্থ্যবিজ্ঞানে সুন্দৰ আরু সু-সামঞ্জস্য পূর্ণ কৰাৰ দিশত অধ্যয়ণ কৰে
(চ)মানসিক স্বাস্থ্যবিজ্ঞানে জীৱন নির্বাহৰ অপৰিহার্য জ্ঞানসমূহৰ বিষয়ে অধ্যয়ণ কৰে

মানসিক স্বাস্থ্য-বিজ্ঞানৰ জিকোনো দুটা সংজ্ঞা প্রদান কৰা
উত্তরঃ মানসিক স্বাস্থ্য-বিজ্ঞানৰ দুটা উল্লেখযোগ্য সংজ্ঞা হ’লঃ
(ক)ক্রো আরু ক্রোৰ মতে, “মানসিক স্বাস্থ্য-বিজ্ঞান হৈছে এনে এটা বিজ্ঞান যিয়ে মানৱ কল্যানৰ সৈতে জড়িক আরু মানুহৰ সম্পর্কৰ সকলো ক্ষেত্রকে সামৰি লয় ।”
(খ) কোভিলেৰ মতে, “মানসিক স্বাস্থ্যবিজ্ঞান নিৱাৰণ আরু শীঘ্র চিকিৎসাৰ মাজেৰে আরু মানসিক স্বাস্থ্যৰ উন্নতি ঘটোৱাৰ বাবে মানসিক অসুস্থতাৰ ঘটনা দমনৰ বাবে উপযুক্ত কাৰ্যপন্থা সন্নিবিষ্ট কৰি লোৱা বিজ্ঞান ।”

৯। মানসিক স্বাস্থ্য-বিজ্ঞানৰ জিকোনো দুটা উদ্দেশ্যৰ কথা উল্লেখ কৰা
উত্তরঃ
(ক) মানসিক স্বাস্থ্যৰ লগত সম্পর্কিত সমস্যা সমূহ জনা আরু বুজাত সহায় করাঃ
     মানসিকভাবে অসুস্থলোক সকলক মানসিক স্বাস্থ্যবিজ্ঞানৰ সহায়ত মানসিক স্বাস্থ্যৰ লগত সম্পর্কিত সমস্যা সমূহ জনা আরু বুজাত সহায় কৰিব পাৰি
(খ) সুন্দৰ মানসিক স্বাস্থ্যবিজ্ঞানৰ অনুশীলনৰ কথাবোৰ বুজি পোৱাত সহায় করাঃ
      সুন্দৰ মানসিক স্বাস্থ্যবিজ্ঞানৰ অনুশীলনৰ কথাবোৰ বুজি পোৱাত ক্ষেত্রত মানসিক স্বাস্থ্য-বিজ্ঞানৰ সহযোগত সহায় কৰিব পাৰি

১০মানসিক স্বাস্থ্য-বিজ্ঞানৰ কাৰ্যসমূহ কি কি?
উত্তরঃ মানসিক স্বাস্থ্য-বিজ্ঞানৰ কাৰ্যসমূহক তিনিটা মূল ভাগত ভাগ কৰিব পাৰিসেয়া হ’লঃ
(ক) প্রতিৰোধমূলক কাৰ্যঃ
    মানসিক স্বাস্থ্য-বিজ্ঞানে মানসিক অসুস্থতা, ব্যক্তিত্বৰ বিকাৰ আরু সমাযোজনৰ সমস্যা সমূহ নিবাৰণ কৰাত সহায় কৰেইয়াৰ উপৰিও, উপযুক্ত পুষ্টি সাধন, কিশোৰ-কিশোৰী সকলৰ পূৰ্ববৰ্তী শিক্ষাৰ ব্যৱস্থা কৰা, আবেগিক আরু সামাজিক প্রয়োজনীয়তাৰ বিকাশ ঘটোৱা, বৃত্তীয় সমাযোজন আরু উপযুক্তভাবে জীৱন নিৰ্বাহৰ পদ্ধতিৰ বিষয়ে প্রশিক্ষণ প্রদান কৰা কাৰ্যসমূহৰ ক্ষেত্রত সহায় কৰে
(খ) প্রতিকাৰমূলক কার্যঃ
প্রতিকাৰমূলকভাবে মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক অসুস্থতাৰ সমস্যাসমূহ উপলব্ধি কৰাত সহায় কৰেলগতে, এজন মানুহৰ ব্যক্তিতৰ বিকাৰ আরু সমাযোজনৰ সমস্যাসমূহ উপলব্ধি কৰাৰ উপৰিও এই সমস্যাৰাজিৰ পৰা হাত সাৰিবৰ বাবে চিকিৎসা সম্পৰ্কীয় কৌশল সমূহ প্রদান কৰে
(গ) সংৰক্ষণমূলক কার্যঃ
    মানসিক স্বাস্থ্য-বিজ্ঞানে স্বাস্থ্যৰ বাবে লাগতিয়াল গুরুত্বসমূহক উপলব্ধি কৰা আরু ইয়াৰ সংৰক্ষণৰ পৰিপেক্ষিতত লব লগা উপায় সমূহ জনাত সহায় কৰেলগতে, মানৱ জীৱন আরু মানৱ সমাজৰ কল্যাণ সাধন কৰি সংৰক্ষণমূলক প্রণালীবদ্ধ উপায় আরু কৌশলসমূহৰ জ্ঞান প্রদান কৰে

১১। মানসিক স্বাস্থ্য-বিজ্ঞানৰ যিকোনো তিনিটা লক্ষ্যৰ বিষয়ে উল্লেখ কৰা
উত্তরঃ মানসিক স্বাস্থ্য-বিজ্ঞানৰ তিনিটা লক্ষ্য হ’লঃ
(ক) মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক স্বাস্থ্য সংৰক্ষণ কৰাৰ দিশত লক্ষ্য আরু উদ্দেশ্য প্রস্তুত কৰে
(খ) মানসিক স্বাস্থ্যবিজ্ঞানে আমাৰ পৰিৱেশৰ সৈতে সুন্দৰ সমাযোজন কৰাৰ অৰ্থে ব্যক্তিত্ব বিকাশৰ বাবে কাৰ্যসূচী তৈয়াৰ কৰে
(গ) ব্যক্তিত্বৰ বিশৃংখলাসমূহৰ পৰা আতৰ কৰি ৰখা আরু মানসিক সমস্যাৰ লগত জড়িত থকা মানসিক ৰোগৰ কাৰণসমূহ বিবেচনা কৰি চিকিৎসাৰ দিশত সহায় কৰে

১২। মানসিক স্বাস্থ্য-বিজ্ঞানৰ পৰিসৰ ব্যাখা কৰা
উত্তরঃ মানসিক স্বাস্থ্যবিজ্ঞান হৈছে বিজ্ঞানৰ এক শাখা যি এজন ব্যক্তিৰ বা সমাজৰ মানুহবোৰৰ মানসিক অথবা মনোজগতৰ লগত জড়িত থকা শক্তি আরু সামর্থ্যসমূহৰ প্রণালীবদ্ধ অধ্যয়ণ আরু ব্যৱহাৰক বুজায় । সেয়েহে, পৰিৱেশৰ লগত মানুহৰ সম্পর্কক কেন্দ্র কৰি সকলো দিশকে ই সামৰি লয় । ইয়াৰ উল্লেখযোগ্য পৰিসৰসমূহ হ’লঃ
(ক) মানুহৰ সকলো মানসিক বিশৃংখলা আরু মানসিক আলোড়নৰ কাৰণসমূহক মানসিক স্বাস্থ্যবিজ্ঞানে সামৰি লয় ।
(খ) মানুহৰ উল্লেখনীয় মানসিক ৰোগৰ কাৰণ আরু ইয়াৰ প্রতিকাৰসমূহৰ সামগ্রিক দিশসমূহ হ’ল মানসিক স্বাস্থ্যবিজ্ঞানৰ অন্তর্গত ।
(গ) মানসিক স্বাস্থ্য সমূহৰ লগত সংলগ্ন থকা সংৰক্ষণমূলক উপায়সমূহৰ বিষয়ে মানসিক স্বাস্থ্যবিজ্ঞানে সামৰি লয় ।
(ঘ)মানুহৰ কোনো এক পৰিৱেশৰ সৈতে সুন্দৰ মানসিক স্বাস্থ্য গুরুত্ব উপলব্ধিকৰণৰ ক্ষেত্রত কৌশল আরু উপায়সমূহকো মানসিক স্বাস্থ্যবিজ্ঞানে অধ্যয়ণ কৰে
(ঙ) এজন মানুহৰ মানসিক ব্যক্তিত্বৰ গুরুত্ব আরু প্রক্রিয়াৰ লগত জড়িত থকা বিষয়সমূহ মানসিক স্বাস্থ্যবিজ্ঞানে সামৰি লয় ।
(চ) প্রণালীবদ্ধ মানসিক জীবনৰ বিকাশ আরু প্রক্রিয়াসমূহৰ উপায় আরু নীতিৰ বিষয়সমূহো মানসিক স্বাস্থ্যবিজ্ঞানৰ অন্তর্গত ।

১৩। মানসিক স্বাস্থ্য-বিজ্ঞানে আমাক কি দৰে সহায় কৰে?
উত্তরঃ মানসিক স্বাস্থ্য বিজ্ঞানে আমাক বহু দিশত সহায় কৰে । ইয়াৰ ভিতৰত উল্লেখযোগ্য দিশসমূহ হ’লঃ
(ক) মানসিক ৰোগসমূহ বংশানুক্রমিকভাবে কেনেকৈ হস্তান্তৰিত হয় সেই বিষয়ে উপলব্ধি কৰাত সহায় কৰে ।
(খ) মানসিক ৰোগসমূহ যে জীবনৰ কোনো বেয়া কামৰ ফল হিচাপে উদ্ভব নহয় সেই বিষয়ে জানিব দিয়ে ।
(গ) মানসিক ৰোগসমহ যে পূর্ব লক্ষণ হিচাপে সৃষ্টি নহয়, সেই বিষয়ে বোধগম্য হোয়াত সহায় কৰে ।
(ঘ) উপযুক্ত চিকিৎসাৰ জৰীয়তে কেনেকৈ মানসিক ৰোগসমূহ নিৰাময় কৰিব পাৰি এই সন্দর্ভত আমাক জ্ঞান প্রদা কৰে ।
(ঙ) প্রায়বোৰ মানসিক ৰোগসমূহ যে চিকিৎসা সম্ভব সেই বিষয়ে আমাক জ্ঞাত হোয়াত সহায় কৰে ।
(চ) মানুহৰ অস্বাভাবিক আচৰণ সমূহৰ অধ্যয়ন আরু ইয়াৰ সমাধানৰ সপক্ষে আমাক জনাত সহায় কৰে ।

১৪। মানসিকভাবে স্বাস্থ্যবান লোক এগৰাকী কোন ?
উত্তরঃ মানসিকভাবে স্বাস্থ্যবান লোক বুলি সেইগৰাকী মানুহকে কোয়া হয় যাৰ বা জিজনরঃ
(ক) সাৰীৰিকভাবে সবাথ্যবান হয় ।
(খ) আবেগিকভাবে স্থিৰ গুণসম্পন্ন হয় ।
(গ) মনোবিজ্ঞানিকভাবে শক্তিশালীৰ অধিকাৰী হয় ।
(ঘ) সামাজিকভাবে সকলো দিশতে সু-সমাজোজিত হয় ।
(ঙ) জিকোন সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত অতি আত্মবিশ্বাসী হয় ।

১৫। এগৰাকী মানসিকভাবে স্বাস্থ্যবান লোকৰ জিকোনো তিনিটা বৈশিষ্ট্যৰ বিষয়ে লিখা ।
উত্তরঃ এগৰাকী মানসিকভাবে স্বাস্থ্যবান লোকৰ তিনিটা বৈশিষ্ট্য হ’লঃ
(ক)মানসিকভাবে স্বাস্থ্যবান লোক আবেগিকভাবে স্থিৰ গুণসম্পন্ন হয় ।
(গ) লোকজন মনোবিজ্ঞানিকভাবে শক্তিশালীৰ অধিকাৰী হয় ।
(ঘ) তেওঁ সামাজিকভাবে সকলো দিশতে সু-সমাজোজিত হয় ।

১৬। উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত স্কুলৰ ভূমিকা বর্ণনা কৰা ।
উত্তরঃ
 উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত স্কুলৰ ভূমিকা অত্যন্ত গুরুত্বপূর্ণ । ইয়াৰ ভিতৰত উল্লেখযোগ্য দিশসমূহ হ’লঃ
(ক) বিদ্যালয় এখনে শিশুসকলক মনোদৈহিক শক্তিসমূহৰ সামর্থ্য আরু গুণাৱলীৰ বিকাশৰ ক্ষেত্রত সহায় আগবঢ়ায় ।
(খ) সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধিতাত প্রতিখন বিদ্যালয়ে শিক্ষার্থীসকলক আগুয়াই লৈ যায় ।
(গ) মানসিক জীৱনৰ সমস্যাবোৰ জনাৰ ক্ষেত্রতো বিদ্যালয়সমূহে সহায় কৰে,
(ঘ) ব্যক্তিত্বৰ গুণাৱলীৰ আরু শক্তি সামর্থ্যৰ বিকাশত বিদ্যালয়ে গুরুত্বপূর্ণ ভূমিকা পালন কৰে ।
(ঙ) সকলো ছাত্র-ছাত্রীকে আবেগিকভাৱে শক্তিশালী কৰি তোলাত বিদ্যালয়সমূহে সহায় কৰে ।
(চ) উপযুক্তভাৱে সমাযোজন কৰা, প্রয়োজনীয়তা উপলব্ধি কৰা আরু ইয়াৰ বাবে উপায়সমূহৰ বিষয়ে বিদ্যালয়সমূহৰ জৰীয়তে শিক্ষার্থীসকলে লাভ কৰে ।
(ছ) শান্তিপূর্ণ জীৱন যাপনৰ বাবে সকলো প্রকাৰৰ মূল্যবোধৰ মূল্য উপলব্ধিত কৰাত বিদ্যালয়ৰ শিক্ষা আরু অভিজ্ঞতাসমূহে সহায় কৰে,
(জ) বিদ্যালয়ে সু-সামঞ্জস্য আরু ভাৰসাম্যপূর্ণ ব্যক্তিত্বৰ বিকাশৰ ক্ষেত্রত প্রয়োজনীয় সকলো সহায় আগবৰঢ়ায় । 
  
১৭। মানসিক অসুস্থতা নিবাৰণত বিদ্যালয়ৰ যিকোনো চাৰিটা ভূমিকাৰ কথা উল্লেখ কৰা ।
উত্তরঃ   মানসিক অসুস্থতা নিবাৰণত বিদ্যালয়ৰ চাৰিটা ভূমিকা হ’লঃ
 (ক) বিদ্যালয় এখনে শিশুসকলক মনোদৈহিক শক্তিসমূহৰ সামর্থ্য আরু গুণাৱলীৰ বিকাশ সাধন কৰি মানসিক অসুস্থতা নিবাৰণত সহায় কৰে ।
(খ) সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধিতাৰ জৰীয়তে মানসিক অসুস্থতা দূৰ কৰি প্রতিখন বিদ্যালয়ে শিক্ষার্থীসকলক আগুয়াই লৈ যায় ।
(গ) মানসিক জীবনৰ সমস্যাবোৰ জ্ঞাত কৰাই মানসিক অসুস্থতা নিবাৰণত বিদ্যালয়সমূহে সহায় কৰে,
(ঙ) সকলো ছাত্র-ছাত্রীকে আবেগিকভাবে শক্তিশালী কৰি মানসিক অসুস্থতা নিবাৰণত  বিদ্যালয়সমূহে সহায় কৰে ।


  
 
updating & checking............