মূলভাৱঃ
করুণতম কবিতাটিৰ মাজেৰে কবি-ড০ নিৰ্মলপ্রভা বৰদলৈয়ে মাক-বাপেকৰ অতীতৰ স্মৃতিক রুমন্থণ কৰিছে । লগতে, তেওঁৰ ভৱিষ্যত প্রজন্মৰ অৰ্থাৎ তেওঁৰ সন্তানৰ বাবে তেওঁৰ স্মৃতি কেনেদৰে আরু ক’ত ৰাখিব তাৰ সন্দৰ্ভত চিন্তা আরু উদ্বেগ প্রকাশ কৰিছে ।
আহিনৰ পথাৰৰ গোন্ধ পালে কবিৰ
পিতৃৰ স্মৃতি জাগ্রত হয় । কাৰণ কবিৰ পিতৃ এজন কৃষক আছিল । কৃষি-কৰ্মৰে তেওঁ
জীৱন-জীৱিকা চলাইছিল । কবিৰ এই ভাবনাই পিতৃৰ প্রতি থকা অশেষ শ্রদ্ধা আৰু স্মৃতিক ফুটাই তুলিছে । কবিজনাই পিতৃদেৱতাক মৃত্যুৰ
পিছতো তেওঁৰ আদৰ্শক আহিনৰ পথাৰৰ মাজেৰে পুনঃস্মৰণ কৰিছে । লগতে, অতীত ৰোমন্থন কৰি
পিতৃৰ প্রতি থকা ভক্তি ভাবৰ পৰিসৰ বৃদ্ধি কৰিছে । (“আহিনৰ পথাৰৰ গোন্ধ কেনেবাকে নাকত আহি লাগিলে
মই হেৰা পাওঁ মোৰ দেউতাক ।”)
কবিয়ে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত
মাতৃ-স্মৃতি জাগ্রত কৰে । কবিৰ মাতৃ শিপিনী আছিল । কবিৰ মাতৃয়ে নিৰ্দিষ্ট শিপিনী কৰ্মৰে সময়ৰ বুকুত
স্বাক্ষৰ ৰাখি গৈছে । কবিয়ে আই-মাতৃৰ স্মৃতিক পুনৰ ৰোমন্থণ কৰিছে । তেওঁৰ মাতৃৰ
প্রতি থকা অগাধ ভক্তি তেওঁৰ মনত বিৰাজমান হৈ আছে । লগতে, মাকৰ প্রতি থকা শ্রদ্ধা
বৰ্তমানেও বৰ্তাই ৰাখিছে । (“দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসত মই হেৰা পাওঁ মোৰ আইক”)
ভৱিষ্যত প্রজন্ম সম্পৰ্কে কবিয়ে সংশয় প্রকাশ কৰি
উল্লেখ কৰিছে যে কবিগৰাকীয়ে কেনেদৰে তেওঁৰ স্মৃতি পাছৰ প্রজন্মৰ বাবে লিপিবদ্ধ কৰিব
। কবিয়ে নিজৰ সন্তান বা ভৱিষ্যত প্রজন্মৰ বাবে কোনো কৃতি এৰি যাব নোৱাৰিব বুলি দুখ
প্রকাশ কৰিছে । যেনেকৈ কবিৰ পিতৃ-মাতৃয়ে বা পূৰ্ব প্রজন্মই নিৰ্দিষ্ট কৰ্মৰে সময়ৰ
বুকুত স্বাক্ষৰ ৰাখি গৈছে । কিন্তু কবিৰ পক্ষে সেইদৰে সম্ভৱ নহ’বযেন অনুভৱ কৰি
সংশয় প্রকাশ কৰিছে । (“মই মোক মোৰ সন্তানৰ কাৰণে ক’ত থৈ যাম ক’ত??”