খ-অংশ, ধৰ ঝাডু ধৰ ভাই, অম্বিকাগিৰী ৰায়চৌধুৰী, নোট-পদ্মেশ্বৰ


মূল পাঠ-

ধৰ ঝাডু ধৰ ভাই ! 
আৰু চাবৰ সময় নাই-
চাই থাকোঁতে মুখত কেৱল
ভৰিল কাজল-ছাই ।

সাতাম পুৰুষৰ
আহা! সোণৰ চোতাল ঘৰ
কত যুগৰ ভূঁহুৰ পৰি
আছে যে পোত খাই ।

কৰিলিতো ইমান দিনে
পৰ গোলামি হীনে-ঘিণে-
পূজা দিলি পৰ চৰণত
জীৱন ঢালি ধাৰে-ঋণে-
হ’ল এৱে তোৰ সময় হ’বৰ
জাতিৰ ঝাডুদাৰ যে ভাই ।

হিংসা-দ্বেষৰ, ভেদাভেদৰ,
ঘৃণা-ঘৃণি স্বার্থ ভেমৰ
কত যে কি মলি-মামৰ
ভৰি জাতিৰ জীৱন যায়,-
ধৰ ঝাডু ধৰ ভাই
বীৰ-বেশেৰে ধৰ ঝাডু ধৰ
জাতিৰ জীৱন কৰ মনোহৰ
সাৰি-পুছি চুকে-কোণে
যত যি আছে জাহি-জাবৰ

নহ’লে যে বিশ্ব-সভাত
নহ’ব তোৰ বহাৰ ঠাই ।



প্রশ্নাৱলীঃ


১ ৷ অতি চমুকৈ উত্তৰ দিয়াঃ

(ক) অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?
উত্তৰঃ  অম্বিকাগিৰী ৰায়চৌধুৰীক ‘অসম কেশৰী’ আখ্যা দিয়া হৈছিল ।

(খ) সাতাম পুৰুষীয়া ‘সোণৰ চোতাল-ঘৰ’ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে?
উত্তৰঃ সাতাম পুৰুষীয়া ‘সোণৰ চোতাল-ঘৰ’ বহু যুগৰ ভূঁহৰ অর্থাৎ জাবৰ-জোঁথৰ পোত খাই আছে বুলি কবিয়ে কৈছে । 

(গ) জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাডু ধৰিবলৈ কৈছে?
উত্তৰঃ জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাডু ধৰিবলৈ কৈছে ।

(ঘ) কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে?
উত্তৰঃ কবিয়ে চাই থাকোঁতে মুখ কাজল-ছাই অর্থাৎ কলংক, পৰাধীনতা, কালিমা আদিৰে ভৰি পৰিল বুলিছে ।

২। ‘হ’ল এৱে তোৰ সময় হ’বৰ
জাতিৰ ঝাডুদাৰ যে ভাই ।’
-   ইয়াত কবিয়ে কি কাৰণে ‘জাতিৰ ঝাডুদাৰ’ হোৱাৰ সময় হ’লহি বুলি সকীয়াই দিছে ।

উত্তৰঃ ইয়াত কবিয়ে ‘জাতিৰ ঝাডুদাৰ’ হোৱাৰ সময় হ’লহি বুলি সকীয়াই দিছে । কাৰণ, জনগণৰ মাজত পৰস্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা, কপট, আদিৰে মানুহৰ মনবোৰ ভৰি পৰিছে আৰু পৰাধীন ভাৰতক স্বাধীন কৰিবলৈ সকলোৱে একেলগে আগ বাঢ়ি অহাত ব্যৰ্থ হৈছে । সেয়েহে কবিয়ে এই হিংসা-ভেদসমূহ আতৰ কৰি ‘জাতি’ৰ বাবে ‘জাতিৰ ঝাডুদাৰ’ হৈ এই বদ কপটসমূহ আতৰ কৰি স্বাধীনতাৰ বাবে সংগ্রাম কৰিবলৈ আহ্বান কৰিছে ।

৩। ‘নহ’লে যে বিশ্ব সভাত
নহ’ব ঝাডুদাৰ যে ভাই ।’
-   বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে?
-    
উত্তৰঃ কবিজনাৰ মতে ভাৰতৰ জনগণৰ মাজত পৰস্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা, কপট, স্বার্থ, ভেম আদি বদ অভ্যাসেৰে মনবোৰ ভৰি পৰিছে । সেয়েহে নিজৰ জাতি বা দেশৰ পৰাধীনতাৰ কথা সকলোয়ে পাহৰি গৈছে লগতে পৰাধীনতাৰ সুৱাদ লব লগা হৈছে ।
    সেয়েহে কবিজনাই সকলো জনগণকে এতিয়া সাজু হবৰ বাবে আহ্বান জনাইছে । বীৰ-বেশেৰে ‘জাতিৰ ঝাডুদাৰ’ হৈ সকলো বদ অভ্যাস ত্যাগ বা পৰিহাৰ কৰি স্বাধীনতাৰ হকে সংগ্রাম কৰিবলৈ অনুৰোধ কৰিছে । কবিয়ে কৈছে যে যদি হিংসা-ভেদাভেদ ত্যাগ কৰি একতাৰে সংগ্রাম নকৰে তেতিয়া বিশ্ব-সভাত অর্থাৎ বিশ্বত তলতীয়া দেশ হিচাপে পৰাধীন হৈ থাকিব ।


৪।  ‘ধৰ ঝাডু ধৰ ভাই’- কবিতাটিৰ মূলভাৱ লিখা ।
উত্তৰঃ
    ‘ধৰ ঝাডু ধৰ ভাই’ কবিতাটি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱে ভাৰত পৰাধীন হৈ থকাৰ সময়ত আন্দোলন কৰি সশ্রম কাৰাদণ্ড খাটি পায়খানা চাফা কৰি থকা সময়ত ৰচনা কৰিছিল ।

    ধৰ ঝাডু ধৰ ভাই কবিতাটিৰ মাধ্যমেৰে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ভাৰতৰ জনগণক স্বাধীনতাৰ হকে একেলগ হৈ সংগ্রাম কৰিবলৈ আহ্বান কৰিছে । কবিজনাৰ মতে ৰৈ থকাৰ বাবে এতিয়া আৰু সময় নাই । চাই থাকোতে সকলো সমস্যা আরু পৰাধীনতাই ভাৰতৰ মানহৰ মাজত বিৰাজমান হৈ আছে ।

    কবিজনাই উল্লেখ কৰিছে সাতাম পুরুষীয়া সোণৰ চোতাল ঘৰ অর্থাৎ ভাৰতৰ সংস্কৃতি আৰু কাৰু-কাৰ্যত এতিয়া পৰাধীনতাৰ চিহ্ন দেখা গৈছে ।

    কবিজনাই সকলো জনগণক বহুদিন ইংৰাজৰ তলতীয়া হৈ গোলামি কৰাৰ কথা ব্যক্ত কৰিছে আৰু ইংৰাজৰ হৈ ভাৰতৰ জনগণে সকলো কাম-কাজ কৰাৰ কথা উল্লেখ কৰিছে ।

    কবিজনাৰ মতে ভাৰতৰ জনগণৰ মাজত পৰস্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা, কপট, স্বার্থ, ভেম আদি বদ অভ্যাসেৰে মনবোৰ ভৰি পৰিছে । সেয়েহে নিজৰ জাতি বা দেশৰ পৰাধীনতাৰ কথা সকলোয়ে পাহৰি গৈছে লগতে পৰাধীনতাৰ সুৱাদ লব লগা হৈছে ।

    সেয়েহে কবিজনাই সকলো জনগণকে এতিয়া সাজু হবৰ বাবে আহ্বান জনাইছে । বীৰ-বেশেৰে ‘জাতিৰ ঝাডুদাৰ’ হৈ সকলো বদ অভ্যাস ত্যাগ বা পৰিহাৰ কৰি স্বাধীনতাৰ হকে সংগ্রাম কৰিবলৈ অনুৰোধ কৰিছে । কবিয়ে কৈছে যে যদি হিংসা-ভেদাভেদ ত্যাগ কৰি একতাৰে সংগ্রাম নকৰে তেতিয়া বিশ্ব-সভাত অর্থাৎ বিশ্বত তলতীয়া দেশ হিচাপে পৰাধীন হৈ থাকিব ।


৫। ব্যাখ্যা করাঃ

(ক) হিংসা-দ্বেষৰ, ভেদাভেদৰ,
ঘৃণা-ঘৃণি স্বার্থ ভেমৰ
কত যে কি মলি-মামৰ
ভৰি জাতিৰ জীৱন যায় ।

উত্তৰঃ  
উক্ত কথাফাকি আমাৰ দশম শ্রেণীৰ ‘অসমীয়া সাহিত্য চয়নিকা’ (নতুন) পাঠ্যপুথিৰ ‘ধৰ ঝাডু ধৰ ভাই’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।

এই কবিতাংশৰ মাধ্যমেদি কবি অম্বিকাগিৰী ৰায় চৌধুৰীয়ে হিংসা-দ্বেষৰ, ভেদাভেদ, ঘৃণা-ঘৃণি, স্বাৰ, ভেম আদি বদ অভ্যাসৰ কাৰণে জাতিটো অস্তিত্ব নোহোৱাৰ কথা ব্যক্ত কৰিছে ।

কবিজনাৰ মতে ভাৰতৰ জনগণৰ মাজত পৰস্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা, কপট, স্বার্থ, ভেম আদি বদ অভ্যাসেৰে মনবোৰ ভৰি পৰিছে । সেয়েহে নিজৰ জাতি বা দেশৰ পৰাধীনতাৰ কথা সকলোয়ে পাহৰি গৈছে লগতে পৰাধীনতাৰ সুৱাদ লব লগা হৈছে । সেয়েহে কবিয়ে সকলো জনগণক আহ্বান কৰিছে যে সকলোয়ে এই বদ অভ্যাসসমূহ ত্যাগ কৰি একগোট হৈ জাতিৰ কাৰণে সংগ্রাম কৰিব লাগে ।


(খ) ধৰ ঝাডু ধৰ ভাই ।
আরু চাবৰ সময় নাই-
চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল-ছাই ।

উত্তৰঃ উক্ত কথাফাকি আমাৰ দশম শ্রেণীৰ ‘অসমীয়া সাহিত্য চয়নিকা’ (নতুন) পাঠ্যপুথিৰ ‘ধৰ ঝাডু ধৰ ভাই’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।

এই কবিতাংশৰ মাধ্যমেদি কবি অম্বিকাগিৰী ৰায় চৌধুৰীয়ে হিংসা-দ্বেষৰ, ভেদাভেদ, ঘৃণা-ঘৃণি, স্বাৰ, ভেম আদি বদ অভ্যাসৰ কাৰণে জাতিটো অস্তিত্ব নোহোৱাৰ কথা ব্যক্ত কৰিছে আৰু সময় নষ্ট নকৰি ‘জাতিৰ ঝাডুদাৰ’ হিচাপে এই বদ অভ্যাসসমূহ ত্যাগ কৰি জাতিৰ ৰক্ষা কৰিব লাগে ।

কবিজনাই ভাৰতৰ জনগণক স্বাধীনতাৰ হকে একেলগ হৈ সংগ্রাম কৰিবলৈ আহ্বান কৰিছে । কবিজনাৰ মতে ৰৈ থকাৰ বাবে এতিয়া আৰু সময় নাই । চাই থাকোতে সকলো সমস্যা আৰু পৰাধীনতাই ভাৰতৰ মানহৰ মাজত বিৰাজমান হৈ আছে । সেয়েহে সকলো জনগণক কবিয়ে আহ্বান কৰিছে যে সকলো জনগণে একগোট হৈ স্বাধীনতাৰ বাবে সংগ্রাম কৰিব লাগে ।


৬। ‘ধৰ ঝাডু ধৰ ভাই’- কবিতাটোৰ মাজেৰে কবি ৰায়চৈধুৰীদেৱৰ স্বদেশপ্রেমৰ ভাব কিদৰে প্রকাশ পাইছে লিখা ।

উত্তৰঃ ধৰ ঝাডু ধৰ ভাই কবিতাটিৰ মাধ্যমেৰে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ভাৰতৰ জনগণক স্বাধীনতাৰ হকে একেলগ হৈ সংগ্রাম কৰিবলৈ আহ্বান কৰিছে । কবিজনাৰ মতে ৰৈ থকাৰ বাবে এতিয়া আৰু সময় নাই । চাই থাকোতে সকলো সমস্যা আৰু পৰাধীনতাই ভাৰতৰ মানহৰ মাজত বিৰাজমান হৈ আছে ।

    কবিজনাই উল্লেখ কৰিছে সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ অর্থাৎ ভাৰতৰ সংস্কৃতি আৰু কাৰু-কাৰ্যত এতিয়া পৰাধীনতাৰ চিহ্ন দেখা গৈছে ।

    কবিজনাই সকলো জনগণক বহুদিন ইংৰাজৰ তলতীয়া হৈ গোলামি কৰাৰ কথা ব্যক্ত কৰিছে আৰু ইংৰাজৰ হৈ ভাৰতৰ জনগণে সকলো কাম-কাজ কৰাৰ কথা উল্লেখ কৰিছে ।

    কবিজনাৰ মতে ভাৰতৰ জনগণৰ মাজত পৰস্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা, কপট, স্বার্থ, ভেম আদি বদ অভ্যাসেৰে মনবোৰ ভৰি পৰিছে । সেয়েহে এই সকলো ত্যাগ বা বৰ্জন কৰি দেশ আৰু জাতিৰ বাবে একগোট হৈ স্বাধীনতাৰ বাবে সংগ্রাম কৰিব লাগে ।

    এনেদৰে ‘ধৰ ঝাডু ধৰ ভাই’ কবিতাটিৰ মাধ্যমেৰে কবিজনাৰ স্বদেশপ্রেমৰ ভাব সুন্দৰ ভাবে প্রকাশ পাইছে ।


any mistakes found, inform by the ‘contact us’ option or comment

updating…………..