“যোগ্য ভোগ্য বসুন্ধৰা”, ( A Comedy & Life related Poem), -পদ্মেশ্বৰ বৰা , তাৰিখ- ২৩-০৬-২০

১। Result দিলে Matricৰ, কিযে মজা লাগিল,
কিন্তু মোৰ পিঠিৰ দবাটো, স-শব্দৰে বাজিল ।

২। ভাবিছিলো মই ডক্টৰ হম, চিকিৎসা কৰিম ৰোগীক,
Science ত কিয় নম্বৰ পাওঁ, শূণ্য শতাধিক ?

৩। মাজে মাজে ভাবি থাকো, ঘৰৰ ইঞ্জিনিয়াৰ হম,
কিন্তু কোনে জানে ? প্রবেশিকাতে মই, বাৰ বাৰ ৰম ।

৪। মজা লাগে ভাবি ভাবি, পুলিচ-আৰ্মীৰ চাকৰি,
নাজানো কিয়? এশমিটাৰ দৌৰিলেই, মুণ্ড ঘূৰে চকৰি ।

৫। ডাকঘৰলৈ গ’লে ভাবো, POSTMASTER হম,
কিন্তু আজিলৈকে নাজানো, চিঠিৰ কিমান আছে ৰকম ।

৬। HEAD SIR ক দেখিলে ভাবো, বিখ্যাত হম ছাৰ,
কিন্তু নকল কৰি কৰি, WHATSAPP-FACEBOOK কৰি খতম সদাছাৰ ।

৭। ঘপককে ভাবো FILM ACTOR হৈ টকাৰ বঢ়াম জুৰ,
কিন্তু LOCAL STAGE তে ৫০ বাৰ, বুকু কঁপে যে মোৰ ।

৮। যুদ্ধ দেখি ভাবিলো, ARMY ত হ’মগৈ ফিট,
দৌৰা বাদেই, চেহেৰা মোৰ, WHOLE BODY UNFIT ।

৯। TESTER ললেই লাগে, মই Mechanic USTAD,
কিন্তু বাম্পাৰ ছৰ্ট খাই, হাম্পাৰ সপোন, TOTAL বদবাদ ।

১০। এদিন ভাবিলো কম্পিউটাৰ শিকি, হম Super Typiss (Typist),
কিযে হব, ENGLISH বোপাই, কৰিলে DIRECT DISMISS ।

১১। এদিন ৰান্দা মাৰি মাৰি ভাবিলো, কাঠমিস্ত্রীয়ে হম,
কিন্তু কোনে জানে? বনোৱা বিচনাখন তিনিভাগত ভগাই লম ।

১২। কোৰণি লৈ হঠাৎ ভাবিলো, পকামিস্ত্রীয়ে BEST,
কিযে কম, তিনি ইঞ্চি WALL বনাই, বদবাদ হ’ল CHEST ।

১৩। বাতৰি চাই চাই, এদিন মনে মনে ভাবিলো
        NEWS REPORTER হ’ম,
কিন্তু REPORT লওতে, খালো PUBLIC ধুলাই
        BODY ৰ বাহিল দম ।

১৫। কেতিয়াবা ভাবো, ৰাজনীতিবিদ হৈ, ৰাইজৰ খুলিম বীমা,
কিন্তু বাৰ বাৰ পাহৰো, হঠাতে মই, অসমৰ চাৰিসীমা ।

১৬। সুগন্ধি পখিলাই মনত নাচে, লেখক হ’বলৈ,
কিন্তু WHATSAPP ৰ চিন্তাই Tik-Tok গুন্ধাই, সাহিত্য বা ছন্দ নাহে মনলৈ ।

১৭। মাটি-কাঠৰে, ৰবট বনাই ভাবিলো,
SCIENTIST বনি যাম,
কোনে জানে? SCIENCE SUBJECT ত মই,
ৰাম টাঙন খাম ।

১৮। JIO SIM চলাই ভাবিয়েই পেলালো,
মুকেশ দাৰ দৰে হম,
কিন্তু হাততে নাই কণটো, ফালটো কথাবোৰত BUSY হয় মনটো
ভাবিয়েই ভাবিয়েই ৰম ।

১৯। হঠাৎ আজি মই বুজি উঠিলো
        “যোগ্য ভোগ্য বসুন্ধৰা”,
যোগ্য হ’লে, সকলো ফালে
        ভোগ্য হয় হৰা-ভৰা ।

২০। যোগ্য হ’লে জ্ঞান-বিজ্ঞানেৰে,
উন্নতি সৰ্বগামী,
উদ্দেশ্য সৎ হ’লে, জীৱন সাৰ্থক হ’ব,
সংগে সদা  অন্তৰ্যামী ।

২১। সমাজৰ বহু অভাৱ আছে,
হোৱা নাই সকলো শেষ,
সেই প্রয়োজন পূৰণ কৰিলে,
হ’ৱ জীৱনৰ অভিলেখ ।

২২। কৰি যাম সমাজৰ, ৰাইজৰ বাবে,
দেশৰ হৈ কৰিম পণ,
ইয়েই হ’ব মোৰ, স্বদেশ লক্ষ্যৰ,
        জীৱনৰ একমাত্র ৰণ ।


ধন্যবাদেৰে,

পদ্মেশ্বৰ বৰা