“যোগ্য ভোগ্য বসুন্ধৰা”, ( A Comedy & Life related Poem), -পদ্মেশ্বৰ বৰা , তাৰিখ- ২৩-০৬-২০

১। Result দিলে Matricৰ, কিযে মজা লাগিল,
কিন্তু মোৰ পিঠিৰ দবাটো, স-শব্দৰে বাজিল ।

২। ভাবিছিলো মই ডক্টৰ হম, চিকিৎসা কৰিম ৰোগীক,
Science ত কিয় নম্বৰ পাওঁ, শূণ্য শতাধিক ?

৩। মাজে মাজে ভাবি থাকো, ঘৰৰ ইঞ্জিনিয়াৰ হম,
কিন্তু কোনে জানে ? প্রবেশিকাতে মই, বাৰ বাৰ ৰম ।

৪। মজা লাগে ভাবি ভাবি, পুলিচ-আৰ্মীৰ চাকৰি,
নাজানো কিয়? এশমিটাৰ দৌৰিলেই, মুণ্ড ঘূৰে চকৰি ।

৫। ডাকঘৰলৈ গ’লে ভাবো, POSTMASTER হম,
কিন্তু আজিলৈকে নাজানো, চিঠিৰ কিমান আছে ৰকম ।

৬। HEAD SIR ক দেখিলে ভাবো, বিখ্যাত হম ছাৰ,
কিন্তু নকল কৰি কৰি, WHATSAPP-FACEBOOK কৰি খতম সদাছাৰ ।

৭। ঘপককে ভাবো FILM ACTOR হৈ টকাৰ বঢ়াম জুৰ,
কিন্তু LOCAL STAGE তে ৫০ বাৰ, বুকু কঁপে যে মোৰ ।

৮। যুদ্ধ দেখি ভাবিলো, ARMY ত হ’মগৈ ফিট,
দৌৰা বাদেই, চেহেৰা মোৰ, WHOLE BODY UNFIT

৯। TESTER ললেই লাগে, মই Mechanic USTAD,
কিন্তু বাম্পাৰ ছৰ্ট খাই, হাম্পাৰ সপোন, TOTAL বদবাদ ।

১০। এদিন ভাবিলো কম্পিউটাৰ শিকি, হম Super Typiss (Typist),
কিযে হব, ENGLISH বোপাই, কৰিলে DIRECT DISMISS

১১। এদিন ৰান্দা মাৰি মাৰি ভাবিলো, কাঠমিস্ত্রীয়ে হম,
কিন্তু কোনে জানে? বনোৱা বিচনাখন তিনিভাগত ভগাই লম ।

১২। কোৰণি লৈ হঠাৎ ভাবিলো, পকামিস্ত্রীয়ে BEST,
কিযে কম, তিনি ইঞ্চি WALL বনাই, বদবাদ হ’ল CHEST

১৩। বাতৰি চাই চাই, এদিন মনে মনে ভাবিলো
        NEWS REPORTER হ’ম,
কিন্তু REPORT লওতে, খালো PUBLIC ধুলাই
        BODY ৰ বাহিল দম ।

১৫। কেতিয়াবা ভাবো, ৰাজনীতিবিদ হৈ, ৰাইজৰ খুলিম বীমা,
কিন্তু বাৰ বাৰ পাহৰো, হঠাতে মই, অসমৰ চাৰিসীমা ।

১৬। সুগন্ধি পখিলাই মনত নাচে, লেখক হ’বলৈ,
কিন্তু WHATSAPP ৰ চিন্তাই Tik-Tok গুন্ধাই, সাহিত্য বা ছন্দ নাহে মনলৈ ।

১৭। মাটি-কাঠৰে, ৰবট বনাই ভাবিলো,
SCIENTIST বনি যাম,
কোনে জানে? SCIENCE SUBJECT ত মই,
ৰাম টাঙন খাম ।

১৮। JIO SIM চলাই ভাবিয়েই পেলালো,
মুকেশ দাৰ দৰে হম,
কিন্তু হাততে নাই কণটো, ফালটো কথাবোৰত BUSY হয় মনটো
ভাবিয়েই ভাবিয়েই ৰম ।

১৯। হঠাৎ আজি মই বুজি উঠিলো
        “যোগ্য ভোগ্য বসুন্ধৰা”,
যোগ্য হ’লে, সকলো ফালে
        ভোগ্য হয় হৰা-ভৰা ।

২০। যোগ্য হ’লে জ্ঞান-বিজ্ঞানেৰে,
উন্নতি সৰ্বগামী,
উদ্দেশ্য সৎ হ’লে, জীৱন সাৰ্থক হ’ব,
সংগে সদা  অন্তৰ্যামী ।

২১। সমাজৰ বহু অভাৱ আছে,
হোৱা নাই সকলো শেষ,
সেই প্রয়োজন পূৰণ কৰিলে,
হ’ৱ জীৱনৰ অভিলেখ ।

২২। কৰি যাম সমাজৰ, ৰাইজৰ বাবে,
দেশৰ হৈ কৰিম পণ,
ইয়েই হ’ব মোৰ, স্বদেশ লক্ষ্যৰ,
        জীৱনৰ একমাত্র ৰণ ।


ধন্যবাদেৰে,

পদ্মেশ্বৰ বৰা