অধ্যায়-১, ৰাসায়নিক বিক্রিয়া আরু সমীকৰণ (Chemical Reaction and equations) , by Podmeswar

সংযোজন বিক্রিয়া / COMBINATION REACTION

এটা বিক্রিয়াত য’ত দুই বা ততোধিক বিক্রিয়ক পদার্থ লগ হৈ এটা মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন হয়, তাকে সংযোজন বিক্রিয়া বোলে ।

In a reaction in which a single product is formed from two or more reactants is known as a combination reaction.

 

সৰল ভাষাত আমি ক’ব পারোঁ যে, যেতিয়া দুটা বা ততোধিক পদার্থ (মৌল বা যৌগ) লগ হৈ এটা মাত্র বিক্রিয়াজাত পদার্থ গঠন হয়, তেতিয়া বিক্রিয়াবোৰক সংযোজন বিক্রিয়া বোলা হয় ।

In simple language we can say that when two or more substances (elements or compounds) combine to form a single product, the reactions are called combination reactions.

 

অর্থাৎ, সংযোজন বিক্রিয়া হৈছে এনে এক ৰাসায়নিক বিক্রিয়া য’ত দুই বা তাতকৈ অধিক বিক্রিয়ক পদার্থ লগ হৈ এটা বিক্রিয়াজাত পদার্থ উৎপন্ন হয় ।

Or, Combination Reaction is a type of chemical reaction where two or more substances (elements or compounds) combine to form a single product.  

 

Example-1: 

Cao (S) + H2O (l)  Ca (OH2) (aq) + তাপ / Heat

এই বিক্রিয়াত কেলছিয়াম অক্সাইড বা পূৰা চূণ (Cao) আরু পানী  সংযোজিত হৈ এটা মাত্র বিক্রিয়াজাত পদার্থ কেলছিয়াম হাইড্র’ক্সাইড  বা শিথিলত চূণৰ (বেৰত বগা রং কৰাৰ বাবে ব্যৱহৃত) উৎপন্ন হৈছে ।  

In this reaction, calcium oxide (Cao) and water combine to form a single product, calcium hydroxide (for whitewashing walls).

 

Example-2

Ca(OH)2 (aq) + CO2 (g)  CaCO3 (s) + H2O (l)

এই বিক্রিয়াত, কেলছিয়াম হাইড্র’ক্সাইড { Ca(OH)2 (aq) } আরু কার্বন ডাই অক্সাইড { CO2+ (g)}  লগ লাগি কেলছিয়াম কার্বনেটৰ {CaCO3 (s)} সৃষ্টি হৈছে ।

In this reaction, combining Calcium hydroxide {Ca (OH)2 (aq) } and carbon dioxide  { CO2+ (g)} form a single product, Calcium Carbonate {CaCO3 (s)}.  

 

Example-3

কয়লাৰ দহন / Burning of Coal

C(s) + O2 (g)  CO2 (g)

 

Example-4

পানীৰ গঠন / Formation of Water

2H2 (g) + O2 (g)  2H2O (l)

 

 

 

 

*তাপবৰ্জী ৰাসায়নিক বিক্রিয়া / EXOTHERMIC CHEMICAL REACTIONS

যিবোৰ বিক্রিয়াত বিক্রিয়াজাত পদার্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ বা উৎপন্ন হয়, সেইবোৰক তাপবর্জী ৰাসায়নিক বিক্রিয়া বোলা হয় । অর্থাৎ তাপবর্জী ৰাসায়নিক বিক্রিয়া হৈছে এনে এক বিক্রিয়া য’ত তাপৰ উদ্ভৱ বা উৎপন্ন হয় ।  

Those reactions in which/where, heat is released or evolved along with the formation of products are called exothermic chemical reactions.  Or, Exothermic Chemical reaction is a type of reaction where heat is evolved or released.

 

Example-1

Cao (S) + H2O (l)  Ca (OH2) (aq) + তাপ / Heat

এই বিক্রিয়াত, কেলছিয়াম অক্সাইডে পানীৰে সৈতে তীব্রভাৱে বিক্রিয়া কৰি শিথিলিত চূণ কেলছিয়াম হাইড্র’ক্সাইড উৎপন্ন কৰি প্রচুৰ তাপ উৎপন্ন কৰে

In this reaction, Calcium Oxide reacts vigorously with water to produce slaked lime (calcium hydroxide) releasing/evolving a large amount of heat.

 

Example-2

প্রাকৃতিক গেছৰ দহন / Burning of natural gas

CH4 (g) + 2O2 (g)  CO2 (g) + 2H2O (g)

 

Example-3

শ্বসন প্রক্রিয়া / Respiration Process

C6H12O6 (aq) (গ্লুক’জ / Glucose) + 6O2 (aq)    6CO2 (aq) + 6H2O (l) + শক্তি / Energy

 

 ######

 

বিযোজন বিক্রিয়া / Decomposition Reaction

এটা বিক্রিয়াত য’ত এটা বিক্রিয়ক পদার্থৰ পৰা দুই বা ততোধিক  সৰল বিক্রিয়াজাত পদার্থৰ উৎপন্ন হয়, তাকে সংযোজন বিক্রিয়া বোলে ।

In a reaction in which/where, two or more simpler products are formed from a single reactant is known as a decomposition reaction.   

 

অর্থাৎ, সংযোজন বিক্রিয়া হৈছে এনে এক ৰাসায়নিক বিক্রিয়া য’ত এটা মাত্র বিক্রিয়ক পদার্থ একাধিক সৰল বিক্রিয়াজাত পদার্থলৈ ভাগি যায় ।

Or, Decomposition Reaction is a type of chemical reaction where a single reactant breaks down to give simpler products. 

 

Example-1

2FeSO4 (s) (ফেৰাছ ছালফেট/Ferrous Sulphate)    Fe2O3 (s) (ফেৰিক অক্সাইড/Ferric Oxide)  + SO2 (g) (ছালফাৰ ডাই অক্সাইড/Sulphur dioxide)  + SO3 (g)  (ছালফাৰ ট্রাইঅক্সাইড/Sulphur trioxide)  

তাপ দিলে ফেৰাছ ছালফেট স্ফটিকে (FeSO4. 7H2O) পানী হেরুৱায়  আরু স্ফটিকৰ ৰঙৰ পৰিৱৰ্তন ঘটে । তাৰ পাছত, ই ফেৰিক অক্সাইড (Fe2O3), ছালফাৰ ডাই অক্সাইড (SO2) আরু ছালফাৰ ট্রাইঅক্সাইড (SO­3)ৰ লৈ বিযোজিত হয় বা এই তিনি সৰল বিক্রিয়াজাত পদার্থৰ উৎপন্ন হয় ।

Ferrous sulphate crystals (FeSO4. 7H2O) lose water when heated and the colour of the crystals changes. It then decomposes to ferric oxide (Fe2O3), sulphur dioxide (SO2) and sulphur trioxide (SO3) or breaks down to these simpler products.    

 

Example-2

CaCO3 (s) (চূণশিল/Limestone)  Cao (s) (পোৰা চূণ/Quick lime) + CO2 (g)

তাপৰ দ্বাৰা কেলছিয়াম কার্বনেটক কেলছিয়াম অক্সাইড আরু কার্বন ডাই অক্সাইডলৈ বিয়োজিত কৰা এটা বিযোজন বিক্রিয়া (যিটো বহুতো শিল্প উদ্যোগত ব্যৱহাৰ কৰা হয়) ।

Decomposition of calcium carbonate to calcium oxide and carbon dioxide on heating is a decomposition reaction (which is used in various industries.) 

 

Example-3

2Pb(NO3)2 (s) (লেড নাইট্রেট/Lead nitrate)  2PbO(s) (লেড অক্সাইড/Lead Oxide) + 4NO2 (g) (নাইট্র’জেন ডাইঅক্সাইড/Nitrogen dioxide) + O2 (অক্সিজেন/Oxygen)

লেড নাইট্রেটক তাপ দিলে বিযোজন ঘটি লেড অক্সাইড, নাইট্র’জেন ডাইঅক্সাইড আরু অক্সিজেনৰ উৎপন্ন হয় ।

Heating Lead nitrate, it decomposes to Lead Oxide (2PbO), Nitrogen dioxide (4NO2) and Oxygen (O2)

 

Example-4

2Agcl (s)  2Ag (s) + Cl2 (g)

বগা ছিলভাৰ ক্ল’ৰাইড সূৰ্যৰ পোহৰত মটীয়া (Grey) ৰঙৰ হৈ পৰে আরু পোহৰে ছিলভাৰ ক্ল’ৰাইডক (Agcl) ছিলভাৰ (Ag) আরু ক্ল’ৰিন (Cl2) লৈ বিযোজিত কৰে

White silver chloride turns grey in sunlight and silver chloride (Agcl) decompositions to silver (Ag) and chlorine (Cl2).  

 

Example-5

2AgBr (s)  2Ag (s) + Br2 (g)

ছিলভাৰ ব্র’মাইড সূৰ্যৰ পোহৰত বিযোজন ঘটি, ছিলভাৰ (Ag) আরু ব্রোমিনৰ উৎপন্ন হয় ।

Decomposition of Silver bromide in the sunlight, it decomposes to Silver (ag) and Bromine (Br).

 

*তাপীয় বিযোজন বিক্রিয়া/Thermal Decomposition

যেতিয়া এটা বিযোজন বিক্রিয়া তাপ প্রয়োগ কৰি ঘটোৱা হয়, তেতিয়া তাক তাপীয় বিযোজন বোলা হয় ।

When a decomposition reaction is carried out by heating, it is called thermal decomposition.

 

Example-1

2FeSO4 (s) (ফেৰাছ ছালফেট/Ferrous Sulphate)    Fe2O3 (s) (ফেৰিক অক্সাইড/Ferric Oxide)  + SO2 (g) (ছালফাৰ ডাই অক্সাইড/Sulphur dioxide)  + SO3 (g)  (ছালফাৰ ট্রাইঅক্সাইড/Sulphur trioxide)  

 

Example-2

CaCO3 (s) (চূণশিল/Limestone)  Cao (s) (পোৰা চূণ/Quick lime) + CO2 (g)

 

Example-3

2Pb(NO3)2 (s) (লেড নাইট্রেট/Lead nitrate)  2PbO(s) (লেড অক্সাইড/Lead Oxide) + 4NO2 (g) (নাইট্র’জেন ডাইঅক্সাইড/Nitrogen dioxide) + O2 (অক্সিজেন/Oxygen)

 

*তাপগ্রাহী বিক্রিয়া/Endothermic Reaction

যিবোৰ বিক্রিয়াত শক্তি শোষিত হয়, তেনেবোৰ বিক্রিয়াক তাপগ্রাহী বিক্রিয়া বোলে ।

Reaction in which energy is absorbed, are known as endothermic reactions.

 Example-1

2Agcl (s)  2Ag (s) + Cl2 (g)

 

Example-2

2AgBr (s)  2Ag (s) + Br2 (g)

 

 

 updating the remaining Notes later................

 

 

 

Question & Answers: 

Notice: Look carefully for the typing mistakes & finding any, inform us.


১। বায়ুত মেগনেছিয়াম ফিটা এডাল দহন কৰিলে বা জ্বলালে কি হয়? এই বিক্রিয়াটোৰ সমীকৰণটো লিখা ।
উত্তৰঃ বায়ুত মেগনেছিয়াম ফিটা এডাল দহন কৰিলে বা জ্বলালে উজ্বল বগা শিখাৰে জ্বলি এবিধ পাউদাৰত পৰিণত হব । এই পাউদাৰখিনি হ’ল- মেগনেছিয়াম অক্সাইড । বায়ুত থকা অক্সিজেন আরু মেগনেছিয়ামৰ মাজত বিক্রিয়া ঘটি মেগনিছাম অক্সাইডৰ উৎপন্ন হয় ।
    এই বিক্রিয়াটোৰ শব্দ সমীকৰণটো হ’ল-
মেগনেছিয়াম (বিক্রিয়ক) + অক্সিজেন মেগনেছিয়াম অক্সাইড (বিক্রিয়াজাত পদাৰ্থ)
এই বিক্রিয়াটোৰ সাংকেতিক সমীকৰণটো হ’ল-
                                Mg + O2→ Mgo

২। ৰাসায়নিক বিক্রিয়াৰ ফলত উৎপন্ন হোৱা চাৰিটা পৰিৱৰ্তন লিখা ।
উত্তৰঃ ৰাসায়নিক বিক্রিয়াৰ ফলত উৎপন্ন হোৱা চাৰিটা পৰিৱৰ্তন হ’লঃ
অৱস্থাৰ পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি আৰু উষ্ণতাৰ পৰিৱৰ্তন ৷

৩। বিক্রিয়াজাত পদাৰ্থ বুলিলে কি বুজা ? উদাহৰণ সহ বুজাই লিখা ।
উত্তৰঃ যি বোৰ পদাৰ্থ আন কোনো দুই বা ততোধিক পদাৰ্থ বিক্রিয়া ঘটি উৎপন্ন হয় । তাক বিক্রিয়াজাত পদাৰ্থ বোলা হয় । উদাহৰণস্বরূপে, মেগনিছাম আরু অক্সিজেনৰ বিক্রিয়া ঘটি মেগনেছিমায় অক্সাইডৰ উৎপন্ন হয় ।
এই বিক্রিয়াটোৰ শব্দ সমীকৰণটো হ’ল-
মেগনেছিয়াম (বিক্রিয়ক) + অক্সিজেন মেগনেছিয়াম অক্সাইড (বিক্রিয়াজাত পদাৰ্থ)
এই বিক্রিয়াটোৰ সাংকেতিক সমীকৰণটো হ’ল-
                                Mg    +    O2          Mgo

৪। ৰাসায়নিক বিক্রিয়াৰ শব্দ সমীকৰণ লিখাৰ প্রক্রিয়া, নিয়ম আরু চিহ্নবোৰ লিখা ।
উত্তৰঃ শব্দ সমীকৰণ এটাই বিক্রিয়কৰ বিক্রিয়াজাত পদাৰ্থলৈ হোৱা পৰিৱৰ্তন এডাল কাঁড় চিনেৰে দেখুৱায় । বিক্রিয়ক আরু বিক্রিয়াজাত পদাৰ্থৰ মাজত এই কাঁড় চিনটো থাকে । কাঁড় চিনৰ বাঁওফালে বিক্রিয়কবোৰ লিখা হয় । বিক্রিয়কবোৰ লিখোতে বেলেগ বেলেগ বিক্রিয়কৰ মাজত এডালগৈ যোগ চিন (+) দিয়া হয় । একেদৰে বিক্রিয়াজাত পদাৰ্থবোৰ সোঁফালে যোগ চিন (+) দি লিখা হয় । কাঁড় চিনটোৰ মূৰটো বিক্রিয়াজাত পদাৰ্থবোৰ ফালে থাকে আরু ই বিক্রিয়াটীৰ দিশটো দেখুৱায় ।
মেগনেছিয়াম (বিক্রিয়ক) + অক্সিজেন মেগনেছিয়াম অক্সাইড (বিক্রিয়াজাত পদাৰ্থ)

৫। ৰাসায়নিক সমীকৰণ লিখনৰ দুটা পদ্ধতি উদাহৰণসহ লিখা ।
উত্তৰঃ ৰায়ায়নিক সমীকৰণ লিখনৰ দুটা পদ্ধতি হ’লঃ
(ক) শব্দ সমীকৰণ পদ্ধতিঃ
 মেগনেছিয়াম (বিক্রিয়ক) + অক্সিজেন মেগনেছিয়াম অক্সাইড (বিক্রিয়াজাত পদাৰ্থ)
(খ) সাংকেতিক সমীকৰণ পদ্ধতিঃ
Mg    +    O2          Mgo

৬। অসমতুলিত বা জঁকা ৰায়ায়নিক সমীকৰণ কাক বোলে? উদাহৰণ দিয়া ।
উত্তৰঃ এক ৰাসায়নিক বিক্রিয়াত যেতিয়া বিক্রিয়ক পদাৰ্থসমূহৰ ভৰ আরু উৎপন্ন হোৱা বিক্রিয়াজাত পদাৰ্থৰ ভৰ অসমান হয় । তেতিয়া তাক অসমতুলিত বা অসন্তুলিত সমীকৰণ বা জঁকা ৰায়াসনিক সমীকৰণ (Skeletel Chemical Equation) বোলা হয় ।
উদাহৰণঃ
Mg    +    O2          Mgo
এই সমীকৰণটোত বাঁওফালৰ আরু সোঁফালৰ মৌলৰ পৰিমাণ সমান নহয় । সেয়েহে এইটো এক অসমতুলিত বা অসন্তুলিত সমীকৰণ বা জঁকা ৰায়াসনিক সমীকৰণ (Skeletel Chemical Equation) ।

৭।ভৰৰ নিত্যতা সূত্ৰ (Law of Conservation of mass) টো লিখা ।
উত্তৰঃ ভৰৰ নিত্যতা সূত্র অনুসৰি এক ৰাসায়নিক বিক্রিয়া ভৰৰ সৃষ্টি বা বিনাশ হ’ব নোৱাৰে । ৰাসায়নিক বিক্রিয়া এটাত বিক্রিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্রিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ’ব লাগিব ।

৮। সমতুলিত বা সন্তুলিত সমীকৰণ বোলিলে কি বুজা? উদাহৰণ দিয়া ।
উত্তৰঃ এক ৰাসায়নিক বিক্রিয়াত যেতিয়া বিক্রিয়ক পদাৰ্থসমূহৰ ভৰ আরু উৎপন্ন হোৱা বিক্রিয়াজাত পদাৰ্থৰ ভৰ সমান হয় । তেতিয়া তাক সমতুলিত বা সন্তুলিত সমীকৰণ সমীকৰণ বোলা হয় ।

উদাহৰণঃ
Zn    +    H2SO4          ZnSO4  +  H2
এই সমীকৰণটোত বাঁওফালৰ আরু সোঁফালৰ মৌলৰ পৰিমাণ সমান। সেয়েহে এইটো এক সমতুলিত বা সন্তুলিত সমীকৰণ


ৰাসায়নিক সমীকৰণ সমতুল কৰা প্রক্রিয়াটো উদাহৰণ সহ ব্যাখ্যা কৰা ।

উত্তরঃ

উদাহৰণস্বরূপে- Fe + H2O Fe3O4 + H2
এই সমীকৰণটো লোৱা হ’ল ।

প্রথম পৰ্যায়ঃ

    প্রথমতে, প্রতিটো সংকেতৰ চাৰিওফালে একোটাকৈ বাকচ অংকণ কৰিব লাগে

Fe + H2O Fe3O4 + H2


দ্বিতীয় পৰ্যায়ঃ

দ্বিতীয়তে, মৌলবোৰৰ পৰমাণুৰ সংখ্যাবোৰৰ এখন তালিকা প্রস্তুত কৰিব লাগে ।

মৌল
বিক্রিয়ক LHS ত বিক্রিয়ক পৰমাণু সংখ্যা
বিক্রিয়ক RHS ত বিক্রিয়ক পৰমাণু সংখ্যা
Fe
1
3
H
2
2
O
1
4


তৃতীয় পৰ্যায়ঃ

      এতিয়া, আটাইতকৈ অধিক বা বেছি পৰমাণু থকা যৌগটোৰ পোন প্রথমে সন্তুলন/সমতা কৰিব লাগিব উল্লেখিত সমীকৰণটোত আটাইতকৈ বেছি থকা মৌলটো হ- অক্সিজেন(O), যাৰ সোঁহাতে 4 টা পৰমাণু আছে আনহাতে বাওঁফালে 1 টা পৰমাণু আছে । সেয়েহে বাওঁফালে সহগ 4 ক যোগ কৰিব লাগিব আরু অক্সিজেন(O) পৰমাণুক সমতুল কৰিব লাগে

Fe + 4 H2O Fe3O4 + H2


চতুৰ্থ পৰ্যায়ঃ

     যেতিয়া আমি নতুন সহযোগ যোগ কৰো তেতিয়া কোনো যৌগৰ পৰিপেক্ষিতত/কাৰণে আংশিক সন্তুলিত/সমতা হ’ব । তেতিয়া চতুৰ্থ পৰ্যায়ত এই আংশিক সমীকৰণক সন্তুলিত/সমতা কৰিব লাগিব ।

 উল্লেখিত সমীকৰণটোত যেতিয়া 4 যোগ কৰা হ’ল তেতিয়া দেখা গ’ল যে বাওঁফালে থকা হাইড্র’জেন (H) পৰমাণু সোঁফালতকৈ 4 বৃদ্ধি হৈ গ’ল (4 H2O) সেয়েহে সন্তুলিত কৰিবৰ বাবে সোঁফালে আমি সহগ 4 যোগ কৰিব লাগিব, এনেদৰে-

 Fe + 4 H2O Fe3O4 + 4 H2


 পঞ্চম পৰ্যায়ঃ

    ইয়াৰ পাছত, আমি যিবোৰ সন্তুলিত কৰিবলৈ বাকী থাকে সেইবোৰক সন্তুলিত/সমতা  কৰিব লাগিব

    উল্লেখিত সমীকৰণত, Fe যৌগটো সন্তুলিত কৰিবলৈ এতিয়াও বাকী ৰৈছে । কাৰণ, ইয়াৰ সোঁফালে তিনিটা পৰমাণ্য আছে (Fe3) কিন্তু বাওঁফালে এটা পৰমাণুহে  আছে (Fe)সেয়েহে, বাওঁফালে সহযোগ 3 যোগ কৰিলে সন্তুলিত/সমতা হ’ব, এনেদৰে-

3 Fe + 4 H2O Fe3O4 + 4 H2


ষষ্ঠ পৰ্যায়ঃ

ষষ্ঠতে, আমি সকলো সন্তুলিত কৰা যৌগসমূহৰ পৰমাণুৰ সংখ্যাৰ শুদ্ধতা পৰীক্ষণ কৰিব লাগিব, এনেদৰে-

মৌল
বিক্রিয়ক LHS ত বিক্রিয়ক পৰমাণু সংখ্যা
বিক্রিয়ক RHS ত বিক্রিয়ক পৰমাণু সংখ্যা
Fe
3
3
H
4
4
O
4
4


দেখা গ’ল যে- দুয়ুফালৰ মৌলবোৰৰ পৰমাণুৰ সংখ্যা সন্তুলিত/সমান হৈছে ।


সপ্তম পৰ্যায়ঃ

অন্তিম পৰ্যায়টো হৈছে- ভৌতিক অৱস্থাৰ বাবে লিখন । এই লিখনৰ সন্দৰ্ভত গেছীয় মৌলৰ বাবে (g), তৰল মৌলৰ বাবে (l), জলীয় মৌলৰ বাবে (aq) আরু গোটা মৌলৰ বাবে (s) হিচাপে মৌলটোৰ কাষতে লিখিব লাগে, এনেদৰে-
3Fe(s) + 4H2O(g) Fe3O4(s) + 4H2(g)


১১। ভৌতিক অৱস্থার লিখন পদ্ধতিটো উদাহরণসহ বুজাই লিখা ।
উত্তরঃ কোনো এক সমীকরণত ভৌতিক অৱস্থার বিষয়ে তথ্য দিবর বাবে কিছুমান চিহ্ন ব্যৱহার করা হয় । বিক্রিয়ক আরু বিক্রিয়াজাত পদাৰ্থসমূহর গেছীয় বুজাবলৈ (g), তরল মৌলর বাবে (l), জলীয় বুজাবর বাবে (aq) আরু গোটা অৱস্থাক সূচাবলৈ (s) ব্যৱহার করা হয় । উদাহরণস্বরূপে-  
3Fe + 4H2O Fe3O4 + 4H2  

এই সমীকরণটোর ভৌতিক অৱস্থার লিখন হ’ব-
3Fe(s) + 4H2O(g) Fe3O4(s) + 4H2(g)


১২। তলত দিয়া সমীকরণকেইটা ভৌতিক অৱস্থাবোর উল্লেখ করা ।

3Fe + 4H2O Fe3O4 + 4H2

CO + 2H2 (340 বায়ুমণ্ডলীয় চাপ) CH3OH
 

6CO2 + 12H2O         C6H12O6 + 6O2 + 6H2O


উত্তরঃ

3Fe(s) + 4H2O(g) Fe3O4(s) + 4H2(g)


CO(g) + 2H2(g)  (340 বায়ুমণ্ডলীয় চাপ) →    CH3OH(l)

 
6CO2(aq) + 12H2O(l)  →   C6H12O6(aq) + 6O2(aq) + 6H2O




১৩। 3Fe(s) + 4H2O(g) Fe3O4(s) + 4H2(g), এই সমীকৰণত H2O সংকেতৰ লগত চিহ্ন (g) ব্যৱহাৰ কৰা হৈছে?

উত্তরঃ 3Fe(s) + 4H2O(g) Fe3O4(s) + 4H2(g), এই সমীকৰণত H2O সংকেতৰ লগত চিহ্ন (g) ব্যৱহাৰ কৰা হৈছে, কাৰণ এই বিক্রিয়াত পানীক হলীয় বাষ্প অৱস্থাত ব্যৱহাৰ কৰা হৈছে ।


১৪। চূণ বা পোৰা চূণৰ সংকেত কি?
উত্তরঃ চূণ বা পোৰা চূণৰ সংকেত হ’ল- CaO (s)


১৫। কেলছিয়াম অক্সাইডৰ লগত পানী সংযোজন কৰিলে, হোৱা ফলাফল লিখা ।

উত্তরঃ কেলছিয়াম অক্সাইড পানীৰে সৈতে তীব্রভাৱে বিক্রিয়া কৰি শিথিলিত চূণ (Slacked Lime), কেলছিয়াম হাইড্র’ক্সাইড উৎপন্ন কৰি প্রচুৰ তাপ উৎপন্ন কৰে ।
CaO(s) (পোৰা চূণ) + H2O(l) Ca(OH)2(aq)


১৬। পাঁচ প্রকাৰ উদাহৰণসহ ৰাসায়নিক বিক্রিয়াৰ নাম লিখা ।

উত্তরঃ পাঁচ প্রকাৰ উল্লেখনীয় ৰাসায়নিক বিক্রিয়া হ’লঃ

(ক) সংযোজন বিক্রিয়াঃ

সংযোজন বিক্রিয়াজাত বিক্রিয়াত দুই বা ততোধিক বিক্রিয়ক পদাৰ্থ লগ হৈ এটা মাত্র বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয় ।  

উদাহৰণঃ
CaO(s) (পোৰা চূণ) + H2O(l) Ca(OH)2(aq)


(খ) বিযোজন বিক্রিয়াঃ

বিযোজন বিক্রিয়াত এটা মাত্র বিক্রিয়ক পদাৰ্থ একাধিক সৰল বিক্রিয়াজাত পদাৰ্থজাত পদাৰ্থলৈ ভাগি যায় বা সলনি হয় বা পদাৰ্থৰ উৎপন্ন হয় ।

উদাহৰণঃ
CaCO3(s)(চূণশিল) CaO(s) (পোৰা চূণ) + CO2(g)


(গ) অপসৰণ বা প্রতিষ্ঠাপন বিক্রিয়াঃ

    অপসৰণ বা প্রতিষ্ঠাপন বিক্রিয়াত কোনো এক দ্রৱৰ পৰা কিছুমান যৌগ বা মৌলক অপসাৰিত কৰে বা আতৰাই ।

উদাহৰণঃ
Fe(s) + CuSO4(aq) (ক’পাৰ ছালফেট) FeSO4(aq) + Cu(s)

(ঘ) দ্বিঅপসৰণ বিক্রিয়াঃ

    দ্বিঅপসৰণ বিক্রিয়াত বিক্রিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে ।

উদাহৰণঃ
Na2SO4(aq) (ছ’ডিয়াম ছালফেট) + Bacl2(aq) (বেৰিয়াম ক্ল’ৰাইড)
  BaSO4(s) (বেৰিয়াম ছালফেট) + 2NaCl(aq) (ছ’ডিয়াম ক্ল’ৰাইড)

(ঙ) জাৰণ আরু বিজাৰণঃ

জাৰণ বিক্রিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰে ।
2Cu + O2 2Cuo

বিজাৰণ বিক্রিয়াত বিক্রিয়াজাত পদাৰ্থটোৱে অক্সিজেন হেরুৱাই ।
Cuo + H2 Cu + H2O





১৭। সংযোজন বিক্রিয়া কাক বোলে? উদাহৰণসহ বুজাই লিখা ।
উত্তরঃ
যি বিক্রিয়াজাত বিক্রিয়াত দুই বা ততোধিক বিক্রিয়ক পদাৰ্থ লগ হৈ এটা মাত্র বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয় । তেনে বিক্রিয়াক সংযোজন বিক্রিয়া বোলে ।   

উদাহৰণস্বরূপে- কেলছিয়াম অক্সাইডে পানীৰে সৈতে তীব্রভাৱে বিক্রিয়া কৰি শিথিলিত চূণ (Slaked Lime), কেলছিয়াম হাইড্র’ক্সাইড উৎপন্ন কৰি প্রচুৰ তাপ উৎপন্ন কৰে ।

CaO(s) (পোৰা চূণ) + H2O(l) Ca(OH)2(aq)(শিথিলিত চূণ)

এই বিক্রিয়াত কেলছিয়াম অক্সাইড আরু পানী সংযোজিত হৈ এটা মাত্ৰ বিক্রিয়াজাত পদাৰ্থ কেলছিয়াম হাইড্র’ক্সাইড উৎপন্ন কৰিছে ।

১৮। শিথিলিত চূণৰ দ্রৱক বা কেলছিয়াম হাইড্রক্সাইডৰ ব্যৱহাৰিতা সম্পৰ্কে লিখা ।

উত্তরঃ শিথিলিত চূণৰ দ্রৱক বা কেলছিয়াম হাইড্রক্সাইডক বেৰত বগা রং সানিবৰ বাবে ব্যৱহাৰ কৰা হয় । কেলছিয়াম হাইড্র’ক্সাইডে বায়ুৰ কাৰ্বন ডাই অক্সাডৰে সৈতে লাহে লাহে বিক্রিয়া কৰি বেৰৰ গাত কালছিয়াম কাৰ্বনেটৰ এক পাতল প্রলেপ সৃষ্টি কৰে । এই প্রলেপটো ৰং সোনাৰ দুই-তিনিদিন মানৰ ভিতৰত উৎপত্তি হয় আরু যাৰ বাবে বেৰত চিকমিকনি হয় ।

১৯। মাৰ্বলৰ ৰাসায়নিক সংকেত কি ?
উত্তরঃ মাৰ্বলৰ ৰাসায়নিক সংকেত হ’ল- CaCO­3

২০। কয়লাৰ দহনৰ সমীকৰণটো লিখা ।
উত্তরঃ কয়লাৰ দহন-
C(s) + O2(g) CO2(g)


২১। পানীৰ গঠনৰ সমীকৰণটো কি?
উত্তরঃ H2(g) আরু O2(g) ৰ পৰা পানীৰ গঠন হয় । ইয়াৰ সমীকৰণটো হ’ল-

2H2(g) + O2(g) 2H2O(l)

২২। তাপবৰ্জী ৰাসায়নিক বিক্রিয়া বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা ।
উত্তরঃ যিবোৰ বিক্রিয়াত বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় । তেনেবোৰ বিক্রিয়াক তাপবৰ্জী ৰাসায়নিক বিক্রিয়া (Exothermic Chemical Reactions) বোলা হয় । উদাহৰণস্বরূপে প্রাকৃতিক গেছৰ দহনত বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ উপৰিও তাপৰ উৎপন্ন হয় ।

CH4(g) + 2O2(g) CO2(g) + 2H2O (g)

২৩। দুটা সংযোজন বিক্রিয়াৰ উদাহৰণ দিয়া ।
উত্তরঃ দুটা সংযোজন বিক্রিয়া হ’লঃ

(ক) কয়লাৰ দহন-
C(s) + O2(g) CO2(g)

(খ) পানীৰ গঠন-
2H2(g) + O2(g) 2H2O(l)

২৪। দুটা তাপবৰ্জী ৰাসায়নিক বিক্রিয়াৰ উদাহৰণ দিয়া ।
উত্তরঃ

(ক) প্রাকৃতিক গেছৰ দহন-
CH4(g) + 2O2(g) CO2(g) + 2H2O (g)

(খ) শ্বসন-
C6H12O6(aq)(গ্লুক’জ) + 6O2(aq) + 6H2O(l) 6CO2(aq) + 12H2O(l) + শক্তি


২৫। ‘শ্বসন’ কোনটো ৰাসায়নিক বিক্রিয়াৰ দ্বাৰা সংঘটিত হয়? সমীকৰণসহ বুজাই লিখা ।
উত্তরঃ সকলো প্রাণী জীয়াই থাকিবলৈ শক্তিৰ প্রয়োজন হয় যি আমি খাদ্যৰ পৰা আহৰণ কৰো । হজম প্রক্রিয়াত খাদ্য বস্তুসমূহ সৰল পদাৰ্থলৈ পৰিৱৰ্তন হয় । কাৰ্বহাইড্রেট, প্রটিন আদিবোৰ গ্লক’জলৈ ভাঙি যায় । এই গ্লক’জসমূহে আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে লগ হৈ শক্তিৰ যোগান ধৰে । এই প্রক্রিয়াটোকে শ্বসন বোলা হয় ।

C6H12O6(aq)(গ্লুক’জ) + 6O2(aq) + 6H2O(l) 6CO2(aq) + 12H2O(l) + শক্তি

২৬। বনস্পতিজাত দ্রৱ্যৰ পচন সাৰলৈ হোৱা পৰিৱৰ্তন এক কি বিক্রিয়া?
উত্তরঃ বনস্পতিজাত দ্রৱ্যৰ পচন সাৰলৈ হোৱা পৰিৱৰ্তন এক তাপবৰ্জী বিক্রিয়া ।

২৭। মেগনেছিয়াম আরু অক্সিজেনৰ মাজত বিক্রিয়াত উৎপন্ন হোৱা পদাৰ্থবিধৰ নাম কি? এই বিক্রিয়াটো কোন শ্রেণীৰ/প্রকাৰৰ বিক্রিয়াৰ ভিতৰত পৰে?   
উত্তরঃ মেগনেছিয়াম আরু অক্সিজেনৰ মাজত বিক্রিয়াত উৎপন্ন হোৱা পদাৰ্থবিধৰ নাম- মেগনেছিয়াম অক্সাইড । এই বিক্রিয়াটো তাপবৰ্জী শ্রেণীৰ/প্রকাৰৰ বিক্রিয়াৰ ভিতৰত পৰে ।   

২৮। বিযোজন বিক্রিয়া কাক বোলে? উদাহৰণসহ বুজাই লিখা ।
উত্তরঃ  যিবোৰ বিক্রিয়াত এটা মাত্র বিক্রিয়ক পদাৰ্থ একাধিক সৰল বিক্রিয়াজাত পদাৰ্থজাত পদাৰ্থলৈ ভাগি যায় বা সলনি হয় বা পদাৰ্থৰ উৎপন্ন হয় । তাকে বিযোজন বিক্রিয়া বোলে ।

উদাহৰণঃ 2FeSO(s) Fe2O3(s) + SO2(g) + SO3(g)

এইটো এক বিযোজন বিক্রিয়া । তাপ দিলে ফেৰাছ ছালফেট স্ফটিকৈ (FeSO4 7H2O), পানী হেরুৱায় আরু স্ফটিকৰ ৰঙৰ পৰিৱৰ্তন হয় । লগতে, এই বিক্রিয়াত দেখা গৈছে যে ফেৰাছ ছালফেট(FeSO4) বিক্রিয়া ঘটি ফেৰিক অক্সাইড(Fe2O3), ছালফাৰ ডাই অক্সাইড(SO2) আরু ছালফাৰ ট্রাইওক্সাইড(SO3) লৈ বিযোজিত হৈছে ।

২৯। ফেৰিক অক্সাইড জুলীয়া/গেছীয়/গোটা পদাৰ্থ?
উত্তরঃ ফেৰিক অক্সাইড গোটা পদাৰ্থ ।


৩০। কেলছিয়াম অক্সাইড কেনেদৰে পাব পাৰি? ইয়াৰ দুটা কাম উল্লেখ কৰা ।

উত্তরঃ তাপৰদ্বাৰা কেলছিয়াম কাৰ্বনেটক কেলছিয়াম অক্সাইডলৈ পৰিৱৰ্তন কৰি পাব পাৰি ।

কেলছিয়াম অক্সাইড বা চূণ (lime) বা পোৰা চূণ (quick lime)ৰ দুটা কাম হ’লঃ

(ক) চিমেণ্ট উৎপাদনত ইয়াক ব্যৱহাৰ কৰা হয় ।

(খ)এই বিক্রিয়াক বহুতো শিল্প উদ্যোগত ব্যৱহাৰ কৰা হয় । 




৩১। তাপীয় বিযোজন বিক্রীয়া কাক বোলে ? উদাহৰণ দিয়া ।
উত্তৰঃ যেতিয়া কোনো এক বিযোজন বিক্রিয়া তাপ প্রয়োগ কৰি ঘটোৱা হয় । তেনে বিক্রিয়াক তাপীয় বিযোজন বিক্রীয়া বোলে ।
উদাহৰণ- তাপৰদ্বাৰা কেলছিয়াম কাৰ্বনেটক কেলছিয়াম অক্সাইড আরু কাৰ্বন ডাই অক্সাইডলৈ বিযোজিত কৰা প্রক্রিয়াটো এক তাপীয় বিযোজন বিক্রীয়া ।
CaCO3(s)(চূণশিল)   CaO(s)(পোৰা চূণ) + CO2(g)

৩২। চূণশিলৰ সংকেতটো লিখা ।
উত্তৰঃ চূণশিলৰ সংকেতটো- CaCO3(s)

৩৩। লেড নাইট্রেটক উত্তাপন কৰিলে উৎপন্ন হোৱা পদাৰ্থবিধৰ নাম কি? সংঘটিত হোৱা বিক্রিয়াটো লিখা ।
উত্তৰঃ লেড নাইট্রেটক উত্তাপন কৰিলে উৎপন্ন হোৱা পদাৰ্থবিধৰ নাম হ’ল- নাইট্র’জেন ডাই অক্সাইড । সংঘটিত হোৱা বিক্রিয়াটো হ’ল-
2Pb(NO3)2(s) (লেড নাইট্রেট)   2PbO(s)(লেড অক্সাইড) + 4NO2(g)(নাইট্র’জেন ডাইঅক্সাইড) + O2(g) (অক্সিজেন)

৩৪। বগা ছিলভাৰ ক্ল’ৰাইড সূৰ্যৰ পোহৰত কি ৰঙলৈ পৰিৱৰ্তন হয় ?
অথবাঃ ছিলভাৰ ক্ল’ৰাইড কিছুসময় সূৰ্যৰ পোহৰত থাকিলে কি হ’ব ? এনে হোৱৰ কাৰণ কি? এই বিক্রিয়াটোৰ নাম কি? সমীকৰণটো লিখা ।
উত্তৰঃ বগা ছিলভাৰ ক্ল’ৰাইড সূৰ্যৰ পোহৰত মটীয়া ৰঙৰ হৈ পৰে । পোহৰে ছিলভাৰ ক্ল’ৰাইডক ছিলভাৰ আরু ক্ল’ৰিনলৈ বিযোজিত কৰাৰ বাবে এনে হয় । এই বিক্রিয়াটোৰ নাম হ’ল- তাপগ্রাহী (Endothermic) বিযোজন প্রক্রিয়া ।
বিক্রিয়াটোৰ সমীকৰণটো হ’ল-
2AgCl(s)  2Ag(s) + Cl2(g)


৩৫। কলা-বগা ফট’গ্রাফিত ব্যৱহাৰ কৰা বিক্রিয়াটোৰ নাম কি ? এনে এক বিক্রিয়াৰ নাম লিখা ।
উত্তৰঃ কলা-বগা ফট’গ্রাফিত ব্যৱহাৰ কৰা বিক্রিয়াটোৰ নাম- তাপগ্রাহী (Endothermic) বিক্রিয়া । এনে এক বিক্রিয়া হ’ল-
সূৰ্যৰ পোহৰে ছিলভাৰ ব্র’মাইডক ছিলভাৰ আরু ব্রমাইনলৈ বিযোজিত কৰে ।
2AgBr(s)  2Ag(s) + Br2(g) 

৩৬। তাপগ্রাহী বিক্রিয়াৰ এটা ব্যৱহাৰ লিখা ।
উত্তৰঃ কলা-বগা ফট’গ্রাফিত তাপগ্রাহী বিক্রিয়াৰ ব্যৱহাৰ হয় ।

৩৭। তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ যিবোৰ বিক্রিয়াত শক্তি শোষিত হয় তেনেবোৰ বিক্রিয়াক তাপগ্রাহী (Endothermic) বিক্রিয়া বোলে ।
উদাহৰণঃ ১
সূৰ্যৰ পোহৰে ছিলভাৰ ক্ল’ৰাইডক ছিলভাৰ আরু ক্ল’ৰিনলৈ বিযোজিত কৰে ।
2AgCl(s)  2Ag(s) + Cl2(g)

উদাহৰণঃ ২
সূৰ্যৰ পোহৰে ছিলভাৰ ব্র’মাইডক ছিলভাৰ আরু ব্রমাইনলৈ বিযোজিত কৰে ।
2AgBr(s)  2Ag(s) + Br2(g) 

৩৮। অপসৰণ বা প্রতিষ্ঠাপন বিক্রিয়া কাক বোলে? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ যি বিক্রিয়াত কোনো এক দ্রৱৰ পৰা কিছুমান যৌগ বা মৌলক অপসাৰিত কৰে বা আতৰাই । সেই বিক্রিয়াবোৰক অপসৰণ বা প্রতিষ্ঠাপন বিক্রিয়া বোলে ।
উদাহৰণঃ আইৰণ আরু ক’পাৰ ছালফেট দ্রৱ্যৰ বিক্রিয়াত ক’পাৰ মৌলটোক অপসাৰিত কৰিছে ।
Fe(s) + CuSO4(aq)(ক’পাৰ ছালফেট) FeSO4(aq)(আইৰন ছালফেট) + Cu(s)

৩৯। অধঃক্ষেপ বা অধাঃক্ষেপন কাক বোলে ?উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ কোনো দুটা বা ততোধিক দ্রৱ্যৰ বিক্রিয়াৰ ফলত কোনো অদ্রাৱ্য পদাৰ্থ গঠন হয় । তেনেহ’লে এই অদ্রাৱ্য পদাৰ্থক অধঃক্ষেপ(Precipitate) বোলে । অধঃক্ষেপ উৎপন্ন হোৱা বিক্রিয়াক অধঃক্ষেপন বিক্রিয়া বোলে ।
উদাহৰণস্বরূপে- ছ’ডিয়াম ছালফেট আরু বেৰিয়াম ক্ল’ৰাইড দ্রৱ মিহলালে বা বিক্রিয়া ঘটি অদ্রাৱ্য বেৰিয়াম ছালফেট(BaSO4) বগা অধঃক্ষেপ উৎপন্ন হয় । আনটো বিক্রিয়াজাত পদাৰ্থ হ’ল- ছ’ডিয়াম ক্ল’ৰাইড যি দ্রৱীভূত অৱস্থাত থাকে ।   
Na2SO4(aq)(ছ’ডিয়াম ছালফেট) + Bacl2(aq)(বেৰিয়াম ক্ল’ৰাইড)
  BaSO4(s) (বেৰিয়াম ছালফেট) + 2NaCl(aq) (ছ’ডিয়াম ক্ল’ৰাইড)

৪০। দ্বিঅপসৰণ বিক্রিয়া বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ যি বিক্রিয়াত বিক্রিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে দ্বিঅপসৰণ বিক্রিয়া বোলে ।
উদাহৰণস্বরূপে- ছ’ডিয়াম ছালফেট আরু বেৰিয়াম ক্ল’ৰাইড দ্রৱ মিহলালে বা বিক্রিয়া ঘটি অদ্রাৱ্য বেৰিয়াম ছালফেট(BaSO4) বগা অধঃক্ষেপ উৎপন্ন হয় । আনটো বিক্রিয়াজাত পদাৰ্থ হ’ল- ছ’ডিয়াম ক্ল’ৰাইড যি দ্রৱীভূত অৱস্থাত থাকে । অৰ্থাৎ বিক্রিয়াটোত আয়নৰ বিনিময় ঘটিছে ।    
Na2SO4(aq)(ছ’ডিয়াম ছালফেট) + Bacl2(aq)(বেৰিয়াম ক্ল’ৰাইড)
  BaSO4(s) (বেৰিয়াম ছালফেট) + 2NaCl(aq) (ছ’ডিয়াম ক্ল’ৰাইড)

৪১। জাৰণ/জাৰিত আরু বিজাৰিত/বিজাৰণ বা ৰেডক্স বিক্রিয়া কাক বোলে ? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ কোনো বিক্রিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে পদাৰ্থটো জাৰিত হোৱা বুলি কোৱা হয় আরু বিক্রিয়াটোক জাৰণ বিক্রিয়া বোলে । লগতে, যদি কোনো বিক্রিয়াত পদাৰ্থ এটাই অক্সিজেন হেরুৱাই তেন্তে তাক বিজাৰিত হোৱা বোলা হয় আরু বিক্রিয়াটোক বিজাৰণ বিক্রিয়া বোলে । অর্থাৎ যিবোৰ বিক্রিয়াত এটা বিক্রিয়ক পদাৰ্থ জাৰিত হওঁতে আনটো বিজাৰিত হয় । তেনে বিক্রিয়াক জাৰণ-বিজাৰণ বা ৰেডক্স (Redox) বিক্রিয়া বোলে ।
উদাহৰণস্বরূপে- উত্তপ্ত ক’পাৰ অক্সাইডৰ (CuO) ওপৰেদি হাইড্র’জেন গেছ পঠালে ক’পাৰ অক্সাইডে অক্সিজেন হেরুৱাই বিজাৰিত হ’ব আরু হাইড্র’জেনে অক্সিজেন লাভ কৰি জাৰিত হব ।
Cuo + H2  Cu + H2O

৪২। দুটা ৰেডক্স বিক্রিয়াৰ উদাহৰণ দিয়া ।
উত্তৰঃ ZnO + C  Zn + CO
MnO2 + 4HCl  MnCl2 + 2H2O +Cl2

৪৩। কোনবোৰ বিক্রিয়াক জাৰিত বা বিজাৰিত হোৱা বুলি কোৱা হয় ? উদাহৰণ দিয়া ।
উত্তৰঃ কোনো বিক্রিয়াত পদাৰ্থ এটাই যদি অক্সিজেন লাভ কৰে বা হাইড্রজেন হেরুৱাই, তেতিয়া ই জাৰিত হয় আরু যদি পদাৰ্থটোৱে অক্সিজেন হেরুৱাই বা হাইড্র;জেন লাভ কৰে, তেন্তে ই বিজাৰিত হয় ।
উদাহৰণস্বরূপে- উত্তপ্ত ক’পাৰ অক্সাইডৰ (CuO) ওপৰেদি হাইড্র’জেন গেছ পঠালে ক’পাৰ অক্সাইডে অক্সিজেন হেরুৱাই বিজাৰিত হ’ব আরু হাইড্র’জেনে অক্সিজেন লাভ কৰি জাৰিত হব ।
Cuo + H2  Cu + H2O

৪৪। লোত মামৰে ধৰা বুলিলে কি বুজা ? কিয় লোত মামৰে ধৰে বা কিয় এনে হয় ?
উত্তৰঃ লোৰ নতুন বস্তুবোৰ প্রথমে চিকচিকীয়া হৈ থাকে, কিন্তু কিছু দিন বা মাহৰ পাছত সিঁহতৰ গাত ৰঙচুৱা মুগা, বৰণৰ পাউদাৰৰ চামনি পৰিবলৈ লয় । এই প্রক্রিয়াটোক লোত মামৰে ধৰা বোলা হয় । যেতিয়া ধাতু বা লোৰ এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে- জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্রান্ত হয় । তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয় আরু এই প্রক্রিয়াটোক ক্ষয়ীভৱন (Corrosion) বোলা হয় । লোত মামৰে ধৰাটোও ক্ষয়ীভৱনৰ কাৰণে সংঘটিত হয় ।

৪৫। ক্ষয়ীভৱন কাক বোলে ? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে- জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্রান্ত হয় । তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয় আরু এই প্রক্রিয়াটোক ক্ষয়ীভৱন (Corrosion) বোলা হয় । লোত মামৰে ধৰাটোও ক্ষয়ীভৱনৰ কাৰণে সংঘটিত হয় ।
ছিলভাৰৰ ওপৰত পৰা ক’লা চামনি আরু ক’পাৰৰ ওপৰত পৰা সেউজীয়া চামনি ক্ষয়ীভৱনৰ উদাহৰণ ।  

৪৬। দুৰ্গন্ধিতা বা ৰেনচিডিটি বুলিলে কি বুজা/কাক বোলে ? উদাহৰণস্বরূপে বুজাই লিখা ।  ইয়াৰ প্রতিকাৰ কি বা ইয়াৰ দুটা প্রতিকাৰ লিখা ?
উত্তৰঃ যেতিয়া চৰ্বি আরু তেল জাৰিত হয়, তেতিয়া এইবোৰ দুৰ্গন্ধী হয় । ইহঁতৰ গোন্ধ আরু স্বাদ সলনি হয় । ইয়াকে দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি (Rancidity) বোলে । উদাহৰণস্বরূপে- পুৰণি তেল আরু চৰ্বি যুক্ত খাদ্যবস্তুৰ স্বাদ আরু গোন্ধ সলনি হয় ।
     ইয়াৰ দুটা প্রতিকাৰক হ’ল-
(ক)সাধাৰণ জাৰণ নঘটিবলৈ চৰ্বি আরু তেলযুক্ত খাদ্যবস্তুত কিছুমান পদাৰ্থ অৰ্থাৎ প্রতিজাৰক পদাৰ্থ(Antioxidants) যোগ কৰা হয় ।
(খ) লগতে, বায়ুরুদ্ধ পাত্রত খাদ্যবস্তু ৰাখলে জাৰণ মন্থৰ হয় ।
(গ)চিপচ উৎপাদকসকলে জাৰণ নঘটিবৰ বাবে চিপচৰ পেকেটবোৰৰ ভিতৰত নাইট্রে’জেনৰ দৰে গেছ ভৰাই থয়

৪৭। কিয় চিপচ উৎপাদকসকলে চিপচৰ পেকেটবোৰৰ ভিতৰত নাইট্রে’জেনৰ দৰে গেছ ভৰাই থয় ?
উত্তৰঃ  যেতিয়া চৰ্বি আরু তেল জাৰিত হয়, তেতিয়া এইবোৰ দুৰ্গন্ধী হয় । ইহঁতৰ গোন্ধ আরু স্বাদ সলনি হয় । ইয়াকে দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি (Rancidity) বোলে । এই দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি নহবৰ বাবে আরু জাৰণ নঘটিবৰ বাবে, চিপচ উৎপাদকসকলে চিপচৰ পেকেটবোৰৰ ভিতৰত নাইট্রে’জেনৰ দৰে গেছ ভৰাই থয় ।

৪৮। এটা সম্পূৰ্ণ ৰাসায়নিক সমীকৰণে কি কি উপস্থাপন কৰে ?
উত্তৰঃ এটা সম্পূৰ্ণ ৰাসায়নিক সমীকৰণে বিক্রিয়ক, বিক্রিয়াজাত পদাৰ্থ আরু সিঁহতৰ ভৌতিক অৱস্থাক সাংকেতিক রূপত উপস্থাপন কৰে ।

৪৯। কিয় এটা ৰাসায়নিক বিক্রিয়াক সন্তুলিত কৰা হয় ?
উত্তৰঃ এটা ৰাসায়নিক বিক্রিয়াক সন্তুলিত কৰা হয় কাৰণ, যাতে সমীকৰণটোৰ বিক্রিয়ক আরু বিক্রিয়াজাত পদাৰ্থৰ প্রতিবিধ পৰমাণুৰ সংখ্যা একে হয় ।

৫০। এটা সংযোজন বিক্রিয়াত কেইটা নতুন পদাৰ্থ উৎপন্ন হয় ?
উত্তৰঃ এটা সংযোজন বিক্রিয়াত দুটা বা ততোধিক পদাৰ্থ লগ হৈ এটা মাত্র নতুন পদাৰ্থ উৎপন্ন কৰে ।

৫১। সংযোজন বিক্রিয়াটোৰ বিপৰীত বিক্রিয়াটোৰ নাম কি ?
উত্তৰঃ সংযোজন বিক্রিয়াটোৰ বিপৰীত বিক্রিয়াটোৰ নাম বিযোজন বিক্রিয়া ।

৫২। এটা বিযোজন বিক্রিয়াত কেইটা পদাৰ্থ বিযোজিত হয় আরু কেইটা পদাৰ্থ উৎপন্ন হয় ?
উত্তঃ এটা বিযোজন বিক্রিয়াত এটা পদাৰ্থ বিযোজিত হয় আরু দুটা বা ততোধিক পদাৰ্থ উৎপন্ন হয়   ।

৫৩। যিবোৰ বিক্রিয়াত বিক্রিয়াজাত পদাৰ্থৰ লগতে তাপ উৎপন্ন হয়, সেইবোৰক কি বিক্রিয়া বোলে ?
উত্তৰঃ যিবোৰ বিক্রিয়াত বিক্রিয়াজাত পদাৰ্থৰ লগতে তাপ উৎপন্ন হয়, সেইবোৰক তাপবৰ্জী বিক্রিয়া বোলে ।

৫৪। যিবোৰ বিক্রিয়াত তাপ শোষিত হত সেইবোৰক ______ বিক্রিয়া বোলে ।
উত্তৰঃ যিবোৰ বিক্রিয়াত তাপ শোষিত হত সেইবোৰক তাপগ্রাহী বিক্রিয়া বোলে ।

৫৫। যেতিয়া এটা মৌলই আন এটা মৌলক তাৰ যৌগ এটাৰ পৰা অপসাৰিত কৰে, তেতিয়া কি বিক্রিয়া ঘটে ?
উত্তৰঃ যেতিয়া এটা মৌলই আন এটা মৌলক তাৰ যৌগ এটাৰ পৰা অপসাৰিত কৰে, তেতিয়া অপসৰণ বা প্রতিষ্ঠাপন বিক্রিয়া ঘটে ।

৫৬। দ্বিঅপসৰণ বিক্রিয়াত _____ দুটা বেলেগ বেলেগ পৰমাণ্য বা পৰমাণুৰ থুপ (আয়ন) ৰ পৰস্পৰৰ লগত _______ ঘটে ।
উত্তৰঃ দ্বিঅপসৰণ বিক্রিয়াত দুটা বিক্রিয়াৰ দুটা বেলেগ বেলেগ পৰমাণু বা পৰমাণুৰ থুপ (আয়ন) ৰ পৰস্পৰৰ লগত স্থান বিনিময় ঘটে ।

৫৭। অধঃক্ষেপন বিক্রিয়াত কি উৎপন্ন হয় ?
উত্তৰঃ অধঃক্ষেপন বিক্রিয়াত অদ্রাৱ্য লৱণ উৎপন্ন হয় ।

৫৮। জাৰণত পদাৰ্থই ___ লাভ কৰে বা ____ হেরুৱাই আরু বিজাৰণত _____ হেরুৱায় আরু ___ লাভ কৰে ।
উত্তৰঃ জাৰণত পদাৰ্থই অক্সিজেন লাভ কৰে বা হাইড্র’জেন হেরুৱাই আরু বিজাৰণত অক্সিজেন হেরুৱায় আরু হাইড্র’জেন  লাভ কৰে ।



 updating............