অধ্যায়-১০, পোহৰ- প্রতিফলন আরু প্রতিসৰণ (Light-Reflection and Refraction), by P.B.


১। আমি কেনেদৰে দেখা পাওঁ?
উত্তৰঃ কোনো এক বস্তুৱে তাৰ পৃষ্ঠত আপতিত হোৱা পোহৰ প্রতিফলিত কৰেএই প্রতিফলিত পোহৰ আমাৰ চকুত সোমালে আমি বস্তুবোৰ দেখা পাওঁ ।

২। স্বচ্ছ মাধ্যম এটাৰ মাজেদি কিয় বা কেনেদৰে আমি বস্তুবোৰ দেখো ?
উত্তৰঃ স্বচ্ছ মাধ্যম এটাৰ মাজেদি আমি চালে আমি তাৰ মাজেৰেই দেখা পাওঁ, কাৰণ এনে মাধ্যমেদি পোহৰ সঞ্চালিত হয় ।

৩। পোহৰৰ লগত জড়িত তিনিটা পৰিঘটনা উল্লেখ কৰা
উত্তৰঃ পোহৰৰ লগত জড়িত তিনিটা পৰিঘটনা হ’ল- (ক) দাপোনৰ দ্বাৰা প্রতিবিম্ব গঠন, (খ) তৰাৰ তিৰবিৰণি আরু (গ) ৰামধেনুৰ মনোমহা রং ।  

৪। পোহৰ গতি কি? বক্র নে সৰলৰৈখিক ।
উত্তৰঃ পোহৰ গতি সৰলৰৈখিক ।

৫। পোহৰৰ অপবৰ্তন কাক বোলে?
উত্তৰঃ পোহৰৰ গতিপথত অত্যন্ত ক্ষুদ্র বস্তু এটা থ’লে পোহৰে পোনে পোনে যোৱাৰ সলনি কাষেদি বেঁকা হৈ যোৱাৰ প্রবৃত্তি দেখুৱায় । ইয়াকে পোহৰৰ অপবৰ্তন (Diffraction) বোলে ।

৬।পোহৰৰ অপবৰ্তনৰ দৰে ঘটনা ব্যাখ্যা কৰিবলৈ পোহৰক কি বুলি গণ্য কৰা হয় ?
উত্তৰঃ পোহৰৰ অপবৰ্তনৰ দৰে ঘটনা ব্যাখ্যা কৰিবলৈ পোহৰক তৰংগ বুলি গণ্য কৰা হয় ।

পোহৰৰ আধুনিক কোৱান্টাম তত্ত্বটো লিখা ।
উত্তৰঃ পোহৰৰ আধুনিক কোৱান্টাম তত্ত্ব অনুসৰি পোহৰ ‘তরংগ’ও নহয় আরু ‘পদাৰ্থ কণা’ও নহয় । এই নতুন তত্ত্বই পোহৰৰ কণা ধৰ্ম আরু তৰঙ্গ প্রকৃতিৰ মাজত যোগসূত্র স্থাপন কৰে

৮।
(অ) পোহৰৰ প্রতিফলন সূত্রকেইটা কি কি ?
(আ) পোহৰৰ প্রতিসৰণৰ নিয়মকেইটা লিখা ।

উত্তৰঃ
(অ) পোহৰৰ প্রতিফলন সূত্রকেইটা হ’লঃ
(ক) আপতন কোণ প্রতিফলন কোণৰ সমান আরু
(খ) আপতিত ৰশ্মি, দাপোণৰ আপতন বিন্দুত টনা লম্ব আরু প্রতিফলিত ৰশ্মি একেখন সমতলত থাকে ।

    (আ) পোহৰৰ প্রতিসৰণৰ নিয়মকেইটা হ’ল-
(ক) আপতিত ৰশ্মি, প্রতিসৰিত ৰশ্মি আরু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলত আপতন বিন্দুত টনা লম্ব একেখন সমতলত থাকে ।
(খ) প্রদত্ত মাধ্যম যুগল আরু প্রদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন (sine) আরু প্রতিসৰণ কোণৰ চাইনৰ অনুপাত এটা ধ্রুৱক ।


৯। সমতল দাপোনৰ চাৰিটা নিয়ম উল্লেখ কৰা
উত্তৰঃ সমতল দাপোনৰ চাৰিটা নিয়ম হ’লঃ
(ক) সমতল দাপোণে গঠন কৰা প্রতিবিম্ব সদায় অসৎ আরু থিয় ।
(খ) প্রতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান ।
(গ) লক্ষ্যবস্তু দাপোণৰ সম্মুখত যিমান দূৰত থাকে প্রতিবিম্বও দাপোনৰ পিছফালে সিমান দূৰত গঠিত হয় ।
(ঘ) প্রতিবিম্ব পাশ্বীয়ভাৱে ওলোটা হয় ।

১০। গোলকীয় বা গোলাকাৰ দাপোন কাক বোলে?
উত্তৰঃ যিবোৰ দাপোণৰ প্রতিফলন পৃষ্ঠখন গোলাকাৰতাকে গোলকীয় বা গোলাকাৰ দাপোন বোলে ।

১১। অৱতল দাপোণ আরু উত্তল দাপোণ কাক বোলে ? 
উত্তৰঃ যিবোৰ গোলাকাৰ দাপোণৰ প্রতিফলন পৃষ্ঠ ভিতৰৰ দিশলৈ বক্র আরু গোলকটোৰ কেন্দ্রৰ দিশে মুখ কৰা থাকে, সেইবোৰ দাপোণকে অৱতল দাপোণ বোলে ।
    যিবোৰ গোলাকাৰ দাপোণৰ প্রতিফলন পৃষ্ঠ বাহিৰৰ দিশলৈ বক্র, সেইবোৰ দাপোণকে উত্তল দাপোণ বোলে ।

১২। দাপোণৰ মেরু (Pole) বুলিলে কি বুজা ? ই দাপোণৰ ক’ত অৱস্থিত? ইয়াক কি আখৰেৰে সূচোৱা হয় ?
উত্তৰঃ গোলাকাৰ দাপোণৰ প্রতিফলন পৃষ্ঠৰ কেন্দ্রবিন্দুক মেরু (pole) বোলা হয় । ই দাপোণৰ পৃষ্ঠত অৱস্থিত । ইয়াক সাধাৰণতে P আখৰেৰে সূচোৱা হয় ।

১৩। গোলাকাৰ দাপোণৰ ভাঁজকেন্দ্র কাক বোলে? ইয়াক কি আখৰেৰে সূচোৱা হয় ?
উত্তৰঃ গোলাকাৰ দাপোণৰ প্রতিফলন পৃষ্ঠখন গোলক এটাৰ এটা অংশ । এই গোলকটোৰ এটা কেন্দ্র থাকে । এই বিন্দুটোকে গোলাকাৰ দাপোণৰ ভাঁজকেন্দ্র (Centre of Curvature) বোলে । ইয়াক C আখৰেৰে সূচোৱা হয় ।

১৪। ভাঁজ কেন্দ্র দাপোণৰ অংশ হয়নে ? ই প্রতিফলন পৃষ্ঠৰ ক’ত অৱস্থিত ?
উত্তৰঃ ভাঁজ কেন্দ্র দাপোণৰ অংশ নহয় । ই প্রতিফলন পৃষ্ঠৰ বাহিৰত অৱস্থিত ।

১৫। দাপোণৰ ভাঁজ ব্যাসাৰ্ধ (Radius of Curvature) বুলিলে কি বুজা? ইয়াক কি আখৰেৰে সূচোৱা হয় ?
উত্তৰঃ গোলাকাৰ দাপোণ এখনৰ যিটো গোলকৰ অংশ, সেই গোলকৰ ব্যাসাৰ্ধক দাপোণখনৰ ভাঁজ ব্যাসাৰ্ধ (Radius of Curvature)  বোলে । ইয়াক R আখৰেৰে সূচোৱা হয়  ।

১৬। মুখ্য অক্ষ বুলিলে কি বুজা ? ই ক’ত অৱস্থিত ?
উত্তৰঃ গোলাকাৰ দাপোণ এখনৰ মেরু আরু ভাঁজকেন্দ্রৰ মাজেৰে সৰল ৰেখা এডাল কল্পনা বা অংকণ কৰা হয় । এই ৰেখাডালক মুখ্য অক্ষ (Principal Axis) বোলে । মুখ্য অক্ষ, দাপোণৰ মেরুত দাপোণৰ ওপৰত লম্ব হিচাপে অৱস্থিত ।

১৭। ফ’কাছ দৈৰ্ঘ্য বা নাভি দৈৰ্ঘ্য বুলিলে কি বুজা ?
উত্তৰঃ কোনো এখন দাপোণৰ পৰা ইয়াৰ প্রতিবিম্বৰ দূৰত্বকে দাপোণখনৰ ফ’কাছ দৈৰ্ঘ্য (Focus Length) বা নাভি দৈৰ্ঘ্য বোলা হয় ।

১৮। মুখ্য ফ’কাছ বা নাভি কাক বোলে ?
উত্তৰঃ কোনো এখন দাপোণৰ মুখ্য অক্ষৰ সমান্তৰালকৈ কিছুমান ৰশ্মি আপতিত হয় । এই ৰশ্মিবোৰ মুখ্য অক্ষৰ যিটো বিন্দুত লগ লাগে আরু কটাকটি কৰে । সেই বিন্দুটোকে মুখ্য ফ’কাছ বা নাভি বোলে ।

১৯। গোলাকাৰ দাপোণৰ প্রতিফলন পৃষ্ঠ আরু ইয়াৰ পৃষ্ঠৰ পৰিসীমা কি আকাৰৰ?
উত্তৰঃ গোলাকাৰ দাপোণৰ প্রতিফলন পৃষ্ঠ গোলাকাৰ আরু ইয়াৰ পৃষ্ঠৰ পৰিসীমা  বৃত্তাকাৰ?

২০। গোলাকাৰ দাপোণৰ ভাঁজ ব্যাসাৰ্ধ R আরু ফ’কাছ দৈৰ্ঘ্য f ৰ মাজত সম্পৰ্ক কি?
উত্তৰঃ গোলাকাৰ দাপোণৰ ভাঁজ ব্যাসাৰ্ধ R, দাপোণখনৰ ফ’কাছ দৈৰ্ঘ্য f ৰ দুগুণ হয় । ইয়াক R = 2f হিচাপে লিখা হয় । ই এইটো সূচায় যে, গোলাকাৰ দাপোণৰ মুখ্য ফ’কাছ মেরু আরু ভাঁজকেন্দ্রৰ মধ্যভাগত অৱস্থিত ।  

২১। গোলাকাৰ দাপোণৰ গবাক্ষ বা ছিদ্র (Aperture)  কাক বোলে?
উত্তৰঃ গোলাকাৰ দাপোণৰ প্রতিফলন পৃষ্ঠৰ ব্যাসক গবাক্ষ বা ছিদ্র (Aperture) বোলে ।

২২। অৱতল দাপোণৰ চাৰিটা ব্যৱহাৰ লিখা ।
উত্তৰঃ অৱতল দাপোণৰ চাৰিটা ব্যৱহাৰ হ’ল-
(ক) অৱতল দাপোণ টৰ্চ, চাৰ্চলাইট আরু গাড়ীৰ হেডলাইটত ব্যৱহাৰ কৰা হয় ।
(খ) দাড়ি খুৰোৱা দাপোণ হিচাপে অৱতল দাপোণ ব্যৱহাৰ কৰা হয় ।
(গ) দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ প্রতিবিম্ব ডাঙৰকৈ প্রত্যক্ষ কৰিবৰ বাবে অৱতল দাপোণ ব্যৱহাৰ কৰে ।
(ঘ) সৌৰ ভাঁতীত (Solar Furnace) সূৰ্যৰ পোহৰ কেন্দ্রীভূত কৰি তাপ উৎপন্ন কৰিবৰ বাবে অৱতল দাপোণ ব্যৱহাৰ কৰা হয় ।

২৩। দাড়ি খুৰোৱা দাপোণ হিচাপে অৱতল দাপোণ কিয় ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ দাড়ি খুৰোৱা দাপোণ হিচাপে অৱতল দাপোণ ব্যৱহাৰ কৰা হয় । কাৰণ, অৱতল দাপোণত মুখমণ্ডলৰ এক ডাঙৰ প্রতিবিম্ব গঠন কৰিব পাৰি ।

২৪। দন্ত চিকিৎসকসকলে কিয় অৱতল দাপোণ ব্যৱহাৰ কৰে ?
উত্তৰঃ দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ প্রতিবিম্ব ডাঙৰকৈ প্রত্যক্ষ কৰিবৰ বাবে অৱতল দাপোণ ব্যৱহাৰ কৰে ।    

২৫। সৌৰ ভাঁতীত (Solar Furnace) কিয় অৱতল দাপোণ ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ সৌৰ ভাঁতীত (Solar Furnace) সূৰ্যৰ পোহৰ কেন্দ্রীভূত কৰি তাপ উৎপন্ন কৰিবৰ বাবে অৱতল দাপোণ ব্যৱহাৰ কৰা হয় ।

২৬। উত্তল দাপোণৰ তিনিটা ব্যৱহাৰ লিখা ।
উত্তৰঃ উত্তল দাপোণৰ তিনিটা ব্যৱহাৰ হ’ল-
(ক) সাধাৰণতে গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ ব্যৱহাৰ কৰা হয় ।   
(খ) আগ্রা দুৰ্গৰ এখন বেৰত দুৰ্গটোৰ পূৰ্ণ প্রতিবিম্ব চাবৰ বাবে উত্তল দাপোণ বহোৱা আছে
(গ) সুউচ্চ অট্টালিকা বা সমাধিৰ পূৰ্ণ দৈৰ্ঘ্যৰ প্রতিবিম্ব চাবৰ বাবে উত্তল দাপোণ ব্যৱহাৰ কৰা হয় ।

২৭। গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে কিয় উত্তল দাপোণ পছন্দ কৰা হয় আরু অৱতল দাপোণ ব্যৱহাৰ কৰা নহয়? যুক্তি দিয়া ।
উত্তৰঃ গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ পছন্দ কৰা হয় আরু অৱতল দাপোণ ব্যৱহাৰ কৰা নহয় । কাৰণ,
(ক) উত্তল দাপোণে সরুকৈ হ’লেও থিয় প্রতিবিম্ব গঠন কৰে ।
(খ) উত্তল দাপোণ বাহিৰলৈ বেঁকা থাকে, সেয়েহে উত্তল দাপোণৰ দৃষ্টিক্ষেত্র (Field of view) বহল হয় ।
(গ) সমতল দাপোণতকৈ উত্তল দাপোণ ব্যৱহাৰ কৰিলে দেখা ক্ষেত্র অধিক পৰিসৰ হয় ।

২৮। পানী থকা চৌবাচ্ছা বা পুখুৰীৰ তলিখন ওপৰলৈ উঠি অহা যেন কিয় লাগে?
অথবাঃ ছপা কাগজ এখনৰ ওপৰত ডাঠ কাচৰ টুকুৰা এটা থৈ কাঁচৰ মাজেৰে চালে আখৰবোৰ ওপৰলৈ উঠি অহা যেন কিয় লাগে ?
অথবাঃ কাঁচৰ গিলাছত থকা পানীত পেন্সিল এডাল আংশিকভাৱে ডুবি থকা যেন কিয় লাগে নতুবা বায়ু আরু পানীৰ সন্ধিতলত ই বেঁকা হৈ যোৱা যেন কিয় লাগে?
অথবাঃ কাঁচৰ গিলাচৰ পানীত ডুবি থকা গোল নেমু এটা কাষৰ পৰা চালে তাৰ প্রকৃত আকাৰতকৈ ডাঙৰ যেন কিয় লাগে?

উত্তৰঃ কাঁচৰ গিলাছত থকা পানীত পেন্সিল এডাল আংশিকভাৱে ডুবি থকা যেন লাগে নতুবা বায়ু আরু পানীৰ সন্ধিতলত ই বেঁকা হৈ যোৱা যেন লাগে, কাৰণ পেন্সিলডালৰ পানীত নিমজ্জিত অংশৰ পৰা আহি আমাৰ চকুত প্রৱেশ কৰা পোহৰ, পেন্সিলডালৰ পানীত নিমজ্জিত অংশৰ পৰা অহা পোহৰৰ তুলনাত পৃথক দিশৰ পৰা অহা যেন লাগে । এইবাবেই পেন্সিলডাল সন্ধিতলত বেঁকা হৈ যোৱা যেন লাগে ।
 একেই কাৰণতে, ছপা কাগজ এখনৰ ওপৰত ডাঠ কাচৰ টুকুৰা এটা থৈ কাঁচৰ মাজেৰে চালে আখৰবোৰ ওপৰলৈ উঠি অহা যেন লাগে ।  

২৯। পোহৰ প্রতিসৰণ কাক বোলে ?
উত্তৰঃ পোহৰ সকলো মাধ্যমতে একে দিশত গতি নকৰে । পোহৰে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ বেঁকাকৈ গ’লে পোহৰৰ গতিৰ দিশ আনটো মাধ্যমত সলনি হয় । এই পৰিঘটনাকে পোহৰৰ প্রতিসৰণ বোলে ।

৩০। পোহৰৰ প্রতিসৰণাংক কাক বোলে ?
উত্তৰঃ
প্রদত্ত মাধ্যম যুগল আরু প্রদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন (sine) আরু প্রতিসৰণ কোণৰ চাইনৰ অনুপাত এটা ধ্রুৱক ।
    যদি আপতণ কোণ i আরু প্রতিসৰণ কোণ r হয়, তেন্তে
   এই ধ্রুৱক মানটোক প্রথম মাধ্যমৰ সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্রতিসৰণাংক বোলে ।

৩১। পৰম প্রতিসৰণাংক কাক বোলে ? ইয়াক কিহেৰে সূচোৱা হয় ?
উত্তৰঃ কোনো দুটা মাধ্যমৰ, যদি ১ নং মাধ্যমতো শূন্য নতুবা বায়ু হয় তেন্তে ২ নং মাধ্যমৰ প্রতিসৰণাংক শূন্যৰ সাপেক্ষ বুলি গণ্য কৰা হয় । ইয়াক মাধ্যমটোৰ পৰম প্রতিসৰণাংক বোলে । ইয়াক কেৱল n2 ৰে সূচোৱা হয় ।

৩৩। পানীৰ প্রতিসৰণাংক nm=1.33, ইয়াৰ অৰ্থ কি?
উত্তৰঃ পানীৰ প্রতিসৰণাংক nm=1.33, ইয়াৰ অৰ্থ এয়ে যে বায়ুত পোহৰৰ দ্রুতি আরু পানীত পোহৰৰ দ্রুতিৰ অনুপাত 1.33 । 

৩৪। আলোকীয় ঘনত্ব বুলিলে কি বুজা? ইয়াৰ বিশেষ অৰ্থটো লিখা । দুটা মাধ্যমৰ আলোকীয় ঘনত্ব কেনেদৰে নিৰ্ধাৰণ কৰা হয় ?
উত্তৰঃ মাধ্যম এটাৰ পোহৰ প্রতিসৰণ কৰিব পৰা সামৰ্থ্যক ইয়াৰ আলোকী ঘনত্ব বোলে হয় ।
    ইয়াৰ বিশেষ অৰ্থ এয়ে যে ই ভৰ ঘনত্বৰ সৈতে একে নহয় । ইয়াৰ অৰ্থ ক্রমান্বইয়ে “আলোকীয়ভাৱে লঘুতৰ মাধ্যম” আরু “আলোকীয়ভাৱে ঘনতৰ মাধ্যম” ।
    দুটা মাধ্যমৰ তুলনা কৰি, যিটো মাধ্যমৰ প্রতিসৰণাংক বেছি পোৱা যায় সেই মাধ্যমটোতকৈ আলোকীভাৱে বেছি ঘনতৰ আরু কম প্রতিসৰণাংকৰ আনটো মাধ্যম আলোকীয়ভাৱে লঘুতৰ ।

৩৫। পোহৰৰ দ্রুতি ঘনতৰ মাধ্যমতকৈ লঘুতৰ মাধ্যমত কম নে বেছি হয়? কিয় লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ যোৱা পোহৰ ৰশ্মিৰ দ্রুতি হ্রাস হয় আরু উলম্বৰ দিশলৈ বেঁকা হয় অথবা কিয় ই ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ গতি কৰিলে ইয়াৰ দ্রুতি বৃদ্ধি হয় আরু উলম্বৰ আঁতৰলৈ বেঁকা হয়?
উত্তৰঃ পোহৰৰ দ্রুতি ঘনতৰ মাধ্যমতকৈ লঘুতৰ মাধ্যমত বেছি হয় । সেয়েহে, লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ যোৱা পোহৰ ৰশ্মিৰ দ্রুতি হ্রাস হয় আরু উলম্বৰ দিশলৈ বেঁকা হয় । ই ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ গতি কৰিলে ইয়াৰ দ্রুতি বৃদ্ধি হয় আরু উলম্বৰ আঁতৰলৈ বেঁকা হয় ।

৩৬। গোলাকাৰ লেন্‌ছৰ দুটা উদাহৰণ বা ব্যৱহাৰ লিখা ।
উত্তৰঃ গোলাকাৰ লেন্‌ছৰ দুটা উদাহৰণ বা ব্যৱহাৰ হ’ল-
(ক) চছ্‌মাত ব্যৱহাৰ কৰা কাঁচ আরু (খ) ঘড়ীৰ কাৰিকৰে ব্যৱহাৰ কৰা কাঁচবোৰ হৈছে গোলাকাৰ লেন্‌ছ ।

৩৭। লেন্‌ছ কি? দুবিধ লেন্‌ছৰ উদাহৰণ দিয়া ।
উত্তৰঃ লেন্‌ছ হ’ল দুখন পৃষ্ঠৰে আবৰা এটা স্বচ্ছ পদাৰ্থ, যাৰ এখন বা দুয়ুখন পৃষ্ঠই গোলাকাৰ । ইয়াৰ অৰ্থ এয়ে যে লেন্‌ছৰ কমেও এখন পৃষ্ঠ গোলাকাৰ ।
    দুবিধ লেন্‌ছ হ’ল- উত্তল লেন্‌ছ বা অভিসাৰী লেন্‌ছ আরু অৱতল লেন্‌ছ বা অপসাৰী লেন্‌ছ ।

৩৮। উত্তল লেন্‌ছক কিয় অভিসাৰী লেন্‌ছ বোলা হয় ?
উত্তৰঃ উত্তল লেন্‌ছে পোহৰ অভিসাৰিত কৰে, সেয়েহে উত্তল লেন্‌ছক অভিসাৰী লেন্‌ছ বোলা হয় ।

৩৯। অৱতল লেন্‌ছক কিয় অপসাৰী লেন্‌ছ বোলা হয় ?
উত্তৰঃ অৱতল লেন্‌ছে পোহৰ অপসাৰিত কৰে, সেয়েহে অৱতল লেন্‌ছক অপসাৰী লেন্‌ছ বোলা হয় ।

৪০। উত্তল লেন্‌ছ বা অভিসাৰী লেন্‌ছ কাক বোলে ?
উত্তৰঃ যি লেন্‌ছে পোহৰ অভিসাৰিত কৰে, তাকে উত্তল লেন্‌ছ বা অভিসাৰী লেন্‌ছ বোলে ।

৪১। অৱতল লেন্‌ছ বা অপসাৰী লেন্‌ছ কাক বোলে ?
উত্তৰঃ যি লেন্‌ছে পোহৰ অপসাৰিত কৰে, তাকে অৱতল লেন্‌ছ বা অপসাৰী লেন্‌ছ বোলে ।

৪২। লেন্‌ছৰ কেইখন গোলাকাৰ পৃষ্ঠ থাকে?
উত্তৰঃ দ্বি-উত্তলেই হওক বা দ্বি-অৱতলেই হওঁক, লেন্‌ছৰ দুখন গোলাকাৰ পৃষ্ঠ থাকে ।

৪৩। লেন্‌ছৰ ভাঁজকেন্দ্র কাক বোলে? ইয়াক কি আখৰেৰে সূচোৱা হয়? লেন্‌ছ এখনৰ কেইটা ভাঁজকেন্দ্র থাকে আরু ইয়াক কিহেৰে সূচোৱা হয়? লেন্‌ছৰ ভাঁজকেন্দ্র ক’ত অৱস্থিত?
উত্তৰঃ দ্বি-উত্তলেই হওক বা দ্বি-অৱতলেই হওঁক, লেন্‌ছৰ দুখন গোলাকাৰ পৃষ্ঠ থাকে । ইয়াৰ প্রতিখন পৃষ্ঠই গোলক এটাৰ অংশ । এই গোলকৰ কেন্দ্রকে লেন্‌ছৰ ভাঁজকেন্দ্র বোলে ।
    লেন্‌ছৰ ভাঁজকেন্দ্র C আখৰেৰে সূচোৱা হয় ।
লেন্‌ছ এখনৰ দুটা ভাঁজকেন্দ্র থাকে আরু ইয়াক C1 আরু C2 ৰে সূচোৱা হয় ।
    লেন্‌ছৰ ভাঁজকেন্দ্র লেন্‌ছখনৰ গোলকটোৰ কেন্দ্রত অৱস্থিত ।

৪৪। লেন্‌ছৰ মুখ্য অক্ষ কাক বোলে ? লেন্‌ছৰ মুখ্য অক্ষৰ আলোক কেন্দ্রটো কি? লেন্‌ছৰ মুখ্য অক্ষক কি আখৰেৰে সূচোৱা হয় ?
উত্তৰঃ লেন্‌ছ এখনৰ ভাঁজ কেন্দ্র দুটাৰ মাজেদি যোৱা বা অংকণ কৰা কাল্পনিক সৰলৰেখাডালক লেন্‌ছৰ মুখ্য অক্ষ বোলে ।
    লেন্‌ছৰ মুখ্য অক্ষৰ আলোক কেন্দ্রটো হ’ল- লেন্‌ছৰ মধ্যবিন্দুটো ।
    লেন্‌ছৰ মুখ্য অক্ষক O আখৰেৰে সূচোৱা হয় ।

৪৫। লেন্‌ছৰ গবাক্ষ ছিদ্র কাক বোলে ? সরু গবাক্ষৰ ক্ষীণ লেন্‌ছ কাক বোলে ?
উত্তরঃ গোলাকাৰ লেন্‌ছৰ ঘূৰণীয়া ঘেৰটোৰ কাৰ্যকৰী ব্যাসক লেন্‌ছখনৰ গবাক্ষ ছিদ্র বোলে ।
    যিবোৰ লেন্‌ছৰ গবাক্ষ ভাঁজ ব্যাসাৰ্ধতকৈ যথেষ্ট সরু, সেই লেন্‌ছবোৰকে সরু গবাক্ষৰ ক্ষীণ লেন্‌ছ বোলে ।

৪৬। গোলাকাৰ লেন্‌ছৰ বাবে চিহ্ন প্রথাটো কেনেদৰে ব্যৱহাৰ কৰা হয়? গোলাকাৰ লেন্‌ছৰ সূত্রটো লিখা ।
উত্তরঃ গোলাকাৰ লেন্‌ছৰ বাবে চিহ্ন প্রথা অনুসৰি উত্তল লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্য ধনাত্মক আরু অৱতল লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্য ঋণাত্মক । এই প্রথা অনুসৰি সকলো দূৰত্ব লেন্‌ছৰ আলোক কেন্দ্রৰ পৰা জোখা হয় ।
    



৪৯। কোনো প্রতিবিম্বৰ m আরু h ঋণাত্মক চিহ্নই কি বুজায় ? অথবাঃ কোনো প্রতিবিম্বৰ m আরু h ঋণাত্মক চিহ্ন হলে প্রতিবিম্বৰ প্রকৃতি কি হ’ব ? প্রতিবিম্বটো ক’ত গঠন হ’ব? প্রতিবিম্বটো কিমান গুণ বিবৰ্ধিত হ’ব?

উত্তরঃ কোনো প্রতিবিম্বৰ m আরু h ঋণাত্মক চিহ্নই বুজায় যে প্রতিবিম্বটো সৎ আরু ওলোটা অথবাঃ কোনো প্রতিবিম্বৰ m আরু h ঋণাত্মক চিহ্ন হলে প্রতিবিম্বৰ প্রকৃতি হ’ব সৎ আরু ওলোটা । প্রতিবিম্বটো মুখ্য অক্ষৰ তলৰ ফালে গঠন হ’ব । প্রতিবিম্বটো দুগুণে বিবৰ্ধিত হ’ব ।

৫০। লেন্‌ছৰ পোহৰ ৰশ্মিক অভিসাৰী বা অপসাৰী কৰাৰ সামৰ্থ্য কিহৰ ওপৰত নিৰ্ভৰ কৰে? উদাহৰণস্বরূপে বুজাই লিখা ।
উত্তরঃ লেন্‌ছৰ পোহৰ ৰশ্মিক অভিসাৰী বা অপসাৰী কৰাৰ সামৰ্থ্য ইয়াৰ ফ’কাছ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে
উদাহৰণস্বরূপে, কম ফ’কাছ দৈৰ্ঘ্যৰ লেন্‌ছ এখনে পোহৰৰ ৰশ্মি আলোক কেন্দ্রৰ ওচৰলৈ অভিসাৰী কৰি ডাঙৰ কোনত বেঁকা কৰে । একেদৰে, অতি কম ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ এখন বেছি ফ’কাছ দৈৰ্ঘ্যৰ লেন্‌ছ এখনৰ তুলনাত অধিক অপসাৰী হ’ব, লেন্‌ছ এখনে পোহৰ ৰশ্মিক কি মাত্রাত অভিসাৰী বা অপসাৰী কৰিছে ।

৫১। লেন্‌ছ এখনৰ ক্ষমতা কি? ইয়াক কি আখৰেৰে সূচোৱা হয়? f ফ’কাছ দৈৰ্ঘ্যৰ লেন্‌ছ এখনৰ ক্ষমতা কেনেদৰে প্রকাশ কৰা হয়?
উত্তরঃ লেন্‌ছ এখনৰ ক্ষমতা হ’ল- লেন্‌ছখনৰ ফ’কাছ দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ । ইয়াক P আখৰেৰে সূচোৱা হয় । 


৫২। লেন্‌ছৰ ক্ষমতাৰ SI একক কি? ইয়াক কি আখৰেৰে সূচোৱা হয়?
উত্তরঃ লেন্‌ছৰ ক্ষমতাৰ SI একক হ’ল- ডায়’প্টাৰ । ইয়াক D আখৰেৰে সূচোৱা হয়

৫৩। যদি F ৰ মান মিটাৰত প্রকাশ কৰা হয় তেন্তে ক্ষমতাৰ একক কিমান হ’ব?
উত্তরঃ যদি F ৰ মান মিটাৰত প্রকাশ কৰা হয় তেন্তে ক্ষমতাৰ একক হ’ব- ডায়’প্টাৰ ।

৫৪। 1 মিটাৰ ফ’কাছ দৈৰ্ঘ্যৰ লেন্‌ছ এখনৰ ক্ষমতা কিমান ?
উত্তরঃ 1 মিটাৰ ফ’কাছ দৈৰ্ঘ্যৰ লেন্‌ছ এখনৰ ক্ষমতা 1 ডায়’প্টাৰ ।
1D=1m-1

৫৫। উত্তল লেন্‌ছ আরু অৱতল লেন্‌ছ এখনৰ ক্ষমতা ধনাত্মক নে ঋণাত্মক হয়?
উত্তরঃ উত্তল লেন্‌ছৰ ক্ষমতা ধনাত্মক আরু অৱতল লেন্‌ছৰ ক্ষমতা ঋণাত্মক হয় ।

৫৬। লেন্‌ছ এখনৰ ক্ষমতা +2D , ইয়াৰ অৰ্থ কি?
উত্তরঃ লেন্‌ছ এখনৰ ক্ষমতা +2D , ইয়াৰ অৰ্থ এয়ে যে লেন্‌ছখন উত্তল আরু ইয়াৰ ফ’কাছ দৈৰ্ঘ্য m=0.5m

৫৭। লেন্‌ছ এখনৰ ক্ষমতা -2.5D , ইয়াৰ অৰ্থ কি?
উত্তরঃ লেন্‌ছ এখনৰ ক্ষমতা -2.5D , ইয়াৰ অৰ্থ এয়ে যে লেন্‌ছখন অৱতল আরু ইয়াৰ ফ’কাছ দৈৰ্ঘ্য -0.4 m

৫৮ প্রতিবিম্বৰ বিবৰ্ধন আরু তীক্ষ্ণতা বঢ়াবলৈ কি কৰা হয়?
উত্তরঃ প্রতিবিম্বৰ বিবৰ্ধন আরু তীক্ষ্ণতা বঢ়াবলৈ কেইবাখনো লেন্ছৰ সংযোজন ঘটোৱা হয়

৫৯ যৌগিক লেন্‌ছৰ ক্ষমতা কি? ইয়াক কেনেদৰে নিৰ্ণয় কৰা হয় ?
উত্তরঃ লেন্‌ছবোৰৰ নিজস্ব ক্ষমতা P1, P2, P3, ………….ৰ বীজ গণিতীয় যোগফলেই হ’ল যৌগিক লেন্‌ছৰ ক্ষমতা ।
P = P1 + P2 + P3 + ………….
    এনেদৰে যোগ কৰি যৌগিক লেন্‌ছৰ ক্ষমতা নিৰ্ণয় কৰা হয় ।

৬০। চকুৰ চিকিৎসক সকলে কেনেদৰে যৌগিক লেন্‌ছৰ ক্ষমতাৰ ব্যৱহাৰ কৰে? উদাহৰণসহ বুজাই লিখা ।

উত্তরঃ চকু চিকিৎসকসকলৰ বাবে লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্যৰ সলনি, ক্ষমতাৰ ব্যৱহাৰ বেছি সুবিধাজনক হয় । চকু চিকিৎসকসকলে চকু পৰীক্ষাৰ সময়ত পৰীক্ষণ চছমাৰ ফ্রেমত জ্ঞাত ক্ষমতাৰ সংশোধনীমূলক লেন্‌ছৰ গাতে লাগি থকাকৈ বহুকেইটা গোট ভৰায় । চকু চিকিৎসকে সৰল বীজগনিতীয় যোগেৰে প্রয়োজন হোৱা লেন্‌ছৰ ক্ষমতা নিরূপন কৰে ।
    উদাহৰণস্বরূপে- +2.0 D আরু +0.25 D ক্ষমতাৰ দুখন লেন্‌ছ, +2.25 D ক্ষমতাৰ এখন লেন্‌ছৰ সমকক্ষ হয় ।

৬১। লেন্‌ছৰ যোগাত্মক ধৰ্মটো বা যৌগিক লেন্‌ছৰ ক্ষমতা কিয় আরু ক’ত ব্যৱহাৰ কৰা হয়?
উত্তরঃ যৌগিক লেন্‌ছৰ ক্ষমতা বা লেন্‌ছৰ যোগাত্মক ধৰ্মটো অকল এখন লেন্‌ছে গঠন কৰা প্রতিবিম্বৰ কেতবোৰ বিসংগতি আতৰাবৰ বাবে এটা লেন্‌ছ প্রণালী তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় ।

৬২। কেইবাখনো লেন্‌ছ পৰস্পৰ সংস্পৰ্ষত ৰাখি তৈয়াৰ কৰা লেন্‌ছ প্রণালীৰ তিনিটা ব্যৱহাৰ লিখা ।

উত্তরঃ কেইবাখনো লেন্‌ছ পৰস্পৰ সংস্পৰ্ষত ৰাখি তৈয়াৰ কৰা লেন্‌ছ প্রণালী সাধাৰণে কেমেৰাৰ লেন্‌ছ, অণুবীক্ষণ আরু দূৰবীক্ষণ যন্ত্র অভিলক্ষ্যৰ নিৰ্মাণত ব্যৱহাৰ কৰা হয় । 


UPDATING.........