প্রশ্নাৱলী
১। অতি চমু উত্তৰ দিয়াঃ
১। অতি চমু উত্তৰ দিয়াঃ
(ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল?
উত্তরঃ কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপ শিশুগণে আহি যশোদাক
কৈছিল ।
(খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আরু নোখোৱাকৈ থাকিব
বুলি মাকক জনাইছিল ?
উত্তরঃ কৃষ্ণই চাৰি পাঞ্চ দিন টোপনিৰ পৰা নুঠাকৈ আরু
নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল ।
(গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি রূপ ধাৰণ কৰিছিল?
উত্তরঃ দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহনী রূপ ধাৰণ কৰিছিল
৷
(ঘ) কপিল মুনিৰ মাতৃ কোন আছিল?
উত্তরঃ কপিল মুনিৰ মাতৃ দেৱহূতি আছিল ।
(ঙ) কি রূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?
উত্তরঃ বামন রূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল ।
২। তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ ।
-এইষাৰ কাৰ উক্তি? কাক দেখি, কিয় তেওঁৰ
ভয়তে জীউ উৰি যায় বুজাই লিখা ।
উত্তরঃ এইষাৰ বালকরূপী শ্রী কৃষ্ণৰ উক্তি
। মাতৃ যশোদাক দেখি শ্রী কৃষ্ণৰ ভয়ত জীউ উৰি যায় বুলি কৈছে । কাৰণ,
যশোদাই শ্রী কৃষ্ণক তেওঁৰ কথা নমনা বা অবজ্ঞা কৰাৰ অপৰাধত উৰলত বান্ধি নানান
শাস্তি বিহে ।
এই পদ্যাংশৰ মাধ্যমেৰে মানুহরূপী শ্রী কৃষ্ণই যশোদাৰ বাবে ভয়ৰ এক
উদ্বে্গ প্রকাশ কৰিছে । শ্রী কৃষ্ণ অথবা নাৰায়ণ হ’ল- ত্রিজগতৰ পতি । তেওঁ জগতৰ
সকলো কর্মৰাজিৰ আরু বিষয়বস্তুৰ কাৰণ । তেওঁয়ে হ’ল সৃষ্টি, স্থিতি আরু পলয়ৰ গৰাকী ।
তথাপি মানুহরূপী শ্রী কৃষ্ণই যশোদাৰ ভয়ত জীৱ উৰি যায় বুলি প্রকাশ কৰি এক মানৱ শিশুৰ
সাধাৰণ নিয়ম ৰাজিৰ ৰক্ষা কৰিছে ।
৩। “মোহিনী স্বরূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম ।”
-কোনে মোহিনী রূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ
কাৰ্য সাধন কৰিছিল, খৰচি মাৰি লিখা ।
উত্তরঃ ভগৱান শ্রী কৃষ্ণই মোহিনী রূপ ধাৰণ কৰিছিল । তেওঁ
দেৱতাসকলক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল ।
এবাৰ অসুৰ আরু
দেৱতাসকলে অমৰত্ব হবৰ বাবে অমৃত বিচাৰি সাগৰ মন্থন কৰিছিল । অসুৰবোৰে আশা কৰিছিল
যে অমৃত প্রাণ কৰি তেওঁলোকে অমৰ হব । কিন্তু অসুৰবোৰে অমৃত প্রাণ কৰি অমৰ হ’লে
ত্রিজগতৰ অত্যন্ত সূচনীয় আরু ভয়ংকৰ হব । সেয়েহে ভগৱান শ্রী কৃষ্ণই সুন্দৰী মোহিনী
রূপ ধাৰণ কৰিছিল আরু কৌশলেৰে দেৱতাসকলক অমৃত প্রাণ কৰিছিল । লগতে, অমৃতৰ প্রাপ্তিৰ
পৰা অসুৰবোৰক বিৰত কৰাই সৃষ্টিৰ ভাৰসাম্যতা ৰক্ষা কৰিছিল ।
৪। মাকৰ কি কি গুণৰ কথা কব’লৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি
কৈছিল ? কথাখিনি তোমাৰ নিজৰ কথাৰে বুজাই লিখা ।
উত্তরঃ
শ্রী কৃষ্ণ হ’ল ত্রিজগতৰ পতি । তেওঁয়েই হ’ল সৃষ্টি,
স্থিতি আরু প্রলয়ৰ গৰাকী । যশোদাই দৈবাক্রমে কৃষ্ণক পুত্র হিচাপে লাভ কৰিছে ।
কিন্তু শিশু রূপী কৃষ্ণই মাতৃ যশোদাৰ পৰিপেক্ষিতত নানান অসন্তুষ্টি প্রকাশ কৰিছে ।
তেওঁ যশোদাৰ চৰিত্র আরু কারু-কাৰ্যসমূহ সুৱৰি লজ্জিত বা লাজ লাগে বুলি
প্রকাশ/ব্যক্ত কৰিছে ।
গোৱালৰ জীয়ৰী হৈ
যশোদাই ত্রিজগতৰ পতি শ্রী কৃষ্ণক নানান শাস্তি বিহে । যশোদাই শ্রী কৃষ্ণক গোটেই
দিনটো গরু চাৰিব দিয়ে কিন্তু খাদ্য হিচাপে কৰকৰা ভাতহে প্রদান কৰে । যশোদাই শ্রী
কৃষ্ণক কলীয়া কলীয়া আরু বিগুটিয়া বুলি মাৰে আরু যশোদাৰ ঘৰত আহি শ্রী কৃষ্ণই দধিচোৰৰ
নামো প্রাপ্তি হৈছে । যশোদাক সৰ্ব জগতে ল’ৰা-ছোৱালী নথকাৰ নিমিত্তে কাঠবাঁজী বুলি
মাতে কিন্তু শ্রী কৃষ্ণ আহি সেই দুখ কৰি এই অপবাদ নাশ কৰিলে । কিন্তু সেই যশোদাই
কৃষ্ণক মাটি খোৱা দায়হে দিয়ে ।
যশোদাৰ হৈ শ্রী কৃষ্ণই দিনৰ দিনটো গরু চাৰে কিন্তু
যিসমূহ সুযোগ-সুবিধা প্রদান কৰিব লাগিছিল সেইবোৰ অৰ্পণ কৰা নাই । ছয়ৰতি সোণাৰ/সোণৰ
বাহী গড়াই নিদি বাঁহৰ বাহী দিছে যিটো বজাই কৃষ্ণৰ ওঠ ফাটি তেজ বৈ যায় । গরুচাৰিব
যাওঁতে একমুঠিমান অন্ন বা ভাত দি পঠায় যি এবাৰ বা এগহা খালে আরু এবাৰলৈ বা এগহালৈ
নাটে আরু আধা পেটে ৰব লগা হয় । গরু চৰাৰ নিমিত্তে দুই মূৰ মোনাৰ দৰে সীমা এৰীয়া
গামোছা ‘নটুৱা টনা” হে দিছে যি পিন্ধি কৃষ্ণ লজ্জিত হয় । যশোদাই ইমান নিষ্ঠুৰ যে
শ্রী কৃষ্ণক অকণমান তেলো নিদিয়ে যাৰ বাবে তেওঁৰ চুলি গরু ধূলি পৰি কুটকুৰা আরু
কুকুহা পৰি গৈছে লগতে জটা বান্ধিছে ।
এই সকলোবোৰ
যশোদাৰ গুণ কওঁতে শ্রী কৃষ্ণৰ লাজ লাগে আরু ক্রন্দন/কান্দোন আহে । লগতে, এই
গুণসমূহ কবলৈও কৃষ্ণ লজ্জিতোওঁ হয় ।
৫। চমু টোকা লিখাঃ
(ক) বামনঃ
শ্রী কৃষ্ণৰ দশম অৱতাৰৰ পঞ্চমটি অৱতাৰ হ’ল বামন
অৱতাৰ । প্রভু জগন্নাথে বাওনা মানুহৰ রূপত “বামন অৱতাৰ” ধাৰণ কৰিছিল । দৈত্যৰাজ
বলি অত্যন্ত অহংকাৰী প্রকৃতিৰ আছিল । তেওঁক যি বিচৰা হয় সকলো দিবলৈ মান্তি হৈছিল ।
ইয়াৰ বাবে তেওঁ তীব্র অহংকাৰী প্রকৃতিৰ হৈ পৰিছিল । সেয়ে প্রভু বিষ্ণুৱে বামন রূপ
ধাৰণ কৰি বলিৰ যজ্ঞলৈ আহি তিনিপদ ভূমি বিচাৰিছিল । ছলে-কৌশলে তেওঁ বলিৰ মূৰত ভৰি ৰাখোতেই
তেওঁ পাতাল পালেগৈ । এনেকৈ বামন রূপ ধাৰণ কৰি শ্রী কৃষ্ণই বলিৰ অহংকাৰ দূৰ কৰিছিল
আরু বলিক পাতাললৈ প্রেৰণ কৰিছিল ।
(খ) দেবহুতিঃ
দেৱহুতি
স্বয়ংম্ভুৱ মুনিৰ কন্যা আছিল । এওঁ মুনিরূপী ভগৱান কপিল মুনিৰ মাতৃ আছিল । নিজৰ
সু-কৰ্ম আরু ধ্যান-ধাৰণাৰ বলত কপিল মুনিক নিজ পুত্র হিচাপে লাভ কৰিছিল । দেৱহুতিয়ে
কপিল মুনিৰ পৰা সাংখ্য দৰ্শন সম্বন্ধে জ্ঞান লাভ কৰিছিল । মাতৃ দেৱহুতিক কপিল
মুনিদেৱে শাস্ত্রৰ তত্ত্ব বিচাৰৰ জ্ঞান প্রদান কৰিছিল ।
(গ) কপিলঃ
কপিল এজন
প্রসিদ্ধ মুনি আছিল । তেওঁ সাংখ্য দৰ্শনৰ প্রবৰ্তক আছিল । তেখেত কদৰ্ম মুনি আরু
স্বায়ম্ভুব মুনিৰৰ কন্যা দেৱহুতিৰ পুত্র আছিল । এবাৰ তেওঁৰ শাপত সৰগ ৰজাৰ ষাঠি
হেজাৰ পুত্র ভস্মীভূত হয় । তেওঁক বিষ্ণুৰ এক অৱতাৰ হিচাপে ধৰা হয় ।
(ঘ) শ্রী ধৰ কন্দলীঃ
শ্রী ধৰ কন্দলী
শংকৰদেৱৰ পৰৱৰ্তী পৰ্যায়ৰ বৈষ্ণৱ কবি আছিল । তেওঁ কাব্যৰাজিত বৈষ্ণৱ ধৰ্মৰ
প্রারুভাৱ প্রকাশ পাইছিল । তেখেতৰ দুখনি বিখ্যাত কাব্যগ্রন্থ আছিল ‘কাণখোৱা’ আরু ‘ঘুনুচা
কীৰ্ত্তন’ । নিচুকণি গীতৰ সমাহাৰেৰে অসমীয়া সাহিত্য সংস্কৃতিলৈ তেওঁ কাণখোৱা
পুথিখন অৰ্পণ কৰিছিল । তেখেতৰ সাহিত্যৰাজিত বিষ্ণুৰ অৱতাৰ লীলা মাহাত্ম্য সহজ-সৰল
আরু প্রাঞ্জল ভাষাত পোৱা যায় । কাণখোৱা পুথিখনত তেখেতে শ্রী কৃষ্ণৰ ঈশ্বৰত্ব আরু
মানৱ-শিশুত্ব ভাৱ সুন্দৰভাৱে প্রকাশ কৰিছে ।
(ঙ) দৈৱকীঃ
দৈৱকী শ্রী কৃষ্ণৰ মাতৃ
আরু বসুদেৱৰ পত্নী আছিল । লগতে কংসৰ ভগ্নী বা ভনী আছিল । তেওঁৰ ছয় পুত্র কীর্ত্তিমত (Kírttimat), সুশেনা (Sushena), উদয়ন (Udayin), ভদ্ৰসেন(Bhadrasena), ৰিজুদাস (Rijudasa), আরু ভদ্ৰদেহ(Bhadradeha)ক তেওঁৰ ককাইক কংসয়ে মাৰি পেলাইছিল । অষ্টম পুত্র হাতত মৃত্যুৰ বাতৰি পাই কংসই বসুদেৱ
আরু দৈৱকীক কাৰাগাৰত বন্দী কৰি থৈছিল । কিন্তু দৈৱাক্রমে দৈৱকীৰ সপ্তম পুত্র বলৰাম
আরু অষ্টম পুত্র প্রভু শ্রী কৃষ্ণক কংসই বধ কৰিব নোৱাৰিছিল । তেওঁলোক দুয়ু মিলি
দৈৱকীৰ ভাতৃ আরু তেওঁলোকৰ মোমায়েক কংসক বধ কৰিছিল ।
৭। কৃষ্ণই বিভিন্ন
সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰ ।
উত্তরঃ
শ্রী ধৰ কন্দলীদেৱে ‘কাণাইৰ চাতুৰী’ত কৃষ্ণৰ বিভিন্ন
সময়ৰ অৱতাৰ আরু কাৰ্য সাধনাৰ বিষয়ে উল্লেখ কৰিছে । কৃষ্ণই নিজৰ রূপ ধাৰণ কৰি অনন্ত
ব্রহ্মাণ্ড স্রজিছিল আরু লীলা কৰিছিল । নাৰয়ণ রূপত তেওঁ অনন্ত শয্যাত জলত শয়ন কৰিছিল
আরু নাভিৰ পৰা ব্রহ্মাক উপজাই তিনি ভুৱনৰ সৃষ্টি কৰিছিল । অসুৰৰ ভয়ত যেতিয়া দেৱগণে
কৃষ্ণক চিন্তা কৰিছি্ল তেতিয়া চতুৰ্ভুজ ধাৰণ কৰি তেওঁলোক দৰ্শন কৰিছিল আরু কৃষ্ণৰ
সেই রূপ দেখি ত্রিদশ বা ত্রিজগত(স্বৰ্গ, মত্য আরু পাতাল) অবাক মানিছিল । মোহিনী
রূপ ধাৰণ কৰি কৃষ্ণই দেৱতাসকলক অমৃত পাণ কৰিছিল আরু অসুৰক অমৃত প্রাপ্তিৰ পৰ বিৰত কৰিছিল । তেওঁ কপিল মুনি
স্বরূপে বা রূপ ধাৰণ কৰি মাতৃ দেৱহুতিক শাস্ত্র-তত্ত্বৰ জ্ঞান প্রদান কৰিছিল ।
বামন স্বরূপে তিনিপদ ভূমি বিচৰৰ চলেৰে কৃষ্ণই বলিৰ অহংকাৰ দূৰ কৰিছিল আরু পাতাললৈ
পঠিয়াইছিল লগতে বিশ্বরূপ দৰ্শন কৰই গঙ্গাক নমাই আনিছিল ।
এনেদৰে কৃষ্ণৰ বিভিন্ন অৱতাৰ আরু তেওঁ সাধন কৰ
কাৰ্যসমূহ শ্রী ধৰ কন্দলীদেৱে ‘কাণাইৰ চাতুৰী’ৰ জৰিয়তে সুন্দৰভাৱে বৰ্ণিত কৰিছে ।
৮। কবিতাটোত ‘কাঠবাঁজী’
বুলি কাক কৈছে? ইয়াৰ অর্থ কি? এই অপবাদৰ পৰ তেওঁক কোনে ৰক্ষা কৰিলে?
উত্তরঃ কবিতাটোত ‘কাঠবাঁজী’
বুলি যশোদাক কৈছে । ইয়াৰ অর্থ হ’ল- সন্তান নাইকীয়া তিৰোতা । এই অপবাদৰ পৰ তেওঁক
শ্রী কৃষ্ণই ৰক্ষা কৰিলে ।
৯। তাৎপৰ্য ব্যাখ্যা
করাঃ
(ক) কাঠবাঁজী বুলি জগতে হাসয়
দেখিলো সুমৰো হৰি ।
মই আসি তোৰ ঘৰে পুত্র ভৈলো
সিটো দুখ দূৰ কৰি ।।
উত্তরঃ উৰ্দ্ধিত
কবিতাংশ আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা (নতুন)’ৰ শ্রী ধৰ কন্দলীদেৱৰ ‘কাণাইৰ
চাতুৰী’ কবিতাটিৰ পৰ তুলি দিয়া হৈছে ।
এই কবিতাফাকিৰ মাধ্যমেৰে শ্রী কৃষ্ণই অভিমানেৰে
যশোদাৰ ‘কাঠবাঁজী’ বোলা অপবাদৰ দূৰীকৰণৰ সন্দৰ্ভত ব্যক্ত কৰিছে ।
যশোদা কাঠবাঁজী আছিল । সেয়েহে সকলো তেওঁক
সন্তান নোহোৱাৰ বাবে হীন বুলি জ্ঞান কৰিছিল । কিন্তু শ্রী কৃষ্ণক পুত্র হিচাপে
পোৱাৰ পাছৰেই পৰ এই অপবাদ দূৰ হৈছিল । সেয়ে উল্লেখিত কবিতাফাকিত শ্রী কৃষ্ণই
ব্যক্ত কৰিছে যে সৰ্ব জগতে যশোদাক কাঠবাঁজী বুলি হাঁহিছিল । কিন্তু এই দুখ হৰি
অর্থাৎ শ্রী কৃষ্ণই মুছন কৰিছিল । তেওঁ আহি যশোদাৰ ঘৰত পুত্র হিচাপে লালিত-পালিত হৈ
যশোদাৰ সেই দীৰ্ঘদিনীয়া দুখ দূৰ কৰিছিল ।
(খ) মোহিনী স্বরূপে অমৃত পিয়ালো
সাধিলো
দেৱৰ কাম ।
তোমাৰ ঘৰে আসি বৰ যশ পাইলো
লৈলো দধিচোৰ নাম ।।
উত্তরঃ উৰ্দ্ধিত
কবিতাংশ আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা(নতুন)’ ৰ শ্রী ধৰ কন্দলীদেৱৰ ‘কাণাইৰ
চাতুৰী’ কবিতাটিৰ পৰ তুলি দিয়া হৈছে ।
এই কবিতাফাকিৰ মাধ্যমেৰে শ্রী কৃষ্ণই অভিমানেৰে
যশোদাক তেওঁৰ মোহিনী রূপ ধাৰণৰ কাৰ্য সাধন আরু যশোদাৰ ঘৰত পোৱা দধিচোৰ দুৰ্নামৰ
কথা সুৱৰি ব্যক্ত কৰিছে ।
বক্তা শ্রী কৃষ্ণই এই কবিতাফাকিত তেওঁৰ
মোহিনী রূপৰ কথা বৰ্ণনা কৰিছে । এবাৰ অসুৰ আরু দেৱতাসকলে অমৰত্ব হবৰ বাবে অমৃত
বিচাৰি সাগৰ মন্থন কৰিছিল । ভগৱান শ্রী কৃষ্ণই সুন্দৰী মোহিনী রূপ ধাৰণ কৰিছিল আরু
কৌশলেৰে দেৱতাসকলক অমৃত প্রাণ কৰিছিল । লগতে, অমৃতৰ প্রাপ্তিৰ পৰা অসুৰবোৰক বিৰত কৰাই
সৃষ্টিৰ ভাৰসাম্যতা ৰক্ষা কৰিছিল । দৈৱাক্রমে নানারূপী এই ত্রিগজতৰ পতি যশোদাৰ ঘৰত
পুত্র হিচাপে পালিত হৈছে । কিন্তু বৰ যশ বা সুনাম পোৱাৰ বিপৰীতে সাধাৰণ গাখীৰ
খোৱাৰ বাবে ‘দধিচোৰ’ নামহে কৃষ্ণই লাভ কৰিছে । সেয়ে এই কথা কবিতাফাকিত ক্ষোভেৰে
যশোদাক শ্রী কৃষ্ণই প্রকাশ কৰিছে ।
(গ) মই নাৰয়ণ জগত
কাৰণ
তুমি গোৱালৰ জীউ ।
তথাপি তোহাক দেখন্তে
ডৰত
উৰি যায় মোৰ জীউ ।।
উত্তরঃ উৰ্দ্ধিত কবিতাংশ আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা(নতুন)’ ৰ শ্রী ধৰ
কন্দলীদেৱৰ ‘কাণাইৰ চাতুৰী’ কবিতাটিৰ পৰ তুলি দিয়া হৈছে ।
এইষাৰ বালকরূপী
শ্রী কৃষ্ণৰ উক্তি । মাতৃ যশোদাক দেখি শ্রী কৃষ্ণৰ ভয়ত জীউ উৰি যায়
বুলি কৈছে । কাৰণ, যশোদাই শ্রী কৃষ্ণক তেওঁৰ কথা নমনা বা অবজ্ঞা কৰাৰ অপৰাধত উৰলত
বান্ধি নানান শাস্তি বিহে ।
এই পদ্যাংশৰ মাধ্যমেৰে মানুহরূপী শ্রী কৃষ্ণই যশোদাৰ বাবে ভয়ৰ এক
উদ্বে্গ প্রকাশ কৰিছে । শ্রী কৃষ্ণ অথবা নাৰায়ণ হ’ল- ত্রিজগতৰ পতি । তেওঁ জগতৰ
সকলো কর্মৰাজিৰ আরু বিষয়বস্তুৰ কাৰণ । তেওঁয়ে হ’ল সৃষ্টি, স্থিতি আরু পলয়ৰ গৰাকী ।
তথাপি মানুহরূপী শ্রী কৃষ্ণই যশোদাৰ ভয়ত জীৱ উৰি যায় বুলি প্রকাশ কৰি এক মানৱ শিশুৰ
সাধাৰণ নিয়ম ৰাজিৰ ৰক্ষা কৰিছে ।
updating............