চমু উত্তৰঃ (২ নম্বৰৰ)
১। ধর্মৰ বুৎপত্তিগত অৰ্থ
কি?
উত্তৰঃ ধর্ম অর্থাৎ ‘Religion’ শব্দটো ‘Religare’ শব্দৰ পৰা
উৎপত্তি হৈছে । এই শব্দৰ অর্থ হ’ল- ‘বন্ধন’ অর্থাৎ যিয়ে দৃঢ়ভাৱে বান্ধি ৰাখে ।
‘ধৃ’ ধাতুৰ লগত ‘মন’ প্রত্যয় সংযোগ কৰি সংস্কৃতত ‘ধর্ম’ শব্দটোৰ উৎপত্তি হৈছে ।
ব্যক্তিৰ জীৱনত আরু জাতিৰ জীৱনত যিয়ে যথাৰ্থ সংহতি আনে, সেয়াই হৈছে
ধর্ম । অথবা যিইয়েই ধাৰণ কৰে সেয়াই ধর্ম । লগতে, সামাজিক জীৱনৰ বৃহত্তৰ ঐক্যৰ মাজত
যি ব্যৱস্থাই মানুহৰ জীৱনক ধৰি ৰাখে তাকে ধর্ম বোলা হয় ।
২। ধর্মত নিহিত থকা
উপাদান তিনিটা কি ?
উত্তৰঃ ধর্মত নিহিত থকা
উপাদান তিনিটা হৈছে- জ্ঞান বা বুদ্ধি, অনুভূতি আরু ইচ্ছা বা ক্রিয়া ।
৩। মেথিউ আৰ্ণল্ডৰ মতে
ধর্ম কি?
উত্তৰঃ মেথিউ আৰ্ণল্ডৰ
মতে ‘ধর্ম হ’ল আবেগ স্পৰ্শিত নৈতিকতা’ । মেথিউ আৰ্নল্ডে ধর্মক নীতিৰ পৰা অভিন্ন কৰিছে
।
৪। ধর্মৰ চাৰিটা
গুরুত্বপূর্ণ বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ ধর্মৰ দুটা
গুরুত্বপূর্ণ বৈশিষ্ট্য হৈছে-
(ক) ধর্মৰ ক্ষেত্রত
কিছুমান মানসিক শক্তিয়ে প্রেৰণারূপে ক্রিয়া কৰে । উদাহৰণস্বরূপে- ব্যক্তিৰ জীয়াই থকাৰ বাসনা,
আত্মবিকাশ আরু কল্যাণ লাভৰ আগ্রহ আরু আত্মোলব্ধিৰ আকাংক্ষা আদি ।
(খ) ধর্মই কোনো উচ্চতৰ
অতীন্দ্রিয় সত্তাত বিশ্বাস কৰে আরু ব্যক্তিয়ে নিজত মংগলৰ কাৰণে এই সত্তাৰ ওপৰত
নির্ভৰ কৰে ।
(গ) ধর্মৰ এক বাহ্যিক দিশ
আছে, সেয়া হৈছে ধর্মীয় আচাৰ অনুষ্ঠান ।
(ঘ) ধর্ম এক সামাজিক আরু
আনুষ্ঠানিক দিশো আছে ।
৫। ধর্ম আরু নৈতিকতাৰ মাজৰ
সাদৃশ্যবোৰ কি কি?
উত্তৰঃ ধর্ম আরু নৈতিকতাৰ
মাজৰ সাদৃশ্যবোৰ হৈছে-
(ক) ধর্ম আরু নৈতিকতা,
দুয়ুটাই আত্মাৰ অমৰত্বত বিশ্বাস কৰে ।
(খ) ধর্ম আরু নৈতিকতাৰ
দুয়ুটাৰ মত অনুসৰি, ধর্ম আরু নৈতিক আদর্শ হ’ল জীৱনৰ অন্যতম পৰম আদর্শ যাক এক
ক্ষুদ্র সীমিত জীৱনত লাভ কৰা মুঠেই সম্ভৱ নহয় ।
(গ) ধর্ম আরু নৈতিকতা
উভয়েই আত্মাৰ অমৰত্বক স্বীকাৰ কৰে ।
(ঘ) আত্মাৰ অমৰত্বক
স্বীকাৰ কৰি নল’লে মানুহৰ নৈতিক প্রচেষ্টাৰ কোনো সাথৰ্কতা নাথাকে । এই দিশত উভয়ৰে
মাজত ওতঃপ্রোতঃ স্বম্বন্ধ আছে ।
৬। ধর্ম আরু নৈতিকতাৰ মাজৰ
দুটা গুরুত্বপূর্ণ পার্থক্যৰ দিশ উল্লেখ কৰা ।
উত্তৰঃ ধর্ম আরু নৈতিকতাৰ
মাজৰ দুটা গুরুত্বপূর্ণ পার্থক্যৰ দিশ হৈছে-
(ক) কেন্দ্রঃ
ধর্ম ঈশ্বৰ
কেন্দ্রিক, আনহাতে নৈতিকতা বা নীতি মানৱকেন্দ্রিক ।
(খ) সত্তাৰ অলৌকিকতাঃ
নৈতিকতাৰ লগত সত্তাৰ অলৌকিকতাৰ সম্পর্ক নাই ।
আনহাতে, ধর্মৰ সৈতে সত্তাৰ অলৌকিকতাৰ সম্পর্ক আছে ।
৭। তুমি বিশ্বাস কৰানে যে
ধর্ম হ’ল নিজতেই এক সমাপ্তি? তোমাৰ উত্তৰ সপক্ষত কাৰণ দর্শোৱা ।
উত্তৰঃ ‘ধর্ম হ’ল নিজতেই
এক সমাপ্তি’, এই পক্ষত মই সম্পূর্ণরূপে বিশ্বাস নকৰো । কাৰণ, নীতি আরু ধর্ম উভয়ে পৰস্পৰৰ ওপৰত ক্রিয়া
আরু প্রভাৱ বিস্তাৰ কৰে । মানুহৰ ধর্মভাৱ যিমানে বাঢ়ি যাব, তেওঁৰ সৎ আচৰণ কৰাৰ প্রৱণতাও সেমানেই বাঢ়ি
যাব । লগতে, মানুহৰ ধর্মজ্ঞান আরু ঈশ্বৰৰ বিশ্বাসে মানুহক ন্যায়ৰ পথত চলাৰ প্রেৰণা
দিয়ে । অর্থাৎ ধর্মজ্ঞান যিমানেই বাঢ়ি থাকে নীতিজ্ঞানো সিমানেই উন্নত হয় ।
চমু উত্তৰঃ (৩ নম্বৰৰ)
১। ধর্মৰ তিনিটা
বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ ধর্মৰ তিনিটা
বৈশিষ্ট্য হৈছে-
(ক) ধর্মৰ ক্ষেত্রত
কিছুমান মানসিক শক্তিয়ে প্রেৰণারূপে ক্রিয়া কৰে । উদাহৰণস্বরূপে- ব্যক্তিৰ জীয়াই থকাৰ বাসনা,
আত্মবিকাশ আরু কল্যাণ লাভৰ আগ্রহ আরু আত্মোলব্ধিৰ আকাংক্ষা আদি ।
(খ) ধর্মই কোনো উচ্চতৰ
অতীন্দ্রিয় সত্তাত বিশ্বাস কৰে আরু ব্যক্তিয়ে নিজত মংগলৰ কাৰণে এই সত্তাৰ ওপৰত
নির্ভৰ কৰে ।
(গ) ধর্মৰ এক বাহ্যিক দিশ
আছে, সেয়া হৈছে ধর্মীয় আচাৰ অনুষ্ঠান ।
২। ধর্ম আরু নৈতিকতাৰ মাজৰ
পার্থক্যৰ তিনিটা গুরুত্বপূর্ণ দিশ উল্লেখ কৰা ।
উত্তৰঃ ধর্ম আরু নৈতিকতাৰ
মাজৰ দুটা গুরুত্বপূর্ণ পার্থক্যৰ দিশ হৈছে-
(ক) কেন্দ্রঃ
ধর্ম ঈশ্বৰ
কেন্দ্রিক, আনহাতে নৈতিকতা বা নীতি মানৱকেন্দ্রিক ।
(খ) সত্তাৰ অলৌকিকতাঃ
নৈতিকতাৰ লগত সত্তাৰ অলৌকিকতাৰ সম্পর্ক নাই ।
আনহাতে, ধর্মৰ সৈতে সত্তাৰ অলৌকিকতাৰ সম্পর্ক আছে ।
(গ) পৰিসৰঃ
নীতিৰ
তুলনাত ধর্মৰ পৰিসৰ ব্যাপক ।
৩। ধর্ম সম্পর্কে ফ্লিন্টৰ
সংজ্ঞাটো ব্যাখ্যা কৰা ।
উত্তৰঃ ফ্লিন্টৰ মতে-
“ধর্ম হ’ল এনে এক বা একাধিক সত্তাত মানুহৰ বিশ্বাস, যি সত্তা মানুহতকৈ বহুত বেছি
শক্তিশালী আরু তেওঁ ইন্দ্রিয়ৰ অনভিগম্য, অথচ তেওঁৰ আবেগ আরু কাৰ্যৰ প্রতি উদাসীন
নহয় আরু যি বিশ্বাসৰ লগত যুক্ত হৈ আছে তেওঁৰ অনুভূতি আরু আচৰণ ।”
ধর্মৰ এই সংজ্ঞাটো অপেক্ষাকৃতভাবে সন্তোষজনক । কাৰণ, ধর্মৰ
প্রয়োজনীয় বৈশিষ্ট্যৰ কেইবাটাও উপাদান ফ্লিন্টৰ সংজ্ঞাত উল্লেখ কৰা হৈছে ।
৪। ডেছকাৰ্টছৰ মতে ‘এয়াই
ধর্ম, যিয়ে নৈতিকতা গঢ়ে’ । এই কথা যদি তুমি মানি নোলোৱা তেন্তে তোমাৰ যুক্তি ডাঙি
ধৰা ।
উত্তৰঃ ডেছকাৰ্টছৰ মতে
‘এয়াই ধর্ম, যিয়ে নৈতিকতা গঢ়ে’ । এই যুক্তি মানি নোলোৱাৰ যুক্তি হ’ল এনেধৰণৰঃ
এই মতবাদ গ্রহণযোগ্য নহয় । কাৰণ, এই মতবাদ অনুসৰি ঈশ্বৰৰ কোনো
নিজস্ব নৈতিক চৰিত্র নাই । যদি ভাল আরু বেয়া ঈশ্বৰৰ নিজৰ ইচ্ছাৰ ওপৰতে নির্ভৰ কৰে,
তেন্তে তেওঁ ইচ্ছা কৰিলেই ভালক বেয়া আরু বেয়াক ভাল বুলি বিধান দিব পাৰে । কিন্তূ মানুহে
বিশ্বাস কৰে, ঈশ্বৰ সর্বশক্তিয়ান হ’লেও তেওঁ ভালক বেয়া আরু বেয়াক ভাল কৰিব নোৱাৰে । যিহেতু, ঈশ্বৰ
নৈতিক আদর্শৰ প্রকাশ । সেয়েহে, যি ভাল সেয়া ঈশ্বৰৰ স্বভাৱৰ সৈতে সামঞ্জস্যপূর্ণ
আরু যিটো বেয়া সেয়া তেওঁৰ স্বভাৱৰ বিৰোধী ।
৫। কান্টৰ ধর্মৰ সংজ্ঞাৰ
ক্রুটীটো কি?
উত্তৰঃ কান্টৰ মতে, “আমাৰ
সকলো কৰ্তব্যক ঐশ্বৰিক আদেশ রূপে স্বীকাৰ কৰি লোৱাই হ’ল ধর্ম ।”
এই সংজ্ঞাৰ ক্রুটিটো হ’ল এয়ে যে তেওঁৰ সংজ্ঞাত তিনিটা মানসিক
ক্রিয়া- চিন্তা, অনুভূতি আরু ইচ্ছাৰ ভিতৰত কেৱল ইচ্ছাকেই গুরুত্ব দিয়া হৈছে । ঈশ্বৰৰ লগত
সাহচৰ্যৰ অলৌকিক অভিজ্ঞতা, প্রার্থনা, পজা, উপাসনা, ঈশ্বৰৰ প্রতি ভক্তি আদি যিবোৰ
ধর্মীয় অভিজ্ঞতাৰ উল্লেখযোগ্য বৈশিষ্ট্য, সেইবোৰ কাণ্টৰ ধর্মৰ সংজ্ঞাত অস্তিত্ব
নাই ।
৬। হেগেলৰ মতে ধর্ম কি?
তেওঁৰ সংজ্ঞাৰ ক্রুটীটো কি?
উত্তৰঃ হেগেলৰে মতে, ধর্ম
হ’ল “জীৱাত্মাক পৰমাত্মা রূপে স্বরূপৰ জ্ঞান” । লগতে, ঐশ্বৰিক দিশৰ পৰা, “ধর্ম হ’ল
সসীম আত্মাৰ মাধ্যমত নিজৰ ঐশ্বৰিক আত্মাৰ সম্পর্কে জ্ঞান” ।
তেওঁৰ সংজ্ঞাৰ ক্রুটীটো
হৈছে এনেধৰণৰঃ
হেগেলৰ ধর্মৰ সংজ্ঞাত ধর্মৰ বুদ্ধিগত বৈশিষ্ট্যৰ
ওপৰ ত অত্যাধিক গুরুত্ব আৰোপকৰিছে আরু ইচ্ছামূলক তথা আৱেগমূলক বৈশিষ্ট্যক উপেক্ষা
কৰিছে ।
৭। ধর্মৰ সংজ্ঞাবোৰৰ ভিতৰত
আটাইতকৈ সন্তোষজনক সংজ্ঞাটো উল্লেখ কৰা । এই সংজ্ঞাটোৰ সৈতে জড়িত দার্শনিক গৰাকীৰ নাম লিখা ।
উত্তৰঃ ধর্মৰ সংজ্ঞাবোৰৰ
ভিতৰত আটাইতকৈ সন্তোষজনক সংজ্ঞাটো হৈছে-
“ধর্ম হ’ল এনে এক
বা একাধিক সত্তাত মানুহৰ বিশ্বাস, যি সত্তা মানুহতকৈ বহুত বেছি শক্তিশালী আরু তেওঁ
ইন্দ্রিয়ৰ অনভিগম্য, অথচ তেওঁৰ আবেগ আরু কাৰ্যৰ প্রতি উদাসীন নহয় আরু যি বিশ্বাসৰ
লগত যুক্ত হৈ আছে তেওঁৰ অনুভূতি আরু আচৰণ ।”
এই সংজ্ঞাটোৰ সৈতে জড়িত দার্শনিক গৰাকীৰ নাম হ’ল- ফ্লিন্ট (Flint) ।
দীঘলীয়া প্রশ্নঃ (৪ নম্বৰৰ)
১। ধর্মৰ বিভিন্ন
বৈশিষ্ট্যবোৰ কি কি?
উত্তৰঃ প্রকৃততে ধর্ম বুলিলে কোনো অতীন্দ্রিয় শক্তিত
বিশ্বাসকেই বুজায় আরু এই বিশ্বাসেই মানুহৰ জীৱনৰ অনুভূতি আরু ক্রিয়াক নিয়ন্ত্রিত কৰে
।
ধর্মৰ লগত জড়িত থকা বিভিন্ন বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ’লঃ
(ক)ধর্মৰ ক্ষেত্রত
কিছুমান মানসিক শক্তিয়ে প্রেৰণারূপে ক্রিয়া কৰে । উদাহৰণস্বরূপে- ব্যক্তিৰ জীয়াই
থকাৰ বাসনা, আত্মবিকাশ আরু কল্যাণ লাভৰ আগ্রহ আরু আত্মোলব্ধিৰ আকাংক্ষা আদি ।
(খ) ধর্মই কোনো উচ্চতৰ
অতীন্দ্রিয় সত্তাত বিশ্বাস কৰে আরু ব্যক্তিয়ে নিজৰ মংগলৰ কাৰণে এই সত্তাৰ ওপৰত
নির্ভৰ কৰে ।
(গ) ধর্মৰ এক বাহ্যিক দিশ
আছে, সেয়া হৈছে ধর্মীয় আচাৰ অনুষ্ঠান ।
(ঘ) ধর্মৰ এক সামাজিক আরু
আনুষ্ঠানিক দিশ আছে ।
(ঙ) ধর্ম ব্যক্তিগত আরু
সামাজিক দুই ধৰণৰ সৈতে জড়িত ।
(চ) ধর্ম হ’ল জীৱাত্মাক পৰমাত্মা
রূপে স্বরূপৰ জ্ঞান ।
(ছ) ধর্ম হৈছে আধ্যাত্মিক
জীৱত বিশ্বাস ।
(জ) ধর্ম হ’ল এক আনুমানিক
ধাৰণা যি এই বিশ্বজগতক বোধগম্য কৰি তোলে ।
(ঝ) ধর্ম হৈছে অসীমৰ
প্রত্যক্ষণ বা উপলব্ধি ।
(ঞ) ধর্ম হ’ল এনে এটা
অনুভূতি, যিটো এফালে চিন্তনৰ লগত আরু আনফালে নৈতিকতা বা ক্রিয়াৰ লগত সংযোগ ৰহিত ।
(ট) ধর্ম হ’ল আবেগ
স্পৰ্শিত নৈতিকতা ।
(ঠ) ধৰ্ম হ’ল এনে এক
উচ্চতৰ শক্তি, যিবিলাকে মানৱ জীৱনৰ গতিপথ পৰিচালিত বা নিয়ন্ত্রিত কৰে আরু যিবিলাকক
প্রসন্ন কৰিব লাগে ।
(ড) ধর্ম হৈছে এক নিয়ত
অস্তিত্বশীল ঈশ্বৰত বিশ্বাস, যি জন ঈশ্বৰে এক ঐশ্বৰিক মন আরু ইচ্ছাৰে জগতক
নিয়ন্ত্রণ কৰে আরু মানুহৰ লগত এক পাৰস্পৰিক নৈতিক সম্পর্ক স্থাপন কৰাৰ চেষ্টা কৰে
।
(ঢ) ধর্ম হ’ল মূল্যৰ
অবিনাশিতাত বিশ্বাস ।
২। কান্টৰ ধর্মৰ সংজ্ঞাটো
উল্লেখ কৰা । ইয়াৰ ক্রুটীবোৰ কি কি?
উত্তৰঃ কান্টৰ মতে, “আমাৰ
সকলো কৰ্তব্যক ঐশ্বৰিক আদেশ রূপে স্বীকাৰ কৰি লোৱাই হ’ল ধর্ম ।”
এই সংজ্ঞাৰ ক্রুটিটো হ’ল এয়ে যে তেওঁৰ সংজ্ঞাত তিনিটা মানসিক
ক্রিয়া- চিন্তা, অনুভূতি আরু ইচ্ছাৰ ভিতৰত কেৱল ইচ্ছাকেই গুরুত্ব দিয়া হৈছে ।
ঈশ্বৰৰ লগত সাহচৰ্যৰ অলৌকিক অভিজ্ঞতা, প্রার্থনা, পজা, উপাসনা, ঈশ্বৰৰ প্রতি ভক্তি
আদি যিবোৰ ধর্মীয় অভিজ্ঞতাৰ উল্লেখযোগ্য বৈশিষ্ট্য, সেইবোৰ কাণ্টৰ ধর্মৰ সংজ্ঞাত
অস্তিত্ব নাই ।
৩। নৈতিকতা আরু ধর্মৰ
পার্থক্যবোৰ উল্লেখ কৰা ।
উত্তৰঃ নৈতিকতা আরু ধর্মৰ
মাজত কিছুমান পার্থক্য বিৰাজমান । ইয়াৰে উল্লেখযোগ্য পার্থক্যসমূহ হৈছেঃ
(ক) কেন্দ্রঃ
ধর্ম ঈশ্বৰ
কেন্দ্রিক, আনহাতে নৈতিকতা বা নীতি মানৱকেন্দ্রিক ।
(খ) সত্তাৰ অলৌকিকতাঃ
নৈতিকতাৰ লগত সত্তাৰ অলৌকিকতাৰ সম্পর্ক নাই ।
আনহাতে, ধর্মৰ সৈতে সত্তাৰ অলৌকিকতাৰ সম্পর্ক আছে ।
(গ) পৰিসৰঃ
নীতিৰ
তুলনাত ধর্মৰ পৰিসৰ ব্যাপক ।
(ঘ) দিশঃ
নীতি হ’ল অসিমৰ দিশলৈ অগ্রগতি ।
আনহাতে, ধর্ম হৈছে অসীমৰ মাজৰ পৰাই অগ্রগতি ।
(ঙ) ধৰণঃ
নৈতিকতা প্রধানতঃ আৱেগমুক্ত ।
আনহাতে, ধর্ম হৈছে আৱেগযুক্ত অভিজ্ঞতা ।
(চ) ক্ষেত্রঃ
ইচ্ছাৰ স্বাধীনতা চেতনা অবিহনে নৈতিকতা বা নীতি সম্ভৱ নহয় ।
আনহাতে, ধর্মৰ ক্ষেত্র হৈছে অনিবাৰ্যতাৰ ক্ষেত্র ।
৪। ‘ধর্ম আরু নৈতিকতা
স্বতন্ত্র’ বোলা দৃষ্টিভংগীটো আলোচনা কৰা ।
উত্তৰঃ ধর্ম আরু নীতি পৰস্পৰ
পৃথক । ধর্মৰ পৰাও নীতিৰ উৎপত্তি হোৱা নাইবা । লগতে, নীতিৰ পৰাও ধর্মৰ উৎপত্তি
হোৱা নাই । ধর্ম আরু নীতি স্বতন্ত্রভাৱে উদ্ভৱ হৈছে । ধর্মৰ উদ্ভৱ হৈছে কোনো পৰমসত্তাৰ
ওপৰত নির্ভৰতাবোধৰ পৰা । আনহাতে, মানুহৰ সভ্যতাৰ ক্রমবিকাশৰ এক উচ্চস্তৰত নৈতিকতা
বা নীতিৰ উদ্ভৱ হৈছে । মানুহৰ বিবেকে নিজৰ সন্মুখত এক নৈতিক আদর্শ দাঙি ধৰে আরু
নিজৰ নৈতিক উন্নতিৰ বাবে মানুহে এই নৈতিক আদর্শ অনুসৰণ কৰাৰ সংকল্প কৰে ।
সেয়েহে আমি ক’ব পাৰো যে ‘ধর্ম আরু নৈতিকতা স্বতন্ত্র’ ।
৫। ধর্ম আরু নৈতিকতাৰ মিলৰ
চাৰিটা দিশ উল্লেখ কৰা ।
অথবাঃ
৯। ধর্ম আরু নৈতিকতাৰ মাজৰ সম্পর্ক কি?
উত্তৰঃ ধর্ম আরু নৈতিকতাৰ
মাজত বহুতো দিশত বা সম্পর্কত মিল আছে । ইয়াৰে চাৰিটা মূল দিশ হৈছে-
(ক) বিশ্বাসঃ
ধর্ম আরু নৈতিকতা, দুয়ুটাই আত্মাৰ অমৰত্বত
বিশ্বাস কৰে ।
(খ) আদৰ্শ
ধর্ম আরু
নৈতিকতাৰ দুয়ুটাৰ মত অনুসৰি, ধর্ম আরু নৈতিক আদর্শ হ’ল জীৱনৰ অন্যতম পৰম আদর্শ যাক
এক ক্ষুদ্র সীমিত জীৱনত লাভ কৰা মুঠেই সম্ভৱ নহয় ।
(গ) অমৰত্বক কেন্দ্র
কৰিঃ
ধর্ম আরু নৈতিকতা উভয়েই আত্মাৰ অমৰত্বক স্বীকাৰ
কৰে ।
(ঘ) আত্মাৰ সন্দৰ্ভতঃ
আত্মাৰ অমৰত্বক
স্বীকাৰ কৰি নল’লে মানুহৰ নৈতিক প্রচেষ্টাৰ কোনো সাথৰ্কতা নাথাকে । এই দিশত
উভয়ৰে(ধর্ম আরু নৈতিকতা দুয়ুটা দিশৰে) মাজত ওতঃপ্রোতঃ স্বম্বন্ধ আছে ।
৬। ধর্ম কি? ইয়াৰ প্রকৃতি
বা স্বরূপ কি?
উত্তৰঃ প্রকৃততে ধর্ম
বুলিলে কোনো অতীন্দ্রিয় শক্তিত বিশ্বাসকেই বুজায় আরু এই বিশ্বাসেই মানুহৰ জীৱনৰ
অনুভূতি আরু ক্রিয়াক নিয়ন্ত্রিত কৰে ।
ধর্মৰ প্রকৃতি বা স্বরূপ
দুই ধৰণে আলোচনা কৰিব পাৰো । সেয়া হৈছে- ধর্মৰ সংজ্ঞা নিরূপণ কৰি আরু আনহাতে ধর্মৰ
লগত মানুহৰ অন্যান্য আচৰণ বা ক্রিয়াৰ সম্পর্ক নিরূপণ কৰি ।
(ক)মানুহৰ অন্যান্য
আচৰণ বা ক্রিয়াৰ সম্পর্ক নিরূপণ কৰি প্রকৃতি বা স্বরূপ নিরূপণঃ
(অ) ধর্ম হ’ল অতি জটিল বিষয় আরু ধর্মই মানৱ জীৱনৰ প্রতিটো দিশেই
স্পর্শ কৰিছে ।
(আ) আদিম নৰ-নাৰীৰ গুপ্ত ধৰ্মানুষ্ঠান বা উচ্ছৃংখল হৈ চৈ পূৰ্ণ উৎসৱৰ
পৰা আৰম্ভ কৰি দাৰ্শনিক স্পিনোজাৰ ঈশ্বৰৰ প্রতি বৌদ্ধিক অনুৰাগ- এই সকলো বস্তুৰ
মাজেদি ধর্মৰ প্রকাশ ঘটিছে ।
(ই) ধর্ম ব্যক্তিগত আরু সামাজিক দুই ধৰণৰ হ’ব পাৰে ।
(ঈ) আদিম যুগৰ অন্ধবিশ্বাস আরু আধুনিক যুগৰ যুক্তিবাদী মনোভাবৰ সৈতে
ধর্মৰ সম্পর্ক আছে ।
(উ) আচৰণ, বিচাৰ-বুদ্ধি, বিশ্বাস আরু আৱেগ, এই আটাইকেইটাই ধর্মৰ
অন্তর্ভুক্ত ।
(ঊ) ধর্মমত আরু ৰীতি-নীতিৰ মাজত ধর্ম নিহিত ।
(ঋ) ধর্ম যথার্থতে মানুহৰ অন্তৰত আরু মানুহৰ ওপৰত নির্ভৰ কৰে ।
(এ) ধর্ম জটিল আরু বিচিত্র যি মানুহৰ বাস্তৱিক কর্ম-ৰাজিৰ সৈতে জড়িত
হৈ আছে ।
(খ)ধর্মৰ সংজ্ঞা নিরূপণ কৰি
প্রকৃতি নির্ধাৰণঃ
(অ)হেগেলৰ মত অনুসৰি, ধর্ম হ’ল জীৱাত্মাক পৰমাত্মা রূপে স্বরূপৰ
জ্ঞান ।
(আ) টাইলৰ মতে,
ধর্ম হৈছে আধ্যাত্মিক জীৱত বিশ্বাস ।
(ই)স্পেন্সাৰৰ মন্তব্য
অনুসৰি ধর্ম হ’ল এক আনুমানিক ধাৰণা যি এই বিশ্বজগতক বোধগম্য কৰি তোলে ।
(ঈ)মেক্সমুলাৰৰ
ভাষাত ধর্ম হৈছে অসীমৰ প্রত্যক্ষণ বা উপলব্ধি ।
(উ) শ্লেয়াৰমেকাৰে
মন্তব্য কৰে যে ধর্ম হ’ল এনে এটা অনুভূতি, যিটো এফালে চিন্তনৰ লগত আরু আনফালে
নৈতিকতা বা ক্রিয়াৰ লগত সংযোগ ৰহিত ।
(ঊ) মেথিউ
আৰ্নল্ডৰ মতে ধর্ম হ’ল আবেগ স্পৰ্শিত নৈতিকতা ।
এনেদৰে আমি মানুহৰ আচৰণ আরু নীতিশাস্ত্রবিদসকলৰ
সংজ্ঞা, এই দুই মাধ্যমেৰে ধর্মৰ প্রকৃতি সম্পর্কে আভাস লাভ কৰিব পাৰো ।
৭। শ্লেয়াৰমেকাৰ মতে ধর্ম
কি? তেওঁৰ সংজ্ঞাটোৰ গুণ আরু দোষবোৰ কি কি?
উত্তৰঃ শ্লেয়াৰমেকাৰৰ মতে
ধর্ম হ’ল শুদ্ধ অনুভূতি অর্থাৎ এনে এটা অনুভূতি, যিটো এফালে চিন্তনৰ লগত আরু
আনফালে নৈতিকতা বা ক্রিয়াৰ লগত সংযোগ ৰহিত । তেওঁ অনুভূতিৰ দিশৰ পৰা ধর্মক
ব্যাখ্যা কৰিছে । তেওঁৰ মতে ধর্মৰ অপৰিহাৰ্য বৈশিষ্ট্য হৈছে ঈশ্বৰৰ ওপৰত একান্ত
নির্ভৰতাবোধ । লগতে, ধর্মৰ সৈতে জ্ঞানৰ সম্পর্ক নাই । জ্ঞান নোহোৱাকৈও ধর্মৰ
স্বরূপ জানিব পাৰি ।
শ্লেয়াৰমেকাৰ সংজ্ঞাৰ গুণঃ
(ক) শ্লেয়াৰমেকাৰে ধর্মক অসাৰ বুদ্ধিবাদ আরু
শূন্যগৰ্ভ নৈতিকতাৰ পৰা ৰক্ষা কৰিছে ।
(খ) তেওঁৰ মতে, ধর্মৰ অপৰিহাৰ্য্য বৈশিষ্ট্য আছে
তাৰ অন্তৰ্মুখিতাত, ঈশ্বৰ সম্পর্কে প্রত্যক্ষ অৱগতিত ।
শ্লেয়াৰমেকাৰ সংজ্ঞাৰ দোষঃ
(ক) তেওঁৰ সংজ্ঞাৰ দোষ
এইয়ে যে ধর্মৰ ভিতৰত যি অনুভূতিৰ উপাদান
আছে, সি কেৱল অনুভূতি নহয় ।
(খ) অনুভূতিৰ মাজত ধাৰণাগত
উপাদান থকা প্রয়োজন ।
(গ) অনুভূতিক ধাৰণাৰ পৰা
কেতিয়াই বুযুক্ত কৰিব নোৱাৰি, যাৰ কাৰণে অনুভূতিক প্রয়োজনীয় আরু ধাৰণাক অপ্রয়োজনীয়
বুলি গণ্য হ’ব পাৰে ।
৮। ‘নৈতিকতাই ধর্মৰ জন্ম দিয়ে’- উক্তিটো
সমালোচনামূলকভাৱে আলোচনা কৰা ।
উত্তৰঃ কান্ট, মাৰ্টিনিউ আদি নীতিবিজ্ঞানীসকলৰ
মতে ‘নৈতিকতাই ধর্মৰ জন্ম দিয়ে’ অর্থাৎ নীতিৰ পৰাই আমি ধর্ম লাভ কৰো ।
(ক) কান্টৰ মতে সততা বা সজগুণ আনন্দৰ লগত
অনিবাৰ্যভাৱে জড়িত । মানুহে সৎ কর্ম কৰিলে সুখ পায় আরু অসৎ কর্ম কৰিলে দুখ পায় ।
কিন্তূ বাস্তৱ জীৱনত আমি সদায় সৎকর্মৰ লগত সুখৰ
আরু অসৎ কর্মৰ সৈতে দুখৰ অবিচ্ছেদ্য সম্পর্ক দেখা নাপাওঁ ।
(খ) কান্টৰ মতে, কোনো এক নৈতিক শক্তিয়ে এই বিশ্বৰ
অন্তৰালত থাকি, সদাচাৰৰ সৈতে সুখৰ আরু পুৰস্কাৰ লগতে অসদাচাৰৰ সৈতে দুখৰ আরু
শাস্তিক সংযোগ সাধন কৰে । এই নৈতিক শক্তিয়েই হৈছে সৰ্বশক্তিমান সৰ্বজ্ঞ ঈশ্বৰ ।
সেয়েহে
নীতিৰ পৰাই আমাৰ ঈশ্বৰৰ ধাৰণা জন্ম আরু সেইবাবে নীতিৰ পৰাই ধর্মৰ উৎপত্তি ।
(গ) মাৰ্টিনিউৰ মতে, নীতিৰ পৰাই ধর্মৰ উৎপত্তি ।
তেখেতৰ মতে নৈতিক বাধ্যতাবোধৰ পৰাই ঈশ্বৰৰ ধাৰণা জন্মে । আমি বিশ্বাস কৰো যে কোনো
এক নৈতিক শক্তি আছে বা এনে কোনো সৰ্বজ্ঞ ঈশ্বৰ আছে যাক আমি কেতিয়াও ফাকি দিব নোৱাৰো
।
সেয়েহে
তেওঁৰ মতে, এই নৈতিক বাধ্যতাবোধ আরু দায়িত্ববোধৰ পৰাই ঈশ্বৰৰ ধাৰণাৰ উৎপত্তি হৈছে
অর্থাৎ ধর্মৰ উৎপত্তিত অৰিহণা যোগাইছে ।
checking & updating........