প্রশ্নাৱলী (Exercise)
১। শিক্ষা আরু সমাজবিজ্ঞানৰ ধাৰণা সম্বন্ধে চমু আভাস দিয়া ।
Give a brief statement on the concept of Education and
Sociology.
উত্তৰঃ শিক্ষাৰ
ধাৰণাঃ
(ক) শিক্ষাৰ ইংৰাজী
প্রতিশব্দ হ’ল- Education
। এই শব্দটো লেটিন ভাষাৰ ‘Educere’ শব্দৰ
পৰা উৎপত্তি হৈছে । Educere শব্দৰ অৰ্থ হ’ল- ‘কৌশল বা তথ্য আয়ত্তকৰণ’ আরু ‘লালন-পালন
কৰা’ বা ‘ডাঙৰ-দীঘল কৰা’ । এই অৰ্থত শিক্ষা হৈছে নতুন নতুন কৌশল বা তথ্য আয়ত্ব কৰি
ক্রমান্বয়ে বৃদ্ধি আরু বিকাশৰ দিশত অগ্রগতি হোৱা ৷
(খ) আন কিছু
শিক্ষাবিদৰ মতে, ‘Education’শব্দটো ‘E’
আরু ‘Duco’ শব্দৰ পৰা উৎপত্তি হৈছে । তেওঁলোকৰ মতে, ‘E’ শব্দই ‘Out
of’ বা ‘বাহিৰ কৰা’ আরু ‘Duco’ শব্দই ‘I
Lead’ বা ‘নেতৃত্ব দিয়া’ ক বুজায় ।
এনে অৰ্থত শিক্ষা হৈছে ‘মানুহৰ জন্মগতভাৱে অহা সুপ্ত জ্ঞান, গুণ আরু শক্তিসমূহক
উচিত আরু সু-নেতৃত্ব প্রদান কৰি সমাজৰ উপযোগী আরু খাপ-খোৱাব পৰাকৈ যথাযথভাৱে
গুণসমূহ বাহিৰ কৰি প্রকাশ কৰা ।
(গ) আন কিছু
শিক্ষাবিদৰ মতামত অনুসৰি, শিক্ষা অথবা ‘Education’
শব্দটো ‘Educatum’ শব্দৰ পৰা আহিছে । ইয়াৰ অৰ্থ হ’ল- শিক্ষাদান কাৰ্য (Act of Teaching) সম্পন্ন কৰা । এই অৰ্থত- শিক্ষা হৈছে এক
শিক্ষাদান কাৰ্য যত পুৰণি অভিজ্ঞতা আরু জ্ঞানৰ সমাহাৰেৰে বাস্তৱিক জীৱনৰ লগত
খাপ-খুৱাই চলিব পৰাকৈ জ্ঞান প্রদান কৰা হয় ।
সমাজবিজ্ঞানৰ ধাৰণাঃ
(ক) আগষ্ট কমটেৰ নেতৃত্বত ১৮৩৭ চনত সমাজ
বিজ্ঞানৰ আৰম্ভণি হৈছিল । ১৮৩৭ চনত এক বক্তৃতাত আগষ্ট কমটে প্রথমে ‘সমাজ বিজ্ঞান’
শব্দটো উচ্চাৰণ কৰিছিল । আগষ্ট কমটেৰ মতে, ‘সমাজ বিজ্ঞান হ’ল ব্যক্তি আরু সমাজৰ মাজত থকা সম্পৰ্কটো বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা ।’
(খ) ১৮৭৬ চনত
চিন্তাবিদ স্পেনচাৰেও ‘Principle of Sociology’ গ্রন্থখনৰ মাধ্যমেৰে সমাজ বিজ্ঞানৰ সন্দৰ্ভত আলোচনা কৰিছিল । তেওঁৰ মতে সমাজবিজ্ঞান হৈছে সমাজ আরু সংস্কৃতিৰ নতুন নতুন সংস্কৰণৰ অধ্যয়ণ যিবোৰ পৰ্যায়ক্রমে সলনি হৈ থাকে ।
(গ) ফ্রেডাৰিক লিপলেওয়ে সমাজ বিজ্ঞানক
বিজ্ঞানসন্মতভাৱে আলোচনা আগবঢ়াইছিল । তেখেতৰ মতে ‘সমাজ বিজ্ঞান হৈছে সমাজ, সামাজিক সম্পৰ্ক, সামাজিক নিদৰ্শন, সামাজিক
সংহতি আরু সমাজৰ বিষয়ে এক অধ্যয়ণ ক্ষেত্র’ ।
(ঘ) বোগাৰ দাস, ডানকান (Duncan), মেৰিল এলড্রজ, মেকাইভাৰ আদি চিন্তাবিদেও সমাজবিজ্ঞানৰ আলোচনা কৰিছিল । তেওঁলোকৰ আলোচনৰা এক সামঞ্জস্য এই যে ‘সমাজবিজ্ঞান হৈছে এক সমাজৰ বিষয়ে, সমাজৰ কাৰণে, সামাজিক ভাষাৰে, সামাজিক আলোচনাৰ জৰিয়তে কৰা এক আদৰ্শ-সংস্কৃতিৰ কেন্দ্রবিন্দু ।’
(ঙ)
সমাজবিজ্ঞানী ৰনচেকৰ মতে, ‘সমাজ বিজ্ঞান হৈছে সমাজৰ বিভিন্ন শ্রেণীবদ্ধ বিষয়ৰ এক সমষ্টি যি সামাজিক অভিজ্ঞতাৰ বস্তুনিষ্ঠ অধ্যয়ণৰ বৰ্ণনা দিয়ে ।’
(“Sociology is one of the group of subjects classed as the social
sciences, all of which describe the objective study of social experience.”)
(চ) ফেৰিচাইল্ডৰ মতে, ‘সমাজ বিজ্ঞান হৈছে মানুহ
আরু মানুহৰ পৰিৱেশৰ মাজৰ সম্পৰ্কৰ এক অধ্যয়ণ ক্ষেত্র’ । (Sociology is the study of the
relationships between man and his human environment.)
২। চমুটোকা লিখা (Write short notes)
(ক) শিক্ষা সমাজ বিজ্ঞানৰ ধাৰণা (Concepts of Educational Sociology)
উত্তৰঃ শিক্ষা সমাজ বিজ্ঞানে শিক্ষাৰ লগত জড়িত থকা সমাজৰ প্রকৃতি, পৰিসৰ আরু গুরুত্ব সম্পর্কে আলোচনা কৰে । ইয়াৰ লগত জড়িত থকা আন বিষয়সমূহ হৈছে-
(অ) ব্রাউনৰ মতে, ‘শিক্ষা সমাজ বিজ্ঞান হৈছে ব্যক্তি আরু তেওঁৰ/তেওঁলোকৰ সমাজ-সংস্কৃতিৰ সৈতে থকা সম্পর্কৰ অধ্যয়ণ ।’
(Educational Sociology is the study of the interaction of individual and his cultural environmenst.)
(আ)শিক্ষা সমাজ বিজ্ঞানী কাৰ্টাৰৰ মতে, ‘শিক্ষা সমাজ বিজ্ঞান হ’ল সমাজ বিজ্ঞানৰ সেইবোৰ শিতানৰ অধ্যয়ণ যিবোৰ শিক্ষাৰ অগ্রগতিৰ বাবে গুরুত্বপূর্ণ, বিশেষকৈ যিসমূহে শিকণ আরু শিকণৰ প্রক্রিয়াৰ পৰিচালনাৰ বাবে অতিকৈ প্রয়োজনীয় ।’
(Educational Sociology is the study of those phases of sociology that are of significance for educative processes, especially the study of those that point to valuable programme of learning and control of learning process.”)
(ই) সমাজ বিজ্ঞানী ‘অটোৱৰ মতে, ‘শিক্ষা সমাজবিজ্ঞান আৰম্ভ হৈছে শিক্ষাব্যৱস্থাৰ সামাজিক শিক্ষাৰ সৈতে সন্মতি জনোৱাৰ ক্ষেত্রত যি শিক্ষাৰ এক কাৰ্যকলাপ, যাৰ মাধ্যমেৰে সমাজ চলে আরু সমাজে এই শিক্ষাৰ প্রকৃতি নির্ধাৰণ কৰে ।
(“Educational sociology starts with the assumption that education is an activity which goes on in the society and the society in its turn determines the nature of education.” )
(ঈ) শিক্ষা সমাজ বিজ্ঞানে ব্যক্তিৰ ওপৰত সাংস্কৃতিক পৰিৱেশৰ ফলাফলৰ ওপৰত অধ্যয়ণ কৰে । লগতে, সমাজ আরু সংস্কৃতিৰ দিশসমূহ কেনেদৰে পৰিৱৰ্তন কৰিব পাৰে, তাৰ ব্যাখ্যা আগবঢ়ায় ।
(উ) শিক্ষা সমাজ বিজ্ঞানে শৈক্ষিক প্রক্রিয়া সমূহৰ কাৰণে বিশেষত্বপূর্ণ সমাজৰ বিষয়ৰাজিৰ আলোচনা কৰে ।
(ঊ) শিক্ষা সমাজ বিজ্ঞানে বিশেষকৈ সমাজ বিজ্ঞানৰ তত্ত্বসমূহ অধিক ফলপ্রসূ আরু কর্মশীল হোৱাৰ বাবে পৰীক্ষা-নিৰীক্ষা কৰে আরু ইয়াৰ ওপৰত নীতি-নির্ধাৰণ কৰে ।
(ঋ) আধুনিক শিক্ষা সমাজ বিজ্ঞানীসকলৰ মতে, শিক্ষা আরু সমাজ, উভয়ে উভয়ৰ ওপৰত প্রভাৱ পেলায় লগতে পাৰস্পৰিক ক্রিয়া সম্পর্ক বজায় ৰাখে । সেয়েহে, শিক্ষা সমাজবিজ্ঞানে, ব্যক্তি, পৰিয়াল, সমাজ, আরু আন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত দিশসমূহক আলোচনা কৰে আরু শিক্ষাৰ সৈতে সম্বন্ধ স্থাপন কৰে ।
এনেদৰে শিক্ষা সমাজবিজ্ঞানে
সমাজৰ প্রায় সকলো দিশক সামৰি শিক্ষাৰ মাধ্যমেৰে আলোচনা কৰে । লগতে, সমাজৰ লগত জড়িত থকা দিশসমূহক শিক্ষাৰ মাধ্যমৰে প্রচাৰ আরু প্রসাৰ কৰে ।
(খ) সমাজ বিজ্ঞানৰ ধাৰণা (Concept of Sociology)
উত্তৰঃ সমাজবিজ্ঞানৰ ধাৰণাঃ
(অ) আগষ্ট কমটেৰ নেতৃত্বত ১৮৩৭ চনত সমাজ
বিজ্ঞানৰ আৰম্ভণি হৈছিল । ১৮৩৭ চনত এক বক্তৃতাত আগষ্ট কমটে প্রথমে ‘সমাজ বিজ্ঞান’
শব্দটো উচ্চাৰণ কৰিছিল । আগষ্ট কমটেৰ মতে, ‘সমাজ বিজ্ঞান হ’ল ব্যক্তি আরু সমাজৰ মাজত থকা সম্পৰ্কটো বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা ।’
(আ) ১৮৭৬ চনত
চিন্তাবিদ স্পেনচাৰেও ‘Principle of Sociology’ গ্রন্থখনৰ মাধ্যমেৰে সমাজ বিজ্ঞানৰ সন্দৰ্ভত আলোচনা কৰিছিল । তেওঁৰ মতে সমাজবিজ্ঞান হৈছে সমাজ আরু সংস্কৃতিৰ নতুন নতুন সংস্কৰণৰ অধ্যয়ণ যিবোৰ পৰ্যায়ক্রমে সলনি হৈ থাকে ।
(ই) ফ্রেডাৰিক লিপলেওয়ে সমাজ বিজ্ঞানক
বিজ্ঞানসন্মতভাৱে আলোচনা আগবঢ়াইছিল । তেখেতৰ মতে ‘সমাজ বিজ্ঞান হৈছে সমাজ, সামাজিক সম্পৰ্ক, সামাজিক নিদৰ্শন, সামাজিক
সংহতি আরু সমাজৰ বিষয়ে এক অধ্যয়ণ ক্ষেত্র’ ।
(ঈ) বোগাৰ দাস, ডানকান (Duncan), মেৰিল এলড্রজ, মেকাইভাৰ আদি চিন্তাবিদেও সমাজবিজ্ঞানৰ আলোচনা কৰিছিল । তেওঁলোকৰ আলোচনৰা এক সামঞ্জস্য এই যে ‘সমাজবিজ্ঞান হৈছে এক সমাজৰ বিষয়ে, সমাজৰ কাৰণে, সামাজিক ভাষাৰে, সামাজিক আলোচনাৰ জৰিয়তে কৰা এক আদৰ্শ-সংস্কৃতিৰ কেন্দ্রবিন্দু ।’
(উ)
সমাজবিজ্ঞানী ৰনচেকৰ মতে, ‘সমাজ বিজ্ঞান হৈছে সমাজৰ বিভিন্ন শ্রেণীবদ্ধ বিষয়ৰ এক সমষ্টি যি সামাজিক অভিজ্ঞতাৰ বস্তুনিষ্ঠ অধ্যয়ণৰ বৰ্ণনা দিয়ে ।’
(“Sociology is one of the group of subjects classed as the social
sciences, all of which describe the objective study of social experience.”)
(ঊ) ফেৰিচাইল্ডৰ মতে, ‘সমাজ বিজ্ঞান হৈছে মানুহ
আরু মানুহৰ পৰিৱেশৰ মাজৰ সম্পৰ্কৰ এক অধ্যয়ণ ক্ষেত্র’ । (Sociology is the study of the
relationships between man and his human environment.)
৩। শিক্ষা সমাজ বিজ্ঞানৰ সংজ্ঞা দিয়া । ইয়াৰ গুরুত্বতা বৰ্ণনা কৰা ।
Give the definition of Educational Sociology. Explain
its importance.
উত্তৰঃ ব্রাউনৰ মতে, ‘শিক্ষা সমাজ বিজ্ঞান হৈছে ব্যক্তি আরু তেওঁৰ/তেওঁলোকৰ সমাজ-সংস্কৃতিৰ সৈতে থকা সম্পর্কৰ অধ্যয়ণ ।’
(Educational Sociology is the study of the interaction of individual and his cultural environmenst.)
শিক্ষা সমাজ বিজ্ঞানী কাৰ্টাৰৰ মতে, ‘শিক্ষা সমাজ বিজ্ঞান হ’ল সমাজ বিজ্ঞানৰ সেইবোৰ শিতানৰ অধ্যয়ণ যিবোৰ শিক্ষাৰ অগ্রগতিৰ বাবে গুরুত্বপূর্ণ, বিশেষকৈ যিসমূহে শিকণ আরু শিকণৰ প্রক্রিয়াৰ পৰিচালনাৰ বাবে অতিকৈ প্রয়োজনীয় ।’
(Educational Sociology is the study of those phases of sociology that are of significance for educative processes, especially the study of those that point to valuable programme of learning and control of learning process.”)
সমাজ বিজ্ঞানী ‘অটোৱৰ মতে, ‘শিক্ষা সমাজবিজ্ঞান আৰম্ভ হৈছে শিক্ষাব্যৱস্থাৰ সামাজিক শিক্ষাৰ সৈতে সন্মতি জনোৱাৰ ক্ষেত্রত যি শিক্ষাৰ এক কাৰ্যকলাপ, যাৰ মাধ্যমেৰে সমাজ চলে আরু সমাজে এই শিক্ষাৰ প্রকৃতি নির্ধাৰণ কৰে ।
(“Educational sociology starts with the assumption that education is an activity which goes on in the society and the society in its turn determines the nature of education.” )
শিক্ষা সমাজবিজ্ঞানৰ অপৰিসীম গুরুত্ব পৰিলক্ষিত হয় । ইয়াৰ মূল দিশ সমূহ হৈছে-
(ক) শিক্ষা সমাজ বিজ্ঞানে ব্যক্তিৰ ওপৰত সাংস্কৃতিক পৰিৱেশৰ ফলাফলৰ ওপৰত অধ্যয়ণ কৰে । লগতে, সমাজ আরু সংস্কৃতিৰ দিশসমূহ কেনেদৰে পৰিৱৰ্তন কৰিব পাৰে, তাৰ ব্যাখ্যা আগবঢ়ায় ।
(খ) শিক্ষা সমাজ বিজ্ঞানে শৈক্ষিক প্রক্রিয়া সমূহৰ কাৰণে বিশেষত্বপূর্ণ সমাজৰ বিষয়ৰাজিৰ আলোচনা কৰে । ইয়াৰ জৰিয়তে, সমাজৰ সম্পর্কে আরু নীতিসমূহৰ জ্ঞান অর্জন কৰাত শিক্ষার্থীবৃন্দ উপকৃত হয় ।
(গ) শিক্ষা সমাজ বিজ্ঞানে বিশেষকৈ সমাজ বিজ্ঞানৰ তত্ত্বসমূহ অধিক ফলপ্রসূ আরু কর্মশীল হোৱাৰ বাবে পৰীক্ষা-নিৰীক্ষা কৰে । সমসাময়িকভাৱে, ইয়াৰ ওপৰত নীতি-নির্ধাৰণত সহায় কৰে ।
(ঘ) আধুনিক শিক্ষা সমাজ বিজ্ঞানীসকলৰ মতে, শিক্ষা আরু সমাজ, উভয়ে উভয়ৰ ওপৰত প্রভাৱ পেলায় লগতে পাৰস্পৰিক ক্রিয়া সম্পর্ক বজায় ৰাখে । সেয়েহে, শিক্ষা সমাজবিজ্ঞানে, ব্যক্তি, পৰিয়াল, সমাজ, আরু আন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত দিশসমূহক আলোচনা কৰে আরু শিক্ষাৰ সৈতে সম্বন্ধ স্থাপন কৰে ।
(ঙ)শিক্ষা সমাজ বিজ্ঞানে যিহেতু ব্যক্তি আরু তেওঁৰ/তেওঁলোকৰ সমাজ-সংস্কৃতিৰ সৈতে থকা সম্পর্কৰ অধ্যয়ণ কৰে । ইয়াৰ মাধ্যমেৰে, ব্যক্তি আরু সমাজৰ সম্পর্ক ৰাজিৰ বিষয়সমূহক সহজে আয়ত্ব কৰিব পাৰি ।
(চ)শিক্ষা সমাজ বিজ্ঞানে সমাজ বিজ্ঞানৰ, শিক্ষাৰ অগ্রগতিৰ বাবে গুরুত্বপূর্ণ শিতানৰ দিশসমূহক অধ্যয়ণ কৰে । যাৰ মাধ্যমেৰে, শিকণ আরু শিকণ প্রক্রিয়াৰ পৰিচালনা কৰাত সহজ-সাধ্য হয় ।
এনেদৰে শিক্ষা সমাজবিজ্ঞানে সমাজৰ প্রায় সকলো দিশক সামৰি শিক্ষাৰ মাধ্যমেৰে আলোচনা কৰে । লগতে, সমাজৰ লগত জড়িত থকা দিশসমূহক শিক্ষাৰ মাধ্যমৰে প্রচাৰ আরু প্রসাৰ কৰাত সহায় কৰে । সেয়েহে, শিক্ষা সমাজবিজ্ঞান গুরুত্ব বৰ্তমান সময়ত অতিকৈ প্রয়োজনীয় ।
৪। শিক্ষা সমাজ বিজ্ঞানৰ পৰিসৰ সম্বন্ধে আলোচনা কৰা ।
(Discuss on the Scope of Educational Sociology.)
উত্তৰঃ শিক্ষা সমাজ বিজ্ঞানে সমাজৰ প্রায় সকলো দিশকে সামৰি লৈছে । ইয়াৰ ভিতৰত উল্লেখযোগ্য দিশসমূহ হৈছে-
(ক) সামাজিক শিক্ষাঃ
শিক্ষা সমাজবিজ্ঞানৰ সামাজিক শিক্ষাৰ দিশসমূহক আলোচনা কৰে । লগতে, সামাজিক শিক্ষাৰ বাবে লাগতিয়াল নীতি-ৰীতিবোৰৰ আলোচনা কৰে ।
(খ) সমাজৰ সম্বন্ধ বা সম্পৰ্কঃ
শিক্ষা সমাজবিজ্ঞানে এজন ব্যক্তি বা ব্যক্তিসকলৰ সমাজৰ লগত থকা সম্বন্ধ বা সম্পর্কৰাজিক আলোচনা কৰে । সমসাময়িকভাৱে, ব্যক্তিভেদে সমাজৰ লগত সম্পর্ক থকা বিষয়ৰাজিক অধ্যয়ণ কৰে ।
(গ) শিক্ষা আরু সামাজিক স্তৰ বিন্যাসৰ প্রক্রিয়াঃ
শিক্ষা সমাজবিজ্ঞানে সামাজিক স্তৰসমূহক সামৰি লৈছে । এখন সমাজত থকা বিভিন্ন স্তৰ বিন্যাসৰ সম্পর্কে শিক্ষা সমাজ বিজ্ঞানে আলোচনা কৰে আরু ইয়াৰ প্রক্রিয়া সমূহক অধ্যয়ণ কৰে ।
(ঘ) শিক্ষা আরু ৰাজনৈতিক ধাৰা বা ৰাজনৈতিক সংগঠনঃ
শিক্ষা সমাজবিজ্ঞানে ৰাজনৈতিক ধাৰা আরু ৰাজনৈতিক সংগঠনৰো আলোচনা আরু পৰ্যালোচনা কৰে । সমাজত কেনেদৰে ৰাজনৈতিক সংগঠনসমূহ সক্রিয় আরু কারু-কাৰ্যসমূহ পৰিচালনা কৰিব তাৰ নীতিসমূহক আঙুলিয়াই দিয়ে লগতে জ্ঞান প্রদান কৰে ।
(ঙ) সমাজৰ জ্ঞান আরু জ্ঞানৰ মনোভাৱঃ
শিক্ষা সমাজবিজ্ঞানে সমাজৰ জ্ঞান আরু ইয়াৰ লগত জড়িত মনোভাৱ সম্বন্ধে আলোচনা কৰে । লগতে, ইয়াৰ লগত জড়িত থকা জ্ঞানৰাজিৰ চৰ্চাৰ মাধ্যমেৰে নীতি আরু পদ্ধতিসমূহ প্রস্তুত কৰে ।
(চ) সামাজিক অনুষ্ঠানসমূহৰ অধ্যয়ণঃ
শিক্ষা সমাজবিজ্ঞানে সমাজত থকা বিভিন্ন সামাজিক অনুষ্ঠানসমূহ বিশেষকৈ বিদ্যালয়, মন্দিৰ-মছ্জিদ-গীৰ্জা, আদিৰ লগত সম্পর্ক থকা শিক্ষাৰ দিশসমূহক অধ্যয়ণ কৰে । ইয়াৰ উপৰিও, সামাজিক অনুষ্ঠানসমূহৰ লগত এজন সামাজিক ব্যক্তি হিচাপে মানুহে কেনেদৰে ক্রিয়া কৰে তাৰ আভাস প্রদান কৰে ।
এনেদৰে সমাজৰ প্রায় সকলো দিশ আরু নীতিৰ সৈতে শিক্ষা সমাজবিজ্ঞান জড়িত হৈ আছে । ইয়াৰ মাধ্যমেৰে শিক্ষা আরু সমাজৰ প্রায় সকলো বিষয়ৰাজিৰ অধ্যয়ণ, আলোচনা, পদ্ধতি, সম্পর্ক আদিৰ প্রকাশ ঘটে ।
৫। চমুকৈ লিখা (Write briefly):
(ক) শিক্ষা আরু সমাজ বিজ্ঞানৰ মাজত সম্পর্ক (Relationship
between Education and Sociology)
অথবাঃ শিক্ষা আরু সমাজৰ বিজ্ঞানৰ মাজত সম্পর্ক আলোচনা কৰা ।
উত্তৰঃ শিক্ষা আরু সমাজ বিজ্ঞানৰ মাজত বহুতো বিষয়ত অতি ঘনিষ্ঠ সম্পর্ক আছে । ইয়াৰ মূল দিশসমূহ হৈছে-
শিক্ষাৰ সৈতে সমাজ বিজ্ঞানৰ সম্পর্কঃ
(অ) শিক্ষাৰ আৱশ্যকতা প্রথমে নিৰ্ণয় কৰা এমিল ডাৰকহেইম’ৰ মতে শিক্ষা একে ঠাইতে স্থবিৰ হৈ থকা বিষয় নহয় । পৰিৱৰ্তনৰ সৈতে শিক্ষাই বিভিন্ন দিশক সন্নিবিষ্ট কৰে । সেয়েহে, শিক্ষা সাধাৰণতে সমাজ বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা অধ্যয়ণৰ আৱশ্যকতা আছে ।
(আ) প্রতিখন সমাজে, সমাজখনৰ সাংস্কৃতিক পৰিৱৰ্তনসমূহৰ প্রয়োজনীয়তাৰাজি শিক্ষাৰ আহিলা স্বরূপে লৈ বিকশিত কৰি তুলে । সেয়েহে, শিক্ষা আরু সমাজ বিজ্ঞানৰ মাজত গভীৰ সম্পর্ক আছে ।
(ই) সমাজৰ বিভিন্ন প্রয়োজনীয়তাসমূহ শিক্ষাই পূৰণ কৰে । শিক্ষাৰ মাধ্যমেৰে শিক্ষার্থী আরু নৱ প্রজন্মই সমাজৰ বাবে লাগতিয়াল দিশ সমূহক জনাত সহায় কৰে ।
(ঈ) শিক্ষা সমাজৰ সংস্কৃতিবোৰৰো এক আহিলাস্বরূপ । শিক্ষাৰ জৰিয়তে, সমাজৰ বিভিন্ন সংস্কৃতিৰাজিৰ সম্পর্কে ছাত্র-ছাত্রীসকলে জ্ঞাত হয় ।
(উ) শিক্ষা হৈছে এক মানসিক বিকাশৰ প্রক্রিয়া । সেয়েহে, এজন ব্যক্তিক সমাজৰ বাবে যোগ্য কৰি তুলাৰ ক্ষেত্রত শিক্ষাই সহায় কৰে ।
সমাজবিজ্ঞানৰ সৈতে শিক্ষাৰ সম্পর্কঃ
(অ) শিক্ষাৰ প্রায়বোৰ দিশ সমাজ বিজ্ঞানৰ ওপৰত নির্ভৰ কৰে । সমাজ বিজ্ঞানৰ আলোচনাৰ মাধ্যমেৰেই শিক্ষাই এই দিশসমূহক নির্ধাৰণ কৰে ।
(আ) শিক্ষাৰ লগত বিভিন্ন সমস্যা জড়িত হৈ থাকে । এই সমস্যাৰাজিৰ সমাধানৰ অর্থে সমাজ বিজ্ঞানৰ প্রয়োজনীয়তা আহি পৰে ।
(ই) শিক্ষা সাধাৰণতে, সমাজৰ প্রক্রিয়াসমূহৰ মাজেৰে সম্প্রসাৰিত হয় । সমাজৰ বিভিন্ন পদ্ধতিসমূহক লৈয়েই শিক্ষাৰ প্রসাৰ আরু প্রচাৰ হয় ।
(ঈ) শিক্ষাই শিশুসকলক ‘মানৱ ব্যক্তি’ হিচাপে গঢ়ি তুলে । এই দিশত শিশুৰ সামগ্রিক বিকাশৰ দিশসমূহক সমাজ বিজ্ঞানে আঙুলিয়াই দিয়ে ।
(উ) শিক্ষা হৈছে আচৰণৰ সংশোধন । এই আচৰণৰ সংশোধনৰ নীতি আরু আদৰ্শসমূহ সমাজ বিজ্ঞানৰ মাধ্যমেৰেই প্রকাশিত হয় ।
(ঊ) শিক্ষা সাধাৰণতে সমাজৰ সামাজিক বিকাশৰ প্রক্রিয়াসমূহৰ জৰিয়তে প্রকাশিত হয় । সমাজ বিজ্ঞানে সমাজৰ বিভিন্ন পদ্ধতিসমূহৰ আলোচনাৰ মাধ্যমেৰে শিক্ষাৰ বাবে গুরুত্বপূর্ণ দিশসমূহক নির্ধাৰণত সহায় কৰে ।
এনেদৰে শিক্ষাই, সমাজবিজ্ঞানৰ ওপৰত নির্ভৰ কৰে আরু সমাজবিজ্ঞানো, শিক্ষাৰ ওপৰত নির্ভৰ কৰে । সেয়েহে, শিক্ষা আরু সমাজ বিজ্ঞান, দুয়ুটা দিশে সমান্তৰালভাৱে সমাজত বিকশিত হয় ।
(খ) শিক্ষা সমাজবিজ্ঞানৰ মূল্য (Value of Educational
Psychology):
অথবাঃ শিক্ষা সমাজবিজ্ঞানৰ মূল্য সম্পর্কে এক চমু আভাস দিয়া বা আলোচনা
কৰা ।
উত্তৰঃ শিক্ষা সমাজবিজ্ঞানৰ মূল্য আজিৰ সমাজত অতিকৈ প্রয়োজনীয় । ইয়াৰ মূল দিশসমূহ হৈছে-
(অ) শিক্ষা সমাজ বিজ্ঞানে বৃত্তিধাৰী শিক্ষাৰ এক প্রৱণতা প্রসাৰ কৰে । ইয়াৰ মাধ্যমেৰে, শিশুসকলে নিজৰ জীৱন ধাৰণৰ পথ বাছনি কৰাত সমর্থ হয় ।
(আ) শিক্ষা সমাজ বিজ্ঞানে সাধাৰণতে ব্যক্তিবাদৰ বিৰোধিতা কৰে আরু সামাজিক প্রৱণতাৰ ওপৰত গুরুত্ব প্রদান কৰে । যাৰ বাবে, সমাজৰ সামগ্রিক দিশসমূহক ব্যক্তিভেদে বিকাশ কৰাত সহায়ক হয় ।
(ই) শিক্ষা সমাজ বিজ্ঞানে গণতন্ত্রৰ প্রৱণতাক সমর্থন কৰে । যি শিক্ষাৰ মাধ্যমেৰে, এখন ৰাষ্ট্র আরু সমাজৰ পাৰস্পৰিক সম্বন্ধ গঢ়ি উঠাত সহায় কৰে ।
(ঈ) শিক্ষা সমাজ বিজ্ঞানে সমাজৰ জলন্ত সমস্যাৰাজিক আলোচনা কৰে । লগতে, এই সমস্যাৰাজিৰ সমাধানৰ অর্থে নীতি আরু আদর্শ প্রচাৰ কৰে ।
(উ) শিক্ষা সমাজবিজ্ঞানে সমাজৰ বহুতো সংস্কাৰমূলক কাৰ্যসূচীৰ আলোচনা কৰে । যাৰ মাধ্যমেৰে, সমাজৰ কু-সংস্কাৰ, অন্ধ-বিশ্বাস, ঠেক মানসিকতা আদি সংস্কাৰত সহায়ক হয় ।
(ঋ) শিক্ষা সমাজ বিজ্ঞানে সামাজিক জীৱনৰ মানদণ্ড উন্নত কৰাত সহায় কৰে । শিক্ষা সমাজ বিজ্ঞানে সমাজৰ বিভিন্ন ব্যক্তিৰাজিৰ আলোচনাৰ মাধ্যমেৰে উন্নত আদর্শ-কৃষ্টিৰ প্রচাৰ আরু প্রসাৰ কৰে ।
(এ) শিক্ষা সমাজবিজ্ঞানে শিশুসকলৰ সামগ্রিক বিকাশত সহায় কৰে । লগতে, শিশুসকলে যাতে সমাজৰ দায়িত্ববোধ সম্পর্ক জ্ঞান ৰাজিৰ আয়ত্ব কৰিব পাৰে, সেই ক্ষেত্রত সহায় কৰে ।
(ঐ) শিক্ষা সমাজ বিজ্ঞানে সমাজৰ বিভিন্ন বিষয়ৰাজিৰ মাজত সংযোগ স্থাপন কৰে । ইয়াৰ মাধ্যমেৰে, সমাজৰ সকলো দিশৰ সামগ্রিক বিকাশত সহায় হয় ।
(ও) শিক্ষা সমাজ বিজ্ঞানে সমাজৰ সমস্যাসমূহ আরু সামাজিক দৃশ্যমানবস্তুসমূহ বুজাত সহায় কৰে । ইয়াৰ জৰিয়তে, শিশুসকলে সমাজ কল্যাণৰ দিশসমূহক বোধগম্যতাত সহায়ক হয় ।
(ঔ) শিক্ষা সমাজ বিজ্ঞানে শিশুসকলৰ আত্মশাসন, সামাজিক পৰিৱৰ্তন, সামাজিক বিকাশ আদি দিশসমূহৰ আলোচনা কৰে । লগতে, পৰিৱৰ্তিত সমাজৰ লগত খাপ-খুৱাই চলাৰ নিমিত্তে নীতি আরু আদর্শসমূহ জনাত সহায় কৰে ।
এনেদৰে শিক্ষা সমাজবিজ্ঞানে শিশু বা আন ব্যক্তিসকলক সমাজৰ বাবে প্রয়োজনীয় এজন ব্যক্তি হিচাপে গঢ়ি উঠিবৰ বাবে শিক্ষা প্রদান কৰে । সেয়েহে, শিক্ষা সমাজ বিজ্ঞানৰ মূল্য বৰ্তমান সময়ত আরু পৰিৱৰ্তিত পৰিস্থিতিত অপৰিসীম ।
৬। সামাজিক দল কি? ইয়াৰ প্রকৃতি সম্বন্ধে লিখা ।
(What is Social Group? Write about its nature.)
উত্তৰঃ সামাজিক দলৰ সংজ্ঞাঃ
সামাজিক দল হৈছে মানুহৰ এনে এক সংগ্রহ বা থূপ যিয়ে ইজনে সিজনৰ ওপৰত বা
ইজনে সিজনৰ সৈতে সামাজিক সম্পর্ক লৈ আনে ।
(A Social group is any collection of human beings who are brought into social relationships with one another. )
চিন্তাবিদ উইলিয়ামছৰ মতে, ‘সামাজিক দল হৈছে মানুহৰ এটি সমষ্টি, যিয়ে
আন্তঃসম্পর্ক ভূমিকা পালন কৰে আরু আন্তঃসম্পৰ্কৰ গোট হিচাপে নিজে বা আনৰ দ্বাৰা পৰিচয়
বা স্বীকৃতি দিয়ে ।’
(A Social group is a given aggregate of people, playing interrelated roles and recognized by themselves or others as a unit of interaction. )
গ্রীন আরু আৰনোল্ডৰ মতে, ‘সামাজিক দল হৈছে এক ব্যক্তিসকলৰ সমষ্টি যি
কোনো এক সময় সীমাৰ ভিতৰত এক বা একাধিক আগ্রহ আরু ক্রিয়াকলাপত মিল থাকে ।’
(A group is an aggregate of individuals which persists in
time, which has one or more interests and activities in common and which is
organized. )
সমাজবিজ্ঞানী ‘মেৰিল’ আরু ‘এলড্রেজ’ৰ মতে, ‘এক সামাজিক দল বা গোষ্ঠী দুজন বা অধিক ব্যক্তি হিচাপে পৰিচিত হয় যিয়ে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত সংযোগ সাধন হয় আরু কিছুমান আদৰ্শই প্রভাৱ পেলায় যিহে এক গোট হিচাপে সংগঠিত কৰে ।’
(A Social group may be defined as two or more persons who are in communication over an appreciable period of time and who act in accordance with a common function or purpose. )
সমাজবিদ ‘টাৰনাৰ’ আরু ‘কিলান’ৰ ‘সামাজিক দলত সদায় এনে লোকৰ সমষ্টি
থাকে যাৰ মাজত আন্তঃসম্পৰ্ক থাকে আরু কিছুমান আদৰ্শই প্রভাৱ পেলায় যিয়ে এক গোট
হিচাপে সংগঠিত কৰে ।
(A group always consists of people who are in interaction and whose interaction affected by some sense that they constitute a unit.)
সামাজিক দলৰ প্রকৃতিঃ
(ক) পাৰস্পৰিক সম্বন্ধঃ
কোনো এক মানুহৰ সংগঠন যদি পৰস্পৰে সম্বন্ধিত হয়, তাক সামাজিক দল হিচাপে মান্য হয় । পাৰস্পৰিক সম্পর্কই সামাজিক দলৰ এক আৱশ্যকীয় দিশৰ কথাক বুজায় ।
(খ) একতাবদ্ধৰ মনোভাবঃ
এটা দলৰ সদস্যসকলৰ মাজত একতাবদ্ধৰ মনোভাব গঢ়ি উঠে । একতা ভাবাপন্ন আরু সহৃদয়তাৰ অনুভৱৰ মাধ্যমেৰে দলৰ একতা গঢ়ি উঠে ।
(গ) সামূহিক স্বার্থৰ ভাৱাপন্নঃ
এটা সামাজিক দলত স্ব-অহংভাৱৰ পৰিৱৰ্তে সমূহীয়া স্বার্থই বিৰাজমান হয় । দলৰ লোকসকলে কেৱল নিজৰ বাবে কাম নকৰি সমূহীয়া ভাৱে কারু-কাৰ্য সম্পাদন কৰে ।
(ঘ) একক আদৰ্শঃ
সামাজিক দলসমূহৰ এক নিৰ্দিষ্ট আদৰ্শত অনুপ্রাণিত হয় । এক আদৰ্শৰ ভাবাপন্ন মনেৰে কৰ্মক্ষেত্রত আগবাঢ়ি যায় আরু দলীয় স্বার্থপূৰণত অগ্রগতি হয় ।
(ঙ) একতাবদ্ধ নিয়ম-কানুনঃ
এক সামাজিক দলত কিছুমান নীতি-নিয়ম থাকে। এই নীতিসমূহ দলৰ সকলো সদস্যই মানি চলিব লগা হয় ।
(চ) মানুহৰ সমষ্টিমূলক গোটঃ
সামাজিক দল সমূহ সাধাৰণতে কিছুমান মানুহৰ সমষ্টি । ইয়াত সদস্যসকলে স্বেচ্ছামূলক ভাৱে একত্রিত হৈ থাকে ।
(ছ) দলৰ স্থিতিঃ
সামাজিক দলসমূহ সাধাৰণতে গতিশীল হয় । ইয়াৰ স্থিতি প্রায়েই সলনি হয় আরু নীতি-নিয়মসমূহৰ মাজে সময়ে পৰিৱৰ্তন সাধন হয় ।
(জ) সদস্যভুক্ত সমন্বয়ঃ
এটা সামাজিক দলত সদস্যভুক্ত হোৱাতো বাধ্যতামূলক । ইয়াৰ বাবে, দলৰ নীতি-নিৰ্দেশনা সকলো সদস্যই মানি ল’ব লাগিব আরু আইন অমান্য কৰিলে দলৰ পৰা বৰ্খাস্ত হ’ব লাগিব ।
এইদৰে সামাজিক দল সমূহৰ প্রকৃতি নির্ধাৰণ কৰিব পাৰি ।
৭। প্রাথমিক দল কি? প্রাথমিক দলৰ সংজ্ঞা আগবঢ়োৱা ৷
অথবাঃ প্রাথমিক দলৰ ওপৰত এটা চমুটোকা লিখা ।
অথবাঃ প্রাথমিক দলৰ গুরুত্ব সম্পর্কে আলোচনা কৰা ।
(Discuss the importance of Primary Group)
উত্তৰঃ
প্রাথমিক দল হৈছে অলপ সংখ্যক সদস্যই মনৰ ভাব আদান প্রদান কৰে, মুখামুখিকৈ পৰস্পৰে সহায় কৰিব পাৰে আরু সমস্যাসমূহ একগোট সমাধান কৰে । ‘চাৰ্লচ এইচ কুলেই’ প্রথমে প্রাথমিক দলৰ ধাৰণাটো অৱতাৰণা কৰিছিল ।
প্রাথমিক দলৰ সংজ্ঞাঃ
সমাজবিদ কুলিৰ মতে, “প্রাথমিক দলৰ দ্বাৰা, মই সেই দলসমূহক বুজাব বিচাৰিছো যিসমূহে অন্তৰঙ্গ মুখা-মুখি সমিতি আরু সহযোগিতাৰ দ্বাৰা চিহ্নিত হয় ।”
(Cooley writes: “By primary groups, I mean those groups
characterised by intimate face-to-face association and cooperation. They are
primary in several senses but chiefly in that they are fundamental in forming
the social nature and ideals of the individual.”)
ই.এ. শিলস (১৯৫১)ৰ মত অনুসৰি, “প্রাথমিক গোষ্ঠী
বা দল বুলিলে আমি এক উচ্চ পৰ্যায়ৰ পাৰস্পৰিক নিৰ্ভৰতাক বুজো, যি অনানুষ্ঠানিকতাৰ
দ্বাৰা চিহ্নিত হয় আরু সদস্যসকলৰ আচৰণ নিয়ন্ত্রণ কৰে, আরু স্বায়ত্ব শাসনৰ জৰিয়তে
এই বিধিৰ ক্ষেত্র তৈয়াৰ কৰে ।”
(E.A. Shils (1951) writes: “By primary group we mean a group
characterised by a high degree of solidarity, informality in the code of rules
which regulate the behaviour of its members, and autonomy in the creation of
these rules.)
ইয়াৰ মূল দিশসমূহ হৈছে-
(ক) প্রাথমিক দলত সদস্যসমূহৰ মুখা-মুখিকৈ লগ পোৱাৰ সুযোগ থাকে ।
(খ) ইয়াত ইজনে সিজনক তেনেই কাষৰ বা ওচৰৰ পৰা সহায়-সহযোগিতা আগবঢ়াব পাৰে ।
(গ) প্রাথমিক দলত নিজস্ব ধাৰণাক দৃঢ় সংকল্প হৈ উপস্থাপন কৰা হয় আরু উপযোগীকৰণৰ বাবে প্রচেষ্টা কৰা হয় ।
(ঘ) প্রাথমিক দল সমূহত নিবিড় সম্পর্ক স্থাপন হয় আরু পোণপটীয়াকৈ সমন্বয় সাধন হয় ।
(ঙ) সমাজবিদ কুলেৰ মতে প্রাথমিক দল হৈ এনে এক সামাজিক দল য’ত ‘মুখামুখী অনুসংগ, সহানুভূতি পাৰস্পৰিক চিনাক্তকৰণ আরু ‘আমি আনুভূতিক’ ভাৱাপন্নৰে প্রভাৱান্বিত হয় ।
(চ) প্রাথমিক দলসমূহৰ বিশেষ বৈশিষ্ট্য হিচাপে ‘সহৃদয়পূর্ণ অনুভূতি’ আরু ‘নিবিড় চিনাক্তকৰণ’, এই দুটাক আঙুলিয়াব পাৰি ।
(ছ) প্রাথমিক দল সমূহত নিজৰ প্রভাৱ আনৰ ওপৰত আরু আন দলৰ সদস্যৰ প্রভাৱ
নিজৰ ওপৰত পৰা সংঘটিত হয় ।
প্রাথমিক দলৰ গুরুত্ব (Importance
of Primary Group):
সমাজবিদ ‘কুলেই’ তেওঁৰ গ্রন্থ ‘Society Organisation’ আরু ‘মেকলভাৰে’ তেখেতৰ গ্রন্থ ‘Society’ ত প্রাথমিক দলৰ গুরুত্ব সম্পর্কে বিস্তৃতভাৱে আলোচনা আগবঢ়াইছিল । ইয়াৰ মূল দিশসমূহ হৈছে-
(ক) প্রাথমিক দলৰ মাধ্যমেৰে মানুহৰ সমষ্টিয়ে সংস্কৃতি শিকা, সংস্কৃতি ব্যৱহাৰ আরু সংস্কৃতিৰ পৰিৱৰ্তনো কৰাৰ সুযোগ লাভ কৰে । এই দলৰ মাধ্যমেৰে পোণপটীয়াকৈ সংস্কৃতিত অংশগ্রহণ আরু পালনৰ সুবিধা অর্জন কৰে ।
(খ) প্রাথমিক দলসমূহৰ জৰিয়তে বাহ্যিক কিছুমান সুবিধা লাভ কৰিব পাৰি । বিশেষকৈ উৎপাদন ক্ষমতাৰ বৃদ্ধি, নৈতিক সেৱা আগবঢ়োৱা, উচ্চ পৰ্যায়ৰ মজুৰি প্রাপ্তি আদি দিশত সুবিধা লাভ হয় ।
(গ) প্রাথমিক দলসমূহত সদস্যসকলে স্বতঃস্ফূৰ্তভাৱে নিজৰ কারু-কাৰ্য সমাধা কৰাৰ সুযোগ-সুবিধা লাভ কৰে । ইয়াত, নিজস্ব ভাৱ-অনুভূতিবোৰ প্রত্যক্ষভাৱে আদান-প্রদানৰ সুযোগ পায় ।
(ঘ) প্রাথমিক দলত, প্রত্যেকজন ব্যক্তিক তেওঁলোকৰ নিজৰ নিজৰ স্বার্থ পূৰণ কৰাৰ বাবে উদ্দীপিত কৰে । অর্থাৎ স্বার্থ সিদ্ধি কৰাৰ বাবে দলত সদস্যবৃন্দই পোণপটীয়াকৈ সহায় কৰে ।
(ঙ) প্রাথমিক দলে সদস্যসকলৰ মাজত উদ্দীপনা জগাই তুলে আরু নিজৰ লগতে সামূহিক স্বার্থ সিদ্ধিৰ নিমিত্তে ইজনে সিজনক প্রত্যক্ষভাৱে সহায় কৰে ।
(চ) চিন্তাবিদ মেকলভাৰৰ মতে প্রাথমিক দলৰ অংশগ্রহণে সদস্যসকলৰ মনত নতুন উদ্দেশ্য আরু চিন্তাধাৰা জাগ্রত কৰে । যাৰ মাধ্যমেৰে সদস্যসকলে উদ্দেশ্যত সফল মণ্ডিত সহায়ক হয় ।
(ছ) প্রাকৃতিক দল সমূহত সদস্যসকলে নিজৰ নিজৰ দৃষ্টিভংগীৰে দলত অৱদান আগবঢ়াই । এই অৱদানৰে মাধ্যমেৰে, দলৰ আদৰ্শক অধিক শক্তিশালী কৰে ।
(জ) প্রাকৃতিক দলত সদস্যসকলে অতি কাষৰ বা ওচৰৰ পৰা সহায় জনায় । সেয়েহে, জটিল সমস্যাৰাজিৰ সমাধানৰ ক্ষেত্রত অতি সুবিধাজনক হয় ।
(ঝ) প্রাকৃতিক দলসমূহ মানৱ প্রকৃতিৰ প্রকৃত জন্মস্থান বুলি ক’ব পাৰি । এই দলসমূহত মানুহৰ প্রকৃত মানৱ প্রকৃতি প্রত্যক্ষভাৱে ফুটি উঠে ।
(ঞ) প্রাকৃতিক দলসমূহত, মানুহে প্রকৃত মৰম-চেনেহ, সমন্বয়মূলক সহযোগিতা, সদ-গুণ, আত্মত্যাগ, সহ্যগুণ, সহানুভূতি আদিৰ আদর্শসমূহ প্রাপ্ত হয় । ইয়াৰ মাধ্যমেৰে জীৱন কালত আন মানুহৰ সৈতে সহজে সমন্বয় সাধন কৰিব পৰা যায় ।
এনেদৰে সমাজত প্রাথমিক দলৰ গুরুত্ব অপৰিসীম হিচাপে পৰিলক্ষিত হয় ।
৮। মাধ্যমিক দল কি? মাধ্যমিক
দলৰ সংজ্ঞা আগবঢ়োৱা ৷
অথবাঃ মাধ্যমিক দলৰ ওপৰত এটা চমুটোকা লিখা ।
অথবাঃ মাধ্যমিক দলৰ গুরুত্ব সম্পর্কে আলোচনা কৰা ।
(Discuss the importance of Secondary Group)
উত্তৰঃ
মাধ্যমিক দল হৈছে এক বৃহৎ বা ডাঙৰ সংগঠন য’ত জাতি, ৰাষ্ট্র, নগৰ, ৰাজনৈতিক দল, নিগম, আন্তৰ্জাতিক চুক্তি, পৰিষদ, আদি সংগঠনসমূহ জড়িত হৈ থাকে ।
মাধ্যমিক দলৰ সংজ্ঞাঃ
উইলিয়াম এফ অগবাৰ্ণৰ মতে, “যি দলত ঘনিষ্ঠতাৰ অভাৱৰ অভিজ্ঞতা প্রদান কৰে, তাকে মাধ্যমিক গোষ্ঠী বা দল বোলে ।” (“The group which provide experience lacking in intimacy are called secondary groups.” )
সমাজবিজ্ঞানী ডেভিচৰ মতে, “প্রাথমিক গোষ্ঠী বা দল সম্পর্কে যিসমূহ নীতি-নিয়ম আছে তাৰ সম্পূর্ণ বিপৰীত স্বরূপে মাধ্যমিক গোষ্ঠী বা দলৰ সংজ্ঞা আগবঢ়াব পাৰি ।” (“Secondary groups can be roughly defined as the opposite of everything already said about primary groups.” )
চিন্তাবিদ পি এইচ লেনদিচ মত অনুসৰি, “মাধ্যমিক দল বা গোষ্ঠী হৈছে সেইবোৰ দল য’ত তুলনামূলকভাবে নৈমিত্তিক আরু নৈর্ব্যক্তিক (অব্যক্তিগত) হয় । পাৰস্পৰিক সহায় নহৈ সেই দলসমূহৰ মাজত সাধাৰণতে প্রতিযোগিতামূলক সম্পর্ক থাকে ।” (“Secondary groups are those that are relatively casual and impersonal in their relationship. Relationships in them are usually competitive rather than mutually helpful.”)
সমাজবিদ এইট টি’ৰ মতে, “যেতিয়া সদস্যসকলৰ মাজত মুখা-মুখি সম্বন্ধ উপস্থিত নহয়, আমি তাক
মাধ্যমিক গোষ্ঠী বা দল বুলি কোৱা হয় ।”
( “When face to face contacts are not present in the
relations of members, we have secondary groups.” )
ইয়াৰ আন মূল দিশসমূহ হৈছে-
(ক) মাধ্যমিক দলসমূ্হৰ কারু-কাৰ্য সাধাৰণতে পৰোক্ষভাৱে সংঘটিত হয় । সদস্যসকলে প্রত্যক্ষভাৱে মুখা-মুখি বা দেখা-দেখি কৰাত ইয়াত কম সুযোগ পায় ।
(খ) মাধ্যমিক দলসমূহত, দলৰ সদস্যসমূহৰ যোগাযোগ অনিবাৰ্য বা নিশ্চিতভাৱে প্রকাশ কৰিব নোৱাৰি । ইয়াত, দলসমূহৰ সকলো সদস্যক লগ পোৱাতো বা কৰাতো সম্ভৱ নহয় ।
(গ) মাধ্যমিক দলসমূহত সদস্যসকলে চিঠি বা আন ইলেক্ট্রনিক মাধ্যমৰ জৰিয়তে কিছুমান কথা-বাৰ্তাৰ সম্পাদন কৰে । এই ক্ষেত্রত বাতৰি কাকত, টেলিভিছন, আরু সংবাদ মাধ্যম সমূহে গুরুত্বপূর্ণ ভূমিকা গ্রহণ কৰে ।
(ঘ) মাধ্যমিক দলসমূহ, প্রাথমিক দলৰ বিপৰীত যেন পৰিলক্ষিত হয় । ইয়াত, নিচেই কাষৰ বা ওচৰৰ পৰা সহায় কৰাৰ সুবিধা নাথাকে ।
(ঙ) মাধ্যমিক দলৰ আদৰ্শ অব্যক্তিক ধৰণৰ হয় । ইয়াত, ব্যক্তিগত স্বার্থতকৈ সামূহিক স্বার্থতহে সিদ্ধান্তসমূহৰ লোৱা হয় ।
(চ) মাধ্যমিক দল সমূহৰ সম্বন্ধ কিছু ক্ষেত্রত অস্থায়ী রূপত প্রকাশ পায়
। ইয়াত, সদস্যসকলৰ মাজৰ সম্পর্ক আকস্মিক আরু ক্ষন্তেকীয়া ধৰণৰ হোৱা যায় ।
মাধ্যমিক দলৰ গুরুত্বঃ
মাধ্যম দলৰ গুরুত্ব আজিৰ সমাজত নুই কৰিব পাৰি । ইয়াৰ মূল দিশসমূহ হৈছে-
(ক) মাধ্যমিক দলৰ সাংগঠিক দিশটো অতিকৈ প্রয়োজনীয় । মাধ্যমিক দলত সকলো দিশৰ কাৰ্যাৱলীৰ ক্ষেত্রত সু-সংগঠনভাৱে কৰা হয় ।
(খ) মাধ্যমিক দল বুলিলে এক বৃহৎ সংগঠনক বুজায় যত নগৰ, চহৰ, ৰাষ্ট্র, বা পৃথিৱীৰ বিভিন্ন ঠাই লোকো সংলগ্ন হৈ থাকিব পাৰে । সেয়েহে, ইয়াৰ উদ্দেশ্য আরু লক্ষ্যসমূহ বিশাল আরু উচ্চ আদৰ্শভিত্তিক নিমিত্ত হয় ।
(গ) সরু সরু ক্ষুদ্র দল বা প্রাথমিক দলে সম্পাদন কৰিব নোৱাৰা কাৰ্যসমূহো মাধ্যমিক দলসমূহে সাধন কৰিব পাৰে । সমস্যা সাধনৰ ক্ষেত্রত মাধ্যমিক দলত অতি কম সময়ৰ ভিতৰতে সম্পাদন হয় ।
(ঘ) মাধ্যমিক দল হৈছে আধুনিক পৰিৱৰ্তনশীল সমাজৰ এক উল্লেখনীয় দল । মাধ্যমিক দল সমূহৰ মাধ্যমেৰেই আধুনিক সমাজৰ মানুহৰ মানসিকতাৰ উন্নতি আরু উৰ্ধগতি হৈছে ।
(ঙ) মাধ্যমিক দলৰ আদৰ্শ পৃথিৱীৰ প্রায় সকলো দেশৰে মান্যতা হয় । অর্থাৎ মাধ্যমিক দলৰ এনে কিছুমান আদৰ্শ আছে, যিয়ে সমগ্র পৃথিৱীৰ জনগণক সামৰি লৈছে ।
(চ) মাধ্যমিক দলৰ উদ্দেশ্য আরু নীতি-নিৰ্দেশনাসমূহে মানুহৰ ঠেক মনোভাব সলনি কৰি মানসিকতাৰ উদ্গণি যোগাইছে । মানুহক ঠেক গাঁৱৰ মানসিকতা সলনি কৰি মাধ্যমিক দলসমূহে বিশ্বায়ণ বা গোলকীকৰণৰ গাওঁৰ মানসিকতা গঢ়ি তুলিছে ।
(ছ) প্রাথমিক দলত দেখা দিয়ে সমস্যা ৰাজিক মাধ্যমিক দলৰ মাধ্যমত সহজে সমাধা কৰিব পৰা যায় । প্রাথমিক দলত সমাধান নোহোৱা সমস্যাসমূহ এই দলসমূহৰ জৰিয়তে সহজে সমাধান কৰিব পাৰে ।
এইদৰে মাধ্যমিক দলৰ গুরুত্ব বা প্রয়োজনীয়তা নিরূপণ কৰিব পাৰি ।
৯। মাধ্যমিক দল আরু প্রাথমিক দলৰ মাজত থকা পার্থক্যসমূহ আলোচনা কৰা ।
উত্তৰঃ
মাধ্যমিক দল আরু প্রাথমিক দলৰ মাজত
পার্থক্যঃ
(ক) প্রাথমিক দলৰ মাধ্যমেৰে পোণপটীয়াকৈ সকলো সদস্যই সংস্কৃতিত অংশগ্রহণ আরু পালনৰ সুবিধা অর্জন কৰে ।
আনহাতে, মাধ্যমিক দলত পোণপটীয়াকৈ সকলো সদস্যই সুবিধা লাভ নকৰে ।
(খ) প্রাথমিক দলসমূহত সদস্যসকলে স্বতঃস্ফূৰ্তভাৱে নিজৰ কারু-কাৰ্য সমাধা কৰাৰ সুযোগ-সুবিধা লাভ কৰে । ইয়াত, নিজস্ব ভাৱ-অনুভূতিবোৰ প্রত্যক্ষভাৱে আদান-প্রদানৰ সুযোগ পায় ।
আনহাতে, মাধ্যমিকদলসমূহত ব্যক্তিগত স্বার্থতকৈ দলৰ স্বার্থৰ ওপৰত অধিক গুরুত্ব প্রদান কৰিব লগা হয় ।
(গ) প্রাথমিক দলত, প্রত্যেকজন ব্যক্তিক তেওঁলোকৰ নিজৰ নিজৰ স্বার্থ পূৰণ
কৰাৰ বাবে উদ্দীপিত কৰে । অর্থাৎ স্বার্থ
সিদ্ধি কৰাৰ বাবে দলত সদস্যবৃন্দই পোণপটীয়াকৈ সহায় কৰে ।
আনহাতে, মাধ্যমদলত সকলো সদস্যই ইজনে সিজনক লগ নাপায় । সেয়েহে, ইজনে সিজনক পোণপটীয়াকৈ সহায় কৰিব নোৱাৰে ।
(ঘ) প্রাথমিক দলে সদস্যসকলৰ মাজত উদ্দীপনা জগাই তুলে আরু নিজৰ লগতে সামূহিক স্বার্থ সিদ্ধিৰ নিমিত্তে ইজনে সিজনক প্রত্যক্ষভাৱে সহায় কৰে ।
আনহাতে, মাধ্যমিক দলৰ কারু-কাৰ্যসমূহক পৰোক্ষভাৱেহে সাধন কৰা হয় ।
(ঙ) প্রাকৃতিক দল সমূহত সদস্যসকলে নিজৰ নিজৰ দৃষ্টিভংগীৰে দলত অৱদান আগবঢ়াই । এই অৱদানৰে মাধ্যমেৰে, দলৰ আদৰ্শক অধিক শক্তিশালী কৰে ।
আনহাতে, মাধ্যমিক দলত সদস্যৰ আদৰ্শতকৈ দলীয় আদর্শক অধিক গুরুত্ব প্রদান কৰা হয় ।
(চ) প্রাকৃতিক দলত সদস্যসকলে অতি কাষৰ বা ওচৰৰ পৰা সহায় জনায় । সেয়েহে, জটিল সমস্যাৰাজিৰ সমাধানৰ ক্ষেত্রত অতি সুবিধাজনক হয় ।
আনহাতে, মাধ্যমিক দলত অতি কাষৰ বা ওচৰৰ পৰা সহায় নজনায় । ইয়াত, বহু সদস্যই পৰোক্ষভাৱেহে লগ কৰা আরু সহায় কৰাৰ সুবিধা পায় ।
(ছ) প্রাকৃতিক দলসমূহ মানৱ প্রকৃতিৰ প্রকৃত জন্মস্থান বুলি ক’ব পাৰি । এই দলসমূহত মানুহৰ প্রকৃত মানৱ প্রকৃতি প্রত্যক্ষভাৱে ফুটি উঠে ।
আনহাতে, মাধ্যম দলত নীতি-নিয়মৰ মাধ্যমেৰে কিছু সীমাবদ্ধতা মানি চলিব লগা হয় ।
এনেদৰে প্রাথমিক আরু
মাধ্যমিক দলসমূহৰ মাজত পার্থক্যৰ নিরূপণ কৰিব পাৰি ।
১০। সামাজিকৰণৰ ধাৰণা কি? সামাজিকৰণৰ প্রয়োজনীয়তা সম্পর্কে আলোচনা কৰা ।
উত্তৰঃ
সামাজিকৰণৰ ধাৰণাঃ
সামাজিকৰণ হৈছে এনে এক প্রক্রিয়াৰ যাৰ সহায়ত ব্যক্তিয়ে সামাজিক পৰস্পৰা আরু ৰীতি-নীতিগতভাৱে আচৰণ কৰিবলৈ শিকে । অর্থাৎ সামাজিককৰণৰ জৰিয়তে এজন ব্যক্তিৰ সমাজৰ সৈতে খাপ-খুৱাই লয় ।
ইয়াৰ আন মূল দিশসমূহ হৈছে-
(ক) এ আই গেইটছৰ মতে, ‘সামাজিকৰণ হৈছে এনে এক প্রক্রিয়া যি এজন ব্যক্তিক নিজস্ব প্রতিভা আরু পৰিচয়ৰ বিনিময়ত সামাজিকৰণ কৰাটোক নুবুজায়, বরং সামাজিককৰণ আরু ব্যক্তিকৰণ দুয়ুটা পদ্ধতিক ব্যক্তিত্ব বিকাশৰ পৰিপূৰক হিচাপে ধৰি লোৱা হয় ।’
(খ) সামাজিককৰণৰ মূল লক্ষ্য হৈছে- দলীয় স্বার্থৰ মাজেৰে ব্যক্তিগত স্বার্থ পূৰণ কৰা । অর্থাৎ সমাজৰ মাধ্যমেৰে ব্যক্তিসমূহৰ বিকাশ সাধন কৰাতোক সামাজিকৰণ বুলি কোৱা হয় ।
(গ) সামাজিকৰণ হৈছে এক প্রক্রিয়া বা ধাৰণা যাৰ মাধ্যমেৰে ব্যক্তিসকলক, আন ব্যক্তি আরু বিভিন্ন অনুষ্ঠানৰ জৰিয়তে পৰিৱেশৰ মাজত হোৱা পাৰস্পৰিক ক্রিয়াৰ সমন্বয় ঘটোৱা হয় ।
(ঘ) এখন সামাজিক জীৱনত পৰস্পৰে পৰস্পৰৰ সৈতে ভাৱৰ আদান-প্রদান কৰি ইজনে-সিজনক বুজিবলৈ যন্ত কৰা পৰ্যায়টোকে সামাজিকৰণ বোলা হয় ।
(ঙ) সামাজিকৰণ কেতিয়াও কেৱল ব্যক্তি বা সমাজৰ ভেটিত গঢ় লৈ উঠিব নোৱাৰে, বরং দুয়ুটাৰে মাজত পাৰস্পৰিকভাৱে সংগঠিত হবৰ বাবে এজন ব্যক্তিয়ে দল, উপদল আরু আচৰণৰ মাজত ঘটা প্রক্রিয়াৰ জৰিয়তেহে সম্ভৱ হৈ উঠে ।
(চ) সামাজিকৰণ হৈছে এক প্রক্রিয়া যাৰ যোগেদি ব্যক্তিয়ে জন্ম লাভ কৰাৰ পিছৰ পৰাই যিদৰে আনৰ আচৰণৰ ওপৰত নিজৰ প্রভাৱ পেলায়, ঠিক একেদৰে নিজেও আন ব্যক্তি বা পৰিৱেশৰ জৰিয়তে প্রভান্বিত হয় ।
(ছ) সামাজিকৰণৰ ধাৰণা বুলিলে ব্যক্তিয়ে আন ব্যক্তি আরু সমাজৰ মাজত সম্পর্কক বুজায় । ইয়াৰ মাধ্যমেৰে, এজন ব্যক্তিয়ে সমাজত নিজৰ পৰিচয় আরু চৰিত্রৰ প্রকাশ ঘটে ।
সামাজিকৰনৰ প্রয়োজনীয়তাঃ
আজিৰ সমাজৰ বাবে, সামাজিকৰণৰ প্রয়োজনীয়তা অপৰিসীম । ইয়াৰ মূল দিশসমূহ হৈছে-
(ক) মানুহ হৈছে এক সমাজ প্রিয় জীৱ আরু শ্রেষ্ঠ জীৱ । মানুহৰ প্রকৃতি, সামাজিক, সাংস্কৃতিক, আদৰ্শ, আদি সকলো সমাজৰ পৰাই আহৰণ কৰে, যিটো প্রক্রিয়াক সাধাৰণতে সামাজিকৰণ বোলা হয় ।
(খ) সামাজিকৰণ প্রক্রিয়াৰ ব্যক্তিসকলৰ ব্যক্তিত্ব গঢ়ি তুলে । সকলো ব্যক্তিৰ সামগ্রিক বিকাশ আরু চৰিত্রসমূহৰ সংশোধন সামাজিকৰণ প্রক্রিয়াৰ মাধ্যমেৰেই সম্ভৱ হয় ।
(গ) শিশুসকলৰ সামগ্রিক বিকাশ সামাজিকৰণ প্রক্রিয়াৰ মাধ্যমেৰেই গঢ়ি উঠে । শিশুকালত বিৰাজমান হৈ থকা অংশোধিত চৰিত্রসমূহ সামাজিকৰণৰ জৰিয়তে সংশোধন হৈ সমাজৰ এজন ব্যক্তি হিচাপে প্রতিষ্ঠিত হয় ।
(ঘ) শিশুসকলৰ আত্মনুশাসন আরু সমাজৰ প্রতি দায়িত্বশীল মনোভাৱ সামাজিকৰণ প্রক্রিয়াৰ মাধ্যমেৰে সংঘটিত হয় । সামাজিকৰণে শিশুক সমাজৰ ৰীতি-নীতিৰ লগত পৰিচয় কৰাই দিয়ে আরু শিশুক সামাজিকীকৰণ কৰি তুলে ।
(ঙ) সমাজত বসবাস কৰাৰ প্রায়বোৰ ব্যক্তিৰ ওপৰত সামাজিকৰণে প্রভাৱ পেলায় । ব্যক্তিসকলক সামাজিক অনুভূতি, সামাজিক সমন্বয় আরু সমাজ পাঠৰ জ্ঞান, সামাজিকৰণ প্রক্রিয়াই প্রদান কৰে ।
(চ) সামাজিকৰণ প্রক্রিয়াই ব্যক্তিসকলক অনুকৰণৰ ভাবাৱেগ আরু মৰম-চেনেহ জাগ্রত কৰি, এজন সামাজিক ব্যক্তি হিচাপে প্রতিষ্ঠিত কৰায় । লগতে, ব্যক্তিসকলক এজন সামাজিক ব্যক্তিৰ অৱস্থালৈ পৰিৱৰ্তন ঘটায় ।
(ছ) ব্যক্তিসকলৰ সামগ্রিক বিকাশৰ মূল ভূমিকা সামাজিকৰণে গ্রহণ কৰে । সমাজৰ মাধ্যমেৰে ব্যক্তিসকলৰ সকলো আশা-আকংক্ষা পূৰণ হয় ।
(জ) ব্যক্তিসকলৰ আত্মবোধৰ বিকাশ, সামাজিক সম্বন্ধ, মানসিক বিকাশ, সমাজপ্রিয় মানসিকতা আদি সকলো সামাজিকৰণৰ মাধ্যমেৰে সম্পাদন হয় ।
সেয়েহে, সামাজিকৰণ প্রক্রিয়া সমাজৰ সকলো ব্যক্তিৰ বাবে আরু শিশুসকলৰ সামগ্রিক বিকাশৰ এক অতি লাগতিয়াল উপাদান আরু প্রক্রিয়া ।
১১। সামাজিক প্রক্রিয়া সম্বন্ধে আলোচনা কৰা ।
উত্তৰঃ সামাজিক প্রক্রিয়া হৈছে এনে এক ধাৰণা যি সমাজত সহযোগিতা, প্রতিযোগিতা, সদৃশকৰণ, আদি আন্তঃক্রিয়াসমূহত স্থায়িত্বতা প্রদান কৰে ।
সামাজিক প্রক্রিয়াৰ আন মূল দিশ বা বিষয়ৰাজি হৈছে-
(ক) সমাজবিদ মৰিছ জিন্সবাৰ্গৰ মত অনুসৰি, ‘সামাজিক প্রক্রিয়া হৈছে ব্যক্তিৰ মাজৰ বা সমূহৰ মাজৰ বিভিন্ন ধৰণৰ আন্তঃক্রিয়াৰ ফল- যিটো সহযোগ আরু সংঘর্ষৰ, সামাজিক বৈষম্য আরু একতাৰ উৎকর্ষ সাধন কৰা আরু এক নিৰ্দিষ্ট পৰিসৰৰ মাজত ৰখা বা ইয়াক ধ্বংস কৰা আদিৰ জৰিয়তেই প্রকাশ পায় ।’
(Social processes mean the various modes of interaction between individuals or groups including co-operation and conflict, social differentiation and integration development, arrest and decay.’)
(খ) মেকাইভাৰ আরু পেজৰ মতে, ‘সামাজিক প্রক্রিয়া হৈছে এনে এক পদ্ধতি, যি সমূহৰ সদস্য হিচাপে ব্যক্তি বা সমূহক একত্রিত কৰে বা নিৰ্দিষ্ট চৰিত্র আহৰণত সহায় কৰে ।’ (Social process is the manner in which the relations of a member of a group brought together acquire a certain distinctive character.’)
(গ) মেকাইভাৰ আরু পেজেৰ মতে, “সামাজিক প্রক্রিয়া হৈছে এনে এক আৰ্হি, যি আৰ্হিৰ জৰিয়তে এটা সমূহৰ সদস্যসকল একীভূত হৈ এটা বিশেষ আরু স্পষ্ট প্রকৃতি লাভ কৰে ।
(ঘ) সামাজিক সম্বন্ধ আরু আন্তঃক্রিয়াই এক স্থায়ী আরু নিৰ্দিষ্ট রূপ ধাৰণ কৰিলে, তাক সামাজিক প্রক্রিয়া বোলা হয় ।
(ঙ) সমাজতত্ত্ববিদ কিংছলি ডেভিছৰ মতে, ‘একোটা পৰিয়ালত ব্যক্তিসকলে পৃথকে পৃথকে প্রায় পোন্ধৰতামান ভূমিকা পালন কৰিব লগা হয় । এই ভূমিকাবোৰৰ কিছুমান রূপ আছে আরু এই রূপসমূহকে, সামাজিক প্রক্রিয়া বুলি অভিহিত কৰিব পাৰি ।’
(চ)সামাজিক প্রক্রিয়া হৈছে এনে এক ধাৰাবাহিক প্রক্রিয়া য’ত সমাজৰ বিভিন্ন কারু-কাৰ্যসমূহৰ রূপ আরু আদর্শক ব্যক্তিসকলৰ জীৱনৰ সৈতে সংলগ্ন কৰায় ।
সামাজিক প্রক্রিয়াৰ মূলতঃ পাঁচটা মূল চৰিত্র প্রকাশিত হয়, সেয়া হৈছে-
(ক) সামাজিক প্রক্রিয়া সাধাৰণতে সামাজিক ঘটনাৰাজিৰ সৈতে সম্পর্ক আছে । অর্থাৎ সমাজৰ সকলো ঘটনাৰ সৈতে সামাজিক প্রক্রিয়া জড়িত হৈ আছে ।
(খ) সামাজিক প্রক্রিয়াবোৰৰ পুনৰাবৃত্তি অব্যাহত থাকে । অর্থাৎ সামাজিক প্রক্রিয়াবোৰৰ নিয়ম আরু আদর্শৰ পুনৰাবৃত্তি ঘটে ।
(গ) সামাজিক ঘটনাসমূহ আরু সামাজিক প্রক্রিয়াসমূহৰ মাজত আন্তঃসম্পর্ক আছে । সামাজিক প্রক্রিয়াৰ লগতে থকা সম্পর্কই সমাজত ঘটি থকা ঘটনাসমূহত প্রভাৱ পেলায় ।
(ঘ) সামাজিক প্রক্রিয়াসমূহৰ ধাৰাবাহিকত আছে । সমাজৰ পৰিৱৰ্তিত পৰিৱেশৰ সৈতে সামাজিক প্রক্রিয়াসমূহ জড়িত হৈ থাকে ।
(ঙ) সামাজিক সম্বন্ধৰ ফলাফলৰ নিৰ্ণয় সাধাৰণতে সামাজিক প্রক্রিয়াসমূহে কৰে । সামাজিক প্রক্রিয়াই সমাজৰ কারু-কাৰ্যসমূহৰ পৰিণতিক নির্ধাৰণ কৰে ।
১২। সামাজিকৰণৰ প্রক্রিয়া হিচাপে শিক্ষাৰ ভূমিকা সম্পর্কে আলোচনা কৰা ।
(Discuss the role of education as a Socialization
Process.)
উত্তৰঃ সামাজিকৰণৰ প্রক্রিয়া হিচাপে শিক্ষাৰ ভূমিকা অপৰিসীম আরু মূল চাবিকাঠী । ইয়াৰ মূল দিশসমূহ হৈছে-
(ক) সামাজিকৰণ প্রক্রিয়াৰ দিশত শিক্ষা হৈছে এক সুদক্ষ আহিলা আরু শক্তিশালী মাধ্যম । শিক্ষাৰ মাধ্যমেৰে আরু শিক্ষাৰ আহিলাসমূহেৰে সমাজলৈ পৰিৱৰ্তন আনে ।
(খ) শিক্ষাই সামাজিকৰণ প্রক্রিয়াত স্থায়ী আরু যুগজয়ী কৰি তুলে । শিক্ষাই সামাজিকৰণ প্রক্রিয়াৰ বাবে প্রয়োজনীয় কাৰ্যাৱলীৰ সমূহৰ পক্ষে ব্যক্তিসকলক মানসিক, আৱেগিক, আধ্যাত্মিক আদি দিশসমূহৰ পূৰণ কৰে ।
(গ) সামাজিকৰণৰ এক প্রক্রিয়া হিচাপে অতীতৰ সংস্কৃতি আরু নীতি-কাৰ্যসমূহ সংৰক্ষণ কৰাতো প্রয়োজন । এই দিশত শিক্ষাই প্রতিটো প্রজন্মৰ বাবে কৃষ্টি-সংস্কৃতিবোৰ, কিতাপ বা আন শিক্ষাৰ কাৰ্যাৱলীৰ মাধ্যমেৰে সংৰক্ষণত মুখ্য ভূমিকা গ্রহণ কৰে ।
(ঘ) সামাজিকৰণৰ প্রক্রিয়াৰ মূখ্য দিশসমূহ বিশেষকৈ ৰীতি-নীতি, জীৱন নিৰ্বাহৰ বৃত্তি, ভাষা, সমাজ বিকাশ, সভ্যতাৰ অগ্রগতি, আদি সকলো শিশুসকল আরু নৱ প্রজন্মই শিক্ষাৰ মাধ্যমেৰে লাভ কৰে ।
(ঙ) আমাৰ সমাজখন প্রায়েই পৰিৱৰ্তনশীল আরু গতিশীল প্রকৃতিৰ হয় । এই সমাজখনৰ সলনি হোৱা পৰিস্থিতিৰ সৈতে শিক্ষাই ব্যক্তিসকলক সমাযোজন কৰাত সহায় কৰে ।
(চ) সামাজিকৰণৰ এক মূখ্য আহিলা হৈছে নৈতিক চৰিত্রৰ বিকাশ । শিক্ষাই শিশুসকলক চৰিত্র সমূহৰ সংশোধন কৰি, সমাজৰ এক প্রয়োজনীয় ব্যক্তি হিচাপে গঢ়ি তুলে ।
(ছ) শিক্ষাই সমাজৰ সঞ্চিত সংস্কৃতিগত উত্তৰাধিকাৰৰ হস্তান্তৰিত কৰণৰ মূখ্য অৰিহণা যোগায় । ইয়াৰ জৰিয়তে, সামাজিকৰণ প্রক্রিয়াৰ সফল রূপায়ণ হয় ।
(জ) শিক্ষাবিদ আরু সমাজবিদ জন ডিউইয়ৰ মতে মানৱ জীৱনক অবিৰাম গতিত চলাই নিয়াতো অতিকৈ প্রয়োজন । সামাজিক পৰিৱেশত বিলীন হৈ আত্মনৱীকৰণৰ জৰিয়তে সামাজিক বিকাশ সাধন কৰাৰ দিশত নিজকে আত্মনিয়োগ কৰাৰ প্রয়োজনীয়তা আছে । এই দিশত শিক্ষাইহে মানৱ জীৱনটোক পৰিৱৰ্তন কৰাত ম্যখ্য ভূমিকা গ্রহণ কৰে ।
(ঝ) ‘গণতন্ত্র আরু শিক্ষা’ নামৰ কিতাপখনত জন ডিউইয়ে উল্লেখ কৰিছে যে নাগৰিকসকলৰ সামাজিকৰণ আরু সামাজিক দক্ষতাৰ বাবে দুটা বিশেষ লক্ষ্য আছে- সেয়া হৈছে- শিক্ষাৰ দক্ষতা তথা বৃত্তিৰ দক্ষতা আরু নাগৰিক স্বরূপে দক্ষতা অর্জন কৰা ।
(ঞ) এতিয়া সমাজখন ক্রমান্বয়ে আধুনিকৰণৰ দিশত অগ্রগতি হৈছে । সেয়েহে, এই আধুনিক সামাজিকৰণৰ দিশত শিক্ষাইহে নৱ প্রজন্মক পৰিৱৰ্তিত সমাজৰ বাবে লাগতিয়াল দিশসমূহৰ জ্ঞান আরু বিকাশ সাধন কৰিব পাৰিব ।
(ট) শিক্ষাবিদ আরু সমাজবিদ, লাৰ্ণাৰ (Lerner) ৰ মতে সামাজিকৰণৰ আধুনিকতাৰ মূল দিশসমূহক শিক্ষাই বিকশিত কৰি তুলে । সমাজৰ নৱপ্রজন্মই শিক্ষা লাভ কৰাৰ নিমিত্তে বিদ্যালয়লৈ যায়, বাতৰি কাকতবোৰ পঢ়ে, বজাৰৰ অর্থনীতিৰ লগতে ভাট্টাৰ জ্ঞান লাভ কৰিছে, ৰাজনীতিৰ জ্ঞান লাভ কৰি নির্বাচনৰ জৰিয়তে ৰাজনীতিত অংশগ্রহণ কৰিছে, অধিকাৰ-কৰ্তব্যৰ জ্ঞান অর্জন কৰি সমাজৰ স্বার্থত মাত মাতিছে আদি, এই সকলো শিক্ষাৰ জৰিয়তেই সম্ভৱ হৈ উঠিছে ।
(ঠ) সমাজত অতীতৰ পৰাই কিছুমান কু-সংস্কাৰ, অন্ধবিশ্বাস, ভ্রান্ত ধাৰণা আদি প্রচলিত হৈ আছে যিবোৰে সামাজিকৰণ প্রক্রিয়াত বাধাৰ সৃষ্টি কৰি আহিছে । শিক্ষাই এই দিশ সমূহ ক্ষিপ্র সমালোচনাৰ মাধ্যমেৰে ইয়াৰ সঠিক আরু শুদ্ধ দিশৰ জ্ঞান প্রদান কৰিছে আরু সমাজক সঠিক দিশত গমন কৰাইছে ।
(ড) শিশুসকলক সামাজিকৰণ প্রক্রিয়াত অংশগ্রহণ কৰাত শিক্ষাই মুখ্য ভূমিকা গ্রহণ কৰিছে । অশুদ্ধ আচৰণ আরু চৰিত্রৰ সংশোধনৰ লগতে বেয়া কামৰ ওপৰত শিক্ষাই শিশুসকলক আতৰত ৰখাই সমাজৰ এক প্রয়োজনীয় ব্যক্তি হিচাপে গঢ়ি তুলাত সহায় কৰি আছে ।
এনেদৰে শিক্ষাই সামাজিকৰণ প্রক্রিয়াত মুখ্য ভূমিকা গ্রহণ কৰি এক নব্য আধুনিকতাৰ সমাজ স্বরূপে গঢ় দি তুলিছে ।