কাঠমিস্ত্রিৰ ঘৰ মূলভাৱঃ

‘কাঠমিস্ত্রিৰ ঘৰ’, কবি ধীৰেন্দ্র চন্দ্র দত্তৰ এক প্রগতিবাদী কবিতা । কবিতাটি দত্তৰ ‘অভিযান’ পুথিৰ পৰা সংগৃহীত । কবিতাটিত কাঠমিস্ত্রিসকলৰ মাজেৰে বনুৱা শ্রেণীৰ দুৰ্দ্দশাগ্রস্ত জীৱনৰ প্রকৃত রূপৰ সাৰ্থক প্রকাশ কৰিবলৈ কবি সক্ষম হৈছে । ইয়াত সাধাৰণ কাঠমিস্ত্রি কেৱল মিস্ত্রি হৈ থকা নাই । ইয়াত কাঠমিস্ত্রি হ’ল শ্রমিক, শিল্পী লগতে আধাৰণ বনুৱা শ্রেণীৰ প্রতিভু ।

    অসহনীয় শ্রমৰ বোজা শৰীৰত লৈ কাঠমিস্ত্রিয়ে সমাজৰ অৰ্থনৈতিকভাৱে স্বচ্ছল বা ধনী শ্রেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ সামগ্রী সাজি দিয়ে । তেওঁলোকে আজাৰ, শাল, শিঙৰীৰ দৰে কাঠবোৰ ৰাণ্ডা আরু বটালিৰে নানা রূপ দিয়ে । বটালিৰ খুন্দাত নিৰস, কঠিন কাঠ হৈ পৰে চালে চকুৰোৱা । বিশ্রামহীন, ক্লান্ত শৰীৰে দেহৰ তেজ ঢালি তেওঁলোকে মায়াপুৰী সদৃশ প্রাসাদ, টেবুল, চেয়াৰ, আলমিড়া, দ্রয়াৰ, টিপয় আদি সাজি স্বচ্ছল বা ধনী শ্রেণীটোক নতুন বস্তুৰ সোৱাদ দিয়ে । অথচ, তেওঁলোকৰ জীৱনৰ অৱস্থা শোচনীয় আরু অভাৱত জুরুলা । বিশ্বৰ সকলো কৰ্মীৰ দল কাঠমিস্ত্রী সকলেই শিল্পসুলভ কলাকুশলতাৰে গঢ়ি দিয়া আৰামী চকীত বহি বিলাসী শ্রেণীটোৱে স্বাচ্ছন্দ্য জীৱন কটায় । কিন্ত প্রতিদান স্বরূপে পায় অন্ধকাৰময় জুরুলা জীৱন একোটাহে ।

    কবিয়ে সমাজ জীৱনৰ এই শ্রমিক শ্রেণীটোৰ পৰিবর্তন বিচাৰিছে আরু নিজ বাহুবলেৰে অধিকাৰ সাব্যস্ত কৰি জাগি উঠিবৰ বাবে লগতে বৈপ্লৱিক হবলৈ আহ্বান জনাইছে ।