‘জনতাৰ আহ্বান’ নামৰ কবিতাটিৰ মূলভাৱঃ

 জনতাৰ আহ্বাননামৰ কবিতাটিৰ মূলভাৱ লিখা ।

 

উত্তৰঃ রূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ জনতাৰআহ্বানএটি গণতান্ত্রিক চেতনাবোধ মনোভাবাপন্ন কবিতা । কবিতাটি জ্যোতিপ্রসাদ আগৰৱালাৰ লুইতৰ পাৰৰ অগ্নিসুৰকবিতাপুথিৰ অন্তর্গত ।

 

    প্রগতিশীল আরু মানৱতাবাদী কবি আগৰৱালাই পৃথিৱীৰ জনতাৰ মাজত উদ্দীপ্ত হোৱা চেতনাৰ অভ্যুদয় কথা কবিতাটিত বর্ণনা কৰিছে । রূপান্তৰৰ পৃথিৱীত আজি আকাশে বতাহে জনতাৰ আহ্বানেৰে মুখৰিত হৈছে । সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাত সাধাৰণ জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত ব্রতী হৈ প্রতিশ্রুতিবদ্ধ হৈছে । বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুমৰ দৰে ফুলি পোহৰৰ লগতে সৌ্ৰভ বিলাইছে । অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ব্যাকুল হৈ পৰিছে । 

 

           মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ রূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জাগ্রত কৰি তুলিছে । কবিৰ মনোভাৱ আজি জনতাৰ এই আলোকবিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিব । নৱজীৱনৰ মহাসংঘাতে বৰ্তমানক কঁপাই ভৱিষ্যতৰ নতুন সপোন বাস্তৱত রূপায়িত কৰিব । বেদত ধ্বনিত হোৱা আলোকৰ আগমনি মন্ত্রই আজি সার্থক হৈ ধৰা দিব । সেয়েহে কবিয়ে উদাত্ত কন্ঠে ঘোষণা কৰিছে-‘জনতাৰ জয়, জনতন্ত্ৰৰ বা স্বতন্ত্রৰ জয় আরু মহা মানৱতন্ত্ৰৰ জয়’ ।