১। চুটিগল্প বুলিলে কি বুজা? চুটিগল্পৰ সংজ্ঞা দিয়া । চুটিগল্পৰ চাৰিটা / কেইটামান বৈশিষ্ট্য বা উপাদান লিখা / আলোচনা কৰা ।
উত্তৰঃ
চুটিগল্প বুলিলে অধুনিক
সাহিত্যৰ এক বিশিষ্ট সাহিত্যৰাজিক বুজা যায় যি সংক্ষেপে এক জীৱনাদৰ্শৰ কাহিনী-ঘটনাৰে
সন্নিবিষ্ট হৈ থাকে ।
চমাৰচেটৰ সংজ্ঞা অনুসৰি, “একেটা বৈঠকতে পঢ়ি শেষ কৰিব
পৰা গল্পই চুটিগল্প” ।
হেৰি ছৌ (Harry Shaw) ৰ মতে, “চুটিগল্প আপেক্ষিকভাৱে চমু বৰ্ণনা, য’ত এটা মাথোন কৰ্ম, এক চৰিত্র আৰু এটা মাথোন পৰিস্থিতিৰ
চিত্রণ কৰা হয় ।”
চুটিগল্পৰ
প্রথম তত্ত্ব আগবঢ়োৱা এডগাৰ এলেন পোৰ মতে, “চুটি গল্প হৈছে এক সরু গল্প যি পঢ়োতে
আধাঘন্টা সময়ৰ পৰা এক বা দুঘন্টা সময় লয় ।”
চুটিগল্পৰ
প্রধান বৈশিষ্ট্য বা উপাদানবোৰ/চাৰিটা হ’লঃ
(ক)ঘটনাঃ
চুটিগল্পৰ ঘটনাবোৰ সাধাৰণতে
একমুখীয়া হয় । এই একক লক্ষ্যৰ ঐক্য আৰু উদ্দেশ্যৰ প্রতি লক্ষ্য ৰাখি ঘটনা সন্নিবিষ্ট
কৰা হয় ।
(খ)
চৰিত্রঃ
চুটিগল্পৰ চৰিত্রবোৰে জীৱনৰ
সামগ্রিকতা প্রকাশ নকৰে । তথাপি, সীমিত পৰিসৰৰ অন্তৰালত মূল দিশ আৰু ঘটনাটোক উপস্থাপন কৰে ।
(গ)নাটকীয়তাঃ
চুটিগল্পত নাটকীয়ভাৱে
বহিঃসংঘাততকৈ অন্তঃসংঘাত বিষয়ৰ ওপৰত পৰিচৰ্যা হয় । চমাৰচেট মমৰ মতে- “চুটিগল্প একক ঘটনা বিশেষৰ
বৰ্ণনা আৰু এই বৰ্ণনাক উজ্জ্বল তথা
হৃদয়গ্রাহ্য ৰূপ দিবলৈ হ’লে নাটকীয় ঐক্য সূত্রৰে
গাঁথিবই লাগিব ।
(ঘ)
ঐক্যঃ
চুটিগল্পত সময়ৰ ঐক্য, ঘটনাৰ ঐক্য আৰু স্থানৰ ঐক্য ৰাখি প্রস্তুত
কৰা হয় । এই ঐক্যসাধনৰ মাধ্যমেৰে মূল বিষয়ক উপস্থাপন কৰে ।
(ঙ)
পৰিৱেশঃ
চুটিগল্পত এক বিশেষ
পৰিস্থিতি পাঠকৰ আগত দাঙি ধৰে । পৰিৱেশৰ মাধ্যমেৰে চৰিত্রবোৰৰ মনোজাগতিক আৰু বাস্তৱিক ভাৱধাৰাবোৰৰ
উপস্থাপন কৰা হয় ।
(চ)
কাব্যগুণধৰ্মীতাঃ
চুটিগল্পত গীতিকাব্যধৰ্মী আৰু কাব্যিক সাংগঠনিক অৱতাৰণাৰে
সৌন্দৰ্যৰ প্রতিফলন ঘটোৱা হয় ।
(ছ)
গল্পকাৰৰ জীৱন দৰ্শনঃ
চুটিগল্পৰ আন এক উল্লেখযোগ্য
অৱদান আরু বৈশিষ্ট্য হৈছে- লেখকৰ জীৱন আদর্শ আৰু দর্শন । লেখকৰ অভিজ্ঞতা আৰু জ্ঞানৰাজীসমূহ চুটিগল্পবোৰত
স্পষ্টকৈ ফুটি উঠে ।
(জ)
সংলাপঃ
চুটিগল্পৰ সংলাপ প্রায় সংক্ষিপ্ত আরু যথাযথ
হয় । চুটিগল্পৰ সংলাপসমূহৰ মাজেৰে চৰিত্রসমূহৰ আচৰণ, উদ্দেশ্য, স্বভাৱ আদি প্রকাশ
কৰে আরু কাহিনীভাগ আগুৱাই লৈ যায় ।
২। চুটিগল্প আরু উপন্যাসৰ মাজত
পার্থক্য নিৰ্ণয় কৰা ।
উত্তৰঃ চুটিগল্প আরু উপন্যাসৰ মাজত
কিছুমান পার্থক্য পৰিলক্ষিত হয় । ইয়াৰ উল্লেখযোগ্য পার্থক্যসমূহ হৈছে-
(ক) বিষয়ঃ
একমাত্র এটা সরু বিষয় বা ঘটনাক লৈ
বা সামৰি চুটিগল্পবোৰ ৰচনা কৰা হয় ।
আনহাতে,
উপন্যাসত এটা মাত্র ঘটনাক কেন্দ্র কৰি সৃষ্টি নহয় ।
(খ) চৰিত্র্রৰ প্রকাশঃ
চুটিগল্পত সাধাৰণতে চৰিত্রসমূহৰ প্রকাশহে
ঘটে, কিন্তূ বিকাশ নঘটে ।
আনহাতে,
উপন্যাসত চৰিত্রৰ বিকাশ ঘটে বা সংঘটিত হয় ।
(গ) দিশঃ
চুটিগল্পত সমগ্র সমাজখনৰ এক বিশেষ
দিশৰহে প্রকাশ ঘটে, সম্পূর্ণ সমাজখনৰ সকলো দিশ প্রতিফলন নহয় ।
আনহাতে,
উপন্যাসত সমগ্র সমাজখনৰ দিশসমূহৰ প্রতিফলন হয় ।
(ঘ) চৰিত্রৰ উপস্থিতিঃ
চুটিগল্পত চৰিত্রৰ সংখ্যা তেনেই কম
অর্থাৎ কম চৰিত্রৰে চুটিগল্প ৰচনা কৰা হয় ।
আনহাতে,
উপন্যাসত অনেক চৰিত্রৰ উপস্থিতি আরু জড়িত হয় ।
(ঙ) পৰিসৰঃ
চুটিগল্পৰ
পৰিসৰ ঠেক আরু আধাঘন্টা সময়ৰ পৰা এক বা দুঘন্টা সময়ৰ অন্তৰালত পঢ়ি অন্ত কৰিব পাৰি
।
আনহাতে,
উপন্যাসৰ পৰিসৰ বিশাল আরু ইয়াক পঢ়াৰ বাবে যথেষ্ট সময়ৰ প্রয়োজন হয় ।
(চ) কাহিনীঃ
চুটিগল্পত
এটাই মাত্র কাহিনী থাকে ।
আনহাতে,
উপন্যাসত এটাতকৈ অধিক কাহিনী বা বহুতো উপকাহিনী জড়িত হৈ থাকে ।
(ছ) নীতি-নিয়মঃ
চুটিগল্পৰ
মিতব্যয়ীতা হৈছে এটা নীতি বা প্রধান গুণ যিটো চুটিগল্পত বজাই ৰাখিব লাগে ।
আনহাতে,
উপন্যাস সকলোবোৰ সাহিত্যৰ শাখাৰ ভিতৰত অধিক শিথিলতা আছে আরু লেখকে কাহিনীভাগ
বিস্তাৰ আরু অধিক চৰিত্রাংকনত স্বাধীনতা পায় ।
(জ) আৱশ্যকীয় উপাদানঃ
চুটিগল্পৰ
আৱশ্যকীয় উপাদান হিচাপে ‘চুটি’, ‘কম চৰিত্র’, ‘এটা কাহিনী’, ‘সমাজৰ এটা মাত্র দিশ’
আদি সামৰি গঠিত হয় ।
আনহাতে,
উপন্যাসৰ আৱশ্যকীয় উপাদান হিচাপে কাহিনীটো সুবিন্যস্ত, সুপৰিকল্পিত, সমাজৰ সকলো
দিশ আদি সামৰি গঠন হয় ।
৩। চুটিগল্প আরু সাধুকথাৰ মাজত থকা
পার্থক্যসমূহ আলোচনা কৰা ।
উত্তৰঃ
চুটিগল্প আরু সাধুকথাৰ মাজত কিছুমান পার্থক্য পৰিলক্ষিত হয় । ইয়াৰ
উল্লেখযোগ্য পার্থক্যসমূহ হৈছে-
(ক) বিষয়বস্তুঃ
চুটিগল্প আধুনিক সাহিত্যৰ
বিষয়বস্তু । অর্থাৎ চুটিগল্প আধুনিক সাহিত্যৰ বিষয়ৰাজিক লৈ গঠিত ।
আনহাতে, সাধুকথা
মৌখিক সাহিত্যৰ বিষয়বস্তু । সাধুকথা প্রায়েই মৌখিকভাৱে প্রচলিত হৈ থকা যায় ।
(খ)
পটভূমিঃ
চুটিগল্পৰ পটভূমি সাধাৰণতে বাস্তৱৰ ভিত্তিত
গঢ়ি উঠে ।
আনহাতে, সাধুকথা প্রায়েই অবাস্তৱ হোৱা দেখা
যায় ।
(গ)
চিত্র আরু ছবিবোৰঃ
চুটিগল্পত দৈনন্দিন জীৱনৰ আধাৰত সজীৱ ছবি
সমূহ প্রতিফলিত হয় ।
আনহাতে, সাধুকথাত অলৌকিক বহুতো ছবি আরু চিত্রৰাজি
প্রকাশিত হয় ।
(ঘ)
স্তৰঃ
চুটিগল্পৰ পূৰ্বস্তৰৰ বিষয়বস্তু হৈছে সাধুকথা
। অর্থাৎ সাধুকথাৰ এক বিবৰ্তিত রূপেই হ’ল চুটিগল্প ।
আনহাতে, সাধুকথা ঐতিহাসিক আরু অলৌকিক স্তৰসমূহক
লৈ গঠিত হয় ।
(ঙ) চৰিত্রঃ
চুটিগল্পৰ
চৰিত্র ৰাজি বাস্তৱ ভিত্তিক আরু অপ্রাকৃতিক কোনো জীৱ বা প্রাণীৰ চৰিত্র ইয়াত
প্রতিপন্ন নহয় ।
আনহাতে,
সাধুকথাৰ চৰিত্র কেতিয়াবা জীৱ-জন্তু, চৰাই-চিৰিকতি, অপ্রাকৃতিক বস্তু, আদিক সামৰি
গঠিত হয় ।
(চ) উদ্দেশ্যঃ
চুটিগল্পৰ
প্রধান উদ্দেশ্য হৈছে পাঠকক বা পঢ়ুৱৈক আজৰি সময়ক্ষণত বিনোদন প্রদান কৰা ।
আনহাতে,
সাধুকথাৰ উদ্দেশ্য হ’ল প্রাচীন যুগৰ সাধুকথা, আখ্যানমূলক কাহিনী আদিৰ মাধ্যমেৰে
নৈতিক আরু আধ্যাত্মিক জ্ঞান দান কৰা ।
(ছ) রূপ বা প্রকাশ্য রূপঃ
চুটিগল্প
সাধাৰণতে লিখিত রূপত প্রকাশ পায় ।
আনহাতে,
সাধুকথাবোৰ প্রায় মুখে মুখে প্রচলিত হৈ আছে ।
(জ) নীতি-নিয়মঃ
চুটিগল্পৰ
ৰচনাৰ কেতবোৰ নীতি আছে, যেনে- ‘চুটি’, ‘কম চৰিত্র’, ‘এটা কাহিনী’, ‘সমাজৰ এটা
মাত্র দিশ’ আদি ।
আনহাতে,
সাধুকথাৰ কোনো নীতি-নিয়ম নাই ।
এনেদৰে
চুটিগল্প আরু সাধুকথাৰ মাজত কিছুমান পার্থক্যই বিৰাজমান হৈ আছে ।
৪।