গোট-৪, শিকন / শিক্ষণ


ক) ১ নম্বৰৰ প্রশ্নসমূহ

ক) তলত দিয়া প্রতিটো উক্তিয়েই শুদ্ধ নে অশুদ্ধ লিখা ।

১। অন্তদৰ্শন হৈছে শিক্ষণৰ এটা উচ্চ পর্যায়ৰ পদ্ধতি ।
উত্তরঃ শুদ্ধ ।

২। শিক্ষণ পৰিপক্কতাৰ ওপৰত নির্ভৰ নকৰে
উত্তরঃ অশুদ্ধ ।

৩। অন্তদর্শন হৈছে শিক্ষণৰ এটা যান্ত্রিক পদ্ধতি
উত্তরঃ অশুদ্ধ ।

৪। শিকাৰ ইচ্ছাই শিকন প্রচেষ্টা আধা লাঘৱ কৰে
উত্তরঃ শুদ্ধ ।

৫। শিকনত শিক্ষার্থীৰ কোনোধৰণৰ প্রস্তুতিৰ প্রয়োজন নাই ।
উত্তরঃ অশুদ্ধ ।

৬। শিকন পৰিস্থিতিৰ অনুপযুক্ততাই শিক্ষণত বাধাৰ সৃষ্টি কৰে
উত্তরঃ শুদ্ধ ।

৭। ছন্দযুক্ত আবৃত্তি শিক্ষণৰ চৰ্ত ।
উত্তরঃ শুদ্ধ ।

৮। অভিৰোচন শিকনৰ প্রাণশক্তি ।
উত্তরঃ শুদ্ধ ।

৯। অৱসাদে শিকনৰ ফলপ্রসুতা হ্রাস কৰে
উত্তরঃ শুদ্ধ ।

১০। কহলাৰ শিকনৰ অনুবন্ধন পদ্ধতিৰ বাবে বিখ্যাত ।
উত্তরঃ অশুদ্ধ ।

১১। শিকন এক সমস্যা সমাধানৰ প্রক্রিয়া ।
উত্তরঃ শুদ্ধ ।

১২। শিকন হৈছে জীৱনব্যাপী প্রক্রিয়া ।
উত্তরঃ শুদ্ধ ।

১৩। শিকন হৈছে ব্যক্তিৰ আচৰণৰ ক্রমোন্নতিমূলক পৰিৱৰ্তন ।
উত্তরঃ শুদ্ধ ।

১৪।শিকন সচেতন আরু অচেতন দুয়ো প্রকাৰৰ হ’ব পাৰে
উত্তরঃ শুদ্ধ ।

১৫। আচৰণৰ ক্ষন্তেকীয়া পৰিৱৰ্তনকো শিকন বুলিব পাৰি
উত্তরঃ অশুদ্ধ ।

১৬। অন্তদৰ্শন পদ্ধতি হৈছে শিকনৰ এটা যান্ত্রিক পদ্ধতি ।
উত্তরঃ অশুদ্ধ ।

১৭। প্রচেষ্টা আরু ভূল পদ্ধতিৰে শিকন উচ্চ পর্যায়ৰ শিকনৰ ক্ষেত্রত ফলপ্রসু নহয় ।
উত্তরঃ অশুদ্ধ ।

১৮। প্রচেষ্টা আরু ভুল পদ্ধতিৰ শিকন সমস্যা সমাধানমূলক শিকন পদ্ধতি ।
উত্তরঃ শুদ্ধ ।

১৯। পৰিপক্কতা এক স্বাভাৱিক প্রক্রিয়া ।
উত্তরঃ শুদ্ধ ।

২০। প্রচেষ্টা আরু ভুল পদ্ধতিৰ শিকনত ভুলসমূহৰ শৈক্ষিক গুরুত্ব আছে ।
উত্তরঃ শুদ্ধ ।

২১। পৰিপক্কতা জৈৱিক প্রকৃতিৰ
উত্তরঃ শুদ্ধ ।

২২। বৃদ্ধিৰ মাত্রাৰ ওপৰত শিকন নির্ভৰ কৰে
উত্তরঃ শুদ্ধ ।

২৩। সকলো শিকন আচৰণৰ সংশোধন, কিন্তু সকলোবিলাক আচৰণৰ সংশোধনেই শিকন নহয় ।
উত্তরঃ শুদ্ধ ।

২৪। শিকন আচৰণৰ পৰিৱৰ্তনৰ ফলত সংঘটিত আচৰণৰ পৰিৱৰ্তন ।
উত্তরঃ শুদ্ধ ।

২৫। শিকন হৈছে সামাজিকভাৱে গ্রহণযোগ্য আচৰণৰ আৰ্জিত কৰণ ।
উত্তরঃ শুদ্ধ ।

২৬। পৰিপক্কতা হৈছে চাহিদা ভিত্তিক ।
উত্তরঃ শুদ্ধ ।

২৭। পৰিপক্কতা জীৱনজোৰা প্রক্রিয়া ।
উত্তরঃ শুদ্ধ ।

২৮। পৰিপক্কতা প্রশিক্ষণ আরু অভ্যাসৰ ওপৰত নির্ভৰ কৰে
উত্তরঃ শুদ্ধ ।

২৯। বংশগতিৰ দ্বাৰা শিকন প্রত্যক্ষভাৱে প্রভাৱিত নহয় ।
উত্তরঃ শুদ্ধ ।

৩০। পৰিপক্কতা আরু শিকন দুয়োটা ব্যক্তিকেন্দ্রিক প্রক্রিয়া ।
উত্তরঃ শুদ্ধ ।

৩১।শিকন হৈছে জৈৱিক প্রক্রিয়া ।
উত্তরঃ শুদ্ধ ।

৩২। অভিশিকন ক্রুটিহীন পুনৰাবৃত্তিৰ পিছৰ শিকন ।
উত্তরঃ শুদ্ধ ।

৩৩। প্রচেষ্টা আরু ভুল পদ্ধতিৰ শিকন হৈছে- ‘সঠিক প্রতিক্রিয়াৰ নির্বাচন আরু স্থায়ীকৰণ ।’
উত্তরঃ শুদ্ধ ।

৩৪। অনুবন্ধন হৈছে এক প্রকাৰৰ অনুবন্ধনমূলক শিকন ।
উত্তরঃ শুদ্ধ ।

৩৫। অনুবন্ধন হৈছে  এটা উদ্দীপকৰ পৰিপূৰক হিচাপে আন এটা উদ্দীপক প্রদান কৰা
উত্তরঃ শুদ্ধ ।

৩৬। অনুবন্ধন হৈছে এক উচ্চ পর্যায়ৰ শিকন ।
উত্তরঃ শুদ্ধ ।

৩৭। অনুবন্ধনমূলক প্রতিক্রিয়াসমূহ চিৰস্থায়ী ।
উত্তরঃ শুদ্ধ ।

৩৮। অন্তদৰ্শন পদ্ধতিৰে শিকন মানে হৈছে শিকনৰ সমস্যাসমূহ লাহে লাহে আয়ত্ত কৰা
উত্তরঃ শুদ্ধ । 

৩৯। শিকন অনুশীলনৰ সমানুপাতিক নহয় ।
উত্তরঃ শুদ্ধ ।

৪০। শিকন প্রত্যক্ষ আরু পৰোক্ষ অভিজ্ঞতাৰ ফল ।
উত্তরঃ শুদ্ধ ।

৪১। শিকন এক আত্ম সক্রিয় প্রক্রিয়া ।
উত্তরঃ শুদ্ধ ।

খ) যথাযথ শব্দৰে খালী ঠাই পূৰণ করাঃ

৪২। শিকনৰ প্রচেষ্টা আরু ভুল পদ্ধতিৰ ____ পৃষ্ঠপোষকতা কৰিছিল ।
উত্তরঃ শিকনৰ প্রচেষ্টা আরু ভুল পদ্ধতিৰ থৰ্ণডাইকে পৃষ্ঠপোষকতা কৰিছিল ।

৪৩। গেষ্টাল্ট এটা ____ শব্দ ।
উত্তরঃ গেষ্টাল্ট এটা জার্মান শব্দ ।

৪৪। অনুশীলনৰ নীতিয়ে ____ প্রয়োজনীয়তাত গুরুত্ব দিয়ে ।
উত্তরঃ অনুশীলনৰ নীতিয়ে পুনৰাবৃত্তিৰ প্রয়োজনীয়তাত গুরুত্ব দিয়ে ।

৪৫। শিকন হৈছে জ্ঞান, অভ্যাস আরু ____ আয়ত্তকৰণ ।
উত্তরঃ শিকন হৈছে জ্ঞান, অভ্যাস আরু মনোভংগীৰ আয়ত্তকৰণ ।

৪৬। অভিৰোচন শিকনৰ এটা ____ উপাদান ।
উত্তরঃ অভিৰোচন শিকনৰ এটা ব্যক্তিৰ মানসিক উপাদান ।

৪৭। ___এ শিক্ষার্থীক লক্ষ্য অভিমুখী কৰাৰ মানসিক অৱস্থাক বুজায় ।
উত্তরঃ পৰিপক্কতায়ে শিক্ষার্থীক লক্ষ্য অভিমুখী কৰাৰ মানসিক অৱস্থাক বুজায় ।

৪৮। শিকন হ’ল অভিজ্ঞতাৰ মাধ্যমেৰে ____ পৰিৱৰ্তনৰ প্রক্রিয়া ।
উত্তরঃ শিকন হ’ল অভিজ্ঞতাৰ মাধ্যমেৰে আচৰণৰ পৰিৱৰ্তনৰ প্রক্রিয়া

৪৯। ___ তত্ত্বটো পেভলভে উদ্ভাৱন কৰিছিল ।
উত্তরঃ অনুবন্ধনবাদ তত্ত্বটো পেভলভে উদ্ভাৱন কৰিছিল ।

৫০। গেষ্টাল্ট মনোবিজ্ঞানৰ মতে ____ সমগ্রৰ সমষ্টিতকৈ পৃথক ।
উত্তরঃ গেষ্টাল্ট মনোবিজ্ঞানৰ মতে অংশবোৰ সমগ্রৰ সমষ্টিতকৈ পৃথক ।

৫১। বিকল্প উদ্দীপক প্রমাণ _____ তত্ত্বৰ এটা গুরুত্বপূর্ণ দিশ ।
উত্তরঃ বিকল্প উদ্দীপক প্রমাণ অনুবন্ধন তত্ত্বৰ এটা গুরুত্বপূর্ণ দিশ ।

৫২। মনোবিদ কহলাৰে ____ ওপৰত শিকন সম্পর্কে পৰীক্ষা চলাইছিল ।
উত্তরঃ মনোবিদ কহলাৰে চিপাঞ্জীৰ ওপৰত শিকন সম্পর্কে পৰীক্ষা চলাইছিল 

৫৩। স্কিনাৰৰ মতে শিকন হৈছে অভ্যাস, জ্ঞান আরু ____ আয়ত্তকৰণ ।
উত্তরঃ স্কিনাৰৰ মতে শিকন হৈছে অভ্যাস, জ্ঞান আরু মনোভংগীৰ আয়ত্তকৰণ ।

৫৪। গেষ্টাল্ট তত্ত্বৰ উদ্ভাৱক হ’ল____ ।
উত্তরঃ গেষ্টাল্ট তত্ত্বৰ উদ্ভাৱক হ’ল ‘স্কুল অব চাইক’লজীৰ’ প্রতিষ্ঠাপক কহলাৰ

৫৫। শিকন হৈছে ____ আরু অভিজ্ঞতা আহৰণ ।
উত্তরঃ শিকন হৈছে আচৰণ আরু অভিজ্ঞতা আহৰণ ।

৫৬। থৰ্নডাইকৰ মতে শিকন হৈছে ____ আরু _____ৰ সংযোগকৰণ প্রক্রিয়া ।
উত্তরঃ থৰ্নডাইকৰ মতে শিকন হৈছে উদ্দীপক আরু প্রতিক্রিয়াৰ সংযোগকৰণ প্রক্রিয়া ।

৫৭। কৃত্রিম উদ্দীপকৰ দ্বাৰা সৃষ্টি হোৱা স্বাভাৱিক প্রতিক্রিয়াক ___ বুলি কোৱা হয় ।
উত্তরঃ কৃত্রিম উদ্দীপকৰ দ্বাৰা সৃষ্টি হোৱা স্বাভাৱিক প্রতিক্রিয়াক অনুবন্ধনবাদ বুলি কোৱা হয় ।


৫৮। পৰিপক্কতা বিকাশ আরু ____ দ্বাৰা সংঘটিত হয় ।
উত্তরঃ পৰিপক্কতা বিকাশ আরু প্রশিক্ষণ বা অভ্যাসৰ দ্বাৰা সংঘটিত হয়

৫৯। গেষ্টাল্ট মানে ____ ।
উত্তরঃ গেষ্টাল্ট মানে সমগ্র বা সম্পূর্ণ আকাৰ

৬০। শিকনত পুৰস্কাৰ আরু শাস্তি প্রদানৰ ভিত্তি হৈছে ____
উত্তরঃ শিকনত পুৰস্কাৰ আরু শাস্তি প্রদানৰ ভিত্তি হৈছে ফলাফল বা পৰিণামৰ নীতি ।

৬১। “বাৰে বাৰে চেষ্টা কৰাৰ ফলত এজন ছাত্রই নিজে এটা অংক কৰিব পৰা হ’ল ।”- এই শিকন ____ তত্ত্বৰ ওপৰত প্রতিষ্ঠিত ।
উত্তরঃ “বাৰে বাৰে চেষ্টা কৰাৰ ফলত এজন ছাত্রই নিজে এটা অংক কৰিব পৰা হ’ল ।”- এই শিকন সংযোগবাদ তত্ত্বৰ ওপৰত প্রতিষ্ঠিত ।

৬২। অন্তর্দর্শন পদ্ধতিৰ শিকন মনোবিজ্ঞানৰ ____ মতবাদৰ ওপৰত প্রতিষ্ঠিত ।
উত্তরঃ অন্তর্দর্শন পদ্ধতিৰ শিকন মনোবিজ্ঞানৰ সামগ্রীকতাবাদ মতবাদৰ ওপৰত প্রতিষ্ঠিত ।

৬৩। প্রচেষ্টা আরু ভুল পদ্ধতিৰ শিকন ____ তত্ত্বৰ ওপৰত প্রতিষ্ঠিত ।
উত্তরঃ প্রচেষ্টা আরু ভুল পদ্ধতিৰ শিকন সংযোগবাদ শিক্ষণ তত্ত্বৰ ওপৰত প্রতিষ্ঠিত ।

৬৪। সন্তুষ্টি আরু অনুশীলন ____ শিকন পদ্ধতিৰ এটা মুখ্য উপাদান ।
উত্তরঃ সন্তুষ্টি আরু অনুশীলন প্রচেষ্টা আরু ভুল পদ্ধতি শিকন পদ্ধতিৰ এটা মুখ্য উপাদান ।

৬৫। নির্ধাৰিত মাত্রাৰ ___ লাভ কৰিলেহে শিকন সম্ভৱ হয় ।
উত্তরঃ নির্ধাৰিত মাত্রাৰ প্রতিক্রিয়া লাভ কৰিলেহে শিকন সম্ভৱ হয় ।

৬৬। অনুবন্ধন হৈছে কৃত্তিম উদ্দীপক আরু _____ মাজৰ এক নতুন সংযোগ স্থাপন ।
উত্তরঃ অনুবন্ধন হৈছে কৃত্তিম উদ্দীপক আরু স্বাভাৱিক প্রতিক্রিয়াৰ মাজৰ এক নতুন সংযোগ স্থাপন ।

৬৭। অন্তর্দর্শন হৈছে সাধাৰণ _____ এক সচেতনতা ।
উত্তরঃ অন্তর্দর্শন হৈছে সাধাৰণ মনৰ এক সচেতনতা ।

৬৮। পৰিণামৰ নীতিয়ে শিকনৰ ক্ষেত্রত____ ওপৰত গুরুত্ব দিয়ে ।
উত্তরঃ পৰিণামৰ নীতিয়ে শিকনৰ ক্ষেত্রত ফলাফল বা পৰিণামৰ ওপৰত গুরুত্ব দিয়ে ।

৬৯। ____ নীতিয়ে শাস্তি আরু পুৰস্কাৰৰ ওপৰত গুরুত্ব দিয়ে ।
উত্তরঃ ফলাফল বা পৰিণামৰ নীতিয়ে শাস্তি আরু পুৰস্কাৰৰ ওপৰত গুরুত্ব দিয়ে ।

৭০। সামগ্রিকতাবাদে তত্ত্বই শিকনৰ ক্ষেত্রত ____ ওপৰত গুরুত্ব দিয়ে ।
উত্তরঃ সামগ্রিকতাবাদে তত্ত্বই শিকনৰ ক্ষেত্রত সামগ্রিক বা সামগ্রিকতাৰ ওপৰত গুরুত্ব দিয়ে ।

৭১। ____ তত্ত্বৰ মতে শিকনৰ অনুশীলনৰ ফল নহয় ।
উত্তরঃ সামগ্রিকতাবাদ তত্ত্বৰ মতে শিকনৰ অনুশীলনৰ ফল নহয় ।

৭২। ক্রুটীহীন পুনরুৎপাদনৰ পিছৰ শিকন ____ বুলি কোৱা হয় ।
উত্তরঃ ক্রুটীহীন পুনরুৎপাদনৰ পিছৰ শিকন অভিশিকন বুলি কোৱা হয় ।

গ) চমু উত্তৰ দিয়া (পৰাপক্ষত এটাকৈ বাক্যত)

৭৩। শিকনৰ অনুবন্ধন তত্ত্ব উদঘাটন কৰা ৰাছিয়ান ডাক্তৰ জন কোন আছিল?
উত্তরঃ শিকনৰ অনুবন্ধন তত্ত্ব উদঘাটন কৰা ৰাছিয়ান ডাক্তৰ জন আছিল-আইভান পেভলভ ।

৭৪। শিকনৰ এক রূপ হিচাপে অন্তর্দর্শনক প্রচলন কৰা মনোবিজ্ঞানী এজনৰ নাম লিখা ।
উত্তরঃ শিকনৰ এক রূপ হিচাপে অন্তর্দর্শনক প্রচলন কৰা মনোবিজ্ঞানী এজনৰ নাম হ’ল- কহলাৰ

৭৫। অনুবন্ধিত প্রতিক্রিয়া কি?
উত্তরঃ অনুবন্ধিত প্রতিক্রিয়া হ’ল-কৃত্রিম উদ্দীপক আরু স্বাভৱিক প্রতিক্রিয়াৰ মাজত এক নতুন সংযোগ ।

৭৬। অ-অনুবন্ধিত প্রতিক্রিয়া কি?
উত্তরঃ অ-অনুবন্ধিত প্রতিক্রিয়া হ’ল- স্বাভাৱিক উদ্দীপকৰ সৈতে স্বাভাৱিক প্রতিক্রিয়া প্রদান কৰা  

৭৭। শিকনৰ প্রচেষ্টা আরু ভুল পদ্ধতিৰে শিকা এক আচৰণৰ উদাহৰণ দিয়া ।
উত্তরঃ শিকনৰ প্রচেষ্টা আরু ভুল পদ্ধতিৰে শিকা এক আচৰণৰ উদাহৰণ হ’ল- বদ অভ্যাস ত্যাগ কৰা

৭৮। অনুবন্ধনৰ দ্বাৰা শিকা এটা আচৰণৰ উদাহৰণ দিয়া ।
উত্তরঃ অনুবন্ধনৰ দ্বাৰা শিকা এটা আচৰণৰ উদাহৰণ হ’ল- ভাল অভ্যাস গঠন কৰা

৭৯।গেইটে আগবঢ়োৱা শিকনৰ সংজ্ঞাটো লিখা ।
উত্তরঃ গেইটৰ মতে “শিক্ষণ হৈছে অভিজ্ঞতা আরু প্রশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কাৰ্য ।”

৮০। পেভলভৰ অনুবন্ধনৰ পৰীক্ষাটোত অ-অনুবন্ধিত প্রতিক্রিয়া কি আছিল?
উত্তরঃ  পেভলভৰ অনুবন্ধনৰ পৰীক্ষাটোত অ-অনুবন্ধিত প্রতিক্রিয়া আছিল-বেল বা ঘন্টাৰ শব্দটো ।

৮১। পেভলভৰ অনুবন্ধনৰ পৰীক্ষাটোত অনুবন্ধিত প্রতিক্রিয়াটো কি আছিল?
উত্তরঃ পেভলভৰ অনুবন্ধনৰ পৰীক্ষাটোত অ-অনুবন্ধিত প্রতিক্রিয়া আছিল-বেল বা ঘন্টাৰ শব্দটো ।

৮২। শিকনৰ কোনটো তত্ত্ব শিকনৰ প্রচেষ্টা আরু ভুল পদ্ধতিৰ লগত জড়িত?
উত্তরঃ শিকনৰ সংযোগবাদ তত্ত্ব শিকনৰ প্রচেষ্টা আরু ভুল পদ্ধতিৰ লগত জড়িত ।

৮৩। ‘শিকন’ হৈছে ব্যক্তিকেন্দ্রিক প্রক্রিয়া’ – ব্যাখ্যা কৰা
উত্তরঃ গেইটৰ মতে “শিক্ষণ হৈছে অভিজ্ঞতা আরু প্রশিক্ষণৰ যোগেদি কৰা ব্যক্তিৰ আচৰণৰ সংশোধন কাৰ্য ।” লগতে, কলভিনৰ মতে ব্যক্তিৰ অভিজ্ঞতাৰ জৰীয়তে জীৱনৰ প্রতিক্রিয়াসমূহৰ রূপান্তৰেই হ’ল শিক্ষণ । সেয়ে কব পাৰো যে ‘শিকন’ হৈছে ব্যক্তিকেন্দ্রিক প্রক্রিয়া’ যি ব্যক্তিৰ অভ্যাস, জ্ঞান তথা মনোভংগীৰ আয়ত্বকৰণ আরু সংৰক্ষণত সহায় কৰে  

৮৪। অন্তর্দর্শন পদ্ধতি শিকনৰ কোনটো তত্ত্বৰ লগত জড়িত ?
উত্তরঃ অন্তর্দর্শন পদ্ধতি শিকনৰ সামগ্রীকতাবাদ তত্ত্বৰ লগত জড়িত ।

৮৫। ফলাফলৰ জ্ঞানক কিয় শিকনত চৰ্ত হিচাপে বিবেচনা কৰা হয়?
উত্তরঃ ফলাফলৰ জ্ঞানক শিকনত চৰ্ত হিচাপে বিবেচনা কৰা হয়, কাৰণ ফলাফল সন্তোষজনক হ’লে পুনৰ কৰিবলৈ উৎসাহ পায় আরু ফলাফল অসন্তোষজনক হ’লে বাৰম্বাৰ কৰাত নিরুৎসাহিত কৰে

৮৬। শিকন আরু পৰিপক্কতাৰ এটা উমৈহতীয়া বৈশিষ্ট্য লিখা ।
উত্তরঃ শিকন আরু পৰিপক্কতাৰ এটা উমৈহতীয়া বৈশিষ্ট্য হ’ল- পৰিপক্কতাই শিকনৰ সীমা নির্ধাৰণ কৰে
৮৭।অন্তদৰ্শন মানে কি?
উত্তরঃ অন্তদৰ্শন মানে হ’ল- সামগ্রিক বা সম্পূর্ণ আকাৰে শিকন কাৰ্য সমাধা কৰাৰ নিমিত্তে পৰ্যবেক্ষণ, অনুভৱ শক্তি, মানসিক আরু বৌদ্ধিক কর্মৰাজীৰ মাধ্যমেৰে শিকন কাৰ্য সমাধা কৰা

৮৮। শিকন এক প্রকাৰৰ আচৰণৰ পৰিৱৰ্তনৰ প্রক্রিয়াৰ ফলত লাভ কৰা আচৰণ ।” – এই উক্তিটো আগবঢ়োৱা মনোবিদজনৰ নাম লিখা ।
উত্তরঃ শিকন এক প্রকাৰৰ আচৰণৰ পৰিৱৰ্তনৰ প্রক্রিয়াৰ ফলত লাভ কৰা আচৰণ ।” – এই উক্তিটো আগবঢ়োৱা মনোবিদজনৰ নাম হ’ল-জে. পি. গিলফোৰ্ড(J.P. Gilford)

৮৯। তলত দিয়া ক্ষেত্রসমূহত শিকনৰ কোনটো নীতি বা পদ্ধতি ক্রিয়াশীল লিখা (প্রতি উত্তুৰৰ বাবে ১ নম্বৰ)
(ক) অনুশীলনে এজন ব্যক্তিক দক্ষ কৰে
উত্তরঃ অনুশীলনৰ নীতি ।
(খ) কৃতকাৰ্যতাৰ সমান কৃতকাৰ্যতা একো নাই ৷
উত্তরঃ ফলাফল বা পৰিণামৰ নীতি ।
(গ) শিক্ষকে মীৰাক অংকত ভালফল দেখুৱাৰ বাবে প্রশংসা কৰিলে । ফলত তাই নিজৰ প্রচেষ্টাৰে অংকৰ সমস্যাসমূহ সমাধান কৰিব পৰা হ’ল ।
উত্তরঃ ফলাফল বা পৰিণামৰ নীতি ।
(ঘ) চাৰি বছৰীয়া বরুণক ব্যাম শিকাই একো লাভ নাই
উত্তরঃ প্রচেষ্টা আরু ভুল পদ্ধতি ।
(ঙ) এজন চালকে যেতিয়া ট্রেফিক পইন্টত ৰঙা লাইট দেখে তেতিয়াই গাড়ীখন ৰখাই দিয়ে ।
উত্তরঃ অনুবন্ধন শিক্ষণ পদ্ধতি বা অনুবন্ধন তত্ত্ব পদ্ধতি ।
(চ) এজন সাঁতোৰ শিকোতাই প্রথমে হাত-ভৰি মাৰি অনেক পেশীয় শক্তি ক্ষয় কৰে
উত্তরঃ প্রচেষ্টা আরু ভুল পদ্ধতি ।

৯০। তলত ব্যক্তিসকল শিকনৰ যিটো পদ্ধতিৰ লগত জড়িত তাৰ লগত সংযোগ করাঃ
(ক) কফকা                                    (ক) অনুবন্ধন তত্ত্ব পদ্ধতি
(খ) থৰ্ন ডাইক                              (খ) সামগ্রিকতাবাদ
(গ) পেভলভ                        (গ) প্রচেষ্টা আরু ভুল পদ্ধতি

উত্তরঃ (ক) কফকা- সামগ্রিকতাবাদ ।
(খ) থৰ্নডাইক- প্রচেষ্টা আরু ভুল পদ্ধতি ।
(গ)পেভলভ- অনুবন্ধন তত্ত্ব পদ্ধতি ।

(খ) ২ নম্বৰৰ প্রশ্নাৱলী

৯১। শিকনৰ ধাৰণাটো উদাহৰণৰ সৈতে বৰ্ণনা কৰা
উত্তরঃ মানুহৰ জন্মগত প্রবৃত্তিবোৰ অমার্জিত বা অপৰিশোধত আচৰণ নিহিত হৈ থাকে । সেয়েহে এই আচৰণসমূহ পৰিৱেশৰ মাধ্যমেৰে আরু শিকণৰ জৰীয়তে শুদ্ধৰণি কৰি বাস্তৱিক জীৱনত ব্যৱহাৰ কৰা হয় । উদাহৰণস্বরূপে- কেঁচুৱাবোৰে কথা কোৱা, খোজ কঁঢ়া শিকা, কাপোৰ পিন্ধিবলৈ জানা, গা-ধোৱা আদি এই সকলোবোৰ নতুন অভিজ্ঞতাকে শিকণ বোলা হয় ।    

৯২। শিকনৰ ব্যৱহাৰ আরু অপব্যৱহাৰৰ নীতি দুটা ব্যাখ্যা কৰা
উত্তরঃ থৰ্ণডাইকে  অনুশীলনৰ শিক্ষণ নীতিক দুটা ভাগত বিভক্ত কৰিছে সেইকেইটা লঃ ()ব্যৱহাৰৰ নীতি আরু () অৱ্যহাৰৰ নীতি
()ব্যৱহাৰৰ নীতিঃ থৰ্ণডাইকে উল্লেখ কৰিছে যে শিক্ষণৰ সংযোগ শক্তি অনুশীলন বা চৰ্চ্চা বা ব্যৱহাৰৰ জৰীয়তে বৃদ্ধি কৰিব পাৰি তেওঁ কৈছে, “যেতিয়া পৰিস্থিতি আরু প্রতিক্রিয়াৰ মাজত সংশোধিত সম্বন্ধ স্থাপন কৰা হয়, তেতিয়া আনবোৰৰ অৱস্থা একেই থাকিলে সংযোগৰ শক্তি বৃদ্ধি পায়
()অৱ্যহাৰৰ নীতিঃ থৰ্ণডাইকে উল্লেখ কৰিছে যে শিক্ষণৰ সংযোগ শক্তি অনুশীলন নহলে বা চৰ্চ্চা নকৰিলে বা অব্যৱহাৰ লে শিক্ষণ অভিজ্ঞতা হেৰাই যায় আরু পাহৰি যোৱা হয় তেওঁ কৈছে, “যেতিয়া পৰিস্থিতি আরু প্রতিক্রিয়াৰ মাজৰ সংশোধিত সম্বন্ধ দীর্ঘসময় ধৰি স্থাপন কৰা নহয়, তেতিয়া সেই সংযোগৰ শক্তি কমি যায়


৯৩। ‘শিকন এক মনোযোজনৰ প্রক্রিয়া’- আলোচনা কৰা
উত্তরঃ   ‘শিকন এক মনোযোজনৰ প্রক্রিয়াশিকনত মনক কোনো লতুন অভিজ্ঞতা লাভৰ বাবে সংযোজন কৰা হয় । মনৰ সক্রিয় প্রচেষ্টাৰ মাধ্যমেৰে শিকন সম্ভৱ হৈ উঠে । অন্যথা মনৰ বেথা, এলেহুৱা মন, মনৰ অসক্রিয়তা আদিয়ে শিকনত বাধা প্রদান কৰে

৯৪। শিকনক কিয় ব্যক্তিকেন্দ্রিক প্রক্রিয়া বুলি কোৱা হয় ।
উত্তরঃ শিকন সম্পূর্ণরূপে ব্যক্তিৰ নিজস্ব কাৰ্যক্ষমতাৰ ওপৰত নির্ভৰশীল । ব্যক্তিৰ ইচ্ছা অনুসৰিহে নতুন কোনো শিকনত মনক নিবদ্ধ কৰা হয় । ব্যক্তিৰ সক্রিয় মানসিকতা আরু দৈহিক সঞ্চালনৰ মাধ্যমেৰে শিকন সম্ভৱ হৈ উঠে । সেয়েহে শিকনক ব্যক্তিকেন্দ্রিক প্রক্রিয়া বুলি কোৱা হয়

৯৫। অতি শিকন বা অতিৰিক্ত শিকন কি?
উত্তরঃ অতি শিকন বা অতিৰিক্ত শিকন হৈছে শিকনৰ এক প্রক্রিয়া যত কোনো এক শিকনৰ বাবে অতিৰিক্ত চেষ্টা অথবা প্রয়াসেৰে সম্ভৱ কৰি তুলা হয় । উদাহৰণস্বরূপে- পৰীক্ষাৰ সময়ত প্রায়বোৰ ছাত্র-ছাত্রীয়ে মনৰ ইচ্ছা নাথাকিলেও বা দেহাই নকৰিলেও পৰীক্ষাৰ বাবে অতি শিকন কৰে

৯৬। বিৰতিযুক্ত শিকন কি?
উত্তরঃ বিৰতিযুক্ত শিকন হ’ল শিকনৰ এক পর্যায় যত কোনো শিকনৰ কালছোৱাত অলপ সময় বিৰতি লৈ পুনৰ সেই শিকন আৰম্ভ কৰা হয় । এই শিকনে দেহ আরু মনক অলপ সময়ৰ বাবে হ’লেও সকাহ বা আৰাম দিয়ে আরু শিকনত অধিক শক্তিশালী কৰি তুলে ।

৯৭শিকন হৈছে ক্রমোন্নতিমূলক বিকাশৰ প্রক্রিয়া’- ব্যাখ্যা কৰা
উত্তরঃ ‘শিকন হৈছে ক্রমোন্নতিমূলক বিকাশৰ প্রক্রিয়া’প্রতিটো শিকন কাৰ্যৰ এক আৰম্ভণি আছে । প্রাৰম্ভিক পর্যায়ত এই সময়ছোৱাত শিকনৰ দুর্বল প্রভাৱ পৰিলক্ষিত হয় । পাছলৈ, ক্রমান্বয়ে ইয়াৰ বিকাশ হয় আরু এই শিকন লাভ কৰিবলৈ সক্ষম হোৱা যায় । উদাহৰণস্বরূপে- কম্পিউটাৰৰ টাইপ কৰোতে প্রথম অৱস্থাত লেহেমীয়া গতিত হয় আরু ক্রমান্বয়ে ইয়াৰ গতি বাঢ়ি যায় ।

৯৮। শিকনৰ সামগ্রিক্তাবাদ তত্ত্বৰ দুজন সমর্থকৰ নাম লিখা ।
উত্তরঃ শিকনৰ সামগ্রিক্তাবাদ তত্ত্বৰ দুজন সমর্থক হ’লঃ (ক) ৱাৰ্থিমাৰ, (খ) কহলাৰ আরু (গ) কাফকা ।

৯৯। অনুশীলনৰ ফল হিচাপে শিকনক ব্যাখ্যা কৰা

উত্তরঃ  অনুশীলনৰ ফল বা নীতি (Law of Exercise):
     থৰ্ণডাইকৰ মতে শিকণৰ বাবে অনুশীলনৰ প্রয়োজন তেখেতে অনুশীলনৰ নীতিক ব্যৱহাৰৰ নীতি আরু অব্যৱহাৰৰ নীতি হিচাপে উল্লেখ কৰিছে থৰ্ণডাইকে উল্লেখ কৰিছে যে শিকণৰ সংযোগ শক্তি অনুশীলন বা চৰ্চ্চা বা ব্যৱহাৰৰ জৰীয়তে বৃদ্ধি কৰিব পাৰি নহলে অর্থাৎ অব্যৱহাৰ লে শিক্ষণ ক্রমান্বয়ে দুর্বল হয়  


১০০। পৰিপক্কতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা
উত্তরঃ পৰিপক্কতাৰ দুটা বৈশিষ্ট্য হ’লঃ
      ()পৰিপক্কতাই এজন ব্যক্তিৰ শিকণৰ বাবে অনুশীলন আরু কাৰ্য্য সম্পাদনত ব্যক্তিজনক প্রস্তুত কৰি তুলে
      () শিকণে পৰিপক্কতাই প্রদান কৰা সম্ভাৱনীয়তা সমূহ উপযুক্ত দিশত বিকশাই তোলে


১০১। বিষয়বস্তুৰ কঠিনতা আরু শিকনৰ মাজৰ সম্পর্ক আলোচনা কৰা
উত্তরঃ বিষয়বস্তুৰ কঠিনতাই শিকনত বাধা আৰোপ কৰেবিষয়বস্তু যিমানে সহজ বা সহজলভ্য হয়, তেনে শিকন সহজে সম্পন্ন হয় । অন্যথা কঠিন বিষয়বস্তুয়ে শিকন প্রাপ্তিত বাধা আৰোপ কৰেসেয়েহে বিষয়বস্তুৰ কঠিনতাই শিকনৰ বিফলতা বা কঠোৰ কৰি তুলে ।

১০২। ‘শিকন হৈছে এক উদেশ্যপূৰ্ণ কাম’- ব্যাখ্যা কৰা
উত্তরঃ শিকন হৈছে এক উদেশ্যপূৰ্ণ কাম । কোনো বিশেষ উদ্দেশ্য নাথাকিলে শিকন কাৰ্য সুচারুরূপে সফল নহয় । শিকনৰ উদ্দেশ্যই শিকন লাভৰ পথ প্রশস্ত কৰেলগতে, যিকোনো শিকনৰ আৰত এক উদ্দেশ্য জৰিত হৈ থাকে ।

১০৩। অতি বা অতিৰিক্ত শিকন আরু পুনঃশিকনৰ মাজৰ পার্থক্য লিখা ।
উত্তরঃ অতি শিকন আরু পুনঃশিকনৰ মাজৰ পার্থক্য হ’লঃ
(ক)অতি বা অতিৰিক্ত শিকনত শিকন লাভৰ বাবে কম সময়ৰ ব্যৱধানতে অপ্রাণ চেষ্টা কৰা হয় ।
আনহাতে, পুনঃশিকনত কোনো এক শিকন লাভৰ বাবে পুনৰ পুনৰ প্রচেষ্টা কৰা হয় ।
(খ)অতি বা অতিৰিক্ত শিকনত অধিক জোৰকৈ মনক নিবদ্ধ কৰা হয় ।
আনহাতে, পুনঃশিকন হ’ল এক স্বাভাৱক প্রক্রিয়া, এই ক্ষেত্রত মনক সাধাৰণভাৱে সক্রিয় কৰা হয় ।   

১০৪। অনুবন্ধিত আচৰণৰ দুটা উদাহৰণ দিয়া ।
উত্তরঃ অনুবন্ধিত আচৰণৰ দুটা উদাহৰণ হ’লঃ
(ক) ভাল অভ্যাস বোৰ গঢ়ি তুলাৰ ক্ষেত্রত অনুবন্ধিত আচৰণৰ প্রয়োজন ।
(খ) অনুবন্ধনৰ জৰীয়তে ভাষাৰ বিকাশ সাধন কৰিব পৰা যায় ।

Any mistakes please inform us.