অধ্যায়-৮, জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?, by Podmeswar


১। জীৱৰ বাবে প্রয়োজনীয় তিনিটা জীৱন প্রক্রিয়াৰ নাম লিখা ।
উত্তৰঃ জীৱৰ বাবে প্রয়োজনীয় তিনিটা জীৱন প্রক্রিয়াৰ নাম হ’ল- পৰিপুষ্টি, শ্বসন আরু ৰেচন ।

২। দুটা বেলেগ জীৱ একেটা প্রজাতিৰে অন্তৰ্ভুক্ত বুলি কেনেকৈ জনা যায় ?
উত্তৰঃ দুটা বেলেগ জীৱ একেটা প্রজাতিৰে অন্তৰ্ভুক্ত হ’লে সিহঁতৰ পৰস্পৰৰ মাজত সাদৃশ্য থাকে । গতিকে বংশবৃদ্ধি কৰা জীৱসমূহ দেখাত একেধৰণৰ কিছু নতুন জীৱৰ সৃষ্টি কৰে

৩। বংশবৃদ্ধিৰ মূল কাৰ্য কি ?
উত্তৰঃ বংশবৃদ্ধিৰ মূল কাৰ্য হ’ল- DNA ৰ প্রতিলিপি গঠন ।

৪। DNA ৰ কেনেদৰে সৃষ্টি হয় ?
উত্তৰঃ বংশবৃদ্ধিৰ মূল কাৰ্য হ’ল- DNA ৰ প্রতিলিপি গঠন । দেহৰ কোষে কিছুমান ৰাসায়নিক বিক্রিয়াৰ সহায়ত DNA অণুৰ নকল সৃষ্টি কৰেএই DNA অণুৰ পৰা অপত্য কোষত দুটা DNA প্রতিলিপিৰ সৃষ্টি হয় আরু দুয়োটা DNA অণু এটা আনটোৰ পৰা পৃথকে কৰে

৫। ব্যাখা কৰা- “জীৱিত কোষবিলাক একে হয় যদিও অতি সূক্ষ্ম পাৰ্থক্য থাকে ।
অথবাঃ জীৱসমূহে নিজৰ হুবহু সৃষ্টি কৰিব পাৰেনে?
অথবাঃ প্রজনন প্রক্রিয়াৰ DNA প্রতিলিপিৰ আৱশ্যক কি?
উত্তৰঃ জীৱসমূহৰ দেহৰ অবয়ব একে হ’লে দেখিবলৈ একে সাদৃশ্যৰ হয় । যদি দেহৰ অবয়ব একেধৰণৰ হ’বলগীয়া হয় তেন্তে ইয়াৰ গঠনৰ প্রতিলিপি একেধৰণৰ হ’ব লাগিব । কোষকেন্দ্রৰ ভিতৰৰ ক্রম’জ’মবোৰৰ DNA অনুৱে পিতৃ-মাতৃ গুণবোৰ উত্তৰ পুরুষলৈ বহন কৰি দিয়ে । DNA ৰ অণুবোৰ প্র’টিন গঠনৰ উৎস যিবোৰে জীৱদেহৰ অবয়ব সলনি কৰে
    বংশবৃদ্ধিৰ মূল কাৰ্য হ’ল- DNA ৰ প্রতিলিপি গঠন । দেহৰ কোষে কিছুমান ৰাসায়নিক বিক্রিয়াৰ সহায়ত DNA অণুৰ নকল সৃষ্টি কৰেএই DNA অণুৰ পৰা অপত্য কোষত দুটা DNA প্রতিলিপিৰ সৃষ্টি হয় আরু দুয়োটা DNA অণু এটা আনটোৰ পৰা পৃথকে কৰে
    DNA ৰ প্রতিলিপি লওতে কোষাংগসমূহে সহায় কৰে আরু এটা কোষৰ পৰে দুটা অপত্যকোষ সৃষ্টি হয় । এই অপত্যকোষ দুটা একে সাদৃশ্যৰ হ’ব কিন্তু দুয়োটা কোষ হুবহু একে নহয় আরু ইয়াৰ কিছু ভিন্নতা দেখা যায় । DNA ৰ পৰিলিপি একে হ’লেও কিন্তু পিতৃ DNA ৰ সৈতে হুবহু একে নহয় ।
    এনেধৰণৰ ভিন্নতাৰ কেতিয়াবা এনেকুৱা পৰিৱৰ্তন আনে যে নতুনকৈ হোৱা আন কোষীয় উপাদানৰ সৈতে DNA ই এনেকুৱা ক্রিয়া কৰিব নোৱাৰেএনে ক্ষেত্রত নতুন কোষটো মৰি যায় । লগতে, DNA ত থকা আন বহুতো ভিন্নতাই পৰিৱৰ্তনৰ ভীষণ ফল নেদেখুৱাব পাৰে
    এনেদৰে দেখা যায় যে “জীৱিত কোষবিলাক একে হয় যদিও অতি সূক্ষ্ম পাৰ্থক্য থাকে ।”


৬। “জীৱৰ বংশ বৃদ্ধি প্রক্রিয়া দেহৰ অৱয়বৰ প্রতিলিপি প্রক্রিয়াৰ দৰে”- বুজাই লিখা ।
উত্তৰঃ জীৱসমূহৰ দেহৰ অবয়ব একে হ’লে দেখিবলৈ একে সাদৃশ্যৰ হয় । যদি দেহৰ অবয়ব একেধৰণৰ হ’বলগীয়া হয় তেন্তে ইয়াৰ গঠনৰ প্রতিলিপি একেধৰণৰ হ’ব লাগিব । গতিকে দেখা যায় যে “জীৱৰ বংশ বৃদ্ধি প্রক্রিয়া দেহৰ অৱয়বৰ প্রতিলিপি প্রক্রিয়াৰ দৰে

৭। ক’ত জীৱৰ আবাদীয়ে বংশ বিস্তাৰৰ কাৰণে ব্যৱহাৰ কৰে?
উত্তৰঃ পৰিৱেশৰ কোনো নিৰ্দিষ্ট আবাসস্থানহে (niches) জীৱৰ আবাদীয়ে বংশ বিস্তাৰৰ কাৰণে ব্যৱহাৰ কৰে

৮। ভিন্নতাৰ গুরুত্ব সম্পৰ্কে লিখা ।
অথবাঃ প্রজাতিৰ কাৰণে ভিন্নতা প্রয়োজন কিন্তু একক জীৱৰ কাৰণে গুরুত্বপূৰ্ণ নহয় কিয় ?

উত্তৰঃ সময়ে সময়ে বাসস্থানৰ পৰিৱৰ্তন হৈ থাকে যিবোৰ নিয়ন্ত্রণৰ বাহিৰত । উদাহৰণস্বরূপে- পৃথিৱীৰ উপৰিভাগৰ উষ্ণতাৰ হ্রাস-বৃদ্ধি, জলভাগৰ উচ্চতা উঠা-নমা হৈ থাকিব পাৰে বা উল্কাপিণ্ডই খুণ্ডা মাৰিব পাৰে এনেধৰণৰ বহুতো উদাহৰণ ল’ব পৰা যায় । যদি কোনো এটা জীৱৰ আবাদী এটা পৰিৱেশৰ নিৰ্দিষ্ট অঞ্চল বাস উপযোগী হয় আরু সেই অঞ্চলত প্রচণ্ড কিবা পৰিৱৰ্তন আহি পৰে তেতিয়া জীৱৰ আবাদী সম্পূৰ্ণভাৱে নিৰ্মূল হৈ যাব ।
    অৱশ্যে কেতিয়াবা এই আবাদীৰ কিছু জীৱৰ ভিন্নতা আহিব পাৰে আরু জীয়াই থাকিবলৈ অলপ সুবিধা হ’ব পাৰেএনেকৈ যদি নাতিশীতোষ্ণ জলভাগত বেক্টেৰিয়া ধ্বংস হৈ যাব পাৰেকিন্তু কিছু সংখ্যক বেক্টেৰিয়াৰ পৰিৰোধ ক্ষমতা থকা কাৰণে জীয়াই থাকি ভৱিষ্যত বংশ বৃদ্ধি কৰিব । এনেকৈয়ে সময়ৰ সোঁতত কোনো প্রজাতিৰ জীৱই জীয়াই থাকিবৰ বাবে ভিন্নতাৰ আৱশ্যক ।

৯। এককোষী জীৱই প্রজনন প্রক্রিয়াত (অযৌন) ব্যৱহাৰ কৰা বিভিন্ন পদ্ধতিসমূহ উদাহৰণসহ লিখা ।
অথবাঃ ১০। এককোষী জীৱই প্রজনন প্রক্রিয়াত (অযৌন) ব্যৱহাৰ কৰা দ্বিখণ্ডন বা বিভাজন (Fisson) প্রক্রিয়াটো লিখা । (উত্তৰঃ কেৱল ক)
অথবাঃ ১১। এককোষী জীৱই প্রজনন প্রক্রিয়াত (অযৌন) ব্যৱহাৰ কৰা বিভংগন (Fragmentation)- প্রক্রিয়াটো লিখা । (উত্তৰঃ কেৱল খ)
অথবাঃ ১২। এককোষী জীৱই প্রজনন প্রক্রিয়াত (অযৌন) ব্যৱহাৰ কৰা পুনৰ জীৱন (Regeneration) প্রক্রিয়াটো লিখা । (উত্তৰঃ কেৱল গ)
অথবাঃ ১৩। এককোষী জীৱই প্রজনন প্রক্রিয়াত (অযৌন) ব্যৱহাৰ কৰা মুকুলোদগম (Budding)  প্রক্রিয়াটো লিখা । (উত্তৰঃ কেৱল ঘ)
অথবাঃ ১৪। এককোষী জীৱই প্রজনন প্রক্রিয়াত (অযৌন) ব্যৱহাৰ কৰা আংগিক বিস্তাৰ (Vegetative Propagation)  প্রক্রিয়াটো লিখা । (উত্তৰঃ কেৱল ঙ)
অথবাঃ ১৫। এককোষী জীৱই প্রজনন প্রক্রিয়াত (অযৌন) ব্যৱহাৰ কৰা ৰেণুৰ উৎপত্তি (Spore Formation)  প্রক্রিয়াটো লিখা । (উত্তৰঃ কেৱল চ)

উত্তৰঃ এককোষী জীৱই প্রজনন প্রক্রিয়াত (অযৌন)ব্যৱহাৰ কৰা বিভিন্ন পদ্ধতিসমূহ হ’লঃ

(ক) দ্বিখণ্ডন বা বিভাজন (Fisson)-
বেক্টেৰীয়া আরু আদ্যপ্রাণীৰ দৰে এককোষী জীৱই অতি সৰল ভাবে কোষটো সমভাবে দ্বিখণ্ডিত হৈ/কৰি নতুন জীৱৰ সৃষ্টি কৰেইয়াকে দ্বিখণ্ডন বা বিভাজন বুলি কোৱা হয় ।  
    উদাহৰণস্বরূপে- এমিবাৰ দৰে এককোষী আদ্যপ্রাণীয়ে কোষটো প্রথমে সমভাবে দ্বিখণ্ডন বা বিভাজন কৰে, তাৰ পাছত দ্বিখণ্ডন বা বিভাজন কৰা কোষটো কোনো এক সমতলীয় ৰেখাত বিভক্ত হৈ নতুন নতুন প্রজন্মৰ সৃষ্টি কৰে 
আন এক উদাহৰণ হ’ল- ইষ্টৰ মাতৃ কোষটোৰ গাত বহুবোৰ মুকুলৰ সৃষ্টি হয় । পাছলৈ এই মুকুলবোৰৰ পৃথকীকৃত হয় আরু মুকুলবোৰৰ পৰাই নতুন নতুন প্রজন্মৰ ইষ্টৰ সৃষ্টি হয় ।   

(খ) বিভংগন (Fragmentation)-
কিছুমান এককোষী জীৱই পূৰ্ণাংগ হোৱাৰপিছত দেহটোক কিছুমান সরু সরু খণ্ডত টুকুৰা টুকুৰ কৰেপাছলৈ, সরু সরু খণ্ডিত টুকুৰাবিলাকৰ পৰাই নতুন প্রজন্মৰ সৃষ্টি কৰেএই প্রক্রিয়াটোক বিভংগন বোলা হয় ।
    উদাহৰণস্বরূপে- সৰ্পিল শেলাই (Spirogyra) পূৰ্ণাংগ হোৱাৰ পিছত দেহটো কিছুমান সরু সরু খণ্ডত টুকুৰা টুকুৰ হৈ বংশ বিস্তাৰ কৰে

(গ) পুনৰ জীৱন (Regeneration)-
কিছুমান এককোষী জীৱৰ দেহৰ কোনো অংগৰ পৰাই নতুন এটা প্রজন্মৰ জীৱৰ উৎপত্তি কৰি লব পৰা ক্ষমতা থাকে । যদি কোনো কাৰণবশতঃ সেই জীৱটো কাটি বা ভাগি বহু টুকুৰা টুকুৰ হয় । তেনেহ’লে তাৰে কিছুমান টুকুৰাৰ পৰা নতুনকৈ জীৱৰ সৃষ্টি হয় । তাকে পুনৰ জীৱন প্রক্রিয়া বোলা হয় ।
    উদাহৰণস্বরূপে- কিছুমান সৰল প্রাণী- হাইড্রা (Hydra), প্লেনেৰিয়া (Planaria), আদি জীৱক কাটি টুকুৰা টুকুৰ কৰিলে বা খণ্ডিত কৰিলে তাৰ প্রত্যেক অংশৰ পৰা একোটা নতুনকৈ সম্পূৰ্ণ জীৱৰ সৃষ্টি হয় ।

(ঘ) মুকুলোদগম (Budding)
কিছুমান এককোষী জীৱই নিজৰ দেহৰ মুকুলৰ পৰা নতুন প্রজন্মৰ সৃষ্টি কৰেএইক্ষেত্রত মুকুলবিলাক দেহৰ কোনো এক নিৰ্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষৰ বিভাজন ঘটি টেমুনা বান্ধি বাহিৰলৈ ওলাই আহে । এইবোৰ পুৰঠ হ’লে মাতৃ কোষ ত্যাগ কৰি নতুন জীৱৰ উৎপত্তি কৰেএই প্রক্রিয়াক মুকুলোদগম প্রক্রিয়া বোলা হয় ।
    উদাহৰণস্বরূপে- হাইড্রাৰ দৰে জীৱই এনেদৰে অযৌন প্রজনন কাৰ্য সমাধা কৰেপ্রথমে, হাইড্রাৰ মুকুলবিলাক কেইবাবাৰো কোষৰ বিভাজন ঘটে আরু টেমুনা বান্ধি ওলাই আহে । তাৰ পিছত, এই মুকুলবোৰৰ পৰা সরু সরু আকাৰৰ হাইড্রাৰ সৃষ্টি কৰেপৰৱৰ্তী পৰ্যায়ত পূৰঠ হ’লে মাতৃ হাইড্রাৰ পৰা পৃথক হৈ নতুন এক হাইড্রাৰ সৃষ্টি হয় । 

(ঙ) আংগিক বিস্তাৰ (Vegetative Propagation)
প্রাকৃতিক পৰিৱেশত এনে বহু উদ্ভিদ আছে যিবোৰৰ মূল বা শিপা, কাণ্ড আরু পাতৰ পৰাই উপযুক্ত এক পৰিৱেশত নতুন উদ্ভিদৰ সৃষ্টি কৰিব পাৰেএই প্রক্রিয়াটোকে আংগিক বিস্তাৰ বোলা হয় ।
    উদাহৰণস্বরূপে- কুঁহিয়াৰ, গোলাপ, আঙুৰ, কল, কমলা, আনাৰস, তগৰ আদি উদ্ভিদবোৰ জোৰা কলম আরু তৰপীয়া আদি পদ্ধতিৰ মাধ্যমেৰে মূল বা শিপা, কাণ্ড আরু পাতৰ সহায়েৰেই নতুন উদ্ভিদৰ উৎপত্তি কৰিব পাৰে

(চ) ৰেণুৰ উৎপত্তি (Spore Formation)-
কিছুমান ভেঁকুৰৰ প্রজাতিৰ প্রাণীয়ে খাদ্য বস্তুৰ পৃষ্ঠত আঁহৰ দৰে কিছুমান অণুসূত্রৰ সৃষ্টি কৰেলগতে সরু সরু মাৰিত ওলমি থকাৰ দৰে কিছুমান টোপালৰ সৃষ্টি যাক প্রজনন অংগিকা বা ৰেণুধানী বোলে । ইয়াতেই ৰেণুৰ উৎপত্তি হয় আরু এই ৰেণুবিলাকৰ পৰাই নতুন প্রজন্মৰ সৃষ্টি হয় । এই প্রক্রিয়াটোকে ৰেণুৰ উৎপত্তি প্রক্রিয়া বোলা হয় ।
    উদাহৰণস্বরূপে- ৰাইজ’পাচ্ নামৰ ভেঁকুৰবিধে পাউরুটিৰ আদি খাদ্যৰ ওপৰত কিছুমান ৰেণুৰ সৃষ্টি কৰে আরু নতুন ৰাইজ’পাচ্ ৰ সৃষ্টি কৰে 

 ১৬। এমিবাই কি প্রক্রিয়াৰ জৰীয়তে নতুন প্রজন্মৰ সৃষ্টি কৰে বা বংশ বিস্তাৰ কৰে? বুজাই লিখা ।
উত্তৰঃ এমিবাই দ্বিখণ্ডন বা বিভাজন প্রক্রিয়াৰ মাধ্যমেৰে নতুন প্রজন্মৰ সৃষ্টি কৰে
    এমিবাই অতি সৰল ভাবে নিজৰ কোষটো সমভাবে দ্বিখণ্ডিত হয় । এই দ্বিখণ্ডিত বা বিভাজন কোষটো এক সমতলীয় ৰেখাত বিভক্ত হৈ নতুন প্রজন্মৰ উৎপন্ন কৰে বা বংশ বিস্তাৰ কৰে 

১৭। কলাজ্বৰ বেমাৰ সৃষ্টিকাৰী লেইচমেনীয়া নামৰ এককোষী জীৱ বিধে কি প্রক্রিয়াৰ জৰীয়তে নতুন প্রজন্মৰ সৃষ্টি কৰে বা বংশ বিস্তাৰ কৰে? বুজাই লিখা ।
উত্তৰঃ
কলাজ্বৰ বেমাৰ সৃষ্টিকাৰী লেইচমেনীয়া নামৰ এককোষী জীৱ বিধে দ্বিখণ্ডন বা বিভাজন প্রক্রিয়াৰ জৰীয়তে নতুন প্রজন্মৰ সৃষ্টি কৰে বা বংশ বিস্তাৰ কৰেলেইচমেনিয়াৰ এটা মেরুত চাবুকৰ দৰে এডাল কেশৰ থাকে । ইয়াৰ সহায়ত কোষটো দ্বিখণ্ডন বা বিভাজন ঘটি নতুন প্রজন্মৰ সৃষ্টি কৰে বা বংশ বিস্তাৰ কৰে

১৮মেলেৰীয়া বেমাৰ সৃষ্টিকাৰী আদ্যপ্রাণী প্লাজম’ডিয়াম (Plasmodium) নামৰ এককোষী জীৱ বিধে কি প্রক্রিয়াৰ জৰীয়তে নতুন প্রজন্মৰ সৃষ্টি কৰে বা বংশ বিস্তাৰ কৰে? বুজাই লিখা ।
উত্তৰঃ মেলেৰীয়া বেমাৰ সৃষ্টিকাৰী আদ্যপ্রাণী প্লাজম’ডিয়াম (Plasmodium) নামৰ এককোষী জীৱ বিধে দ্বিখণ্ডন বা বিভাজন প্রক্রিয়াৰ জৰীয়তে নতুন প্রজন্মৰ সৃষ্টি কৰে বা বংশ বিস্তাৰ কৰেএই জীৱ বিধে একেলেথাৰিয়ে বহুবাৰ দ্বিখণ্ডিত হোৱাৰ ফলত অসংখ্য নতুন কোষৰ সৃষ্টি হয় আরু নতুন প্রজন্মৰ সৃষ্টি কৰে বা বংশ বিস্তাৰ কৰে

১৯। ইষ্ট নামৰ এককোষী জীৱ বিধে কি প্রক্রিয়াৰ জৰীয়তে নতুন প্রজন্মৰ সৃষ্টি কৰে বা বংশ বিস্তাৰ কৰে? বুজাই লিখা ।
উত্তৰঃ ইষ্ট নামৰ এককোষী জীৱ বিধে দ্বিখণ্ডন বা বিভাজন প্রক্রিয়াৰ জৰীয়তে নতুন প্রজন্মৰ সৃষ্টি কৰে বা বংশ বিস্তাৰ কৰেল- ইষ্টৰ মাতৃ কোষটোৰ গাত বহুবোৰ মুকুলৰ সৃষ্টি হয় । পাছলৈ এই মুকুলবোৰৰ পৃথকীকৃত হয় আরু মুকুলবোৰৰ পৰাই নতুন নতুন প্রজন্মৰ ইষ্টৰ সৃষ্টি হয় ।  

২০। দুপৰ টেঙা বা পাতেগজা উদ্ভিদে কি প্রক্রিয়াৰ মাধ্যমেৰে নতুন উদ্ভিদৰ সৃষ্টি কৰে ?
উত্তৰঃ দুপৰ টেঙা বা পাতেগজা উদ্ভিদে আংগিক বিস্তাৰণ প্রক্রিয়াৰ মাধ্যমেৰে নতুন উদ্ভিদৰ সৃষ্টি কৰে । এই উদ্ভিদবোৰৰ পাতৰ দাঁতিৰ খাঁজৰ পৰা উৎপত্তি হোৱা মুকুলবিলাক মাটিত পৰিলে পুনৰ নতুন নতুন উদ্ভিদৰ সৃষ্টি হয় ।

২১। এবিধ সৰল দেহশৈলীৰে গঠিত বহুকোষী জীৱৰ নাম লিখা ।
উত্তৰঃ এবিধ সৰল দেহশৈলীৰে গঠিত বহুকোষী জীৱৰ নাম  হ’ল- সৰ্পিল শেলাই (Spirogyra)

২২। সৰল দেহশৈলীৰে গঠিত বহুকোষী জীৱৰ ক্ষেত্রত বংশ বিস্তাৰৰ পদ্ধতিটো লিখা ।
উত্তৰঃ সৰল দেহশৈলীৰে গঠিত বহুকোষী জীৱৰ ক্ষেত্রত বংশ বিস্তাৰ এক সাধাৰণভাৱে কাৰ্যকৰী হয় । উদাহৰণস্বরূপে- সৰ্পিল শেলাই পূৰ্ণাংগ হোৱাৰ পাছত কিছুমান সরু সরু খণ্ডত দেহটো টুকুৰা টুকুৰ হৈ বংশ বিস্তাৰ হয় । সরু সরু খণ্ডিত টুকুৰাবোৰৰ পৰা নতুন প্রজন্মৰ সৰ্পিল শেলাইৰ সৃষ্টি হয় ।

২৩। কিয় সকলো বিলাক বহুকোষী জীৱৰ ক্ষেত্রত সৰলভাৱে কোষৰ দ্বাৰাই কোষ সৃষ্টি কৰি বংশ বিস্তাৰ কৰিব নোৱাৰে?
উত্তৰঃ সকলো বিলাক বহুকোষী জীৱৰ ক্ষেত্রত সৰলভাৱে কোষৰ দ্বাৰাই কোষ সৃষ্টি কৰি বংশ বিস্তাৰ কৰিব নোৱাৰে । কাৰণ, অধিকাংশক বহুকোষী জীৱৰ শাৰীৰিক গঠন কেৱল মাত্র কোষৰ সাধাৰণভাৱে একত্রীকৰণৰ মাধ্যমেৰে সৃষ্টি নহয় । ইয়াৰ পৰিৱৰ্তে, কিছুমান কোষৰ সমষ্টিৰে কলাৰ গঠন হয় আরু এই কলাৰ সমষ্টিৰে অংগ গঠিত হয় ।

২৪। বিকাশ বুলিলে কি বোজা ?
উত্তৰঃ জীৱৰ দেহটো বহু ধৰণৰ কোষৰ দ্বাৰা সৃষ্টি হয় । এই কোষৰ পৰিৱৰ্তন হৈ আন বহু প্রকাৰৰ কোষ আরু কলাৰ গঠন হয় । এই পৰিৱৰ্তন এক নিৰ্দিষ্ট অনুক্রমত সংঘটিত হয় । ইয়াকে বিকাশ বোলে ।

২৫। বিকাশ পুনৰজীৱন প্রজনৰ সৈতে একে হয় নে নহয় ? ইয়াৰ কাৰণ কি?
উত্তৰঃ বিকাশ পুনৰজীৱন প্রজনৰ সৈতে একে নহয় । কাৰণ, বেছিভাগ জীৱই বংশ বিস্তাৰ আরু প্রজনৰ বাবে টুকুৰা টুকুৰকৈ ভাগি নতুন জীৱৰ সৃষ্টি নকৰে অথবা এই প্রক্রিয়াৰ ওপৰত নিৰ্ভৰ নকৰে ।

২৬। হাইড্রাৰ দৰে জীৱই কেনেকৈ প্রজনন আরু পুনৰ জীৱিত কাৰ্য্য সমাধা কৰে ?
অথবাঃ হাইড্রাই কেনেকৈ নতুন জীৱৰ সৃষ্টি কৰে বা বংশ বিস্তাৰ কৰে?
অথবাঃ হাইড্রাই দৰে পানীয়ে বংশ বিস্তাৰৰ বাবে কোনটো পদ্ধতি/কি প্রক্রিয়া ব্যৱহাৰ কৰে ?
উত্তৰঃ  হাইড্রাৰ দৰে জীৱই প্রজননৰ কাৰণে শৰীৰৰ কিছুমান কোষ মুকুলোদ্‌গম পদ্ধতিৰে পুনরুজ্জীৱিত কৰে । হাইড্রাৰ মুকুলবিলাক শৰীৰৰ এক নিৰ্দিষ্ট স্থানত কেইবাবাৰো একেৰাহে কোষৰ বিভাজন ঘটে আরু টেমুনা বান্ধি বাহিৰ হৈ আহে । শৰীৰত সৃষ্টি হোৱা সেই মুকুলবোৰৰ পৰাই সরু সরু আকাৰৰ নতুন হাইড্রাৰ উৎপন্ন হয় । পাছত, পূৰঠ হ’লে মাতৃ হাইড্রাৰ পৰা পৃথক হয় বা এৰায় যায় আরু নতুন এটা হাইড্রাৰ সৃষ্টি হয় ।  
২৭। উদ্ভিদে কিহৰ সহায়ত নতুন উদ্ভিদৰ উৎপত্তি কৰে ? তিনিটা অংগৰ নাম লিখা ।
উত্তৰঃ উদ্ভিদে মূল বা শিপা, কাণ্ড আরু পাতৰ পৰাই উপযুক্ত এক পৰিৱেশত নতুন উদ্ভিদৰ উৎপত্তি কৰে ।

২৮। উদ্ভিদৰ আংগিক বিস্তাৰৰ দুটা পদ্ধতি আরু উদাহৰণ দিয়া ।
উত্তৰঃ উদ্ভিদৰ আংগিক বিস্তাৰৰ দুটা পদ্ধতি হ’ল- জোৰা কলম (Grafting) আরু তৰপীয়া (Layering) । এই পদ্ধতি ব্যৱহাৰ কৰা তিনিটা উদাহৰণ হ’ল- কুঁহিয়াৰ, আঙুৰ আরু গোলাপ ।

২৯। আংগিক বিস্তাৰণৰ দুটা সুবিধা লিখা ।
উত্তৰঃ আংগিক বিস্তাৰণৰ দুটা সুবিধা হ’ল-
(ক) এনে পদ্ধতিৰে উৎপন্ন হোৱা উদ্ভিদবোৰ আনুবংশিকভাৱে একে হয় ।
(খ) এই পদ্ধতিত, চৰিত্রগত বৈশিষ্ট্যবোৰ পৈতৃক পুরুষৰ সৈতে একে হয় ।

৩০। কলাকৰ্ষণ (Tissue Formation) পদ্ধতিটো লিখা । কলাকৰ্ষণ (Tissue Formation) পদ্ধতিটো দুটা সুবিধা লিখা ।
উত্তৰঃ কলাকৰ্ষণ (Tissue Formation) পদ্ধতিটো হ’ল এনেধৰণরঃ
(ক) প্রথমতে, উদ্ভিদৰ বাঢ়ি অহা অগ্রস্থ কলা বা কোষ এরুওৱা হয় ।
(খ)এরুৱা অংশটো এক কৃত্রিম মাধ্যমত ৰখা হয় ।
(গ) এই কৃত্রিম মাধ্যমত, কোষবোৰৰ খৰতকীয়া কোষ বিভাজন ঘটে আরু বহুবোৰ কোষ একলগ হৈ কেলাচ্‌ (Callus) গঠন কৰে ।
(ঘ) এই কেলাচ্‌খিনি অন্য এক মাধ্যমলৈ নিয়া হয় বা স্থানান্তৰ কৰা হয় য’ত উদ্ভিদৰ বৃদ্ধি আরু বিকাশৰ কাৰণে লাগতিয়াল সঞ্জীৱনী পদাৰ্থ (Hormone) থাকে ।
(ঙ) এই মাধ্যমতে, এক নতুন পূৰ্ণাংগ উদ্ভিদৰ সৃষ্টি হয় ।

কলাকৰ্ষণ (Tissue Formation) পদ্ধতিটো দুটা সুবিধা হ’ল-
(ক) এই পদ্ধতি প্রয়োগ কৰি বেমাৰহীন উদ্ভিদৰ সৃষ্টি কৰিব পাৰি ।
(খ) এই কৌশলটো সৌন্দৰ্যবৰ্ধক উদ্ভিদৰ ক্ষেত্রত প্রয়োগ কৰা হয় ।

৩১। কেনেকৈ নতুন ৰাইজ’পাচৰ সৃষ্টি হয় ? ৰাইজ’পাচ্‌ৰ উৎপত্তিৰ পদ্ধতিটোৰ নাম কি?
উত্তৰঃ ৰাইজ’পাচ্ নামৰ ভেঁকুৰবিধে পাউরুটিৰ আদি খাদ্যৰ ওপৰত কিছুমান ৰেণুৰ সৃষ্টি কৰে আরু এই ৰেণুৰবোৰৰ পৰা নতুন ৰাইজ’পাচ্ ৰ সৃষ্টি কৰে ।
ৰাইজ’পাচ্‌ৰ উৎপত্তিৰ পদ্ধতিটোৰ নাম- ৰেণুৰ উৎপত্তি পদ্ধতি ।

৩২। পাউরুটি চকলৰ উপৰিভাগত উৎপত্তি হোৱা আহঁৰ দৰে অনুসূত্রবিলাক আচলতে কি?
অথবাঃ পাউরুটিৰ উপৰিভাগত উৎপত্তি হোৱা ভেঁকুৰবিধৰ নাম কি?
উত্তৰঃ পাউরুটি চকলৰ উপৰিভাগত উৎপত্তি হোৱা আহঁৰ দৰে অনুসূত্রবিলাক আচলতে এবিধ ভেঁকুৰৰ প্রজাতি । এই ভেঁকুৰবিধৰ নাম হ’ল- ৰাইজ’পাচ্‌ ।

৩৩। কেইটামান অযৌন পদ্ধতিৰ নাম লিখা ।
উত্তৰঃ কেইটামান অযৌন পদ্ধতি হ’ল- দ্বিখণ্ডন বা বিভাজন (Fission), বিভংগন (Fragmentation), পুনৰ জীৱন (Regeneration), মুকুলোদ্‌গম (Budding), আংগিক বিস্তাৰণ (Vegetative Propagation), ৰেণুৰ উৎপত্তি (Spore Formation) আদি  

৩৪। দ্বিখণ্ডন বা বিভাজন (Fission), পদ্ধতিৰে বংশ বিস্তাৰ কৰা পাঁচবিধ জীৱৰ নাম লিখা ।
উত্তৰঃ দ্বিখণ্ডন বা বিভাজন (Fission), পদ্ধতিৰে বংশ বিস্তাৰ কৰা পাঁচবিধ জীৱৰ নাম হ’ল- বেক্টেৰীয়া, আদ্যপ্রাণী, লেইচ্‌মেনিয়া, প্লাজম’ডিয়াম আরু ইষ্ট ।

৩৫। বিভংগন (Fragmentation) পদ্ধতিৰে বংশ বিস্তাৰ কৰা এবিধ জীৱৰ নাম লিখা ।
উত্তৰঃ বিভংগন (Fragmentation) পদ্ধতিৰে বংশ বিস্তাৰ কৰা এবিধ জীৱ হ’ল- সৰ্পিল শেলাই (Spirogyra)

৩৬। পুনৰ জীৱন (Regeneration) পদ্ধতিৰে বংশ বিস্তাৰ কৰা দুবিধ জীৱৰ নাম লিখা ।
উত্তৰঃ নৰ জীৱন (Regeneration) পদ্ধতিৰে বংশ বিস্তাৰ কৰা দুবিধ জীৱৰ নাম হ’ল- হাইড্রা (Hydra) আরু প্লেনেৰিয়া (Planaria)

৩৭। মুকুলোদ্‌গম (Budding) পদ্ধতিৰে বংশ বিস্তাৰ কৰা এবিধ জীৱৰ নাম লিখা ।
উত্তৰঃ মুকুলোদ্‌গম (Budding), পদ্ধতিৰে বংশ বিস্তাৰ কৰা এবিধ জীৱ হ’ল- হাইড্রা (Hydra)

৩৮।  আংগিক বিস্তাৰণ (Vegetative Propagation) পদ্ধতিৰে বংশ বিস্তাৰ কৰা পাঁচবিধ উদ্ভিদৰ নাম লিখা ।
উত্তৰঃ আংগিক বিস্তাৰণ (Vegetative Propagation) পদ্ধতিৰে বংশ বিস্তাৰ কৰা পাঁচবিধ উদ্ভিদৰ নাম- কুঁহিয়াৰ, গোলাপ, তগৰ, কল আরু আনাৰস ।

৩৯। ৰেণুৰ উৎপত্তি (Spore Formation)  পদ্ধতিৰে বংশ বিস্তাৰ কৰা এবিধ উদ্ভিদৰ নাম লিখা ।
উত্তৰঃ ৰেণুৰ উৎপত্তি (Spore Formation)  পদ্ধতিৰে বংশ বিস্তাৰ কৰা এবিধ উদ্ভিদৰ নাম হ’ল- ৰাইজ’পাচ্‌ (Rhizopus)



৪৭কিয় জীৱসমূহৰ বা কূলৰ মাজত বৈসাদৃশ্যতা প্রভাৱ পৰে ?
উত্তৰঃ এক কোষৰ পৰা দুটা অপত্য কোষৰ উৎপন্ন হোৱা প্রক্রিয়াত ডি. এন. এ. (DNA) আরু কোষ অংগাণুসমূহৰ প্রতিলিপিকৰণ সংঘটিত হয় । কিন্তু, ডি. এন. এ. (DNA) প্রতিলিপিকৰণ অপত্য ডি.এন.এ. ডাল সাইলাখ একে নহয় । এই আঁসোৱাহ পূৰ্ণতাৰ বাবে জীৱসমূহৰ বা জীৱকূলৰ মাজত কিছুমান বৈসাদৃশ্যতাৰ প্রভাৱ পৰেযৌন প্রজননৰ জৰিয়তে জীৱৰ সৃষ্টি হ’লে এনেধৰণৰ বৈশিষ্ট্য অধিক পৰিমাণে পৰিলক্ষিত হয় ।

৪৮DNA ৰ প্রতিলিপিকৰণ নিখুঁতভাৱে নহ’লে কি হয় ?
উত্তৰঃ  DNA ৰ প্রতিলিপিকৰণ নিখুঁতভাৱে নহ’লে-
(ক) নতুন প্রজন্মৰ মাজত কিছু ধীৰ গতিত বৈসাদৃশ্যৰ সৃষ্টি হয় ।
(খ)লগতে, সৃষ্টি হোৱা অপত্য  ডি. এন. এ. বোৰে কোষৰ বিপাকীয় কাৰ্যসমূহ সঠিক ধৰণে সাধন কৰিব নোৱাৰে আরু ইয়াৰ ফলস্বরূপে, কোষটোৰ মৃত্যু হয় ।

৪৯প্রতিলিপিকৰণত DNA ৰ প্রভাৱ কি?
অথবাঃ কেতিয়া যৌন প্রজনন প্রক্রিয়াত কোষৰ মৃত্যু ঘটে ?
উত্তৰঃ এক কোষৰ পৰা দুটা অপত্য কোষৰ উৎপন্ন হোৱা প্রক্রিয়াত ডি. এন. এ. (DNA) আরু কোষ অংগাণুসমূহৰ প্রতিলিপিকৰণ সংঘটিত হয় । কিন্তু, ডি. এন. এ. (DNA) প্রতিলিপিকৰণ অপত্য ডি.এন.এ. ডাল সাইলাখ একে নহয় । এই আঁসোৱাহ পূৰ্ণতাৰ বাবে জীৱসমূহৰ বা জীৱকূলৰ মাজত কিছুমান বৈসাদৃশ্যতাৰ প্রভাৱ পৰেযৌন প্রজননৰ জৰিয়তে জীৱৰ সৃষ্টি হ’লে এনেধৰণৰ বৈশিষ্ট্য অধিক পৰিমাণে পৰিলক্ষিত হয় ।
    যৌন প্রজনন প্রক্রিয়াত DNA ৰ প্রতিলিপিকৰণ নিখুঁতভাৱে নহ’লে নতুন প্রজন্মৰ মাজত কিছু ধীৰ গতিত বৈসাদৃশ্যৰ সৃষ্টি হয় । লগতে, সৃষ্টি হোৱা অপত্য  ডি. এন. এ. বোৰে কোষৰ বিপাকীয় কাৰ্যসমূহ সঠিক ধৰণে সাধন কৰিব নোৱাৰে আরু ইয়াৰ ফলস্বরূপে, কোষটোৰ মৃত্যু হয় ।

৫০যৌন প্রজনন প্রক্রিয়াত বা DNA ৰ প্রতিলিপিকৰণৰ কিয় প্রত্যেকটো সংযোজনেই নতুনত্ব বিশিষ্ট হয় ?
অথবাঃ যৌন প্রজনন প্রক্রিয়াত বা DNA ৰ প্রতিলিপিকৰণ কিয় প্রত্যেকটো সংযোজনেই নতুন হয় ?
উত্তৰঃ যৌন প্রজনন প্রক্রিয়াত বা DNA ৰ প্রতিলিপিকৰণৰ কিয় প্রত্যেকটো সংযোজনেই নতুনত্ব বিশিষ্ট হয়, কাৰণ যৌন প্রজনন প্রক্রিয়াত দুটা বেলেগ বেলেগ জীৱ জড়িত আরু সংলগ্ন হৈ থাকে । লগতে, যৌন প্রজনন প্রক্রিয়াত বংশ বিস্তাৰ সাধন হ’লে দুটা বেলেগ বেলেগ জীৱৰ ডি.এন.এ.ৰ একত্রিকৰণ হয় ।

৫১যৌন প্রজনন প্রক্রিয়াৰে বংশ বিস্তাৰ হ’লে এক জটিল সমস্যাৰ সৃষ্টি কৰে? এই জটিল সমস্যাটো কি? এই জটিল সমস্যাৰ সূত্র কি?
উত্তৰঃ যৌন প্রজনন প্রক্রিয়াৰে বংশ বিস্তাৰ হ’লে এক জটিল সমস্যাৰ সৃষ্টি কৰেএই জটিল সমস্যাটো এই যে, যদি প্রত্যেক প্রজন্মতে ডি.এন.এ. ৰ পৰিমাণ দুগুণ হয়, তেনেহ’লে পৃথিৱীখনত কেৱল ডি.এন.এ ৰে উপচি পৰিব । তেতিয়া, ডি.এন.এৰ বাহিৰে কাৰো পৃথিৱীখনত স্থান নাথাকিব ।
   
    এই জটিল সমস্যাৰ সূত্র এইয়ে যে বহু বহুকোষী জীৱৰ যিবোৰ বংশক্রম ৰক্ষা কৰা কোষ থাকে সেইবোৰ ক্র’ম’জ’মৰ সংখ্যা আরু ডি.এন.এ.ৰ পৰিমাণ, আন দৈহিক কোষবোৰতকৈ অৰ্ধেক বা আধা সংখ্যক হয় ।

৫২কেনেদৰে নতুনকৈ সৃষ্টি হোৱা প্রজন্মৰ ব্যক্তি বিশেষ ক্র’ম’জ’মৰ সংখ্যা আরু ডি.এন.এ. আগৰ প্রজন্মৰ ব্যক্তি বিশেষৰ সৈতে সমভাৱে অটুট থাকে ?
উত্তৰঃ বহু বহুকোষী জীৱৰ যিবোৰ বংশক্রম ৰক্ষা কৰা কোষ থাকে সেইবোৰ ক্র’ম’জ’মৰ সংখ্যা আরু ডি.এন.এ.ৰ পৰিমাণ, আন দৈহিক কোষবোৰতকৈ অৰ্ধেক বা আধা সংখ্যক হয় । লগতে, যৌন প্রজনন প্রক্রিয়াত দুজন ব্যক্তিৰ পৰা দুটা জনন কোষৰ সংযোজন ঘটে আরু এক নতুন প্রজন্মৰ ব্যক্তিৰ সৃষ্টি কৰে  ইয়াৰ বাবে, নতুনকৈ সৃষ্টি হোৱা প্রজন্মৰ ব্যক্তি বিশেষ ক্র’ম’জ’মৰ সংখ্যা আরু ডি.এন.এ. আগৰ প্রজন্মৰ ব্যক্তি বিশেষৰ সৈতে সমভাৱে অটুট থাকে ।  

৫৩জননকোষৰ আকাৰৰ পাৰ্থক্যতা সম্পৰ্কে লিখা ।
অথবাঃ জননকোষ সাধাৰণতে কেইপ্রকাৰৰ আরু কি কি?
উত্তৰঃ জননকোষ সাধাৰণতে দুইপ্রকাৰৰজননকোষবিলাকৰ ভিতৰত এটা ডাঙৰ হয় আরু ইয়াত যাবতীয় শক্তি নিহিত থাকে । আনটো আকাৰত সরু হয় আরু ই চলমান বিশিষ্ট হয় । চলমান জনন কোষবোৰক পুংজনন কোষ বোলা হয় । আনহাতে, খাদ্য সঞ্চিত কৰি ৰখা জনন কোষটোক স্ত্রীজনন কোষ বোলে ।

৫৪গুপ্তবীজী বা সপুষ্পক উদ্ভিদৰ প্রজনন অংগবোৰ ক’ত অৱস্থিত ?
উত্তৰঃ গুপ্তবীজী বা সপুষ্পক উদ্ভিদৰ প্রজনন অংগবোৰ ফুলপাহত অৱস্থিত ।

৫৫ফুলৰ জননকোষবোৰ ক’ত থাকে ?
উত্তৰঃ পুংকেশৰ আরু স্ত্রীকেশৰেই হ’ল প্রজনন অংগ আরু ইয়াতে জননকোষবোৰ থাকে ।

৫৬সপুষ্পক উদ্ভিদৰ যৌন প্রজনন অংগকেইটা লিখা ।
উত্তৰঃ সপুষ্পক উদ্ভিদৰ যৌন প্রজনন অংগকেইটা হ’ল-
(ক) পুংকেশৰ আরু (খ) স্ত্রীকেশৰ

৫৭একংলিগী আরু উভয়লংগী বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ যিবোৰ ফুলে কেৱল পুংকেশৰ অথবা স্ত্রীকেশৰ বহন কৰে, সেইবোৰক একংলিগী, উদাহৰণ- তৰমুজ, অমিতা আদি, আরু যিবোৰ ফুলত পুংকেশৰ অথবা স্ত্রীকেশৰ দুয়ুটা অংগ থাকে বা বহন কৰে, সেইবোৰক উভয়লিংগী বোলা হয়, উদাহৰণ-সৰিয়হ, জবা আদি ।

৫৮ ফুলৰ কোনবোৰ পুংজনন অংগ ? ইয়াত কি সৃষ্টি হয় ?
অথবাঃ পৰাগ ৰেণুৰ উৎপত্তি ক’ত হয়? ইয়াৰ বৰণ কি?
উত্তৰঃ ফুলৰ পুংকেশৰবোৰেই হ’ল- পুংজনন অংগ । ইয়াত, পৰাগ ৰেণুৰ উৎপত্তি হয় । পৰাগ ৰেণুবোৰ সাধাৰণতে হালধীয়া বৰণৰ হয় । ফুলৰ পৰাগ ৰেণু স্পৰ্শ কৰিলে হালধীয়া বৰণৰ পৰাগ ৰেণু হাতত লাগি আহে ।

৫৯ ফুলৰ স্ত্রীপ্রজনন অংগ কি? ই ক’ত অৱস্থিত ? ইয়াৰ প্রধান অংশ কেইটা আরু কি কি?
অথবাঃ ফুলৰ স্ত্রীপ্রজনন অংগকেইটা লিখা । 
উত্তৰঃ ফুলৰ স্ত্রীকেশৰবোৰেই হ’ল- স্ত্রীপ্রজনন অংগ । ই ফুলৰ কেন্দ্রীয় স্থানত অৱস্থিত ।
ইয়াৰ প্রধান অংশ তিনিটা । ফুলৰ তলৰ উখহা শকত অংশটোক গৰ্ভাশয় (Ovary), মাজৰ দীঘলীয়া অংশটোক গৰ্ভদণ্ড (Style) আরু ওপৰত থকা আঠালতীয়া উগ্র অংশটোক গৰ্ভমুণ্ড (Stigma) বোলে । 

৬০ডিম্বকবোৰ ক’ত থাকে ?
উত্তৰঃ ডিম্বকবোৰত গৰ্ভাশয়ত থাকে ।

৬১পুংজনন কোষবোৰ ক’ত উৎপন্ন হয় ?
উত্তৰঃ পুংজনন কোষবোৰ (Male Gamete) পৰাগ ৰেণুৰ ভিতৰত উৎপন্ন হয় ।

৬২ যোজন কোষ কাক বোলে ?
অথবাঃ যোজন কোষৰ কেনেদৰে সৃষ্টি হয় ?
উত্তৰঃ পৰাগ ৰেণুৰ ভিতৰত পুং জনন কোষবোৰ উৎপন্ন হয় । লগতে, স্ত্রীজনন কোষ বা ডিম্ব ডিম্বকৰ ভিতৰত অৱস্থিত হয় । যেতিয়া, পুংজনন কোষবোৰ স্ত্রীজনন কোষ বা ডিম্বকৰ সৈতে মিলন বা যোজন হয় তেতিয়া এক নতুন কোষৰ সৃষ্টি হয় । এই কোষটোক যোজন কোষ বোলে । 

৬৩উদ্ভিদৰ নিষেচন কাক বোলে ?
উত্তৰঃ পৰাগ ৰেণুৰ ভিতৰত পুং জনন কোষবোৰ উৎপন্ন হয় । লগতে, স্ত্রীজনন কোষ বা ডিম্ব ডিম্বকৰ ভিতৰত অৱস্থিত হয় । যেতিয়া, পুংজনন কোষবোৰ স্ত্রীজনন কোষ বা ডিম্বকৰ সৈতে মিলন বা যোজন হয় । ইয়াকে, উদ্ভিদৰ নিষেচন বোলে ।

৬৪স্ব-পৰাগযোগ আরু ইতৰ পৰাযোগ কাক বোলে ?
উত্তৰঃ পৰাগ ৰেণুৰ ভিতৰত পুং জনন কোষবোৰ উৎপন্ন হয় । লগতে, স্ত্রীজনন কোষ বা ডিম্ব ডিম্বকৰ ভিতৰত অৱস্থিত হয় । যেতিয়া, পুংজনন কোষবোৰ স্ত্রীজনন কোষ বা ডিম্বকৰ সৈতে মিলন বা যোজন হয় অৰ্থাৎ নিষেচন হয়, তেতিয়া বতাহ, পানী, প্রাণী বা আন কিছুমান কাৰকৰ প্রভাৱত পুংকেশৰৰ পৰা পৰাগ ৰেণু স্ত্রীকোষৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হয় । এই স্থানান্তৰণ প্রক্রিয়া একেপাহ ফুলতে সংঘটিত হ’লে, ইয়াক স্ব-পৰাগযোগ (Self Pollination) বোলে ।
 অন্যথা, এই স্থানান্তৰণ প্রক্রিয়াত, এপাহ ফুলৰ পৰাগ ৰেণু আন এক ফুলৰ স্ত্রীকেশৰৰ গৰ্ভমুণ্ডত পৰিলে বা নিষেচন হ’লে, ইয়াক ইতৰ পৰাগযোগ (Cross Pollination) বোলে ।  

৬৫পৰাগ ৰেণু স্থানান্তৰণ প্রক্রিয়াত বা নিষেচন প্রক্রিয়াত সহায় কৰা তিনিটা কাৰকৰ নাম লিখা ।
উত্তৰঃ পৰাগ ৰেণু স্থানান্তৰণ প্রক্রিয়াত বা নিষেচন প্রক্রিয়াত সহায় কৰা তিনিটা কাৰকৰ নাম হ’ল- বতাহ, পানী আরু প্রাণী ।

৬৬বীজৰ অংকুৰণ (Seed Germination) কাক বোলে ?
উত্তৰঃ বীজৰ ভিতৰত যিটো ভ্রূণ থাকে সেই ভ্রূণটোতে ভৱিষ্যতৰ উদ্ভিদজোপা গঠন হ’ব পৰাকৈ গুণ থাকে । এই ভ্রূণৰ পৰাই, উপযুক্ত এক পৰিৱেশ প্রাপ্ত হ’লে ভ্রূণটো অংকুৰিত হয় আরু এজোপা নতুন গছৰ সৃষ্টি হয় । ইয়াক বীজৰ অংকুৰণ (Seed Germination) বোলে । 

৬৭। কেনেকৈ উদ্ভিদৰ ফুল, ফল আরু নতুন উদ্ভিদৰ কেনেদৰে সৃষ্টি হয় ?
অথবাঃ সপুষ্পক উদ্ভিদৰ যৌন প্রজনন কেনেদৰে সম্পাদন হয় ?
উত্তৰঃ পৰাগ ৰেণুৰ ভিতৰত পুং জনন কোষবোৰ উৎপন্ন হয় । লগতে, স্ত্রীজনন কোষ বা ডিম্ব ডিম্বকৰ ভিতৰত অৱস্থিত হয় । যেতিয়া, পুংজনন কোষবোৰ স্ত্রীজনন কোষ বা ডিম্বকৰ সৈতে মিলন বা যোজন হয় অৰ্থাৎ নিষেচন হয়, তেতিয়া বতাহ, পানী, প্রাণী বা আন কিছুমান কাৰকৰ প্রভাৱত পুংকেশৰৰ পৰা পৰাগ ৰেণু স্ত্রীকোষৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হয় ।
 নিষেচনৰ পাছত, ডিম্বকটোৰ যোজন কোষটো কেইবাবাৰো বিভাজন ঘটে আরু ভ্রূণৰ উৎপন্ন হয় । ভ্রূণ সৃষ্টিৰ লগে লগে ডিম্বকৰ চাৰিওফালে এক ডাঠ আৱৰণৰ সৃষ্টি হয় যি পাছত বীজ (Seed) লৈ সলনি হয় । সমসাময়িকভাৱে, গৰ্ভাশয়টো বৃদ্ধি আরু বিকাশ হৈ এক পূৰঠ ফল (Fruit) লৈ পৰিৱৰ্তন হয় । এই অৱস্থাত, বেটুপাত, পাহি, পুংকেশৰ, গৰ্ভদণ্ড আরু গৰ্ভমুণ্ডবোৰ শুকাই সৰি পৰে
বীজৰ ভিতৰত যিটো ভ্রূণ থাকে সেই ভ্রূণটোতে ভৱিষ্যতৰ উদ্ভিদজোপা গঠন হ’ব পৰাকৈ গুণ থাকে । এই ভ্রূণৰ পৰাই, উপযুক্ত এক পৰিৱেশ প্রাপ্ত হ’লে ভ্রূণটো অংকুৰিত হয় আরু এজোপা নতুন গছৰ সৃষ্টি হয় । ইয়াক বীজৰ অংকুৰণ (Seed Germination) বোলে । 

৬৮। মুখত শালমইনা কিয় হয় ?
উত্তৰঃ কৈশোৰ কালত মুখৰ ছালখন তেলেতীয়া হয় । ইয়াৰ ফলত, শালমইনা (Pimples) হয় ।

৬৯। কৈশোৰ কালত ঘটা বিভিন্ন পৰিৱৰ্তনবোৰ লিখা ।
অথবাঃ যৌৱনকাল বা কন্যাকাল (Puberty)ত হোৱা বিভিন্ন পৰিঘটনাবোৰ লিখা ।
উত্তৰঃ কৈশোৰ কালত বা যৌৱনকাল বা কন্যাকাল (Puberty)ত বিভিন্ন পৰিৱৰ্তনবোৰ বা বিভিন্ন পৰিঘটনাবোৰ সংঘটিত হয় । এইসমূহ হ’ল-
(ক) কাষলতি, কৰঙন আরু যৌনাংগৰ কাষত কিছুমান চুলি গঁজে আরু ক’লা বৰণৰ হয়
(খ)ভৰি আরু হাতত পাতল নোম গঁজে ।
(গ) মুখৰ ছাল তেলেতিয়া হয় আরু ইয়াৰ বাবে মুখত শালমইনা হয় ।
(ঘ) ল’ৰাৰ দাড়ি গঁজা আৰম্ভ হয়, মাত গলগলীয়া হয়, লিংগটো ডাঙৰ হয় আরু কোনো কোনো সময়ত থিয়-টান হয় ।
(ঙ) ছোৱালীৰ স্তন যুগলৰ আকাৰ বৃদ্ধি হয় আরু স্তনাগ্রৰ ছালখন ক’লা হয় ।
(চ)লগতে, ছোৱালীবোৰৰ ডিম্বকোষৰ পৰিপক্ক বা পূৰ্ণতা লাভ কৰে আরু ঋতুচক্র আৰম্ভ হয় । 

৭০। যৌৱনকাল বা কন্যাকাল (Puberty) কাক বোলে?
উত্তৰঃ কৈশোৰ কালৰ এক সময়ছোৱাত ল’ৰা আরু ছোৱালীৰ দুয়ুৰে প্রজনন অংগ আরু কলাবোৰৰ পূৰ্ণতা প্রাপ্ত হয় । ল’ৰাৰ ক্ষেত্রত এই সময়ছোৱাত লিং ডাঙৰ হয় আরু শুক্রাণু গঠন হবলৈ ধৰেছোৱালীবোৰৰ ক্ষেত্রত স্তন যুগলৰ আকাৰ বৃদ্ধি হয়, ডিম্বকোষৰ পৰিপক্ক বা পূৰ্ণতা লাভ কৰে আরু ঋতুচক্র আৰম্ভ হয় । কৈশোৰ কালৰ এই সময়ছোৱাক যৌৱনকাল বা কন্যাকাল (Puberty) বোলে ।

৭১। কি কি অংগক লৈ স্ত্রী-জনন তন্ত্রটো গঠিত হৈছে ?
উত্তৰঃ স্ত্রী-জনন তন্ত্রটো যোনি, গ্রীবা, জৰায়ু/গৰ্ভাশয়, ডিম্বাশয়, ডিম্ববাহী নলী বা ফেল’পিয়ান নলী আদিৰে গঠিত ।

৭২। কি কি অংগক লৈ পুংজনন তন্ত্রটো গঠিত হৈছে ?
উত্তৰঃ জনন কোষ সৃষ্টি কৰা অংগ আরু জননকোষসমূহক নিষেচন ক্ষেত্রলৈ স্থানান্তৰিত কৰা অংগবোৰক লৈ পুংজন্ন তন্ত্রটো গঠন হয় । ইয়াৰ ভিতৰত, শুক্রাধাৰ, শুক্রবাহী নলী, শুক্রথলী, শুক্রাশয়, মূত্রবাহী নলী, মূত্রাশয়, প্রষ্টেট গ্রন্থি, লিংগ আরু মূত্রনলীৰে পুংজনন তন্ত্রটো গঠিত হৈছে । 
৭৩। ক’ত শুক্রাণু (Sparm) গঠন হয় ?
উত্তৰঃ শুক্রাণু (Sparm) পুংজনন কোষত গঠন হয় ।
৭৪। শুক্রাশয়যোৰ ক’ত অৱস্থিত ?
উত্তৰঃ শুক্রাশয়যোৰ পুরুষৰ উদরাংশৰ পশ্চ্যাৎ অংশত অৱস্থিত । উদৰ ভাগৰ পৰা নামি আহি দেহৰ বাহিৰত থকা এক শুক্রাশয় থলীত (Scrotum) শুক্রাশয়যোৰ অৱস্থান কৰে 
৭৫। কিয় পুরুষৰ শুক্রাশয়যোৰ শৰীৰৰ বাহিৰত অৱস্থান কৰে ?
উত্তৰঃ পুরুষৰ শুক্রাশয়যোৰ শৰীৰৰ বাহিৰত অৱস্থান কৰেকাৰণ, শুক্রাণু গঠন হবলৈ শৰীৰৰ সাধাৰণ উষ্ণতাতকৈ কম উষ্ণতাৰ প্রয়োজন হয় ।
৭৬। কোনবিধ হৰম’নে শুক্রাণু গঠনত সহায় কৰে আরু ল’ৰাৰ যৌৱন কালত বিভিন্ন পৰিৱৰ্তন আনে ?
উত্তৰঃ টেষ্ট’ষ্টেৰন (Testosterone) হৰম’নে শুক্রাণু গঠনত সহায় কৰে আরু ল’ৰাৰ যৌৱন কালত বিভিন্ন পৰিৱৰ্তন আনে ।
৭৭। শুক্রাণুবোৰ ক’ত উৎপন্ন হয় আরু কোন ডাল নলীয়ে বহন কৰে ?
উত্তৰঃ শুক্রাশয়ত শুক্রাণু উৎপন্ন হয় আরু শুক্রবাহী নলীয়ে (Vas deferens) ইয়াক  বহন কৰে

৭৮। পুরুষৰ মূত্রনলীডালে (Urethra) কি কি বহন কৰে?
উত্তৰঃ পুরুষৰ মূত্রনলীডালে শুক্র আরু মূত্র বহন কৰে

৭৯। কিহে শুক্রাণুৰ গতিপথত সহায় কৰে আরু পুষ্টিৰ যোগান ধৰে?
উত্তৰঃ শুক্রবাহী নলৰ ৰাস্তাত প্রষ্টেট্‌গ্রন্থি (Prostate Gland) আরু শুক্রধাৰৰ (Seminal Vesicle) পৰা নিঃসৰিত হোৱা ক্ষাৰকীয় ৰস লগ লাগি শুক্রাণুৰ গতিপথত সহায় কৰে আরু শুক্রাণুবোৰক পুষ্টিৰ যোগান ধৰে

৮০। শুক্রাণু কি?
উত্তৰঃ শুক্রাণু হ’ল- এবিধ ক্ষুদ্রকোষ । ই প্রধানকৈ বংশগতি গুণবিশিষ্ট পদাৰ্থৰে গঠিত । ইয়াত বহুতো বংশগতি গুণ নিহিত থাকে । শুক্রাণুৰ এক দীঘল নেজ থাকে । ইয়াৰ বাবে, শুক্রাণু স্ত্রীজনন কোষৰ অভিমুখে গতি কৰিব পাৰে
৮১। স্ত্রীজননকোষ বা ডিম্বকোষ ক’ত উৎপন্ন হয়?
উত্তৰঃ স্ত্রীজননকোষ বা ডিম্বকোষ ডিম্বাশয়ত (Ovary) উৎপন্ন হয়

৮২। জন্মৰ সময়ত এগৰাকী ছোৱালীৰ ডিম্বাশয়ত ডিম্বকোষ থাকেনে? যদি থাকে তেনেহ’লে কেনে অৱস্থাত থাকে ? কন্যাকাল হোৱাৰ লগে লগে এই ডিম্বকোষৰ কি পৰিৱৰ্তন হয় ?
উত্তৰঃ জন্মৰ সময়ত এগৰাকী ছোৱালীৰ ডিম্বাশয়ত অসংখ্য ডিম্বকোষ থাকে । এই ডিম্বকোষবোৰ অপৰিপক্ক অৱস্থাত থাকে । কন্যাকাল হোৱাৰ লগে লগে এই ডিম্বকোষৰ কিছুমান ডিম্বকোষে পূৰ্ণতা প্রাপ্তি হয় । ডিম্বাশয়যোৰৰ যিকোনো এটা ডিম্বাশয়ত প্রতি মাহত একোটাকৈ ডিম্বকোষৰ পূৰ্ণতা প্রাপ্তি লাভ কৰেএই পূৰ্ণতা প্রাপ্তি হোৱা ডিম্বকোষ ডিম্বনলী বা ফেল’পিয়ান টিউবৰ মাজেৰে আহি গৰ্ভাশয়ত থিতাপি লয় ।
৮৩। জৰায়ু (Uterus)/গৰ্ভাশয় কাক বোলে ? জৰায়ুৰ অংশকেইটা আরু কি কি? জৰায়ুৰ গঠন সম্পৰ্কে লিখা ।
উত্তৰঃ ছোৱালী বা মহিলাৰ ডিম্ব নলী দুডাল একলগ হৈ ডাঠ পেশী বহুল মোনা সদৃশ এক অংগৰ সৃষ্টি কৰেইয়াকে জৰায়ু (Uterus) /গৰ্ভাশয় বোলে ।
    জৰায়ুৰ দুটা অংশ থাকে । এটা হ’ল- জৰায়ুৰ দেহ আরু জৰায়ুৰ গ্রীবা (Cervix)
    জৰায়ুৰ দুই পাৰ্শ্বীয় কোণ দুটাত দুইকাষৰ পৰা আহি ডিম্ববাহী নলী দুডাল প্রবেশ কৰে আরু গ্রীবা অংশ তলৰফালে যোনি (Vagina) পথত মুকলি হয় ।

৮৪এটি শিশুৰ কেনেদৰে জন্ম হয়?
অথবাঃ এটি নতুন শিশুৰ কেনেদৰে সৃষ্টি, বিকাশ আরু বৃদ্ধি হয় ?
উত্তৰঃ সংগমৰ সময়ত শুক্রকোষ যোনি পথেদি সোমাই যায় আরু উৰ্ধমুখী গতিৰে ডিম্ববাহী নলীত থিতাপি লয় । ডিম্ববাহী নলীতে ডিম্বকোষ আরু শুক্রকোষৰ মিলন ঘটে আরু এই মিলনৰ ফলত ডিম্বকোষটো নিষেচিত হয় আরু যোজন কোষৰ (Zygote) ৰ সৃষ্টি হয় । এই যোজন কোষটো ডিম্বনলীৰ পৰা জৰায়ুলৈ/গৰ্ভাশয়লৈ যায় আরু তাতে থিতাপি লয় । জৰায়ুতে/গৰ্ভাশয়তে যোজন কোষটোৰ ভেদন, বৰ্দ্ধন আরু পোষণ হয় ।
     গৰ্ভাৱস্থাত ভ্রূণটো গৰ্ভাশয়ৰ অন্তঃআচ্ছাদনৰ সৈতে এক বিশেষ কলাৰ দ্বাৰা বান্ধ খাই, যাক অমৰা বা প্লেচেণ্টা বোলা হয় । ভ্রূণটোৱে অমৰা বা প্লেচেণ্টাৰ যোগেদি মাতৃদেহৰ তেজৰ মাধ্যমেৰে পুষ্টি লাভ কৰেগৰ্ভাশয়ৰ অন্তঃআচ্ছাদানখনৰ ফালে কিছুমান ৰক্ত জালিকা থাকে । ইয়াৰ সহায়েৰে, মাতৃদেহৰ পৰা গ্লুক’জ আরু অক্সিজেন ভ্রূণটোলৈ সৰবৰাহ হয় আরু লাভ কৰেলগতে, এই অমৰা বা প্লেচেণ্টাৰ জৰিয়তে ভ্রূণটোৱে সৃষ্টি কৰা ৰেচন পদাৰ্থসমূহ মাতৃদেহত এৰি দিয়ে ।      
    প্রায় ন মাহ মানৰ পিছত মাতৃদেহত ভ্রূণটোৱে সম্পূৰ্ণতা প্রাপ্ত হয় আরু শিশুটোৱে পূৰ্ণতা প্রাপ্ত হয় । এই সময় ছোৱাতে, গৰ্ভাশয়ৰ পেশীৰ এক নিৰ্দিষ্ট লয়ৰ সংকোচনৰ ফলত শিশুটোৰ জন্ম হয় ।   

৮৫কেনেকৈ এক যোজন কোষৰ (Zygote) ৰ সৃষ্টি হয় ?
উত্তৰঃ সংগমৰ সময়ত শুক্রকোষ যোনি পথেদি সোমাই যায় আরু উৰ্ধমুখী গতিৰে ডিম্ববাহী নলীত থিতাপি লয় । ডিম্ববাহী নলীতে ডিম্বকোষ আরু শুক্রকোষৰ মিলন ঘটে আরু এই মিলনৰ ফলত ডিম্বকোষটো নিষেচিত হয় আরু যোজন কোষৰ (Zygote) ৰ সৃষ্টি হয় ।

৮৬প্রতি মাহতে এগৰাকী মহিলা বা ছোৱালীৰ ডিম্বাশয় আরু গৰ্ভাশয়ে কি কৰে ?
উত্তৰঃ প্রতি মাহতে এগৰাকী মহিলা বা ছোৱালীৰ ডিম্বাশয়ে এটাকৈ ডিম্বকোষ সৃষ্টি কৰেলগতে, গৰ্ভাশয়ে একোটা ভ্রূণ বৃদ্ধি আরু বৰ্ধন হ’ব পৰাকৈ প্রস্তুত হয় ।

৮৭গৰ্ভাৱস্থাত ভ্রূণটো কেনেদৰে ডাঙৰ-দীঘল হয় বা বৃদ্ধি আরু বিকাশ হয়?
অথবাঃ মাতৃদেহৰ ভ্রূণটোৱে কেনেদৰে পুষ্টি, গ্লুক’জ আরু অক্সিজেন লাভ কৰে ?
অথবাঃ মাতৃদেহৰ ভ্রূণটোৱে সৃষ্টি কৰা ৰেচন পদাৰ্থসমূহ কেনেদৰে বাহিৰলৈ ওলাই বা বাহিৰ কৰা হয় ?
অথবাঃ অমৰা বা প্লেচেন্টা কাক বোলে ? ই ক’ত থাকে? ইয়াৰ কাম কি বা ই কিদৰে ভ্রূণটোক সহায় কৰে ?
উত্তৰঃ গৰ্ভাৱস্থাত ভ্রূণটো গৰ্ভাশয়ৰ অন্তঃআচ্ছাদনৰ সৈতে এক বিশেষ কলাৰ দ্বাৰা বান্ধ খাই, যাক অমৰা বা প্লেচেণ্টা বোলা হয় । ভ্রূণটোৱে অমৰা বা প্লেচেণ্টাৰ যোগেদি মাতৃদেহৰ তেজৰ মাধ্যমেৰে পুষ্টি লাভ কৰে গৰ্ভাশয়ৰ অন্তঃআচ্ছাদানখনৰ ফালে কিছুমান ৰক্ত জালিকা থাকে । ইয়াৰ সহায়েৰে, মাতৃদেহৰ পৰা গ্লুক’জ আরু অক্সিজেন ভ্রুণটোলৈ সৰবৰাহ হয় আরু লাভ কৰে লগতে, এই অমৰা বা প্লেচেণ্টাৰ জৰিয়তে ভ্রূণটোৱে সৃষ্টি কৰা ৰেচন পদাৰ্থসমূহ মাতৃদেহত এৰি দিয়ে ।      

৮৮ঋতুচক্র কাক বোলে ? এই প্রক্রিয়াটো কেতিয়া হয় আরু কিমান দিন পৰ্যন্ত চলি থাকে ?
অথবাঃ নিষেচন নহ’লে ডিম্বকোষটোৰ কি হয় ?
উত্তৰঃ ছোৱালী বা মহিলাৰ ডিম্বাশয়ে প্রতি মাহে এটাকৈ ডিম্বকোষ সৃষ্টি কৰে আরু গৰ্ভাশয়ে একোটা নিষেচিত ডিম্ব পালন কৰাৰ বাবে প্রস্তুত কৰেইয়াৰ ফলত, ডিম্বাশয়ৰ আন্তঃআচ্ছাদক কোমল আরু ডাঠ হয় । যদি শুক্রানু আরু ডিম্বানুৰ মিলন ঘটি নিষেচনৰ পৰা ভ্রূণৰ সৃষ্টি হয় তেতিয়া ডিম্বাশয়ৰ অন্তঃআচ্ছাদকখনে ভ্রূণৰ পোষণ যোগান ধৰাৰ কাৰণে সাজু হয় । কিন্তু, শুক্রানু আরু ডিম্বানুৰ মিলন নঘটিলে বা নিষেচন নহ’লে ডিম্বকোষটো আরু ডিম্বাশয়ৰ আচ্ছাদকখন ভাঙি যায় । ইয়াৰ পৰা ৰক্ত আরু শ্লেস্মা হিচাপে যোনি পথেৰে বাহিৰ হয় ইয়াকে ঋতুচক্র (MC or Menstruation Cycle) বোলে ।
    ঋতুচক্র প্রক্রিয়াটো প্রতি মাহে মাহে চলি থাকে । এই প্রক্রিয়াটো ২ ৰ পৰা ৮ দিনলৈকে চলি থাকে আরু ৰক্তৰ লগতে শ্লেস্মাবোৰ বাহিৰ হৈ থাকে ।

৮৯যৌন পূৰ্ণতা প্রাপ্তি হঠাতে হোৱা পৰিঘটনানে?
উত্তৰঃ যদিও কৈশোৰ কালত যৌনাংগবোৰৰ বৃদ্ধি আরু বিকাশ হয় । তথাপি, যৌন পূৰ্ণতা প্রাপ্তি এক হঠাতে হোৱা পৰিঘটনা নহয় । যৌনতা প্রাপ্তিৰ অৰ্থ এনে নহয় যে যৌনতা প্রাপ্তিৰ লগে লগে দেহ আরু মন যৌন ক্রিয়াত লিপ্ত হব পাৰে লগতে সন্তান জন্ম দিবৰ বাবে সুস্থ কাৰ্যক্ষম হয় । এইবোৰ ক্রিয়াৰ সুস্থিৰতা লাভ কৰিবৰ বাবে দেহ আরু মন অধিক সুস্থ, সবল আরু বয়স প্রাপ্তি হব লাগিব ।

৯০। যৌন ক্রিয়াত লিপ্ত হ’বলৈ বা সন্তান জন্ম দিবৰ বাবে কেনেদৰে হেচা আহে ?
কম বয়সত যৌন ক্রিয়া আরু বিবাহ ৰোধ কৰাৰ বাবে চৰকাৰে গ্রহণ কৰা নীতি-নিয়ম, আইন আরু ব্যৱস্থাসমূহ লিখা ।
উত্তৰঃ যৌন ক্রিয়াত লিপ্ত হ’বলৈ বন্ধু বৰ্গৰ পৰা হেঁচা আহে । লগতে, বিয়া হোৱা বা বিয়া কৰোৱা আরু সন্তান জন্ম দিয়াৰ হেঁচা পৰিয়াল বৰ্গৰ পৰা আহে । কিন্তু উপযুক্ত বয়স নোহোৱালৈকে এনে ধৰণৰ জটিলতাৰ পৰা নিজকে বচাই ৰখাতো উচিত আরু হেঁচা প্রয়োগ কৰাটো অনুচিত ।
কম বয়সত যৌন ক্রিয়া আরু বিবাহ ৰোধ কৰাৰ বাবে চৰকাৰে গ্রহণ কৰা নীতি-নিয়ম, আইন আরু ব্যৱস্থাসমূহ হ’ল-  

(A) বিবাহৰ ক্ষেত্রত আইনঃ
(ক) প্রাপ্তবয়স্ক আইন, ১৮৭৫ (The Majority Act, 1975):
 এই আইন অনুসৰি, ১৮ বছৰত ভোট দিয়াৰ অধিকাৰ, গাড়ী চলোৱাৰ অনুজ্ঞাপত্র (Driving License)  ১৬ বছৰ (Gearless vehicles) বা ১৮ বছৰ (Motor vehicles With Gear), নিচা বা আন মাদক দ্রব্য সেৱন কৰিবৰ বাবে বয়স ১৮/২১/২৩/২৫ (ৰাজ্য অনুসৰি) বছৰ, সন্তানরূপে কাৰোবাক পালন কৰাৰ বয়স ২১ (Adopt at 21), কাম কৰাৰ বয়স ১৪ বছৰ, ছোৱালী বিয়া হোৱা বয়স ১৮ বছৰ, ল’ৰা বিয়া কৰোৱা বয়স ২১ বছৰপাছত, ১৯৯৯ চনৰ শোধৰণি কৰি প্রায়বোৰৰ ক্ষেত্রত নূন্যতম ১৮ বছৰ ঠিক কৰিছিল । 

(খ) বাল্যবিবাহ নিয়ন্ত্রণ আইন, ১৯২৯ (The Child Marriage Restraint Act, 1929):
     ‘Sarda Act’ হিচাপে পৰিচিত আরু জনপ্রিয় এই আইনখনৰ অনুসৰি এজনী ছোৱালীৰ বিবাহৰ নূন্যতম বয়স হ’ল ১৪ বছৰ আরু ল’ৰাৰ ১৮ বছৰপাছত, এই আইনখন ১৯৭৮ চনত সংশোধন কৰি ছোৱালীৰ বয়স ১৮ বছৰলৈ আরু ল’ৰাৰ বয়স ২১ বছৰলৈ বৃদ্ধি কৰা হয় । 

(গ) বাল্যবিবাহ/শিশুবিবাহ নিষিদ্ধকৰণ আইন, ২০০৬ (The Prohibition of Child Marriage Act,2006):
    এই আইন অনুসৰি বাল্য বিবাহ বা শিশুৰ বিবাহ কোনো পধ্যে মান্য নহয় । অথবা, শিশুৰ বিবাহ কোনো কাৰণত কাৰ্যকৰ নহয় বা ই আইন অমান্য হিচাপে গণ্য কৰা হয় । বাল্যবিবাহ বা শিশুৰ বিবাহ আইনসন্মত নহয়, সেয়েহে কোনোৱে ইয়াৰ চেষ্টা বা ইয়াৰ লগত জড়িত বা ইয়াৰ ঠিক কৰি দিলে বা কথা পাতিলে, কঠোৰ ২ বছৰ কাৰাদণ্ড বা ১ লাখ টকাৰ জৰিমনা নতুবা দুয়ুটা শাস্তিৰে দণ্ডিত হ’ব ।

(B) যৌন ক্রিয়াৰ ক্ষেত্রত আইনঃ

(ক) ভাৰতীয় দণ্ডবিধি, ১৮৬০ ৰ ধাৰা ৩৭৫ (Section 375, Indian Penal Code, 1860) :
    ভাৰতীয় দণ্ডবিধি, ১৮৬০ ৰ ধাৰা ৩৭৫ ৰ অনুসৰি এজনী ছোৱালীৰ যিকোনো যৌন ক্রিয়াৰ ক্ষেত্রত নূন্যতম বয়স হ’ব লাগিব ১০ বছৰএই আইনক ১৮৯১ চনত সংশোধন কৰি ১২ বছৰলৈ, ১৯২৫ চনত সংশোধনী কৰি ১৪ বছৰলৈ, ১৯৪০ চনত ১৬ বছৰলৈ আরু ২০১৩ চনত ১৮ বছৰলৈ বৃদ্ধি কৰা হয় । এই আইন অনুসৰি, যদি কোনো ১৮ বছৰৰ তলৰ ছোৱালীক যিকোনো ধৰণৰ যৌনক্রিয়াৰ বাবে লিপ্ত কৰা বা বাধ্য কৰোৱা বা হেঁচা বা ইংগিত দিয়া হয় তেনেহ’লে ‘ধৰ্ষণ’ (Rape) হিচাপে বিবেচিত হয় আরু ভাৰতীয় দণ্ডবিধি, ১৮৬০ ৰ ধাৰা ৩৭৫ ৰ অনুসাৰে জৰিমনাসহ ১ বছৰৰ পৰা ৩ বছৰলৈ কাৰাদণ্ড আরু দ্বিতীয়বাৰৰ বাবে ৩ ৰ পৰা ৭ বছৰলৈ কাৰাদণ্ড হয়যদি ছোৱালীজনীৰ মৃত্য হয় তেনেহ’লে যাৱত জীৱন কাৰাদণ্ড আরু ফাঁচীও হ’ব পাৰে

(খ) শিশুৰ বিরুদ্ধে যৌন অপৰাধ আইন আরু সুৰক্ষা, ২০১২ (POSCO Act or The Protection of Children against Sexual Offences Act, 2012):
    এই আইনখন ২০১২ চনৰ ২২ মে তাৰিখে দুয়ুখন সদনতে গৃহীত কৰা হৈছিল । এই আইন অনুসৰি, ১৮ বছৰৰ তলৰ যিকোনো শিশুৰ সৈতে যৌন নিপীড়ন, অনুপ্রবেশমূলক যৌন নিৰ্যাতন, যৌন বিক্ষোভ/উত্তেজনা আদিৰ চেষ্টা কৰিলে  ভাৰতীয় দণ্ডবিধি, ১৮৬০ ৰ ধাৰা ৩৭৫ ৰ অনুসৰি আইনমতে দণ্ডনীয় হ’ব । লগতে, এই আইনৰ অনুসৰি পৰিয়াল, সমাজ, পিতৃ-মাতৃ, আইন আদি সকলোৱে শিশুৰ যৌন অপৰাধ ৰোধ কৰা আরু যৌন ক্রিয়াৰ বিপক্ষে সুৰক্ষা দিয়াৰ দায়িত্ব আছে ।

৯১। কেইবিধমান বা তিনিবিধ বেক্টেৰীয়াৰ দ্বাৰা হ’ব পৰা যৌন ৰোগৰ নাম লিখা ।
উত্তৰঃ কেইবিধমান বা তিনিবিধ বেক্টেৰীয়াৰ দ্বাৰা হ’ব পৰা যৌন ৰোগৰ নাম হ’ল- গণ’ৰিয়া (Gonorrhea),  চিফিলিচ (Syphilis), ক্লামাইদিয়া (Chlamydia) আদি ।

৯২। কেইবিধমান বা তিনিবিধ ভাইৰাছৰ দ্বাৰা হ’ব পৰা যৌন ৰোগৰ নাম লিখা ।
উত্তৰঃ কেইবিধমান বা তিনিবিধ ভাইৰাছৰ দ্বাৰা হ’ব পৰা যৌন ৰোগৰ নাম হ’ল- এইছ আই ভি (HIV-AIDS) , হেপাটাইটিছ বি (Hapatitis B), হার্‌পছ (Herpes), এইছ পি ভি (HPV or the Human Papiloma Virus)   

৯৩। যৌন ৰোগবোৰ কেনেদৰে ৰোধ কৰিব পাৰি? এটা পৰামৰ্শ আগবঢ়োৱা ।
উত্তৰঃ গৰ্ভনিৰোধক সামগ্রী বিশেষকৈ কনডম পুংজনন অংগত পৰিধান কৰিলে যৌন ৰোগবোৰ কিছুমাণে ৰোধ কৰিব পাৰি

৯৪। এগৰাকী মহিলা গৰ্ভধাৰণ সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে তেখেতৰ _________ ওপৰত
উত্তৰঃ এগৰাকী মহিলা গৰ্ভধাৰণ সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে তেখেতৰ দৈহিক আরু মানসিক অৱস্থাৰ ওপৰত ।

৯৫। গৰ্ভধাৰণ ৰোধ কৰা কেইটামান পদ্ধতি উল্লেখ কৰা
উত্তৰঃ গৰ্ভধাৰণ ৰোধ কৰা কেইটামান পদ্ধতি উল্লেখযোগ্য পদ্ধতি হ’লঃ
(ক)কাৰিকৰি প্রতিবন্ধক (Mechanical Barrier) পদ্ধতিঃ
    গৰ্ভধাৰণ ৰোধ কৰিবৰ বাবে কাৰিকৰি প্রতিবন্ধক (Mechanical Barrier) পদ্ধতিটো ব্যৱহাৰ কৰা হয় । এই পদ্ধতিত সংগমৰ সময়ত পুরুষৰ পুংজনন অংগত (Penis) ত কনডম পিন্ধা হয় । লগতে, স্ত্রীৰ ক্ষেত্রত যোনি পথত সংস্থাপিত কৰা হয় । এনে কৰাৰ ফলত, শুক্রাণুসমূহ ডিম্বাণু কোষৰ সৈতে মিলন হ’ব নোৱাৰে আরু নিষেচন হোৱাত বাধা দিয়ে ।

(খ)ক’পাৰ-টি (Copper-T) পদ্ধতিঃ
    গৰ্ভধাৰণ ৰোধ কৰিবৰ বাবে ক’পাৰ-টি (Copper-T) পদ্ধতিটো ব্যৱহাৰ কৰা হয় । এই পদ্ধতিত, ক’পাৰ-টি ক গৰ্ভাশয়ত সংস্থাপন কৰি গৰ্ভধাৰণ স্থগিত কৰা হয় । কিন্তু, ক’পাৰ-টি য়ে গৰ্ভাশয়ৰ প্রবাহৰ কাৰণে কিছুমান পাৰ্শ্চক্রিয়াৰ সৃষ্টি কৰে

(গ)অৰেল কন্ট্রাচেপটিভ (Oral Contraceptive)  পদ্ধতিঃ
    শৰীৰত হৰম’নৰ পৰিমাণ নিয়ন্ত্রণ কৰি ডিম্বক্ষৰণ বন্ধ কৰি গৰ্ভধাৰণ ৰোধ কৰিব পাৰিএনে কৰিলে নিষেচন হ’ব নোৱাৰে । এই প্রক্রিয়াত সাধাৰণতে কিছুমান ঐষধ পিল বা বড়ি আকাৰে ব্যৱহাৰ কৰা হয় । ইয়াকে অৰেল কন্ট্রাচেপটিভ (Oral Contraceptive)  বোলে ।

(ঘ)বন্ধ্যাকৰণ (Surgical) পদ্ধতিঃ
    অবাঞ্চিত গৰ্ভধাৰণ ৰোধ কৰিবলৈ পুরুষৰ শুক্রবাহী নলী বন্ধ কৰি শুক্র সৰবৰাহ স্থগিত কৰা হয় । লগতে, স্ত্রীৰ ডিম্ববাহী নলী বন্ধ কৰি ডিম্ব গৰ্ভাশয়ত অৱস্থান কৰাটো বন্ধ কৰা হয় । এই পদ্ধতিটোকে বন্ধ্যাকৰণ বোলে ।

৯৬। গৰ্ভধাৰণ ৰোধ কৰা কাৰিকৰি প্রতিবন্ধক (Mechanical Barrier) পদ্ধতিটো লিখা । ইয়াৰ এটা অসুবিধা লিখা ।
উত্তৰঃ গৰ্ভধাৰণ ৰোধ কৰিবৰ বাবে কাৰিকৰি প্রতিবন্ধক (Mechanical Barrier) পদ্ধতিটো ব্যৱহাৰ কৰা হয় । এই পদ্ধতিত সংগমৰ সময়ত পুরুষৰ পুংজনন অংগত (Penis) ত কনডম পিন্ধা হয় । লগতে, স্ত্রীৰ ক্ষেত্রত যোনি পথত সংস্থাপিত কৰা হয় । এনে কৰাৰ ফলত, শুক্রাণুসমূহ ডিম্বাণু কোষৰ সৈতে মিলন হ’ব নোৱাৰে আরু নিষেচন হোৱাত বাধা দিয়ে ।

৯৭। গৰ্ভধাৰণ ৰোধ কৰা ক’পাৰ-টি (Copper-T) পদ্ধতিটো লিখা । ইয়াৰ এটা অসুবিধা লিখা ।
উত্তৰঃ গৰ্ভধাৰণ ৰোধ কৰিবৰ বাবে ক’পাৰ-টি (Copper-T) পদ্ধতিটো ব্যৱহাৰ কৰা হয় । এই পদ্ধতিত, ক’পাৰ-টি ক গৰ্ভাশয়ত সংস্থাপন কৰি গৰ্ভধাৰণ স্থগিত কৰা হয় ।  
    ক’পাৰ-টি (Copper-T) পদ্ধতিৰ এটা অসুবিধা হ’ল-
ক’পাৰ-টি য়ে গৰ্ভাশয়ৰ প্রবাহৰ কাৰণে কিছুমান পাৰ্শ্চক্রিয়াৰ সৃষ্টি কৰে

৯৮। অৰেল কন্ট্রাচেপটিভ (Oral Contraceptive)  কাক বোলে ?
অথবাঃ গৰ্ভধাৰণ ৰোধ কৰা অৰেল কন্ট্রাচেপটিভ পদ্ধতিটো লিখা । ইয়াৰ এটা অসুবিধা লিখা ।
অথবাঃ হৰম’নৰ পৰিমাণ নিয়ন্ত্রণ কৰি কেনেদৰে গৰ্ভধাৰণ ৰোধ কৰা হয় ?
উত্তৰঃ শৰীৰত হৰম’নৰ পৰিমাণ নিয়ন্ত্রণ কৰি ডিম্বক্ষৰণ বন্ধ কৰি গৰ্ভধাৰণ ৰোধ কৰিব পাৰিএনে কৰিলে নিষেচন হ’ব নোৱাৰে । এই প্রক্রিয়াত সাধাৰণতে কিছুমান ঐষধ পিল বা বড়ি আকাৰে ব্যৱহাৰ কৰা হয় । ইয়াকে অৰেল কন্ট্রাচেপটিভ (Oral Contraceptive)  বোলে ।
ইয়াৰ এটা অসুবিধা হ’ল- ঔষধৰ পিল বা বড়িবোৰ সেৱন কৰিলে কিছুমান পাৰ্শ্চক্রিয়া হয় ।

৯৯। গৰ্ভধাৰণ ৰোধ কৰা বন্ধ্যাকৰণ (Surgical) পদ্ধতিটো লিখা । এই পদ্ধতিৰ এটা সুবিধা আরু এটা অসুবিধা লিখা ।
উত্তৰঃ অবাঞ্চিত গৰ্ভধাৰণ ৰোধ কৰিবলৈ পুরুষৰ শুক্রবাহী নলী বন্ধ কৰি শুক্র সৰবৰাহ স্থগিত কৰা হয় লগতে, স্ত্রীৰ ডিম্ববাহী নলী বন্ধ কৰি ডিম্ব গৰ্ভাশয়ত অৱস্থান কৰাটো বন্ধ কৰা হয় । এই পদ্ধতিটোকে বন্ধ্যাকৰণ বোলে ।
বন্ধ্যাকৰণ (Surgical) পদ্ধতিৰ এটা সুবিধা হ’ল-
বন্ধ্যাকৰণ পদ্ধতিটো দীৰ্ঘম্যাদী সময়ৰ কাৰণে নিৰাপদ ।
বন্ধ্যাকৰণ (Surgical) পদ্ধতিৰ এটা অসুবিধা হ’ল-
বন্ধ্যাকৰণ পদ্ধতিটো ভালদৰে অস্ত্রোপচাৰ নহ’লে সংক্রমণ আরু আন কিছুমান সমস্যাৰ সৃষ্টি হ’ব পাৰে

১০০। কন্যা ভ্রূণ ধ্বংস কৰাতো উচিতনে?
উত্তৰঃ কন্যা ভ্রূণ ধ্বংস কৰাতো উচিত নহয়, ই এক অপৰাধ । কাৰণ, কন্যা সন্তান আরু ল’ৰা সন্তানৰ অনুপাত সমভাৱে অটুত ৰখাতো অতিকৈ প্রয়োজন । কিন্তু, কিছুমান বিবেচনাহীন মানুহে, জন্মৰ আগতেই লিংগ নিৰ্ণয় আরু কন্যা ভ্রূণ হ’লে ধ্বংস কৰি পেলায় । ই এক নিন্দনীয়, অন্যায় আরু ঘূৰ অপৰাধমূলক ।  


checking & updating.............     

Any mistake found, kindly inform by Contact Form or comments.