টকা টকা সব টকা, ভাবি
ভাবি চুলি পকা
ভয়তে, টোপনি পলাই,
Calculation-Recalculation,
Planning- Replanning
ভাবোতে দেহা শুকাই ।
পেটত ভোগ নাই, পকেটত গৰম
ভাই
বিচনাৰ গাদি হয় টকা,
উঠোতে-বহোতে,
খাওঁতে-শুওঁতে
দেখে মাথো টকা-ছকা-মকা ।
হায়-হায়, হায়-হায়, বুকু
কপে হায়-ফায়
আৰু টকা আহে কোনফালে,
ধিচেওঁ-ধিচেওঁ-চেওঁ,
বন্দুকৰ শব্দ শুনিওঁ
পলায় মাথো টকাৰ ফালে ।
কিছুমান মালিক ভাই, পকেটত
টকা নাই
মাথো আছে ATM ভৰি,
চাইকেল চলাই যায়, আছে বলেৰু হায়,
চৌকাত মাথো জেং-খৰি ।
দেখি শান্ত-সুষ্ট, ভিতৰি
মহা-দুষ্ট
দুৰ্নীতি কৰে মনে মনে,
সমাজৰ আগশাৰী, মুখত
আল্লা-হৰি
কমিছন বাঢ়ে ঘনে ঘনে ।
এছাম মালিক আছে, অহংকাৰে
ঘনে নাছে,
তেওঁৰ সমান WORLD
ত নাই,
সৱফালে হাই-ফাই, ফুতনি কৰোতেই
যায়,
বাস্তৱত ফুটুকা ফেনাই ।
মিছা মিছা সব মিছা, খাই বস্তু গেলা-পচা,
সত্যই সুৰুঙা নাপায়,
টকা লুটে যাৰে-তাৰে, Expire কামী হাড়ে
অলপতে মাগিব বিদায় ।
সঁচাকে যদি টকা আছে, বাকছৰ
খাচে-খাচে
দিয়া দুখীয়া-দৰিদ্র জনক,
তেওঁলোকৰ খাবলৈ নাই, মাথো
নিমখ ভাত খাই
যাক, দুখে বেৰে প্রতিটো ক্ষণক ।
কিছুমানৰ বিষয়ে হাই, ভাবিলে
অশ্রু উলাই
হাজিৰা কৰে অনাহাৰে,
যদিও সপোন ভাঁহে, পলকতে
শূণ্য আহে
টকা নাই, আগুৱাই কিদৰে ।
কিছুমানে খুজে-মাগে,
নাপায়েই টকা ছাগে,
কেনেকৈ চলিব সেই পংঙ্গু মানৱে,
কোনে চাব তেওঁৰ জীৱন,
দুখে ভৰে প্রতিক্ষণ
বুজিবনে ধনীলোক সৱে ।
কিছুমানৰ ঘৰ নাই, কেনেকৈ
থাকিব জীয়াই
ৰাস্তা, ষ্টেচন আদিয়ে হয় ঘৰ,
ধনীৰ দানলৱ, অঘৰীৰ নহয়
লাঘৱ
দেহত বিন্ধে মৃত্যৰ শৰ ।
গোটেই দিনটো, টকাৰ নাই
কনটো
পেলনীয়া জাৱৰ-জোঁথৰে হয় টকা,
প্রতি দমে দমে, দেহত কষ্টৰ
ঘামে
কেনেকৈ জীয়াৱ পিতা-আজু-ককা ।
বেমাৰ এক আগমণে, স্বৰ্গ
আহে সুৱৰণে
নিশ্চিত মৃত্যুৰ এই বাৰ্তা,
টকাই নাই হাতত, প্রৱেশ
নিষেধ হস্পিতেলত
ৰক্ষা কৰা হে বিধি দাতা ।
আমি কি কৰিম, আমিও এদিন মৰিম
টকায়েই সলনি কৰিবনে ক্ষণ?
চৰকাৰে আঁচনি ল’লে, মানুহ
বুলি সামৰিলে
সলনি হ’ব দুখীয়াৰ দুখৰ জীৱন।
----------X-------------