“ভিক্ষাৰী”
-পদ্মেশ্বৰ বৰা
তাৰিখ- ০২-১২-২০১৫
এজন মানুহ, কোন এওঁ?
ক’ৰ পৰা আহিছে, কিনো কৰিছে,
কথাত যেন লেওঁ-সেওঁ
কোন বাৰু এওঁ?
হাতত এটি মোনা, তেনেই আধৰুৱা
ককালৰ জোৰা লৰা,
দুখুজ গলেই যেন, খহি পৰিব
যেন লাগে
কামী হাড় কেযোৰা ।
চকুৰে নেদেখে, ভালদৰে কাণেৰেও
নুশুনে তেওঁ
তথাপি, আগুৱাই যায় আৰু যায়......
মৰণৰ বেলালৈ, অপেক্ষা কৰিছে
কোনোৱে যেন সোধোতা নাই ।
ইজনৰ কাষলৈ যায়, সিজনৰ
কাষলৈ যায়
কিবা এটা পোৱাতে হায়,
চুইত-টাইত কৰা ভদ্রসকলে,
কিয় বাৰু নাভাবে
যেন, আমাৰ মানুহৰ প্রজাতিৰে
ভাই ।
হ’ব পাৰে তেওঁ মাৰ বয়সীয়াল,
বা
দেউতাৰ বয়সীয়াও হ’ব পাৰে,
হ’ব নোৱাৰে জানো ককা বা
আমাৰ নিজৰ আইতাৰ দৰে ?
মানুহৰ কাষলৈ যায়, কিবা এটা
সহায় বিচাৰি
কিয় বাৰেপতি আষা হেরুৱাই?
দিনৰ দিনতো খুজি-মাগি ফুৰোতেওঁ
ফুটা কৰিওঁযে নাপায় ।
পেটৰ জালাতে অন্তৰে
কান্দিছে
হিয়াখন শুকাই যায়,
কলিজাই মাথো, চিঞৰি ঘনেপতি
কান্দিছে
পঞ্চ ইন্দ্রিয়ৰ খবৰেই নাই ।
নিদ্রামতি দেৱীয়ে ওচুপি
কান্দিছে
মোৰ যে অৱস্থা নাই,
ভোকৰ জালাতে, অন্তৰ শুকাইছে
কেনেদৰে যাওঁ আগুৱাই ।
দেহাই নকলেওঁ, শৰীৰৰ সমস্ত
শক্তি গোটাই
মাত এষাৰি উলিয়াই,
“হে মোৰ দেউতা, হে মোৰ আই
কিবা এটি দি যোৱা, হে মোৰ মৰমৰ
ককাই ।”
“নালাগে হাজাৰ টকা, নিবিছাৰো
শ টকা
মাথো মোক যি পাৰা দিয়া,
খোচোৰা নাই বুলি, অন্তৰত
মোক আঘাত দি
মোক দেখি, কিয় বাৰু মুখ কোচোৱা ?”
“ভাগরুৱা দেহাটি জিৰণী
ল’বলৈ
নাই যে এটি মোৰ ঘৰ,
ৰেলৱে ষ্টেচন, ৰাস্তা আৰু মাটিৰ কোলাতে
শুই থাকো ৰাতি ভৰ ।”
“দাহ-মহে কামুৰি থাকিলেওঁ,
একো নহয় দেহাত মোৰ
সকলো মোৰ অভ্যাস হৈ যায়,
গৰম আরু ঠাণ্ডাই মোক
দেখিলেই
তৎকালীন যে পলাই ।”
“জীৱনৰ শেষ সন্ধ্যাত, চৰণ
চিন্তিছো প্রভু
দিয়া মোক বাট দেখুৱাই,
তুমিয়ে মোৰ বিধি-দাতা, আই আৰু দেউতা
তোমাৰ কাষলৈ মোক অতি
শুনকালে, নিয়া আগুৱাই ।”
ধন্যবাদেৰে
পদ্মেশ্বৰ
(এই কবিতাটিৰ জৰিয়তে এখন দুখলগা, মৰ্মাহত আৰু হৃদয় কপি যোৱা ভিক্ষাৰীসকলৰ অৱস্থাৰ বিষয়ে আৰু তাৰ প্রতিযে প্রায়, কোনো মানুহৰ ভ্রূক্ষেপ প্রকাশ নকৰে আৰু সহানুভূতিৰ লগতে সহাৰি নজনায়, তাৰে এক বেদনাদায়ক চিত্র
দাঙি ধৰাৰ চেষ্টা কৰা হৈছে । আহক আমি সকলোৱে তেনে লোক সকলক আমাৰ সাধ্য অনুসাৰে
তেওঁলোকৰ জীৱনৰ বাবে যি পাৰো দান কৰো আরু সহায় কৰো ..... ।)