সপোন
-পদ্মেশ্বৰ বৰা
অশেষ যান্ত্রনাৰ মাজতো জাগে ই
পলকতে উদগীৰণ হৈ,
কাৰোৰ জ্ঞাত নাই, এই শান্তি-সম্প্রীতি
সফল বারু হবনে গৈ ?
পলকতে জাগে, হঠাতে ভাগে
জ্বলি উঠে কোনোবা
ক্ষণত,
অপ্রাণ পৰাক্রমে, আগুৱাব লাগিব
যেন বীৰে খাতে কোনো ৰণত ৷
চকু মুদিলেই জিল্-মিল্ জিল্-মিল
ভাহি আহে মনৰ দাপোণত,
হবনে সফল এই সোণোৱালী ৰশ্মি
নামমাত্র সফল হয় সচাঁ দিঠকত ৷
কাইটৰ ওপৰেৰে খোজ কাঢ়ো যেন লাগে,
আকাশত আছো যেন উৰি,
পানীৰ বুৰবুৰণি মাথো, সকলো এইবোৰ
পলকতে যাব নেকি মৰি ?
ৰজা যেন লাগে, মন্ত্রী হৈ জাগে
সৰগৰ ইন্দ্রপুৰীত,
বাস্তৱ আগন্তুকে, আকাশ পাতাল লাগে
বাজিবনে সফলৰ সংগীত ?
কিয় বারু সঘনে, দিনে-নিশাই জাগে
ই মাথো নিথরুৱা আবেগ,
পলকতে স্তব্ধ এই অমৃত জল
ক্ষান্ত হয় ইচ্ছাৰ বেগ ৷
ধন্যবাদ