‘মৰমৰ জী’ by Podmeswar Bora, (Dedicated to entire parents who have girl)




তুমি মোৰ আছিলা, মৰমৰ জীয়ৰী
  আছিলা আলাসৰ লাৰু,
ঘনাই ঘনাই কিয়, এতিয়া তুমি,
  উচুপি কান্দিছা বাৰু ।

আছিলা ঘৰৰে, মালিকনী হৈ
  আছিলা ঘৰৰে পৰী,
এতিয়া হ’লা তুমি, লোকৰে কামলা
  ছিঙিলা বংশৰ জৰী ।

ঠেহ ধৰি তুমি, ভাত নাখাইছিলা
  খুৱাইছিলো নিজ হাতে তুমাক,
এতিয়া ঠেহ ধৰি, খাবা কেটেৰা-জেঙেৰা
  অভিমান দেখুওৱাবা কাক?

ভূল কৰিলেও ক্ষমা কৰি দিছিলো
  দিছিলো শুদ্ধৰণি কৰি,
এতিয়া ভূল কৰি, বেদনা কৰিছা
  হাতে-ভৰিৰে ধৰি ।

ঘনে ঘনে পৰিছে, মনত মোৰ তুমালৈ
  আপোন তুমি মোৰ জীয়ৰী,
আমাৰে সম্পদ, এতিয়া বেলেগৰ আপদ
  কৃপা কৰা তাইক আল্লা-হৰি । 



Note:
বিয়াৰ পাছত ছোৱালীবোৰে শুনিব লগা হয়- "দেউতাৰৰ ঘৰৰ পৰা কি দিলে", কিন্তু ছোৱালীজনীয়ে যে দেউতাকৰ আটাইতকৈ মূল্যবান সম্পদ আছিল, সেইটো মানুহে বুজিবনে?