‘মৰমৰ জী’ by Podmeswar Bora, (Dedicated to entire parents who have girl)




তুমি মোৰ আছিলা, মৰমৰ জীয়ৰী
  আছিলা আলাসৰ লাৰু,
ঘনাই ঘনাই কিয়, এতিয়া তুমি,
  উচুপি কান্দিছা বাৰু

আছিলা ঘৰৰে, মালিকনী হৈ
  আছিলা ঘৰৰে পৰী,
এতিয়া হ’লা তুমি, লোকৰে কামলা
  ছিঙিলা বংশৰ জৰী ।

ঠেহ ধৰি তুমি, ভাত নাখাইছিলা
  খুৱাইছিলো নিজ হাতে তুমাক,
এতিয়া ঠেহ ধৰি, খাবা কেটেৰা-জেঙেৰা
  অভিমান দেখুওৱাবা কাক?

ভূল কৰিলেও ক্ষমা কৰি দিছিলো
  দিছিলো শুদ্ধৰণি কৰি,
এতিয়া ভূল কৰি, বেদনা কৰিছা
  হাতে-ভৰিৰে ধৰি ।

ঘনে ঘনে পৰিছে, মনত মোৰ তুমালৈ
  আপোন তুমি মোৰ জীয়ৰী,
আমাৰে সম্পদ, এতিয়া বেলেগৰ আপদ
  কৃপা কৰা তাইক আল্লা-হৰি । 



Note:
বিয়াৰ পাছত ছোৱালীবোৰে শুনিব লগা হয়- "দেউতাৰৰ ঘৰৰ পৰা কি দিলে", কিন্তু ছোৱালীজনীয়ে যে দেউতাকৰ আটাইতকৈ মূল্যবান সম্পদ আছিল, সেইটো মানুহে বুজিবনে?