প্রথম খণ্ড, আগমন আরু ইয়াৰ প্রকাৰ (Induction and Its Kinds), by Podmeswar

১ নম্বৰৰ প্রশ্নোত্তৰঃ

 

১। আগমন কিমান প্রকাৰৰ? সেইবোৰ কি কি?

উত্তৰঃ আগমন দুই প্রকাৰৰসেইবোৰ হ’ল- প্রকৃত আগমন আরু তথাকথিত আগমন বা আগমনাভাস ।

 

২। আগমনৰ আধাৰ কি?

উত্তৰঃ আগমনৰ আধাৰ হ’ল- সত্যতা অৰ্থাৎ আকাৰগত সত্যতা আরু বস্তুগত সত্যতা । আকাৰগত সত্যতা হিচাপে আগমনে প্রকৃতিৰ একরূপতা বিদ্ধি আরু কাৰ্য-কাৰণ বিদ্ধি, লগতে বস্তুগত সত্যতা হিচাপে পৰ্যবেক্ষণ অৰ্থাৎ নিৰীক্ষণ আরু পৰীক্ষণৰ ওপৰত ভিত্তি বা নিৰ্ভৰ কৰে

 

৩। প্রকৃত আগমন ____ প্রকাৰৰ

উত্তৰঃ প্রকৃত আগমন তিনি প্রকাৰৰ

 

৪। বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত হ’ল _____ ।

উত্তৰঃ বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত হ’ল- নিশ্চিত স্বভাৱৰ

 

৫। অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত হ’ল ______ ।

উত্তৰঃ অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত হ’ল- অনিশ্চিত স্বভাৱৰ বা সম্ভাৱনামূলক

 

৬। ‘সকলো গ্রহ সূৰ্যৰ পোহৰত জিলিকে’ হ’ল ______ৰ এটা উদাহৰণ ।

উত্তৰঃ ‘সকলো গ্রহ সূৰ্যৰ পোহৰত জিলিকে’ হ’ল বৈজ্ঞানিক আগমনৰ এটা উদাহৰণ । 

 

৭। অবৈজ্ঞানিক আগমন কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰঃ অবৈজ্ঞানিক আগমন অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একরূপতাৰ ওপৰত নিৰ্ভৰ কৰে

 

৮। আগমনেই নিগমনৰ সামান্য বচন যোগান ধৰে _____ শুদ্ধনে ?

উত্তৰঃ আগমনেই নিগমনৰ সামান্য বচন যোগান ধৰে, হয় শুদ্ধ ।

 

৯। সাদৃশ্যমূলক যুক্তিৰ সিদ্ধান্ত নিশ্চিতনে ?

উত্তৰঃ সাদৃশ্যমূলক যুক্তিৰ সিদ্ধান্ত নিশ্চিত নহয়, কাৰণ ই কাৰ্যকৰণ সম্বন্ধৰ ওপৰত প্রতিষ্ঠিত নহয় । 

 

১০। আগমনেই আকাৰগত সত্যতাৰ লগত জড়িতনে ?

উত্তৰঃ আগমনেই আকাৰগত সত্যতাৰ লগত জড়িত এনে নহয় আগমন আরু নিগমন দুয়ু প্রকাৰ অনুমানেই আকাৰগত সত্যতাৰ লগত জড়িত ।

 

১১। সাদৃশ্যানুমানৰ ভিত্তি কি?

উত্তৰঃ সাদৃশ্যানুমানৰ ভিত্তি হ’ল- দুটা বস্তুৰ মাজত থকা সদৃশ্য জ্ঞান ।

 

১২। ভাল সাদৃশ্যানুমান বা সু-সাদৃশ্যানুমানৰ এটা উদাহৰণ দিয়া ।

উত্তৰঃ ভাল সাদৃশ্যানুমান বা সু-সাদৃশ্যানুমানৰ এটা উদাহৰণ হ’ল- ‘পৃথিৱী আরু মঙ্গল দুয়ুটা সৌৰজগতৰ গ্রহ । পৃথিৱীত জীৱ আছে আরু সেয়েহে মঙ্গলগ্রহতো জীৱ আছে ।

 

১৩। বৈজ্ঞানিক আগমনে কেনে প্রকাৰৰ বচন প্রতিষ্ঠা কৰে ?

উত্তৰঃ  বৈজ্ঞানিক আগমনে সামান্য বচন প্রতিষ্ঠা কৰে

 

১৪। ‘আগমনাত্মক জাপ হ’ল বিশেষৰ পৰা সামান্যলৈ এক যাত্রা’ – শুদ্ধ নে অশুদ্ধ লিকগা ।

উত্তৰঃ শুদ্ধ ।

 

১৫। সাদৃশ্যানুমানৰ মূল্য কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ   সাদৃশ্যানুমানৰ মূল্য নিৰ্ভৰ কৰা কাৰককেইটা হ’ল-

(ক) জ্ঞাত সাদৃশ্যৰ পৰিমাণ, (খ) জ্ঞাত বৈসাদৃশ্যৰ পৰিমাণ আরু (গ) অজ্ঞাত গুণাৱলীৰ পৰিমাণ ।

 

১৬। সাদৃশ্যমূলক যুক্তিৰ সিদ্ধান্ত হ’ল সম্ভাৱ্য স্বভাৱৰ – শুদ্ধনে ?

উত্তৰঃ হয় । শুদ্ধ কাৰণ, ই কাৰ্যকৰণ সম্বন্ধৰ ওপৰত প্রতিষ্ঠিত নহয় । 

 

১৭। তলত দিয়া কোনটো কথা শুদ্ধ আরু কোনটো অশুদ্ধ লিখা ।

(ক) আগমন কেৱল বস্তুগত সত্যতাৰ লগত জড়িত ।

উত্তৰঃ অশুদ্ধ ।

 

(খ) আগমন আকাৰগত আরু বস্তুগত উভয় প্রকাৰৰ লগত জড়িত ।

উত্তৰঃ শুদ্ধ ।

 

১৮। বৈজ্ঞানিক আগমনেই এক বিশ্লেষণাত্মক বা শাব্দিক বচন/ সংশ্লেষনাত্মক বা যথাৰ্থ বচন প্রতিষ্ঠা কৰে

উত্তৰঃ বৈজ্ঞানিক আগমনেই এক সংশ্লেষনাত্মক বা যথাৰ্থ বচন প্রতিষ্ঠা কৰে

 

১৯। ‘সকলোবোৰ অনুমানেই সাদৃশ্যমূলক’- এই উক্তিৰ সৈতে জড়িত তৰ্কশাস্ত্রবিদ গৰাকীৰ নাম লিখা।

উত্তৰঃ এই উক্তিৰ সৈতে জড়িত তৰ্কশাস্ত্রবিদ গৰাকীৰ নাম হ’ল- মিল ।

 

২০তৰ্কবিজ্ঞান হৈছে _______ বিজ্ঞান

উত্তৰঃ তৰ্কবিজ্ঞান হৈছে অনুমান সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান

 

২১তৰ্কবিজ্ঞানৰ আলোচ্য বিষয়বস্তু কি ?

উত্তৰঃ তৰ্কবিজ্ঞানৰ আলোচ্য বিষয়বস্তু হ’ল- অনুমান ।

 

২২। অনুমানত কেনে সত্যত উপনীত হোৱা যায় ?

উত্তৰঃ অনুমানত জ্ঞাত সত্যৰ ভিত্তিত অজ্ঞাত নতুন সত্যত উপনীত হোৱা যায় ।

 

২৩আদৰ্শনিষ্ঠ বিজ্ঞান হিচাপে তৰ্কবিজ্ঞানৰ মুখ্য উদ্দেশ্য কি?

উত্তৰঃ  আদৰ্শনিষ্ঠ বিজ্ঞান হিচাপে তৰ্কবিজ্ঞানৰ মুখ্য উদ্দেশ্য হৈছে- অনুমানৰ জৰিয়তে সত্য বা যথাৰ্থ জ্ঞান লাভ কৰা

 

২৪তৰ্কবিজ্ঞানৰ আদৰ্শ কি?

উত্তৰঃ তৰ্কবিজ্ঞানৰ আদৰ্শ হ’ল- সত্যতা ।

 

২৫সত্যতা কেইপ্রকাৰৰ আরু কি কি ?

উত্তৰঃ সত্যতা দুই প্রকাৰৰ, আকাৰগত সত্যতা আরু বস্তুগত সত্যতা ।

 

২৬নিগমন অনুমানে বস্তুগত সত্যতাৰ বিচাৰ কৰেনে নে নকৰে ?

উত্তৰঃ নিগমন অনুমানে বস্তুগত সত্যতাৰ বিচাৰ নকৰে

 

২৭বস্তুগত সত্যতা নিরূপণৰ কাৰণে আন এক প্রকাৰৰ অনুমানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় আরু এই প্রকাৰৰ অনুমান প্রক্রিয়াই হ’ল- ________ ।

উত্তৰঃ বস্তুগত সত্যতা নিরূপণৰ কাৰণে আন এক প্রকাৰৰ অনুমানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় আরু এই প্রকাৰৰ অনুমান প্রক্রিয়াই হ’ল- আগমন অনুমান ।

 

২৮ নিগমন অনুমান কাক বোলে? উদাহৰণ দিয়া ।

উত্তৰঃ যি অনুমানত সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় । তাক নিগমন অনুমান বোলে ।

উদাহৰণ-

সকলো মানুহ হয় মৰণশীল ।

ৰাজা হয় মানুহ

সেয়ে, ৰাজা হয় মৰণশীল ।

 

২৯আগমন অনুমান কাক বোলে ? উদাহৰণ দিয়া ।

উত্তৰঃ যি অনুমানত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় । তাক আগমন অনুমান বোলে ।

উদাহৰণঃ

ৰাজা হয় মৰণশীল ।

ৰাণী হয় মৰণশীল

সীতা হয় মৰণশীল ।

সেয়ে, সকলো মানুহ হয় মৰণশীল ।



চমু উত্তৰ (২ নম্বৰকৈ প্রত্যেকৰে)

 

১। ‘বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত’ – কিয় ?

উত্তৰঃ বৈজ্ঞানিক আগমনে কাৰ্য-কাৰণ সম্বন্ধৰ ওপৰত নিৰ্ভৰ কৰেসেয়েহে ‘বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত’ স্বভাৱৰ হয় । লগতে, বৈজ্ঞানিক আগমনত কাৰ্য-কাৰণ সম্বন্ধ আরু প্রকৃতিৰ একরূপতা বিধিৰ জৰিয়তে আকাৰগত সত্যতা আরু পৰ্যবেক্ষণ অৰ্থাৎ নিৰীক্ষণ আরু পৰীক্ষণৰ মাধ্যমেৰে বস্তুগত সত্যতা প্রকাশ কৰাৰ বাবে সিদ্ধান্তটো অৱশ্যেই নিশ্চিত ধৰণৰ হোৱা পৰিলক্ষিত হয় ।

 

২। বৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া ?

উত্তৰঃ যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্ত কেইটামান পৰ্যবেক্ষণ কৰি, প্রকৃতিৰ একরূপতা বিধি আরু কাৰ্য-কাৰণ বিধি ওপৰত নিৰ্ভৰ কৰি সেই শ্রেণীৰ সকলো বস্তু বা ঘটনা সম্পৰ্কে এটা যথাৰ্থ সামান্য বচন প্রতিষ্ঠা কৰা হয়, তাক বৈজ্ঞানিক আগমন বোলে ।

উদাহৰণঃ-

সীতা হয় মৰণশীল

গীতা হয় মৰণশীল

 সকলো মানুহ হয় মৰণশীল

 

৩। বৈজ্ঞানিক আগমন কি?

উত্তৰঃ বৈজ্ঞানিক আগমন হৈছে প্রকৃত আগমনৰ এক মূল ভাগ, যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্ত কেইটামান পৰ্যবেক্ষণ কৰি, প্রকৃতিৰ একরূপতা বিধি আরু কাৰ্য-কাৰণ বিধি ওপৰত নিৰ্ভৰ কৰি সেই শ্রেণীৰ সকলো বস্তু বা ঘটনা সম্পৰ্কে এটা যথাৰ্থ সামান্য বচন প্রতিষ্ঠা কৰা হয় ।

 

৪। ভাল অৰ্থাৎ সু-সাদৃশ্যানুমানৰ দুটা চৰ্ত উল্লেখ কৰা

উত্তৰঃ ভাল অৰ্থাৎ সু-সাদৃশ্যানুমানৰ দুটা চৰ্ত হ’ল-

(ক) মৌলিক গুণৰ সাদৃশ্যঃ

ভাল অৰ্থাৎ সু-সাদৃশ্যানুমানৰ সাদৃশ্য হৈছে দুটা বস্তু বা ঘটনাৰ মৌলিক গুণৰ সাদৃশ্য ।

 

(খ) গুরুত্বপূৰ্ণ গুণৰ সাদৃশ্যঃ

 ভাল অৰ্থাৎ সু-সাদৃশ্যানুমানৰ সাদৃশ্য হৈছে দুটা বস্তু বা ঘটনাৰ গুরুত্বপূৰ্ণ গুণৰ সাদৃশ্য ।

 

৫। ‘অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত হ’ল সম্ভাব্য স্বভাৱৰ’- কিয় ?

উত্তৰঃ ‘অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত হ’ল সম্ভাব্য স্বভাৱৰ’ । কাৰণ, অবৈজ্ঞানিক আগমনত কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ কোনো চেষ্টা নকৰি মাত্র অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্তটো প্রতিষ্ঠা কৰা হয় । সেয়েহে অবৈজ্ঞানিক আগমনৰ সিদ্ধান্তৰ সত্যতা সম্পৰ্কে সকলো সময়তে এটা অনিশ্চয়তা ৰৈ যায় ।

 

৬। সাদৃশ্যানুমানৰ মূল্য নিৰ্ধাৰণৰ যিকোনো দুটা চৰ্ত উল্লেখ কৰা

উত্তৰঃ   সাদৃশ্যানুমানৰ মূল্য নিৰ্ধাৰণৰ যিকোনো দুটা চৰ্ত হ’ল-

(ক) জ্ঞাত সাদৃশ্যৰ পৰিমাণঃ

    জ্ঞাত সাদৃশ্য থকা গুণবিলাকৰ পৰিমাণ আরু গুরুত্ব যিমানেই বেছি হ’ব, সাদৃশ্যানুমানৰ সম্ভাৱনাও সিমানেই বেছি হ’ব ।

 

(খ) জ্ঞাত বৈসাদৃশ্যৰ পৰিমাণঃ

    জ্ঞাত বৈসাদৃশ্যৰ থকা গুণবোৰৰ পৰিমাণ আরু গুরুত্ব যিমানে বেছি হ’ব সাদৃশ্যানুমানৰ সম্ভাৱনাও সিমানেই কম হ’ব ।

 

৭। প্রামানীকৰন বা সত্যতা কি? ইয়াৰ বিভিন্ন প্রকাৰবোৰ কি কি?

উত্তৰঃ প্রামানীকৰন বা সত্যতা হ’ল তৰ্কবিজ্ঞানৰ এক আদৰ্শ যাৰ জৰিয়তে অনুমানৰ মাধ্যমেৰে প্রতিষ্ঠা কৰা সিদ্ধান্তটো বা জ্ঞানৰাজিৰ যথাৰ্থৰ মূল্যায়ণ কৰা হয় ।

    প্রামানীকৰন বা সত্যতা দুই প্রকাৰৰ

(ক) আকাৰগত সত্যতা আরু (খ) বস্তুগত সত্যতা

আকৌ, আকাৰগত সত্যতা দুই প্রকাৰৰ- (অ) প্রকৃতিৰ একরূপতা বিদ্ধি আরু (আ) কাৰ্য-কাৰণ বিদ্ধি

লগতে, বস্তুগত সত্যতা দুই প্রকাৰৰ- (অ) নিৰীক্ষণ আরু (আ) পৰীক্ষণ

 

৮। উপযুক্ত উদাহৰণসহ আগমন অনুমানৰ সংজ্ঞা দিয়া

উত্তৰঃ যি আগমনত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়, তাক আগমন অনুমান বোলে ।

উদাহৰণ-

সীতা হয় মৰণশীল ।

ৰাম হয় মৰণশীল ।

ৰাধা হয় মৰণশীল ।

 সকলো মানুহ হয় মৰণশীল

 


চমু উত্তৰঃ (৩ নম্বৰৰ)

 

১। আগমনৰ সাধাৰণ বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ আগমনৰ সাধাৰণ বৈশিষ্ট্যবোৰ হ’ল এনেধৰণৰঃ

(ক) আগমন অনুমানত বিশেষ বিশেষ দৃষ্টান্তৰ পৰা সামান্য সত্যতাৰ সিদ্ধান্তত উপনিত হয় । 

 

(খ) আগমন অনুমানত সিদ্ধান্ত আশ্রয়বাক্যৰ পৰা বেছি বা অধিক ব্যাপক হয়

(গ) আগমন অনুমানৰ আশ্রয় বাক্যবোৰত বস্তুগত সত্যতা থাকে । কাৰণ, ইয়াত আশ্রয় বাক্যবোৰৰ বাস্তৱ জগতৰ পৰা নিৰীক্ষণ আরু পৰীক্ষণৰ সহায়ত সংগ্রহ কৰা হয় ।

(ঘ) আগমন অনুমান আকাৰগত আরু বস্তুগত সত্যতাৰ লগত জড়িত ।

(ঙ) আগমন অনুমানৰ সিদ্ধান্তটো আশ্রয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত কৰা নহয় ।

(চ) আগমন অনুমানৰ এটা প্রধান বৈশিষ্ট্য হৈছে আগমনাত্মক জাঁপ বা আগমনাত্মক সংকট ।

 

 

২। আগমন আরু নিগমনৰ মাজৰ তিনিটা পাৰ্থক্য উল্লেখ কৰা

উত্তৰঃ আগমন আরু নিগমনৰ মাজৰ তিনিটা পাৰ্থক্য হ’ল-

 

(ক) নিগমন অনুমানত সিদ্ধান্তত সামান্য সত্যৰ পৰা বিশেষ বিশেষ সত্যলৈ অহা হয় ।

    আনহাতে, আগমন অনুমানত বিশেষ বিশেষ দৃষ্টান্তৰপৰা সামান্য সত্যৰ সিদ্ধান্তলৈ অহা হয় ।

 

(খ) নিগমন অনুমানৰ সিদ্ধান্ত আশ্রয় বাক্যতকৈ বেছি বা অধিক ব্যাপক হ’ব নোৱাৰে অথবা সিদ্ধান্তটো আশ্রয় বাক্যৰ সমব্যাপক বা কম ব্যাপক হ’ব পাৰে কিন্ত ই আশ্রয়বাক্যতকৈ কেতিয়াও বেছি বা অধিক ব্যাপক হ’ব নোৱাৰে ।

    আনহাতে, আগমন অনুমানত সিদ্ধান্ত আশ্রয়বাক্যতকৈ অধিক বা বেছি ব্যাপক হয় ।

 

(গ) নিগমন অনুমানৰ আশ্রয়বাক্যবোৰ সত্য বুলি মানি ধৰি লোৱা হয় । নিগমন অনুমানত আশ্রয়বাক্যবোৰৰ বাস্তৱ জগতৰ কোনো বস্তু বা ঘটনাৰ লগত মিল আছে নে নাই তাৰ বিচাৰ কৰা নহয় ।

    আনহাতে, আগমন অনুমানত আশ্রয়বাক্যবোৰ বাস্তৱ জগতৰ পৰা নিৰীক্ষণ আরু পৰীক্ষণৰ সহায়ত সংগ্রহ কৰা হয় । গতিকে, আগমন অনুমানৰ আশ্রয়বাক্যবোৰৰ বস্তুগত সত্যতা থাকে ।

 

৩। আগমনাত্মক জাপ বুলিলে কি বুজা? আগমনাত্মক জাপৰ জটিলতাবোৰ আঁতৰাবলৈ বৈজ্ঞানিক আগমনে কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰঃ বৈজ্ঞানিক আগমনত আমাৰ জ্ঞান প্রক্রিয়া বিশেষৰ পৰা সামান্য সম্বন্ধৰ জ্ঞানলৈ আরু জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ প্রসাৰিত হয় । বিশেষৰ পৰা সামান্যলৈ- কিছুমানৰ পৰা ‘সকলো’ লৈ যোৱা যুক্তিৰ এনে উৰ্ধ্বমুখী গতিকেই ‘আগমনাত্মক জাঁপ’ বোলে  ।

    আগমনাত্মক জাঁপৰ জটিলতাবোৰ আঁতৰাবলৈ বৈজ্ঞানিক আগমনে কেইটামান বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি অনুমানৰ জৰিয়তে সামান্য বচন প্রতিষ্ঠা কৰে । বিশেষ বিশেষ দৃষ্টান্তৰ পৰ্যবেক্ষণ অৰ্থাৎ নিৰীক্ষণ আরু পৰীক্ষণৰ মাধ্যমেৰে বৈজ্ঞানিক আগমনে ‘আগমনাত্মক সংকট’ দূৰ কৰে ।

 

৪। বৈজ্ঞানিক আগমন দুটা নীতিৰ ওপৰত নিৰ্ভৰ কৰে । এই নীতি দুটা কি কি? এই নীতি দুটাৰ অৰ্থ কি?

উত্তৰঃ বৈজ্ঞানিক আগমন দুটা নীতিৰ ওপৰত নিৰ্ভৰ কৰে । এই নীতি দুটা হ’ল-

(ক) প্রকৃতিৰ একরূপতা বিধি আরু (খ) কাৰ্য-কাৰণ বিধি ।

 

(ক) প্রকৃতিৰ একরূপতা বিধিঃ

    প্রকৃতিৰ একরূপতা বিধিৰ অৰ্থ হৈছে- একে পৰিৱেশত প্রকৃতিয়ে একেদৰে আচৰণ কৰে । পৰিৱেশ যদি একে থাকে তেনেহ’লে একে কাৰণৰ পৰা একে প্রকাৰৰ কাৰ্য সংঘটিত হ’বই ।

 

(খ)কাৰ্য-কাৰণ বিধিঃ

    কাৰ্য-কাৰণ বিধিৰ অৰ্থ হৈছে- প্রত্যেক কাৰ্যৰে এটা কাৰণ আছে, কাৰণ নোহোৱাকৈ কোনো কাৰ্য সংঘটিত হ’ব নোৱাৰে ।

 

৫। অবৈজ্ঞানিক আগমন কি? অবৈজ্ঞানিক আগমনৰ দুটা উদাহৰণ দিয়া ।

উত্তৰঃ অবৈজ্ঞানিক আগমন হ’ল- প্রকৃত আগমনৰ এক মূল ভাগ যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ বহুতো দৃষ্টান্ত পৰ্যবেক্ষণ কৰি কাৰ্য-কাৰণ সম্বন্ধ প্রতিষ্ঠা কৰাৰ কোনো চেষ্টা নকৰাকৈ কেৱল সেই পৰ্যবেক্ষণৰ দ্বাৰা পোৱা অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একরূপতাৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্রতিষ্ঠা কৰা হয় ।

    অবৈজ্ঞানিক আগমনৰ দুটা উদাহৰণ হ’ল-

(ক) সকলো কাউৰী হয় ক’লা ।

(খ) সকলো ৰঙা ফুল হয় গোন্ধহীন ।

 

৬। উদাহৰণৰ সহায়ত ভাল অৰ্থাৎ সু-সাদৃশ্যানুমান আরু বেয়া অৰ্থাৎ দু-সাদৃশ্যানুমান ব্যাখা কৰা ।

উত্তৰঃ

 ভাল অৰ্থাৎ সু-সাদৃশ্যানুমানঃ

    যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আরু গুরুত্বপূৰ্ণ গুণৰ সাদৃশ্য সেই সাদৃশ্যানুমানক ভাল সাদৃশ্যানুমান বোলে ।

    উদাহৰণ স্বরূপে- পৃথিৱী আরু মঙ্গল, এই দুয়োটাই সৌৰজগতৰ গ্রহ । দুয়ুটা গ্রহে সূৰ্যক প্রদক্ষিণ কৰে । দুয়ুটা গ্রহতে বায়ুমণ্ডল, মাটি, পানী, উত্তাপ আদি আছে । পৃথিৱীত জীৱ আছে, গতিকে মঙ্গল গ্রহটো জীৱ আছে । এনে সাদৃশ্যানুমানকেই ভাল অৰ্থাৎ সু-সাদৃশ্যানুমান বোলা হয়, কাৰণ এই সাদৃশ্য মৌলিক আরু গুরুত্বপূৰ্ণ গুণৰ সাদৃশ্য । 

 

বেয়া অৰ্থাৎ দু-সাদৃশ্যানুমানঃ

    যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আরু গুরুত্বপূৰ্ণ গুণৰ সাদৃশ্য নহয়, গৌণ বা আকস্মিক গুণৰহে সাদৃশ্যহে মাত্র, সেই সাদৃশ্যানুমানক বেয়া অৰ্থাৎ দু-সাদৃশ্যানুমান ।

 

৭। নিগমন আরু আগমনৰ পাৰ্থক্য নিরূপণ কৰা ।

উত্তৰঃ নিগমন আরু আগমনৰ মাজত থকা উল্লেখযোগ্য পাৰ্থক্য সমূহ হ’ল-

 

(ক) নিগমন অনুমানত সিদ্ধান্তত সামান্য সত্যৰ পৰা বিশেষ বিশেষ সত্যলৈ অহা হয় ।

    আনহাতে, আগমন অনুমানত বিশেষ বিশেষ দৃষ্টান্তৰপৰা সামান্য সত্যৰ সিদ্ধান্তলৈ অহা হয় ।

 

(খ) নিগমন অনুমানৰ সিদ্ধান্ত আশ্রয় বাক্যতকৈ বেছি বা অধিক ব্যাপক হ’ব নোৱাৰে অথবা সিদ্ধান্তটো আশ্রয় বাক্যৰ সমব্যাপক বা কম ব্যাপক হ’ব পাৰে কিন্ত ই আশ্রয়বাক্যতকৈ কেতিয়াও বেছি বা অধিক ব্যাপক হ’ব নোৱাৰে ।

    আনহাতে, আগমন অনুমানত সিদ্ধান্ত আশ্রয়বাক্যতকৈ অধিক বা বেছি ব্যাপক হয় ।

 

(গ) নিগমন অনুমানৰ আশ্রয়বাক্যবোৰ সত্য বুলি মানি ধৰি লোৱা হয় । নিগমন অনুমানত আশ্রয়বাক্যবোৰৰ বাস্তৱ জগতৰ কোনো বস্তু বা ঘটনাৰ লগত মিল আছে নে নাই তাৰ বিচাৰ কৰা নহয় ।

    আনহাতে, আগমন অনুমানত আশ্রয়বাক্যবোৰ বাস্তৱ জগতৰ পৰা নিৰীক্ষণ আরু পৰীক্ষণৰ সহায়ত সংগ্রহ কৰা হয় । গতিকে, আগমন অনুমানৰ আশ্রয়বাক্যবোৰৰ বস্তুগত সত্যতা থাকে ।

 

(ঘ) নিগমন অনুমান আকাৰগত সত্যতাৰ লগত জড়িত ।

    আনহাতে, আগমন অনুমান আকাৰগত আরু বস্তুগত দুয়ুপ্রকাৰ সত্যতাৰ লগত জড়িত ।

 

৯। বৈজ্ঞানিক আরু অবৈজ্ঞানিক আগমনৰ মাজৰ তিনিটা সাদৃশ্য উল্লেখ কৰা ।

উত্তৰঃ বৈজ্ঞানিক আরু অবৈজ্ঞানিক আগমনৰ মাজৰ তিনিটা সাদৃশ্য হ’ল-

(ক) বৈজ্ঞানিক আরু অবৈজ্ঞানিক দুয়ুপ্রকাৰ আগমনেই একো একোটা যথাৰ্থ সামান্য বচন প্রতিষ্ঠা কৰে ।

 

(খ) বৈজ্ঞানিক আরু অবৈজ্ঞানিক দুয়ুপ্রয়াৰ আগমনেই পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল ।

 

(গ) দুয়ুবিধ আগমনেই কিছুমান বিশেষ বিশেষ ঘটনা বা দৃষ্টান্ত পৰ্যবেক্ষণ কৰি অনুমানৰ জৰিয়তে একোটা সিদ্ধান্ত প্রতিষ্ঠা কৰে ।

 

 

দীঘলীয়া উত্তৰঃ (৪ নম্বৰৰ)

 

১। বৈজ্ঞানিক আগমন আরু অবৈজ্ঞানিক আগমনৰ মাজৰ অমিল চাৰিটা উল্লেখ কৰা

উত্তৰঃ বৈজ্ঞানিক আগমন আরু অবৈজ্ঞানিক আগমনৰ মাজৰ অমিল চাৰিটা হ’ল-

 

(ক) বৈজ্ঞানিক আগমনত বিশেষ বিশেষ দৃষ্টান্তোৰ পৰ্যবেক্ষণ অৰ্থাৎ নিৰীক্ষণ আরু পৰীক্ষণ, এই উভয় প্রকাৰ প্রক্রিয়াৰ দ্বাৰা সংগ্রহ কৰা হয় ।

    আনহাতে, অবৈজ্ঞানিক আগমনত কেৱল নিৰীক্ষণৰ দ্বাৰাহে দৃষ্টান্তবোৰ সংগ্রহ কৰা হয় ।

 

(খ) বৈজ্ঞানিক আগমনৰ আকাৰগত ভিত্তি হিচাপে প্রকৃতিৰ একরূপতা বিধি আরু কাৰ্যকাৰণ বিধি ওপৰত নিৰ্ভৰ কৰা হয় । অৰ্থাৎ বৈজ্ঞানিক আগমনে প্রতিষ্ঠা কৰা যথাৰ্থ সামান্য বচন, এই দুই বিধিৰ ওপৰত প্রতিষ্ঠিত ।

    আনহাতে, অবৈজ্ঞানিক আগমনত কেৱল অবাধিত অভিজ্ঞতা ভা অভিজ্ঞতাৰ একরূপতাৰ ওপৰত নিৰ্ভৰ কৰি যথাৰ্থ সামান্য বচনটো প্রতিষ্ঠা কৰা হয় । ইয়াত কাৰ্য-কাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ কোনো চেষ্টা কৰা নহয় ।

 

(গ) বৈজ্ঞানিক আগমন এটা জটিল প্রক্রিয়া । কাৰণ বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত কাৰ্য-কাৰণ সম্বন্ধৰ ওপৰত প্রতিষ্ঠিত । দুটা ঘটনাৰ মাজত কাৰ্য-কাৰণ সম্বন্ধ নিৰ্ণয় কৰিবলৈ হ’লে পৰ্যবেক্ষণ, প্রকল্প গঠন, সামান্যীকৰণ, প্রামানীকৰণ আদি বহুতো স্তৰ অতিক্রম কৰিবলগীয়া হয় । গতিকে বৈজ্ঞানিক আগমন এক জটিল প্রক্রিয়া ।

    আনহাতে, বৈজ্ঞানিক আগমনৰ তুলনাত অবৈজ্ঞানিক আগমন অতি সৰল । কাৰণ ইয়াত দৃষ্টান্তসমূহৰ অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একরূপতাৰ ওপৰত নিৰ্ভৰ কৰি এটা যথাৰ্থ সামান্য বচন প্রতিষ্ঠা কৰা হয় ।

 

(ঘ) বৈজ্ঞানিক আগমন কাৰ্য-কাৰণ সম্বন্ধৰ ওপৰত ৰতিষ্ঠিত বাবে ইয়াৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয় ।

    আনহাতে, অবৈজ্ঞানিক আগমনত কাৰ্য-কাৰণ সম্বন্ধ নিৰ্ণয় কৰা নহয় বাবে ইয়াৰ সিদ্ধান্ত সম্ভাৱনামূলক হোৱা পৰিলক্ষিত হয় ।

 

৩। ভাল অৰ্থাৎ সু-সাদৃশ্যানুমান আরু বেয়া অৰ্থাৎ দু-সাদৃশ্যানুমানৰ মাজৰ পাৰ্থক্য নিরূপণ কৰা ।

উত্তৰঃ  ভাল অৰ্থাৎ সু-সাদৃশ্যানুমান আরু বেয়া অৰ্থাৎ দু-সাদৃশ্যানুমানৰ মাজৰ থকা উল্লেখযোগ্য পাৰ্থক্যসমূহ হ’ল-

(ক)  ভাল অৰ্থাৎ সু-সাদৃশ্যানুমান দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আরু গুরুত্বপূর্ণ গুণৰ সাদৃশ্য ।

    আনহাতে, বেয়া বা দু-সাদৃশ্যানুমান দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আরু গুরুত্বপূর্ণ গুণৰ সাদৃশ্য নহয় ।

 

(খ) বেয়া বা দু-সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ গৌণ বা আকস্মিক গুণৰহে সাদৃশ্য মাত্র ।

    আনহাতে ভাল অর্থাৎ সু-সাদৃশ্যানুমান দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ গৌণ বা আকস্মিক গুণৰহে সাদৃশ্য মাত্র নহয় ।

 

(গ) বেয়া বা দু-সাদৃশ্যানুমানত দৃষ্টান্ত দুটাৰ মাজত সাদৃশ্য থকা গুণবোৰ অস্তিত্বৰ বাবে গুরুত্বপূর্ণ নহয় ।

    আনহাতে, ভাল অর্থাৎ সু-সাদৃশ্যানুমানত দৃষ্টান্ত দুটাৰ মাজৰ সাদৃশ্য থকা গুণবোৰ অস্তিত্বৰ বাবে গুরুত্বপূর্ণ হয় ।

 

(ঘ) ভাল অর্থাৎ সু-সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক বা মূল গুণাৱলীৰ ওপৰত নির্ভৰ কৰি নির্ধাৰণ কৰা হয় ।

    আনহাতে, বেয়া অর্থাৎ দু-সাদৃশ্যানুমানত দুটা বস্তুৰ মাজৰ থকা সাদৃশ্যবোৰ গৌণ গুণাৱলীৰ ওপৰত নির্ভৰ কৰে ।

 

৪।  “আগমনাত্মক জাঁপৰ” বিষয়ে চমুটোকা লিখা ।

উত্তৰঃ বৈজ্ঞানিক আগমনত জ্ঞান প্রক্রিয়া বিশেষৰ পৰা সামান্য সম্বন্ধৰ জ্ঞানলৈ আরু জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ প্রসাৰিত হয় । ‘বিশেষ’ৰ পৰা ‘সামান্য’লৈ, ‘কিছুমান’ৰ পৰা ‘সকলো’লৈ যোৱা যুক্তিৰ এই ঊর্ধ্বমুখী গতিকেই আগমনাত্মক জাঁপ বোলে ।

    আগমনাত্মক জাঁপ হৈছে আগমনৰ এক প্রধান বৈশিষ্ট্য । আগমন অনুমানত কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ বা কিছুমান দৃষ্টান্ত পর্যবেক্ষণ কৰি এক সামান্য (সকলো) সিদ্ধান্তত উপনিত হয় । উদাহৰণস্বরূপে- বিশেষ বিশেষ কিছুমান মানুহৰ মৃত্যুত জ্ঞান পর্যবেক্ষণ কৰি ‘সকলো মানুহ হয় মৰণশীল’, এই সামান্য বচনটো প্রতিষ্ঠিত হৈছেইয়েই হৈছে- ‘আগমনাত্মক জাঁপ ।

    কিন্ত আগমনাত্মক এই জাঁপৰ ক্ষেত্রত সকলো সময়ত এক অনিশ্চয়তাৰ সম্ভাৱনা থকা দেখা যায় । কিয়নো, বিশেষ বিশেষ কিছুমান মানুহৰ মৃত্যুৰ জ্ঞান কৰা সম্ভৱ হয় যদিও সকলো মানুহৰ মৃত্যুৰ জ্ঞান পর্যবেক্ষণ কৰাটো মুঠেই অসম্ভৱ । সেয়েহে, আগমনাত্মক জাঁপক ‘আগমনাত্মক সংকট’ বুলিও অভিহিত কৰা হয় ।

    তর্কবিজ্ঞানী মিল আরু বেইনে আগমনাত্মক জাঁপ বা আগমনাত্মক সংকটক আগমনৰ মূল লক্ষণ হিচাপে চিনাক্ত কৰিছে । তেওঁলোকৰ মতে, এই লক্ষণ অবিহনে কোনো আগমনেই প্রকৃত আগমন হ’ব নোৱাৰে ।

 

৫। বৈজ্ঞানিক আগমন কি? ইয়াৰ চাৰিটা মূল বৈশিষ্ট্য কি কি ?

উত্তৰঃ

    বৈজ্ঞানিক আগমন হৈছে- প্রকৃত আগমন এক মূল ভাগ যি কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্ত পর্যবেক্ষণ কৰি এক যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে । বৈজ্ঞানিক আগমনত প্রকৃতিৰ একরূপতা বিধি আরু কাৰ্য-কাৰণ বিধিৰ ওপৰত নির্ভৰ কৰি এক নিশ্চিত স্বভাৱৰ সিদ্ধান্তত প্রতিষ্ঠিত হয় ।

    বৈজ্ঞানিক আগমনৰ তিনিটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল-

(ক) বৈজ্ঞানিক আগমনে সিদ্ধান্ত স্বরূপে এক যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে ।

    উদাহৰণস্বরূপে- বৈজ্ঞানিক আগমনত বিশেষ বিশেষ কিছুমান মানুহৰ মৃত্যুৰ পর্যবেক্ষণ কৰি ‘সকলো মানুহ হয় মৰণশীল’ এই যথার্থ সিদ্ধান্তত উপনিত হয় ।

 

(খ) বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত বিশেষ বিশেষ ঘটনা বা দৃষ্টান্তৰ ওপৰত নির্ভৰশীল ।

    উদাহৰণস্বরূপে- বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত ‘সকলো মানুহ হয় মৰণশীল’, এই যথার্থ সামান্য বচনটো প্রতিষ্ঠা কৰিবৰ বাবে নিৰীক্ষণ আরু পৰীক্ষণ অর্থাৎ পর্যবেক্ষণৰ মাধ্যমেৰে ৰাম, হরি্‌ যদু, মধু, সীতা আদি কেইজনমান মানুহৰ মৃত্যুৰ বিশেষ বিশেষ দৃষ্টান্তৰ পর্যবেক্ষণ কৰা হয় ।

 

(গ) আগমনৰ এক প্রধান বৈশিষ্ট্য হৈছে আগমনাত্মক জাঁপ ।

    বৈজ্ঞানিক আগমনত আমাৰ জ্ঞান প্রক্রিয়া ‘বিশেষ’ পৰা ‘সামান্য’ সম্বন্ধৰ জ্ঞানলৈ আরু ‘জ্ঞাত’ সত্যৰ পৰা ‘অজ্ঞাত’ সত্যলৈ প্রসাৰিত হয় । ‘বিশেষ’ৰ পৰা ‘সামান্য’লৈ আরু ‘কিছুমান’ৰ পৰা ‘সকলো’লৈ যোৱা এই ঊর্ধ্বমুখী গতিকেই ‘আগমনাত্মক জাঁপ’ বোলা হয় ।

 

(ঘ) বৈজ্ঞানিক আগমন দুটা মূল বিধিৰ ওপৰত প্রতিষ্ঠিত হয় । এই দুয়ু বিধি হৈছে- প্রকৃতিৰ একরূপতা বিধি আরু কাৰ্য-কাৰণ বিধি ।

    প্রকৃতিৰ একরূপতা বিধি অনুসৰি একে পৰিৱেশত প্রকৃতিয়ে সদায় একেদৰে আচৰণ কৰে ।

    লগতে, কাৰ্য-কাৰণ বিছিৰ মতে প্রত্যেক কাৰ্যৰে এটা কাৰণ আছে, কাৰণ নোহোৱাকৈ কোনো কা্য সংঘটিত হ’ব নোৱাৰে ।

   

৬। আগমনৰ সমস্যাৰ বিষয়ে এটা চমুটোকা লিখা

উত্তৰঃ আগমন অনুমানত বিশেষ বিশেষ বস্তু বা ঘটনাৰ সম্বন্ধৰ জ্ঞাৰন আরু অভিজ্ঞতাৰ পৰা সেই জাতিৰ সকলো বস্তু বা ঘটনাৰ সম্পর্কে সামান্য সম্বন্ধৰ জ্ঞানত উপনিত হোৱা যায় আরু এক সামান্য সংশ্লেষক বচন প্রতিষ্ঠা কৰা হয় । আগমনৰ এই সামান্য বচন নিগমন অনুমানৰ আশ্রয় বাক্য হিচাপে ব্যৱহৃত কৰা হয় । কিন্ত অভিজ্ঞতাৰ ভিত্তিত আগমনত কিদৰে সামান্য সংশ্লেষক বচন প্রতিষ্ঠা কৰা হয় । সেইটোৱেই হৈছে আগমনৰ সমস্যা ।

    উদাহৰণস্বরূপে- অভিজ্ঞতাৰ পৰা ৰাম হয় মৰণশীল, সীতা হয় মৰণশীল, যদুহয় মৰণশীল, মধু হয় মৰণশীল আদি বিশেষ বিশেষ কিছুমান মানুহৰ মৃত্যুৰ জ্ঞান পাব পৰা যায় । কিন্ত ‘সকলো মানুহ হয় মৰণশীল’, এনে ধৰণৰ সামান্য সত্যত বা সামান্য সংশ্লেষক বচন অভিজ্ঞতাৰ পৰা সহজে পাব পৰা নাযায় । কিয়নো কোনো এজন মানুহৰ পক্ষে অতীত, বর্তমান আরু ভৱিষ্যতৰ সকলোবোৰ মানুহৰ মৃত্যু পর্যবেক্ষণ কৰাটো মুঠেই অসম্ভৱ । সেয়েহে এই দিশত আগমনৰ এক বিশেষ সমস্যাই দেখা দিয়ে ।

    নগতে সীমিত দৃষ্টান্ত অভিজ্ঞতাৰ ওপৰত নির্ভৰ কৰি সিদ্ধান্ত হিচাপে কোনো এক সামান্য বচন প্রতিষ্ঠা কৰিলে এনেধৰণৰ সিদ্ধান্ত সদায় নিশ্চিত স্বভাৱৰ নহবও পাৰে । সেয়েহে কেনে ধৰণৰ নীতি বা নিয়ম প্রয়োগ কৰি প্রত্যক্ষ লব্ধ কিছুমান দৃষ্টান্তত পোৱা গুণ আরু স্বভাৱ, সেই জাতীয় অজ্ঞাত, জ্ঞাত, বর্তমান, অতীত, ভৱিষ্যত আদি সকলোবোৰ দৃষ্টান্তলৈ প্রসাৰিত কৰি নিশ্চিত ভাৱে এক সামান্য সংশ্লেষক বচন প্রতিষ্ঠা কৰিব পাৰি- এইয়েই হ’ল আগমনৰ সমস্যা ।

 

 

দীঘলীয়া উত্তৰঃ (৫ নম্বৰৰ)

 

১। আগমন কি? ইয়াৰ সাধাৰণ বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ আগমন হৈছে- বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত জ্ঞাতৰ সত্যৰ পৰা অজ্ঞাত নতুন সত্য প্রতিষ্ঠা কৰা আরু  সামান্য বা সার্বিক জ্ঞানত উপনীত হোৱা এক অনুমান ।

    ইয়াৰ সাধাৰণ বৈশিষ্ট্যবোৰ হ’ল এনেধৰণৰ-

(ক) আগমন অনুমানত বিশেষ বিশেষ দৃষ্টান্তৰ পৰা সামান্য সত্যৰ সিদ্ধান্তলৈ অহা হয় । অর্থাৎ আগমনত অভিজ্ঞতাৰ মাধ্যমেৰে কিছুমান দৃষ্টান্ত সংগ্রহ কৰি এক সার্বিক বচন প্রতিষ্ঠা কৰা হয় ।

 

(খ) আগমন অনুমানত সিদ্ধান্ত আশ্রয়বাক্যৰ পৰা বেছি বা অধিক ব্যাপক হয় । কিয়নো, আগমনৰ আশ্র্য়বাক্যবোৰ কিছুমান বিশেষ বিশেষ দৃষ্টান্তৰ পৰা লোৱা হয় আরু এক সার্বিক সিদ্ধান্তত উপনীত হয় ।

 

(গ) আগমন অনুমানৰ আশ্রয় বাক্যবোৰ বস্তুগত সত্যতা থাকে । কাৰণ ইয়াত আশ্রয় বাক্যবোৰৰ বাস্তৱ জগতৰ পৰা নিৰীক্ষণ আরু পৰীক্ষণৰ সহায়ত সংগ্রহ কৰা হয় ।

 

(ঘ) আগমন অনুমান আকাৰগত আরু বস্তুগত সত্যতাৰ লগত জড়িত । আগমনত সার্বিক বচন প্রতিষ্ঠা কৰি আকাৰগত সত্যতা আরু বাস্তৱ জগতৰ লগত সত্যতা প্রতিষ্ঠা কৰি বস্তুগত সত্যতা প্রতিষ্ঠা কৰে ।

 

(ঙ) আগমন অনুমানত সিদ্ধান্ততো আশ্রয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত কৰা নহয় । কিয়নো, আগমনত আশ্রয়বাক্যবোৰ কিছুমান বিশেষ দৃষ্টান্তৰ পৰা লোৱা হয় ।

 

(চ) আগমন অনুমানৰ এক প্রধান বৈশিষ্ট্য হৈছে- আগমনাত্মক জাঁপ আগমন অনুমানত ‘বিশেষ’ ৰ পৰা ‘সামান্য’ লৈ আরু ‘কিছুমান’ৰ পৰা ‘সকলো’লৈ যোৱা ঊর্ধ্বমুখী গতিক ‘আগমনাত্মক জাঁপ’ বোলা হয় ।

 

২। বৈজ্ঞানিক আগমন কি? ইয়াৰ বৈশিষ্ট্যৰ কি কি?

উত্তৰঃ বৈজ্ঞানিক আগমন হৈছে প্রকৃতি আগমনৰ এক মূল ভাগ যি কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্তৰ পর্যবেক্ষণ কৰি এক যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে । বৈজ্ঞানিক আগমনত প্রকৃতিৰ একরূপতা আরু কার্য-কাৰণ বিধিৰ ওপৰত নির্ভৰ কৰি এক নিশ্চিত স্বভাৱৰ সিদ্ধান্তত উপনীত হয় ।

    ইয়াৰ প্রধান বৈশিষ্ট্যবোৰ হ’ল-

 (ক) বৈজ্ঞানিক আগমনে সিদ্ধান্ত স্বরূপে এক যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে ।

    উদাহৰণস্বরূপে- বৈজ্ঞানিক আগমনত বিশেষ বিশেষ কিছুমান মানুহৰ মৃত্যুৰ পর্যবেক্ষণ কৰি ‘সকলো মানুহ হয় মৰণশীল’ এই যথার্থ সিদ্ধান্তত উপনীত হয় ।

 

(খ) বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত বিশেষ বিশেষ ঘটনা বা দৃষ্টান্তৰ ওপৰত নির্ভৰশীল ।

    উদাহৰণস্বরূপে- বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত ‘সকলো মানুহ হয় মৰণশীল’, এই যথার্থ সামান্য বচনটো প্রতিষ্ঠা কৰিবৰ বাবে নিৰীক্ষণ আরু পৰীক্ষণ অর্থাৎ পর্যবেক্ষণৰ মাধ্যমেৰে ৰাম, হরি্‌ যদু, মধু, সীতা আদি কেইজনমান মানুহৰ মৃত্যুৰ বিশেষ বিশেষ দৃষ্টান্তৰ পর্যবেক্ষণ কৰা হয় ।

 

(গ) আগমনৰ এক প্রধান বৈশিষ্ট্য হৈছে আগমনাত্মক জাঁপ ।

    বৈজ্ঞানিক আগমনত আমাৰ জ্ঞান প্রক্রিয়া ‘বিশেষ’ পৰা ‘সামান্য’ সম্বন্ধৰ জ্ঞানলৈ আরু ‘জ্ঞাত’ সত্যৰ পৰা ‘অজ্ঞাত’ সত্যলৈ প্রসাৰিত হয় । ‘বিশেষ’ৰ পৰা ‘সামান্য’লৈ আরু ‘কিছুমান’ৰ পৰা ‘সকলো’লৈ যোৱা এই ঊর্ধ্বমুখী গতিকেই ‘আগমনাত্মক জাঁপ’ বোলা হয় ।

 

(ঘ) বৈজ্ঞানিক আগমন দুটা মূল বিধিৰ ওপৰত প্রতিষ্ঠিত হয় । এই দুয়ু বিধি হৈছে- প্রকৃতিৰ একরূপতা বিধি আরু কাৰ্য-কাৰণ বিধি ।

    প্রকৃতিৰ একরূপতা বিধি অনুসৰি একে পৰিৱেশত প্রকৃতিয়ে সদায় একেদৰে আচৰণ কৰে ।

    লগতে, কাৰ্য-কাৰণ বিছিৰ মতে প্রত্যেক কাৰ্যৰে এটা কাৰণ আছে, কাৰণ নোহোৱাকৈ কোনো কা্য সংঘটিত হ’ব নোৱাৰে ।

 

৩। অবৈজ্ঞানিক আগমন কি? ইয়াৰ বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ অবৈজ্ঞানিক আগমন হৈছে- প্রকৃত আগমনৰ এক মূল ভাগ যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ বহুতো দৃষ্টান্ত পর্যবেক্ষণ কৰি কাৰ্য-কাৰণ সম্বন্ধক প্রতিষ্ঠা কৰা নহয় আরু অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একরূপতাৰ জৰিয়তে এক যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে ।

    অবৈজ্ঞানিক আগমনৰ উল্লেখযোগ্য বৈশিষ্ট্যবোৰ হ’ল-

(ক) অবৈজ্ঞানিক আগমনে সিদ্ধান্ত স্বরূপে এক যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে । এই আগমনত অবাধিত অভিজ্ঞতাৰ ওপৰত নির্ভৰ কৰি এক সার্বিক বচন প্রতিষ্ঠা কৰে ।

 

(খ) অবৈজ্ঞানিক আগমনত সামান্য বচনটো বহুতো বিশেষ বিশেষ দৃষ্টান্ত পর্যৱেক্ষণৰ ওপৰত নির্ভৰ কৰি প্রতিষ্ঠা কৰে । সামান্য বচনটো প্রতিষ্ঠা কৰাৰ নিমিত্তে এই অনুমানত বিশেষ বিশেষ বহুতো দৃষ্টান্ত পর্যৱেক্ষণ কৰা হয় ।

 

(গ) অবৈজ্ঞানিক আগমনত আগমনৰ মূল লক্ষণ আগমনাত্মক জাঁপ প্রতিফলিত হয় । কাৰণ, এই আগমনতো ‘বিশেষ’ ৰ পৰা ‘সামান্য’ লৈ আরু জ্ঞাতৰ পৰা অজ্ঞাত সত্যলৈ গতি কৰে । সেয়েহে অবৈজ্ঞানিক আগমন হৈছে এক প্রকৃত আগমন ।

 

(ঘ) অবৈজ্ঞানিক আগমনে অভিজ্ঞতাৰ একরূপতাৰ বা অবাধিত অভিজ্ঞতাৰ ওপৰত নির্ভৰ কৰে । এই আগমনত ভিত্তি হিচাপে অবাধিত অর্থাৎ অভিজ্ঞতাৰ একরূপতা আরু বিৰোধীৰ দৃষ্টান্তৰ অভাৱৰ ওপৰত প্রতিষ্ঠিত হয় ।

 

(ঙ) অবৈজ্ঞানিক আগমনত পর্যৱেক্ষণ জৰিয়তে পোৱা দৃষ্টান্তৰ বা ঘটনাবোৰৰ মাজত কাৰ্য-কাৰণ সম্বন্ধ প্রতিষ্ঠা কৰা নহয় । এই আগমনত কাৰ্য-কাৰণ সম্বন্ধ অবিহনে সদৰ্থক দৃষ্টান্তসমূহৰ জৰিয়তে সামান্য বচন প্রতিষ্ঠা কৰা হয় ।

 

(চ) অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সকলো সময়ত সম্ভাৱনামূলক বা অনিশ্চিত স্বভাৱৰ হয় । কাৰণ, এই আগমনত কাৰ্য-কাৰণ সম্বন্ধ নিৰ্ণয় নকৰাকৈ অবাধিত অভিজ্ঞতাৰ ওপৰত সিদ্ধান্ত প্রতিষ্ঠা কৰা হয় ।  

 

৫। সাদৃশ্যানুমান কি? ইয়াৰ বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ সাদৃশ্যানুমান বা সাদৃশ্যামূলক অনুমান হৈছে প্রকৃত আগমনৰ এক মূল ভাগ য’ত দুটা বস্তুৰ মাজত কিছুমান গুণ বা লক্ষণৰ সাদৃশ্য লক্ষ্য কৰি সেই সাদৃশ্যৰ ভিত্তিত এটা বস্তুত থকা কোনো গুণ বা লক্ষণ দ্বিতীয় বস্তুটোত থকা বুলি অনুমান কৰা হয় ।

    ইয়াৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হ’ল-

(ক) সাদৃশ্যানুমানত এক বিশেষ দৃষ্টান্তৰ পৰা আন এক বিশেষ দৃষ্টান্তত উপনীত হয় ।

(খ) সাদৃশ্যানুমানত কিছুমান বিশেষ বিশেষ দৃষ্টান্ত পৰ্যৱেক্ষণ কৰি কোনো ধৰণৰ সামান্য বচন প্রতিষ্ঠা কৰা নহয় বাবে ই এক প্রকাৰৰ অসম্পূৰ্ণ সাদৃশ্য হিচাপে প্রতিষ্ঠিত হয় ।

 

(গ) সাদৃশ্যানুমানত দুটা বস্তু বা দৃষ্টান্তৰৰ মাজত কিছুমান গুণ বা বিষয়ৰ সাদৃশ্যৰ ওপৰত প্রতিষ্ঠিত হয় । সেয়েহে সাদৃশ্যানুমানৰ সাদৃশ্য এক প্রকাৰ অসম্পূর্ণ সাদৃশ্য ।

 

(ঘ) সাদৃশ্যানুমান কাৰ্য-কাৰণৰ সম্বন্ধৰ ওপৰত প্রতিষ্ঠিত নহয় । সেয়েহে, সাদৃশ্যানুমানৰ সিদ্ধান্ত সম্ভাৱনামূলক আরু নিশ্চিত নহয় ।

 

(ঙ) সাদৃশ্যানুমান প্রকৃত আগমনৰ এক মূল প্রকাৰ । কাৰণ, সাদৃশ্যানুমানত আগমনৰ মূল লক্ষণ ‘আগমনাত্মক জাঁপ’ থাকে । অর্থাৎ সাদৃশ্যানুমানত জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়ত উপনীত হয় ।  

 

৬। তুমি এই কথা মানি লোৱানে ‘নিগমন আরু আগমনৰ পার্থক্য কেৱল ইয়াৰ আৰম্ভণিতহে, ইয়াৰ পৰিনতিত নহয়’? ব্যাখা কৰা ।

উত্তৰঃ ‘নিগমন আরু আগমনৰ পার্থক্য কেৱল ইয়াৰ আৰম্ভণিতহে, ইয়াৰ পৰিনতিত নহয়’ । এই কথা আমি দুই প্রকাৰৰ অনুমানৰ প্রকৃতিৰ পৰা মানি ল’ব পারোঁ । কাৰণ নিগমন আরু আগমনৰ মাজত থকা পার্থক্যবোৰ মৌলিক পার্থক্য বুলি কোৱা নাযায় । এই পার্থক্যবোৰ বিচাৰ কৰিলে মন কৰিব পাৰি যে দুয়ূ প্রকাৰৰ আগমনে উভয়ে উভয়ৰে পৰিপূৰক । লগতে, নিগমন আরু আগমন দুয়ো প্রকাৰে পৰস্পৰ নির্ভৰশীল ।

    বিশেষকৈ, আগমন অনুমানৰ অবিহনে নিগমন অনুমানৰ সামান্য বচন প্রতিষ্ঠা কৰা নহয় । কাৰণ, নিগমন অনুমানত সত্য বুলি ধৰি লোৱা সামান্য বচন আগমন অনুমানে প্রতিষ্ঠা কৰে । সমসাময়িকভাৱে, নিগমন অনুমানৰ সহায়ৰ অবিহনে আগমন অনুমানত প্রতিষ্ঠা কৰা সামান্য বচনটো বিশেষ বিশেষৰ ক্ষেত্রত প্রয়োগ কৰি সত্যতা প্রমাণ কৰিব পৰা নাযায় ।

    গতিকে আমি ক’ব পারোঁ যে দুয়ু প্রকাৰৰ আগমনত থকা পার্থক্যবোৰ কেৱল মাত্র আৰম্ভণিতহে দেখা যায় আরু পৰিণতিত এইয়াপ্রতিফলিত নহয়কাৰণ, দুয়ুবিধ অনুমানেই পৰস্পৰ নির্ভৰশীল ।

    উদাহৰণস্বরূপে- আগমন অনুমানে প্রতিষ্ঠা কৰা সিদ্ধান্ততো অথবা ‘সকলো মানুহ হয় মৰণশীল’, নিগমন অনুমানত আশ্রয় বাক্য হিচাপে ব্যৱহাৰ কৰা হয় আরু নিগমন অনুমানৰ সিদ্ধান্তবোৰ অথবা ‘ৰাহুল হয় মৰণশীল’, ‘সীতা হয় মৰণশীল’, ‘ৰাম হয় মৰণশীল’ আদি সিদ্ধান্তসমূহ আগমন অনুমানত আশ্রয় বাক্য হিচাপে ব্যৱহাৰ কৰা হয় ।

 

৭। আগমনৰ প্রয়োজনীয়তা কি?

উত্তৰঃ  যি অনুমানত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত জ্ঞাত সত্যৰ পৰা অজ্ঞাত নতুন সত্যৰ জ্ঞান প্রতিষ্ঠা কৰে, তাকে আগমন অনুমান বোলে ।

    তর্কবিজ্ঞানত আগমন অনুমানৰ নিতান্ত প্রয়োজন । ইয়াৰ উল্লেখযোগ্য প্রয়োজনীয়তাসমূহ হ’ল-

 

(ক) সত্য বা যথার্থ জ্ঞান প্রতিষ্ঠা করাঃ

    আদর্শনিষ্ঠ বিজ্ঞান হিচাপে তর্কবিজ্ঞানৰ মুখ্য উদ্দেশ্য হৈছে অনুমানৰ জৰিয়তে সত্য বা যথার্থ জ্ঞান লাভ কৰা । এই ক্ষেত্রত আগমন অনুমানে বিশেষ বিশেষ কিছুমান সম্বন্ধৰ জ্ঞানৰ জৰিয়তে সামান্য বা সার্বিক সম্বন্ধৰ সত্য আরু যথার্থ জ্ঞান প্রদান কৰে ।

 

(খ) সত্য প্রতিষ্ঠা কৰাৰ দিশতঃ

    তর্কবিজ্ঞানৰ মুখ্য উদ্দেশ্য হৈছে- জ্ঞানৰ সত্যতা প্রতিষ্ঠা কৰা । নিগমন অনুমানে কেৱল আকাৰগত সত্যতাহে প্রতিষ্ঠা কৰে । আনহাতে, এই দিশত আগমন অনুমানে আকাৰগত আরু বস্তুগত, দুয়ুপ্রকাৰৰ সত্যতা প্রতিষ্ঠা কৰি এক পূর্ণ সত্যতা প্রতিষ্ঠা কৰে ।

 

(গ) নিগমন অনুমানৰ আশ্রয় বাক্য প্রতিষ্ঠা কৰাৰ সম্বন্ধতঃ

    নিগমন অনুমানৰ আশ্রয় বাক্যবোৰ আগমন অনুমানৰ সিদ্ধান্তৰ পৰা গ্রহণ কৰা হয় । আগমন অনুমানে প্রতিষ্ঠা কৰা সিদ্ধান্তই নিগমন অনুমানৰ বিধি বাক্য গ্রহণ কৰাৰ ক্ষেত্রত সহায় কৰে ।

 

(ঘ) সামান্য বচনবোৰৰ সত্যতা নিরূপণৰ ক্ষেত্রতঃ

    নিগমন অনুমানে কেৱল মাত্র আকাৰগত সত্যতা নিরূপণ কৰে । কিন্ত এই দিশত আগমন অনুমানে আকাৰগত সত্যতাৰ লগতে সামান্য বচনবোৰৰ বস্তুগত সত্যতাও নিরূপণ কৰে ।

 

(ঙ) সামান্য সংশ্লেষক বচনবোৰ বস্তুগত সত্যতা প্রতিষ্ঠা কৰাৰ দিশতঃ

    নিগমনৰ ন্যায় অনুমানে সামান্য সংশ্লেষক বচনবোৰৰ বস্তুগত সত্যতা অবিহনে বৈধ সিদ্ধান্তত উপনীত হ’ব নোৱাৰে । এই ক্ষেত্রত সামান্য সংশ্লেষক বচনবোৰৰ বস্তুগত সত্যতা প্রতিষ্ঠা কৰাৰ নিমিত্তে আগমন অনুমানৰ প্রয়োজন হয় ।

    এনেদৰে তর্কবিজ্ঞানত আগমন অনুমানৰ প্রয়োজনীয়তা উপলব্ধি কৰিব পাৰি অর্থাৎ ‘আগমন অনুমান তর্কবিজ্ঞানত নিতান্ত প্রয়োজনীয়’ ।

 

 

 

 

updating & checking…………………

 ……