আনন্দৰাম বৰুৱা :-
অতি চমু প্রশ্ন (VSA) – মূল্যাংকঃ ১
(ক) উপেন্দ্র চন্দ্র লেখাৰুৱে
শিক্ষা সমাপন কৰি কোনখন শিক্ষানুষ্ঠানত শিক্ষকতা কৰিবলৈ লৈছিল?
উত্তৰঃ উপেন্দ্র চন্দ্র লেখাৰুৱে
শিক্ষা সমাপন কৰি উত্তৰ গুৱাহাটীৰ কমলদেৱ হাইস্কুলত শিক্ষকতা কৰিবলৈ লৈছিল ।
(খ) উপেন্দ্র চন্দ্র লেখাৰুৱে
সম্পাদন কৰা বৃহৎ কলেৱৰৰ গ্রন্থখন কি?
উত্তৰঃ উপেন্দ্র চন্দ্র লেখাৰুৱে
সম্পাদন কৰা বৃহৎ কলেৱৰৰ গ্রন্থখন হ’ল- ‘কথা-গুৰু চৰিত’ ।
(গ) আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি কোনগৰাকী
পণ্ডিতে বিস্ময় মানিছিল ?
অথবাঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকলপ দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা।
উত্তৰঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি মেক্স মূলাৰে বিস্ময়
মানিছিল ।
(ঘ) ‘আনন্দৰাম বৰুৱা’ শীর্ষক
পাঠটোৰ লেখকৰ মতে মানুহৰ সাৰ বস্তু কি?
উত্তৰঃ ‘আনন্দৰাম বৰুৱা’ শীর্ষক
পাঠটোৰ লেখকৰ মতে মানুহৰ সাৰ বস্তু হ’ল- জ্ঞান, গতিকে জ্ঞানৰ মূৰ্তিয়েই পূজনীয় ।
(ঙ) আনন্দৰামে ‘কামরূপৰ ভাওনা’ৰ কথা
ক’ত উল্লেখ কৰিছে ?
অথবাঃ আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামরূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?
উত্তৰঃ আনন্দৰামে ‘কামরূপৰ ভাওনা’ৰ কথা মহাবীৰ চৰিত গ্ৰন্থত উল্লেখ কৰিছে ।
(চ) আনন্দৰামে ল’ৰাকালতে কন্ঠস্থ কৰা গ্রন্থখনৰ নাম কি?
উত্তৰঃ আনন্দৰামে ল’ৰাকালতে কন্ঠস্থ কৰা গ্রন্থখনৰ নাম হ’ল- অমৰকোষ ।
(ছ)আনন্দৰাম বৰুৱাই জন্মগ্রহণ কৰা গাওঁখনৰ নাম কি?
উত্তৰঃ আনন্দৰাম বৰুৱাই জন্মগ্রহণ
কৰা গাওঁখনৰ নাম হ’ল- উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ৷
(জ) অর্থ লিখাঃ
উপৰিস্থসকল, প্রকৃষ্ট, অনিয়া-অনি
উত্তৰঃ শব্দ- অর্থ
উপৰিস্থসকল- জ্যেষ্ঠসকল
প্রকৃষ্ট- উত্তম, শ্রেষ্ঠ
অনিয়া-অনি- পৰস্পৰে দায়িত্ব অস্বীকাৰ কৰা
ক্ষণজন্মা- অতি শুভ সময়ত জন্ম হোৱা, ভাগ্যবান
(ঝ)কিহৰ বাবে আনন্দৰাম বৰুৱা
পূজনীয় হৈ থাকিব?
উত্তৰঃ মূল্যবান সংস্কৃতৰ গ্রন্থসমূহৰ বাবে আনন্দৰাম বৰুৱা সদায় পূজনীয় হৈ থাকিব ৷
(ঞ) ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক’লৈ
গৈছিল ?
উত্তৰঃ ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সূদূৰ ইউৰেপলৈ গৈছিল।
(ট) আনন্দৰাম বৰুৱাই কোনখন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাই কলিকতাৰ
প্রেছিডেন্সী কলেজৰ পৰা ১৮৬৯ চনত আইনৰ স্নাতক ডিগ্রী লাভ কৰিছিল ৷
(ঠ) আন অসমীয়াৰ দৰে আনন্দৰামে কি খাই ডাঙৰ দীঘল হৈছিল?
উত্তৰঃ আন অসমীয়াৰ দৰে আনন্দৰামে খাৰ-পাত, কল-কুঁহিয়াৰকে খাই ডাঙৰ দীঘল হৈছিল
৷
(ড) আনন্দৰামে কামরূপৰ ভাওনাৰ কথা ক’ত উল্লেখ কৰিছে ?
অথবাঃ আনন্দৰাম বৰুৱাই কোনখন
গ্রন্থত কামরূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?
উত্তৰঃ আনন্দৰামে ‘মহাবীৰ চৰিত’ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে
কামরূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে ।
(ঢ) কিহৰ গুণত আনন্দৰামে অসাধাৰণ জ্ঞানী আৰু অসাধৰণ কর্মী হ’ব পাৰিছিল?
উত্তৰঃ আনন্দৰাম সদায় একাগ্র আছিল ৷ একাগ্রতাৰ গুণতে আনন্দৰামে অসাধাৰণ জ্ঞানী
আৰু অসাধৰণ কর্মী হ’ব পাৰিছিল ৷
(ণ) ঊনৈশ শতিকাত অসমৰ পৰা বংগদেশলৈ যাবলৈ মানুহে কিয় ভয় কৰিছিল?
উত্তৰঃ পথ দুৰ্গম হোৱা বাবে ঊনৈশ শতিকাত অসমৰ পৰা বংগদেশলৈ যাবলৈ মানুহে ভয়
কৰিছিল ৷
(ত) আনন্দৰাম বৰুৱাৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাৰ জন্ম ১৮৫০ চনৰ ২১ মে’ তাৰিখে উওৰ গুৱাহাটীৰ ৰজাদুৱাৰত হৈছিল ।
(থ) আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল?
উত্তৰঃআনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কৰ্ম আছিল । তেওঁৰ মতে কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বরূপ ।
(দ) ক’ত ক’ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল?
উত্তৰঃ ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল।
(ধ) আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্পৰ্কে কেনেধৰনে কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল?
উত্তৰঃ ‘প্ৰাগজ্যোতিষপুৰ সম্ভম্’ বুলি কৈ আনন্দৰাম বৰুৱাই বিশেষ গৌৰৱ অনুভৱ কৰিছিল।
(ন) আনন্দৰাম বৰুৱাই কিয় চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল?
উত্তৰঃ আনন্দৰাম বৰুৱা কৰ্মত এনে একনিষ্ঠভাবে লিপ্ত আছিল, জ্ঞান চৰ্চাৰ অনুৰাগ তেওঁৰ ইমান প্ৰবল আছিল যে তাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল।
(প) আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি কোন পণ্ডিত বিস্ময় মানিছিল?
অথবাঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা ।
উত্তৰঃআনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিখ্যাত পণ্ডিত মেক্সমূলাৰে বিস্ময় মানিছিল ।
অথবাঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম-মেক্সমূলাৰ ।
(ফ) ‘কথা গুৰু চৰিত’ কোনে সম্পাদনা কৰিছিল?
উত্তৰঃউপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে ‘কথা গুৰু চৰিত’ সম্পাদনা কৰিছিল ।
(ব) ভাৰতীয় প্ৰসাশনিক সেৱাত নিযুক্ত প্ৰথমজন অসমীয়া কোন?
Ans :- ভাৰতীয় প্ৰসাশনিক সেৱাত নিযুক্ত প্ৰথমজন অসমীয়া হ’ল- আনন্দৰাম বৰুৱা ।
(ভ) আনন্দৰাম বৰুৱাই কিহৰ চৰ্চা কৰিছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা আৰু সাহিত্যৰ চৰ্চা কৰিছিল ।
(ম) মানুহৰ সাৰ বস্তু কি?
উত্তৰঃ মানুহৰ সাৰ বস্তু হৈছে- জ্ঞান ।
(য) আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰনি সাহত্য গ্ৰন্থ সম্পাদনা কৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱেৰ গ্ৰন্থ দুখনৰ নাম ক?
উত্তৰঃ আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহত্য গ্ৰন্থ সম্পাদনা কৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱেৰ গ্ৰন্থ দুখনৰ নাম হ’ল- ভক্তি বিবেক আৰু কথা সাহিত্য ।
(ৰ) উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে সভপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিবেশনখনি কোন চনত, কোন স্থানত অনুস্থিত হৈছিল?
উত্তৰঃ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে সভপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিবেশনখনি সপ্তত্ৰিংশ ১৯৭০ চনৰ ধিংত অনুস্থিত হৈছিল ।
(ল) আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে?
উত্তৰঃ জ্ঞান চৰ্চাই আনন্দৰাম বৰুৱাক মহৎ আৰু অমৰ কৰি তুলিছে।
চমু প্রশ্ন (আৰ্হি নং ১) (SA Type-I) – মূল্যাংকঃ ২
(ক) আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য-গ্রন্থ সম্পাদন কৰা উপেন্দ্র
চন্দ্র লেখাৰুদেৱৰ গ্রন্থ দুখন
কি কি?
উত্তৰঃ আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য-গ্রন্থ সম্পাদন কৰা
উপেন্দ্র চন্দ্র লেখাৰুদেৱৰ গ্রন্থ দুখন হ’ল- (১)ভক্তি বিবেক আৰু (২) কথা সাহিত্য
।
(খ) উপেন্দ্র চন্দ্র লেখাৰুদেৱে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ
অধিৱেশনখনি কোন চনত, কোন স্থানত অনুষ্ঠিত হৈছিল?
উত্তৰঃ উপেন্দ্র চন্দ্র লেখাৰুদেৱে সভাপতিত্ব
কৰা অসম সাহিত্য সভাৰ অধিৱেশনখনি ১৯৭০ চনত, ধিঙত অনুষ্ঠিত হৈছিল ।
(গ) আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে ?
উত্তৰঃ আনন্দৰাম অসমৰে
এখনি সৰু গাঁৱত জন্মিছিল । আন
অসমীয়াৰ দৰে তেওঁ খাৰ-পাত, কল-কুঁহিয়াৰকে খাই ডাঙৰ-দীঘল হৈছিল । কিন্ত তেওঁ একান্তভাৱে জ্ঞান চৰ্চা কৰিছিল । ইয়ে তেওঁৰ
বিশেষত্ব, ইয়ে তেওঁক মহৎ আৰু অমৰ কৰি তুলিছে ।
(ঘ) আনন্দৰামৰ মহৎ
আদৰ্শৰাজি আমি কেনেধৰণে গ্রহণ কৰিব পাৰোঁ – পাঠটিৰ সহায়ত বুজাই লিখা ।
উত্তৰঃ আনন্দৰামৰ মহৎ আদৰ্শৰাজি আমি সদায় অনুকৰণ কৰিবলগীয়া
। গতিকে, পথ দেখাওঁতে রূপে তেওঁক স্মৰণ কৰিব লাগে আৰু অমৰ আৰু আকাৰহীন আনন্দৰামক
মূৰ্তিমন্ত কৰি সদায় চকুৰ আগত ৰাখিব লাগে । প্রকৃততে, এনে মহাপুৰুষসকলৰ পদাংক অনুসৰণ কৰি প্রত্যেক মানুহে নিজকে উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে ।
(ঙ) আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ অনুকৰণ কৰিবলগীয়া?
অথবাঃ আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায়
অনুকৰণ কৰিবলগীয়া ?
উত্তৰঃ আনন্দৰাম বৰুৱাৰ জীৱনত যিবিলাক আদৰ্শ দেখুৱাই গৈছে সেইবোৰ গুণ
সদায় অনুকৰণ কৰিবলগীয়া । নিজ জন্মভূমি তথা পৰিয়ালৰ প্ৰতি থকা শ্ৰদ্ধা, দেশভক্তি, একাগ্ৰতা, পৰিশ্ৰম, মনোবল, কৰ্মস্পৃহা, অনুসন্ধান স্পৃহা আৰু তেওঁ দেখুৱাই যোৱা আন আন আদৰ্শবোৰ সদায় আমি অনুকৰন কৰা উচিত ।
(চ) ক’ত ক’ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল
?
উত্তৰঃ ভাৰতত আৰু সুদূৰ ইউৰোপত
শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল ।
(ছ) কেনেধৰনৰ/কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল?
Ans- দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্র পৰশুৰাম আৰু জানকীৰামৰ ভ্রাতৃ বুলি পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল ।
(জ) আনন্দৰাম বৰুৱাই প্রাগজ্যোতিষপুৰ
সম্পৰ্কে কি বুলি কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল ?
অথবাঃ ‘আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল’ – বুজাই লিখা ।
উত্তৰঃ আনন্দৰাম যিদৰে প্ৰখ্যাত পণ্ডিত আছিল, সেইদৰে আছিল দেশভক্তও অৰ্থাৎ ‘আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল’ । তেওঁ সদায় নিজ দেশৰ লোকসকলৰ সন্মান ৰক্ষা কৰিছিল। ‘প্ৰাগজ্যোতিষপুৰ সম্ভৱম’ বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল । তেওঁ ‘মহাবীৰ চৰিত’ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোতে কামরূপৰ কথা উল্লেখ কৰিছে। তেওঁ নিজ দেশৰ কথা য’তেই সুবিধা পাইছে ত’তেই উন্নেখ কৰিছে । এনেবোৰ কথাৰ দ্বাৰা আনন্দৰাম বৰুৱাৰ দেশপ্ৰেমৰ উমান পাব পাৰি ।
(ঝ) কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব?
উত্তৰঃ আনন্দৰাম বৰুৱাৰ নিজ কৰ্মক্ষেএৰে অসমীয়াৰ সকলো কৰ্মক্ষেত্রৰে মূল
দুৱাৰ মুকলি কৰি দিয়া আৰু নৱযুগৰ আৰম্ভণি কৰি অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তোলাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব অৰ্থাৎ সদায়
পূজা পাব ।
(ঞ) আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহস/সাহ কৰা নাছিল?
উত্তৰঃপথ দুৰ্গম আৰু জাত যোৱাৰ ভয়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ সাহস কৰা নাছিল।
চমু প্রশ্ন (আৰ্হি নং ২) (SA Type-II) – মূল্যাংকঃ ৩
(ক) প্রকৃত মহৎ লোকসকলে দেশ-কালৰ সীমা কেনেদৰে অতিক্রম কৰে?
উত্তৰঃ ক্ষণজন্মা আনন্দৰাম বৰুৱাৰ বিষয়ে সকলোৱে শুনিছে । আমাৰ আগতো তেখেতৰ নাম শনিছিল আৰু আমাৰ পিছতো বহুতে শুনিব । তেওঁৰ মূল্যবান সংস্কৃতৰ
গ্রন্থৰাজিৰ কাৰণে সদায় সকলৰো মাজত তেওঁ পূজনীয় হৈ থাকিব । অতীত, বৰ্তমান, ভৱিষ্যৎ
তিনি কালতে ব্যাপি থাকি তেওঁ তেওঁৰ মহত্ত্বৰ পৰিচয় দিছে । ভাৰত, ইউৰোপ, আমেৰিকা
আদি সকলো সভ্য দেশতে জ্ঞানী সমাজত তেওঁৰ সংস্কৃতৰ গ্রন্থসমূহ আৰু জ্ঞানৰ সম্প্রচাৰৰ বাবে আনন্দৰামৰ নাম জনাজাত । প্রকৃত মহৎ
লোকসকলে এইদৰেই দেশ-কালৰ সীমা অতিক্রম কৰে ।
(খ) কামৰূপ আৰু
প্রাগজ্যোতিষপুৰৰ উল্লেখ কৰি আনন্দৰাম বৰুৱাই কেনেদৰে স্বদেশ প্রেমৰ পৰিচয় দিছিল ?
উত্তৰঃ আনন্দৰাম বৰুৱাৰ নিজৰ দেশৰ প্রতি অগাধ ভক্তি আছিল । তেওঁ নিজ দেশ আৰু দেশৰ লোকসকলৰ সন্মান ৰক্ষা কৰিছিল । ‘প্রাগজ্যোতিষপুৰ সম্ভৱম্’ বুলি কৈ তেওঁ বিশেষ
গৌৰৱ অনুভৱ কৰিছিল । তেওঁৰ প্রকাশিত গ্রন্থসমূহৰ তেওঁ এইদৰেই পৰিচয় দিছিল । তেওঁৰ
‘মহাবীৰ চৰিত’ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে কামৰূপৰ ভাওনাৰ বিষয়ে উল্লেখ কৰিছিল । এনেদৰে তেওঁ য’তেই সুবিধা
পাইছিল ত’তে কামৰূপ আৰু প্রাগজ্যোতিষপুৰৰ কথা উল্লেখ কৰি স্বদেশ প্রেমৰ পৰিচয়
দিছিল ।
(গ) আনন্দৰামৰ সময়ত কিয় ভাৰতৰ পৰা নিচেই কম সংখ্যক মানুহে
ইউৰোপলৈ যাবলৈ সাহ কৰিছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাদেৱে জ্ঞান লাভৰ নিমিত্তে ভাৰতত শিক্ষা শেষ কৰি সুদূৰ ইউৰোপলৈ গৈছিল ।
আজিকালি বিলাতলৈ অনেক যায় । সেয়েহে বৰ্তমান এই বিষয়তো একো আচৰিত কথা নহয় । কিন্তু
তেওঁ যি কালত গৈছিল, সেই কালত ভাৰতৰ পৰা নিচেই কম সংখ্যক মানুহেহে ইউৰোপলৈ যাবলৈ
সাহ কৰিছিল । আনকি পথ দুৰ্গম হোৱা হেতুকে অসমৰ ওচৰৰ বংগদেশলৈ যাবলৈকে মানুহে ভয়
কৰিছিল । এনে ভয়ৰ বাহিৰেও বিলাতলৈ গ’লে জাতি যোৱা ভয়টো মানুহৰ মনত সম্পূৰ্ণ আছিল ।
গতিকে, তেনে সময়ত পিতৃ-মাতৃ, জ্ঞাতি-কুটুম আৰু সমাজৰ পৰা আঁতৰি মহাসাগৰ পাৰ হৈ সুদূৰ বিলাতলৈ যাবলৈ
আনন্দৰামৰ যথেষ্ট মনৰ বলৰ আৱশ্যক হৈছিল ।
(ঘ) কোনে কি প্রসংগত এই কবিতা ফাকিৰ অৱতাৰণা কৰিছেঃ
“তোমাৰে আনন্দ বৰুৱাই চোৱা সংস্কৃত সাগৰ মথি ।
য়ুৰুপ,
এচিয়াত কিৰিতি ৰাখিলে, জগতে কৈছে ডাঠি ।”
উত্তৰঃ আনন্দৰাম বৰুৱাদেৱে জ্ঞান লাভৰ নিমিত্তে ভাৰতত শিক্ষা শেষ কৰি সুদূৰ ইউৰোপলৈ গৈছিল । তেওঁৰ
মূল্যবান সংস্কৃতৰ গ্রন্থৰাজিৰ বাবে ভাৰত, ইউৰোপ, আমেৰিকা আদি সকলো সভ্য দেশতে
তেখেতৰ নাম খ্যাত । আমাৰ অসমৰ লোকসকলৰ তেওঁ গৌৰৱৰ ৰবি আৰু অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰে । আজিও যিসকল লোকে দেশত শক্তি অনুসৰি চৰ্চা আৰু অনুসন্ধান কৰিছে আৰু খ্যাতি লাভ কৰিছে সেই সকলো প্রকৃতপক্ষে আনন্দৰামৰ আদৰ্শত অনুপ্রাণিত হৈছে ।
একাগ্রতা আৰু
অধ্যৱসায়ৰ বলত অসমীয়ায়ো জগতৰ জাতিসমূহৰ মাজত উচ্চ আসন দাবী কৰিব পাৰে, এই
আত্মবিশ্বাস আহিব ধৰিছে । এই আত্মবিশ্বাস প্রথমে যিজনে নৱযুগৰ আৰম্ভণিতে আমাৰ দেশক
দিলে তেওঁয়ে হৈছে আনন্দৰাম । অসমীয়াৰ শক্তিৰ প্রমাণ দিওঁতা বুলি গৌৰৱ কৰি কবি তথা
লেখক উপেন্দ্র চন্দ্র লেখাৰুদেৱে
দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰি গাইছে-
“তোমাৰে আনন্দ বৰুৱাই চোৱা সংস্কৃত সাগৰ মথি ।
য়ুৰুপ, এচিয়াত কিৰিতি ৰাখিলে, জগতে কৈছে ডাঠি ।”
দীঘলীয়া প্রশ্ন (আৰ্হি নং ১) (LA Type-I) মূল্যাংকঃ
৪
(ক) আনন্দৰামৰ বৰুৱাৰ দেশৰ প্রতি মহৎ দান কি বুলি লেখকে কৈছে বুজাই লিখা ।
উত্তৰঃ লেখক উপেন্দ্র চন্দ্র লেখাৰুদেৱৰ বৰ্ণনা অনুসৰি আনন্দৰামে অসমীয়া ভাষাত কোনো গ্রন্থ লিখা নাছিল । সেই দেখি
লেখকৰ মতে কোনো কোনোৱে তেখেতক দোষাৰোপ কৰিব খুজিব পাৰে । কিন্ত
সেইটো ভুল
আৰু যুক্তিহীন । তেওঁ কি কি নকৰিলে সেইবোৰলৈ নেচাই তেওঁ কি কি কৰিলে তাকে চালেহে
আমি তেওঁৰ পৰিচয় পাব পাৰিম বুলি লেখকে ব্যক্ত কৰিছে ।
এজন মানুহে সকলোবোৰ কাম
কৰা অসম্ভৱ । বিশেষকৈ সংস্কৃত ভাষা আৰু সাহিত্যকে আনন্দৰামে
ভাল পাইছিল । তাৰে বিশেষ চৰ্চা কৰি নিজ প্রতিভাৰে তেওঁ জগতত চিৰকাললৈ অসমীয়াৰ
সন্মান বঢ়ালে আৰু আন আন অসমীয়াক দেশৰ
উন্নতি পথৰ ইংগিত দি গ’ল । দেশৰ প্রতি এয়ে তেওঁৰ মহৎ দান । ইয়াৰ বাবেই আনন্দ বৰুৱাদেৱ আমাৰ চিৰ পূজনীয় ।
(খ) ‘আনন্দৰাম সদায় একাগ্র আছিল’ –
চমুকৈ বুজাই লিখা ।
অথবাঃ একাগ্ৰতা গুনে আনন্দৰাম বৰুৱাক কেনেধৰনে সহায় কৰিছিল?
উত্তৰঃ আনন্দৰাম বৰুৱা সদায় একাগ্ৰতা আছিল । একাগ্ৰতাৰ গুনতেই তেওঁ এগৰাকী অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল । এই গুণে তেখেতক সাহস আৰু প্ৰেৰণা দান কৰিছিল । ল’ৰালিকালতে ভাওনা আদি আভিনয় উৎসৱত যোগদান কৰোতে আনন্দৰাম যেনে একামনা আছিল, সেইদৰে লিখা-পঢ়া বিষয়তো তেওঁ একামনা আছিল । সেয়েহে গোটেই ‘অমৰকোষ’খনি তেওঁ ল’ৰালিকালতে কন্ঠস্থ কৰিব পাৰিছিল । কৰ্মত আনন্দৰাম বৰুৱা ইমান একাগ্ৰ আছিল আৰু জ্ঞান-চৰ্চাৰ অনুৰাগ তেওঁৰ এনে প্ৰবল আছিল যে তাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অবলম্বন কৰিছিল । কৰ্মৰ প্ৰতি থকা একাগ্ৰতাৰ বাবেই এসময়ত তেওঁ এগৰাকী প্ৰখ্যাত পণ্ডিত হ’ব পাৰিছিল । এনে পবিত্র পথৰ পথিক
তেওঁ আমাৰ চিৰ নমস্য হৈ ৰব ।
(গ) ‘আনন্দৰামৰ মূলমন্ত্র আছিল
কৰ্ম’ – চমুকৈ আলোচনা কৰা ।
উত্তৰঃ আনন্দৰাম বৰুৱাৰ মূলমন্ত্ৰ আছিল কৰ্ম । অবিৰাম কৰ্মগতিতে তেওঁ আনন্দ লাভ কৰিছিল । কামৰ বাবে বৰুৱাই প্ৰশংসা বা মান নিবিচাৰিছিল । বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম সময়ৰ ভিতৰতে তেওঁ বহুকেইখন উচ্চ শ্ৰেনীৰ গ্ৰন্থ প্ৰকাশ কৰিছিল । ইয়াৰ বাহিৰেও আৰু নানা গ্ৰন্থ প্ৰণয়ন কৰিবলৈ তেওঁ সংকল্প কৰিছিল ।
তেওঁৰ কাম আৰু সংকল্প দেখি জগত বিখ্যাত পণ্ডিত মেক্সমূলাৰৰ দৰে লোকও বিস্ময় মানিছিল । কৰ্ম আৰু জীৱনৰ দ্বাৰা আনন্দৰাম বৰুৱাই জাতীসমূহৰ লগতে প্রাচ্য-পাশ্চাত্য
ঐক্য সাধন কৰিছিল । জ্ঞানস্পৃহাৰ বাবে আনন্দৰামে ভাৰতত
শিক্ষা সাং কৰি সুদূৰ ইউৰোপলৈ গৈছিল । প্রাচ্য-পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ। তেওঁৰ অনুসন্ধান স্পৃহা, কৰ্ম আৰু খ্যাতিয়ে আমাক বিস্মিত কৰে । কৰ্মৰ জৰিয়তে সুস্থিৰ সমাজ-দেশ গঠনেই আনন্দৰামৰ জীৱন ।
দীঘলীয়া প্রশ্ন (আৰ্হি
নং ২) (LA Type-II) – মূল্যাংকঃ ৫
(ক) আনন্দৰাম বৰুৱাই জন্ম দিওঁতা আৰু লালল-পালন কৰি ডাঙৰ
দীঘল কৰোঁতাসকলক কেনেদৰে ভক্তি আৰু কৃতজ্ঞতা জনাইছিল
বুজাই লিখা ।
উত্তৰঃ কোনো লোকে প্রকৃত জ্ঞানৰ
অধিকাৰী হ’লে বা জীৱনৰ মাধুৰী ভোগ কৰিবলৈ পালে বা পৃথিৱীত জন্মলাভ কৰাৰ সাৰ্থকতা
উপলব্ধি কৰিলে জন্মদাতা পিতৃ-মাতৃ আৰু লালন-পালন কৰি ডাঙৰ কৰোঁতা
উপৰিস্থসকল, সংগীসকল, জ্ঞানদাতাসকল দেশ বা সমাজৰ প্রতি কৃতজ্ঞ হয় । আনন্দৰামে এই
কথাৰ সত্যাতা প্রমাণ কৰি দেখুৱাইছিল । ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি অগাধ পণ্ডিত হৈ উঠিছিল । ইয়াৰ উপৰি, দেশৰ আন
লোকে এই কালত আশা কৰিব নোৱাৰা ৰজাঘৰীয়া ডাঙৰ বিষয় পাইছিল ।
তথাপি,
আনন্দ বৰুৱাদেৱে নিজৰ আই-বোপাই,
ভাই-ককাইৰ প্রতি ভক্তি আৰু শ্রদ্ধা লেখমানো কমি
যোৱা নাছিল । সংস্কৃত সাগৰ মথি জগত বিখ্যাত পণ্ডিতসকলৰ শাৰীত বহি তেওঁ সংস্কৃতৰ
সুবৃহৎ গ্রন্থ লেখিছিল । সেই মুহূৰ্ততো তেওঁ দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্র পৰশুৰাম আৰু লগতে জানকীৰামৰ ভ্রাতৃ
বুলি পৰিচয় প্রদান কৰিহে অত্যন্ত সন্তোষ লাভ কৰিছিল । জন্ম দিওঁতা আৰু লালন-পালন কৰি ডাঙৰ-দীঘল কৰোঁতাসকলক কেনেদৰে ভক্তি দেখুৱাব, কেনেদৰে তেওঁলোকৰ
প্রতি কৃতজ্ঞতা প্রকাশ কৰিব লাগে তাৰ আদৰ্শ আৰু চিন্তাহে তেখেতে মনোনিবেশ কৰিছিল ।
(খ) কেনে পৰিৱেশত আনন্দৰামে বিলাত
যাত্রা কৰিছিল – বুজাই লিখা ।
অথবাঃ (ঘ)‘নৱযুগৰ আৰম্ভণি অসমীয়াৰ
পক্ষে গৌৰৱময় কৰি তোলাৰ কাৰণে আনন্দৰামে সদায় পূজা পাব ।’ – বুজাই লিখা ।
উত্তৰঃ আনন্দৰামে যিটো কালত বিলাত
যাত্রা কৰিছিল, সেই কালত ভাৰতৰ পৰা নিচেই কম সংখ্যক মানুহেহে ইউৰোপলৈ যাবলৈ সাহ কৰিছিল
। আনকি পথ দুৰ্গম হোৱা কাৰণে অসমৰ পৰা বংগদেশলৈ যাবলৈকে মানুহে ভয় কৰিছিল । এনে ভয়ৰ
বাহিৰেও বিলাতলৈ গ’লে জাতি যোৱা ভয়ো মানুহৰ মনত বিৰাজমান হৈ আছিল । সেয়েহে, সেই
সময়ত পিতৃ-মাতৃ, জ্ঞাতি-কুটুম আৰু সমাজৰ পৰা আঁতৰি
মহাসাগৰ পাৰ হৈ সুদূৰ বিলাতলৈ যাবলৈ আনন্দৰাম বৰুৱা দেৱৰ যথেষ্ট মনৰ বলৰ আৱশ্যক হৈছিল ।
জ্ঞানৰ প্রতি থকা
স্পৃহাই তেওঁৰ মনত অতুল সাহ জাগ্রত কৰিছিল । সেয়েহে আনন্দৰাম বৰুৱাদেৱে সিদ্ধি লাভ কৰিবলৈ সক্ষম হৈছিল । এই সাহস আৰু উদ্দীপণাই সেই সময়ত জাতিসমূহৰ মাজত অসমৰ উচ্চ আসন স্থাপন কৰিলে । আনন্দৰামে
অসমীয়াত ভাষাত একো নেলেখিলে, এখন অসম বুৰঞ্জীও লিখি থৈ থৈ নগ’ল, বক্তৃতা আদিৰো
সূত্রপাত নকৰিলে । তথাপি, সংস্কৃত ভাষা, গ্রন্থ আৰু চৰ্চাৰ মাধ্যমেৰে ভাৰত, আমেৰিকা, ইউৰোপ আদি দেশত অসমীয়াৰ যি নাম ৰাখিলে সেই
অতুল সাহস আৰু প্রচেষ্টাতে অসম আৰু অসমীয়াৰ বাবে সকলো কৰ্মক্ষেত্রৰে মূল দুৱাৰ মুকলি কৰি থৈ গ’ল । এই নৱযুগৰ আৰম্ভণি
কৰি সেই সময়ত অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তোলাৰ পৰিপেক্ষিতত আনন্দৰাম বৰুৱাদেৱ সদায় আমাৰ মাজত পূজ্য হৈ ৰব । অৰ্থাৎ ‘নৱযুগৰ আৰম্ভণি অসমীয়াৰ পক্ষে গৌৰৱময়
কৰি তোলাৰ কাৰণে আনন্দৰামে সদায় পূজা পাব ।’
(গ) প্রাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰাম বৰুৱাৰ
স্থান নিৰ্ণয় কৰা ।
অথবাঃ প্রাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে, বুজাই লিখা ।
উত্তৰঃ অধ্যাপক উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ মত অনুসৰি আনন্দৰাম বৰুৱাৰ আগতে সংস্কৃত চৰ্চা বৰ বিশেষ ৰকমে হৈছিল বুলি ক’ব নোৱাৰি । পাশ্চাত্যৰ লোকসকলে প্ৰাচ্যৰ জ্ঞানৰাজিৰ বিশেষ আলোচনা কৰিবলৈ সুবিধা পোৱা নাছিল । কিন্ত আনন্দৰাম বৰুৱাৰ পিছত এই কাম উজু হৈ পৰিছিল । প্রাচ্য আৰু পাশ্চাত্য ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ । তেওঁকে আদৰ্শ কৰি ভৰততো বহুতো সংস্কৃত চৰ্চা কৰিবলৈ ধৰিলে । অসমৰ বাবে বৰুৱা গৌৰৱ ৰবি ।
আজিও দেশত শক্তি অনুসৰি চৰ্চা আৰু অনুসন্ধান কৰিছে আৰু খ্যাতি লাভ কৰিছে, সেই সকলো প্ৰকৃতপক্ষে আনন্দৰামৰ আদৰ্শত অনুপ্ৰাণিত হৈছে । একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলত জাতিসমূহৰ মাজত আনন্দৰাম বৰুৱাই আসন দাবী কৰিব পাৰে । যিজন প্ৰথমে নৱযুগৰ আৰম্ভণিৰ আত্মবিশ্বাসৰ মাজেৰে আমাৰ মাজত প্ৰত্যয় জন্মালে আৰু প্রাচ্য আৰু পাশ্চাত্যৰ ভাৰত
সন্মিলনত বীজ সিঁচিলে তেওঁয়েই হৈছে আনন্দৰাম বৰুৱা । আনন্দৰাম বৰুৱাৰ জীৱন আৰু কৰ্মৰ দ্বাৰা তেওঁ জাতিসমূহৰ আৰু লগতে প্রাচ্য আৰু পাশ্চাত্যৰ সমন্বয় অথবা ঐক্য সাধন কৰিবলৈ সক্ষম হৈছিল ।
(ঙ) ‘প্রসংগ সংগতি দৰ্শাই ব্যাখা কৰাঃ
(১) তেওঁ কি কি নকৰিলে সেইবোৰলৈ
নাচাই তেওঁ কি কি কৰিলে, তাকে চালেহে আমি তেওঁৰ পৰিচয় পাম ।
উত্তৰঃ উদ্ধিত কথাফাকি আমাৰ দ্বাদশ
শ্রেণীৰ অসমীয়া ‘সাহিত্য সৌৰভ’ পাঠ্যপুথিৰ অন্তৰ্গত উপেন্দ্র চন্দ্র লেখাৰুদেৱৰ দ্বাৰা ৰচিত ‘আনন্দৰাম বৰুৱা’ পাঠটিৰ পৰা তুলি
দিয়া হৈছে ।
এই কথাফাকিৰ মাজেৰে
লেখকে আনন্দৰাম বৰুৱা দেৱে অসমীয়া জাতিৰ
বাবে কৰা কাৰু-কাৰ্যসমূহৰ ক্ষেত্রত
অধিক গুৰুত্ব নিক্ষেপ কৰিবলৈ আৰু তেওঁ নকৰা কৰ্মৰাজিৰ বিষয়ে চৰ্চা নকৰাৰ পৰিপেক্ষিতত অৱতাৰণা কৰিছে ।
লেখকে প্রকাশ কৰা অনুসৰি,
আনন্দৰামে অসমীয়া ভাষাত কোনো গ্রন্থ লিখা নাছিল । সেই দেখি কোনোৱে তেখেতক দোষাৰোপ
কৰিব খুজিব পাৰে । কিন্ত লেখকৰ মতে, এইটো একেবাৰে ভুল আৰু যুক্তিহীন । তেওঁ কি কি নকৰিলে সেইবোৰলৈ নেচাই তেওঁ কি কি কৰিলে, তাকে চালেহে
লেখকৰ মতে আমি তেওঁৰ পৰিচয় পাম কিয়নো এজন মানুহৰ পক্ষে সকলোবোৰ কাম কৰা অসম্ভৱ । আনন্দৰামে
সংস্কৃত ভাষা আৰু সাহিত্যৰ চৰ্চা কৰি
নিজ প্রতিভাৰে জগত্ত চিৰকাললৈ অসমীয়াৰ যি সন্মান বঢ়ালে আৰু আন আন অসমীয়াক দেশৰ উন্নতি পথৰ ইংগিত দি গ’ল, সেয়া দেশৰ প্রতি তেওঁৰ মহৎ দান
। ইয়াৰ বাবেই তেখেত আমাৰ পূজনীয় হৈ ৰ’ব ।
(২)“কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বরূপ” ।
অথবাঃ প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা- “কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বরূপ”
উত্তৰঃ ব্যাখেয় কথাফাকি আমাৰ পাঠ্যপুথি “সাহিত্য সৌৰভ’ৰ অৰ্ন্তগত প্ৰবন্ধকাৰ উপেন্দ্ৰে চন্দ্ৰ লেখাৰু দেৱৰ ‘আনন্দৰাম বৰুৱা’ শীৰ্ষক পাঠটিৰ পৰা লোৱা হৈছে ।
আনন্দৰাম বৰুৱাৰ মতে কৰ্মই আছিল ধৰ্ম । কৰ্ম সাধনাৰে তেওঁ দেশৰ উন্নতি সাধনৰ প্ৰচেষ্টাত ব্ৰতী আছিল । ভাৰতীয় দৰ্শনত কৰ্মই জীৱনৰ মূল । ফল আশা মকৰাকৈ কেৱল কাম কৰি যোৱাটোতেই জীৱনৰ সাৰ্থকতা । কৰ্মৰ দ্বাৰাই মানুহ পাৰ্থিৱ জগতত অমৰ হৈ ৰয় । ক্ৰমহীনতাই প্ৰকৃত মৃত্যু স্বৰূপ । ভৰতীয় দৰ্শনৰ এই তত্বক পূৰামাত্ৰহৈ অনুকৰন কৰিছিল আনন্দৰাম বৰুৱাই যিটো লেখকে এই কথাফাকিৰ মাজেৰে অৱতাৰণা কৰিছে
।
আনন্দৰাম বৰুৱাৰ মূলমন্ত্ৰ আছিল কৰ্ম । অবিৰাম কৰ্মগতিতে তেওঁ আনন্দ লাভ কৰিছিল । কামৰ বাবে বৰুৱাই প্ৰশংসা বা মান নিবিচাৰিছিল । বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম সময়ৰ ভিতৰতে তেওঁ বহুকেইখন উচ্চ শ্ৰেনীৰ গ্ৰন্থ প্ৰকাশ কৰিছিল । ইয়াৰ বাহিৰেও আৰু নানা গ্ৰন্থ প্ৰণয়ন কৰিবলৈ তেওঁ সংকল্প কৰিছিল । তেওঁৰ কাম আৰু সংকল্প দেখি জগত বিখ্যাত পণ্ডিত মেক্সমূলাৰৰ দৰে লোকেও বিস্ময় মানিছিল । কৰ্ম আৰু জীৱনৰ দ্বাৰা আনন্দৰাম বৰুৱাই জাতীসমূহৰ লগতে প্রাচ্য-পাশ্চাত্য
ঐক্য সাধন কৰিছিল । জ্ঞানস্পৃহাৰ বাবে আনন্দৰামে ভাৰতত
শিক্ষা সাং কৰি সুদূৰ ইউৰোপলৈ গৈছিল । প্রাচ্য-পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ। তেওঁৰ অনুসন্ধান স্পৃহা, কৰ্ম আৰু খ্যাতিয়ে আমাক বিস্মিত কৰে । কৰ্মৰ জৰিয়তে সুস্থিৰ সমাজ-দেশ গঠনেই আনন্দৰামৰ জীৱন ।
(৩)‘প্রকৃততে মহাপুৰুষৰ পদাংক অনুসৰণ কৰি প্রত্যেক মানুহে নিজকে উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে ।’
অথবাঃ মহাপুৰুষসকলৰ পদাংক অনুসৰন কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে? ‘আনন্দৰাম বৰুৱা’ পাঠটিৰ আধাৰত বুজাই লিখা।
উত্তৰঃ ব্যাখেয় কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অৰ্ন্তগত প্ৰবন্ধকাৰ উপেন্দ্ৰে চন্দ্ৰ লেখাৰু দেৱৰ ‘আনন্দৰাম বৰুৱা’ শীৰ্ষক পাঠটিৰ পৰা লোৱা হৈছে ।
সাধাৰন মানুহৰ দৰে জন্ম লৈও কেৱল আদৰ্শ আৰু কৰ্মৰ দ্বাৰা কিছুমান লোক জগতত মহাপুৰুষৰূপে স্বীকৃত হয় । বিশাল ব্যক্তিত্ব, জ্ঞানলাভৰ প্ৰতি থকা একাগ্ৰতা, অগাধ পাণ্ডিত্য, দেশপ্ৰেম, কৰ্মস্পৃহা আদি গুনৰাজিৰে তেওঁলোকে নিজৰ লগতে জগতকো উন্নতিৰ পথলৈ লৈ যায়, এই কথাকে এই
কথাফাকিৰ মাজেৰে লেখকে অৱতাৰণা কৰিছে ।
আনন্দৰাম বৰুৱা এনে এগৰাকী মহাপুৰুষ যিগৰাকী মহান পুৰুষৰ জীৱন আৰু কৰ্ম সকলোৰে আদৰ্শ হৈ ৰ’ব । এখন সৰু, সাধাৰন গাঁৱত জন্মিও তেওঁ একান্তভৱে জ্ঞান চৰ্চা কৰিছিল । জ্ঞান লাভৰ প্ৰতি থকা ঐকান্তিক গুণে তেওঁক মহৎ আৰু অমৰ কৰি তুলিছে । কৰ্মৰ প্ৰতি থকা একাগ্ৰতাৰ গুণত তেওঁৰ বহুমুখী কৰ্মৰাজি সৌৰভ চৌদিশে বিয়পি পৰিছে । তেৱেই সংস্কৃত সাহিত্য চৰ্চাৰে প্ৰাচ্য-পাশ্চাত্যৰ ঐক্য সাধন কৰি গৈছ । প্ৰকৃততে আনন্দৰাম বৰুৱাই সকলো কৰ্মক্ষেএতে মূল দুৱাৰ মুকলি কৰি দি থৈ গৈছে । এইগৰাকী মহান ব্যক্তিৰ পদাংক অনুসৰন কৰি আমিও নিজৰ লগতে জগতকো উন্নতি সাধন কৰিব পাৰো । অৰ্থাৎ ‘প্রকৃততে মহাপুৰুষসকলৰ পদাংক অনুসৰণ কৰি প্রত্যেক মানুহে নিজকে উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে ।’
৪। একাগ্রতাৰ গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব
পাৰিছিল ।
অথবাঃ একাগ্রতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল
। (কেৱল উত্তৰৰ তৃতীয় দফা)
উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অৰ্ন্তগত প্ৰবন্ধকাৰ উপেন্দ্ৰে চন্দ্ৰ লেখাৰু দেৱৰ ‘আনন্দৰাম বৰুৱা’ শীৰ্ষক পাঠটিৰ পৰা লোৱা হৈছে ।
একাগ্রতাৰ গুণতে
আনন্দৰাম বৰুৱাদেৱে কেনেদৰে অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মীরূপে
জগত খ্যাত হৈছিল, ইয়াৰ আলমেৰে লেখকে কথাফাকিৰ অৱতাৰণা কৰিছে ।
আনন্দৰাম বৰুৱা সদায় একাগ্ৰতা আছিল । একাগ্ৰতাৰ গুনতেই তেওঁ এগৰাকী অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল । এই গুণে তেখেতক সাহস অৰু প্ৰেৰণা দান কৰিছিল । ল’ৰালিকালতে ভাওনা আদি আভিনয় উৎসৱত যোগদান কৰোতে আনন্দৰাম যেনে একামনা আছিল, সেইদৰে লিখা-পঢ়া বিষয়তো তেওঁ একামনা আছিল । সেয়েহে গোটেই ‘অমৰকোষ’খনি তেওঁ ল’ৰালিকালতে কন্ঠস্থ কৰিব পাৰিছিল । কৰ্মত আনন্দৰাম বৰুৱা ইমান একাগ্ৰ আছিল আৰু জ্ঞান-চৰ্চাৰ অনুৰাগ তেওঁৰ এনে প্ৰবল আছিল যে তাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অবলম্বন কৰিছিল । কৰ্মৰ প্ৰতি থকা একাগ্ৰতাৰ বাবেই এসময়ত তেওঁ এগৰাকী প্ৰখ্যাত পণ্ডিত হ’ব পাৰিছিল । এনে পবিত্র পথৰ পথিক তেওঁ আমাৰ চিৰ নমস্য হৈ ৰব ।
(৫) অসমীয়াই আনন্দৰামক কেতিয়াও পাহৰিব নোৱাৰে । কথাষাৰৰ যথাৰ্থতা বিচাৰ কৰা ।
উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অৰ্ন্তগত প্ৰবন্ধকাৰ উপেন্দ্ৰে চন্দ্ৰ লেখাৰু দেৱৰ ‘আনন্দৰাম বৰুৱা’ শীৰ্ষক পাঠটিৰ পৰা লোৱা হৈছে ।
অসমীয়াৰ প্রতি
আনন্দৰামৰ যি মহৎ দান আৰু সন্মান প্রদান কৰিলে সেয়া যে অসমীয়াই কেতিয়াও
পাহৰিব নোৱাৰে, এই সম্পৰ্কে কথাফাকিৰ মাধ্যমেৰে লেখকে প্রকাশ কৰিছে ।
অধ্যাপক উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ মত অনুসৰি আনন্দৰাম বৰুৱাৰ আগতে সংস্কৃত চৰ্চা বৰ বিশেষ ৰকমে হৈছিল বুলি ক’ব নোৱাৰি । পাশ্চাত্যৰ লোকসকলে প্ৰাচ্যৰ জ্ঞানৰাজিৰ বিশেষ আলোচনা কৰিবলৈ সুবিধা পোৱা নাছিল । কিন্ত আনন্দৰাম বৰুৱাৰ পিছত এই কাম উজু হৈ পৰিছিল । প্রাচ্য আৰু পাশ্চাত্য ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ । তেওঁকে আদৰ্শ কৰি ভৰততো বহুতো সংস্কৃত চৰ্চা কৰিবলৈ ধৰিলে । অসমৰ বাবে বৰুৱা গৌৰৱ ৰবি । তেখেতৰ
অনুসন্ধানস্পৃহা, কৰ্ম আৰু খ্যাতিত বিস্ময়ান্বিত হৈ অসমৰ লোকসকলৰ
আত্মস্মৃতি জাগি উঠিল । সেয়েহে, অসমীয়াই আনন্দৰামক কেতিয়াও পাহৰিব নোৱাৰে ।
(৬) আনন্দৰাম বৰুৱাৰ মহৎ আদৰ্শৰাজি আমি কেনেদৰে গ্ৰহন কৰিব পাৰোঁ বুজাই লিখা।
উত্তৰঃ আনন্দৰামৰ একাগ্ৰতা, পৰিশ্ৰম, মনোবল, কৰ্মস্পৃহা, অনুসন্ধানস্পৃহা আদি মহৎ আদৰ্শৰাজিৰে আমি অনুপ্ৰাণিত হোৱা উচিত । একাগ্ৰতা আৰু আৰু অধ্যাৱসায়ৰ বলত আমিও জগতত উচ্চ আসন দাবী কৰিব পাৰো । এই আত্ম-বিশ্বাস আনন্দৰামেই জগতত বোৱাই দিছে । আনন্দৰাম অসমৰ গৌৰৱ ৰবি । তেওঁৰ মহৎ আদৰ্শৰ কথা আলোচনা কৰি, তেওঁৰ স্মৃতিত গ্ৰন্থাদি কৰি, অনুসন্ধান সমিতিৰ সূত্ৰপাত কৰি আমি নিজকে উন্নতিৰ পথত পৰিচালিত কৰিব পাৰো । আনন্দৰাম বৰুৱাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমিও নিজ কৰ্মৰ দ্বাৰা জগতৰ উন্নতি সাধিব পাৰো ।
কিবা ভুলৰ অবগত হ’লে জনাব ।
ভগবানে সকলোকে
মঙ্গল কৰক আৰু পঢ়াৰ দিশত আগুৱাই নিয়েযেন .....................