কাঠমিস্ত্ৰীৰ ঘৰ , ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত


সম্পাদন কৰিছে- বিশাল দাস, বিপ্লৱ মণ্ডল, সুভম দাস আরু প্রশান্ত দাস ।     
কিবা ভুলৰ সমাহাৰ পালে অনুগ্রহ কৰি জনাব । 

১।কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো কিমান চনত ৰচিত?
Ans:-কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো ১৯৩৯ চনত ৰচিত ।

২।কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতাপুথিৰ নাম লিখা।
Ans:- কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতাপুথিৰ নাম - "অভিযান আৰু অন্যান্য কবিতা'' ।

৩।কবিতাটিত প্ৰৱাল দ্বীপৰ শৃঙ্গৰ দৰে বুলি কিহৰ কথা কোৱা হৈছে?
Ans:- প্ৰৱাল দ্বীপৰ শৃঙ্গৰ দৰে বুলি কাঠমিস্ত্ৰীসকলে তৈয়াৰ কৰি উলিওৱা আচবাৱ পত্ৰৰ কথা কোৱা হৈছে।

৪।কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন?
Ans:- কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী হʼল কাঠমিস্ত্ৰীসকল।

৫।কাঠমিস্ত্ৰীসকলে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?
Ans:- কাঠমিস্ত্ৰীসকলে বহুবল প্ৰয়োগ কৰি হʼলেও নিজ কৰ্মৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে।

খ) ১।কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সজুঁলিৰ নাম লিখা।
Ans:- কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সজুঁলিৰ নাম- ৰাণ্ডা আৰু বটালি ৷

২।কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল?
Ans:- কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ বিষয়ে কবি নৱকান্ত বৰুৱাই কৈছিল-মোক যদি কোনোৱাই দহোটা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে, তাৰ মাজত এটা হব কাঠমিস্ত্ৰীৰ ঘৰ।

৩।কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাৱৰ নাম লিখা।?
Ans:-টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি, চাহৰ টিপচ প্ৰাসাদ সদৃশ ঘৰ ইত্যাদি।

৪।কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে?
Ans:- কাঠমিস্ত্ৰীয়ে কপালৰ ঘাম মাটত পেলাই অশেষ কষ্ঠ কৰি ৰান্ডা আৰু বটালিৰে কাঠ কাটে।অকনে বিশ্ৰাম লʼবলৈ তেওঁলোকৰ যে আহৰিয়েই নাই।নিৰস, কঠিন, বেকা-বেকি কঠিন শ্ৰমজীৱী কাঠমিস্ত্ৰীয়ে মনোহৰ ৰূপ দি সমাজৰ আৰ্থিকভাৱে স্বচ্ছল শ্ৰেণীটোৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে।

৫।কবিয়ে কাঠমিস্ত্ৰীৰ লগতে আৰু কাক কাক নিজৰ অধিকাৰ কাঢ়ি লবলৈ কৈছে?
Ans:- কবিয়ে কাঠমিস্ত্ৰীৰ লগতে মিস্ত্ৰী কঁহাৰ, কমাৰ আদি শ্ৰমজীৱী লোকসকলক নিজ বাহুবলেৰে অধিকাৰ কাঢ়ি লবলৈ কৈছে।

গ) ১।কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জীৱন আৰু কৰ্মৰ চমু পৰিচয় দিয়া।
Ans:- কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম হয় গোলাঘাটৰ কৰুণাটিং বাগিচাত ১৯১০ চনত।তেওঁৰ দেউতাকৰ নাম আছিল ড০ শৰত চন্দ্ৰ দত্ত আৰু মাকৰ নাম নয়নতৰা।বৰ্তমান বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্ৰমপুৰত দেউতাকৰ ঘৰ আছিল।সৰুতে দেউতাক হেৰুৱাই তেওঁৰ আনুষ্ঠানিক শিক্ষা ঘৰতে আহৰণ হয়।১৯২৮চনত তেওঁ দেশ আৰু জাতিৰ হকে স্বাধীনতা আন্দোলনত যোগদান কৰে।তাৰবাবে দুবছৰ জেলো খাটিবলগীয়া হয়।দহবছৰমান আন্দোলনৰ কামত লগাৰ পাছত তেওঁ জীৱনৰ শেষ সময়লৈকে সাম্যবাদী আদৰ্শ অনুসৰি আপোচহীনভাবে কৃষক তথা বনুৱাৰ স্বাৰ্থৰ হকে কাম কৰি যায়।১৯৩৬ চনত তেওঁৰ কাব্য সংকলন অভিযান প্ৰকাশ পায়। ১৯৭২ চনৰ ২২ অক্টোবৰত তেখেতৰ মৃত্যু হয়।

২।কবিতাটিত কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা ।
Ans:- কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ মাজেৰে কাঠমিস্ত্ৰীৰ বনুৱা শ্ৰেণীৰ দুৰ্দ্দশাগ্ৰস্ত জীৱনৰ এখন ছবি প্ৰকাশ কৰিছে।অসহনীয় শ্ৰমৰ বোজা শৰীৰত লৈ কাঠমিস্ত্ৰীয়ে সমাজৰ অৰ্থনৈতিকভাবে স্বচ্ছল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ সামগ্ৰী সাজি দিয়ে। ৰাণ্ডা, বটালিৰ খুন্দাত নীৰস, কঠিন কাঠ হৈ পৰে চালে চকুৰোৱা । দেহৰ তেজ ঢালি তেওঁলোকে গঢ়ি দিয়ে মানুহৰ মায়াপুৰী সাদৃশ্য প্ৰাসাদ।অমদ তেওঁলোকৰ জীৱনৰ অৱস্থা শোচনীয়, অভাৱত জুৰুলা তেওঁলোক ।শিল্পসুলভ কলাকুশলতাৰে তেওঁলোকে গঢ়ি দিয়া আৰামী চকীত বহি বিলাসী শ্ৰেণীটোৱে এক স্বাচ্ছন্দময় জীৱন কটায়।অথচ তেওঁলোকৰ জীৱন অন্ধকাৰত ডুব গৈ থাকে।কবিয়ে সমাজৰ এই শ্ৰমিক শ্ৰেণীটোৰ অৰ্থনৈতিক অৱস্থাৰ পৰিবৰ্তন বিচাৰিছে আৰু নিজ বাহুবলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহবান জনাইছে।

৩।প্ৰসঙ্গ সঙ্গতি দৰ্শাই ব্যাখ্যা কৰাঃ
     বিশ্বৰ যত কৰ্মীৰ দল
     তেজ ঢালি গঢ়ে প্ৰাসাদ উজ্জ্বল
Ans:- ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত ৰচিত কাঠমিস্ত্ৰীৰ ঘৰ শীৰ্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
     কাঠমিস্ত্ৰীসকলৰ কৰ্মঠ শিল্পী জীৱনৰ প্ৰশংসাত কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰা হৈছে।
     কাঠমিস্ত্ৰীসকলৰ কৰ্মঠ, নিপুণ শিল্পী তেওঁলোকে কঠিন একা-বেকা কাঠত আনি দিয়ে কোমল অনুভৱ।অকণো জিৰণি নোলোৱাকৈ দেহে কেনে খাটি কঠিন কাঠেৰে খাজে নিত্য ব্যৱহাৰ্য সামগ্ৰীবোৰ ।কপালৰ ঘাম মাটিত পেলাই, দেহৰ তাজ পানী কৰি তেওঁলোকে সমাজৰ স্বচ্ছল শ্ৰেণীটোৰ বাবে নানান ধৰণৰ মনোমোহা সামগ্ৰী সাজি দিয়ে।নীৰস আৰু কঠিন বেঁকা-বেঁকি কাঠক ৰাণ্ডা-বটালি মাৰি মাৰি তেওঁলোকে গঢ়ি দিয়ে পৃথিবীৰ মানুহৰ বাবে মায়াপুৰী সদৃশ্য প্ৰাসাদ।অ্থচ সেই মিস্ত্ৰীসকলৰ জীৱনৰ অৱস্থা শোচনীয়, অভাৱত জুৰুলা।সেই মৰ্মান্তিক অৱস্থাটো কবিতাফাকিৰ মাজেদি ফুটি উঠিছে।

৪।কাঠমিস্ত্ৰীক কিয় শিল্পী বুলি কোৱা হৈছে?
Ans:- কাঠমিস্ত্ৰীসকল কৰ্মঠ আৰু নিপুন শিল্পী,নিৰস কঠিন একা-বেকা কাঠ এওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠে।ৰাণ্ডা-বটালিৰ খুন্দাত গঢ় লয় নানা ধৰণৰ সামগ্ৰৰ।শিল্পী সুলভ কলাকুশলতাৰে আৰু কঠোৰ পৰিশ্ৰমেৰে নিৰস শুকান কাঠক চালে চকুৰোৱা কৰি গঢ়ি তোলে ব্যহাৰ উপযোগী আচবাব, মায়াপুৰীসদৃশ অট্টালিকাৰ সততে লিজৰ কথা চিন্তা নকৰা কাঠমিস্ত্ৰীসকলে আনৰ সুবিধাৰ বাবে জীৱন পাত কৰি কষ্ট কৰে। অথচ নিজে দুৰ্দশাগ্ৰস্থ জীৱন কটায় । সেয়েহে কাঠমিস্ত্ৰীসকলক শিল্পী বুলি কোৱা হৈছে।

৫।কাঠমিস্ত্ৰীকে ধৰি শ্ৰমজীৱীসকলে কেনেদৰে নিজৰ অধিকাৰ সাব্যস্থ কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?

Ans:- বিপ্লৱী কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই কাঠমিস্ত্ৰীৰ ঘৰ কবিতাৰ যোগেদি কাঠমিস্ত্ৰীসকলক নিজৰ আত্মসন্মান নায্য প্ৰাপ্তি আৰু অধিকাৰৰ বাবে নিজ বাহু বলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহবান জনাইছে। কাঠমিস্ত্ৰীৰ কষ্টকৰ আৰু দুৰ্দশাময় জীৱনৰ বাবে কবিৰ মানসিক কাঠমিস্ত্ৰীয়ে বহু কষ্টেৰে কপালৰ ঘাম মাটিত পেলাই স্বচ্ছল বিত্তবান শ্ৰেণীটোৰ বাবে টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি, চাহৰ টিপয় আদি নানা ধৰনৰ মনোমোহা কাঠৰ সামগ্ৰী নিৰ্মাণ কৰে। অথচ নিজৰ জীৱন শোচনীয়।শিল্পসুলভ কলাকুখলতাৰে কাঠমিস্ত্ৰীয়ে গঢ়ি দিয়া আৰামী চকীত বহি বিলাসী শ্ৰেণীটোৱে এক স্বচ্ছল, ছন্দময়, সুন্দৰ জীৱন কটায়।কবি দত্তই সমাজত এই শ্ৰমিক শ্ৰেণীৰ পৰিবৰ্তন বিচাৰি নিজ বহুবলেৰে অধিকাৰ সাব্যস্থ কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহবান জনাইছে।



কিবা ভুলৰ সমাহাৰ পালে অনুগ্রহ কৰি জনাব ।