“স্বীকাৰ কৰিলো আমি”, (GOD RELATED POEM), -পদ্মেশ্বৰ বৰা, তাৰিখ- ২৩-০৬-২০

১। স্বীকাৰ কৰিলো আমি, প্রভূ তোমাৰ
লীলা যেন তোমাৰ অপাৰ,
   সৰ্ব স্থিতি, সৃষ্টিৰ শক্তি
অধিকাৰী সৰ্বসাৰ

২। সকলো কাৰ্যৰে কাৰণ তুমি
কাৰ্যৰ শক্তিওঁ তুমি,
 অধম মনুষ্যই আমি, বুজিও নোবোজো
দিয়া বোধ শক্তি অন্তৰ্যামী

৩। সকলো জীৱৰে শ্রেষ্ঠ বুলি ভাবো
কৰো অন্যায় জীৱক,
আমাৰ স্বাৰ্থত, জন্তুক প্রয়োগ কৰো
ক্ষমতা কৰো পুতক ।

৪। বান্ধি বান্ধি, পিটি পিটি
জীৱ-জন্তুক কৰো অন্যায়,
নোৱাৰো কিয় ভাবিবলৈ যেন আপোন,
চিন্তাশক্তি হেৰাই যায় ।

৫। বেয়া কাম কৰিলে তিনিগুণ শাস্তি,
    ভাল কামৰ পুৰস্কাৰ,
প্রতিটো কাৰ্যতে, সত-উদ্দেশ্যৰে সাধিলে
ফল হ’ব জাতিষ্কাৰ ।

৬। সকলো জীৱৰ দেহত তুমি
থাকা আত্মা ৰূপ ধৰি,
নুবুজি মনুষ্যই আমি, অন্যায় কৰো
কল্যাণ কৰা আল্লা-হৰি ।

৭। ক্ষুদ্র পৰুৱাটিতো তুমিয়েই স্থিত,
বিশাল হস্তীটো তুমি,
  কিয় নুবুজি হত্যা-হিংসাৰে
কপট কৰিছো আমি ।

৮। অহংকাৰে সকলো অন্ধ কৰে,
স্বাৰ্থই কৰিছে ভেদা-ভেদ,
ভাই-ভাই মাজৰ কলহ নাশ কৰি

প্রভূ, স্বৰ্গৰ দিয়া সম্ভেদ ।




    THANKS by,
PODMESWAR BORA