updating process is going on ..............
ভক্তিবাদ
ভক্তিবাদৰ সাধাৰণ পৰিচয়ঃ
ভক্তিৰ স্বৰূপ আৰু ভক্তিৰ
প্রকাৰ,
ভক্তিৰ স্বৰূপঃ
ভক্তিৰ স্বৰূপে বুলিলে
আমি ‘ভক্তি’ৰ নিজা ৰূপ বা ধর্মৰ কথাক বুজো । তলত ভক্তিৰ বিভিন্ন স্বৰূপসমূহ
উল্লেখ কৰা হ’ল ।
(ক)
ভক্তি শব্দৰ সৃষ্টিঃ
ভক্তি শব্দটো ‘ভজ্’ (‘ভজন’ বা ‘সেৱা কৰা’) ধাতুৰ সৈতে ‘ক্তিন্’(বিষয়) প্রত্যয় যুক্ত হৈ সৃষ্টি হৈছে । Ö ভজ্ + ক্তিন্ = ভক্তি
(খ)
ভক্তি শব্দৰৰ অর্থঃ
(অ)ভক্তি শব্দটো উৎপন্ন হোৱা মূল ধাতু ‘ভজ’ৰ অর্থ হৈছে ‘ভজন বা সেৱা কৰা’ ।
(আ)
'ভক্তি' শব্দৰ সাধাৰণ অৰ্থ ঈশ্বৰ ভজন কৰা, সেৱা কৰা বা ঈশ্বৰ সেৱা ।
(ই)
ভক্তি শব্দৰ আন এক অর্থ হৈছে- ঈশ্বৰ বা পূজ্য ব্যক্তিৰ প্রতি অনুৰাগ/আসক্তি বা শ্রদ্ধা ।
(ঈ)
‘ভক্তি’ৰ আক্ষৰিক অৰ্থ হৈছে ভজন, অনুৰাগ, পূজা, আৰাধনা, উপাসনা আদি।
(উ)
ভক্তি (সংস্কৃত: भक्ति) হিন্দুধর্মে উপাসনা তথা আৰাধনাৰ এক বিশেষ ৰীতি ।
(ঊ)
পূজনীয় দেবতা বা ব্যক্তিৰ প্রতি বিশেষ অনুৰাগ বা প্রেমকেই ভক্তি বোলা হয়।
(ঋ)
ঈশ্বৰৰ নিকট সম্পূর্ণ আত্মসমর্পণৰ নামেই ভক্তি । ভক্তিৰ পথত যোনে ঈশ্বৰোপাসনা কৰে, তাকে ভক্ত আৰু ভক্তিবাদী দর্শনকে ভক্তিমার্গ নামে অভিহিত কৰা
হয় ।
(এ)ঈশ্বৰৰ উপৰিও দেশভক্তি, মাতৃভক্তি, পিতৃভক্তি আদি উল্লেখযোগ্য ।
(ঐ)আধাত্মিক ক্ষেত্ৰত ঈশ্বৰৰ সৈতে বা ভজনীয় দেৱতাৰ প্ৰতি থকা
গভীৰ অনুৰাগ আৰু প্ৰীতিয়েই ভক্তি । ভক্তি এক মানসিক অৱস্থা ।
(গ)
ভক্তিৰ স্বৰূপ হিচাপে মানৱ জীৱনঃ
ভক্তি শব্দৰ সৈতে মানুহৰ
জীৱনৰ অন্তিম লক্ষ্য আৰু উদ্দেশ্য জড়িত হৈ আছে ।
(ঘ)
মধ্যযুগীয় ভক্তি আন্দোলন অনুসৰি ভক্তিৰ স্বৰূপঃ
মধ্যযুগীয় ভক্তি আন্দোলন
অনুসৰি ‘ভক্তি’
মানে ঈশ্বৰৰ প্রতি সেৱা আৰু ঈশ্বৰৰ প্রতি থকা অনুৰক্তিক
সূচায় ।
(ঙ)
শাণ্ডিল্যভক্তিসূত্র অনুসৰি ভক্তিৰ স্বৰূপঃ
শাণ্ডিল্যভক্তিসূত্রত
কৈছে, “সা(ভক্তি) পৰাণুৰক্তিৰীশ্বৰে/পৰাণুৰাক্তিৰীশ্বৰে” । অর্থাৎ ঈশ্বৰৰ প্রতি থকা বা ঈশ্বৰৰ ওপৰত থকা অতিশয়/পৰম অনুৰক্তিক/অনুৰাগকেই ‘ভক্তি’ বোলা হয় ।
(চ)নাৰদীয় ভক্তিসূত্র অনুসৰি ভক্তিৰ স্বৰূপঃ
নাৰদীয় ভক্তিসূত্রত উল্লেখ কৰিছে, “সা তস্মিন্ পৰম-প্রেমৰূপা”/ “সাতু আস্মিন পৰম প্রেমৰূপা” । অর্থাৎ ভক্তি হৈছে- ঈশ্বৰৰ প্রতি থকা পৰম প্রেম বা ভক্তি আন নহয় এক ঈশ্বৰত হৃদয়
বিগলিত কৰা প্রেম
।
(ছ)
নাৰদপাঞ্চৰাত্র অনুসৰি ভক্তিৰ স্বৰূপঃ
নাৰদপাঞ্চৰাত্রত কৈছে,
“মনোগতিৰৱিচিন্না হৰৌ প্রেমপৰিপ্লুতা /
অভিসন্ধিৱিনিৰ্মুক্তা ভক্তি-বিষ্ণুৱ শংকৰী” । অর্থাৎ ভক্তি হৈছে- প্রেমপৰিপ্লুত মনক হৰিৰ প্রতি স্বার্থশূন্য হৈ সদায়/নিত্য প্রৱাহ হৈ থকা এক অৱস্থা ।
(জ)
ভক্তি মানসিক অৱস্থাঃ
কিছুমান শাস্ত্রত ভক্তিক
এক মানসিক অৱস্থা হিচাপে ব্যাখ্যা কৰিছে । সেই শাস্ত্রসমূহত কৈছে যে-
ভক্তি হৈছে আমাৰ মনক ঈশ্বৰৰ ওপৰত পুৰামাত্রে/সম্পূৰ্ণৰূপে অৰ্পণ বা নিৱিষ্ট কৰি কোনো ধৰণৰ ভক্তিৰ
মাধ্যমেৰে ফলৰ আশা নকৰি নিৰন্তৰ বা নৈতিকভাৱে ভজন কৰাক বুজায় ।
(ঝ)
ভক্তি হৈছে এক পৰম প্রেমঃ
কোনো কোনো শাস্ত্র অনুসৰি
ভক্তি হৈছে ঈশ্বৰৰ প্রতি থকা পৰম প্রেম আৰু পৰাণুৰক্তি চিত্তৰ বৃতি । প্রেম শব্দই
অনুৰক্তিৰ লগতে বিশেষ অর্থ পৰম প্রেমৰ থকা সূচাইছে ।
(ঞ)
ভক্তি আৰু চিত্তঃ
আন কিছু শাস্ত্রবিদে কয়
যে চিত্তৰ জৰিয়তে পৰম প্রেম লাভ কৰি ভগৱানৰ স্বৰূপ উপলব্ধি কৰি,
এজন/এক ঈশ্বৰত হৃদয় হৈ প্রেমৰসত নিমজ্জিত হোৱা অৱস্থাই হৈছে
ভক্তি বা ভক্তিৰস ।
(চ)
শংকৰদেৱৰ ভক্তিৰ স্বৰূপঃ
শংকৰদেৱে নানা দেৱ-দেৱীৰ সলনি অব্যভিচাৰী ভক্তিৰ জৰিয়তে কৃষ্ণ বা একমাত্র
বিষ্ণুত ভক্তি কৰাৰ কথে ব্যক্ত কৰিছে । তেওঁৰ মতে, “কৃষ্ণ এক দেৱ দুখ-হাৰি/হাৰী” । লগতে কৈছে-
“শাস্ত্রৰ
উত্তম গীতা ভাগৱত
ধর্মৰ উত্তম নাম ।
দেৱৰ উত্তম দৈৱকী
নন্দন
চৰণে কৰো প্রণাম ।।”
এনেদৰে বিভিন্ন আদর্শ আৰু শাস্ত্র-অভিমতৰ মাধ্যমেৰে ভক্তিৰ স্বৰূপক ব্যাখ্যা কৰিব পৰা যায় ।
ভক্তিৰ প্রকাৰঃ
(ক)
ভক্তিৰ স্তৰ/বহল অৰ্থত ভক্তিৰ শ্ৰেণীবিভাজনঃ
ভক্তিক দুই ধৰণৰ স্তৰত
ভাগ কৰা হয় ।
(অ)
পৰাভক্তি
(আ)
গৌণী ভক্তি
(অ)
পৰাভক্তিঃ
পৰাভক্তি হৈছে ‘সাধ্য ভক্তি’ । যেতিয়া ব্যক্তিয়ে সকলো কামনা-বাসনা শূন্য হৈ একান্ত মনে পূৰ্ণ শান্ত লাভ কৰি ঈশ্বৰৰ পৰম
প্রেমত নিমগ্ন হৈ ভক্তি কৰে, তাক পৰাভক্তি বোলে ।
(আ)
গৌণী ভক্তিঃ
গৌণীভক্তি হৈছে ‘সাধনা ভক্তি’ । গৌণী ভক্তি পাঁচটা অংশৰে সু-সজ্জিত হৈ আছে, সেয়া হৈছে- উপাসক(উপাসনাকাৰী, সাধনাকাৰী, ভক্ত আদি), উপাস্য (উপাসনাৰ যোগ্য, আৰাধ্য, আৰাধিত, পূজিত, উপাস্য দেৱতা, ভগৱান আদি), পূজা-দ্রব্য(ধূপ, দীপ,
নবদ্য, আদি), পূজা-বিধি(পূজাৰ নীতি-নিয়ম) আৰু মন্ত্র-জপ ।
(খ)
কাম্য আৰু নিষ্কাম হিচাপে ভক্তিৰ ভাগঃ
কাম্য আৰু নিষ্কাম
হিচাপে ভক্তিক চাৰি ধৰণে ভাগ কৰা হৈছে- সাত্তিকী (কাম্য)ভক্তি, ৰাক্ষসী(কাম্য)ভক্তি, তামসী(কাম্য)ভক্তি আৰু নিৰ্গুণ বা অনন্য (নিষ্কাম)ভক্তি ।
(অ)সাত্তিকী (কাম্য)ভক্তি- মুক্তিৰ আশাত কৰা ভক্তিক সাত্তিকী ভক্তি বোলা হয় ।
(আ)
ৰাক্ষসী (কাম্য)ভক্তি- ধন-সোণ, ধন-জন, সা-সম্পত্তি আদি কামনাবোৰৰ আশাত কৰা ভক্তিক ৰাক্ষসী ভক্তি বোলে
।
(ই)
তামসী (কাম্য)ভক্তি- আনক দমন কৰা, শত্রু নাশ কৰা, আনৰ অহিত চিন্তা কৰা আদি কামনাৰে কৰা ভক্তিক তামসী ভক্তি
বোলা হয় ।
(ঈ)
নিৰ্গুণ বা অন্যন্য(নিষ্কাম)ভক্তি- যি ভক্তিত আশা, কামনা, বাসনা, ফলৰ আশা, আদি ভগৱানৰ পৰা একো নিবিচৰাকৈ একাগ্রচিত্তে এজন ভগৱন্তক স্মৰণ
কৰি চৰম স্তৰ লাভ কৰে, তাকে নিৰ্গুণ বা অন্যন্য(নিষ্কাম)ভক্তি বোলে ।
(গ)নৱধা ভক্তি বা নৱবিধা ভক্তিঃ
নৱধা ভক্তি বা নৱবিধা
ভক্তি হৈছে শ্ৰীমদ্ভাগৱত পুৰাণ আৰু আন আন ভক্তি শাস্ত্ৰত উল্লেখ থকা ন বিধ ভক্তি
।
শংকৰদেৱৰ এটি শ্লোকত এই
ন বিধ ভক্তিৰ কথা উল্লেখ আছে এনেদৰে-
"শ্ৰৱণং
কীৰ্তনং বিষ্ণোঃ স্মৰণং পাদ সেৱনম্।
অৰ্চনং বন্দনং দাস্যং
সখ্যমাত্মনিৱেদনম্॥"
এই নৱধা বা নৱবিধা ভক্তি হৈছে-
(অ)
শ্ৰৱণঃ (ভক্তিৰ প্রথম স্তৰ)
ঈশ্বৰৰ নাম,
মহিমা, গুণ, স্বৰূপ আদি সম্পর্কে গুৰু বা সন্ত বা ভক্ত বা ভকত-বৈষ্ণৱৰ মুখেৰে কাণেৰে শুনি কৰা ভক্তিক শ্রৱণ ভক্তি বোলে ।
শ্রৱণ ভক্তিক মনৰ দুৰ্বাসবা অর্থাৎ বেয়া বাসনাৰ পৰা পৰিত্যাগ পাবৰ বাবে প্রথম উপায়
হিচাপে কৰা হয় । নিজ মুখেৰে গাই শুনিলে বা আনে গোৱা কাণেৰে শুনিলে শ্রৱণ ভক্তি
সম্পন্ন হয় ।
(আ)
কীৰ্ত্তনঃ (ভক্তিৰ প্রথম স্তৰ)
ঈশ্বৰৰ নাম,
মহিমা, গুণ, স্বৰূপ আদি সম্পর্কে নিজ মুখেৰে বা স্বয়ং উচ্চাৰণ কৰি কৰা
ভক্তিক কীৰ্ত্তন ভক্তি বোলা হয় । কীৰ্ত্তন ভক্তি পাঁচ ধৰণেৰে বা প্রকাৰে কৰিব পৰা
যায়-
ভগৱন্তৰ নামোচ্চাৰণ, স্তুতি পাঠ, কথা বা ব্যাখ্যা, গীত আৰু অভিনয় ।
(ই)
স্মৰণঃ (ভক্তিৰ প্রথম স্তৰ)
ভগৱন্তৰ নাম আৰু
ৰূপক যেতিয়া কোনোৱে চিন্তা কৰে (চিন্তন), তেতিয়া তাক স্মৰণ ভক্তি বোলে । আন ভক্তিৰ ভাগবোৰ সকলো সময়তে
আৰু সকলো ঠাইতে কৰাত অসুবিধাৰ সৃষ্টি হ’লেও ‘স্মৰণ ভক্তি’ আমি সকলোতে আৰু সকলো সময়তে কৰিব পাৰো ।
(ঈ)
পাদ-সেৱনঃ (ভক্তিৰ দ্বিতীয় স্তৰ)
ভগৱন্তৰ পূজা-অৰ্চনা কৰা ঘৰসমূহ পৰিষ্কাৰ কৰা, মন্দিৰ-নামঘৰ আদিত শৰাই-নৈবদ্য আগবঢ়োৱা, ভগৱানৰ মূৰ্ত্তি স্নান কৰোৱা বা ধোৱা আদি পৰিচৰ্যাসমূহৰ
মাধ্যমেৰে কৰা ভক্তিক পাদ-সেৱন বোলে । ‘পাদ’ মানে ‘ভৰি বা চৰণ’ আৰু ‘সেৱন’ মানে “পূজা, সেৱা, বা পৰিচর্যা কৰা’ অর্থাৎ ভগৱানৰ দাস হৈ তেওঁৰ চৰণতে মোৰ থৈ তেওঁৰ হৈ সেৱা-পৰিচৰ্যা কৰা ভক্তিয়েই হৈছে পাদ-সেৱন ।
(উ) অৰ্চন বা অৰ্চ্চনাঃ
(ভক্তিৰ দ্বিতীয় স্তৰ)
ভাগৱত ৰূপী বিষ্ণু বা
কৃষ্ণ বা বিষ্ণুৰ যিকোনো ৰূপ বিশেষৰ বিধিমতে যথাসাধ্যে কৰা পূজা বা ভক্তিকে,
অৰ্চন ভক্তি বোলে ।
অৰ্চন হৈছে- ভগবান, দেৱতা
বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য ।
অৰ্চন
বা অৰ্চ্চনা দুবিধ, ফলৰূপ অৰ্চন
বা অৰ্চ্চনা আৰু সাধনৰূপ অৰ্চন বা অৰ্চ্চনা |
বিষ্ণু বা আন ভগৱ্ন্তৰ
বাহ্যিক মূৰ্ত্তি/মূৰ্তি আদিৰ পূজা কৰাক, ফলৰূপ অৰ্চন/অৰ্চ্চনা বা
বাহ্যিক পূজা বোলে আৰু মানসিক সাধনাৰে বিষ্ণু বা আন ভগৱ্ন্ত
বা ইষ্টজনক হৃদয়ত থাপি ভক্তি কৰাক, সাধনৰূপ অৰ্চন/অৰ্চ্চনা বা মানসিক পূজা বোলে |
মানসিক
পূজাত অভিজ্ঞ হলেহে বাহ্যিক পূজাকৰণ সিদ্ধ হয় | যি জন প্ৰকৃত সেৱক, তেওঁ মানসিক পূজাত সম্পূৰ্ণ অভিজ্ঞ | মানসিক পূজা বিধি নজনা, কেৱল বাহ্যিক মূৰ্ত্তি আদিৰ পূজকক শাস্ত্ৰই অজ্ঞ বুলিছে |
(ঊ)বন্দনঃ (ভক্তিৰ দ্বিতীয়
স্তৰ)
ভক্তিৰ যিটো ভাগত ভাগৱত ৰূপী
বিষ্ণু বা কৃষ্ণ বা বিষ্ণুৰ বা আন ভগৱ্ন্ত বা ইষ্টজনৰ স্তৱ, স্তোত্রাদি, প্রাৰ্থনা,
ঘোষা আদি গাই ভগৱন্তক কাকুতি, মিনতি, আদি কৰি সেৱা কৰা হয়, সেই ভক্তিকে বন্দন বোলে
।
(ঋ) দাস বা দাস্যঃ (ভক্তিৰ
তৃতীয় স্তৰ)
ভক্তিৰ যিটো ভাগত এজন
লোকে বা ভক্তই তেওঁৰ জীৱনৰ সকলো কাম-কাজ, ইয়াৰ ফলাফল, আদি সমস্ত ভগৱানৰ চৰণত অৰ্পণ
কৰিব আৰু তেওঁৰ দাসত্ব স্বীকাৰ কৰি ভগৱানৰ দাসৰো দাস বা ভৃত্য বুলি ভাবিব, তেতিয়া
সেই ভক্তিক দাস্য ভক্তি বোলে ।
(এ) সখ্য বা সখীত্বঃ (ভক্তিৰ তৃতীয় স্তৰ)
‘সখ্য বা সখীত্ব’ৰ অর্থ
সখা বা সখী । ভক্তিৰ যিটো ভাগত এজন লোকে বা ভক্তই ভগৱন্তক নিজৰ সখী বা লগৰীয়া বা
মিত্র হিচাপে ধৰি জীৱনৰ সকলো সুখ-দুখৰ সমভাগী কৰি ভক্তি কৰিব, তেতিয়া সেই ভক্তিকে
সখ্য বা সখীত্ব ভক্তি বোলে ।
বহু শাস্ত্র আৰু শাস্ত্রাজ্ঞ পণ্ডিতৰ মতে, আমি যেতিয়া ভগৱানক নিজৰ
সখা আৰু তেওঁৰ ওচৰত আমি দাস বুলি জ্ঞান কৰি যাম তেতিয়া আমি সখ্য-ভক্তিৰ স্বৰূপ
উপলব্ধি কৰিব পাৰিম ।
(ঐ) আত্মনিবেদনঃ (ভক্তিৰ
তৃতীয় স্তৰ)
যেতিয়া কোনো লোকে বা
ভক্তই দেহ, মন, আশা-ভৰসা, ইন্দ্রিয়-বাসনা আদি ভগৱন্তৰ ওচৰত অৰ্পণ কৰি, নিজস্ব
স্বাতন্ত্র অনুভৱ দূৰ কৰি, নিৰ্বিকাৰ ভগৱানৰ গুণময় হৈ একান্ত ভকতি কৰে আৰু ভগৱানৰ
শৰণাগতি হয়, তেতিয়া তাক আত্মনিবেদন ভক্তি বোলে । এনে ভক্তিত ‘মই’, ‘মোৰ’, ‘মোক’
আদি নিজত্ব আৰু আত্মভাৱ দূৰ কৰি, সকলো সৃষ্টি-স্থিতি-প্রলয়ৰ গৰাকীৰে মান্য কৰি
ভক্তি কৰা হয় ।
(ঘ) ভাবৰ দৃষ্টিৰে ভক্তিৰ ভাগঃ
ভাবৰ দৃষ্টিৰে ভক্তিক
তিনিধৰণেৰে ভাগ কৰিছে, শান্ত, বাৎসল্য আরু মধুৰ ।
(অ) শান্ত ভক্তিঃ
সংসাৰৰ মায়া-মোহ, কামনা-বাসনা, আদি ত্যাগ কৰি সংসাৰৰ অনিত্যতাৰ
উপলব্ধি কৰি, জ্ঞানৰ মাধ্যমেৰে নিজৰ মন বা চিত্ত স্থিৰ কৰি কোনো লোকৰ বা ভক্তৰ
হৃদয়ত যি ভক্তি-আনন্দৰ সৃষ্টি হয়, তাকে শান্ত ভক্তি বোলে ।
(আ) বাৎসল্য ভক্তিঃ
বাৎসল্য শব্দৰ অর্থ
হৈছে- স্নেহ, বৎসলতা । যি ভক্তি এজন পিতৃ বা
মাতৃয়ে তেওঁলোকৰ নিজৰ ল’ৰা বা ছোৱালীক কৰা মৰম-চেনেহৰ দৃষ্টিভংগীৰে, সেই একে ভাবনাৰে
ভগৱন্তৰ প্রতিও প্রেম, অনুৰাগ, প্রীতি বা ভক্তি জন্মে, সেই ভক্তিকে বাৎসল্য ভক্তি বোলে ।
বাৎসল্য ভক্তিৰ উৎকৃষ্ট
উদাহৰণ হৈছে- নন্দ-যশোদা আরু বসুদেৱ-দৈবকীৰ কৃষ্ণৰ প্রতি উদ্ভৱ হোৱা পুত্রৰ প্রেম
আরু অনুৰাগ ।
(ই) মধুৰ ভক্তিঃ
যি ভক্তিত এজন লোকে বা
ভক্তই ভগৱন্তক নিজৰ পতি বা পত্নী বা প্রেমিক বা প্রেমিকা বুলি ভাবনা কৰি ভক্তিৰ
ভাৱ জগাই তুলে, সেই ভক্তিকে মধুৰ ভক্তি বোলে । মধুৰ ভক্তিৰ উদাহৰণ হৈছে- ষোল্লশ
গোপীৰ কৃষ্ণৰ প্রতি উপজা ভক্তি ।
৫.৩.২ ভক্তিবাদৰ উৎপত্তি
আরু ক্রমবিকাশত ভক্তিৰ দাৰ্শনিক মত প্রতিষ্ঠাকাৰী আচাৰ্যসকল
ভক্তিবাদৰ উৎপত্তিঃ
(ক) ভক্তিবাদৰ অংকুৰণঃ
বেদৰ মাধ্যমেৰেই ভাৰতত
ভক্তিতত্বৰ অংকুৰণ ঘটিছিল । চাৰিখনে বেদৰ ভিতৰত ‘ঋগ্বেদতেই’ ভক্তিতত্বৰ অংকুৰণ
হৈছিল ।
(খ) ভক্তিবাদৰ স্পষ্টতাঃ
ভক্তিমাৰ্গ বা ভক্তিবাদৰ
আৰম্ভণি স্পষ্টকৈ ‘শ্বেতাশ্বতৰ উপনিষদ’ত প্রাপ্ত হয় । ‘শ্বেতাশ্বতৰ উপনিষদ’ৰ এটা
শ্লুক এনেদৰে আছে-
“যস্য দেৱে পৰা ভক্তিৰ্যথা
দেৱে তথা গুৰৌ
।
তস্যৈতে কথিত হ্যৰ্থাঃ
প্রকাশন্তে মহাত্মনঃ ।।”
ইয়াৰ অর্থ এইয়ে যে- যাৰ/যিজনৰ
পৰমেশ্বৰ বা ভগৱন্তৰ পৰা/ওপৰত ভক্তি আছে (“যস্য দেৱে পৰা ভক্তিৰ্যথা”), আরু সেই
একে ভক্তি গুরুৰ ওপৰতো আছে (দেৱে তথা গুৰৌ), তেতিয়া তেওঁৰ আগত উপনিষদৰ মহাত্মাৰ গুপ্ত/গুহ্য কথাবোৰ
ক’ব পৰা যায় (তস্যৈতে কথিত হ্যৰ্থাঃ), আরু তেতিয়াহে তেনে মহাত্মাৰ হৃদয়ত ভক্তিৰ
বিষয়বোৰ প্রকাশিত হয় (প্রকাশন্তে মহাত্মনঃ)
।
(গ) ভক্তিৰ বিস্তৃতিঃ
পুৰাণৰ যুগত ভক্তিবাদ
আরু ভক্তিমাৰ্গৰ বিস্তৃতি লাভ কৰে ।
(ঘ) ভক্তিবাদৰ
পূৰ্ণবিকাশঃ
ভক্তিবাদৰ পূৰ্ণরূপে
‘শ্রীমদ্ভদ্গৱগীতা’ আরু পূৰামাত্রে ‘শ্রীমদ্ভাগৱতপুৰাণত’ প্রকাশ পায় । ‘ভাগৱত পুৰাণ’ত
ভক্তিতত্বৰ বিষয়ে গভীৰ-বিস্তৃতভাৱে আলোচিত হৈছে, ইয়াত বিষ্ণু-কৃষ্ণই পৰম ব্রহ্ম
স্বরূপে পূৰ্ণপ্রকাশ লাভ কৰিছে আরু বিষ্ণুভক্ত বৈষ্ণৱীলোকসকলৰ জৰিয়তে সৰ্বশেষ্ঠ
মান্য-সন্মান অৰ্জন কৰিছে ।
(ঙ) ভাৰতৰ ভক্তিবাদ বা
ভক্তিমাৰ্গঃ
ভাৰতত ব্রহ্মপুৰাণকে আদি
কৰি আন ধৰ্মীয় গ্রন্থ বিশেষকৈ পুৰাণ আরু উপপুৰাণসমূহত ভক্তিৰ বিষয়ে উল্লেখ আছে । কিন্তু,
বৈষ্ণৱ গ্রন্থৰাজিত প্রকাশ পোৱা বিষ্ণুভক্তিৰ সমান আন ভক্তিৰ বিভিন্ন প্রন্থাসমূহে
প্রসাৰ আরু পূৰ্ণরূপ পাবলৈ সক্ষম হোৱা নাই । ভাৰতত বিশেষকৈ নায়মাৰসকল ‘শিৱ ভক্ত’
আছিল আরু দক্ষিণ ভাৰতৰ আলৱাৰসকল বিষ্ণু ভক্ত আছিল আরু লগতে আন বহু লোকে
শাক্ত-শক্তি আদিৰ পূজা-পাতল কৰিছিল । তথাপি বৈষ্ণৱ মাৰ্গকহে ‘ভক্তিমাৰ্গ’, বৈষ্ণৱ
ধৰ্মক ‘ভক্তি ধৰ্ম’ আরু বৈষ্ণৱ আন্দোলনক ‘ভক্তি আন্দোলন’ বোলা হৈছিল । ইয়াৰ কাৰণ
আছিল,
প্রথমতে বৈষ্ণৱ মাৰ্গৰ
মাধ্যমেৰে সমাজৰ প্রায় সকলোলোকৰ মাজত ভক্তিৰ প্রভাৱ পৰিছিল ।
দ্বিতীয়তে, বৈষ্ণৱ ধর্মৰ
গীত-পদ, পুৰণি পুথি, গ্রন্থ, আদিৰ পৰিমাণ আনবোৰ ভক্তিমাৰ্গতকৈ অধিক আছিল ।
তৃতীয়তে, ভক্তিবাদৰ পূৰামাত্রা
প্রকাশ পাইছিল, ‘শ্রীমদ্ভদ্গৱগীতা’, ‘শ্রীমদ্ভাগৱতপুৰাণ’ আদি বৈষ্ণৱ গ্রন্থৰ মাজেৰে ।
(চ) দ্বিতীয় শতিকাৰ পৰা
ষষ্ঠ শতিকাৰ আগলৈকে ভক্তিৰ প্রভাৱঃ
দ্বিতীয় শতিকাৰ পৰা ষষ্ঠ
শতিকাৰ আগলৈকে ‘বৌদ্ধ’ আরু ‘জৈন’ সম্প্রদায়ৰ সাহিত্যৰাজিয়ে স্থান পাইছিল । এই
কালছোৱাক সেয়েহে বহু পণ্ডিতে ‘বৌদ্ধ-জৈন কাল’ বোলে ।
(অ) বৌদ্ধ ধর্মৰ প্রভাৱঃ
এই সময়ছোৱাৰ সাহিত্যিকসকলে সাহিত্যৰ লগতে আরু ধর্ম প্রচাৰৰ অর্থেও
সাহিত্য ৰচনা কৰিছিল । কিন্তু, বৌদ্ধধৰ্মাৱলম্বীলোকসকলে শৈৱ আরু বৈষ্ণৱ ধর্মৰ বিৰোধিতা
কৰিছিল । তেওঁলোকে, জুৰ-জুলুম কৰি বৌদ্ধ ধর্ম গ্রহণৰ ওপৰত মনোনিবেশ কৰিছিল ।
সেয়েহে, তামিল জনসাধাৰণতে বৌদ্ধ ধর্মৰ নাস্তিকতা, বৌদ্ধ-ভিক্ষুৰ জীৱন-পৰম্পৰা, আদিৰ
বিরুদ্ধিতা কৰিছিল ।
(আ) জৈন ধর্মৰ প্রভাৱঃ
জৈন ধর্মৰ মূল তত্ত্ব
হৈছে- অহিংসা, করুণা আদি । কিন্তু, সেই সময়ত জৈন ধৰ্মাৱলম্বীলোকসকলে শৈৱ আরু
বৈষ্ণৱ ধর্মৰ সন্তসকলক বিভিন্ন কষ্ট প্রদান কৰিছিল । আনকি ধমান্তৰণ কৰাৰ খাতিৰত
বহুলোকক হত্যাও কৰিছিল । সেয়েহে, বিভিন্ন জনসাধাৰণ জৈন ধর্মৰ এই বিষয়-আচৰণৰাজিত
অসন্তুষ্ট হৈছিল ।
(ই) শক্তি বা শাক্ত ধর্মৰ
প্রভাৱঃ
এই সময়ছোৱাত শক্তিৰ
উপাসকসকলে ভগৱানক বা দেৱ-দেৱীক সন্তুষ্ট কৰিবলৈ নৰবলি দিছিল । লগতে, নৈবদ্য হিচাপে
মৃত মানুহৰ মাংসক ব্যৱহাৰ কৰিছিল । সেয়েহে, জনসাধাৰণৰ ভক্তিৰ প্রতি এক ভয়-ভাবৰ
সৃষ্টি হৈছিল ।
(ঈ) হিন্দু ধর্মৰ
প্রভাৱঃ
সেই সময়ছোৱাত ‘হিন্দু ধর্ম’ উচ্চবৰ্ণ আরু ব্রাহ্মণসকলৰ মাজতহে
প্রতিষ্ঠিত আরু পৰিচালিত হৈছিল । তেতিয়া, ভগৱানৰ সন্তুষ্টিৰ বাবে যাগ-যজ্ঞ,
পূজা-পাতল আদি কৰিছিল য’ত আন নিচ্চ বৰ্ণৰ লোকে সহযোগ কৰিব নোৱাৰিছিল ।
(ছ) ভাৰতৰ ভক্তি-আন্দোলনৰ
সূত্রপাতঃ
দাক্ষিণাত্যৰ তামিল
প্রদেশতে ভাৰতীয় ভক্তি আন্দোলনৰ প্রথম সূত্রপাত হৈছিল বুলি কোৱা হয় । তামিল
সাহিত্যক আধুনিক ভাৰতৰ সাহিত্যৰাজিৰ ভিতৰত অতি প্রাচীন হিচাপে ধৰা হয় । খ্রীষ্টীয়
ষষ্ঠ শতিকাৰ পৰা নৱম শতিকা এই সময়ছোৱাক তামিল সাহিত্যত ‘ভক্তিকাল’ বোলা হয় । এই
সময়ছোৱাতে ‘শৈৱ ভক্ত’ৰ কবি নায়মাৰ বা নায়নমাৰসকল আরু বৈষ্ণৱ ভক্তৰ কবি ‘আলৱাৰ বা
আলোৱাৰসকলে’ ভক্তিৰ প্রচাৰ আরু প্রসাৰ কৰিছিল । ইয়াৰ পূৰ্বৰ দ্বিতীয় শতিকাৰ পৰা
‘ভক্তিকাল’ৰ সেই সময়ছোৱালৈ বৌদ্ধ আরু জৈন সম্প্রদায়ে সৃষ্টি কৰা আরু হিন্দু-শাক্তৰ
কঠিন নীতি-নিয়মক সৰলীকৃত কৰি সকলোৰে বাবে সহজে গ্রহণযোগ্য আরু পালনযোগ্য হোৱাকৈ
ভক্তিমাৰ্গক প্রচাৰ আরু প্রসাৰ কৰিলে । আরুএওঁলোকে এই
ভক্তিমাৰ্গ তামিল প্রদেশত আৰম্ভ কৰিছিল যদিও ক্রমে ভাৰতৰ পূব-উত্তৰ দিশ আরু আন
সকলো ভাৰতৰ ঠাইতে ভক্তিমাৰ্গৰ নৱচেতনা জাগি উঠি এক নবযুগৰ সূচনা হ’ল ।
এই আলোৱাৰসকলে বিষ্ণুভক্তিৰ হৈ গীত-পদ ৰচনা কৰি বিভিন্ন মন্দিৰত গাইছিল আরু
জনসাধাৰণে ইয়াক আকোৱালী লৈছিল । এনে বিখ্যাত ১২ জন আলোৱাৰ দ্বাৰা ৰচিত গীতৰাজিক
নাথমুনিয়ে ‘নালায়ৰিদিব্য প্রবন্ধম্’ নামেৰে এখন গ্রন্থৰ দ্বাৰা প্রকাশ কৰিছিল আরু
এই খন ভক্তিমার্গৰ এক আদি গ্রন্থরূপে প্রতিষ্ঠিত হৈছিল ।
ভক্তিবাদৰ ক্রমবিকাশত ভক্তিৰ দাৰ্শনিক মত প্রতিষ্ঠাকাৰী
আচাৰ্যসকলঃ
ষষ্ঠ শতিকাৰ পৰা নৱম শতিকাৰ এই কালছোৱাক ‘ভক্তিকাল’ বুলি কোৱা হয় । এই
সময়ছোৱাতে বৌদ্ধ, জৈন, হিন্দু, শাক্ত আদি ধর্মৰ কঠিন ভক্তিৰ নীতি-নিয়মক শিথিল কৰি
শৈৱ ভক্ত কবি নায়মাৰসকল আরু আলৱাৰসকলে কিছুমান গীত-পদ ৰচনা কৰি মন্দিৰে মন্দিৰে
সেইবোৰ গাই ভক্তি আন্দোলনক সকলো জনসাধাৰণৰ ওচৰ চপাই আনিছিল । এই আলোৱাৰসকলৰ
গীত-মাত, পদ আরু আদৰ্শক পাছৰ আচাৰ্যসকলে পুনৰ উদ্ধাৰ কৰিছিল । ইয়াৰ ভিতৰত
উল্লেখযোগ্য কেইজনমান হ’লঃ
(ক) নাথমুনি আরু এওঁৰ ভক্তিবাদঃ
আলোৱাৰসকলে বিষ্ণুভক্তিৰ হৈ গীত-পদ ৰচনা কৰি বিভিন্ন মন্দিৰত গাইছিল আরু
জনসাধাৰণে ইয়াক আকোৱালী লৈছিল । এনে বিখ্যাত ১২ জন আলোৱাৰ দ্বাৰা ৰচিত গীতৰাজিক
নাথমুনিয়ে ‘নালায়ৰিদিব্য প্রবন্ধম্’ নামেৰে এখন গ্রন্থৰ দ্বাৰা প্রকাশ কৰিছিল আরু
এই খন ভক্তিমার্গৰ এক আদি গ্রন্থরূপে প্রতিষ্ঠিত হৈছিল । আলোৱাৰসকলৰ পাছত বৈষ্ণৱ
আন্দোলনৰ রূপৰেখা নাথমুনি আরু যমুনাচাৰ্যই নিৰ্মাণ কৰিছিল ।
শ্রী রংগম মন্দিৰৰ মূৰব্বী নাথমুনিয়ে সকলো বর্ণৰ বিশেষকৈ শূদ্র, বিপ্র, আরু আন
নিচ্ জ্ঞানকৰা সকলো লোকৰ বাবে ভক্তিৰ আলোড়ন সৃষ্টি কৰিলে । তেওঁ আলৱাৰসকলৰ
গীত-মাত, ভক্তি, জীৱনৰ সিদ্ধান্ত-আদৰ্শ আদিবোৰ ভাৰতৰ বিভিন্ন ঠাইত বিশেষকৈ পুৰী,
বদ্রীনাথ, মথুৰা, আদি ঠাইত প্রচাৰ-প্রসাৰ কৰে ।
(খ) যমুনাচাৰ্য আরু তেওঁৰ ভক্তিবাদঃ
যমুনাচাৰ্য বিশিষ্টাদ্বৈতবাদৰ প্রবক্তা ৰামানুজাচাৰ্যৰ শিষ্য আছিল আরু নাথমুনিৰ
নাতি আছিল, যিয়ে বিষ্ণুভক্ত আলোৱাৰসকলৰ গীত-পদ, ৰচনা সম্ভাৰ, প্রচাৰ-প্রসাৰ-অধ্যাপনা
আদিৰ কাম কৰিছিল । আলোৱাৰসকলৰ পাছত বৈষ্ণৱ আন্দোলনৰ রূপৰেখা নাথমুনি আরু
যমুনাচাৰ্যই নিৰ্মাণ কৰিছিল ।
যমুনাচাৰ্যৰ ভক্তিৰ দৰ্শন আরু ভক্তিবাদঃ
(অ)যমুনাচাৰ্যৰ ভক্তিৰ দৰ্শনৰ মূল হৈছে- ব্রহ্ম ।
(আ) তেওঁৰ ভক্তিবাদ অনুসৰি, আত্মা আরু শৰীৰৰ মাজত কোনো ভিন্নতা নাই অর্থাৎ
অভিন্ন ।
(ই) এই জগতখন ব্রহ্মৰ শৰীৰ আরু ব্রহ্মময় ।
(ঈ) লগতে, জড় জগতখনৰ আত্মা হৈছে- ব্রহ্ম ।
(উ) ব্রহ্ম সগুণ, গুণৰ সাগৰ আরু সৰ্বনিয়ন্তা ।
(গ) শংকৰাচাৰ্য আরু তেওঁৰ ভক্তিবাদ, অদ্বৈতবাদঃ
শংকৰাচাৰ্য আরু তেওঁৰ ভক্তিবাদঃ
(অ) শংকৰাচাৰ্য হৈছে- ভাৰতীয় ভক্তিমাৰ্গৰ এগৰাকী প্রখ্যাত প্রবক্তা ।
(আ) তেওঁ পোনপটীয়ালৈ আলোৱাৰসকলে প্রচাৰ কৰা বৈষ্ণৱ আন্দোলনৰ সৈতে
প্রত্যক্ষভাৱে জড়িত নাছিল ।
(ই) তেওঁ পৌৰাণিক ঔপনিষদিক ধর্মক পুনৰ প্রতিষ্ঠা কৰিছিল ।
(ঈ) তেওঁ বেদ নিয়মক ধিয়াই দি জনসাধাৰণৰ মাজত চলা বিতৰ্কসমূহক বন্ধ কৰি এক
আধ্যাত্মিক দৰ্শন, ‘অদ্বৈতবাদ’ৰ প্রতিষ্ঠা কৰিছিল ।
(উ) তেওঁ বৈদিক ধর্মক নতুনকৈ প্রতিষ্ঠিত কৰিছিল ।
শংকৰাচাৰ্য অদ্বৈতবাদঃ
(অ)অদ্বৈতবাদ অনুসৰি ব্রহ্ম আরু জীৱৰ মাজত কোনো ধৰণৰ পার্থক্য নাই ।
(আ) ব্রহ্ম যেনেকৈ মুক্ত আরু স্বপ্রকাশিত, ঠিক একেদৰে জীৱবোৰো মুক্ত আরু
স্বপ্রকাশিত ।
(ই) শংকৰাচাৰ্যৰ মতে, জীৱৰ বন্ধনৰ একমাত্র কাৰণ হৈছে- মায়া বা অজ্ঞান বা
অবিদ্যা ।
(ঈ) তেওঁৰ মতে, এই মায়া বা অজ্ঞান বা অবিদ্যা জ্ঞানৰ মাধ্যমেৰে নাইকীয়া হয় ।
(উ)শংকৰাচাৰ্যৰ দৰ্শন অনুসৰি, বহ্ম-জীৱৰ মাজত থকা অভিন্নতা জ্ঞানৰ জৰিয়তে
উপলব্ধি হয় ।
(ঊ) যেতিয়া জীৱই ব্রহ্ম আরু জীৱৰ মাজত থকা অভিন্ন আরু একত্ব উপলব্ধি কৰিব,
তেতিয়া তাক তেওঁ মুক্তি বুলি কৈছে ।
(ঋ) তেওঁ আকৌ কয় যে, ব্রহ্ম-জীৱৰ অভিন্ন-একত্ব উপলব্ধি কৰিব পাৰিলে, জীৱৰ শৰীৰতে
আরু এই জীৱনতেই মুক্তি সম্ভৱ হয় ।
(এ)শংকৰাচাৰ্যই ব্রহ্মৰ বিষয় এইদৰে কয় যে- ব্রহ্ম নিৰ্বিশেষ, নিৰবয়ব,
নিৰ্গুণ, নিরুপাধিক, সৰ্বজ্ঞ,
সৰ্বশক্তিমান, আরু এই জগতৰ উৎপত্তি-স্থিতি-লয়ৰ কাৰণ ।
(ঐ) ব্রহ্ম নামতহে বহুরূপে প্রদৰ্শিত হয়, কিন্তু এটাই মাত্র পৰম শক্তি ।
(ও) জীৱৰ মায়া বা অবিদ্যাৰ বাবে, ব্রহ্মক দ্বৈত (ব্রহ্ম আরু জীৱ) বা বহুরূপত
অনুভৱ হয় ।
(ঘ) ৰামানুজাচাৰ্য, তেওঁৰ ভক্তিবাদ, বিশিষ্টাদ্বৈতবাদঃ
ৰামানুজাচাৰ্য যমুনাচাৰ্যৰ শিষ্য আছিল । তেওঁ শংকৰাচাৰ্যৰ ‘অদ্বৈতবাদ’
ভক্তিবাদৰ সৈতে একমত নাছিল আরু সেয়েহে তেওঁ ‘বিশিষ্টাদ্বৈতবাদ’ মতবাদটোৰ প্রকাশ কৰে । ৰামানুজাচাৰ্যই বৈষ্ণৱ আন্দোলনক আরু বিষ্ণুৰ মতবোৰক সু-ব্যৱস্থাপনা কৰি গোটেই
ভাৰতবৰ্ষতে প্রচাৰ কৰিছিল । ৰামানুজাচাৰ্যই কেৱল বিষ্ণুৰ আৰাধনাক সমর্থন কৰে ।
ৰামানুজাচাৰ্যৰ বিশিষ্টাদ্বৈতবাদঃ
(অ)ৰামানুজাচাৰ্যৰ বিশিষ্টাদ্বৈতবাদ অনুসৰি জীৱবোৰ নিত্যমুক্ত নহয় ।
(আ) তেওঁৰ মতে, জীৱবোৰ ব্রহ্মৰ কোনো প্রতিবিম্ব নহয় ।
(ই) এই মতবাদ অনুসৰি, জীৱবোৰ ব্রহ্মৰ অংশ ।
(ঈ) তেওঁৰ মতে, জীৱবোৰ ক্ষুদ্র আরু অনু; আনহাতে ব্রহ্ম-বিষ্ণু হৈছে মহান আরু
বিৰাট ।
(উ) আকৌ, জীৱবোৰ হৈছে অল্প শক্তিশালী আরু অল্পজ্ঞ বা অলপহে জীৱন সম্পর্কে
জ্ঞান আছে, আনহাতে ব্রহ্ম সৰ্বশক্তিমান আরু সৰ্বজ্ঞানসম্পন্ন, সৰ্বজ্ঞ ।
(ঊ) এই মত অনুসৰি, ‘ভগৱৎ প্রাপ্তিৰ অন্তিম সোপান হৈছে- ভক্তি’ ।
(ঙ)নিম্বাকাচাৰ্য, তেওঁৰ ভক্তিবাদ, দ্বৈতাদ্বৈতবাদ বা ভেদাভেদবাদঃ
নিম্বাকাচাৰ্য ভক্তিতত্ত্ব
দ্বৈতাদ্বৈতবাদ বা ভেদাভেদবাদ অনুসৰি, ব্রহ্মৰ দ্বৈত অর্থাৎ ‘জীৱ-জগত’ আরু
‘ব্রহ্ম’ পৃথক আরু আনহাতে অদ্বৈত অর্থাৎ ‘জীৱ-জগত’ আরু ‘ব্রহ্ম’ পৃথক নহয়, এই
দুয়ুটা মতবাদকে স্বীকাৰ কৰে । সেয়েহে, এই মতবাদক
দ্বৈতাদ্বৈতবাদ বা ভেদাভেদবাদ বোলা হয়
।
(চ) মাধবাচাৰ্য, তেওঁৰ
ভক্তিবাদ, দ্বৈতবাদঃ
(অ)মাধবাচাৰ্য দ্বৈতবাদ
অনুসৰি ব্রহ্মৰ পৰা এই জীৱ-জগত সৃষ্টি হৈছে ।
(আ) কিন্তু, তেওঁ কৈছে
যে ব্রহ্ম আরু জীৱ দুয়োটাই পৃথক স্বতন্ত্র আছে ।
(ই) এই তত্ত্ব অনুসৰি,
জীৱবোৰ ভগৱান বা ব্রহ্মৰ দাস ।
(ঈ) তেওঁৰ মতে, আত্মাৰ
লগত পৰমাত্মাৰ এৰাব নোৱাৰা সম্পর্ক আছে, কিন্তু অভিন্ন নহয় ।
(উ)মাধবাচাৰ্যই অৱতাৰবাদক
স্বীকাৰ কৰে, আরু তেওঁৰ মতে ভগৱন্তই বা পৰম ব্রহ্মই সময়ে সময়ে বিভিন্ন অৱতাৰ লৈ
স্বজন-পালন কৰে
।
(ছ) বল্লভাচাৰ্য, তেওঁৰ
ভক্তিবাদ, শুদ্ধ অদ্বৈতবাদ বা শুদ্ধাদ্বৈতবাদঃ
(অ) বল্লভাচাৰ্যৰ শুদ্ধ
অদ্বৈতবাদ অনুসৰি, মায়াৰে সমৃদ্ধ শুদ্ধ এক জীৱ আরু পৰম ব্রহ্ম, দুই পৃথক নহয়, দুয়ু
এক বা একনিষ্ঠ ।
(আ) তেওঁ কয় যে জীৱ ঈশ্বৰৰ
অংশ, অর্থাৎ ভগৱানৰ পৰাই জীৱৰ সৃষ্টি হৈছে ।
(ই) তেওঁ, ব্রহ্ম আরু জীৱৰ
মাজৰ সম্পর্ক, জুই আরু স্ফুলিংৰ লগত তুলনা কৰিছে ।
(ঈ)বল্লভাচাৰ্যদেৱে এই
মায়াময় জগতক মিছা নহয় বুলি প্রকাশ কৰিছে আরু কৈছে যে ভগৱন্ত বা পৰমেশ্বৰৰ ইচ্ছাতে
বিভক্ত হোৱা এক শক্তি হৈছে- মায়া ।
(উ) তেওঁ কৈছে, জীৱৰ
মুক্তিৰ একমাত্র পথ হৈছে- ভক্তি ।
(ঊ) বল্লভাচাৰ্যৰ মতে,
“শ্রীকৃষ্ণ পূৰ্ণানন্দ, পুরুষোত্তম, পৰমব্রহ্ম এই ব্রহ্মস্বরূপ কৃষ্ণ প্রাপ্তিয়েই
জীৱৰ মুক্তি” ।
(জ) শ্রীচৈতন্যদেৱ, ভক্তিবাদ
আরু অচিন্ত্য ভেদাভেদবাদঃ
শ্রীচৈতন্যদেৱ গৌড়ীয়
বৈষ্ণৱ ধর্মৰ প্রচাৰক আছিল আরু পাছত তেওঁৰ অনুগামী বলদেৱ বিদ্যাভূষণে অষ্টাদশ
শতিকাত ‘অচিন্ত্য ভেদাভেদবাদ’ নামৰ, দাৰ্শনিক ভিত্তি প্রতিষ্ঠা কৰে । চৈতন্যৰ মত অনুসৰি ভক্তি হৈছে- ঈশ্বৰ বা কৃষ্ণৰ প্রতি থকা পৰম প্রেম স্বরূপ,
যিটোক ‘ৰাধা ভাব’ বোলা হয় । চৈতন্যদেৱে নিজকে ৰাধাৰ
দৰে তন্ময় ভাবাপন্নৰে শ্রীকৃষ্ণৰ প্রেমত মহাভাব অনুভব কৰিছিল । পাছৰ ভক্তসকলে
সেয়েহে তেওঁ পন্থা, “চৈতন্য পন্থা”ৰ অৱলম্বনত ‘ৰাধা কৃষ্ণ’ৰ যুগল উপাসনা কৰে ।
(অ) অচিন্ত্য ভেদাভেদবাদ
অনুসৰি, ভগৱন্ত বা সত্য ব্রহ্ম ৰ অচিন্ত্য শক্তি আছে যাৰ বাবে ব্রহ্মৰ সৈতে
জীৱ-জগতৰ সম্পর্ক একে সময়তে ভেদ আরু অভেদ স্বরূপে প্রকাশিত হয় ।
(আ) এই মতত উল্লেখ আছে
যে যেতিয়া জীৱ, দেহৰ পৰা মুক্ত হয় তেতিয়াও ব্রহ্মৰ পৰা পৃথক হৈ থাকে; বা একাকাৰ বা
অভিন্নও নহয় ।
(ই)অচিন্ত্য ভেদাভেদবাদ
অনুসৰি এটা জীৱৰ মৃত্যুৰ পাচত ভগৱন্তৰ ওচৰলৈ যায়, কিন্তু ভগৱন্ত বা ব্রহ্মৰ সৈতে
লীন নাযায়, যিটো অভিন্ন হৈও ভিন্ন হিচাপে বিৰাজমান হয় ।
(ঈ) এই মতত, জীৱ আরু
ভগৱন্ত বা ব্রহ্মৰ সম্পর্ক চৰাই আরু বাহৰ লগত তুলনা কৰিছে । ৰাতি হ’লে যেনেকৈ চৰাই
কৈ বাহত আশ্রয় লয়, ঠিক একেদৰে জীৱৰ মৃত্যুৰ পাচত ব্রহ্মৰ ওচৰলৈ যায় আরু আশ্রয় লয়
কিন্তু ভেদ ৰক্ষা কৰে ।
(উ)অচিন্ত্য ভেদাভেদবাদ
অনুসৰি ভগৱান, জগত, জীৱ আরু কাল (সময়) সদায় নিত্য অৱস্থাত বিৰাজমান আরু এইবোৰ
ভগৱানৰ দ্বাৰা নিয়ন্ত্রিত, বশীভূত আরু পৰিচালিত হৈ আছে ।
ভাৰতীয় অলংকাৰশাস্ত্র
আরু ভক্তি ৰসঃ
(ক) ভাৰতীয় অলংকাৰশাস্ত্রত
কাব্যৰ বহিরংগ তত্ত্ব শৰীৰরূপ ‘সহিত’ শব্দৰ পৰা লাহে লাহে বিভিন্ন ৰসতত্ত্বৰ
ব্যাখ্যা আগবঢ়াইছিল । এইবোৰৰ ভিতৰত বিশেষকৈ, অলংকাৰ, বক্রোক্তি, গুণ, ধ্বনি, আদি ।
(খ) ভাৰতীয় অলংকাৰশাস্ত্রত
কৈছে- “ৱাক্যং ৰসাত্মকং কাৱ্যম” ।
(গ) ভাৰতীয় আলংকাৰিকসকলে
এইবুলি মন্তব্য আগবঢ়াইছে যে ৰসৰ অভাৱ হ’লে কাব্য নিৰ্জীৱৰ দৰে হয় আরু ৰস হৈছে
কাব্যৰ প্রাণবস্তু ।
(ঘ) প্রাচীন ভাৰতীয়
আলংকাৰিকসকলে ৯ বিধ ৰসৰ কথা ব্যক্ত কৰিছে, সেয়া হৈছে- শৃংগাৰ, হাস্য, করুণ, ৰৌদ্র,
বীৰ, ভয়ানক, বীভৎস, অদ্ভুত, শান্ত আরু বাৎসল্য ।
ভক্তি ৰসঃ
(ক) ভাৰতৰ ভক্তকবিসকল
আরু ভক্তি আলংকাৰিসকলে ‘ভক্তি’ক ৰসৰ স্থান প্রদান কৰিছে ।
(খ) তেওঁলোকৰ মতে ভক্তিৰস
হৈছে- শংকৰদেৱ, মাধৱদেৱকে আদি কৰি ভক্ত কবিসকলৰ মূখ্য প্রতিপাদ্য বিষয় ।
(গ) কিন্তু আন আলংকাৰিকসকলৰ
মতে ভক্তি হৈছে বৈৰাগ্যৰ মাধ্যমেৰে সৃষ্টি হোৱা এক নিত্য সনাতন বস্তুৰ বা বিষয়ৰ
প্রতি জাগ্রত হোৱা এক ৰাগ ।
(ঘ) তেওঁলোকৰ মতে, ভক্তি
হৈছে-বাসনা রূপেৰে সকলো মানুহৰ মনত থকা এক সুপ্ত অৱস্থা আরু উপযুক্ত পৰিৱেশ-ভাবনাৰে
এই ভক্তি জাগি উঠে আরু নিত্য সনাতনৰ মানসিকতা জাগ্রত হয় ।
(ঙ)আলংকাৰিকসকলে, ভক্তিক
নিৰ্বেদ নামেৰে এক ‘স্থায়ী ভাব’ বুলি ব্যক্ত কৰিছে ।
(চ) ভক্তিৰ স্থায়ী ভাবৰ
পৰা যেতিয়া ভক্তিৰ গীত, কাব্য, নাটক, বচন, শ্লুক, ভক্তিমূলক কাহিনীৰ বৰ্ণনা, অভিনয়
আদিৰ মাধ্যমেৰে পাঠক (পঢ়োতা জনে), শ্রুতা (শুনোতা জনে), দৰ্শক (ভক্তিৰ নাটক-পৰিচৰ্যা
আদি চকুৰে দেখা জনে) আদিসবৰ মনত ৰসৰ উদ্রেগ বা উৎপন্ন হয়, তেতিয়া তাক শান্ত বা শান্ত
ৰস বোলা হয় ।
(ছ) আলংকাৰিকসকলৰ মতে
ভক্তিৰ জৰিয়তে সৃষ্টি হোৱা শান্ত ৰস হৈছে- স্থায়ী ভাব নিৰ্বেদ-অনিত্য বস্তুৰ প্রতি
বিৰাগ, নিত্য বস্তুৰ প্রতি সৃষ্টি হোৱা ৰাগ ।
(জ) ভক্তিৰ লগত জড়িত থকা
সকলো কাব্য আরু নাটকত শান্ত ৰসহে প্রতিপন্ন আরু প্রকাশিত হয় ।
(ঝ) আলংকাৰিকসকলৰ মতে,
ভক্ত কবিসকলে প্রকাশ কৰা ‘ভক্তি ৰস’, হৈছে ব্রহ্ম উপলব্ধিৰ এক আনন্দময় অৱস্থাহে
কিন্তু ই আন ৰসৰ দৰে বৈশিষ্ট্যপূর্ণ ৰস নহয় ।
(ঞ) আলংকাৰিকসকলে আকৌ কয়
যে ভক্তি হৈছে শান্ত ৰসৰ পৰা উৎপন্ন হোৱা এক ব্রহ্ম উপলব্ধিৰ মহাবস্তুৰ এক স্থায়ী
ভাব মাত্র ।
(ট) লগতে, আন কিছু আলংকাৰিকৰ
মতে ভক্তিৰ পৰা যি সুখ-তৃপ্তি মনত লাভ কৰা হয়, সি এক লৌকিক বিষয় বা বস্তুহে ।
আনহাতে, আন যিবোৰ আচল ৰস বা কাব্য ৰস আছে সেইবোৰ হৈছে অলৌকিক নকল । সেয়েহে, ‘ভক্তি ৰস’ একপ্রকাৰৰ ৰস নহয় বুলি আন আলংকাৰিকসকলে ব্যক্ত কৰে ।
ভক্তি আন্দোলন আরু ইয়াৰ
ফলত সৃষ্ট সাহিত্যঃ
ভক্তি আন্দোলনৰ প্রসাৰ
আরু প্রচাৰৰ বাবে বহুতো গীত, পদ, গ্রন্থ আদিৰ সৃষ্টি হৈছিল । ইয়াৰ ভিতৰত
উল্লেখযোগ্যসমূহ তলত উল্লেখ কৰা হ’ল-
(ক)নাথমুনি আরু নালায়ৰি
দিব্যপ্রবন্ধমঃ
আলোৱাৰসকলে বিষ্ণুভক্তিৰ হৈ গীত-পদ ৰচনা কৰি বিভিন্ন মন্দিৰত গাইছিল আরু
জনসাধাৰণে ইয়াক আকোৱালী লৈছিল । এনে বিখ্যাত ১২ জন আলোৱাৰ দ্বাৰা ৰচিত গীতৰাজিক
নাথমুনিয়ে ‘নালায়ৰিদিব্য প্রবন্ধম্’ নামেৰে এখন গ্রন্থৰ দ্বাৰা প্রকাশ কৰিছিল আরু
এই খন ভক্তিমার্গৰ এক আদি গ্রন্থরূপে প্রতিষ্ঠিত হৈছিল । আলোৱাৰসকলৰ পাছত বৈষ্ণৱ
আন্দোলনৰ রূপৰেখা নাথমুনি আরু যমুনাচাৰ্যই নিৰ্মাণ কৰিছিল ।
(খ) আচাৰ্যসকল আরু টীকা
ভাষ্যঃ
কিছুমান মহান আচাৰ্যই
ভক্তি আন্দোলনক দাৰ্শনিক ভিত্তি প্রদান কৰিছিল । সকলো জনসাধাৰণে বুজিব পৰাকৈ এই
আচাৰ্যবৃন্দই সংস্কৃত গ্রন্থৰাজিৰ টীকা ভাষ্য ৰচনা কৰিছিল ।
(গ) শংকৰাচাৰ্য আরু
প্রস্থানত্রয়ীঃ
ভক্তি আন্দোলনৰ দাৰ্শনিক
ভিত্তি প্রদান কৰা আরু ‘অদ্বৈতবাদ’ক ৰাইজৰ মাজত প্রচাৰ কৰাৰ অর্থে শংকৰাচাৰ্যই
‘ব্রহ্মসূত্র’, ‘উপনিষদ’ আরু ‘গীতাৰ নতুন ভাষা’, এই তিনিখন গ্রন্থ ৰচনা কৰিছিল,
যাক ‘প্রস্থানত্রয়ী’ আখ্যা দিয়া হৈছিল ।
(ঘ) ৰামানুজাচাৰ্য, ‘শ্রী
ভাষ্য’ আরু শ্রীসম্প্রদায়ঃ
ভক্তি আন্দোলন আরু ‘বিশিষ্টাদ্বৈতবাদ’
দাৰ্শনিক মতসমূহৰ প্রতিষ্ঠা আরু সমগ্র দেশতে প্রচাৰৰ অর্থে ‘শ্রী ভাষ্য’ নামৰ এখন
ব্রহ্মসূত্রৰ নতুন ভাষ্য ৰচনা কৰিছিল আরু লগতে ‘শ্রী সম্প্রদায়’ নামৰ এক সম্প্রদায়ৰো
সৃষ্টি কৰিছিল ।
(ঙ) নিম্বাকাচাৰ্য আরু
‘বেদান্ত পাৰিজাত সৌৰভঃ
ভক্তি আন্দোলনৰ দাৰ্শনিক
ভিত্তি, ‘ভেদাভেদবাদ’ বা ‘দ্বৈতাদ্বৈতবাদ’ক জনসাধাৰণৰ মাজত প্রচাৰ-প্রসাৰৰ বাবে
নিম্বাকাচাৰ্যই ‘বেদান্ত পাৰিজাত সৌৰভ’ নামৰ এখন ব্রহ্মসূত্রৰ ভাষ্য ৰচনা কৰিছিল ।
(চ) মাধবাচাৰ্য আরু
‘পূৰ্ণপ্রজ্ঞ ভাষ্যঃ
ভক্তিবাদক দাৰ্শনিক মত
আরু দ্বৈতবাদৰ আদর্শক প্রতিষ্ঠা কৰিবলৈ মাধবাচাৰ্য ‘পূর্ণপ্রজ্ঞ ভাষ্য’ নামৰ এখন
ব্রহ্মসূত্রৰ ওপৰত ভাষ্য ৰচনা কৰিছিল ।
(ছ) বল্লভাচাৰ্য আরু
‘অনুভাষ্যঃ
‘শুদ্ধ অদ্বৈতবাদ’ৰ
দাৰ্শনিক ভিত্তি আরু ভক্তি আন্দোলনৰ প্রচাৰ-প্রসাৰৰ অর্থে বল্লভাচাৰ্যদেৱে
‘অনুভাষ্য’ নামৰ এখন টীকা-ভাষ্য ৰচনা কৰিছিল ।
(জ)বলদেৱ বিদ্যাভূষণ আরু
‘গোবিন্দ ভাষ্যঃ
শ্রীচৈতন্যদেৱ গৌড়ীয়
বৈষ্ণৱ ধর্মৰ প্রচাৰক আছিল আরু পাছত তেওঁৰ অনুগামী বলদেৱ বিদ্যাভূষণে অষ্টাদশ
শতিকাত ‘অচিন্ত্য ভেদাভেদবাদ’ নামৰ, দাৰ্শনিক ভিত্তি প্রতিষ্ঠা কৰে । এই দাৰ্শনিক ভিত্তিৰ প্রচাৰ আরু প্রসাৰৰ নিমিত্তে ‘গোবিন্দ ভাষ্য’ নামৰ
বেদান্তৰ সূত্র ভাষ্যখন ৰচনা কৰে ।
(ঝ) শ্রীৰামানন্দ (‘উদাৰ
ভক্তি ধৰ্ম’& হিন্দীৰ আদি প্রচাৰক) আরু তেওঁৰ গীত-পদঃ (সংস্কৃত আরু হিন্দী)
শ্রী ৰামানন্দই সকলো লোকৰ
বাবে ‘উদাৰ ভক্তি ধৰ্ম’, সমগ্র উত্তৰ ভাৰতত প্রচাৰ-প্রসাৰ কৰিছিল । তেওঁ সংস্কৃত
ভাষা আরু হিন্দী ভাষাত, ভক্তিবাদৰ গীত, পদ, উপদেশ আদি ৰচনা কৰিছিল । শ্রীৰামানন্দদেৱে
হয়তো হিন্দী ভাষাত ভক্তিৰ সম্পর্কীয় গীত-পদ ৰচনা কৰিছিল, সেয়েহে তেওঁক হিন্দীৰ
‘আদি প্রচাৰক’ বোলা হয় । তেওঁৰ আদর্শত পাচত, ৰামভক্তিৰ ধাৰাক ‘নিৰ্গুণ ভক্তি ধাৰা’
(প্রচাৰক তেওঁৰ শিষ্য কবীৰদাস) আরু ‘সগুণ ভক্তি-ধাৰা’ (প্রচাৰক তেওঁৰ গোস্বামী
তুলসীদাস), এই দুই ভাগত বিভক্ত হয় ।
(ঞ) কবীৰদাস(১৩৯৮-১৫১৮),
আরু তেওঁৰ আদর্শত ‘গুরু গ্রন্থ চাহিব’, ‘সৎগুরু গ্রন্থ চাহিব’, আরু ‘কবিৰ সাগৰঃ
(হিন্দী)
ৰমানন্দৰ প্রধান শিষ্য কবীৰদাস
নিৰক্ষৰ আছিল বাবে গ্রন্থ অধ্যয়ণ কৰিব পৰা নাছিল, আরু সেয়েহে ধর্মৰ জ্ঞানসমূহ তেওঁ
সৎ সংগৰ মাধ্যমেৰে লাভ কৰিছিল । তেওঁ মৌখিকভাৱে, ভক্তি
আন্দোলন আরু ভক্তিবাদৰ প্রচাৰ আরু প্রসাৰৰ অর্থে বহুতো ভজন, গীত, শ্লুক আদি গাইছিল
যিবোৰ পৰৱৰ্তী সময়ত গ্রন্থত সংলগ্ন হৈছিল । তেনে কেইখনমান ধৰ্মগ্রন্থ হৈছে- ‘গুরু
গ্রন্থ চাহিব’ (Guru Grantha Sahib), চেইন্ট গৰিব দাসৰ, ‘সৎগুরু গ্রন্থ চাহিব’ (Satguru
Granth Sahib), আরু ‘কবিৰ সাগৰ’ (Kabir Sagar) ।
(ঞ) গুরু নানক আরু ‘গুরু
গ্রন্থচাহিবঃ
কবীৰদাসৰ ধাৰা ‘নিৰ্গুণ
ভক্তি ধাৰা’ৰ আদর্শত গুরু নানকে শিখ ধর্ম প্রচাৰ আরু প্রসাৰ কৰি ভক্তি আন্দোলনক
আগুৱাই লৈ গৈছিল । তেওঁ কবিৰৰ দৰে নিৰক্ষৰ আছিল আরু তেওঁৰ গীত-পদসমূহ পাছত বিভিন্ন
গ্রন্থ বিশেষকৈ ‘গুরু গ্রন্থচাহিব’ত সংগ্রহ কৰি প্রকাশ কৰে ।
(ট) তুলসীদাস, আরু তেওঁৰ
‘ৰামচৰিত মানস’, ‘বিনয় পত্রিকাঃ (হিন্দী)
এজন ভক্তিবাদ আরু
ভক্তিআন্দোলনৰ মূল প্রচাৰক আরু ‘সগুণ ভক্তি ধাৰা’ৰ প্রচাৰক তুলসীদাসে, ভক্তি ভাব
জনসাধাৰণত মাজত জগাই তুলাৰ বাবে ‘ৰামচৰিত মানস’ আরু ‘বিনয় পত্রিকা; এই মহান গ্রন্থ
দুখনৰ সৃষ্টি কৰিছিল । তেওঁ এই গ্রন্থৰ জৰিয়তে, ৰজা-প্রজা-সমাজৰ-পৰিয়ালৰ একত্রিত
সম্পর্ক আরু সেৱা-সেৱক-ভাবৰ ভক্তিৰ আদর্শৰ প্রচাৰ কৰিছিল ।
(ঠ) বল্লভাচাৰ্য, ব্রহ্মসূত্রৰ
‘অনুভাষ্য’, ভাগৱতৰ ‘সুবোধিনী’ টীকাঃ (ব্রজভাষা)
বল্লভাচাৰ্য আছিল
ভক্তিবাদ, ‘শুদ্ধাদ্বৈতবাদ’ৰ প্রচাৰক আরু প্রসাৰক । তেওঁৰ দাৰ্শনিক আদৰ্শৰাজিক
প্রচাৰৰ অর্থে ব্রহ্মসূত্রৰ ‘অনুভাষ্য’ আরু ভাগৱতৰ ‘সুবোধিনী’ টীকা ৰচনা কৰিছিল ।
(ড) বিটঠল নাথ, ‘অষ্টছাপ’
সম্প্রদায়ঃ
কৃষ্ণ ভক্তিৰ প্রচাৰ-প্রসাৰৰ
বাবে বলভাচাৰ্যৰ পুত্র বিটঠল নাথে ব্রজভাষাত শ্রীকৃষ্ণৰ যশোগান গোৱা আঠজন প্রসিদ্ধ
কবিক সাঙোৰি ‘অষ্টচাপ’ নামেৰে এক ভক্তি আন্দোলনৰ সম্প্রদায় গঠন কৰে । এই অষ্টচাপৰ সর্বশেষ্ঠ আছিল সুৰদাস যি বল্লভাচাৰ্যৰ শিষ্য আছিল ।
(ঢ) সুৰদাস, আরু ‘সুৰসাগৰঃ
শ্রীকৃষ্ণৰ যশোগান গোৱা
অষ্টচাপৰ সর্বশেষ্ঠ আছিল সুৰদাস যি বল্লভাচাৰ্যৰ শিষ্য আছিল । তেওঁ ব্রজভাষাত যিবোৰ
গীত-পদ ৰচনা কৰিছিল, সেইবোৰ ‘সুৰসাগৰ’ নামেৰে এখন গ্রন্থত সংগ্রহ কৰা হয় ।
(ণ) মীৰাবাঈ, মাৰোৱাৰী
আরু ব্রজভাষা মিশ্রিত ভাষাত গীত-পদ ৰচনাঃ
মীৰবাই গুজৰাটী সাহিত্য
আরু মাৰোৱাৰী আরু ব্রজভাষা মিশ্রিত ভাষাত গীত-পদ ৰচনা কৰা এগৰাকী কৃষ্ণ ভক্ত কবি
আছিল । মীৰাবাঈৰ শ্রীকৃষ্ণৰ প্রেমত মগ্ন হৈ ৰচনা কৰা ভজনসমূহ ভাৰতীয় ভক্তি
সাহিত্যত এক অমূল্য সম্পদ য’ত তেওঁ ‘মধুৰ ভক্তি’ আরু ‘দাস্য ভক্তি’ক সুন্দৰরূপে
সাধাৰণ জনসাধাৰণৰ মাজত প্রচাৰ কৰিছিল । ইয়াৰ ভিতৰত জনপ্রিয় হ’ল- ‘পায়ৌ জী মেনে ৰাম
ৰতন ধন পায়ৌ’ (Paayoji maine Ram Ratan dhan
Paayo) ।
(ত) চৈতন্যদেৱ, ‘ষট্
গোস্বামী’ আরু গ্রন্থ, ‘ভক্তিৰসামৃত’ সিন্ধু’, ‘উজ্জ্বল নীলমনি’, ‘লঘু ভাগৱতামৃতঃ
চৈতন্যদেৱে গৌড়ীয় বৈষ্ণৱ
ধর্মৰ প্রৱৰ্তক আরু বৈষ্ণৱ ধর্ম-আন্দোলনৰ মুখ্য ভক্ত আছিল । তেওঁৰ আদৰ্শত
মধ্যযুগীয় বাংলা সাহিত্যৰ বহু গীতি কবিতা,
পদাৱলী আরু জীৱনী সাহিত্যৰ সৃষ্টি হৈছিল । তেওঁ নিজে বিশেষকৈ ধর্ম প্রচাৰ কৰা
নাছিল যদিও তেওঁৰ আদর্শত তেওঁৰ শিষ্যগণে ধর্মপ্রচাৰ আরু প্রসাৰ কৰিছিল । এই
শিষ্যসমূহৰ ভিতৰত আছিল- রূপ গোস্বামী, সনাতন গোস্বামী, জীৱ গোস্বামী, ৰঘুনাথ ভট্ট
গোস্বামী, গোপাল ভট্ট গোস্বামী আরু ৰঘুনাথ দাস গোস্বামী, এই ছয়জনক একেলগে ‘ষট্
গোস্বামী’ বোলা হৈছিল । চৈতন্য সম্প্রদায়ৰ ভক্তি
ধাৰা বোৱাই নিবলৈ তেওঁলোকে ৰচনা কৰা গ্রন্থসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখন হৈছে-
রূপ গোস্বামীৰ, ‘ভক্তিৰসামৃত’ সিন্ধু’, ‘উজ্জ্বল নীলমনি’, ‘লঘু ভাগৱতামৃত’ আদি ।
এনেদৰে দেখা যায় যে ভক্তিআন্দোলনক কেন্দ্র কৰি ভক্তিৰ প্রচাৰ আরু
প্রসাৰৰ অর্থে বহুতো নব্য সাহিত্যৰ সৃষ্টি হৈছিল । এইবোৰে, ভক্তি আন্দোলনৰ ব্যাপক
প্রচাৰ কৰাৰ সমসাময়িকভাৱে সাহিত্যলৈকো অৱদান আগবঢ়াইছিল ।
অসমৰ বৈষ্ণৱ
ভক্তিবাদঃ
অসমত বৈষ্ণৱ ভক্তিবাদ
বহুৰ শতিকাৰ পূৰ্বে আৰম্ভ হৈছিল । বিভিন্ন সময়-স্তৰত হোৱা এই বৈষ্ণৱ ভক্তিবাদৰ
বিষয়ে তলত আলোচনা কৰা হ’ল-
(অ) মহাভূতিবৰ্মা আরু
অসমৰ বৈষ্ণৱ ধৰ্মঃ
প্রাচীন কালৰ ৰজা মহাভূতিবৰ্মাই
‘শ্রীপৰমদৈৱত পৰমভাগৱত’ বুলি পৰিচয় দিয়াৰ প্রসংগই ইয়াকে সুৱৰাইছে যে অতি প্রাচীন
কালতো অসত বৈষ্ণৱধর্ম প্রচলন আছিল ।
(আ) প্রাচীন তান্ত্রিক
পূজা আরু অসমৰ বৈষ্ণৱ ধৰ্মঃ
অসমৰ প্রাচীন কালত কৰা
তান্ত্রিক পূজা সমূহত ‘ওঁ নমো ভগৱতে বাসুদেৱায়’, ‘ওঁ নমো নাৰায়ণায়’ আদি মন্ত্রৰে
বাসুদেৱক সম্বন্ধি পূজা-পাতল কৰিছিল ।
বেদ আরু বৈষ্ণৱ ধর্মঃ
বেদত বিষ্ণুক বৈদিক
দেৱতা আরু সূৰ্যৰ অভিব্যক্তি হিচাপে প্রকাশ কৰিছে । বেদত এইবুলি উল্লেখ আছে যে
বিষ্ণুৱে বিভিন্ন কালত সাত্বতসবৰ বাসুদেৱ, পঞ্চৰাত্রসবৰ নাৰায়ণ, আভীৰসকলৰ বাবে
গোপাল-কৃষ্ণ আদি বিভিন্ন অৱতাৰ স্বরূপে শ্রেষ্ঠ ভগৱন্তরূপে প্রতিষ্ঠিত হৈছে ।
(ই) পঞ্চম শতিকা আরু অসমৰ
বৈষ্ণৱ ধর্মঃ
(i) খ্রীষ্টীয় পঞ্চম
শতিকাৰ পাণিনীৰ অষ্ঠাধ্যায়ী আরু তাৰ পাছৰ বহুতো সাহিত্য শাস্ত্রত নাৰায়ণ, বিষ্ণু
আরু বৈষ্ণৱ সম্প্রদায়ৰ বিষয়ে আলোচনা কৰা হৈছে ।
(ii) পঞ্চিম শতিকাৰ
কামাখ্যাৰ উমাচল শিলালিপিত অসমৰ বৈষ্ণৱ ধর্মৰ সম্ভেদ পোৱা যায় । এই শিলালিপিত সুৰেন্দ্র
বৰ্মাক ‘ভাগৱত বলভদ্রস্বামিন’ হিচাপে লিখিত আছে । লগতে, এই শিলালিপিসমূহত বৈষ্ণৱ
ধাৰণাৰ মূলমন্ত্র বিশেষকৈ- ‘ওঁ নমো নাৰায়ণায় বেদ্মহে, বাসুদেৱায় ধীমহি, ওঁ তস্মো
বিষ্ণু প্রচোদয়াৎ’, প্রকাশ পাইছে ।
(ঈ) নৱম শতিকা আরু অসমৰ
বৈষ্ণৱ ধর্মঃ
নৱম শতিকাৰ কিছুমান
স্থাপত্য আরু ভাস্কৰ্যত বিষ্ণু মূৰ্তি আরু বৈষ্ণৱ মন্দিৰৰ নিদৰ্শন পোৱা গৈছে ।
কালিকা পুৰাণ আরু অসমৰ বৈষ্ণৱ ধর্মঃ
(i) কালিকা পুৰাণত
তান্ত্রিক বিধানেৰে কেনেকৈ বিষ্ণু-পূজা কৰিবলৈ লাগে তাৰ বিধান পোৱা যায় ।
(ii) মণিকূট গিৰিৰ ওপৰত
হয়গ্রীৱরূপে বিষ্ণুৰ অধিষ্ঠানৰ বিষয় কালিকাপুৰাণত উল্লেখ আছে ।
(iii) কালিকাপুৰাণৰ এক
অংশত হয়গ্রীৱ বিষ্ণুৱে কেনেদৰে জৰাসুৰক বধ কৰিছিল তাৰ বিষয়ে অবগত আছে ।
(iv) লগতে, আন এক ঠাইত
হয়গ্রীৱ অসুৰক বিষ্ণুৱে কেনেদৰে বধ কৰিছিল সেয়া উল্লেখ আছে ।
এইবোৰৰ পৰা এই কথা বুজা
যায় যে কালিকাপুৰাণৰ সময়তো অসমৰ বৈষ্ণৱ ধর্মৰ চৰ্চা আছিল ।
(v) সমসাময়িকভাৱে,
কালিকা পুৰাণত বহুতো বিষ্ণুৰ মাহাত্ম্যসূচক উক্তি উল্লেখ আছে ।
(vi) কালিকাপূৰাণ আরু
যোগিনীতন্ত্রত উল্লেখ আছে যে সেই সময়ত অসমত হয়গ্রীব বিষ্ণু আরু বাসুদেৱক তান্ত্রিক
পদ্ধতিৰ জৰিয়তে পূজা কৰিছিল আরু সেই পূজা-উপাসনাৰ তান্ত্রিক পদ্ধতিসমূহো কালিকাপুৰাণ
আরু যোগিনীতন্ত্রত উল্লেখ আছে ।
যোগিনীতন্ত্র আরু অসমৰ
বৈষ্ণৱ ধর্মঃ
যোগিনীতন্ত্র অসমৰ
বৈষ্ণৱ ধর্ম বহুতো নিদর্শন পোৱা যায় । ইয়াৰ ভিতৰত-
(i) যোগিনীতন্ত্রত
কামরূপৰ কামাখ্যা শক্তিপীঠক সামৰি নখন শক্তিপীঠ আরু এখন বিষ্ণুপীঠৰ বৰ্ণনা পোৱা
যায় ।
(ii) যোগিনীতন্ত্রত
বাসুদেৱ পূজাৰ বাবে তিনি মন্ত্রৰ কথা উল্লেখ আছে, সেয়া হৈছে- বীজ মন্ত্র,
অংগ-মন্ত্র আরু প্রত্যংগ মন্ত্র ।
(iii) কালিকাপূৰাণ আরু
যোগিনীতন্ত্রত উল্লেখ আছে যে সেই সময়ত অসমত হয়গ্রীব বিষ্ণু আরু বাসুদেৱক তান্ত্রিক
পদ্ধতিৰ জৰিয়তে পূজা কৰিছিল আরু সেই পূজা-উপাসনাৰ তান্ত্রিক পদ্ধতিসমূহো কালিকাপুৰাণ
আরু যোগিনীতন্ত্রত উল্লেখ আছে ।
বীজ মন্ত্রটো হৈছে- “ওঁ
নমো নাৰায়ণায়” ।
অংগমন্ত্রটো
(দ্বাদশাক্ষৰ) হৈছে- “ওঁ নমো ভগৱতে বাসুদেৱায়” ।
প্রত্যংগ-মন্ত্রটো
(অষ্টাদশাক্ষৰ) হৈছে- “ওঁ নমো বিষ্ণু সুৰপতয়ে মহাবলায় স্বাহা” ।
(iii) যোগিনীতন্ত্রত
বিষ্ণুৰ শ্রেষ্ঠত্বৰ বিষয়ে এইদৰে আছে-
“কামরূপে যথা বিষ্ণুঃ
সৰ্বশ্রেষ্ঠো মহেশ্বৰি ।
কামরূপে তথা দেৱীপূজা
সৰ্ব্বোত্তমা স্মৃতা ।।”
“যথা নাৰায়ণো শ্রেষ্ঠো
দেৱানাং পুরুষোত্তমঃ ।”
(উ) প্রাক-শংকৰী যুগ আরু
অসমৰ বৈষ্ণৱ ধর্মঃ
প্রাক-শংকৰী যুগত অসমৰ
বৈষ্ণৱ ধর্মৰ বহুতো নিদৰ্শন আছে । ইয়াৰ ভিতৰত উল্লেখযোগ্য দিশসমূহ হৈছে-
(i) প্রাক্-শংকৰীযুগৰ
কবি মাধৱ কন্দলী, প্রমুখ্যে আন কবিসকলৰ লিখনিত বৈষ্ণৱ ধর্মৰ উমান পোৱা যায় ।
(ii) কালিকা পুৰাণ আরু
যোগিনীতন্ত্রত উল্লেখ আছে যে উত্তৰ লক্ষীমপুৰৰ বাসুদেৱ থান, হাজো, অশ্বক্লান্ত আদি
থানত বৈষ্ণৱ মাৰ্গ আরু বাসুদেৱ পূজা হৈছিল ।
অসমৰ স্থাপত্য-ভাস্কৰ্য
ভগ্নাৱশেষ, লিপি আরু বৈষ্ণৱ ধর্মঃ
অসমৰ স্থাপত্য-ভাস্কৰ্য
ভগ্নাৱশেষৰ পৰা বৈষ্ণৱ ধর্মৰ উমান পোৱা যায় । ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ হৈছে-
(i) অষ্টম-নৱ্ম শতিকাৰ
শুক্রেশ্বৰ বিষ্ণু-জনাৰ্দন মূৰ্তি,
(ii) নৱ্ম-দশম শতিকাৰ
দেওপানীৰ বিষ্ণুমূৰ্তি,
(iii) দশম-একাদশ শতিকাৰ
ডিব্রুগড়ত প্রাপ্ত হোৱা পিতলৰ বিষ্ণুমূৰ্তি,
(iv) শিৱসাগৰৰ শিল আরু
বিষ্ণুৰ মূৰ্তিসমূহ,
(v) উত্তৰ গুৱাহাটীৰ
অশ্বক্লান্তৰ অনন্তশায়ী বিষ্ণু,
(vi) বৰপেটাত পোৱা চতুৰ্ভুজ
বিষ্ণু মূৰ্তিৰ ভাস্কৰ্য,
(vi) কামাখ্যাত পোৱা
বেণু গোপালৰ মূৰ্তি,
(vii) দেওপানীত পোৱা
ভাস্কৰ্য,
(vii) কামরূপৰ ধর্মপালৰ
পুষ্পভদ্রা লিপিত, ৰজাই বৰাহরূপী বিষ্ণুৰ স্তুতি কৰাৰ উমান পোৱা যায় ।
(viii) কামরূপৰ
প্রাচীন তাম্রশাসনবোৰত নৰসিংহ, দাশৰথি শ্রীৰাম, বৰাহ, জামদগ্ন্য ৰাম, আদি কথা
প্রাপ্ত হৈছে । লগতে, ইয়াত গোপ-গোপীৰ সৈতে শ্রীকৃষ্ণৰ লীলা, লক্ষ্মীকথা,
নন্দ-যশোদা আরু বসুদেৱ-দৈৱকী আদিৰ বিষয়েও উল্লেখ আছে ।
(ix) অসমৰ বিভিন্ন
ঠাইত পোৱা তামৰ ফলিসমূহৰ মাধ্যমেৰে অতীতৰ বৈষ্ণৱ ধর্মৰ উমান পোৱা যায় ।
প্রাক-শংকৰী যুগৰ বৈষ্ণৱ
ধর্মৰ স্থিতিঃ
প্রাক-শংকৰীযুগত অসমত
বৈষ্ণৱ ধর্মৰ প্রচলন আছিল যদিও সাধাৰণ জনসাধাৰণৰ পাছত ইয়াৰ প্রভাৱ সম্পূর্ণ রূপে পৰা
নাছিল । ইয়াৰ আন বিশেষণীয় দিশবোৰ হৈছে-
(i) প্রাক শংকৰীযুগত
বিভিন্ন ধর্ম আরু আচাৰ-পদ্ধতিৰ প্রভাৱৰ ফলত বৈষ্ণৱ ধর্মৰ মাৰ্গ, অধিক ফলপ্রসু হোৱা
নাছিল ।
(ii) সেই সময়ত, সকলো
জাতি, ধর্ম, বৰ্ণ, ভাষা নির্বিশেষে আধ্যাত্মিক চিন্তা-ধাৰণা আরু ভক্তিৰ দিশত
সুবিধা লাভ কৰা নাছিল ।
(iii) সেয়েহে, এই
সময়ছোৱাত বৈষ্ণৱ ভক্তিতো বাদেই আন ধর্মসকলোতে ব্যভিচাৰ আরু নানান কু-আদৰ্শই দেখা
দিছিল, যিটো পাছত শংকৰদেৱে পুনৰোদ্ধাৰ কৰিছিল ।
(ঊ) শংকৰদেৱ আরু অসমৰ
বৈষ্ণৱ ধর্ম, বিশেষকৈ নৱ বৈষ্ণৱ ধর্মঃ
শংকৰদেৱে নানা প্রাক্শংকৰী যুগত থকা বিভিন্ন দেৱ-দেৱীৰ সলনি অব্যভিচাৰী
ভক্তিৰ জৰিয়তে কৃষ্ণ বা একমাত্র বিষ্ণুত ভক্তি কৰাৰ কথা ব্যক্ত কৰিছে আরু নৱ
বৈষ্ণৱ ধর্মৰ প্রচাৰ কৰে ।
শংকৰদেৱৰ নৱ বৈষ্ণৱ ধর্মৰ পটভূমিঃ
(i)সহজ পন্থাৰ ভক্তি মাৰ্গ গঠনঃ
প্রাক্ শংকৰীযুগত চলা ব্যভিচাৰীমূলক ভক্তিধর্মক নাইকীয়া কৰি,
সমূহ জনসাধাৰণে ভক্তি মাৰ্গক গ্রহণ কৰিব পৰাকৈ এক নতুন পন্থাৰ অৱলম্বনৰ সূচনা কৰিছিল,
যিটো পাছলৈ নৱ বৈষ্ণৱ ধর্ম হিচাপে প্রৱৰ্তন হৈছিল ।
(ii)
সৰ্বভাৰতীয় বৈষ্ণৱ ভক্তি আন্দোলন আরু মাৰ্গৰ অধ্যয়ণঃ
শংকৰদেৱে সেই সময়ত চলি থকা শংকৰাচাৰ্যৰ ‘অদ্বৈতবাদ’, ৰামানুজাচাৰ্যৰ
‘বিশিষ্টাদ্বৈতবাদ’, মাধবাচাৰ্যৰ ‘দ্বৈতবাদ’, বল্লভাচাৰ্যৰ ‘শুদ্ধ ‘অদ্বৈতবাদ’ আদি
সমূহৰ অধ্যয়ণ, বিচাৰ-বিবেচনা কৰি, সকলো আদর্শৰে পৰা গ্রহণ-বৰ্জনৰ মাধ্যমেৰে ‘নৱ
বৈষ্ণৱ ধর্ম’ৰ প্রচাৰ কৰিছিল ।
(iii)
ভাৰতৰ বিভিন্ন তীৰ্থস্থানসমূহ ভ্রমণঃ
শংকৰদেৱে বাৰ বছৰ ভাৰতৰ বিভিন্ন তীৰ্থস্থানসমূহ ভ্রমণ কৰিছিল
আরু আন বৈষ্ণৱ সম্প্রদায়ৰ বিভিন্ন ৰীতি-নীতিসমূহক অধ্যয়ণ কৰিছিল । লগতে, বিভিন্ন
তীৰ্থস্থানসমূহত প্রচাৰিত আরু প্রভাৱিত হৈ থকা বৈষ্ণৱ আদর্শসমূহক লক্ষ্য কৰি অসমত
‘ঐকান্তিক বৈষ্ণৱ ভক্তিমাৰ্গ’ বা ‘নৱ বৈষ্ণৱ ধর্ম’ৰ প্রচলন কৰিছিল ।
অসমৰ ভক্তিমাৰ্গৰ প্রধান বৈশিষ্ট্যসমূহ আরু শংকৰদেৱৰ দ্বাৰা
প্রচাৰিত নৱবৈষ্ণৱ ধর্মৰ বৈশিষ্ট্যসমূহঃ
(ক) একেশ্বৰ বাদিতা আরু একশৰণৰ প্রতি অবিচল আস্থাঃ
শংকৰদেৱে বিভিন্ন দেৱ-দেৱীৰ পূজা-অৰ্চনা নকৰি এজন ভগৱন্ত,
এজন ঈশ্বৰৰ ওচৰতে শৰণাপন্ন হৈ ভক্তি কৰাৰ ওপৰত মনোনিবেশ কৰিছিল । তেওঁৰ মতে, “কৃষ্ণ এক দেৱ দুখ-হাৰি/হাৰী” ।
(খ)কৃষ্ণচৰিত্রপ্রধান আরু অৱতাৰবিদৰ স্বীকাৰঃ
অসমৰ নৱবৈষ্ণৱ আদৰ্শ আরু শংকৰদেৱৰ ভক্তিমাৰ্গ অনুসৰি ভগৱান
এজনেই, কেৱল মাত্র বিভিন্ন কাল-সময়-যুগ অনুসৰি ভিন্ন অৱতাৰ রূপে পৃথিৱীলৈ আহে আরু
বিশ্ব-ব্রহ্মাণ্ড পৰিচালিত কৰে ।
শংকৰদেৱৰ কীৰ্তন ঘোষাত তেওঁ উল্লেখ কৰিছে-
“প্রথমে প্রণামো ব্রহ্মরূপী সনাতন ।
সৰ্ব্ব অৱতাৰৰ কাৰণ নাৰায়ণ ।।
তযু নাভিকমলত ব্রহ্মা ভৈলা জাত ।
যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত ।।”
(গ) মহাপুরুষীয়া ধর্মৰ মূল চাৰিবস্তু বা ভক্তি সাধনৰ চাৰি
তত্বৰ প্রাধান্যঃ
অসমৰ বৈষ্ণৱ ধর্ম বিশেষকৈ শংকৰদেৱৰ নৱবৈষ্ণৱ ধর্মত নাম (হৰি/কৃষ্ণ/বিষ্ণু/ৰামৰ
নাম-প্রাৰ্থনা আদি), দেউ(উপাস্য), গুরু আরু ভকত, এই ধর্মৰ মূল চাৰিবস্তু বা ভক্তি
সাধনৰ চাৰি তত্বৰ প্রভাৱ পৰিলক্ষিত হয় ।
(ঘ) সৎ সঙ্গৰ প্রতি আস্থাঃ
অসমৰ বৈষ্ণৱ ধর্ম বিশেষকৈ শংকৰদেৱৰ নৱবৈষ্ণৱ ধর্মত সদায়
অসৎ সঙ্গ ত্যাগ কৰি জীৱনত জীয়াই থকা দিনকেইটাত সৎ সঙ্গ লবৰ বাবে অনুরুধ কৰিছে ।
এইবিষয়ে শাস্ত্রত উল্লেখ আছে-
“কৃপাৰ সাগৰ দৈৱকী-নন্দন
পূৰিয়ো মনৰ কাম ।
ভকতৰ সঙ্গ সদা নুগুচোক
মুখে তুৱা গুণ নাম ।”
(ঙ) নৱবিধ ভক্তিৰ শ্রৱণ-কীৰ্ত্তনৰ ওপৰত শ্রেষ্ঠত্ব আৰোপ ।
(চ) দাস্য ভক্তিৰ প্রতি পৰাকাষ্ঠাঃ
মাধৱ দীন মূৰুখমতি কহয়
বাণী শুন সৱ লোই৷
বিনে গুৰু-চৰণে ভকতি ৰকতি
মুকুতি কবহু নহোই৷৷
শংকৰদেৱ আরু তেওঁৰ পৰৱৰ্তী বৈষ্ণৱ সাধুগণে সকলোৱে ভক্তিৰ
দাসত্বক স্বীকাৰ কৰিছে ।
(ছ) ভকতি পন্থত জাতিভেদ পৰিহাৰঃ
শংকৰদেৱে অসমৰ সকলো জাতি, জনজাতি, ভাষা-ভাষী,
ধৰ্ম-ধৰ্মাৱলম্বী আদি লোকৰ বাবে নৱবৈষ্ণৱ ধর্ম প্রতিষ্ঠা কৰিছিল । তেওঁ হিন্দু
ধর্মৰ বাদেও আন ধর্মৰ লোককো শৰণ দিছিল ।
(জ) বিগ্রহ উপাসনা অস্বীকাৰঃ
অসমৰ বৈষ্ণৱ ধর্ম বিশেষকৈ শংকৰদেৱৰ নৱবৈষ্ণৱ ধর্মত,
দেৱ-দেৱী, গ্রহ-দেৱতা, পূজা-পাতল, বলি বিধান আদিক সামৰি লোৱা নাই । ইয়াৰ পৰিৱৰ্তে
কেৱল হৰিনামৰ মাধ্যমেৰে ভক্তি কৰাৰ কথা কৈছে ।
(ঝ) ৰাম-কৃষ্ণৰ অভিন্নতা প্রদৰ্শনঃ
অসমৰ বৈষ্ণৱ ধর্ম বিশেষকৈ শংকৰদেৱৰ নৱবৈষ্ণৱ ধর্মত, ৰাম
আরু কৃষ্ণক একেজন ভগৱন্ত হিচাপে স্মৰণ কৰিছে, কেৱল অৱতাৰভেদে তেওঁ ভিন্নরূপত বা
নামত প্রকাশিত হৈছে । শ্রীমন্তশংকৰদেৱৰ কীৰ্তনত চতুৰ্ব্বিংশতি অৱতাৰৰ উল্লেখ আছে-
“জয় হৰি গোৱিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ।
ৰাম ৰাম কেশৱ হৰি ।।”
(ঞ) ভগৱন্তৰ প্রসাদ তত্ত্বৰ প্রতি বিশ্বাসঃ
অসমৰ বৈষ্ণৱ ধর্ম বিশেষকৈ শংকৰদেৱৰ নৱবৈষ্ণৱ ধর্মত, ভগৱন্তৰ
প্রসাদ তত্ত্বৰ প্রতি বিশ্বাস আছে যে ভগৱন্তৰ নাম ললে বা গুণ-গৰিমা গালে যি ৰস-অমৃত
পোৱা যায়, সেয়া আন ক’তো পোৱা নাযায় ।
(ট) জ্ঞান আরু কর্মতকৈ ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপাদনঃ
অসমৰ বৈষ্ণৱ ধর্ম বিশেষকৈ শংকৰদেৱৰ নৱবৈষ্ণৱ ধর্মত, জ্ঞান
আরু আন কর্মতকৈ ভক্তিক শেষ্ঠ বুলি প্রতিপন্ন কৰিছে । নাম অপৰাধত এইবুলি আছে-
“কৰিও হৰিৰ চৰণে ৰতি ।
কলিত হৰিৰ নামেসে গতি ।”
অর্থাৎ এই কলিযুগত জ্ঞাজ্ঞান আরু কর্মতকৈ, ভক্তিৰ পথত থাকি
হৰিৰ নাম ললেহে মুক্তি লাভ কৰিব পাৰি ।
(ঠ) অহিংসা, প্রেম, দয়া আদি সৎ প্রবৃত্তিৰ কৰ্ষণৰ ওপৰত গুরুত্বঃ
অসমৰ বৈষ্ণৱ ধর্ম বিশেষকৈ শংকৰদেৱৰ নৱবৈষ্ণৱ ধর্মত,
অহিংসা, প্রেম, দয়া আদি সৎ প্রবৃত্তিৰ কৰ্ষণৰ ওপৰত গুরুত্ব আৰোপ কৰিছে আরু কাকো
নিন্দা নকৰিবৰ বাবে পৰামর্শ দিছে ।
“কলিৰ ধৰ্ম্ম হৰি নাম জান ।
পাপীৰ নিন্দাত নেদিবা কাণ ।।” (পাষণ্ড মৰ্দ্দন, প্রথম
কীৰ্ত্তন)
(ড) যাগ-যজ্ঞ, তপস্যা ব্রত আদি কষ্ট সাধ্য তথা ক্রিয়াবহুল
সাধনা বা উপাসনাৰ অনুপযোগিতা দৰ্শনঃ
অসমৰ বৈষ্ণৱ ধর্ম বিশেষকৈ শংকৰদেৱৰ নৱবৈষ্ণৱ ধর্মত,
যাগ-যজ্ঞ, তপস্যা ব্রত আদি কষ্ট সাধ্য তথা ক্রিয়াবহুল সাধনা বা উপাসনাৰ অনুপযোগিতা
দৰ্শন প্রকাশ কৰিছে । যাগ-যজ্ঞ, তপস্যা ব্রত, বলি-বিধান আদি বহু খৰচী আরু কষ্ট
সাধ্য, সেয়েহে ইয়াৰ ঠাইত হৰি নাম ল’লেও সকলো এই নিয়মতকৈও শ্রেষ্ঠ ফলপাতি হ’ব বুলি,
শংকৰদেৱ আরু আন নৱবৈষ্ণৱ ধর্মৰ আদর্শত প্রচাৰিত ৰচনাত আছে ।
(ঢ) মুকুতিতকৈ ভকতিৰ শ্রেষ্ঠত্ব প্রতিপাদনঃ
অসমৰ বৈষ্ণৱ ধর্ম বিশেষকৈ শংকৰদেৱৰ নৱবৈষ্ণৱ ধর্মত,
মুকুতিতকৈ ভকতিৰ শ্রেষ্ঠত্ব প্রতিপাদন কৰিছে । ইয়াত কৈছে যে ভক্তি কৰিলে এনেই
মুকুতি পাব পাৰি, মুকুতিৰ বাবে হাবিয়াস হোৱাতো উচিত নহয় ।
“মুক্তিত
নিস্পৃহ
যিটো,
সেহি
ভকতক
নমো
ৰসময়ী
মাগোহো
ভকতি।
সমস্ত
মস্তক
মণি
নিজ
ভকতৰ
বৈশ্য
ভজো
হেন
দেৱ
যদুপতি ॥”
(ণ) অব্যাভিচাৰী ভক্তিত গুরুত্ব আৰোপঃ
অসমৰ বৈষ্ণৱ ধর্ম বিশেষকৈ শংকৰদেৱৰ নৱবৈষ্ণৱ ধর্মত,
জাত-পাত, ভেদা-ভেদ, উচ্চ-নিচ্চ, ধৰম-বৰ্ণ আদি ত্যাগ কৰি অব্যাভিচাৰী ভক্তিত
মনোনিবেশ কৰিলেহে আচল ভক্তি কৰা হয় বুলি উল্লেখ আছে ।
“তোমাক পৰম ঈশ্বৰ নামানি হৰি এ
মহা অহংকাৰে দে্ৰাহ আচৰিলোঁ আমি ।”
(ত) হৰিহৰৰ মাজত উপাস্য আরু উপাসকৰ সম্বন্ধ
স্থাপনঃ
অসমৰ বৈষ্ণৱ ধর্ম বিশেষকৈ শংকৰদেৱৰ নৱবৈষ্ণৱ
ধর্মত,
(ঋ) শংকৰোত্তৰ কালৰ
বৈষ্ণৱ ধর্মঃ
ভক্তিৰ মাধ্যমেৰে সাধাৰণ
জনসাধাৰণৰ মানসিক উৎকর্ষ সাধন কৰাৰ উদ্দেশ্যে শ্রীগুরু শংকৰদেৱে মাধৱদেৱ, দামোদৰদেৱ,
হৰিদেৱ, ৰামৰাম, নাৰায়ণদাস ঠাকুৰ আতা, মনু আরু হৰিহৰ । কিন্তু গুরুজনাই মৃত্যুৰ/তিৰোভাৱৰ আগত মাধৱদেৱক প্রধান ধৰ্মাচাৰ্য পাতি যোৱাত
পাছত তেওঁলোকে নিজ নিজ আদর্শৰে নিজাভাৱেৰে নৱ বৈষ্ণৱ ধর্মক প্রতিষ্ঠা কৰিছিল ।
(i) ব্রহ্মসংহতিঃ
(a)পূৰ্বৰ বৈষ্ণৱ ৰীতি-নীতিৰ
পৰা কিছু ফালৰি কাটি ব্রাহ্মণ্য ৰীতি-নীতিৰ জৰিয়তে আরু অন্যান্য আদৰ্শৰে দামোদৰদেৱ
আরু হৰিদেৱে, ব্রহ্মসংহতিৰ স্থাপন কৰে ।
(b) দামোদৰদেৱ আরু হৰিদেৱে,
ব্রহ্মসংহতিৰ জৰিয়তে শ্রীমন্তশংকৰদেৱৰ একশৰণ আদৰ্শক নেওচি বহুমুখী দৈৱশক্তি বা
বহুধা বিভক্ত ঈশ্বৰৰ বা একাধিক দেৱতাৰ স্বরূপক স্বীকাৰ কৰি লয় । পাছত, এই
ব্রহ্মব্রহ্মসংহতিৰ চাৰিসত্রই আহোম ৰাজত্বৰ কালছোৱাত ‘ৰাজসত্র’ হিচাপে স্বীকৃতি
পোৱাত, ইয়াৰ প্রভাৱ দুগুণে বৃদ্ধি হ’বলৈ ধৰে ।
(c) ইয়াৰ ফলস্বরূপে,
গীত-মাত, বৰগীত, পয়াৰ, ৰাগ, আদি শংকৰী পৰম্পৰাক পাহৰি, ‘একান্ত ভকতসৱৰ নিৰ্গুণ
কৃষ্ণৰ গুণ’ক আতৰাই জাতিভেদ আদর্শক পুনৰ উদঙাই দিয়ে ।
(d) শংকৰদেৱৰ তিৰোভাৱৰ
প্রায় এশ বছৰমান ধৰি প্রাচীনৰ ব্রাহ্মণ-পুৰোহিত শ্রেণীৰ আদৰ্শ, ব্রাহ্মণ্য
সংস্কৃতিৰ প্রাধান্য আরু ব্রাহ্মণ্য নীতিৰ শোষণ-নিষ্পেষণ চলিবলৈ ধৰে ।
(e) শ্রীমন্ত শংকৰদেৱে
জাতিভেদ, জাতি-বৰ্ণ আদিক পৰিহাৰ কৰিছিল যদিও ব্রহ্মসংহতিয়ে পুনৰাই ‘জাত্যাভিমান’ৰ
সৃষ্টি কৰিলে ।
(ii) পুরুষ সংহতিঃ
(a) শংকৰদেৱৰ নাতি
পুরুষোত্তম ঠাকুৰ, নাতি-জোঁৱাই আরু জী-নাতিৰ জৰিয়তে কেইখনমান সত্র পৰিচালিত হৈ
আছিল । এই সত্রকেইখনৰ মাধ্যমেৰেই ‘পুরুষ সংহতি’ৰ স্থাপন হৈছিল ।
(b) শ্রীগুরু শংকৰদেৱৰ
মৃত্যুৰ পিছত পুরুষ সংহতি আরু নিকা সংহতিৰ আচাৰ প্রধান সংহতি হিচাপে প্রভাৱ বিস্তাৰ
কৰিছিল ।
(c) পুরুষ সংহতিৰ ফলত,
‘মুক্তিত নিস্পৃহ যিটো, সেহি ভকতক নমো’ আদি আদৰ্শক বহিষ্কাৰ কৰি সমাজত আন বহুমুখী
ভগৱন্তৰ আদৰ্শ-সংস্কৃতিয়ে স্থান পালে ।
(d) শ্রীমন্ত শংকৰদেৱে
শ্রাদ্ধ, লগুণ, পিণ্ড, শালগ্রাম, গায়ত্রী আদিক অতৰাই ‘একশৰণ ভাগৱতী ধর্ম’ প্রচাৰ কৰিছিল
। কিন্তু, গুরুজনাৰ মৃত্যুৰ পাছত পুরুষ সংহতিয়ে মনে মনে এইবোৰক সামৰি ব্রাহ্মণ্য ৰীতি-নীতিক
মানি চলিছিল ।
(iii)নিকা সংহতিঃ
(a)কমলাবাৰী সত্র,
মধুপুৰ সত্র, বৰপেটা সত্র আরু এই সত্রসমূহৰ সৈতে একে নীতি-আদৰ্শৰে পৰিচালিত
সত্রসমূহত নিকা সংহতিক সামৰি লৈছিল ।
(b) মথুৰাদাস ঠাকুৰ
আতা আরু তেওঁৰ আদৰ্শত অনুপ্রাণিত হোৱা ভক্তবৃন্দই নিকা সংহতিৰ সৃষ্টি কৰিছিল ।
(c) মথুৰাদাস ঠাকুৰ
আতাই শ্রীমন্ত শংকৰগুরুক ‘গুরুৰো গুরু’ আরু শ্রী শ্রী মাধৱদেৱক ‘গুরু’ বুলি জ্ঞান
কৰি ‘নিকা সংহতি’ৰ ষ্ঠাপন কৰিছিল ।
(d) শ্রীগুরু শংকৰদেৱৰ
মৃত্যুৰ পিছত পুরুষ সংহতি আরু নিকা সংহতিৰ আচাৰ প্রধান সংহতি হিচাপে প্রভাৱ বিস্তাৰ
কৰিছিল ।
(iv) কাল সংহতিঃ
(a)শ্রীশংকৰগুরুৱে
পাতি থৈ যোৱা ধৰ্মাচাৰ্য ভৱানীপূৰীয়া গোপাল আতাই ‘কাল-সংহতি’ৰ সৃষ্টি কৰিছিল ।
(b) গোপাল আতাই নৱ
বৈষ্ণৱ ধর্ম প্রচাৰৰ ক্ষেত্রত বহু দিশত সফল হৈছিল ।
(c) তেওঁ অসমৰ প্রায়
সকলো জন-জাতি বিশেষকৈ মৰাণ, কছাৰী, বৰাহী, চুতীয়া, তিৱা, আদি প্রায় সকলো জনগোষ্ঠীৰ
মাজত বৈষ্ণৱ ধর্মৰ শিপা রুইছিল আরু সাধাৰণ জনসাধাৰণৰবাবেও বৈষ্ণৱ ধর্মক আকোৱালী লবৰ
বাবে সুবিধা কৰি দিছিল ।
(d) গোপাল আতাৰ
কাল-সংহতিয়ে কৈৰাতমূলীয়া ধৰ্ম অৱলম্বনকাৰীসকলক ভাৰতীয় আৰ্যধর্মৰ সংস্পৰ্শলৈ অনাৰ
ক্ষেত্রত মুখ্য ভূমিকা গ্রহণ কৰিছিল ।
(e) গোপাল আতাই আহোম,
কছাৰী, নগা, মিৰি আদি সকলো জনগোষ্ঠীকে বৈষ্ণৱ ধর্মত শৰণ দিছিল, যাৰ বাবে বহুতে
তেওঁক সমালোচনা কৰিছিল, তথাপি তেওঁ নৱ বৈষ্ণৱ ধর্ম-আদৰ্শক আগুৱাই লৈ গৈছিল ।
(এ) কালিকাপূৰাণ আরু অসমৰ
বৈষ্ণৱ ধর্মঃ
(ঐ) সংহিতা আরু অসমৰ
বৈষ্ণৱ ধর্মঃ
অসমৰ বৈষ্ণৱ ধর্মৰ বিষয়ে
সংহিতাতো উল্লেখ আছে । সেইবোৰ হৈছে এনেধৰণৰ-
(i) সংহিতাবোৰত সেই
সময়ৰ অসমৰ বৈষ্ণৱসকলৰ কল্পসূত্র বিষয়ে উল্লেখ আছে ।
(ii) বৈষ্ণৱসকলৰ সেই
সময়ৰাজিত থকা বিষ্ণুৰ ওপৰত বিশ্বাস আরু কাৰ্যাৱলীৰ বিষয়ে ইয়াত পোৱা যায় ।
(iii) ভাণ্ডাৰকাৰে নাৰদ-পঞ্চৰাত্রৰ
বিষয়ে এইবুলি উল্লেখ কৰিছে, “যিবোৰ মত পুৰণি পঞ্চৰাত্র নীতিৰ ওপৰত প্রতিষ্ঠিত,
গোপাল-কৃষ্ণ রূপটো তাৰ অংগীভূত নহয় । যি ধর্মক ভাগৱদগীতাই ব্যাখ্যা কৰিছে, সেয়ে
ঐকান্তিক ধর্ম বা একেশ্বৰবাদ; কিন্তু পঞ্চৰাত্র পদ্ধতিত যদিও বাসুদেৱৰ পূজা বিহিত
আছে, আরু যদিও বা ভক্তি উভয়তে বর্তমান, তথাপি পঞ্চৰাত্র পদ্ধতি আরু ভাগৱদগীতাৰ
মাজত কোনো মৌলিক সম্বন্ধ নাযায় ।”
অসমীয়া ভক্তি সাহিত্যসমূহঃ
মহাপুরুষ দুজনা আরু তেওঁৰ
আদর্শত অনুপ্রাণিত সংগী-শিষ্য-ভক্ত বৃন্দই নৱবৈষ্ণৱ ধর্মৰ প্রচাৰ আরু প্রসাৰৰ
অর্থে বহুতো ভক্তি বিষয়ক ৰচনা কৰিছিল, ইয়াৰ ভিতৰত উল্লেখযোগ্য সমূহ হৈছে ।
(ক) কাব্যঃ
(অ) শ্রীমন্ত শংকৰদেৱৰ-
(i) ‘দশম’
(ii) ‘হৰিচন্দ্র
উপাখ্যান’,
(iii) ‘রুক্মিণীহৰণ
কাব্য’,
(iv) ‘বলিচলন’,
(v) ‘অমৃত মন্থন’,
(vii) ‘অজামিল
উপাখ্যান’,
(viii) ‘কুরুক্ষেত্র’,
(আ) শ্রী শ্রী মাধৱদেৱৰঃ
(i)ৰামায়ণৰ আদি কাণ্ড
(ii) ৰাজসুয় কাব্য
(ই) অনন্ত কন্দলিদেৱৰঃ
(i) বৃত্রাসুৰ বধ,
(ii) মহীৰাৱণ বধ,
(iii) কুমাৰ হৰণ,
(ঈ) ৰাম সৰস্বতীদেৱৰঃ
(i) বধ কাব্য
(খ) ভক্তিতত্ত্ব প্রকাশক
গ্রন্থৰাজিঃ
(অ) শ্রীমন্ত শংকৰদেৱৰ-
(i) ভক্তি প্রদীপ,
(ii) ভক্তি ৰত্নাকৰ,
(iii) নিমি-নৱসিদ্ধ
সংবাদ,
(আ) শ্রী শ্রী মাধৱদেৱৰঃ
(i) নামঘোষা,
(ii) জন্মৰহস্য,
(iii) ভক্তি ৰত্নাৱলী,
(iv) নাম মালিকা
(ই) ভট্টদেৱৰঃ
(i)ভক্তি বিবেক,
(ii) কথা গীতা,
(iii) কথা ভাগৱত,
(iv) কথা ৰত্নাৱলী,
(v) শৰণ মালিকা,
(vi) ভক্তিসাৰ,
(গ) অংকীয়া নাটঃ
(অ)শ্রীমন্ত শংকৰদেৱৰঃ
(i) রুক্মিণী হৰণ,
(ii) পাৰিজাত হৰণ,
(iii) ৰাম বিজয়,
(iv) কালীয় দমন,
(v) কেলি গোপাল,
(vi) পত্নী প্রসাদ,
(আ) মাধৱদেৱৰ অংকীয়া
নাটঃ
(i) চোৰধৰা,
(ii) পিম্পৰা গুচোৱা,
(iii) ভূমি লেটোৱা,
(iv) ভোজনবেহাৰ,
(v) অৰ্জুন ভঞ্জন
(ই) অনন্তকন্দলিদেৱৰঃ
(i) সীতাৰ পাতাল
প্রৱেশ
(ঈ) শংকৰোত্তৰ যুগৰ দৈতাৰী
ঠাকুৰ, ৰামচৰণ ঠাকুৰ, গোপাল আতা আদিসৱে কেইবাখনো অংকীয়া নাট ৰচনা কৰিছিল ।
(ঘ) গীতঃ
(অ) বৰগীতঃ
(i)শ্রী মন্ত শংকৰদেৱৰঃ
প্রায় ডেৰকুৰিমান অর্থাৎ
৩০টা মান বৰগীত ।
(ii) শ্রী মন্ত
মাধৱদেৱৰঃ
১৫৭ টা বৰগীত ।
(আ) ভটিমাঃ
(i)শ্রী মন্ত শংকৰদেৱৰঃ
(a) নাট ভটিমা,
(b) দেৱ-ভটিমা,
(c) ৰাজভটিমা,
(ii) শ্রী মন্ত
মাধৱদেৱৰঃ
(a)গুরু ভটিমা
(ঙ) নাম প্রসংগমূলক
পুথিঃ
(অ) শ্রীমন্ত শংকৰদেৱৰঃ
(i) গুণমালা,
(ii) কীৰ্তন,
(চ) চৰিত সাহিত্যঃ
(অ) মাধৱদেৱ চৰিত তোলা প্রথাৰ
প্রৱৰ্তক,
(আ) ৰামচৰণ ঠাকুৰ,
(ই) দৈতাৰী ঠাকুৰ,
(ঈ) ভূষণ দ্বিজ,
(উ) ৰামানন্দ দ্বিজ,
(ঊ) ৰামৰায়,