অতি চমু প্রশ্ন (VSA) – মূল্যাংকঃ ১
(ক) মহাপুরুষ মাধৱদেৱৰ জন্ম ক’ত হৈছিল ?
উত্তৰঃ ১৪৮৯ খৃষ্টাব্দত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ
অঞ্চলত মাধৱদেৱৰ জন্ম হয় ।
(খ)
মাধৱদেৱে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা ছাত্রশালখনৰ অধ্যাপক গৰাকীৰ নাম কি আছিল?
উত্তৰঃ
মাধৱদেৱে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা ছাত্রশালখনৰ অধ্যাপক গৰাকীৰ নাম
আছিল-ৰাজেন্দ্র অধ্যাপক (Rajendra Adhyapak) ৷
(গ) শংকৰদেৱ আরু মাধৱদেৱৰ প্রথম সাক্ষাতক কি বুলি অভিহিত
কৰা হয় ?
উত্তৰঃ শংকৰদেৱ আরু মাধৱদেৱৰ প্রথম সাক্ষাতক ‘মণিকাঞ্চন সংযোগ’ বুলি অভিহিত কৰা হয় ।
(ঘ)
শংকৰদেৱৰ প্রিয় আরু প্রধান শিষ্য গৰাকীৰ নাম লিখা ।
উত্তৰঃ
শংকৰদেৱৰ প্রিয় আরু প্রধান শিষ্য গৰাকীৰ নাম হ’ল- মাধৱদেৱ ৷
(ঙ)
শংকৰদেৱ আরু মাধৱদেৱে কোনটো ধর্ম প্রচাৰ কৰিছিল?
উত্তৰঃ
শংকৰদেৱ আরু মাধৱদেৱে নৱবৈষ্ণৱ ধর্ম প্রচাৰ কৰিছিল ৷
(চ)
মাধৱদেৱে বাল্মীকিৰ দ্বাৰা ৰচিত ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল?
উত্তৰঃ
মাধৱদেৱে বাল্মীকিৰ দ্বাৰা ৰচিত ৰামায়ণৰ ‘আদিকাণ্ড ৰামায়ণ’ অনুবাদ কৰিছিল ৷
(ছ) কোনখন গ্রন্থক মহাপুরুষ মাধৱদেৱৰ
সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ বুলি কোৱা হয় ?
উত্তৰঃ ‘নামঘোষা’ গ্রন্থখনক মাধৱদেৱৰ সাহিত্যিক
জীৱনৰ কীর্তিস্তম্ভ বুলি কোৱা হয় ।
(জ) মহাপুরুষ মাধৱদেৱে কিমানটা বৰগীত ৰচনা
কৰিছিল ?
উত্তৰঃ মাধৱদেৱে ১৫৭ টা বৰগীত ৰচনা কৰিছিল ।
(ঝ) ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো কি ৰাগত বন্ধা ?
উত্তৰঃ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো ‘কৌ’ ৰাগত বন্ধা ।
(ঞ)
‘ত্রিজগত পতি’ – এই শব্দ যুগলেৰে কি বুজোৱা হৈছে?
উত্তৰঃ
‘ত্রিজগত পতি’ – এই শব্দ যুগলেৰে ভগৱান শ্রী কৃষ্ণক বুজোৱা হৈছে ।
চমু প্রশ্ন (আৰ্হি নং ১) (SA
Type-I) – মূল্যাংকঃ ২
(ক)মাধৱদেৱৰ দ্বাৰা ৰচিত দুখন নাটকৰ নাম লিখা ।
উত্তৰঃ মাধৱদেৱৰ দ্বাৰা ৰচিত দুখন নাটকৰ নাম হ’ল- (১)পিম্পৰা গুচোৱা
আরু (২)অৰ্জুন ভঞ্জন ৷
(খ) মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য কি ?
উত্তৰঃ মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য হৈছে-
বাৎসল্য ভাৱৰ প্রকাশ । তেওঁৰ বৰগীতসমূহত
বিশেষকৈ ভগৱান শ্রীকৃষ্ণৰ শিশুকালৰ নানান ক্রিয়া-কলাপৰ মনোমুগ্ধকৰ বৰ্ণনা পোৱা যায়
।
(গ) ড০ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় ‘Noble numbers’ বুলি কৈছে?
অথবাঃ কিয় ড০ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক ‘Noble Numbers’, কালিৰাম মেধিয়ে বৰগীতক ‘Great
Song বা Song
Celestial’ আরু
দেৱেন্দ্রনাথ বেজবরুৱাই ‘Holy Songs’ বুলি কৈছে বা
আখ্যা দিছে?
উত্তৰঃ অন্য গীততকৈ শ্রেষ্ঠ অৰ্থত বৰগীতক ‘বৰগীত’
আখ্যা দিয়া হয় । বৰগীতৰ ৰাগ, তাল,
সাংগীতিক ভাষা আদিৰ
অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্রৱাহ লক্ষ্য কৰা যায় । সেইবাবে ড০ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক ‘Noble Numbers’, কালিৰাম
মেধিয়ে বৰগীতক ‘Great Song বা Song Celestial’ আরু দেৱেন্দ্রনাথ বেজবরুৱাই ‘Holy Songs’ বুলি কৈছে বা আখ্যা দিছে ।
(ঘ) বৰগীতবোৰ কোনে কি ভাষাত ৰচনা কৰিছিল ?
উত্তৰঃ বৰগীতবোৰ মহাপুরুষ শংকৰদেৱ আরু মাধৱদেৱে ব্রজাৱলী ভাষাত ৰচনা
কৰিছিল ।
(ঙ) ‘উঠ ৰে উঠ বাপু’ বুলি কোনে কাক টোপনিৰ পৰা
জগাইছে ?
উত্তৰঃ ‘উঠ ৰে উঠ বাপু’ বুলি যশোদাই শিশু কৃষ্ণক টোপনিৰ পৰা জগাইছে ।
(চ) ‘সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে
সো হৰি যশোৱা কোলে ।- সিদ্ধ মণিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত
পুত্ররূপে পালে বুজাই লিখা ।
উত্তৰঃ সিদ্ধ মুণি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগবান কৃষ্ণক বিচাৰি
নাপায়, প্রেম ভক্তিৰ বলত যশোদাই সেইজনকে পুত্ররূপে
লাভ কৰিছে । মাধৱদেৱে ইয়াৰ কাৰণ হিচাপে ভক্তিৰ প্রভাৱ বুলি উল্লেখ কৰিছে ।
চমু প্রশ্ন (আৰ্হি নং ২) (SA Type-II) – মূল্যাংকঃ
৩
(ক) বৰগীত কাক বোলে বা বৰগীত বুলিলে কি বুজা ? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি ? ভাগসমূহ উল্লেখ কৰা ।
উত্তৰঃ নৱবৈষ্ণৱ ধৰ্ম প্রচাৰৰ উদ্দেশ্যে মহাপুরুষ
শ্রী মন্ত শংকৰদেৱ আরু শ্রী মন্ত মাধৱদেৱে ৰচনা কৰা এক শ্রেণীৰ ওখ আধ্যাত্মিক ভাব
আরু ৰাগ-তাল-সম্বলিত গীতকেই ‘বৰগীত’ আখ্যা দিয়া হয় বা বোলে ।
বৰগীতৰ বিষয়বস্তুক ছয় শ্রেণী/ভাগত ভাগ কৰিব পাৰি । সেইবোৰ হ’লঃ
(ক) লীলা, (খ) বিৰহ, (গ) বিৰক্ত, (ঘ) পৰমাৰ্থ, (ঙ)
চোৰ আরু (চ) চাতুৰি ।
(খ) ‘সব পুরুষৰ শিৰৰ ভূষণ’ বুলি কোনে, কাক, কিয় কৈছে ?
উত্তৰঃ ‘সব পুরুষৰ শিৰৰ ভূষণ’ বুলি মাতৃ যশোদাই পুত্র কৃষ্ণক কৈছে । সকলো পুরুষৰ শিৰৰ ভূষণ অর্থাৎ সকলোৱে
আৰাধ্য কৃষ্ণক, বুকুত বান্ধি আরু কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাই এইদৰে
ব্যক্ত কৰিছে
।
(গ) এই শব্দবোৰৰ অৰ্থ লিখাঃ নিশি, পৰভাত,
তেজ, নিন্দ, বয়ন, মগন
উত্তৰঃ শব্দ – অৰ্থ
নিশি – ৰাতি, নিশা
পৰভাত – প্রভাত,
ৰাতিপুৱা
তেজ – ত্যাগ কৰা
নিন্দ – নিদ্রা,
টোপনি
বয়ন – মুখ
মগন – মগ্ন,
নিমজ্জিত হোৱা
(ঘ)
‘মোৰ প্রাণধন সুচান্দ বয়ন’ বুলি কোনে, কাক, কিয় সম্বোধন কৰিছে ?
উত্তৰঃ ‘মোৰ
প্রাণধন সুচান্দ বয়ন’ যশোদাই ভগৱান শ্রীকৃষ্ণ সম্বোধন কৰিছে । যশোদাই মৰমতে শিশু
কৃষ্ণক বাপু, কমল-নয়ন, প্রাণধন, সুচান্দ বয়ন আদি বুলি সম্বোধন কৰিছে আৰু টোপনিৰ পৰা উঠিবলৈ
কৈছে । সকলো মাকৰ নিজৰ শিশুৰ প্রতি থকা মৰমৰ নিচিনাকৈ যশোদাৰো
পুত্র হিচাপে প্রাপ্ত শ্রীকৃষ্ণৰ প্রতি অশেষ মৰম বিৰাজমান । এই মৰম-চেনেহৰ আলোড়নৰ
বাবে যশোদাই মৰমতে মতা এই শব্দবোৰৰ প্রয়োগ কৰিছে । লগতে, শুই থকা অভিমানী শ্রী
কৃষ্ণক জগোৱাৰ নিমিত্তেও মৰমতে এনেদৰে সম্বোধন কৰিছে ।
(ঙ)
‘মুৰুখ মাধৱে বোলে’- মাধৱদেৱে কিয়
নিজকে মুৰ্খ বুলি অভিহিত কৰিছে ?
উত্তৰঃ মাধৱদেৱে
নিজকে মুৰ্খ বুলি অভিহিত কৰিছে কাৰণ তেওঁ যিজন মানৱ ৰূপী ভগৱানৰ কথা
ব্যক্ত কৰিছে তেওঁৰ সৈতে মাধৱদেৱৰ আকাশ-পাতাল পাৰ্থক্য আছে । সিদ্ধ মুনি, ঋষিসকল,
যোগীসকল আদি লোকবিন্দই বহু ধ্যান, বহু সাধনাৰ পাছতো ভগৱান শ্রীকৃষ্ণক লগ পাবলৈ
সক্ষম নহয় । আনহাতে, পৰম ভক্তিৰ বলত যশোদাই সেইজনকে পুত্রৰূপে লাভ কৰি কোলাত
লৈ মৰম কৰিব পাৰিছে । কিন্তু যশোদাৰ দৰে ভক্তি কৰিবলৈ বা ধ্যান-ধাৰণা কৰিবলৈ
মাধৱদেৱ সক্ষম নহয় । সেয়েহে, নিজকে মুৰ্খ বুলি অভিহিত কৰি ভগৱান আৰু গুৰুৰ প্রতি থকা ভক্তি
আৰু
তেওঁৰ হৃদয়ত থকা দাস্যভাবৰ প্রতিপন্ন কৰিছে ।
দীঘলীয়া প্রশ্ন (আৰ্হি নং ১) (LA
Type-I) - মূল্যাংকঃ ৪
(ক) মহাপুরুষ মাধৱদেৱ বিৰচিত গ্রন্থবোৰৰ তালিকা এখন প্রস্তুত কৰা ।
উত্তৰঃ
মহাপুরুষ মাধৱদেৱ বিৰচিত গ্রন্থৰাজি |
|
ক্রমিক নং |
গ্রন্থৰ নাম |
১ |
নাম
ঘোষা বা হাজাৰি ঘোষা |
২ |
ভক্তি
ৰত্নাৱলী |
৩ |
বৰগীত ( ১৫৭ টা বৰগীত) |
৪ |
ঝুমুৰা
(৯, একাংকিকীয়া নাট) |
৫ |
জন্ম ৰহস্য |
৬ |
নাম
মল্লিকা |
৭ |
বাল্মিকী
ৰামায়নৰ আদি কাণ্ড |
৮ |
গুরু
ভটিমা |
৯ |
ধ্যান
বৰ্ণনা (শংকৰদেৱৰ কীৰ্ত্তণ ঘোষাৰ তৃতীয় অধ্যায়) |
(খ) ‘সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে / সো হৰি যশোৱা কোলে ।’ – সিদ্ধ
মুনিসকলে নোপোৱা শ্রী কৃষ্ণক যশোৱাই কিহৰ বলত পুত্র হিচাপে লাভ কৰিছিল বুজাই লিখা
।
উত্তৰঃ বৰগীত
কবিতাটিত কবি মাধৱদেৱে বাৎসল্য ভাবৰ প্রকাশ কৰি ভগৱান শ্রীকৃষ্ণৰ শিশুকালৰ এক
মনমুগ্ধ ছবি ফুটাই তুলিছে । এই কবিতাটিত ৰাতিপুৱা এন সুন্দৰ ক্ষণত মাতৃ যশোদাই
শ্রীকৃষ্ণক টোপনিৰ পৰা জগোৱা এক সৰল আরু সুন্দৰ রূপ পৰিস্ফুট হৈছে ।
বৰগীতটোৰ
মাধ্যমেৰে কবি মাধৱদেৱে কৃষ্ণৰ ঐশ্বৰিক রূপ আরু মাহাত্ম্যৰ কথাৰ এক প্রসংগও ফুটাই
তুলিছে । মাধৱদেৱৰ মতে, যিজন শ্রীকৃষ্ণক সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান আরু সাধনাৰ
পাছতো বিচাৰি বা লগ নাপায়, সেই একে ত্রিজগতৰ পতি শ্রীকৃষ্ণক ভক্তিৰ বলত যশোদাই
নিজৰ পুত্ররূপে লাভ কৰি কোলাত লৈ মৰম কৰাৰ সৌভাগ্য হৈছে । ইয়াৰ মাধ্যমেৰে, কবিয়ে
ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন এই কথা হৃদয়স্পৰ্শী রূপত
তুলি ধৰিছে । লগতে, মাধৱদেৱে নিজকে মূরুখ বুলি উল্লেখ কৰি ত্রিজগতৰ পতিৰ এই লীলাৰ
বিষয়ে বৰ্ণনা কৰিছে । (সিদ্ধ মুনিগণে চিন্তিয়া নাপাৱে সো হৰি যশোৱা কোলে । ত্রিজগত
পৰি ভকতি মিলিল মূরুখ মাধৱে বোলে ।।)
(গ) ‘বয়নে চুম্বন কৰি
ঘনে ঘনে’ – কোনে কাৰ মুখত কিয় বাৰে বাৰে চুমা খাইছে, বুজাই লিখা ।
উত্তৰঃ
মাধৱদেৱে বৰগীতটিত মাতৃ-পুত্রৰ মধুৰ সম্পৰ্ক সুন্দৰকৈ উপস্থাপন কৰিছে ।
মাতৃ গোৱালী যশোদাই তেওঁৰ পুত্র (মোৰ পুত্র) বুলি সুৱৰি কৃষ্ণক বুকুত বান্ধি,
কোলাত লৈ মৰমতে মুখত বাৰে বাৰে চুমা খাই আনন্দত নিমজ্জিত বা মগ্ন হৈছে । (মোৰ পুত্র বুলি যশোদা গোৱালী বুকে বান্ধি কোলে লৈলা ।
বয়নে চুম্বন কৰি ঘনে ঘনে আনন্দে মগন ভৈলা ।।)
যশোদাই
কৃষ্ণক বাপু, গোপাল, কমল-নয়ন, প্রাণধন আদি বুলি বাৰ বাৰ সম্বোধন কৰি টোপনিৰ পৰা
জগাইছে, কিয়নো ৰাতি শেষ হৈ এতিয়া ৰাতিপুৱা হ’ল কিন্ত
শ্রী কৃষ্ণ উঠাই নাই । (উঠৰে উঠ বাপু গোপাল হে নিশি পৰভাত ভৈল । কমল নয়ন, বুলি ঘনে
ঘন, যশোৱা ডাকিতে লৈল ।।)
যশোদাই
শ্রীকৃষ্ণক চন্দ্রৰ মুখযেন বুলি অৰ্থাৎ কৃষ্ণক চন্দ্রৰ মুখৰ লগত তুলনা কৰি
(সুচান্দ বয়ন) তেওঁৰ প্রাণধন (মোৰ প্রাণধন) বুলি কৈ টোপণি ত্যাগ কৰিবলৈ অনুৰোধ/মিনতি
কৰিছে । লগতে যশোদাই কৈছে যে, শ্রী কৃষ্ণ হেনো সকলো পুরুষৰে শীৰৰ ভূষণ অৰ্থাৎ
সকলোৰে আৰাধ্য আরু তেওঁয়ে ত্রিজগতৰ পতি বাপু গোবিন্দ । (মোৰ প্রাণধন সুচান্দ বয়ন
গাৱ চালি তেজ নিন্দ । সব পুরুষৰ শিৰৰ ভূষণ তুমিসে বাপু গোবিন্দ ।।)
(ঘ) বৰগীতৰ বৈশিষ্ট্য
সম্পৰ্কে আলোচনা কৰা ।
উত্তৰঃ মহাপুরুষ শংকৰদেৱ আরু মাধৱদেৱৰ
দ্বাৰা ৰচিত ভক্তি আরু আধাত্ম্যিক ভাবেৰে পুষ্ট উচ্চ গুণবিশিষ্ট্য ৰাগ-ৰাগিণীযুক্ত
গীতসমূহক বৰগীত বোলা হয় ।
বৰগীতসমূহৰ
কেতবোৰ বৈশিষ্ট্য পৰিলক্ষিত হয় । ইয়াৰে উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হ’ল-
(১) বৰগীতসমূহ মহাপুরুষ শংকৰদেৱ আরু
মাধৱদেৱৰ দ্বাৰা ৰচিত ।
(২) বৰগীতসমূহ ব্রজাৱলী নামৰ এটি
কৃত্রিম সাহিত্যিক ভাষাত ৰচিত ।
(৩) বৰগীতবোৰৰ ৰচনা আধ্যাত্মিক ভাবেৰে
পুষ্ট ।
(৪) বৰগীতসমূহত বেদ, উপনিষদ, পুৰাণ
আদিত সন্নিবিষ্ট থকা বৈষ্ণৱ ধৰ্ম সম্পৰ্কীয় তাত্ত্বিক বিষয়বোৰ প্রকাশিত হয় ।
(৫) মহাপুরুষ শংকৰদেৱ আরু মাধৱদেৱে
নৱবৈষ্ণৱ ধৰ্ম প্রচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচনা কৰিছিল ।
(৬) বৰগীতৰ ৰাগ, তাল, সাংগীতিক ভাষা
আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাবৰ প্রৱাহ লক্ষ্য কৰা যায় ।
(৭) অন্য গীততকৈ শ্রেষ্ঠ অৰ্থত বৰগীত
সমূহক আখ্যা দিয়া হয় ।
(৮) বৰগীতসমূহত লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ,
চোৰ আরু চাতুৰি, এই ছয় বিষয়বস্তুক প্রাধান্য দিয়া হয় ।
(৯) বৰগীতত বেদ-উপনিষদৰ মৰ্মাৰ্থ,
বৈষ্ণৱ ধৰ্মৰ উপাস্য দেবতা শ্রীকৃষ্ণৰ মহিমা আরু ভক্ত হৃদয়ৰ আকুল প্রাৰ্থনা
সাংগীতিক ভাষাৰে বৰ্ণনা কৰা হয় ।
(১০) শ্রী কৃষ্ণৰ শিশুকালৰ বিভিন্ন
লীলা বৰগীতসমূহত প্রকাশ পাইছে ।
দীঘলীয়া প্রশ্ন (আৰ্হি নং ২) (LA
Type-II) – মূল্যাংকঃ ৫
(ক) ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মূলভাৱটো লিখা ।
উত্তৰঃ মূলভাৱঃ
বৰগীত
কবিতাটিত কবি মাধৱদেৱে বাৎসল্য ভাবৰ প্রকাশ কৰি ভগৱান শ্রীকৃষ্ণৰ শিশুকালৰ এক
মনমুগ্ধ ছবি ফুটাই তুলিছে । এই কবিতাটিত ৰাতিপুৱা এন সুন্দৰ ক্ষণত মাতৃ যশোদাই
শ্রীকৃষ্ণক টোপনিৰ পৰা জগোৱা এক সৰল আরু সুন্দৰ রূপ পৰিস্ফুট হৈছে ।
যশোদাই
কৃষ্ণক বাপু, গোপাল, কমল-নয়ন, প্রাণধন আদি বুলি বাৰ বাৰ সম্বোধন কৰি টোপনিৰ পৰা
জগাইছে, কিয়নো ৰাতি শেষ হৈ এতিয়া ৰাতিপুৱা হ’ল কিন্ত
শ্রী কৃষ্ণ উঠাই নাই । (উঠৰে উঠ বাপু গোপাল হে নিশি পৰভাত ভৈল । কমল নয়ন, বুলি ঘনে
ঘন, যশোৱা ডাকিতে লৈল ।।)
যশোদাই
শ্রীকৃষ্ণক চন্দ্রৰ মুখযেন বুলি অৰ্থাৎ কৃষ্ণক চন্দ্রৰ মুখৰ লগত তুলনা কৰি
(সুচান্দ বয়ন) তেওঁৰ প্রাণধন (মোৰ প্রাণধন) বুলি কৈ টোপণি ত্যাগ কৰিবলৈ
অনুৰোধ/মিনতি কৰিছে । লগতে যশোদাই কৈছে যে, শ্রী কৃষ্ণ হেনো সকলো পুরুষৰে শীৰৰ
ভূষণ অৰ্থাৎ সকলোৰে আৰাধ্য আরু তেওঁয়ে ত্রিজগতৰ পতি বাপু গোবিন্দ । (মোৰ প্রাণধন
সুচান্দ বয়ন গাৱ চালি তেজ নিন্দ । সব পুরুষৰ শিৰৰ ভূষণ তুমিসে বাপু গোবিন্দ ।।)
মাধৱদেৱে
বৰগীতটিত মাতৃ-পুত্রৰ মধুৰ সম্পৰ্ক সুন্দৰকৈ উপস্থাপন কৰিছে । মাতৃ গোৱালী যশোদাই
তেওঁৰ পুত্র (মোৰ পুত্র) বুলি সুৱৰি কৃষ্ণক বুকুত বান্ধি, কোলাত লৈ মুখত বাৰে বাৰে
চুমা খাই আনন্দত নিমজ্জিত বা মগ্ন হৈছে । (মোৰ পুত্র বুলি যশোদা গোৱালী বুকে
বান্ধি কোলে লৈলা । বয়নে চুম্বন কৰি ঘনে ঘনে আনন্দে মগন ভৈলা ।।)
বৰগীতটোৰ
মাধ্যমেৰে কবি মাধৱদেৱে কৃষ্ণৰ ঐশ্বৰিক রূপ আরু মাহাত্ম্যৰ কথাৰ এক প্রসংগও ফুটাই
তুলিছে । মাধৱদেৱৰ মতে, যিজন শ্রীকৃষ্ণক সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান আরু সাধনাৰ
পাছতো বিচাৰি বা লগ নাপায়, সেই একে ত্রিজগতৰ পতি শ্রীকৃষ্ণক ভক্তিৰ বলত যশোদাই
নিজৰ পুত্ররূপে লাভ কৰি কোলাত লৈ মৰম কৰাৰ সৌভাগ্য হৈছে । ইয়াৰ মাধ্যমেৰে, কবিয়ে ভক্তিৰ শ্রেষ্ঠত্ব
প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন এই কথা হৃদয়স্পৰ্শী রূপত তুলি ধৰিছে । লগতে,
মাধৱদেৱে নিজকে মূরুখ বুলি উল্লেখ কৰি ত্রিজগতৰ পতিৰ এই লীলাৰ বিষয়ে বৰ্ণনা কৰিছে
। (সিদ্ধ মুনিগণে চিন্তিয়া নাপাৱে সো হৰি যশোৱা কোলে । ত্রিজগত পৰি ভকতি মিলিল
মূরুখ মাধৱে বোলে ।।)
(খ) ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মাজেৰে
মাতৃস্নেহ কিদৰে প্রকাশ পাইছে, বুজাই লিখা ।
অথবাঃ বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে
প্রকাশিত হৈছে বুজাই লিখা ।
উত্তৰঃ বৰগীতটিৰ মাজেৰে মাতৃ যশোদাৰ মাতৃস্নেহ সুন্দৰ
রূপত ফুটি উঠিছে ।
পুৱা শুই উঠি মাতৃ
যশোদাই পুত্র শিশু কৃষ্ণক টোপনিৰ পৰা জগাইছে । যশোদাই কৃষ্ণক মৰমতে বাপু, কমল-নয়ন, প্রাণধন,
গোবিন্দ আদি নামেৰে
সম্বোধন কৰিছে । সকলো পুরুষৰ শিৰৰ ভূষণ কৃষ্ণক বুকুত বান্ধি লৈছে আরু কোলাত তুলি লৈ ঘনে ঘনে চুমা খাইছে । সিদ্ধ
মুনি, ঋষিমুনি সকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, সেইজন পৰম পুরুষক
পুত্ররূপে পাই যশোদাই হিয়া উজাৰি মৰম কৰিছে ।
এনেদৰে মাতৃ যশোদাই ত্রিজগতৰ পতি শ্রী কৃষ্ণক
মাতৃস্নেহেৰে আকোৱালী লৈছে ।
(গ) ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোত
শ্রীকৃষ্ণৰ মানৱীয় আরু ঐশ্বৰিক রূপৰ অংকন হৈছে বিচাৰ কৰা ।
অথবাঃ বৰগীতটোৰ মাজেৰে শ্রী কৃষ্ণৰ মানৱীয় আরু
ঐশ্বৰিক রূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা ।
উত্তৰঃ মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীতটিৰ মাধ্যমেৰে
শ্রী কৃষ্ণৰ মানৱীয় আরু ঐশ্বৰিক রূপটো সুন্দৰভাৱে বিশ্লেষণ কৰিবলৈ সক্ষম হৈছে ।
শ্রী কৃষ্ণৰ সান্নিধ্য লাভ কৰিবলৈ সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান,
বহু সাধনা কৰিছে । তাৰ
পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, সেইজনক পৰম ভক্তিৰ বলত যশোদাই পুত্ররূপে লাভ কৰি
কোলাত লৈ মৰম কৰিছে । ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠৰ প্রতিপন্ন কৰি ভগবান যে ভক্তৰ অধীন সেই কথা
হৃদয়স্পৰ্শী রূপত তুলি ধৰিছে ।
ইয়াৰ জৰিয়তে, ভক্তিৰ শ্রেষ্ঠৰ প্রতিপন্ন কৰি
ভগবান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী রূপত তুলি ধৰিছে । এইদৰে ইফালে পুত্ররূপী
মানৱীয় রূপ আরু সিদ্ধ মুনি আরু ঋষিসকলৰ উপমাৰ মাধ্যমেৰে ঐশ্বৰিক রূপ পৰিস্ফুট হৈছে
।
(ঘ) ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মাজেৰে
ভক্তিৰস প্রকাশিত হৈছে নেকি বিচাৰ কৰা ।
অথবাঃ
বৰগীতটিৰ মাধ্যমেৰে ভক্তিৰ প্রকাশ কিদৰে ঘটিছে আলোচনা কৰা ।
উত্তৰঃ শ্রী শ্রী মাধৱদেৱৰ দ্বাৰা বিৰচিত ‘উঠৰে উঠ বাপু গোপাল হে’ নামৰ কবিতাটোৰ জৰিয়তে ভক্তিৰ প্রকাশ
হৃদয়স্পৰ্শী রূপত ফুটি উঠিছে ।
বৰগীতটিৰ মাধ্যমেৰে ভক্তিৰ প্রকাশ বৰ্ণনা
কৰিবলৈ যাওঁতে মাধৱদেৱে মাতৃ পুত্রৰ মধুৰ সম্পর্কৰ রূপ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ
ঐশ্বৰিক রূপ আরু মাহাত্ম্যৰ কথাও প্রকাশ কৰিছে । কাৰণ, যুগে যুগে সিদ্ধমুনি, ঋষিমুনি আদিসবে বহু ধ্যান আরু বহু সাধনাৰ পাছতো ভগবান কৃষ্ণক বিচাৰি নাপায় ।
সেইজনাকে, পৰম ভক্তিৰ বলত যশোদাই পুত্ররূপে লাভ কৰিছে । ইয়াৰ জৰিয়তে ভক্তিৰ
শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগবান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী রূপত তুলি
ধৰিছে ।
(ঙ) প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ।
ত্রিজগত
পতি ভকতি মিলিল
মুরুখ
মাধৱে বোলে ।
উত্তৰঃ প্রশ্নোদ্ধৃত ব্যাখ্যা ফাকি শ্রী শ্রী
মাধৱদেৱৰ দ্বাৰা
বিৰচিত বৰগীত ‘উঠৰে উঠ বাপু গোপাল হে’- ৰ পৰা তুলি অনা হৈছে ।
বৰগীতটোৰ জৰিয়তে ‘ত্রিজগতৰ যি অধিকাৰী ভগবান, শ্রী কৃষ্ণৰ
মাহাত্ম্য আরু ঐশ্বৰিক মহিমাৰ লগতে মাধৱদেৱে নিজকে মূরুখ বুলি প্রসংগ ক্রমে উল্লেখ
কৰিছে ।
এই
কবিতাফাকিৰ জৰিয়তে মাধৱদেৱে ইয়াকে বুজাব বিচাৰিছে যে সিদ্ধ মুনি, ঋষিসকলে বহু
ধ্যান, বহু সাধনাৰ পাছতো শ্রী কৃষ্ণক বিচাৰি নাপায় । আনহাতে, যশোদাই সেইজন
শ্রীকৃষ্ণক পৰম ভক্তিৰ বলত পুত্ররূপে লাভ কৰিছে আরু কোলাত লৈ বুকুত বান্ধি মৰম কৰিবলৈ
সৌভাগ্য হৈছে । মাধৱদেৱে উল্লেখ কৰিছে যে মহা মহা সিদ্ধ মুনি আরু ঋষিবৃন্দই যাক
ধ্যান-ধাৰণাৰ বলতো লাভ কৰিব পৰা নাই আরু লীলা-মাহাত্ম্য বুজিব পৰা নাই । সেই
সন্দৰ্ভত আরু প্রসংগত মাধৱে নিজকে ‘মুরুখ’ বুলি প্রতিপন্ন কৰি তেওঁ কৃষ্ণৰ
মাহাত্ম্য প্রকাশ কৰাত নিজকে হ্রেয় প্রতিপন্ন কৰিছে । ।
(চ) মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা ।
উত্তৰঃ মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটি শ্রী কৃষ্ণক মাতৃ যশোদাই কেনেদৰে
টোপনিৰ পৰা জগাইছে সেই কথা সৰল আরু সুন্দৰ রূপত পৰিস্ফূট হৈছে ।
যশোদাই শিশু কৃষ্ণক বাপু, কমল-নয়ন, প্রাণধন আদিৰে সম্বোধন কৰি টোপনিৰ পৰা জগাইছে । সকলো পুরুষৰ শিৰৰ ভূষণ হ’ল কৃষ্ণ । যশোদাই ‘মোৰ পুত্র’ বুলি কৃষ্ণক
বুকুত বান্ধি লৈছে,
কোলাত লৈ বাৰে বাৰে
চুমা খাইছে আরু আনন্দত নিমৰ্জিত হৈছে ।
মাধৱদেৱৰ এইদৰে মাতৃ-পুত্রৰ মধুৰ সম্পর্কৰ
বৰ্ণনা কৰি কৃষ্ণৰ ঐশ্বৰিক রূপ আরু মাহাত্ম্যৰ কথা বৰ্ণনা কৰিছে । সিদ্ধ মুনি আরু ঋষিসকলে বহু ধ্যান আরু বহু সাধনা কৰিও যিজনা ভগৱানক বিচাৰি নাপায়, সেইজন ভগবানক ভক্তিৰ বলত যশোদাই পুত্ররূপে লাভ
কৰি স্নেহ কৰিব পাৰিছে । ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগবান যে
ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী রূপত তুলি ধৰিছে ।
ভগৱানে
সকলোকে পঢ়াৰ দিশত আরু সুপথে আগুৱাই
নিয়েযেন ।...............