গোট-৬, মানসিক স্বাস্থ্য আরু স্বাস্থ্যবিজ্ঞান,

ক) ১ নম্বৰৰ প্রশ্নাৱলী
ক) শুদ্ধ নে অশুদ্ধ লিখা

১। মানসিক স্বাস্থ্যই ব্যক্তিৰ পৰিৱেশত সুস্থ সমাযোজন সূচায় ।
উত্তরঃ শুদ্ধ

২। মানসিক স্বাস্থ্য ৰক্ষাৰ প্রয়োজন পূৰণৰ ওপৰত নির্ভৰশীল ।
উত্তরঃ শুদ্ধ ।

৩। মানসিক স্বাস্থ্যই মনৰ স্থিতিশীল অৱস্থাক বুজায় ।
উত্তরঃ শুদ্ধ ।

৪। সমাজৰ ৰীতি-নীতি, মূল্যবোধ আরু মানদণ্ডৰ লগত মানসিক স্বাস্থ্য জড়িত হৈ আছে ।
উত্তরঃ শুদ্ধ ।

৫। মানসিক স্বাস্থ্যই মানসিক ব্যাধিৰ অনুপস্থিতিক বুজায় ।
উত্তরঃ শুদ্ধ ।

৬। মানসিক স্বাস্থ্য বিজ্ঞান মানসিক ৰোগ নিৰাময়ৰ লগত জড়িত ।
উত্তরঃ শুদ্ধ ।

৭। সামাঞ্জস্যপূৰ্ণ মানসিক আরু শাৰীৰিক স্বাস্থ্য মানসিকৰ স্বাস্থ্যৰ অন্যতম চৰ্ত ৷
উত্তরঃ শুদ্ধ ।

৮। মানসিক স্বাস্থ্যৰ ধাৰণাটো আদর্শমূলক ।
উত্তরঃ শুদ্ধ ।

৯। মানসিক স্বাস্থ্য ৰক্ষা কৰাটো হৈছে মানসিক স্বাস্থ্যৰ এটা কাম ।
উত্তরঃ শুদ্ধ ।

১০। মানসিক স্বাস্থ্য ৰক্ষা কৰা মানসিক স্বাস্থ্য বিজ্ঞানৰ লক্ষ্য ।
উত্তরঃ শুদ্ধ ।

১১। মানসিকভাৱে সুস্থ ব্যক্তিৰ ব্যক্তিত্ব ভাৰসাম্যপূৰ্ণ হয় ।
উত্তরঃ   শুদ্ধ ।

১২। মানসিক ব্যাধি নিৰাময় কৰিব পাৰি
উত্তরঃ শুদ্ধ ।

১৩। মানসিক অসুস্থতাত বংশগতিৰ কোনো প্রভাৱ নাই ।
উত্তরঃ শুদ্ধ ।

১৪। এজন মানসিকভাৱে সুস্থ ব্যক্তি আৱেগিকভাৱে স্থিৰ
উত্তরঃ শুদ্ধ ।

১৫। মানসিক স্বাস্থ্যবিজ্ঞান হৈছে লক্ষ্য আরু মানসিক স্বাস্থ্য হৈছে মাধ্যম ।
উত্তরঃ অশুদ্ধ ।

১৬। এজন শাৰীৰিকভাৱে স্বাস্থ্যৱান ব্যক্তি মানসিকভাৱে স্বাস্থ্যৱান নহ’বও পাৰে
উত্তরঃ শুদ্ধ ।

১৭। এজন মানসিকভাৱে সুস্থ ব্যক্তিয়ে সামাজিক সমাযোজন কৰিব নোৱাৰিবও পাৰে
উত্তরঃ অশুদ্ধ 

১৮। মানসিক স্বাস্থ্য, শাৰীৰিক স্বাস্থ্যৰ দৰে এক মাত্রাক সূচায় ।
উত্তরঃ শুদ্ধ ।

১৯। মানসিক স্বাস্থ্যই মনৰ স্থিতিশীল অৱস্থাক বুজায় ।
উত্তরঃ শুদ্ধ ।

২০।এক সামাজিক পৰিস্থিতিতহে মানসিক স্বাস্থ্য অর্জন কৰিব পাৰি
উত্তরঃ শুদ্ধ ।

২১। সামাঞ্জস্য সমাযোজন মানসিক স্বাস্থ্যৰ আৱশ্যক চৰ্ত ।
উত্তরঃ শুদ্ধ ।

২২। অভ্যাস আরু মনোবৃত্তি মানসিক স্বাস্থ্যৰ নির্ধাৰক ।
উত্তরঃ শুদ্ধ ।

২৩। মানসিক স্বাস্থ্যৰ ধাৰণাতো চৰম ।
উত্তরঃ অশুদ্ধ 

২৪। সম্পূর্ণ মানসিক স্বাস্থ্য অর্জন কৰিব পৰাটো এক আদর্শনীয় ।
উত্তরঃ শুদ্ধ ।

২৫। মানসিক স্বাস্থ্য আরু শিক্ষাৰ উদ্দেশ্য একে ।
উত্তরঃ অশুদ্ধ 

২৬। মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ বাবেও মানসিক স্বাস্থ্যবিভাজনৰ প্রয়োজন ।
উত্তরঃ শুদ্ধ ।

খ) খালী ঠাই পূৰণ কৰা
২৭। ব্যক্তিৰ মানসিক স্বাস্থ্য ______ লগত সংগতি বিধানৰ যোগেদি নির্ধাৰিত হয় ।
উত্তরঃ ব্যক্তিৰ মানসিক স্বাস্থ্য সুস্থ মানসিক অৱস্থাৰ লগত সংগতি বিধানৰ যোগেদি নির্ধাৰিত হয় ।

২৮। মানসিক স্বাস্থ্য ৰক্ষাত সহায় কৰে ____
উত্তরঃ মানসিক স্বাস্থ্য ৰক্ষাত সহায় কৰে মানসিক স্বাস্থ্যবিজ্ঞানে

২৯। মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিত্বৰ _____ বিকাশত সহায় কৰে
উত্তরঃ মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিত্বৰ মানসিক বিকাশত সহায় কৰে

৩০। মানসিক ৰোগৰ নিৰাময় মানসিক স্বাস্থ্যবিজ্ঞানৰ _____ মূলক কাৰ্যাৱলী অন্তর্ভুক্ত ।
উত্তরঃ মানসিক ৰোগৰ নিৰাময় মানসিক স্বাস্থ্যবিজ্ঞানৰ প্রধানমূলক কাৰ্যাৱলী অন্তর্ভুক্ত ।

৩১। মানসিক স্বাস্থ্যবিজ্ঞান হৈছে _____ আরু মানসিক স্বাস্থ্য হৈছে _______ ।
উত্তরঃমানসিক স্বাস্থ্যবিজ্ঞান হৈছে উপায় আরু মানসিক স্বাস্থ্য হৈছে সমাপ্তি

৩২। মানসিক স্বাস্থ্য হৈছে সর্বাধিক _____ আরু সর্বনিম্ন ______ এক সমাযোজন প্রক্রিয়া ।
উত্তরঃ মানসিক স্বাস্থ্য হৈছে সর্বাধিক মানসিক স্বাস্থ্য আরু সর্বনিম্ন মানসিক অসুস্থতা এক সমাযোজন প্রক্রিয়া ।

৩৩। মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য হৈছে ____ লাভ কৰা
উত্তরঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য হৈছে এক সুস্থ মানসিক স্বাস্থ্য লাভ কৰা

৩৪। মানসিক স্বাস্থ্যবিজ্ঞানৰ তিনিটা প্রয়োজনীয় দিশ আছে । প্রতিৰোধমূলক, প্রতিকাৰমূলক আরু ______ ।
উত্তরঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ তিনিটা প্রয়োজনীয় দিশ আছে । প্রতিৰোধমূলক, প্রতিকাৰমূলক আরু সংৰক্ষণমূলক

৩৫। মানসিক স্বাস্থ্যবিজ্ঞানৰ _____ কাৰ্য মানসিক ব্যাধি ৰোধৰ লগত জড়িত ।
উত্তরঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ প্রতিৰোধমূলক কাৰ্য মানসিক ব্যাধি ৰোধৰ লগত জড়িত ।

৩৬। মানসিক স্বাস্থ্যবিজ্ঞানৰ _____ কাৰ্য ব্যক্তিৰ মানসিক স্বাস্থ্য উন্নীত কৰণৰ লগত জড়িত ।
উত্তরঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ প্রতিকাৰমূলক কাৰ্য ব্যক্তিৰ মানসিক স্বাস্থ্য উন্নীত কৰণৰ লগত জড়িত ।

গ) চমু উত্তৰ দিয়া (পৰাপক্ষত এটা বাক্যত)

৩৭। “মানসিক স্বাস্থ্যবিজ্ঞান হৈছে এক বিজ্ঞান যি ব্যক্তিৰ কল্যাণ আরু সকলো মানৱীয় সম্পর্কৰ লগত ব্যক্তি জড়িত ।” কোনে কৈছিল ?
উত্তরঃ উক্ত কথাষাৰৰ বক্তা হ’ল ক্রো আরু ক্রো ।

৩৮মানসিক স্বাস্থ্যবিজ্ঞান মানসিক স্বাস্থ্য ৰক্ষা কৰা মানসিক বিশৃংখলতাক বাধা দান কাৰ্যৰ লগত জড়িত ।”, কোনে কৈছিল?
উত্তরঃ উল্লেখিত কথাষাৰ হেডফিল্ডে কৈছিল ।

৩৯। “মানসিক স্বাস্থ্য, শাৰীৰিক স্বাস্থ্যৰ দৰেই মাত্রাসূচক ।” – কোনে কৈছিল ?
উত্তরঃ উল্লেখিত কথাষাৰ প্রফেছাৰ হোমলে কৈছিল ।

৪১।এজন অপৰাধ প্রৱণ শিশু মানসিকভাৱে সুস্থ হ’ব পাৰে নে নোৱাৰে?
উত্তরঃ এজন অপৰাধ প্রৱণ শিশু মানসিকভাৱে সুস্থ হ’ব নোৱাৰে

৪২। মানসিক স্বাস্থ্য বিজ্ঞানক কিয় জীৱনজোৰা প্রক্রিয়া বুলি কোৱা হয়?
উত্তরঃ মানসিক স্বাস্থ্য বিজ্ঞানে জন্মৰ পৰা মৃত্যু পর্যন্ত এজন মানুহৰ মানসিক ভাৱে সুস্থ কৰি সুস্থ সমাযোজন কৰাত মৃত্যুৰ আগমূহূৰ্তলৈকে সহায় কৰেসেয়ে, মানসিক স্বাস্থ্য বিজ্ঞানক জীৱনজোৰা প্রক্রিয়া বুলি কোৱা হয় ।

৪৩। মানসিক স্বাস্থ্যবিজ্ঞানৰ আটাইতকৈ উল্লেখনীয় কাৰ্যটো কি?
উত্তরঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ আটাইতকৈ উল্লেখনীয় কাৰ্যটো হ’ল- বেমাৰ-আজাৰ অথবা ৰোগ-ব্যাধি বাধা দিয়াৰ বাবে নিজক আরু নিজৰ পৰিবেষ্টিনীটোক পৰিস্কাৰ কৰি ৰখা ।

৪৪। মানসিক স্বাস্থ্যত বাধা দিয়া এটা পাৰিবাৰিক কাৰণ লিখা ।
উত্তরঃ মানসিক স্বাস্থ্যত বাধা দিয়া এটা পাৰিবাৰিক কাৰণ হ’লঃ মানসিক উত্তেজনা/ দ্বন্দ্ব/ বোজা ।

৪৫। মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ এটা সামাজিক গুণ লিখা ।
উত্তরঃ মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ এটা সামাজিক গুণ হ’লঃ পৰিৱেশ আরু সমাজৰ লগত সুন্দৰভাৱে সমাযোজন কৰা

খ) ২ নম্বৰৰ প্রশ্নাৱলী

৪৬। মানসিক স্বাস্থ্যৰ ধাৰণাটো লিখা ।
উত্তরঃ মানসিক স্বাস্থ্য হৈছে কোনো বেমাৰ আজাৰৰ পৰা মানসিকভাৱে মুক্ত হৈ থকা এটা বিশেষ অৱস্থা । হিলগার্ডৰ মতে, “মানসিক স্বাস্থ্য হৈছে মানসিক ৰোগৰ অনুপস্থিতি, অধিক সদর্থকভাৱে ক’বলৈ হ’লে- ই হৈছে সমাযোজন, ফলদায়ক পূর্বাভিমুখীনতা আরু আগ্রহ আদিৰ দ্বাৰা বিশেষভাৱে চিহ্নিত কৰা এটা অৱস্থা ।

৪৭। মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা দিয়া ।
উত্তরঃ হেডফিল্ডৰ মতে, ‘মানসিক স্বাস্থ্য-বিজ্ঞান মানসিক স্বাস্থ্য ৰক্ষা কৰা আরু মানসিক বিকাৰ নিৱাৰণ কৰা প্রক্রিয়াৰ সৈতে জড়িত বিজ্ঞান
ক্রো আরু ক্রোৰ মতে, ‘মানসিক স্বাস্থ্য-বিজ্ঞান হৈছে এনে এটা বিজ্ঞান যিয়ে মানৱ কল্যানৰ সৈতে জড়ি আরু মানুহৰ সম্পর্কৰ সকলো ক্ষেত্রকে সামৰি লয় ।’

৪৮। মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা উদ্দেশ্য লিখা ।
উত্তরঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা উদ্দেশ্য হ’লঃ
(ক) সুন্দৰভাৱে মানসিক স্বাস্থ্যৰ লগত সম্পর্কিত সমস্যাসমূহ জনা আরু বুজাত সহায় কৰা
(খ) মানসিক অসুস্থতাৰ সমস্যাসমূহ সমাধান কৰাত সহায় কৰা

৪৯। মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা কাৰ্য লিখা ।
উত্তরঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা কাৰ্য হ’লঃ
(ক) প্রতিৰোধমূলক কাৰ্যঃ
       মানসিক স্বাস্থ্য বিজ্ঞানে মানুহৰ মানসিক অসুস্থতা, ব্যক্তিত্বৰ বিকাৰ আরু সমাযোজন সম্পর্কীয় সমস্যাসমূহ সমাধান কৰাৰ বাবে নিবাৰণমূলক উপায়সমূহ প্রদান কৰে
(খ) সংৰক্ষণমূলক কাৰ্যঃ
       মানসিক স্বাস্থ্যবিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যকলাপে মানসিক স্বাস্থ্যৰ গুরুত্ব উপলব্ধি আরু ইয়াৰ সংৰক্ষণৰ বাবে লব লগা উপায়, কৌশল আরু প্রক্রিয়াসমূহৰ বিষয়ে প্রণালীবদ্ধ জ্ঞান প্রদান কৰে

৫১। মানসিক স্বাস্থ্যৰ প্রতিকাৰমূলক কাৰ্য কি?
উত্তরঃ মানসিক স্বাস্থ্যই মানসিক অসুস্থতা সমূহৰ সমস্যাসমূহ সমাধান কৰাৰ লগতে এই সমস্যাসমূহৰ পৰা হাত সৰাৰ বাবে চিকিৎসাসম্পর্কীয় কৌশল সমূহ জনাৰ ক্ষেত্রত সহায় কৰেলগতে, এই সমস্যাসমূহ প্রতিকাৰৰ জৰীয়তে এক সুস্থ সমাযোজন কৰাত সহায় কৰে

৫২। মানসিক স্বাস্থ্যৰ প্রতিকাৰমূলক কাৰ্য কি?
উত্তরঃ মানসিক স্বাস্থ্যই মানসিক অসুস্থতা সমূহৰ সমস্যাসমূহ সমাধান কৰাৰ লগতে এই সমস্যাসমূহৰ পৰা হাত সৰাৰ বাবে চিকিৎসাসম্পর্কীয় কৌশল সমূহ জনাৰ ক্ষেত্রত সহায় কৰেলগতে, এই সমস্যাসমূহ প্রতিকাৰৰ জৰীয়তে এক সুস্থ সমাযোজন কৰাত সহায় কৰে

৫৩। মানসিক স্বাস্থ্যৰ সংৰক্ষণমূলক কাৰ্য কি?
উত্তরঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যকলাপে মানসিক স্বাস্থ্যৰ গুরুত্ব উপলব্ধি আরু ইয়াৰ সংৰক্ষণৰ বাবে লব লগা উপায়, কৌশল আরু প্রক্রিয়াসমূহৰ বিষয়ে প্রণালীবদ্ধ জ্ঞান প্রদান কৰে লগতে, ভৱিষ্যতৰ বাবে জ্ঞানসমূহ মনত সংৰক্ষণ কৰি ৰখাত সহায় কৰে ৷

৫৪। মানসিক স্বাস্থ্য কিয় গতিশীল ধাৰণা?
উত্তরঃ মানসিক স্বাস্থ্যৰ দর্শন এই যে ই মূলতঃ স্বাস্থ্যপূর্ণ জীৱন প্রক্রিয়াৰ লগত ঘনিষ্ঠভাৱে সম্পর্ক হৈ আছে । মানসিক স্বাস্থ্যৰ নীতিসমূহ, মূলত এক ভাল আরু সুস্থ জীৱন যাপনৰ বাবে শাৰীৰিক ভাৱে যোগ্য কৰি ৰখাৰ কাৰণে প্রয়োজনীয় নীতি নিয়ম সমূহ মানি চলা আরু অনুশাসন বজাই ৰখাত সহায় কৰেসেয়ে মানসিক স্বাস্থ্যক এক গতিশীল ধাৰণা বুলি কব পাৰি

৫৬। জীৱনৰ ধনাত্মক দিশ বা গুণ হিচাপে মানসিক স্বাস্থ্য আলোচনা কৰা
উত্তরঃ মানসিক স্বাস্থ্যৰ দর্শন এই যে ই মূলতঃ স্বাস্থ্যপূর্ণ জীৱন প্রক্রিয়াৰ লগত ঘনিষ্ঠভাৱে সম্পর্ক হৈ আছে । মানসিক স্বাস্থ্যৰ নীতিসমূহ, মূলতঃ এক ভাল আরু সুস্থ জীৱন যাপনৰ বাবে শাৰীৰিক ভাৱে যোগ্য কৰি ৰখাৰ কাৰণে প্রয়োজনীয় নীতি নিয়ম সমূহ মানি চলা আরু অনুশাসন বজাই ৰখাত আজীৱন সহায় কৰেসেয়ে মানসিক স্বাস্থ্যক এক গতিশীল ধাৰণা বুলি কব পাৰি আরু এই গুণসমূহৰ বাবে ই জীৱনৰ বাবে এক ধনাত্মক দিশ বা গুণ হিচাপে মানুহৰ জীৱনত সহায় কৰে




 ANy mistakes inform us.