কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা, স্বৰ্ণলতা দাস, নোট- পদ্মেশ্বৰ বৰা


অতি চমু প্রশ্ন (VSA) -                    মূল্যাংকঃ ১

 

(ক) ‘কৈশোৰ কাল আরু ইয়াৰ উপযোগী শিক্ষা’ পাঠটিৰ ৰচক কোন?

উত্তৰঃ ‘কৈশোৰ কাল আরু ইয়াৰ উপযোগী শিক্ষা’ পাঠটিৰ ৰচক হ’ল- ড স্বৰ্ণলতা দাস ।

 

(খ) কোন সময়ছোৱা কৈশোৰ কালৰ সময়সীমা?

অথবাঃ কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায় ?

উত্তৰঃ বাল্যকাল আরু প্রাপ্তবয়স্কৰ মাজৰ সময়ছোৱা কালৰ সময়সীমা । অৰ্থাৎ ১০-১১ বছৰ বয়সৰ পৰা ১৮-১৯ বছৰ বয়সৰ সময়সিনিক সচৰাচৰ কৈশোৰ কাল হিচাপে জনা যায়


(গ) কৈশোৰ কাল আন কি নামেৰে পৰিচিত?

উত্তৰঃ কৈশোৰ কাল ‘বয়ঃসন্ধি কাল’ নামেৰেও পৰিচিত ।

 

(ঘ) সচৰাচৰ কৈশোৰ কাল হিচাপে কোন বয়সৰ সময়খিনিক চিহ্নিত কৰা হয়?

উত্তৰঃ সচৰাচৰ কৈশোৰ কাল হিচাপে ১০-১১ বছৰ বয়সৰ পৰা ১৮-১৯ বছৰ বয়সলৈকে, এই সময়খিনিক চিহ্নিত কৰা হয় ।

 

(ঙ) আন্তঃৰাষ্ট্রীয় শিক্ষা আয়োগ কোন চনত গঠিত হৈছে?

উত্তৰঃ আন্তঃৰাষ্ট্রীয় শিক্ষা আয়োগ ১৯৯৬ চনত গঠিত হৈছে ।

 

(চ) ভাৰত চৰকাৰে কোন চনত ৰাষ্ট্রীয় শিক্ষানীতি ঘোষণা কৰে?

উত্তৰঃ ভাৰত চৰকাৰে ১৯৮৬ চনত ৰাষ্ট্রীয় শিক্ষানীতি ঘোষণা কৰে

 

(ছ) সমনীয়াৰ সৈতে হোৱা প্রতিযোগিতা-সহযোগিতাৰ অন্তৰালত যি উপসংস্কৃতি গঢ়ি উঠে তাক কি বুলি অভিহিত কৰা হয়?

উত্তৰঃ সমনীয়াৰ সৈতে হোৱা প্রতিযোগিতা-সহযোগিতাৰ অন্তৰালত যি উপসংস্কৃতি গঢ়ি উঠে তাক কিশোৰ-সংস্কৃতি বুলি অভিহিত কৰা হয় ।

 

(জ) যৌৱনৰ অফুৰন্ত শক্তিৰ জোৱাৰে কৈশোৰ মনত সাৰ্বজনীন কি মনোভাৱ সৃষ্টি কৰে?

উত্তৰঃ যৌৱনৰ অফুৰন্ত শক্তিৰ জোৱাৰে কৈশোৰ মনত সাৰ্বজনীন বিশ্ব ভ্রাতৃত্বৰ মনোভাৱ সৃষ্টি কৰে

 

(ঝ) সুপৰিকল্পিতভাৱে গঢ় দিয়া মাধ্যমিক শিক্ষাই কৈশোৰৰ কি কি দিশ পূৰণ কৰিছে?

উত্তৰঃ সুপৰিকল্পিতভাৱে গঢ় দিয়া মাধ্যমিক শিক্ষাই কৈশোৰৰ ভিন্নমুখী চাহিদাসমূহ পূৰণ কৰিছে

 

(ঞ) কৈশোৰ কালৰ এটি বৈশিষ্ট্য উল্লেখ কৰা

উত্তৰঃ দিবাস্বপ্ন বা অলীক কল্পনা কৈশোৰ কালৰ এটি বৈশিষ্ট্য ৷

 

(ট) মানৱ জীৱনৰ কোনছোৱা কালক রূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি ?

উত্তৰঃ মানৱ জীৱনৰ কৈশোৰ কালক রূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি

 

(ঠ) নৈতিকতাৰ বিকাশে কিশোৰ কিশোৰীৰ মনত কেনে ভাৱৰ উন্মেষ হোৱাত সহায় কৰে ?

উত্তৰঃ নৈতিকতাৰ বিকাশে কিশোৰ কিশোৰীৰ মনত সামাজিক দায়বদ্ধতা, দেশপ্ৰেম আদি ভাবৰ উন্মেষ হোৱাত সহায় কৰে

 

(ড) কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয় ?

উত্তৰঃ কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক মাধমিক শিক্ষা বুলি কোৱা হয়

 

 

চমু প্রশ্ন (আৰ্হি নং ১) (SA Type-I)-           মূল্যাংকঃ ২

 

(ক) কৈশোৰ কালত কি কি ক্ষেত্রত জটিল পৰিৱৰ্তন দেখা যায়?

উত্তৰঃ কৈশোৰ কালত সহজ-সৰল গতিৰ পৰিৱৰ্তে শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আরু নৈতিক ক্ষেত্রত নানা জটিল পৰিৱৰ্তনৰ সন্মোখিন হব লগা হয় । জীৱনৰ গতিত এই সময়ছোৱাত নানা খেলি-মেলিৰ সৃষ্টি হয় ।

 

(খ) মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা কৈশোৰ কালে কি কি ক্ষেত্রত পৰিপক্কতাৰ কথাকে সূচায়?

উত্তৰঃ মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা কৈশোৰ কালে জৈৱিক, মানসিক, আৱেগিক আরু সামাজিক ক্ষেত্রৰ পৰিপক্কতাৰ কথাকে সূচায় । এই দিশত শাৰীৰিক বা জৈৱিক পৰিৱৰ্তনসমূহ স্পষ্টকৈ পৰিলক্ষিত হয় কিন্তু মানসিক বা সামাজিক গুণসমূহ স্পষ্টকৈ ফুটি নুঠে বা প্রকাশ নাপায় ।

 

(গ) কৈশোৰ কালক কোন দুখন জগতৰ সংযোগী কাল বুলিব পাৰি লিখা ।

উত্তৰঃ কৈশোৰ কালক ‘শিশুৰ জগত’ আরু ‘প্রাপ্তবয়স্কৰ জগত’- এই দুখন জগতৰ সংযোগী কাল বুলিব পাৰি

 

(ঘ) কিশোৰ-কিশোৰীৰ মনত কিহৰ বাবে মানসিক দ্বন্দ্বৰ সৃষ্টি হ’ব পাৰে?

অথবাঃ (ঙ) কিহৰ বাবে কৈশোৰ কালছোৱাত মানসিক দ্বন্দ্বৰ সৃষ্টি হ’ব পাৰে?

উত্তৰঃ কৈশোৰ সময়ছোৱাত কিশোৰ-কিশোৰীৰ নিজস্ব মতাদর্শ গঢ়ি উঠে আরু নৈতিক দিশত ইয়াৰ প্রভাৱ পৰেধর্মৰ প্রতি, দৰ্শনৰ প্রতি আরু জীৱনৰ লক্ষ্য-উদ্দেশ্যৰ প্রতি এই কালছোৱাত উৎকণ্ঠা জাগি উঠে । তাৰেই ফলস্বরূপে মানসিক দ্বন্দ্বৰ সৃষ্টি হ’ব পাৰে

 

(চ) কৈশোৰসকলে আদর্শ ব্যক্তি হিচাপে সাধাৰনতে কি দিশত জড়িত ব্যক্তিক গ্রহণ কৰে?

উত্তৰঃ কৈশোৰসকলে আদর্শ ব্যক্তি হিচাপে সাধাৰনতে সচৰাচৰ ছবি জগত নতুবা খেল জগতৰ লগত জড়িত ব্যক্তিক গ্রহণ কৰেবীৰপূজাৰ বা বীৰপূজনৰ এই প্রবৃত্তিক কৈশোৰসকলে চিনেমাৰ অভিনেতা আরু খেলৰ লগত জড়িত খেলুৱৈসকলৰ আদর্শসমূহক অনুকৰণ কৰে

 

 

চমু প্রশ্ন (আৰ্হি নং ২) (SA Type-II) -         মূল্যাংকঃ ৩

 

(ক) কৈশোৰ-কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা পৰিৱৰ্তনসমূহৰ বিষয়ে চমুকৈ লিখা ।

অথবাঃ কৈশোৰ কালত কিশোৰ কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিবৰ্তন সমূহ ফঁহিয়াই লিখা

অথবাঃ  (ছ) নৈতিকতাৰ বিকাশে কিশোৰ কিশোৰীৰ মনত কেনে ভাৱৰ উন্মেষ হোৱাত সহায় কৰে ?

অথবাঃ বুজাই লিখা-

(৪) কৈশোৰ কালৰ নৈতিক বিকাশ (৫ নম্বৰৰ)

উত্তৰঃ

 

কৈশোৰ কালত মানৱৰ নিজস্ব মতাদৰ্শ গঢ়ি উঠে আরু নৈতিক ক্ষেত্রত কৈশোৰ কালত কিশোৰ কিশোৰীৰ মাজত কিছু পৰিমানে তাৰ প্ৰভাৱ পৰে ধৰ্মৰ প্ৰতি, দৰ্শনৰ প্ৰতি বা জীৱনৰ লক্ষ্য উদ্দেশ্যৰ প্ৰতি উৎকন্ঠা জাগি উঠে আরু ইয়াৰ ফলস্বরূপে মানসিক অন্তদ্বন্দৰো সৃ্ষ্টি পাৰে কিছু ক্ষেত্রত পিতৃ-মাতৃ বা সমাজৰ বয়োজেষ্ঠজনৰ মতাদৰ্শৰ পৰা ফালৰি কাটি নিজৰ যুক্তি-বিবেচনাৰে এক নতুন নৈতিকতাসমৃদ্ধ সমাজ সৃষ্টি কৰিবলৈ বিচাৰে

নৈতিকতাৰ বিকাশে কিশোৰ কিশোৰীৰ মনত সামাজিক দায়বদ্বতা, দেশপ্ৰেম আদি ভাবৰ উন্মেষ হোৱাত সহায় কৰে যৌৱনৰ অফুৰন্ত শক্তিৰ জোৱাৰে কৈশোৰ-কৈশোৰীৰ মনত সৃষ্টি কৰে এক সাৰ্বজনীন বিশ্ব ভাতৃত্বৰ মনোভাৱ সমাজ সচেতনতাৰ লগতে গঢি উঠে নি:স্বাৰ্থ মনোভাৱ যাৰ ফলত কিশোৰ-কৈশোৰীয়ে নতুন সমাজ গঢাৰ সপোনত ব্ৰতী হয় ন্যায়ৰ হকে যুঁজিবলৈ লোৱা মনোভাৱৰ বাবেই বিশ্বৰ বহু বোৰ সামাজিক বিপ্লৱৰ অংশ গ্ৰহন কৰা লোকসকলৰ অধিকাংশই কিশোৰ-কিশোৰী হৈ পৰে নৈতিকতাৰ এনে বিকাশে সামাজিক দায়বদ্ধতা, দেশপ্ৰেম বা বিশ্বপ্ৰেম আদি ভাৱৰ উন্মেষ হোৱাত সহায় কৰে

 

(খ)শিশুৰ জগত আৰু প্রাপ্তবয়স্ক জগত সংযোগী কাল হিচাপে কৈশোৰ কালক চমুকৈ বিচাৰ কৰা

উত্তৰঃ শিশুৰ জগত আৰু প্রাপ্তবয়স্কৰ জগত- এই দুখন জগতৰ সংযোগী হ’ল কিশোৰ কাল । কিশোৰৰ জগতখনত শৈশৱৰ কল্পনা আৰু প্রাপ্তবয়স্কজনৰ বাস্তৱ উপলব্ধি পৰিলক্ষিত হোৱা দেখা যায় । এই দুই জগতৰ সন্ধিক্ষণত কৈশোৰ কাল হৈ পৰে জীৱনৰ জটিলতম তথা গুৰুত্বপূৰ্ণ সময় । মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা এই দুই জগতৰ আচৰণৰে পৰিপুষ্ট কৈশোৰ কালে জৈৱিক, মানসিক, আৱেগিক আৰু সামাজিক ক্ষেত্রৰ পৰিপক্কতাৰ কথাক আঙু্লিয়াই দিছে । লগতে, এই সময়ছোৱাতে শাৰীৰিক বা জৈৱিক পৰিৱৰ্তন সমূহ স্পষ্ট হৈ পৰে, যিয়ে শিশু আৰু প্রাপ্তবয়স্কৰ মানসিক আৰু সামাজিক গুণসমূহ পৰিস্ফুতিত কৰে  

 

(গ) ‘মূৰ্ত চিন্তাৰ বিপৰীতে বিমূৰ্ত চিন্তন ক্ষমতা কৈশোৰ কালৰ এক বৈশিষ্ট্য” – কথাষাৰ বুজাই লিখা ।

উত্তৰঃ কৈশোৰ কালত মানসিক শক্তিৰ বিকাশ পূৰ্ণগতিত প্রতিপন্ন হয় । এই সময়ত মানসিক শক্তিসমূহ বিশেষকৈ বুদ্ধি, বিমূৰ্ত চিন্তনৰ ক্ষমতা, যুক্তিশক্তি, বিভিন্ন দিশত আগ্রহ আদিৰ বিকশিত হয় । শৈশৱ কালৰ অনুকৰণ-শিক্ষাৰ সলনি নিজৰ বিচাৰ-বুদ্ধিৰে যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা শক্তিৰো এই সময়ছোৱাতে বিকশিত হয় । এনেদৰে মূৰ্ত চিন্তাৰ বিপৰীতে বিমূৰ্ত চিন্তনৰ ক্ষমতা কৈশোৰ কালৰ এক বৈশিষ্ট্য হিচাপে বিকশিত হয় । কৈশোৰ কালতে স্বাধীন আৰু মৌলিক চিন্তাধাৰাৰ বিকাশত যথেষ্ট অৰিহণা যোগায় । সেয়েহে, মূৰ্ত চিন্তাৰ বিপৰীতে বিমূৰ্ত চিন্তন ক্ষমতাসমূহৰ পূৰ্ণ বিকাশ ঘটি এই ক্ষণত জীৱশ্রেষ্ঠ মানুহৰ ভিন ভিন মানসিক ক্ষমতাৰ পূৰ্ণ বিকাশ ঘটে ।

    

(ঘ) ‘কিশোৰ-সংস্কৃতি’ বুলিলে কি বুজা?

অথবাঃ ‘কিশোৰ-সংস্কৃতি’ কি?

উত্তৰঃ কৈশোৰ কালত বিভিন্ন দিশৰ সামাজিক বিকাশ সংঘটিত হয় । এই কালছোৱাতে দলীয় মনোভাৱৰ সৈতে সহমৰ্মিতাৰ উন্মেষ হয় । কৈশোৰ কালৰ এই ক্ষণত সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাব জাগি উঠে । সমনীয়াৰ লগত হোৱা সহযোগিতা আৰু প্রতিযোগিতাৰ অন্তৰালত এক ‘উপ-সংস্কৃতি’ গঢ়ি উঠে । ইয়াকে কিশোৰ-সংস্কৃতি বুলি কোৱা হয় ।    

এই সংস্কৃতিয়ে কিশোৰ অৱস্থাৰ চালন-চলন, সাজ-পাৰ, বাক্‌ভংগী, ধ্যান-ধাৰণা আনকি ৰাজনৈতিক মতাদৰ্শ আদিতো প্রভাৱ পৰেকিন্ত কিশোৰ-সংস্কৃতি ধনাত্মক দিশতকৈ ঋণাত্মক দিশটোৰ প্রতি অধিক ধাৱমান হয় ।

এই সংস্কৃতিত বিভিন্ন সামাজিক ব্যাধি বিশেষকৈ মাদক দ্রব্যৰ ব্যৱহাৰ, দ্রাগ্‌ছৰ প্রতি আসক্তি, সমাজ স্বীকৃত আচৰণৰ প্রতি অনীহা, মাদ্রক দ্রব্য সেৱন আদি প্রতিফলিত হয় । সেয়েহে, উচিত আৰু উপযুক্ত শিক্ষা মাধ্যমেৰে এই সংস্কৃতিক সংশোধনেৰে সমাজৰ বাবে উপযোগী কৰি তুলিব লাগে ।

 

(ঙ) কৈশোৰৰ চাহিদা পূৰণৰ বাবে কি কি ক্ষেত্রত গুৰুত্ব দিয়া হয় ?

উত্তৰঃ কৈশোৰৰ কালত নানা কৌতূহল, অনুভূতি আৰু আকাংক্ষাৰ পৰিপেক্ষিতত সৃষ্টি হোৱা আলোড়নে নানান চাহিদাৰ উদ্ভৱ হয় । কৈশোৰৰ মানসিক, শাৰীৰিক, আৱেগিক আৰু সামাজিক চাহিদাসমূহ পূৰণৰ অৰ্থে শিক্ষানুষ্ঠানৰ মাধ্যমেৰে উচিত পদক্ষেপ গ্রহণ কৰা হয়এই চাহিদাসমূহৰ সম্পূৰ্ণ কৰাৰ মানসেৰে শিক্ষানুষ্ঠানৰ বিভিন্নতা, অপৰ্যাপ্ত ঐচ্ছিক বিষয়ৰ প্রৱৰ্তন, বিদ্যালয় আৰু পৰিয়ালৰ মাজৰ সুদৃঢ় যোগসূত্র, বিদ্যালয় আৰু বৃহত্তৰ সমাজৰ পাৰস্পৰিক সম্পৰ্ক স্থাপন আদিত গুৰুত্ব দিয়া হয় । সুপৰিকল্পিতভাৱে গঢ় দিয়া মাধ্যমিক শিক্ষাই কৈশোৰৰ ভিন্নমুখী চাহিদাসমূহ পূৰণ কৰাত বহু দিশত সফল হৈছে । ইয়াৰ সমসাময়িকভাৱে, জাতীয় পাঠ্যক্রম গাঁথনি ২০০৫ (NCF 2005)ৰ মাধ্যমেৰে সহ-পাঠ্যক্রমৰ যোগেদি বাহিৰৰ জগতখনৰ লগত কৈশোৰৰ মনৰ সংযোগ কৰাত গুৰুত্ব প্রদান কৰা হয় ।

 

(চ) কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধমিক স্তৰৰ পাঠ্যক্রমত থকা চাৰিটা প্রাথমিক আরু মৌলিক বিষয় কি কি ?

অথবাঃ কৈশোৰ কালৰ বাবে প্ৰস্তত কৰা মাধমিক স্তৰৰ পাঠএমত থকা চাৰিটা মৌলিক বিষয় কি কি ?

Ans: কৈশোৰ কালৰ বাবে প্ৰস্তত কৰা মাধমিক স্তৰৰ পাঠ্যক্রমত থকা চাৰিটা প্ৰাথমিক আরু মৌলিক বিষয় হ’ল- () ভাষা শিক্ষণ () গণিত () বিজ্ঞান আরু () সমাজ বিজ্ঞান

 

(ছ) কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয় ?

অথবাঃ বুজাই লিখা-

(১) কৈশোৰ কালৰ মানসিক বিকাশ (৫ নম্বৰৰ)

 

Ans: কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ পূ্ৰ্ণগতিত হয় মানসিক শক্তি মানে হ’ল- বুদ্ধি, বিমুৰ্ত চিন্তনৰ ক্ষমতা, মুক্তিশক্তি, বিভিন্ন দিশত আগ্ৰহ আদি কৈশোৰৰ আৰম্ভণিতে যদিও বৌদ্ধিক বিকাশৰ গতি কিছু হ্ৰাস পায় শেষৰ পিনে দ্ৰুতগতি লয় আরু কৈশোৰৰ শেষত বৌদ্ধিক ক্ষমতাই চৰম উৎকৰ্ষ লাভ কৰে আনহাতে, শৈশৱ কালত অনুকৰণ-শিক্ষাৰ সলনি নিজৰ বিচাৰ-বুদ্বিৰে যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা শক্তিৰে বিকাশ হয় এই কালছোৱাতেই

 


দীঘলীয়া প্রশ্ন (আৰ্হি নং ১) (LA Type-I)-    মূল্যাংকঃ ৪

 

(ক) কৈশোৰ কাল সম্পৰ্কে পাঠটিত উল্লেখ কৰা মতবাদ দুটি চমুকৈ বুজাই লিখা ।

উত্তৰঃ কৈশোৰ কাল সম্পৰ্কে নানাজনৰ নানা মত দিয়া পৰিলক্ষিত হয় ।

এক মতবাদৰ মতে, কৈশোৰ কালৰ সময়খিনি হ’ল ধুমুহা আরু পীড়নৰ সময় । এই সময়ত হোৱা দ্রুতগতিৰ পৰিৱৰ্তনসমূহ নিয়ন্ত্রণ কৰিবলৈ পৰিৱেশ আরু উপযুক্ত শিক্ষাৰ অতি প্রয়োজন । নহ’লে সেই ধুমুহাই জীৱনৰ গতিত জটিলতাৰ সৃষ্টি কৰিব পাৰে

    অইন এক মতবাদ অনুসৰি, কৈশোৰ কাল হ’ল জীৱনৰ নৱজাগৰণৰ সময়; বিভিন্ন ক্ষেত্রত হোৱা বিকাশৰ অফুৰন্ত শক্তিয়ে এটি কিশোৰক জীৱনৰ ন ন  দিশ উন্মোচন কৰিবলৈ সুযোগ দিয়ে ।

 

(খ) ‘বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্রধান বৈশিষ্ট্য”- চমুকৈ আলোচনা কৰা

উত্তৰঃ বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্ৰধান বৈশিষ্ট্য কিশোৰ-কিশোৰীয়ে বিপৰীত লিংগৰ প্ৰতি আসক্তিৰ ভাৱ অনুভৱ কৰে প্ৰকৃততে আমাৰ দেহত থকা অন্তঃস্ৰাৱী গ্ৰস্থিসমূহৰ নিঃসৰনৰ ফলস্বরূপে হোৱা জৈৱ-ৰাসায়নিক প্ৰক্রিয়াৰেই এই ফল এই প্রক্রিয়াত দেহৰ যৌণ গ্ৰন্থিসমূহ সক্রিয় হৈ উঠি কিশোৰক যৌৱনৰ অফুৰন্ত শক্তিৰ অধিকাৰী কৰি তোলে

এই শক্তিক সুপথে পৰিচালিত কৰিব পাৰিলে কৈশোৰত দেখা দিয়া বহুবোৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি অন্যথা কিশোৰ-কিশোৰীৰ এই বিপৰীত লিংগকামিতাই জীৱনৰ পথৰ সলনি কৰিব পাৰে

 

(গ) কিশোৰ-কিশোৰীৰ মনত কিহৰ বাবে অপৰাধ প্রৱণতাৰ সৃষ্টি হয়- চমুকৈ বুজাই লিখা ।

অথবাঃ চমুটোকা লিখা-

অপৰাধপ্ৰৱণ কিশোৰ

উত্তৰঃ

কৈশোৰ কালত কিশোৰ কিশোৰীৰ আৱেগিক দিশৰ বিকাশ পূ্ৰ্ণতম হয় বুলি পাৰি সেয়ে এই সময়ছোৱাত মাত্রাধিক আৱেগ প্ৰৱণতাৰ বলি হয় আরু তেওঁলোকৰ জীৱনক সম্পূ্ৰ্নভাৱে পৰিচালিত কৰে আৱেগৰ বাবেই তেওঁলোকৰ মন আলোড়িত হয় যাৰ ফলত কেতিয়াবা নিৰাশাবাদী আরু কেতিয়াবা আশাবাদী হয়

    আশা-নিৰাশাৰ দুলনমান অৱস্থাত তেওঁলোকৰ বেছিভাগেই আনৰ লগত মিলিব নোৱাৰা হয় নিজৰ মনক সুস্থভাৱে পৰিচালিত কৰিব নোৱাৰি বহু সময়ত কিশোৰ-কিশোৰী বিদ্ৰোহী মনোভাৱাপন্ন হৈ পৰে  সুশিক্ষাৰ অভাৱত এনে মনোভাৱেই তেওঁলোকৰ মাজত অপৰাধ প্ৰৱণতাৰ সৃষ্টি কৰে ফলত সমাজ স্বীকৃত আচৰণৰ প্ৰতি অনীহা প্ৰকাশ কৰি কিশোৰ কিশোৰী সকলে বিভিন্ন অপৰাধ মূলক ঘটনা সংঘটিত কৰে  সম্প্রতি বিশ্বৰ বিভিন্ন ঠাইত অপৰাধ প্ৰৱণ কিশোৰৰ সংখা এনেদৰে বৃদ্ধি পাইছে

 

(ঘ) দিবা স্বপ্ন বা অলীক কল্পনাক কৈশোৰ কালৰ এক বৈশিষ্ট্য বুলি ক’ব পাৰিনে ?

অথবাঃ চমুটোকা লিখা-

দিবাস্বপ্ন

উত্তৰঃ দিবাস্বপ্ন মানে হৈছে দিনত দেখা সপোন অথাৎ অলীক কল্পনা কৈশোৰ কালৰ এক বৈশিষ্ট্য এই সময়-ছোৱাত কল্পনা শক্তিৰ অভূত পূৰ্ব বিকাশ হয় যাৰ বাবে কিশোৰ-কিশোৰীয়ে বাস্তৱতাৰ পৰা ফালৰি কাটি কেৱল কল্পনা জগততে বিচৰণ কৰে

দিবাস্বপ্নৰ যোগাত্মক দিশো আছে যেনে: কৈশোৰ কালত কল্পনাই কিশোৰ-কিশোৰীৰ মনত মায়াজাল বিস্তাৰ কৰে যি তেওঁলোকৰ সৃজনী প্ৰতিভা বিকাশত সহায়ক হয় মানসিক পৰিতৃপ্তি সাধনৰ বাবে বহুতে সংগীত, সাহিত্য আদি বিভিন্ন মাধ্যমৰ মাজেৰে নিজৰ সৃষ্টিশীল কল্পনাৰ প্ৰকাশ কৰিবলৈ যত্ন কৰে আনহাতে, কেৱল কল্পনাৰ মায়া জালতে আৱদ্ধ নাথাকি বহুতে দু:সাহসিক কাৰ্যতো অংশগ্ৰহন কৰে এনেদৰে কৈশোৰ কালছোৱাত দিবাস্বপ্নৰ ফলত নানান বিকাশ দেখিবলৈ পোৱা যায়

 

(ঙ) ‘বীৰ পূজাৰ প্রবৃত্তি কৈশোৰ কালৰ এন এক বৈশিষ্ট্য’ – চমুকৈ বুজাই লিখা ।

অথবাঃ চমুটোকা লিখা-

বীৰপূজা

উত্তৰঃ বীৰপূজাৰ প্ৰবৃত্তি কৈশোৰ কালৰ আন এক বৈশিষ্ট্য বীৰপূজাৰ মানে হৈছে কোনো বীৰ পুরুষ বা আদৰ্শ বক্তিক পূজা কৰা অৰ্থাৎ তেওঁলোকৰ আদৰ্শ মানি চলা নিজৰ ভাল লগা বক্তিৰ জীৱনৰ আদৰ্শ গ্ৰহনৰ প্ৰবৃত্তি এই সময়ত প্ৰবল হৈ উঠে আরু সেয়েহে সেই বক্তিৰ বক্তিত্বৰ সকলোবোৰ গুণ নীৰৱ অনুকৰন কিশোৰ-কিশোৰীয়ে কৰিবলৈ লয়

কিশোৰসকলে সাধাৰণতে আদৰ্শ বক্তি হিচাপে গ্ৰহন কৰা দেখা যায় সচৰাচৰ ছবি জগত নতুবা খেল জগতৰ লগত জড়িত বক্তিসকলক বীৰপূজনৰ এই প্ৰবৃত্তিক সঠিক পথেৰে নিবলৈ কিশোৰ কালৰ শিক্ষাৰ পাঠক্রমত মহৎ লোকৰ জীৱনী পাঠ অন্তৰ্ভূক্ত কৰা হয় যিয়ে বীৰপূজাৰ এই বৈশিষ্ট্যক সদৰ্থত অনুগামী কৰি তুলে ।

 

(চ)কৈশোৰ কালত পৰিচিতিৰ সংঘাত (Identity Crisis) কেনেদৰে সৃষ্টি হয় বুজাই লিখা ।

অথবাঃ কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুরুত্বপূৰ্ণ বৈশিষ্ট্য পৰিচিতিৰ সংঘাত’ -ব্যাখা কৰা

উত্তৰঃ কৈশোৰ কালৰ কেইবাটাও বৈশিষ্টৰ মাজত আটাইতকৈ গুরুত্বপূৰ্ণ হৈছে পৰিচিতিৰ সংঘাত যাক ইংৰাজীত কোৱা Identity Crisis বিপৰীত ভাবাপন্ন বিভিন্ন অনুভূতিৰ প্ৰভাৱত এই সংঘাতে কিশোৰ কিশোৰীৰ মনত দেখা দিয়ে তেওঁলোকে নিজৰ চিন্তা বুদ্ধি বা বিচাৰ বিবেচনাৰে নৈতিকতাবোধ, মূল্যবোধ, সামাজিক দায়বদ্ধতা আদি আদৰ্শৰ বাস্তৱ জগতৰ লগত অমিলখিনি ফহিয়াই চাব নোৱাৰে

কৈশোৰত গঢি উঠা আদৰ্শবাদৰ লগত বাস্তৱতাৰ সংঘাতে পৰিচিতিৰ সংঘাতৰ জন্ম দিয়ে এনে সংঘাতে সমাজ গঠনত জোৱাৰৰ সৃষ্টি কৰে কেতিয়াবা অৱশ্যে এনে শক্তিশালী সংঘাতেই সমাজ-গাঁথনি সলনি কৰি নতুন সমাজ গাঁথনি সৃষ্টি কৰাত অৰিহনা যোগোৱা দেখা যায়

 

(ছ) জাতীয় পাঠ্যক্রম গাঁথনি ২০০৫ (National Curricular Frame Work, 2005) ৰ পৰামৰ্শাৱলী সম্পৰ্কে বুজাই লিখা ।

উত্তৰঃ কৈশোৰৰ ভিন্নমুখী চাহিদা পূৰণ কৰনত সফল রূপায়ণৰ নিমিত্তে পাঠ্যক্রম সংক্রান্ত কথাৰ লগতে সহ-পাঠ্যক্রমিক কাৰ্যাৱলীক যথোপযুক্ত গুরুত্ব সহকাৰে বিবেচনা কৰা উচিত । এই ক্ষেত্রত ৰাষ্ট্রীয় শিক্ষা, গৱেষণা আরু প্রশিক্ষণ পৰিষদে প্রস্তুত কৰা ‘জাতীয় পাঠ্যক্রম গাঁথনি ২০০৫ (National Curricular Frame Work, 2005)’ ৰ পৰামৰ্শাৱলী বিশেষভাৱে প্রযোজ্য । এই পাঠ্যক্রম-গাঁথনিৰ উদ্দেশ্য অনুসৰি স্কুলত প্রদান কৰা জ্ঞানে বাহিৰৰ জগতখনৰ লগত ছাত্র-ছাত্রীৰ মনৰ সংযোগ স্থাপন কৰিব লাগে আরু পাঠ্যক্রম কেৱল পাঠ্যপুথিতে আবদ্ধ হৈ থাকিব নালাগে ।

    কেৱল সেয়ে নহয়, জ্ঞানৰ পৰিধি কেৱল বিশেষ বিশেষ বিষয়ত সীমাবদ্ধ নকৰি এক সুসংহত জ্ঞানৰ আভাস ছাত্র-ছাত্রীক দিয়াৰ বাবে যত্নপৰ হ’ব লাগে । পাঠ্যক্রমৰ মাজেৰে দিয়া জ্ঞানৰ সুসংহত বিকাশৰ কাৰণে শিক্ষাৰ লগত প্রত্যক্ষ আরু পৰোক্ষভাৱে জড়িত আটাইবোৰ ব্যক্তি যেনে- পিতৃ-মাতৃ, অভিভাৱক, শিক্ষক আরু অন্যান্য সকলৰ দায়িত্ব আরু কৰ্তব্য সমানে গুরুত্বপূৰ্ণ ।

    জাতীয় পাঠ্যক্রম গাঁথনি ২০০৫ মাধ্যমিক স্তৰৰ পাঠ্যক্রমত প্রাথমিক আরু মৌলিক বিষয় হিচাপে- ভাষা শিক্ষণ, গণিত, বিজ্ঞান আরু সমাজবিজ্ঞান বিষয়ক সন্নিবিষ্ট কৰিছে । লগতে, কাৰিকৰী বিদ্যা, স্বাস্থ্য আরু শাৰীৰিক শিক্ষা, পৰিৱেশ বিজ্ঞানৰ শিক্ষা, যৌন শিক্ষা আরু জন শিক্ষা, মানৱ অধিকাৰ আরু শান্তিৰ শিক্ষা, মূল্যবোধৰ শিক্ষা আদি বিষয়সমূহক জাতীয় পাঠ্যক্রম গাঁথনি ২০০৫ (National Curricular Frame Work, 2005)য়ে সামৰি লৈছে যাৰ সহায়ত মানসিক, সামাজিক আরু সম্পৰ্কীয় চাহিদা সমূহ পূৰণ হব বুলি ধাৰণা কৰিব পাৰি

 

 

দীঘলীয়া প্রশ্ন (আৰ্হি নং ২) (LA Type-II)-           মূল্যাংকঃ ৫


(ক) কৈশোৰ কালৰ শাৰীৰিক বিকাশ সম্পৰ্কে বুজাই লিখা ৷

অথবাঃ কৈশোৰ কালত শাৰীৰিক বিকাশৰ লক্ষণ সমূহ চমুকৈ আলোচনা কৰা

Ans: কৈশোৰ কালত দ্ৰুত শাৰীৰিক বিকাশ হয় যৌৱন প্ৰাপ্তিৰ লগে লগে হোৱা জৈৱিক পৰিবৰ্তনে ৰা-ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ, ওজন, দৈঘ্য বৃদ্ধি কৰাৰ লগে লগে নাৰী-পুরুষৰ দেহৰ গঠনৰ পৰিপক্ক পৰিলক্ষিত হয়

কৈশোৰ কালত বা যৌৱনকাল বা কন্যাকাল (Puberty)ত বিভিন্ন পৰিৱৰ্তনবোৰ বা বিভিন্ন পৰিঘটনাবোৰ সংঘটিত হয় । এইসমূহ হ’ল- কাষলতি, কৰঙন আরু যৌনাংগৰ কাষত কিছুমান চুলি গঁজে আরু ক’লা বৰণৰ হয় ভৰি আরু হাতত পাতল নোম গঁজে । মুখৰ ছাল তেলেতিয়া হয় আরু ইয়াৰ বাবে মুখত শালমইনা হয় । ল’ৰাৰ দাড়ি গঁজা আৰম্ভ হয়, মাত গলগলীয়া হয়, লিংগটো ডাঙৰ হয় আরু কোনো কোনো সময়ত থিয়-টান হয় । ছোৱালীৰ স্তন যুগলৰ আকাৰ বৃদ্ধি হয় আরু স্তনাগ্রৰ ছালখন ক’লা হয় । লগতে, ছোৱালীবোৰৰ ডিম্বকোষৰ পৰিপক্ক বা পূৰ্ণতা লাভ কৰে আরু ঋতুচক্র আৰম্ভ হয়

    প্ৰজনন ক্ষমতা প্ৰাপ্তি কৈশোৰ কালৰ এক প্ৰধান বৈশিষ্ট্য ৷ ইয়াৰ ফলত শৰীৰৰ বিভিন্ন পৰিবৰ্তন, কণ্ঠস্বৰৰ পৰিবৰ্তন আদিয়ে দেখা দিয়ে এই পৰিবৰ্তন সমূহে কিশোৰ-কিশোৰীৰ মনলৈ আত্মসচেতনতাৰ ভাব আনি দিয়ে, যিটোৱে অনাহক লাজ, ভয় বা উৎকন্ঠাৰ সৃষ্টি কৰে

 

(খ) বুজাই লিখাঃ

কৈশোৰ কালৰ আৱেগিক আরু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা

অথবাঃ (২) কৈশোৰ কালৰ আৱেগিক বিকাশ (উত্তৰৰ ১ নং দফা)

(৩) কৈশোৰ কালৰ সামাজিক বিকাশ (উত্তৰৰ ২ নং দফা)

 

Ans: কৈশোৰ কালত আৱেগিক আরু সামাজিক বিকাশ, এক লেখত লবলগীয়া বিষয় এই সময়ছোৱাতেই আৱেগিক বিকাশ পূৰ্ণগতিত হয় আৱেগ-অনুভূতিৰ অত্যাধিক প্ৰৱনতাৰ ফলত বহু ক্ষেত্রত ৰা-ছোৱালীৰ জীৱন সম্পূৰ্ণভাৱে আৱেগে পৰিচালিত কৰে আৱেগৰ পূৰ্ণতম বিকাশে কিশোৰ-কিশোৰীৰ মনোজগতত আলোড়নৰ সৃষ্টি কৰে যাৰ ফলত তেওঁলোকৰ মন হৈ পৰে কেতিয়াবা অতি আশাবাদী আরু কেতিয়াবা অতি নিৰাশাবাদী সুস্থভাৱে নিজৰ মনক পৰিচালিত কৰিব নোৱাৰি বহু সময়ত কিশোৰ-কিশোৰী মন বিদ্ৰোহী ভাৱাপন্ন হৈ পৰে পৰিয়ালৰ আরু সমাজৰ প্ৰতি তেওঁলোকে নেতিবাচক মনোভাবো পোষণ কৰা দেখা যায়

      কৈশোৰ কালৰ আন এটা বিকাশ সামাজিক বিকাশ দলীয় মনোভাৱৰ লগতে এই সময় ছোৱাতে সহমৰ্মিতাৰ উন্মেষ হয় সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আরু সহযোগীতাৰ ভাবো গঢি উঠে কৈশোৰ অৱস্থাৰ চাল-চলন, সাজ-পাৰ, বাক্‌ভংগী, ধ্যান-ধাৰনা, আনকি ৰাজনৈতিক মতাদৰ্শ আদিতো কিশোৰ সংস্কৃতিৰ প্ৰভাৱ দেখা যায় মন কৰিবলগীয়া কথা এই যে বেছিভাগ ক্ষেত্রত কিশোৰ সংস্কৃতি ধণাত্মক দিশতকৈ ঋণাত্মক দিশলৈহে অধিক ধাৱমান হয় সেয়েহে উপযুক্ত শিক্ষাৰ মাধ্যমেৰে এই সময়ছোৱাত সুপথ আরু দিক দৰ্শন কৰা উচিত । 

 

 

(গ) কৈশোৰ কালত মাধ্যমিক শিক্ষাৰ গুরুত্ব সম্পৰ্কে বুজাই লিখা ।

অথবাঃ কৈশোৰ কেলত বাবে কেনে ধৰণৰ শিক্ষণ উপযোগী? উদাহৰণসহ বৰ্ণনা কৰা

অথবাঃ (ঘ) মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্রধান বিশেষত্ব আলোচনা কৰা(উত্তৰৰ বাবে প্রথম আরু তৃতীয় দফা লিখিবা ।)

Ans: জীৱনৰ জটিলতম কালছোৱাই হৈছে কৈশোৰ কাল সেয়ে এই সময়ত উপযুক্ত শিক্ষা অতি প্ৰয়োজন মাধমিক শিক্ষা হৈছে কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষা মাধমিক শিক্ষাৰ জৰিয়তে এটা জাতিৰ লক্ষ আরু আদৰ্শক উপলব্ধি কৰিব পাৰি এই স্তৰৰ শিক্ষাতে জাতীয় শিক্ষা পদ্ধতিৰ আঁচনি কাৰ্যকৰী কৰিব পাৰি

       উদাহৰণস্বরূপে- স্বাধীনতাৰ পৰৱৰ্তী দশকত গঠিত হোৱা মাধমিক শিক্ষা আয়োগে (১৯৫২-৫৩) মাধমিক শিক্ষাৰ তিনিটা লক্ষ্যৰ বিষয়ে উনুকিয়াইছে সেইকেইটা ল-

  দেশৰ সমসাময়িক ৰাজনৈতিক, সামাজিক, বা অৰ্থনৈতিক সমস্যাৰ পটভূমিত বতমান আরু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থাক গঢ় দিয়া

  ধমনিৰপেক্ষ দেশৰ সুনাগৰিক হিচাপে প্ৰয়োজনীয় গুন আয়ত্ব কৰি অথনৈতিক অগ্ৰগতিত সহায় কৰা,

  জাতীয় সংহতিৰ বিকাশ সাধন কৰা

আকৌ ১৯৮৬ চনত ভাৰত চৰকাৰে ঘোষনা কৰা ৰাষ্টীয় শিক্ষা নীতিয়ে মাধমিক শিক্ষাক বৃত্তিমুখীকৰনৰ সিদ্বান্ত লৈছেএই শিক্ষা নীতিয়ে আগবঢ়োৱা মাধমিক স্তৰৰ শিক্ষাৰ দুটা প্ৰধান বিশেষত্ব ল-

) এই স্তৰৰ কোনো বিশেষীকৰন পাঠ্যক্রম নাই মানৱ জাতিৰ বৃহত্তৰ অভিরুচি অনুসৰি পাঠক্রমৰ পৰিসৰ বহলাই সাধাৰন শিক্ষা দিব পাৰি এই স্তৰতেই

) এই সময়ছোৱাত ব্যক্তিৰ বিভিন্ন বুদ্ধি-বৃত্তিৰ বৃদ্ধি হয় কৈশোৰৰ শাৰীৰিক, মানসিক, আৱেগিক অথবা সামাজিক চাহিদা সমূহ পূৰণ কৰাৰ অৰ্থে শিক্ষানুষ্ঠানৰ বিভিন্নতা, অপৰ্যাপ্ত ঐচ্ছিক বিষয়ৰ প্ৰৱৰ্তন, বিদ্যালয় আরু পৰিয়ালৰ মাজৰ সুদৃঢ় যোগসূত্র, বিদ্যালয় আরু বৃহত্তৰ সমাজৰ পাৰস্পৰিক সম্পৰ্ক স্হাপন আদিত সেয়ে গুরুত্ব দিয়া হয়

     জাতীয় পাঠ্যক্রম গাঁথনি ২০০৫ য়ে মাধ্যমিক স্তৰৰ পাঠ্যক্রমত প্রাথমিক আরু মৌলিক বিষয় হিচাপে- ভাষা শিক্ষণ, গণিত, বিজ্ঞান আরু সমাজবিজ্ঞান বিষয়ক সন্নিবিষ্ট কৰিছে । লগতে, কাৰিকৰী বিদ্যা, স্বাস্থ্য আরু শাৰীৰিক শিক্ষা, পৰিৱেশ বিজ্ঞানৰ শিক্ষা, যৌন শিক্ষা আরু জন শিক্ষা, মানৱ অধিকাৰ আরু শান্তিৰ শিক্ষা, মূল্যবোধৰ শিক্ষা আদি বিষয়সমূহক জাতীয় পাঠ্যক্রম গাঁথনি ২০০৫ (National Curricular Frame Work, 2005)য়ে সামৰি লৈছে যাৰ সহায়ত মানসিক, সামাজিক আরু সম্পৰ্কীয় চাহিদা সমূহ পূৰণ হব বুলি ধাৰণা কৰিব পাৰি

          থূলমূলকৈ বলৈ লে সংঘাতপূৰ্ণ কৈশোৰ কালৰ কিশোৰ-কিশোৰীক একোগৰাকী সুযোগ, সফল ব্যক্তিত পৰিণত কৰিবলৈ এনে এক আদৰ্শ শিক্ষা পদ্ধতিৰ প্ৰয়োজন আছে বৌদ্ধিক দক্ষতা বৃদ্ধি আরু অনুভৱশীলতা সৃষ্টিৰ বাবে উপযুক্ত পৰিৱেশ আরু এখন সবাংগসুন্দৰ সমাজ গঢ়াৰ প্ৰতীতি

 

(ঙ)সাম্প্রতিক কালত মূল্যবোধ শিক্ষাৰ গুরুত্ব সম্পৰ্কে বুজাই লিখা

উত্তৰঃ সাম্প্রতিক কাল বা আজিৰ যুগ হৈছে বিশ্বায়নৰ যুগ, বিজ্ঞান আরু প্রযুক্তিবিদ্যাৰ জয়যাত্রাৰ যুগ । কম্পিউটাৰ, ইন্টাৰনেট, জনসংযোগ বিভিন্ন মাধ্যম, দূৰদৰ্শন আদি বিজ্ঞানৰ আহিলাসমূহে জনসমাজক দুপত-দুপে আগুৱাই লৈ গৈছে । কিন্ত মানসিকভাৱে সম্পূৰ্ণ পৰিপক্ক নোহোৱা কৈশোৰ কালৰ ল’ৰা-ছোৱালীৰ পক্ষে সময়ৰ সোঁতত উটি যাবলৈ হ’লে উপযুক্ত শিক্ষা আরু মূল্যবোধ শিক্ষাৰ প্রয়োজনীয়তা আহি পৰিছে ।

    মূল্যবোধৰ শিক্ষাৰ মাধ্যমেৰে প্রত্যেক বস্তুৰে যে ভাল-বেয়া দুয়ুটা দিশ আছে, সেয়া জ্ঞাত কৰিব পৰা যায় । চালি-জাৰি চাই শুদ্ধা-শুদ্ধ বিচাৰ কৰা ক্ষমতা মূল্যবোধ শিক্ষাই নিৰ্ধাৰণ আরু প্রদান কৰিব পাৰেসেয়েহে সাম্প্রতিক কালত মূল্যবোধৰ শিক্ষা তাৎপৰ্যপূৰ্ণ হৈ পৰিছে । সংঘাতপূৰ্ণ কৈশোৰ কালৰ প্রতিশ্রুতিসম্পন্ন কিশোৰ-কিশোৰীক একো একোজন সুযোগ্য, সফল ব্যক্তিত পৰিণত কৰিবলৈ এক আদৰ্শবান মূল্যবোধ শিক্ষা পদ্ধতিৰ প্রয়োজনীয়তা আহি পৰিছে । এই মূল্যবোধ শিক্ষাই বৌদ্ধিক দক্ষতা বৃদ্ধি আরু অনুভৱশীলতা সৃষ্টিৰ বাবে উপযুক্ত পৰিৱেশ আরু এখন সৰ্বাংগ সুন্দৰ সমাজ গঢ়াৰ প্রতীতিৰ সৃষ্টি কৰি নৱ-আদৰ্শসমূহ উৎফুল্লিত আরু প্রতিফলিত কৰিব

 

 

ভগৱানে সকলোকে পঢ়াৰ দিশত আরু সুপথত পৰিচালিত কৰিব বুলি প্রাৰ্থনো জনালো ।