কিছুমান ৩ নম্বৰৰ প্রশ্নোত্তৰ by Podmeswar
Help Sector
সাহিত্য সৌৰভ
মোৰ মাতৃমুখ দৰ্শন
লক্ষ্মীনাথ বেজবৰুৱা
(খ) ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিত ‘মাতৃ’ শব্দৰে কি
বুজোৱা হৈছে? কিমান বছৰ পাছত আৰু কেতিয়া তেওঁৰ মাতৃমুখ দৰ্শন হৈছিল ?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিত ‘মাতৃ’ শব্দৰে
নিজৰ মাতৃভূমি অসমৰ কথাক বুজোৱা হৈছে । ডেৰ-দুকুৰি বছৰৰ পাছত আৰু ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত কৰ্মসূত্রে থকা সম্বলপুৰৰ পৰা
অসমলৈ বুলি যাত্রা কৰি বাইশ (২২) ছেপ্তেম্বৰত তেওঁৰ মাতৃমুখ দৰ্শন হৈছিল ।
মগনিয়া
(খ) যতীন্দ্র নাথ দুৱৰাৰ দ্বাৰা ৰচিত
তিনিখন কাব্যগ্রন্থৰ নাম লিখা ।
উত্তৰঃ যতীন্দ্র নাথ দুৱৰাৰ দ্বাৰা ৰচিত তিনিখন কাব্যগ্রন্থৰ
নাম হ’ল- ওমৰ তীৰ্থ, আপোন সুৰ, আৰু বনফুল ।
আনন্দৰাম বৰুৱা
(ক) প্রকৃত মহৎ লোকসকলে দেশ-কালৰ সীমা কেনেদৰে অতিক্রম কৰে?
উত্তৰঃ ক্ষণজন্মা আনন্দৰাম বৰুৱাৰ বিষয়ে সকলোৱে শুনিছে । আমাৰ আগতো তেখেতৰ নাম শনিছিল আৰু আমাৰ পিছতো বহুতে শুনিব । তেওঁৰ মূল্যবান সংস্কৃতৰ গ্রন্থৰাজিৰ
কাৰণে সদায় সকলৰো মাজত তেওঁ পূজনীয় হৈ থাকিব । অতীত, বৰ্তমান, ভৱিষ্যৎ তিনি কালতে
ব্যাপি থাকি তেওঁ তেওঁৰ মহত্ত্বৰ পৰিচয় দিছে । ভাৰত, ইউৰোপ, আমেৰিকা আদি সকলো সভ্য
দেশতে জ্ঞানী সমাজত তেওঁৰ সংস্কৃতৰ গ্রন্থসমূহ আৰু জ্ঞানৰ সম্প্রচাৰৰ বাবে আনন্দৰামৰ নাম জনাজাত । প্রকৃত মহৎ
লোকসকলে এইদৰেই দেশ-কালৰ সীমা অতিক্রম কৰে ।
(খ) কামৰূপ আৰু
প্রাগজ্যোতিষপুৰৰ উল্লেখ কৰি আনন্দৰাম বৰুৱাই কেনেদৰে স্বদেশ প্রেমৰ পৰিচয় দিছিল ?
উত্তৰঃ আনন্দৰাম বৰুৱাৰ নিজৰ দেশৰ প্রতি অগাধ ভক্তি আছিল । তেওঁ নিজ দেশ আৰু দেশৰ লোকসকলৰ সন্মান ৰক্ষা কৰিছিল । ‘প্রাগজ্যোতিষপুৰ সম্ভৱম্’ বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল । তেওঁৰ প্রকাশিত গ্রন্থসমূহৰ তেওঁ এইদৰেই পৰিচয় দিছিল । তেওঁৰ ‘মহাবীৰ চৰিত’ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে কামৰূপৰ ভাওনাৰ বিষয়ে উল্লেখ কৰিছিল । এনেদৰে তেওঁ য’তেই সুবিধা পাইছিল ত’তে কামৰূপ আৰু প্রাগজ্যোতিষপুৰৰ কথা উল্লেখ কৰি স্বদেশ প্রেমৰ পৰিচয় দিছিল ।
(গ) আনন্দৰামৰ সময়ত কিয় ভাৰতৰ পৰা নিচেই কম সংখ্যক মানুহে
ইউৰোপলৈ যাবলৈ সাহ কৰিছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাদেৱে জ্ঞান লাভৰ নিমিত্তে ভাৰতত শিক্ষা শেষ কৰি সুদূৰ ইউৰোপলৈ গৈছিল ।
আজিকালি বিলাতলৈ অনেক যায় । সেয়েহে বৰ্তমান এই বিষয়তো একো আচৰিত কথা নহয় । কিন্তু
তেওঁ যি কালত গৈছিল, সেই কালত ভাৰতৰ পৰা নিচেই কম সংখ্যক মানুহেহে ইউৰোপলৈ যাবলৈ
সাহ কৰিছিল । আনকি পথ দুৰ্গম হোৱা হেতুকে অসমৰ ওচৰৰ বংগদেশলৈ যাবলৈকে মানুহে ভয় কৰিছিল
। এনে ভয়ৰ বাহিৰেও বিলাতলৈ গ’লে জাতি যোৱা ভয়টো মানুহৰ মনত সম্পূৰ্ণ আছিল । গতিকে,
তেনে সময়ত পিতৃ-মাতৃ, জ্ঞাতি-কুটুম আৰু সমাজৰ পৰা আঁতৰি মহাসাগৰ পাৰ হৈ সুদূৰ বিলাতলৈ যাবলৈ আনন্দৰামৰ যথেষ্ট মনৰ বলৰ
আৱশ্যক হৈছিল ।
(ঘ) কোনে কি প্রসংগত এই কবিতা ফাকিৰ অৱতাৰণা কৰিছেঃ
“তোমাৰে আনন্দ বৰুৱাই চোৱা সংস্কৃত সাগৰ মথি ।
য়ুৰুপ,
এচিয়াত কিৰিতি ৰাখিলে, জগতে কৈছে ডাঠি ।”
উত্তৰঃ আনন্দৰাম বৰুৱাদেৱে জ্ঞান লাভৰ নিমিত্তে ভাৰতত শিক্ষা শেষ কৰি সুদূৰ ইউৰোপলৈ গৈছিল । তেওঁৰ
মূল্যবান সংস্কৃতৰ গ্রন্থৰাজিৰ বাবে ভাৰত, ইউৰোপ, আমেৰিকা আদি সকলো সভ্য দেশতে
তেখেতৰ নাম খ্যাত । আমাৰ অসমৰ লোকসকলৰ তেওঁ গৌৰৱৰ ৰবি আৰু অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰে । আজিও যিসকল লোকে দেশত শক্তি অনুসৰি চৰ্চা আৰু অনুসন্ধান কৰিছে আৰু খ্যাতি লাভ কৰিছে সেই সকলো প্রকৃতপক্ষে আনন্দৰামৰ আদৰ্শত অনুপ্রাণিত হৈছে ।
একাগ্রতা আৰু
অধ্যৱসায়ৰ বলত অসমীয়ায়ো জগতৰ জাতিসমূহৰ মাজত উচ্চ আসন দাবী কৰিব পাৰে, এই
আত্মবিশ্বাস আহিব ধৰিছে । এই আত্মবিশ্বাস প্রথমে যিজনে নৱযুগৰ আৰম্ভণিতে আমাৰ দেশক
দিলে তেওঁয়ে হৈছে আনন্দৰাম । অসমীয়াৰ শক্তিৰ প্রমাণ দিওঁতা বুলি গৌৰৱ কৰি কবি তথা
লেখক উপেন্দ্র চন্দ্র লেখাৰুদেৱে দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰি গাইছে-
“তোমাৰে আনন্দ বৰুৱাই চোৱা সংস্কৃত সাগৰ মথি ।
য়ুৰুপ,
এচিয়াত কিৰিতি ৰাখিলে, জগতে কৈছে ডাঠি ।”
হস্তিবিদ্যাৰ্ণৱ পুথি
(ক) ড০ সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত তিনিখন
জীৱনীমূলক গ্রন্থৰ নাম লিখা ।
উত্তৰঃ ড০ সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত তিনিখন
জীৱনীমূলক গ্রন্থৰ নাম- ‘আনন্দৰাম বৰুৱা’, ‘গোপাল কৃষ্ণ গোখলে’ আৰু ‘অসম জীয়ৰী’ ।
(খ) পুৰণি কালত অসমীয়া সমাজত হাতী কি কি কামত ব্যৱহাৰ হৈছিল
?
উত্তৰঃ অসম হাতী-প্রধান দেশ । পুৰণি কালত, প্রতি সম্ভ্রান্ত
মানুহৰ ঘৰত হাতী থকাৰ নিয়ম আছিল । বিয়া-বাৰুৱে আৰু সমাৰোহ-যাত্রাত
হাতীৰ প্রচলন আছিল । দীঘলীয়া বাট যাবলৈ হ’লে হাতীৰ নিতান্ত প্রয়োজন আছিল ।
যুদ্ধক্ষেত্রতো হাতী সৈন্য-বাহিনীৰ এটি লাগতিয়াল অংগ বুলি পৰিগণিত হৈছিল । হাতী
কাঠ টনা কামতো ব্যৱহৃত হৈছিল । অসমত হাতীৰ প্রাচুৰ্যৰ কাৰণে কামৰূপত প্রাচীন নৃপতিসকলে হাতীক অসমৰ ধ্বজা ৰূপে ব্যৱহাৰ কৰিছিল ।
(গ) ‘হাতী-পুথি’ত কোনবোৰ বিষয় অন্তৰ্ভুক্ত হৈছিল ?
উত্তৰঃ হাতী-পুথি বা হস্তিবিদ্যাৰ্ণৱ পুথিৰ অন্তৰ্গত প্রধান
বিষয়-বস্তু হৈছে- বিবিধ হাতীৰ লক্ষণ, হাতীশাল নিৰ্ম্মাণৰ নিয়ম, হাতীবন্ধা খুঁটাৰ
মান আৰু কাঠৰ
নিৰ্ব্বন্ধ, হাতীদাঁতৰ মূল্য, যাত্রা-কালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, কামন্দকীয় নীতিসাৰ মতে
হস্তীৰ কৰ্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ গড়ৰ
বাজত থাকিবলগীয়া হাতী, অন্য ৰজাৰ লগত অপ্রীতিবৰ্দ্ধক হাতী, বেয়া হাতীৰ লক্ষণ,
স্বৰ্গদেৱৰ ঘাই হাতীৰ শিকোৱাৰ নিৰ্বন্ধ, ময়দাৰ, মেদ বৃদ্ধি, পুষ্টি, মনচোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, হস্তী বশ্য হোৱাৰ মন্ত্র আদি ।
(ঘ) সংস্কৃত ভাষাত লিখা তিনিখন হস্তীপুথিৰ নাম লিখা ।
উত্তৰঃ সংস্কৃত ভাষাত লিখা তিনিখন হস্তীপুথিৰ নাম হ’ল-
পালকাপ্য মুনি বিৰচিত ‘হস্তি আয়ুৰ্ব্বেদ’, নীলকন্ঠ বিৰচিত ‘মাতঙ্গলীলা তাঞ্জোৰত
থকা অসম্পূৰ্ণ সংস্কৃত পুথি’ আৰু ‘গজেন্দ্রচিন্তামণি’ ।
(ঙ) আহোম স্বৰ্গদেউসকলে মোগলী প্রথা মতে পৰিধান কৰা তিনি
বিধ সাজ-পাৰৰ নাম লিখা ।
উত্তৰঃ আহোম স্বৰ্গদেউসকলে মোগলী প্রথা মতে পৰিধান কৰা তিনি
বিধ সাজ-পাৰৰ নাম হ’ল- জামা, পাগ আৰু ইজাৰ ।
ভাৰতীয় আদৰ্শত বৈৰাগ্য
(ক) ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰঃ ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ । কিন্তু এই ত্যাগ নোহোৱাৰ নালাগে
বোলা ত্যাগ আৰু নোপোৱাৰ
অসন্তোষত ওপজা বৈৰাগ্য নহয় । ভাৰতীয় আদৰ্শত প্রকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ
মনোধৰ্ম । নিষ্কৰ্মাৰ জিৰণি কথাটো যেনেকৈ অৰ্থহীন, নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন-যুঁজত, পৰাজয় বৰণৰ তুল্য । থাকিও সংযতভাৱে
ভোগ কৰা আৰু
সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাহে প্রকৃত ত্যাগ । লগতে, পালেও নিৰাসক্ত
হৈ থকাতহে ভাৰতীয় আদৰ্শত প্রকৃত বৈৰাগ্য ।
(খ) এখন সমাজৰ আদৰ্শ কি তাক জানিবৰ উপায় কি?
উত্তৰঃ এখন সমাজৰ আদৰ্শ কি তাক জানিবৰ নিমিত্তে সেই সমাজৰ
উঠি অহা যুৱক বা অধ্যয়ন সমাপ্ত কৰি জীৱন সংগ্রামত প্রবৃত্ত হ’ব খোজা ছাত্রসকলৰ আগত
সেই যুগৰ মনীষী আৰু
শিক্ষকসকলে কি উপদেশ দিয়ে, কি আদৰ্শ পালনৰ কাৰণে উদগনি দিয়ে সেই কথাবোৰ অনুধাৱন কৰিব
লাগিব ।
(গ) ধন-সম্পদ বৃদ্ধি সম্পৰ্কত উপনিষদত কেনে উপদেশ দিয়া হৈছে
?
উত্তৰঃ ধন-সম্পদ
বৃদ্ধি সম্পৰ্কত উপনিষদত এইদৰে উপদেশ দিছে যে ধন-সম্পত্তি সংগ্রহ ৰূপ মংগলজনক কাৰ্য কৰিব লাগে । ধন-সম্পদ বৃদ্ধি কৰি ধৰ্মপথৰ পৰা
বিচ্যুত নোহোৱাকৈ থাকিবৰ বাবে উপদেশ প্রদান কৰিছে । লগতে দান কৰাৰ অৰ্থাৎ
স্বোপাৰ্জিত ধন-সম্পদ কেনেকৈ সংবিভাজ্য- সমানে বিতৰণ কৰি ভোগ কৰিব, তাৰ উপদেশ দিছে
। উপনিষদৰ মতে ধন-সম্পদসমূহ কিছু পৰিমাণে সামৰ্থ অনুসাৰে সলজ্জভাৱে শাস্ত্রৰ প্রতি
বা লোকৰ নিন্দাৰ
ভয়ত মিত্রভাৱে প্রেম ভাবত দিব বা দান কৰিব লাগে । ইয়াৰ সমসাময়িকভাৱে,
তৈত্তেৰীয় উপনিষদে নিজৰ মংগলৰ কাৰণে সৎ পথত থাকি ধন-সম্পদ আহৰণ কৰিবলৈ উপদেশ দিছে
। লগতে, কৈছে যে নিজৰ কাৰণেই ধন-সম্পদ অৰ্জন কৰাৰ উপদেশ নাই । নিজৰ কাৰণেও হয়, পৰিয়ালবৰ্গৰ
কাৰণেও হয়, কিন্তু আচাৰ্য আৰু অতিথিয়ে প্রতিনিধিত্ব কৰা সমাজখনৰ কাৰণেও তেওঁৰ আৰ্জন অৰ্পিত কৰিব লাগে, এনে
উপদেশ প্রদান কৰিছে ।
(ঘ) উপনিষদৰ কৰ্মযোগত কোৱা কথাখিনি চমুকৈ লিখা ।
উত্তৰঃ উপনিষদৰ কৰ্মযোগত কৈছে যে আমি সত্য আৰু ধৰ্মৰ এই কৰ্ষণীয় গুণ দুটা আগত ৰাখি কৰ্ম
প্রবৃত্তিৰে কাম কৰি এশ বছৰ জীয়াই থকা বা জীয়াই থাকিবলৈ বাঞ্ছা কৰিব লাগে । কাৰণ,
আমি শৰীৰধাৰী মানুহ । আমাৰ কাম কৰাৰ বাহিৰে আন উপায় নাই । কেৱল কামত লিপ্ত
নোহোৱাকৈ নিৰাসক্ত হৈ কাম কৰিবলৈও শিকা উচিত । কামো কৰিব লাগে আৰু সেই কামত লিপিত খায়ো নাথাকিবৰ বাবে উপনিষদৰ কৰ্মযোগত উপদেশ
দিছে ।
চিঠি
(ক) শীলভদ্রৰ গল্পৰ তিনিটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ শীলভদ্রৰ গল্পৰ তিনিটা বৈশিষ্ট্য হ’ল-
(অ) শীলভদ্রদেৱে বাস্তৱ জীৱনৰ সৰু সৰু যেন লগে
ঘটনা একোটাক বিষয়বস্তু হিচাপে নিৰ্বাচন কৰে ।
(আ) শীলভদ্রৰ গল্পৰ ভাষা সৰল আৰু মেদহীণ বৰ্ণনা প্রকাশ পায় ।
(ই) শীলভদ্রৰ গল্পৰ মাজত অসাধাৰণত্ব প্রকাশ পায় ।
(খ) শীলভদ্রৰ তিনিখন চুটিগল্প সংকলনৰ নাম লিখা ।
উত্তৰঃ শীলভদ্রৰ তিনিখন চুটিগল্প সংকলনৰ নাম হ’ল- ‘বাস্তৱ’
(১৯৭৫), ‘কোনো ক্ষোভ নাই’ আৰু ‘চিঠি আৰু
অন্যান্য গল্প’ ।
(গ) চিঠি শীৰ্ষক গল্পটিৰ তিনিটা চৰিত্রৰ নাম লিখা ।
উত্তৰঃ চিঠি শীৰ্ষক গল্পটিৰ তিনিটা চৰিত্রৰ নাম হ’ল- ভূদেৱ
চৌধুৰী, প্রশান্ত শৰ্মা আৰু ফাগু ।
(ঘ) ‘আপোনাৰ চিঠিখন পাইছিল । বৰ ভাল পাইছিল ।’ – কোনে কি
প্রসংগত এই কথা কৈছিল ?
উত্তৰঃ ভূদেৱ চৌধুৰীয়ে তেওঁৰ পুৰণা বন্ধু প্রশান্ত শৰ্মালৈ
এখন চিঠি লিখিছিল । কিন্তু চিঠিখনৰ উত্তৰ কেইবাদিনলৈ নোপোৱাৰ বাবে যেতিয়া প্রশান্ত
শৰ্মাৰ ঘৰলৈ গৈছিল তেতিয়া প্রশান্ত শৰ্মা মৃত্যু হোৱাৰ পৰিপেক্ষিতত পৰিবাৰ শোকত
অভিভূত হৈ আকুলভাৱে কান্দি আছিল । যেতিয়া ভূদেৱ চৌধুৰীক দেখিছিল তেতিয়া প্রশান্ত
শৰ্মা পৰিবাৰে উক্ত কথাষাৰি কৈছিল ।
(ঙ) এই শব্দবোৰৰ অৰ্থ লিখাঃ অনুকম্পা, কঙাল, সংগত
উত্তৰঃ শব্দ
- অৰ্থ
অনুকম্পা – সহানুভূতি, কৰুণা, দয়া ।
কঙাল – যাৰ একো নাই, নিঃস্ব, দুখীয়া, খাবলৈ নোপোৱা ।
সংগত – খাপখোৱা, উচিত, যুক্তিযুক্ত ।
বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ
(ক) কি গুণৰ বাবে মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈছে- চমুকৈ
বুজাই লিখা ।
উত্তৰঃ বুদ্ধি আৰু অনুসন্ধিৎসা গুণৰ বাবেই মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈ আছে । তাৰ বলতেই
মানুহে প্রকৃতিৰ নানা সত্য, নানা ৰহস্য উদ্ঘাটন কৰিছে । এই গুণৰ জৰিয়তেই মানুহে
প্রকৃতিৰ শক্তি আৰু সম্পদ
নিজ জীৱনৰ মান উন্নত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিছে । লগতে, মানুহৰ কথাবোৰ ভাঙি-পাতি
চাব পৰা, ফঁহিয়াই চাই বুজি ল’ব পৰা এনে বুদ্ধি আৰু অনুসন্ধিৎসা গুণৰ বাবে আদিম মানুহৰ পৰা এতিয়াৰ আধুনিক
মানুহলৈ উন্নতি হৈছে ।
(খ) বিজ্ঞানৰ প্রক্রিয়াৰ আৰম্ভণি কেনেকৈ হ’ল বুলি লেখকে
কৈছে ?
উত্তৰঃ বুদ্ধি আৰু অনুসন্ধিৎসা গুণৰ বাবে মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈ আছে
। বস্তু আৰু ঘটনা
লক্ষ্য কৰিব পৰা গুণ, তাক জানিবলৈ-বুজিবলৈ আগ্রহ কৰা গুণ আৰু বুজি লৈ সেই বস্তু বা পৰিঘটনা নিজৰ আয়ত্তলৈ অনাৰ আগ্রহৰ
ফলতে মানুহে নানা বস্তু আৰু ঘটনা
আৱিষ্কাৰ কৰি গৈ থাকিল । এই প্রক্রিয়াতে বিজ্ঞানৰ প্রক্রিয়া আৰম্ভণি হ’ল বুলি লেখকে
কৈছে ।
(গ) বিজ্ঞানীসকলে সকলো ধৰণৰ প্রশ্নৰ উত্তৰ বিচৰাৰ ফলত মানৱ
সমাজৰ কি লাভ হৈছে ?
উত্তৰঃ বুদ্ধি আৰু অনুসন্ধিৎসা গুণৰ বাবে মানুহ আৰু মানৱ সমাজ উন্নতিৰ পথেৰে আগুৱাই গৈ আছে । বিজ্ঞানীসকলে সকলো ধৰণৰ প্রশ্নৰ
উত্তৰ বিচৰাৰ ফলত মানৱ সমাজৰ আহাৰ, আশ্রয়, কাপোৰ-কানিৰ সমস্যা আদিৰ আজি সমাধান
হৈছে । প্রকৃতিৰ নতুন নতুন দ্রব্য, শক্তি আৰু পৰিঘটনাক আমি মানুহে আৰু মানৱ সমাজে নিজৰ আয়ত্তলৈ আনিব পাৰিছোঁ । ইয়াৰ সমসাময়িকভাৱে, আমাৰ জ্ঞানৰ
পিয়াহ গুচোৱাৰ দিশতো মানৱ সমাজলৈ বিজ্ঞানী সকলৰ অভূতপূৰ্ব অৰিহণা আছে ।
(ঘ) আঙুলি এটা কাটিলে চোহা মাৰি তেজখিনি খাই থ’লে শৰীৰৰ
উপকাৰ হয়নে ?
উত্তৰঃ আঙুলি এটা কাটিলে চোহা মাৰি তেজখিনি খাই থ’লে শৰীৰৰ
উপকাৰ নহয় । যিহেতু আমাৰ শৰীৰৰ তেজ চলাচল কৰা ব্যৱস্থা বা তন্ত্রটো আমাৰ আহাৰ জীণ
নিওৱা তন্ত্রটোৰ পৰা একেবাৰে পৃথক । সেয়েহে পেটলৈ তেজখিনি সুমুৱাই দিলে সি পোনে
পোনে তেজৰ সোঁতলৈ গুচি নাযায় । আনহাতে, দূষিত হৈ পেটত সেই তেজ সোমোৱা বাবে অপকাৰীকে
হ’ব পাৰে ।
(ঙ) তিৰোতা মানুহৰ মাহেকীয়া কেনে ধৰণৰ প্রক্রিয়া বুজাই লিখা
।
উত্তৰঃ তিৰোতা মানুহৰ মাহেকীয়া কোনো ৰোগ নহয় । লগতে, এই
কাৰ্যৰ লগত কোনো অনুজীৱ বা জীৱাণু জড়িত নাথাকে । ই এক স্বাভাৱিক প্রক্রিয়াহে ।
যৌৱনকালত বা কন্যাকালত ছোৱালী বা মহিলাৰ ডিম্বাশয়ে প্রতি মাহে এটাকৈ ডিম্বকোষ
সৃষ্টি কৰে আৰু গৰ্ভাশয়ে একোটা নিষেচিত ডিম্ব পালন কৰাৰ বাবে প্রস্তুত কৰে । নিষেচন নহ’লে ডিম্বকোষটো আৰু ডিম্বাশয়ৰ
আচ্ছাদকখন ভাঙি যায় আৰু ইয়াৰ পৰা ৰক্ত আৰু শ্লেস্মা হিচাপে যোনি পথেৰে বাহিৰ হয় । ইয়াকে ঋতুচক্র (MC or Menstruation Cycle) বা মাহেকীয়া বোলে । ঋতুচক্র বা
মাহেকীয়া প্রক্রিয়াটো প্রতি মাহে মাহে চলি থাকে । এই প্রক্রিয়াটো ২ ৰ পৰা ৮
দিনলৈকে চলি থাকে আৰু ৰক্তৰ লগতে শ্লেস্মাবোৰ বাহিৰ হৈ থাকে ।
বৰগীত
(উঠ ৰে বাপু গোপাল হে)
(গ) এই শব্দবোৰৰ অৰ্থ লিখাঃ নিশি, পৰভাত, তেজ, নিন্দ, বয়ন,
মগন
উত্তৰঃ শব্দ – অৰ্থ
নিশি – ৰাতি, নিশা
পৰভাত – প্রভাত, ৰাতিপুৱা
তেজ – ত্যাগ কৰা
নিন্দ – নিদ্রা, টোপনি
বয়ন – মুখ
মগন – মগ্ন, নিমজ্জিত হোৱা
(ঘ) ‘মোৰ প্রাণধন সুচান্দ বয়ন’
বুলি কোনে, কাক, কিয় সম্বোধন কৰিছে ?
উত্তৰঃ ‘মোৰ প্রাণধন সুচান্দ
বয়ন’ যশোদাই ভগৱান শ্রীকৃষ্ণ সম্বোধন কৰিছে । যশোদাই মৰমতে শিশু কৃষ্ণক বাপু,
কমল-নয়ন, প্রাণধন, সুচান্দ বয়ন আদি বুলি সম্বোধন কৰিছে আৰু টোপনিৰ পৰা উঠিবলৈ কৈছে । সকলো মাকৰ নিজৰ শিশুৰ প্রতি থকা মৰমৰ নিচিনাকৈ যশোদাৰো পুত্র হিচাপে প্রাপ্ত
শ্রীকৃষ্ণৰ প্রতি অশেষ মৰম বিৰাজমান । এই মৰম-চেনেহৰ আলোড়নৰ বাবে যশোদাই মৰমতে মতা
এই শব্দবোৰৰ প্রয়োগ কৰিছে । লগতে, শুই থকা অভিমানী শ্রী কৃষ্ণক জগোৱাৰ নিমিত্তেও মৰমতে
এনেদৰে সম্বোধন কৰিছে ।
(ঙ) ‘মুৰুখ মাধৱে বোলে’- মাধৱদেৱে কিয় নিজকে মুৰ্খ বুলি অভিহিত
কৰিছে ?
উত্তৰঃ মাধৱদেৱে নিজকে মুৰ্খ
বুলি অভিহিত কৰিছে কাৰণ তেওঁ যিজন মানৱ ৰূপী ভগৱানৰ কথা ব্যক্ত কৰিছে তেওঁৰ সৈতে মাধৱদেৱৰ আকাশ-পাতাল পাৰ্থক্য আছে ।
সিদ্ধ মুনি, ঋষিসকল, যোগীসকল আদি লোকবিন্দই বহু ধ্যান, বহু সাধনাৰ পাছতো ভগৱান
শ্রীকৃষ্ণক লগ পাবলৈ সক্ষম নহয় । আনহাতে, পৰম ভক্তিৰ বলত যশোদাই সেইজনকে পুত্রৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে
। কিন্তু যশোদাৰ দৰে ভক্তি কৰিবলৈ বা ধ্যান-ধাৰণা কৰিবলৈ মাধৱদেৱ সক্ষম নহয় ।
সেয়েহে, নিজকে মুৰ্খ বুলি অভিহিত কৰি ভগৱান আৰু গুৰুৰ প্রতি থকা ভক্তি আৰু তেওঁৰ হৃদয়ত থকা দাস্যভাবৰ
প্রতিপন্ন কৰিছে ।
মিলন
(খ) ‘আছা মোৰ নিজান কোণত’ – কোনে কি প্রসংগত এই কবিতা শাৰীৰ
অৱতাৰণা কৰিছে ?
উত্তৰঃ কবি নলিনীবালা দেৱীয়ে আধ্যাত্মিক চেতনাৰ প্রতিধ্বনি
এই বাক্য শাৰীৰ মাজেৰে অনুভূত কৰিছে । কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো
বিষয়ৰ মাজতে উপলব্ধি কৰিছে । কবিয়ে সপোনে-দিঠকে সেয়ে পৰমজনৰ অস্তিত্বক নিজৰ হৃদয়ৰ
মাজতে অনুভৱ কৰাৰ প্রসংগত এই কবিতা শাৰীৰ অৱতাৰণা কৰিছে । তেওঁৰ মতে ৰাতিপুৱা
সূৰ্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে পৰমজনৰ
অস্তিত্ব ভিন্ন ভিন্ন ধৰণে অনুভৱ কৰে ।
(গ) ‘গাঁথি লৈ নিয়ৰৰ মালা’- এই কবিতা শাৰী কোনটো কবিতাৰ পৰা লোৱা হৈছে ? ইয়াত কোনে কিদৰে নিয়ৰৰ মালা
লৈ অহাৰ কথা কোৱা হৈছে ?
উত্তৰঃ এই কবিতা শাৰী নলিনীবালা দেৱীৰ ‘মিলন’ কবিতাৰ পৰা লোৱা
হৈছে । ইয়াত ঊষা অৰ্থাৎ ধলপুৱা বা দোকমোকালি সোণালী সাজেৰে আহি নিয়ৰৰ মালা গাঁথাৰ
কথা কোৱা হৈছে । এনে সময়ক্ষণত পখীটি বা চৰাইও নীৰব হৈ আছিল আৰু প্রকৃতি তেনেই
নিৰলা আছিল ।
(ঘ) নলিনীবালা দেৱীৰ তিনিখন কাব্যগ্রন্থৰ নাম লিখা ।
উত্তৰঃ নলিনীবালা দেৱীৰ তিনিখন কাব্যগ্রন্থৰ নাম হ’ল-
সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ আৰু পৰশমণি ।
(ঙ) এই শব্দবোৰৰ অৰ্থ লিখাঃ
আৰাধ্য, দৰশন, নিযুক্তি, তন্দ্রা, ঊষা, অৰুণ
উত্তৰঃ
শব্দ – অৰ্থ
আৰাধ্য – পূজনীয়, উপাস্য ।
দৰশন – দৰ্শন, সাক্ষাৎ ।
নিসুতি – নিশ্চুপ, নিতাল ।
তন্দ্রা – টোপনি, ঘুমটি ।
ঊষা – ধলপুৱা, দোকমোকালি ।
অৰুণ –
বেলি, সূৰ্য ।
উভতি নহাৰ কবিতাঃ
(ক) কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহো বুলি ভাবিছে চমুকৈ বুজাই
লিখা ।
উত্তৰঃ পৃথিৱীলৈ কবি পুনৰ উভতি নাহে । অকল কবিয়ে নহয়, কোনো
মানুহ পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে । কবিৰ মতে যন্ত্রণাই তেওঁৰ জীয়াৰ
মন্ত্র । জীৱণটো তেওঁৰ মতে এক ধেমালিহে মাত্র । কবিয়ে জীৱনত মাথো দুখ-যন্ত্রণা লাভ
কৰিছে । সেয়েহে, কবিয়ে পৃথিৱীলৈ উভতি নাহো বুলি ভাবিছে ।
(গ) ‘হেৰাই যোৱা ৰঙতেইচোন অকলে অকলে হাঁহো’ – কবিতা ফাকিৰ
তাৎপৰ্য বুজাই লিখা ।
উত্তৰঃ উক্ত কবিতাফাকিৰ মাধ্যমৰে কবি নৱকান্ত বৰুৱাদেৱে জীৱনৰ ব্যাখ্যাক সুৱৰি দুখতে হাঁহো বুলি ব্যক্ত কৰিছে
। তেওঁৰ মতে জীৱনটো এক ধেমালিহে মাত্র আৰু ইয়াত কেৱল যন্ত্রণাহে প্রাপ্ত হয় । পৃথিৱীলৈ কবি পুনৰ উভতি নাহে বুলি অভিহিত
কৰিছে । অকল কবিয়ে নহয়, কোনো মানুহ পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে । জীৱনৰ
বকুল পাহি এবাৰেই কবিয়ে তুলিবলৈ সক্ষম হ’ল ।
কবিৰ গমনৰ পিছত কবিৰ সলনি আন বেলেগ বেলেগ লোকসকল আহিব আৰু যত এই নতুন মানুহৰ উপস্থিতিয়ে কবিৰ প্রভাৱ বা চিন নুই কৰিব
। এইবোৰ দুখ সুমৰি কবিজনাই ‘হেৰাই যোৱা ৰঙতেইচোন অকলে অকলে হাঁহো’ বুলি ব্যক্ত কৰিছে
আৰু নিজকে
সান্তনা দিছে ।
কৰুণতম
(ক) আহিনৰ পথাৰৰ গোন্ধত কবিয়ে
কাক পোৱা যেন অনুভৱ কৰে ?
উত্তৰঃ আহিনৰ পথাৰৰ গোন্ধ পালে
কবিৰ পিতৃৰ স্মৃতি জাগ্রত হয় । কাৰণ কবিৰ পিতৃ এজন কৃষক আছিল । কৃষি-কৰ্মৰে তেওঁ
জীৱন-জীৱিকা চলাইছিল । কবিৰ এই ভাবনাই পিতৃৰ প্রতি থকা অশেষ শ্রদ্ধা আৰু স্মৃতিক ফুটাই তুলিছে । কবিজনাই পিতৃদেৱতাক মৃত্যুৰ পিছতো তেওঁৰ আদৰ্শক
আহিনৰ পথাৰৰ মাজেৰে পুনঃস্মৰণ কৰিছে । লগতে, অতীত ৰোমন্থন কৰি পিতৃৰ প্রতি থকা
ভক্তি ভাবৰ পৰিসৰ বৃদ্ধি কৰিছে ।
(খ) কবিয়ে আইক ক’ত বিচাৰি পায় ?
উত্তৰঃ কবিয়ে দোকানৰ জাপ-ভঙা
গামোচাৰ সুবাসে কবিৰ মনত মাতৃ-স্মৃতি জাগ্রত কৰে । কবিৰ মাতৃ শিপিনী আছিল । কবিৰ মাতৃয়ে নিৰ্দিষ্ট
শিপিনী কৰ্মৰে সময়ৰ বুকুত স্বাক্ষৰ ৰাখি গৈছে । কবিয়ে আই-মাতৃৰ স্মৃতিক পুনৰ ৰোমন্থণ
কৰিছে । তেওঁৰ মাতৃৰ প্রতি থকা অগাধ ভক্তি তেওঁৰ মনত বিৰাজমান হৈ আছে । লগতে, মাকৰ
প্রতি থকা শ্রদ্ধা বৰ্তমানেও বৰ্তাই ৰাখিছে ।
(গ) ভৱিষ্যতে প্রজন্ম সম্পৰ্কে
কবিৰ সংশয় কেনেধৰণৰ ?
উত্তৰঃ আহিনৰ পথাৰৰ গোন্ধ পালে
কবিৰ পিতৃৰ স্মৃতি জাগ্রত হয় । কবিয়ে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত
মাতৃ-স্মৃতি জাগ্রত কৰে । ভৱিষ্যত প্রজন্ম সম্পৰ্কে কবিয়ে
সংশয় প্রকাশ কৰি উল্লেখ কৰিছে যে কবিগৰাকীয়ে কেনেদৰে তেওঁৰ স্মৃতি পাছৰ প্রজন্মৰ
বাবে লিপিবদ্ধ কৰিব । কবিয়ে নিজৰ সন্তান বা ভৱিষ্যত প্রজন্মৰ বাবে কোনো কৃতি এৰি
যাব নোৱাৰিব বুলি দুখ প্রকাশ কৰিছে । যেনেকৈ কবিৰ পিতৃ-মাতৃয়ে বা পূৰ্ব প্রজন্মই
নিৰ্দিষ্ট কৰ্মৰে সময়ৰ বুকুত স্বাক্ষৰ ৰাখি গৈছে । কিন্তু কবিৰ পক্ষে সেইদৰে সম্ভৱ
নহ’বযেন অনুভৱ কৰি সংশয় প্রকাশ কৰিছে ।
মূল্যবোধ শিক্ষাঃ
(ক) ভাৰতবৰ্ষত মূল্যবোধৰ শিক্ষা
প্রদান কৰাটো এটা ডাঙৰ প্রত্যাহ্বান বুলি কিয় ভবা হৈছে ?
উত্তৰঃ বিচিত্র সংস্কৃতিৰ দেশ
ভাৰতবৰ্ষৰ শিক্ষানুষ্ঠানসমূহলৈ বিভিন্ন শ্রেণীৰ ল’ৰা-ছোৱালীয়ে শিক্ষা আহৰণ কৰিবলৈ
আহে । বিভিন্ন আৰ্থ-সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ পৰা অহা ল’ৰা-ছোৱালীবোৰে
আয়ত্ত কৰি অহা মূল্যবোধবোৰ বেলেগ বেলেগ হোৱাটোৱেই স্বাভাৱিক । আনহাতে, বৰ্তমান
বিজ্ঞান-প্রযুক্তিবিদ্যাৰ বিকাশ তথা পশ্চিমীয়া সংস্কৃতিৰ প্রভাৱত নতুন পুৰুষৰ মাজত মূল্যবোধৰ খেলি-মেলি হোৱা পৰিলক্ষিত হৈছে । তেনে ক্ষেত্রত
মূল্যবোধ শিক্ষা প্রদান কৰাটো সেয়েহে এক ডাঙৰ প্রত্যাহ্বান বুলি ভবা হৈছে
।
(খ) “প্রকৃততে মূল্যবোধক
সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়” – চমুকৈ বুজাই লিখা ।
উত্তৰঃ ব্যক্তিৰ প্রয়োজন পূৰণে
যদি আনৰ অপকাৰ কৰে বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে, তেতিয়া তেনে কাৰ্যৰ কোনো
মূল্য আছে বুলিব পৰা নাযায় । সেয়েহে প্রকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে
বিচাৰ কৰা হয় । আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ নিমিত্তেহে
মূল্যবোধসমূহৰ প্রয়োজনীয়তে আছে । সামাজিক জীৱন নিয়ন্ত্রণ কৰাৰ অৰ্থে মূল্যবোধৰ
নীতি আৰু আদৰ্শই মুখ্য ভূমিকা গ্রহণ কৰে
। সেইবাবে, সমাজৰ সকলো মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ মাধ্যমেৰে মূল্যবোধক প্রয়োগ কৰিলে তাক প্রকৃত মূল্যবোধ বুলি
বিচাৰ কৰা হয় ।
(ঘ) ‘অহিংসা হৈছে ভাৰতীয়
মূল্যবোধত এক অভিনৱ সংযোজন’ – বুজাই লিখা ।
উত্তৰঃ ভাৰতীয় দৰ্শনে মূল্যবোধৰ
ক্ষেত্রত অতুলনীয় অৱদান আগবঢ়াইছে । ‘অহিংসা হৈছে ভাৰতীয় মূল্যবোধত এক অভিনৱ সংযোজন’
। ভাৰতৰ সংবিধানে অহিংসাৰ মাধ্যমেৰে ভাৰতবৰ্ষক এখন
সাৰ্বভৌম গণতান্ত্রিক, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্র হিচাপ
প্রতিষ্ঠা কৰিছে । ভাৰতবৰ্ষৰ প্রত্যেক নাগৰিকৰ বাবে অহিংসাৰে স্বাধীনতা, সমতা,
ন্যায় আৰু ভ্রাতৃত্ববোধ প্রতিষ্ঠা কৰি ভাৰতবৰ্ষক
এখন মূল্যবোধসম্পন্ন আদৰ্শ ৰাষ্ট্র হিচাপে প্রতিষ্ঠা কৰিবলৈ বিচৰা হৈছে । ভাৰতীয়
সংবিধানে নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ হিংসাৰ আশ্রয় নোলোৱাকৈ পালন কৰাৰ বাবে
নিৰ্দ্দেশাত্মক নীতি প্রদান কৰিছে । জাতিৰ পিতা মহাত্মাগান্ধীৰ আদৰ্শস্বৰূপ ‘অহিংসা পৰম ধৰ্ম’ এক মূল্যবোধৰ মূল নীতি হিচাপে আজিও ভাৰতীয় মূল্যবোধত
উচ্চ আসন দখল কৰি আহিছে ।
(ঙ) মানুহে জন্ম লাভ কৰিয়ে
সামাজিক ধাৰণাসমূহ আয়ত্ত কৰেনে । - বুজাই লিখা ।
উত্তৰঃ মানুহে জন্ম লাভ কৰিয়ে
সামাজিক ধাৰণাসমূহ আয়ত্ত নকৰে । ক্রমে সামাজিক সংস্পৰ্শলৈ অহাৰ
পিছত পৰিৱেশ আৰু শিক্ষাৰ জৰিয়তে প্রভাৱিত হৈ
সামাজিক নীতি-নিয়মসমূহ আয়ত্ত কৰে । কেৱল জন্মগতভাৱে লাভ কৰা
প্রবৃত্তিসমূহে মানুহক সামাজিক জীৱ হিচাপে গঢ়ি তুলিব নোৱাৰে । জন্মগত প্রবৃত্তিসমূহৰ সংশোধনৰো প্রয়োজন হয় । সেয়েহে,
মানুহক ইয়াৰ বাবে প্রয়োজন হয় উচ্চ মূল্যবোধ, উচ্চ আদৰ্শ আৰু মনোভাৱ ।
কৈশোৰ কাল আৰু ইয়াৰ
উপযোগী শিক্ষা
(খ)শিশুৰ জগত আৰু প্রাপ্তবয়স্ক জগত সংযোগী কাল হিচাপে কৈশোৰ কালক চমুকৈ বিচাৰ কৰা
।
উত্তৰঃ শিশুৰ জগত আৰু প্রাপ্তবয়স্কৰ জগত- এই দুখন জগতৰ সংযোগী হ’ল কিশোৰ কাল । কিশোৰৰ জগতখনত
শৈশৱৰ কল্পনা আৰু প্রাপ্তবয়স্কজনৰ বাস্তৱ
উপলব্ধি পৰিলক্ষিত হোৱা দেখা যায় । এই দুই জগতৰ সন্ধিক্ষণত কৈশোৰ কাল হৈ পৰে জীৱনৰ
জটিলতম তথা গুৰুত্বপূৰ্ণ সময় । মনোবৈজ্ঞানিক
দৃষ্টিকোণৰ পৰা এই দুই জগতৰ আচৰণৰে পৰিপুষ্ট কৈশোৰ কালে জৈৱিক, মানসিক, আৱেগিক আৰু সামাজিক ক্ষেত্রৰ পৰিপক্কতাৰ কথাক আঙু্লিয়াই দিছে । লগতে, এই সময়ছোৱাতে
শাৰীৰিক বা জৈৱিক পৰিৱৰ্তন সমূহ স্পষ্ট হৈ পৰে, যিয়ে শিশু আৰু প্রাপ্তবয়স্কৰ মানসিক আৰু সামাজিক গুণসমূহ পৰিস্ফুতিত কৰে
।
(গ) ‘মূৰ্ত চিন্তাৰ বিপৰীতে
বিমূৰ্ত চিন্তন ক্ষমতা কৈশোৰ কালৰ এক বৈশিষ্ট্য” – কথাষাৰ বুজাই লিখা ।
উত্তৰঃ কৈশোৰ কালত মানসিক শক্তিৰ
বিকাশ পূৰ্ণগতিত প্রতিপন্ন হয় । এই সময়ত মানসিক শক্তিসমূহ বিশেষকৈ বুদ্ধি, বিমূৰ্ত
চিন্তনৰ ক্ষমতা, যুক্তিশক্তি, বিভিন্ন দিশত আগ্রহ আদিৰ বিকশিত হয় । শৈশৱ কালৰ অনুকৰণ-শিক্ষাৰ
সলনি নিজৰ বিচাৰ-বুদ্ধিৰে যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা শক্তিৰো এই সময়ছোৱাতে
বিকশিত হয় । এনেদৰে মূৰ্ত চিন্তাৰ বিপৰীতে বিমূৰ্ত চিন্তনৰ ক্ষমতা কৈশোৰ কালৰ এক
বৈশিষ্ট্য হিচাপে বিকশিত হয় । কৈশোৰ কালতে স্বাধীন আৰু মৌলিক চিন্তাধাৰাৰ বিকাশত যথেষ্ট অৰিহণা যোগায় । সেয়েহে, মূৰ্ত চিন্তাৰ
বিপৰীতে বিমূৰ্ত চিন্তন ক্ষমতাসমূহৰ পূৰ্ণ বিকাশ ঘটি এই ক্ষণত জীৱশ্রেষ্ঠ মানুহৰ
ভিন ভিন মানসিক ক্ষমতাৰ পূৰ্ণ বিকাশ ঘটে ।
(ঘ) ‘কিশোৰ-সংস্কৃতি’ বুলিলে কি
বুজা?
উত্তৰঃ কৈশোৰ কালত বিভিন্ন দিশৰ
সামাজিক বিকাশ সংঘটিত হয় । এই কালছোৱাতে দলীয় মনোভাৱৰ সৈতে সহমৰ্মিতাৰ উন্মেষ হয় ।
কৈশোৰ কালৰ এই ক্ষণত সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাব জাগি উঠে । সমনীয়াৰ লগত হোৱা সহযোগিতা আৰু প্রতিযোগিতাৰ অন্তৰালত এক ‘উপ-সংস্কৃতি’ গঢ়ি উঠে । ইয়াকে কিশোৰ-সংস্কৃতি
বুলি কোৱা হয় ।
এই
সংস্কৃতিয়ে কিশোৰ অৱস্থাৰ চালন-চলন, সাজ-পাৰ, বাক্ভংগী, ধ্যান-ধাৰণা আনকি ৰাজনৈতিক
মতাদৰ্শ আদিতো প্রভাৱ পৰে । কিন্ত কিশোৰ-সংস্কৃতি ধনাত্মক দিশতকৈ ঋণাত্মক দিশটোৰ প্রতি
অধিক ধাৱমান হয় ।
এই
সংস্কৃতিত বিভিন্ন সামাজিক ব্যাধি বিশেষকৈ মাদক দ্রব্যৰ ব্যৱহাৰ, দ্রাগ্ছৰ প্রতি
আসক্তি, সমাজ স্বীকৃত আচৰণৰ প্রতি অনীহা, মাদ্রক দ্রব্য সেৱন আদি প্রতিফলিত হয় ।
সেয়েহে, উচিত আৰু উপযুক্ত শিক্ষা মাধ্যমেৰে এই
সংস্কৃতিক সংশোধনেৰে সমাজৰ বাবে উপযোগী কৰি তুলিব লাগে ।
(ঙ) কৈশোৰৰ চাহিদা পূৰণৰ বাবে
কি কি ক্ষেত্রত গুৰুত্ব দিয়া হয় ?
উত্তৰঃ কৈশোৰৰ কালত নানা
কৌতূহল, অনুভূতি আৰু আকাংক্ষাৰ পৰিপেক্ষিতত সৃষ্টি
হোৱা আলোড়নে নানান চাহিদাৰ উদ্ভৱ হয় । কৈশোৰৰ মানসিক, শাৰীৰিক, আৱেগিক আৰু সামাজিক চাহিদাসমূহ পূৰণৰ অৰ্থে শিক্ষানুষ্ঠানৰ মাধ্যমেৰে উচিত পদক্ষেপ
গ্রহণ কৰা হয় । এই চাহিদাসমূহৰ সম্পূৰ্ণ কৰাৰ
মানসেৰে শিক্ষানুষ্ঠানৰ বিভিন্নতা, অপৰ্যাপ্ত ঐচ্ছিক বিষয়ৰ প্রৱৰ্তন, বিদ্যালয় আৰু পৰিয়ালৰ মাজৰ সুদৃঢ় যোগসূত্র, বিদ্যালয় আৰু বৃহত্তৰ সমাজৰ পাৰস্পৰিক সম্পৰ্ক স্থাপন আদিত গুৰুত্ব দিয়া হয় । সুপৰিকল্পিতভাৱে গঢ় দিয়া মাধ্যমিক শিক্ষাই কৈশোৰৰ ভিন্নমুখী
চাহিদাসমূহ পূৰণ কৰাত বহু দিশত সফল হৈছে । ইয়াৰ সমসাময়িকভাৱে, জাতীয় পাঠ্যক্রম
গাঁথনি ২০০৫ (NCF 2005)ৰ মাধ্যমেৰে সহ-পাঠ্যক্রমৰ যোগেদি বাহিৰৰ জগতখনৰ লগত
কৈশোৰৰ মনৰ সংযোগ কৰাত গুৰুত্ব প্রদান কৰা হয় ।
ভগৱানে সকলোকে পঢ়াৰ দিশত আগুৱাই নিয়ে যেন ।