প্রথম খণ্ডঃ শিক্ষাৰ ধাৰণা, B.A. 1st Semester, Education, by Podmeswar

প্ৰশ্নাৱলী (Exercise)

১। শিক্ষা কি ? শিক্ষাৰ ধাৰণা সম্বন্ধে চমু বৰ্ণনা কৰা ।
What is Education? Discuss briefly the concepts of Education.

উত্তরঃ  শিক্ষা হ’ল এক জীৱন-জুৰা প্রক্রিয়া যি জন্মৰ পৰা মৃত্যু পৰ্যন্ত অব্যাহত থাকে । শিক্ষাৰ আন আন সংজ্ঞাবোৰ হ’ল-

(ক) প্লেটোৰ মতে, ‘শিক্ষা হ’ল উপযুক্ত সময়ত সুখ-দুখ অনুভৱ কৰিব পৰা ক্ষমতা ।’

(খ) এৰিষ্টটলে কৈছে, “শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে ।”

(গ) জন ডিউইৱে শিক্ষা দিশটোক অভিজ্ঞতাৰ পুনৰ নিৰ্মাণ বুলি অভিহিত কৰিছে ।

(ঘ) পেষ্টালজীৰ মতে, “শিক্ষা মনোবিজ্ঞান সন্মত হোৱা উচিত আরু শিক্ষাই শিশুসকলৰ প্রকৃতিৰ সৈতে সংযোগ সাধন হ’ব লাগে ।”

(ঙ) স্বামী বিবেকানন্দই মতপোষণ কৰে যে, “মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ বাহ্যিক বিকাশ সাধনেই হ’ল- শিক্ষা ।”

(চ) মহাত্মা গান্ধীয়ে কৈছে, “শিক্ষাৰ জৰিয়তে মই শিশুৰ দৈহিক, মানসিক, আধ্যাত্মিক আদি সকলো ধৰণৰ বিকাশৰ কথাকে বুজো ।”


শিক্ষাৰ ধাৰণাঃ

(ক) শিক্ষাৰ ইংৰাজী প্রতিশব্দ হ’ল- Education । এই শব্দটো লেটিন ভাষাৰ ‘Educere’ শব্দৰ পৰা উৎপত্তি হৈছে ।  Educere শব্দৰ অৰ্থ হ’ল- ‘কৌশল বা তথ্য আয়ত্তকৰণ’ আরু ‘লালন-পালন কৰা’ বা ‘ডাঙৰ-দীঘল কৰা’ ।

(খ) আন কিছু শিক্ষাবিদৰ মতে, ‘Education’শব্দটো ‘E’ আরু ‘Duco’ শব্দৰ পৰা উৎপত্তি হৈছে । তেওঁলোকৰ মতে, ‘E’ শব্দই ‘Out of’ বা ‘বাহিৰ কৰা’ আরু ‘Duco’ শব্দই ‘I Lead’ বা ‘নেতৃত্ব দিয়া’ ক বুজায় । এনে অৰ্থত শিক্ষা হৈছে ‘মানুহৰ জন্মগতভাৱে অহা সুপ্ত জ্ঞান, গুণ আরু শক্তিসমূহক উচিত আরু সু-নেতৃত্ব প্রদান কৰি সমাজৰ উপযোগী আরু খাপ-খোৱাব পৰাকৈ যথাযথভাৱে গুণসমূহ বাহিৰ কৰি প্রকাশ কৰা । 


(গ) আন কিছু শিক্ষাবিদৰ মতামত অনুসৰি, শিক্ষা অথবা ‘Education’ শব্দটো ‘Educatum’ শব্দৰ পৰা আহিছে । ইয়াৰ অৰ্থ হ’ল- শিক্ষাদান কাৰ্য (Act of Teaching) সম্পন্ন কৰা ।

২। টোকা লিখা (Write notes on):
(ক) শিক্ষাৰ দ্বিপক্ষীয় পদ্ধতি (Biploper Process of Education)
উত্তরঃ
প্রথম মতবাদঃ
শিক্ষাবিদ ছাৰ জন আদামছ আরু পাশ্চাত্যৰ কিছু শিক্ষাবিদে শিক্ষাক দ্বিকেন্দ্রীক কৰ্ম বুলি অভিহিত কৰিছে । শিক্ষাৰ দুই পক্ষ হ’ল- শিক্ষক আরু শিক্ষাৰ্থী । শিক্ষাবিদসকলৰ মতে শিক্ষা সম্ভৱ হৈ উঠে শিক্ষক আরু শিক্ষাৰ্থীৰ যুটীয়া প্রচেষ্টা আরু মাধ্যমেৰে । ইয়াৰে, কোনো এক পক্ষ অসক্রিয় হ’লে শিক্ষা সম্পূৰ্ণ ফলপ্রসূ হৈ উঠিব নোৱাৰে । শিক্ষা সফলরূপে সম্পাদন হ’বৰ নিমিত্তে দুই পক্ষৰ দায়িত্বত থকা নীতি আরু কারু-কাৰ্যসমূহ সুচারুরূপে সাধন কৰিব লাগিব । শিক্ষকে তেওঁৰ জ্ঞান, অভিজ্ঞতা, নীতি, শিক্ষাৰ পদ্ধতি, অতীত-বৰ্তমানৰ জ্ঞানৰাজি আদিৰ সমাহাৰে শিক্ষাৰ্থীসকলৰ সুপ্ত প্রতিভাক উন্নীত কৰি সমাজৰ প্রয়োজন হোৱাকৈ শিক্ষাৰ্থীবৃন্দক গঢ়ি তুলিব লাগে । লগতে, শিক্ষাৰ্থীসকলে শিক্ষকসকলৰ জ্ঞানৰাজি আরু অভিজ্ঞতাসমূহৰ জ্ঞান অৰ্জন কৰি তেওঁলোকৰ জীৱন আরু সমাজৰ বিভিন্ন কাৰ্য, স্থিতি আরু দায়িত্বসমূহ পৰিচালনা আরু সুপৰিকল্পিতভাৱে সম্পাদন কৰিব লাগে । তেতিয়াহে শিক্ষাৰ মূল্যবোধ অব্যাহত থাকিব ।

দ্বিতীয় মতবাদঃ

আন এক মতবাদ অনুসৰি, বহল অৰ্থত শিক্ষাক দ্বিকেন্দ্রীক পদ্ধতি বুলি অভিহিত কৰিছে । শিক্ষাৰ এই দুই কেন্দ্র হ’ল- শিক্ষাৰ্থী আরু পৰিৱেশ । শিক্ষাৰ্থীসকলৰ মনোভাৱ শিক্ষাৰ দিশত ধাৱমান হোৱাৰ নিমিত্তে এক সুস্থ-সবল পৰিৱেশৰ আৱশ্যকতা নিতান্ত প্রয়োজন । পৰিৱেশ এনে হ’ব লাগে যাতে শিক্ষাৰ্থীসকলে নিচিন্তমতে আরু স্বাধীনচিতীয়া মনোভাবেৰে শিক্ষা গ্রহণ কৰিব পাৰে । বিদ্যালয়ৰ পৰিৱেশ প্রাকৃতিকভাৱে আরু কৃত্তিমভাৱৰ সমাবেশেৰে সকলো সুবিধা উপলব্ধ কৰিব লাগে । শিক্ষাৰ্থীসকলো শিক্ষাৰ পৰিৱেশৰ লগত নিজকে খাপ খোৱাই জ্ঞান অৰ্জন কৰিব লাগে । শিক্ষাৰ্থীসকলৰ অনুপাত অনুসাৰে (এটা ৰোম=৪০/৫০ ছাত্র-ছাত্রী=এজন শিক্ষক) তেওঁলোকৰ শিক্ষাগ্রহণৰ পৰিৱেশ গঠন কৰিব লাগে । এনেদৰে শিক্ষাৰ্থী আরু পৰিৱেশ দুয়ুটা কেন্দ্র সক্রিয় ভূমিকাৰ মাধ্যমেৰে শিক্ষাৰ সু-লক্ষ্য আরু সু-উদ্দেশ্যসমূহ সম্পাদন কৰিব পৰা যাব ।



(খ) শিক্ষাৰ ত্ৰিপক্ষীয় পদ্ধতি (Tripolar Process of Education)

উত্তরঃ   আমেৰিকাৰ শিক্ষাবিদ জন ডিউইয়ে শিক্ষাক এক ত্ৰিপক্ষীয় পদ্ধতি পদ্ধতি বুলি অভিহিত কৰিছে । তেওঁৰ মতে শিক্ষাৰ লগত সঙ্গতি থকা ত্রিপক্ষীয় গোটকেইটা হ’ল- শিক্ষক, শিক্ষাৰ্থী আরু পাঠ্যক্রম । তেওঁৰ মতে শিক্ষক সকলে শিক্ষাৰ্থীসকলক জ্ঞান প্রদান কৰাৰ অৰ্থে এক সু-পৰিকল্পিত পাঠ্যক্রমৰ প্রয়োজন । এই পাঠ্যক্রম এনেকোৱা হোৱাতো উচিত যে শিক্ষাৰ্থী সকলে শিক্ষকসকলৰ শিক্ষাদান কাৰ্যৰ মাধ্যমেৰে নিজৰ নিজৰ সুপ্ত প্রতিভাক বিকশিত কৰি তুলিব পাৰে । পাঠ্যক্রম সদায় বাস্তৱমুখী হ’ব লাগে যাতে শিক্ষাৰ্থীসকলে জ্ঞান অৰ্জনৰ মাধ্যমেৰে বাস্তৱ জীৱনৰ লগত সংগতি ৰক্ষা কৰিব পাৰে । শিক্ষাৰ ত্ৰিপক্ষীয় পদ্ধতিৰ লগত সংগতি থকা আন মূল কথাবোৰ হ’ল-

(ক) শিক্ষাৰ ত্ৰিপক্ষীয় পদ্ধতি হৈছে শিক্ষক, শিক্ষাৰ্থী আরু পাঠ্যক্রমৰ সংযোজনত সম্পাদন হোৱা জ্ঞান পৰিক্রমাৰ সংহতি ।

(খ)শিক্ষাৰ ত্ৰিপক্ষীয় পদ্ধতিত সু-পৰিকল্পিত পাঠ্যক্রমৰ আধাৰত শিক্ষকে তেওঁৰ জ্ঞানৰাজিৰ সংমিশ্রনেৰে শিক্ষাৰ্থীসকলক জ্ঞান প্রদান কৰে ।

(গ) শিক্ষক, শিক্ষাৰ্থী আরু পাঠ্যক্রম, এই তিনি গোটৰ কোনো এক গোটৰ সামঞ্জস্য হ্রাস শিক্ষা প্রক্রিয়াটো সুচারুরূপে সম্পাদন নহয় ।

(ঘ) শিক্ষক, শিক্ষাৰ্থী আরু পাঠ্যক্রমৰ সক্রিয় প্রচেষ্টাৰ মাধ্যমত শিক্ষাদান আরু শিক্ষাগ্রহণ কাৰ্য সফল হয় ।

(ঙ)শিক্ষাৰ ত্ৰিপক্ষীয় পদ্ধতিয়ে পাঠ্যক্রম বিশেষকৈ ভাষা, বুৰঞ্জী, বিজ্ঞান, আদি পাঠ্যক্রমৰ লগতে সহপাঠ্যক্রম- গীত-মাত, নৃত্য, খেল-ধেমালী, নাটক, অভিনয় আদিৰ সহযোগত শিক্ষকে শিক্ষাৰ্থীসকলক শিক্ষাৰ লগত সহযোগ কৰি জ্ঞান বিস্তাৰ কৰে ।



(গ) শিক্ষা হ’ল জীৱনজুৰি চলি থকা প্রক্রিয়া (Education is a lifelong Process)

উত্তরঃ শিক্ষাবিদ জন ডিউইৰ মতে, “শিক্ষা হ’ল জীৱন ব্যাপি চলা এক অন্তহীন প্রক্রিয়া(Education is a lifelong process of development)দাৰ্শনিক হোৱাইটহেডেওৰ মতে, “শিক্ষাৰ একমাত্র বিষয় হ’ল সৰ্বতোপ্রকাৰে প্রকাশিত জীৱন” । ডামভিলৰ মতেও ‘নিচেই কেঁচুৱা অৱস্থাৰ পৰা মৃত্যু কাললৈকে ব্যক্তিৰ ওপৰত প্রভাৱ পেলোৱা সমস্ত অভিজ্ঞতাই শিক্ষাৰ অন্তৰ্ভুক্ত’ ।

    সেয়েহে, শিক্ষা হ’ল- পৰিপূৰ্ণ জীৱন-যাৱনৰ বাবে প্রস্তুতি (Preparation for complete living is education) শিশুৰ জন্মৰ সময়ত থকা প্রবৃত্তিসমূহ সু-পৰিকল্পিত নহয় । লগতে, এই সুপ্ত প্রতিভাসমূহক বিকশাই তুলাতো নিতান্তই প্রয়োজন । শিশুসকলৰ শাৰিৰীক, সামাজিক, মানসিক, সাংস্কৃতিক, আধ্যাত্মিক, সহানুভূতি, আচৰণৰ সংশোধন আদি সকলোবোৰ গুণৰ বিকশিত কৰিবৰ অৰ্থে শিক্ষাইহে মুখ্য ভূমিকা গ্রহণ কৰে । শিক্ষাৰ মাধ্যমেৰেই শিশুৱে এই গুণসমূহৰ বিকাশ সাধন কৰিব পাৰে । যেতিয়া এই গুণ সমূহৰ বিকাশ সাধন হয় তেতিয়া এজন মানুহ হিচাপে সমাজত প্রতিষ্ঠিত হয় । তথাপি শিক্ষাৰ অন্ত নহয়, ই মৃত্যু পৰ্যন্ত চলি থাকে ।

    মানুহৰ জীৱনত প্রত্যেক দিনাই নতুন নতুন সমস্যাৰ সৈতে সন্মুখিন হ’ব লগা হয় । এই সমস্যা সমূহৰ সমাধানৰ মূল মন্ত্র হৈছে শিক্ষা । এই শিক্ষা অভিজ্ঞ পুৰণা মানুহৰ জৰিয়তে নতুন প্রজন্মই লাভ কৰে । ইয়াৰ সমসাময়িকভাৱে, নতুন শিক্ষাৰ অগ্রগতিয়ে নব্য সমস্যাৰাজিৰ সমাধানৰ বাটো মানুহৰ বাবে মুকলি হৈছে । লগতে, প্রত্যেক দিনাই মানুহে নতুন নতুন শিক্ষাৰ অভিজ্ঞতা অৰ্জন কৰে । আনকি মৃত্যুৰ আগক্ষণতো মানুহে নতুন শিক্ষা লাভ কৰে ।


    এই সকলোবোৰ আলোচনাৰ পৰা ক’ব পাৰো যে “শিক্ষা এক জীৱন ব্যাপি চলি থকা প্রক্রিয়া (Education is a lifelong process) । 


(ঘ) শিক্ষা হ’ল জীৱনৰ প্রস্তুতি প্রক্রিয়া (Education is a process of preparation for life)
উত্তরঃ 
জীৱনটো বহু জটিল পৰিস্থিতিৰে সংঘটিত হয় । এই জটিলতাৰ মাজেৰে সমস্যাসমূহক আতৰাই আগুৱাই যোৱাৰ নিমিত্তে শিক্ষা হ’ল এক অন্যতম অস্ত্র । শিক্ষাৰ মাধ্যমেৰে নানা সমস্যাৰ সমাধান সমাধা কৰাত সফল লাভ কৰিব পাৰি । জন্মৰ সময়ত শিশু সকলৰ মন এখন বগা কাগজৰ দৰে খালী থাকে । তেওঁলোকৰ বাবে জীৱনৰ যুজত আগ্রাসন হবৰ বাবে প্রস্তুতিৰ প্রয়োজন হয় । এই প্রস্তুতি সাধাৰণতে শাৰীৰিক, মানসিক, আবেগিক, প্রজ্ঞাতম দিশত, সমাযোজন, আদি সকলো দিশতে নিতান্ত প্রয়োজন । শিক্ষাৰ মাধ্যমেৰেহে এই প্রায়বোৰ গুণ সমৃদ্ধি কৰিবলৈ সক্ষম হয় ।
জীৱনৰ প্রথম শিক্ষা গুরু হিচাপে মাতৃ আরু পিতৃয়ে, শিশুসকলক শাৰীৰিক শিক্ষা, ভাষা শিক্ষা, সমাযোজন শিক্ষা আদি প্রদান কৰে । ক্রমান্বয়ে বৃদ্ধি আরু বিকাশ হোৱাৰ লগে লগে শিক্ষাগুরুসকলে তেওঁলোকৰ পূৰ্ব অভিজ্ঞতাৰ মাধ্যমেৰে বিভিন্ন জ্ঞানৰাজিৰ সহায়ত শিশুসকলক জীৱনৰ বিভিন্ন পৰিস্থিতিৰ বাবে প্রস্তুতি কৰি তুলে । লাহে লাহে শিশুসকলে নিজে পঢ়িব পৰাৰ পিছত, পাঠ্যপুথিৰ মাধ্যমেৰে বিভিন্ন শিক্ষাৰ জ্ঞান অৰ্জন কৰে আরু জীৱনৰ জটিল ক্ষণৰ বাবে নিজকে প্রস্তুত কৰি তুলে ।
    সেয়েহে, আমি ক’ব পাৰো যে “শিক্ষা হ’ল- জীৱনৰ প্রস্তুতিৰ প্রক্রিয়া” (Education is a process of preparation for life)


(ঙ) শিক্ষা হ’ল এক প্রচণ্ড শক্তিৰ বিকাশ প্রক্রিয়া (Education is a process of tremendous power of development)

উত্তরঃ মহাত্মা গান্ধীৰ মতে শিক্ষা হ’ল- শিশুৰ অন্তনিৰ্হিত আরু সুপ্ত শাৰীৰিক, মানসিক আরু প্রজ্ঞাত্মক বিকাশ । স্বামী বিবেকান্দৰ মতে- মানুহৰ অন্তনিৰ্হিত পূৰ্ণতাৰ স্পষ্ট প্রকাশেই হৈছে শিক্ষা । শিক্ষাই প্রত্যেক শিশুৰ বাবে এক প্রচণ্ড শক্তি প্রদান কৰে । এই শক্তিৰ মাধ্যমেৰে শিশুসকলে ক্রমান্বয়ে বৃদ্ধি আরু বিকাশ সাধনত সফল হয় । জন্মৰ সময়ত শিশুসকলৰ কিছুমান জন্মজ গুণ অন্তনিৰ্হিত হৈ থাকে । এই আচৰণসমূহক সংশোধন কৰি প্রয়োজনীয় আরু লাগতিয়াল আচৰণ প্রদান কৰাৰ দিশত শিক্ষাৰ জৰিয়তেহে সম্ভৱ হৈ উঠে । শিক্ষাই শিশুসকলৰ বিভিন্ন আচৰণসমূহৰ সংশোধন কৰি বিকশিত কৰি তুলে ।
শিক্ষাৰ জৰিয়তে শিশুসকলে বিভিন্ন সজাগ আরু সচেতনা গঢ়ি তুলে যাৰ সহায়েৰে তেওঁলোকে নিজকে জীৱন যুঁজৰ বাবে সাজু কৰে । শিক্ষাৰ মাধ্যমেৰেই শিশুসকলে ভাষা শিক্ষাৰ আয়ত্ব কৰে আরু সমাজৰ সৈতে সমাযোজন কৰাত সফল হয় । পৰিয়াল আরু সমাজৰ পৰা লাভ কৰা শিক্ষাই সমাজত এজন সু-প্রতিষ্ঠ ব্যক্তি হিচাপে গঢ়ি তুলাত সহায়ক হয় । শিক্ষানুষ্ঠানৰ শিক্ষাৰ মাধ্যমেৰে নিজকে যোগ্য কৰি তুলি বিভিন্ন অনুষ্ঠানসমূহৰ বাবে এক মানৱ সম্পদ হিচাপে প্রতিষ্ঠিত হয় । জীৱনৰ আন আন বিভিন্ন অভিজ্ঞতাৰ মাধ্যমেৰে যি শিক্ষা অৰ্জন কৰে সেই শিক্ষাৰ জৰিয়তে জটিল জীৱনৰ লগত যুজ কৰাত অগ্রগতি হয় ।
    সেয়েহে আমি ক’ব পাৰো যে- শিক্ষা হ’ল এক প্রচণ্ড শক্তিৰ বিকাশ প্রক্রিয়া (Education is a process of tremendous power of development)



৩। চমুটোকা লিখা (Write short notes):

 

(ক) শিক্ষাৰ প্রকৃতি (Nature of Education)

উত্তৰঃ  শিক্ষাৰ প্ৰকৃতি সাধাৰণতে পৰিৱৰ্তনশীল । সময়ে সময়ে পাৰিৱেশিক আরু সামাজিক পৰিস্থিতি অনুসৰি শিক্ষাৰ প্রকৃতি সাল-সলনি হয় ।

    পুৰণি সমাজত শিক্ষাৰ প্রকৃতি ধর্ম, সংস্কৃতি, সমাজ, জীৱন নিৰ্বাহ পদ্ধতি, পৰিৱেশ আদিৰ সৈতে সংলগ্ন আছিল । তেতিয়া, ঋষি-মুনিসকল, ব্রাহ্মণ, গুরুসকল আদি সবে বাস্তৱিক জীৱনত পৰিৱেশৰ লগত সামঞ্জস্য ৰক্ষা কৰিব পৰাকৈ শিষ্য সকল জ্ঞান প্রদান কৰিছিল ।

    মধ্যম যুগত শিক্ষাৰ প্রকৃতি কিছু সাল-সলনি হৈছিল । শিক্ষা কিছু নতুন সংযোজনৰ উদ্ভাৱন কৰা হৈছিল । শিক্ষাৰ লগত সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, আদি পুৰণি আরু কিছু নতুন সংস্কৃতিৰ সংযোজন ঘটিছিল । ছাত্র-ছাত্র সকলে শিক্ষাৰ দিশটোক আগুৱাই নিয়াৰ বাবে প্রেছ, কাগজ-পত্র, কিতাপ, খবৰ-আলোচনী, আদিৰ মাধ্যমেৰে শিক্ষাৰ মৰ্যদা প্রকাশ পাইছিল । লগতে, বহুতো স্কুল-কলেজৰ আৰম্ভণিয়ে এক নতুন শিক্ষাৰ প্রকৃতিৰ প্রসাৰ ঘটাইছিল ।

    আধুনিক যুগৰ শিক্ষাৰ প্রকৃতি ক্রমান্বয়ে উন্নতিৰ জখলাত বগাইছে । বৰ্তমান যুগত কম্পিউটাৰ, ইন্টাৰনেট, প্রযুক্তি, যন্ত্র-পাতি আদিৰ মাধ্যমেৰে শিক্ষাৰ দিশটোক আরু একদুপ আগুৱাই নিবলৈ মানৱ জাতি সক্ষম হৈছে । ডিজিটেল মাধ্যমেৰে আজিৰ এই আধুনিক যুগত শিক্ষাৰ প্রসাৰ আরু প্রচাৰ কৰিবলৈ সক্ষম হৈছে । ইন্টাৰনেট, জনসংযোগ মাধ্যম, হোৱাটচ্‌এপ, ফেচবুক, টুইটাৰ, আদিৰে শিক্ষাৰ জ্ঞানৰাজি সম্প্রসাৰিত কৰিব পৰা গৈছে ।

    এনেদৰে বিভিন্ন সময়ত, সামাজিক আরু বাস্তৱিক জীৱনৰ প্রয়োজন হোৱাকৈ শিক্ষাৰ প্রকৃতি নিৰ্ধাৰিত হৈছে । লগতে, বিভিন্ন কৌশল আরু প্রযুক্তিৰ মাধ্যমেৰে জীৱনৰ সমস্যা সমাধানৰ এক মূল আহিলা স্বরূপে শিক্ষাই ভূমিকা গ্রহণ কৰিছে ।

 

 

 

(খ) শিক্ষাৰ কাম (Function of Education)

উত্তৰঃ শিক্ষাৰ কাম বুলিলে আমাৰ বাস্তৱিক জীৱনৰ বাবে প্রয়োজনীয় সকলো জ্ঞান ৰাজিক সামৰিব পৰা যায় । ইয়াৰ ভিতৰত উল্লেখযোগ্য দিশসমূহ হৈছে-

(ক) অভিজ্ঞতাসমূহৰ সংৰক্ষণ আরু প্রসাৰঃ

    বাস্তৱিক জীৱন পৰিচালিত কৰিবলৈ আমাক বহুতো অভিজ্ঞতাৰ প্রয়োজন হয় । এই অভিজ্ঞতা সমূহ শিক্ষাৰ মাধ্যমেৰে নতুন প্রজন্মক দিব পৰা যায় ।

 

(খ) বাস্তৱিক পৰিৱেশৰ সৈতে সামঞ্জস্য ৰক্ষাঃ

    আমাৰ বাস্তৱিক পৰিৱেশৰ সৈতে সামঞ্জস্য ৰক্ষা কৰিবলৈ জ্ঞানৰ প্রয়োজন হয় । এই জ্ঞানৰাজিও শিক্ষাৰ মাধ্যমেৰে পাব পৰা যায় ।

 

(গ) সুপ্ত প্রতিভা আরু গুণাৱলীৰ বিকাশ সাধন কৰাঃ

    এজন শিশুৰ লগত সংগত থকা সুপ্ত প্রতিভা আরু গুণাৱলীৰ বিকাশ সাধন কৰা শিক্ষাৰ আন এক উল্লেখনীয় কাম । শিক্ষাৰ মাধ্যমেৰে সুপ্ত প্রতিভা সমূহ জগাই তুলি তাক শুদ্ধৰণি কৰি প্রয়োজনীয় জ্ঞান ৰাজিৰ মাধ্যমেৰে সাফল্য মণ্ডিত কৰিব পৰা যায় ।

 

(ঘ) সহজাত প্রবৃত্তি সমূহৰ সংশোধনঃ

    এজন শিশুৰ জন্মতে কিছুমান সহজাত প্রবৃত্তিৰে সংলগ্ন হৈ থাকে । এই প্রবৃত্তিসমূহক শুদ্ধৰণি কৰি উপযুক্ত কৰি তোলাটো হৈছে শিক্ষাৰ কাম ।

 

(ঙ) শিশুক সমাজমুখী কৰাঃ

    আমি সকলো মানৱে সমাজৰ মাধ্যমেৰেই বিকাশ লাভ কৰো আরু এই সমাজতে জীৱন নিৰ্বাহ । সেয়েহে শিক্ষাই নব্য শিশুগণক সমাজৰ প্রয়োজনীয় গুণাৱলীসমূহ প্রদান কৰি শিশুসকলক সমাজমুখী আরু সমাজৰ বাবে প্রয়োজনীয় এক ব্যক্তি স্বরূপে গঢ়ি তুলিব লাগে ।

 

(চ) সৰ্বাঙ্গীণ বিকাশ সাধন কৰাঃ

    এটি শিশুক নতুন পৰিৱেশ আরু পৰিস্থিতিৰ সৈতে সামঞ্জস্য কৰিবলৈ হ’লে শাৰীৰিক, মানসিক, আধ্যাত্মিক, নৈতিক, সামাজিক আদি সকলো দিশৰ জ্ঞান প্রদান কৰিব লাগিব । এই দিশত শিক্ষাই মূল ভূমিকা গ্রহণ কৰি শিশুৰ বাবে প্রয়োজনীয় সৰ্বাঙ্গীণ গুণ সমূহ বিকাশ সাধন কৰিব লাগে ।

    এইদৰে শিক্ষাই সকলো মানৱ শিশু আরু মানৱক, অজ্ঞাত আন্ধাৰৰ পৰা ৰশ্মিকৃত জ্ঞানৰ শিখাৰ মাধ্যমেৰে বিকশাই তুলি সমাজখনৰ এজন প্রয়োজনীয় ব্যক্তি হিচাপে গঢ় দি তুলিব লাগে ।

 

(গ) শিক্ষাৰ পৰিসৰ (Scope of Education)

উত্তৰঃ শিক্ষাৰ পৰিসৰ বুলিলে জন্মৰ পৰা মৃত্যু পৰ্যন্ত সকলো দিশকে সামৰি লয় । ইয়াৰ ভিতৰত উল্লেখ যোগ্য দিশসমূহ হ’ল-

(ক) শাৰীৰিক ক্ষেত্রঃ

    এৰিষ্টটলৰ মতে, ‘সুস্থ দেহতহে সুস্থ মানসিকতাৰ গঢ় লৈ উঠে’ । সেয়েহে, শিক্ষাই শাৰীৰিক দিশৰ সকলো দিশসমূহ সামৰি লৈছে আরু ইয়াৰ জ্ঞানৰ মাধ্যমেৰে মানৱ শৰীৰ সুস্থ-সবল কৰি ৰাখিবলৈ জ্ঞান প্রদান কৰিছে ।

 

(খ) মানসিক ক্ষেত্রঃ

    মন আটাইতকৈ বেগী বস্তু, যাক দেখা নাযায় কিন্তূ তাৰ অবিহনে মানৱ যেন অচল অৱস্থা মাত্র । আমাৰ মানসিক সকলো ৰোগ, প্রতিৰোধ, মানসিক ক্ষমতা, মানসিক নিৰাময়, মনোবল বৃদ্ধি, মানসিক জ্ঞান আদি মনৰ লগত জড়িত সকলো দিশৰ আলোচনা আরু জ্ঞান চৰ্চা শিক্ষাৰ পৰিসৰৰ অন্তৰ্গত ।

 

(গ) সামাজিক ক্ষেত্রঃ

    মানুহ সমাজ-প্রিয় প্রাণী আরু সমাজ অবিহনে মানুহ যেন বিকশিত নহয় । সমাজৰ নীতি, নিয়ম, আইন, কাণুন, আদি সকলো দিশক শিক্ষাই সামৰি লৈছে আরু শিক্ষাৰ মাধ্যমেৰেই নতুন প্রজন্মই পুৰণি সমাজৰ সকলো জ্ঞান ৰাজি পাবলৈ সক্ষম হৈছে ।

 

(ঘ) নৈতিক ক্ষেত্রঃ   

    নীতিশাস্ত্রৰ জ্ঞান অবিহনে মানৱ জাতিৰ কল্যাণ সাধন নহয় । নীতিৰ মাধ্যমেৰে কেনেদৰে এজন মানুহে সমাজৰ নিজকে আনন্দমনে আরু সু-পৰিকল্পিতভাৱে পৰিচালনা কৰিব পাৰে, ইয়াৰ জ্ঞান শিক্ষাই প্রদান কৰে ।

 

(ঙ) অর্থনৈতিক ক্ষেত্রঃ

    অৰ্থ অবিহনে মানুহৰ বৰ্তমান অচল অৱস্থা মাত্র । সেয়েহে। শিক্ষাই পৃথিৱী, দেশ, ৰাজ্য, নগৰ, গাওঁ আদিৰ অর্থৰ সকলো দিশক সামৰি আলোচনা কৰিছে আরু অর্থ কেনেদৰে প্রয়োগ কৰি উন্নতি সাধন কৰিব পাৰি তাৰ জ্ঞান প্রদান কৰিছে ।

 

(চ) ৰাজনৈতিক ক্ষেত্রঃ

    শিক্ষাই ৰাজনীতি (ৰজাৰ/মন্ত্রীৰ নীতি)ৰ লগত জড়িত থকা সকলো দিশক আলোচনা কৰিছে । যাৰ মাধ্যমেৰে, নতুন প্রজন্মই ৰাজতন্ত্র, গণতন্ত্র, সাৰ্বভৌমত্ব, অধিকাৰ, মৌলিক কৰ্তব্য, নাগৰিকত্ব আদিৰ ৰাজনৈতিক সাৰ্বিক জ্ঞান প্রাপ্ত হৈছে ।

 

(ছ) আধ্যাত্মিক ক্ষেত্রঃ

    শিক্ষাই আধ্যাত্মিক ক্ষেত্রৰ সন্দৰ্ভতো আলোচনা কৰিছে । শিক্ষাৰ মাধ্যমেৰে যুগ, ধর্ম, আদৰ্শ, কল্যাণ, দৰ্শন, আদিৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছে বিশেষকৈ “সত্যম শিৱম সুন্দৰম” (সত্যত থাকি কর্ম কৰা, ভগৱানৰ ওপৰত আশ্বাস ৰাখা, জীৱন সুন্দৰ হ’ব) আদিৰ দৰে জ্ঞানৰ বিষয় ৰাজিৰ সন্দৰ্ভত শিক্ষাই আলোচনা কৰিছে ।

    এনেদৰে শিক্ষাই মানৱ সমাজৰ সকলো লাগতিয়াল বিষয়সমূহ আলোচনা কৰিছে । যি পৰিসৰৰ মাধ্যমেৰে মানৱ জাতিয়ে দুপত-দুপে আগবাঢ়ি উন্নতিৰ জখলাত বগাবলৈ সক্ষম হৈছে ।  

 

 

# মুক্তিবাদ শিক্ষাৰ লক্ষ্য আরু বৃত্তিমুখী শিক্ষাৰ লক্ষ্যৰ মাজত থকা বিৰোধভাসখিনি নিৰ্ণয় কৰা(Determine the antagonism between liberal and vocational aim of Education)

অথবাঃ শিক্ষাৰ মুক্তিবাদ আরু বৃত্তিমূলক লক্ষ্য কি?

উত্তৰঃ মুক্তিবাদ শিক্ষাৰ লক্ষ্য আরু বৃত্তিমুখী শিক্ষাৰ লক্ষ্যৰ মাজত বহুতো বিৰোধভাস পৰিলক্ষিত হয় । ইয়াৰে উল্লেখযোগ্য দিশসমূহ হৈছে-

(ক) পুৰণি গ্রীক সমাজৰ মতে মুক্তিবাদ শিক্ষাৰ লক্ষ্যই মুক্ত নাগৰিকৰ ধাৰণা আরু বৃত্তিমুখী শিক্ষাৰ লক্ষ্যই দাসসকলৰ কারুকাৰ্য্যৰ জ্ঞান প্রদান কৰিছিল ।

 

(খ) মুক্তিবাদী শিক্ষাই ‘জিৰণি’ আরু বৃত্তিমুখী শিক্ষাই ‘কৰ্ম’ কৰা হিচাপে ‘শ্রমৰ বিভাজনৰ সৃষ্টি কৰাক বুজায় ।

 

(গ) মুক্তিবাদী শিক্ষাই ‘মুক্ত’ বা ‘প্রভু’ অর্থ প্রকাশ কৰেআনহাতে, বৃত্তিমুখী শিক্ষাই ‘চাকৰ’ বা ‘দাস’ৰ অর্থ প্রকাশ কৰে

 

(ঘ) মুক্তি শিক্ষাই কেনেকৈ বৌদ্ধিক দিশেৰে সময় অতিবাহিত কৰিব পাৰি, সেই সন্দৰ্ভত আলোচনা কৰে আরু বৃত্তিমুখী শিক্ষাই ব্যৱহাৰিক কৰ্মৰ মাজেৰে জীৱন অতিবাহিত কৰি সেই সম্পর্কে আলোচনা কৰে

 

(ঙ) মুক্তিবাদ শিক্ষাই বৌদ্ধিক জ্ঞান লাভ কৰাত সহায় কৰেএই শিক্ষাই বস্তুসমূহৰ সৃষ্টি অথবা উদ্ভাৱনী কলা-কৌশলৰ জ্ঞান প্রদান কৰে

    আনহাতে, বৃত্তিমুখী শিক্ষাই প্রশিক্ষণৰ পদ্ধতিৰ মাজেৰে কাৰ্যদক্ষতা বৃদ্ধি কৰি কোনো বৃত্তি বা কর্মত লিপ্ত হোৱা বুজায় ।

 

(চ) মুক্তিবাদ শিক্ষাই সামগ্রীৰ সৃষ্টিত আরু বৃত্তিমুখী শিক্ষাৰ লক্ষ্য হিচাপে সামগ্রীৰ প্রয়োগ সম্পর্কে জ্ঞান প্রদান কৰে

 

(ছ) মুক্ত শিক্ষা পদ্ধতিয়ে মানসিক, উচ্চ পৰ্যায়ৰ, স্বাধীনচিতীয়া আরু অধিক স্ব-নিৰ্ভৰশীলতাক জ্ঞান প্রদান কৰে

    আনহাতে, বৃত্তিমুখী শিক্ষাই ব্যৱহাৰিক শ্রমৰ জ্ঞান প্রদান কৰে

 

(জ) গ্রীক দাৰ্শনিক এৰিষ্ট’টলে এই দুই শিক্ষাৰ বিৰোধ হিচাপে ইয়াৰ ‘প্রাকৃতিক অনুসংগ’, ‘প্রকৃত অভ্যাস’, ‘সৃষ্টি’, ‘বাহ্যিক ফলাফল’ আদি দিশসমূহক আঙুলিয়াই দিছে ।

    তেওঁৰ মতে, শিক্ষাক ব্যৱসায়িক দৃষ্টিভংগীৰে আয়ত্ব বা আলোচনা কৰিলে তাক বৃত্তিমুখী শিক্ষা আরু জ্ঞানৰ আয়ত্বকৰণ বা জ্ঞান প্রদান কৰা অর্থত ইয়াক মুক্ত শিক্ষা বোলা হয় ।

 

(ঝ) গ্রীক সমাজৰ মতে, মুক্তিবাদ শিক্ষাৰ মূল লক্ষ্য হ’ল ‘মনক মুক্তভাৱে জানিবলৈ শক্তি দিয়া । মুক্তশিক্ষাৰ বিষয় সমূহ আছিল- ‘গণিত’, ‘ব্যাকৰণ’, ‘জ্যামিতি’, তর্কবিদ্যা, সংগীত, ‘ভৌতবিদ্যা’, ‘অলংকাৰ শাস্ত্র’ আদি যিবোৰ আহৰি সময় থকা মুক্ত নাগৰিকসকলক প্রদান কৰা হৈছিল

    আনহাতে, বৃত্তিমূলক শিক্ষাৰ মাধ্যমেৰে দাসসকলে বস্তুবোৰৰ সৃষ্টি কৰিছিল আরু অর্থনৈতিক দিশত অৰিহণা যোগাইছিল ।

(ঞ) মুক্তিবাদ শিক্ষাই সাংস্কৃতিক আরু মুক্ত দিশক সূচায় ।

    আনহাতে, বৃত্তিমূলক শিক্ষাই ব্যৱহাৰিক বৃত্তিসূচক দিশক সূচায় ।

 

 

# ব্যক্তিতান্ত্রিক শিক্ষা আরু সমাজতান্ত্রিক লক্ষ্যৰ মাজত পার্থক্য লিখা ।

অথবাঃ ব্যক্তিতান্ত্রিক লক্ষ্য বনাম সমাজতান্ত্রিক লক্ষ্য সম্বন্ধে এটি টোকা লিখা ।

(Write a note on Individualistic Vs. Sociolistic aim of education.)

অথবাঃ চমুটোকা লিখাঃ

# শিক্ষাৰ ব্যক্তিতান্ত্রিক লক্ষ্য ( Individualistic aim of education)

# শিক্ষাৰ সমাজতান্ত্রিক লক্ষ্য (Sociolistic aim of Education)

 

উত্তৰঃ ব্যক্তিতান্ত্রিক শিক্ষা আরু সমাজতান্ত্রিক লক্ষ্যৰ মাজত বহুতো পার্থক্য পৰিলক্ষিত হয় । ইয়াৰে উল্লেখযোগ্য দিশ সমূহ হৈছে-

(ক) ব্যক্তিতান্ত্রিক শিক্ষাই ব্যক্তি বিকাশৰ ওপৰত প্রাধান্য আৰোপ কৰে

    আনহাতে, সমাজতান্ত্রিক লক্ষ্যই সামাজিক বিকাশৰ ওপৰত প্রাধান্য দিয়ে ।

 

(খ) ব্যক্তিতান্ত্রিক শিক্ষাৰ লক্ষ্য হৈছে- ব্যক্তিসকলৰ উন্নতি সাধন কৰা

    আনহাতে, সমাজতান্ত্রিক শিক্ষাৰ লক্ষ্য হৈছে সমাজৰ দিশসমূহক উদ্‌গণি যোগোৱা ।

 

(গ) ব্যক্তিতান্ত্রিক শিক্ষা অনুসৰি ব্যক্তিৰ উন্নতিয়ে সমাজৰ বিকাশ ঘটায় ।

    আনহাতে, সমাজতান্ত্রিক শিক্ষা অনুসৰি সমাজৰ উন্নতিয়েহে ব্যক্তিৰ বিকাশ ঘটায় ।

 

(ঘ) ব্যক্তিতান্ত্রিক শিক্ষাৰ মতে ব্যক্তি অবিহনে সমাজ অচল অৱস্থা । সেয়েহে, ব্যক্তিতান্ত্রিক শিক্ষাই ব্যক্তিৰ বিকাশ সাধন কৰাতো আলোচনা কৰে

    আনহাতে, সমাজতান্ত্রিক শিক্ষাৰ অনুসৰি ‘সামাজিক পৰিৱেশক বাদ দিলে ব্যক্তি পৃথক অস্তিত্ব আরু ব্যক্তিত্ব সম্পূর্ণ অর্থহীন ।’

 

(ঞ) ব্যক্তিতান্ত্রিক শিক্ষাৰ লক্ষ্য হৈছে ব্যক্তিৰ মাধ্যমেৰে সামাজিক বিকাশ সাধন কৰা

    আনহাতে, সমাজতান্ত্রিক শিক্ষাৰ লক্ষ্য হৈছে সামাজিক জীৱ হিচাপে সমাজৰ বিকাশ সাধন কৰি ব্যক্তিৰ বিকাশ ঘটোৱা ।

 

(চ) ব্যক্তিতান্ত্রিক শিক্ষা অনুসৰি সমাজ গঢ়িবলৈ ব্যক্তিত্ব গঢ়ি তুলিব লাগে ।

    আনহাতে, সমাজতান্ত্রিক শিক্ষা অনুসৰি ব্যক্তিত্ব গঠন কৰিবলৈ সমাজৰ গঢ় দি তুলিব লাগে ।

 

# শিক্ষাৰ গণতান্ত্রিক লক্ষ্য কি? ইয়াৰ প্রয়োজনীয়তা সম্বন্ধে বৰ্ণনা কৰা

(What is Democratic aim of Education? Explain about its necessity)

উত্তৰঃ

    ‘গণ’ মানে মানুহ আরু ‘তন্ত্র’ মানে শাসনঅর্থাৎ গণতন্ত্র বুলিলে মানুহৰ দ্বাৰা মানুহকে শাসনৰ কথাক বুজায় । শিক্ষাৰ গণতান্ত্রিক লক্ষ্য বুলিলে আমি গণতন্ত্র আরু গণতান্ত্রিক শাসনৰ লগত জড়িত সকলো দিশৰ জ্ঞান বিশেষকৈ অধিকাৰ, স্বাধীনতা, সমতা, ভাতৃত্ববোধ, ন্যায়, শান্তি, সাৰ্বভৌমত্ব, মৌলিক কৰ্তব্য, আদিৰ জ্ঞান প্রদান কৰা

    শিক্ষাৰ গণতান্ত্রিক লক্ষ্যৰ প্রয়োজনীয়তা আছে । ইয়াৰ মূল দিশসমূহ হৈছে-

(ক) মৌলিক অধিকাৰ সম্পর্কে অৱগত কৰোৱাঃ

     শিক্ষাৰ গণতান্ত্রিক লক্ষ্য হিচাপে শিক্ষাৰ মাধ্যমেৰে যাতে শিক্ষাৰ্থীসকলে আমাৰ সমাজৰ লাগতিয়াল মৌলিক অধিকাৰ সম্পর্কে অৱগত হ’ব পাৰে তাৰ ব্যৱস্থা কৰা হয় ।

 

(খ) মৌলিক কৰ্তব্য সন্দৰ্ভত সচেতন কৰি তুলাঃ

    গণতান্ত্রিক শিক্ষাৰ মাধ্যমেৰে আমাৰ মৌলিক কৰ্তব্যসমূহক জনাত সহায় কৰে । বিশেষকৈ, জাতীয় পতাকাৰ প্রতি সন্মান প্রদৰ্শন, দেশৰ সেৱাৰ বাবে আহ্বান কৰিলেই আগবাঢ়ি যোৱা, সমাজৰ হকে কাম কৰা, সামাজিক অনুষ্ঠান আরু বিষয়বস্তুক সংৰক্ষণ আরু সুৰক্ষা প্রদান কৰা, আদি গণতান্ত্রিক শিক্ষাৰ মাধ্যমেৰে দিয়া হয় ।

 

(গ) নাগৰিকৰ অধিকাৰ আরু কৰ্তব্য বিষয়ে সজাগ কৰাঃ

    এজন নাগৰিকৰ বাবে উপলব্ধ অধিকাৰ আরু কৰ্তব্যসমূহক অৱগত আরু সজাগ কৰাও আন এক উল্লেখনীয় গণতান্ত্রিক শিক্ষাৰ লক্ষ্য ।

 

(ঘ) মনত ভাতৃত্ববোধ জগাই তুলাঃ

    ভাৰত এখন অনৈক্যৰ দেশ অর্থাৎ বিভিন্ন জাতি, বৰ্ণৰ, ধর্ম, ভাষা আদিৰে পৰিপুষ্ট দেশ । এই অনৈক্যৰ মাজত ঐক্য সাধনৰ প্রয়াস হিচাপে গণতান্ত্রিক শিক্ষাই মুখ্য ভূমিকা গ্রহণ কৰে ।

 

(ঙ) সংবিধান সম্পর্কে সম্যক জ্ঞান প্রদান কৰাঃ

    সংবিধানত বিভিন্ন নীতি আরু আদৰ্শ উপলব্ধ আছে । এই জ্ঞানৰাজি প্রদান কৰাতো গণতান্ত্রিক শিক্ষাৰ এক মূল লক্ষ্য ।

 

(চ) সংবিধানৰ কাৰ্যকাৰিতা সম্পর্কে অৱগত কৰাঃ

    ভাৰত ৰাষ্ট্রখন সংবিধানৰ নীতি আরু আদৰ্শত পৰিচালিত হৈ আছে । সেয়েহে, সংবিধানৰ কাৰ্যকাৰিতা সম্পর্কে অৱগত কৰাত গণতান্ত্রিক শিক্ষাই মুখ্য ভূমিকা গ্রহণ কৰিছে ।

 

(ছ) ৰাজনৈতিক বিজ্ঞানৰ জ্ঞান অৰ্পণ কৰাঃ

    ৰাজনীতিৰ বিভিন্ন শাখা আরু প্রশাখা আছে যিবোৰৰ জ্ঞান লাভ কৰাতো এজন সামাজিক মানুহ হিচাপে অতি প্রয়োজনীয় । সেয়েহে, গণতান্ত্রিক শিক্ষাৰ মাধ্যমেৰে ৰাজনীতি বিজ্ঞানৰ লাগতিয়াল দিশসমূহক জনাত প্রয়াস কৰিছে ।

 

(জ) কাৰ্যপালিকা আরু ন্যায়পালিকাৰ ভূমিকা সন্দৰ্ভত জ্ঞান প্রদান কৰাঃ

    আমাৰ দেশখনৰ মূল ভূমিকা হিচাপে কাৰ্যপালিকা আরু ন্যায়পালিকাই কাৰ্য কৰি আছে । ইয়াৰ সম্যক জ্ঞান প্রদান কৰাতো গণতান্ত্রিক শিক্ষাৰ আন এক লক্ষ্য ।

(ঝ) ৰাষ্ট্র পৰিচালনাত নাগৰিকৰ গুরুত্ব সম্পর্কে সজাগ কৰাঃ 

    এখন ৰাষ্ট্র সুস্থ-সবলভাৱে পৰিচালিত হ’বলৈ সকলো নাগৰিকৰ অংশগ্রহণ আরু সহায়ৰ প্রয়োজনীয়তা আছে । এই সহায়ক কেনেদৰে হ’ব পাৰি আরু ইয়াৰ কাৰ্যকাৰিতা সম্পর্কে জ্ঞান প্রদান কৰাতো গণতান্ত্রিক শিক্ষাৰ লক্ষ্য ।

 

(ঞ) আমাৰ জীৱনত গণতন্ত্র আরু ৰাজনীতিৰ প্রয়োজনীয়তা সম্পর্কে সজাগ কৰাঃ

    সমাজত সুস্থভাৱে বসবাস কৰাৰ অর্থে, আমাৰ জীৱনত গণতন্ত্র আরু ৰাজনীতিৰ প্রয়োজনীয়তা আছে । এই জ্ঞান ৰাজিৰ জ্ঞান প্রদান কৰাতো গণতান্ত্রিক শিক্ষাৰ আন এক মুখ্য লক্ষ্য ।

    এনেদৰে গণতান্ত্রিক শিক্ষাৰ বিভিন্ন লক্ষ্য আরু উদ্দেশ্যৰ মাধ্যমেৰে সমাজৰ প্রয়োজনীয় গণতান্ত্রিক জ্ঞান ৰাজি শিক্ষার্থীবৃন্দক শিক্ষাৰ মাধ্যমেৰে প্রদান কৰা হয় ।  

 

# আনুষ্ঠানিক শিক্ষা কি? আনুষ্ঠানিক শিক্ষাৰ অনুষ্ঠান হিচাপে বিদ্যালয়ৰ ভূমিকা বৰ্ণনা কৰা

What is Formal Education? Explain the role of school as an agency of formal education.

উত্তৰঃ আনুষ্ঠানিক শিক্ষা হৈছে নিৰ্ধাৰিত নিয়ম প্রণালী, পৰিকল্পনাসূচক সময়সূচী, নিৰ্ণায়ক পাঠ্যক্রম, সু-পৰিকল্পিত পৰীক্ষা, অনুশাসন মাধ্যম, আদি সচেতন আরু স্বতঃস্ফূৰ্ত পৰিকল্পনাৰ মাধ্যমেৰে এক নিৰ্দিষ্ট উদ্দেশ্যত উপনীত হোৱাৰ বাবে বিদ্যালয় বা আন অনুষ্ঠানৰ মাধ্যমেৰে প্রদান কৰা এক শিক্ষা ব্যৱস্থা ।

    আনুষ্ঠানিক শিক্ষাৰ অনুষ্ঠান হিচাপে বিদ্যালয়ৰ অভুতপূৰ্ব ভূমিকা আছে । ইয়াৰ উল্লেখনীয় দিশসমূহ হৈছে-

(ক) একমাত্র অনুষ্ঠান স্বরূপেঃ

    বিদ্যালয় হৈছে একমাত্র অনুষ্ঠান যাৰ মাধ্যমেৰে শিশুসকলক সমাজৰ এজন উপযোগী মানুহ হিচাপে প্রস্তুত কৰাৰ বাবে শিক্ষা প্রদান কৰে ।

 

(খ) সৰ্বাঙ্গীণ উন্নতি সাধনৰ অনুষ্ঠান হিচাপেঃ

    বিদ্যালয় হৈছে এক অন্যতম অনুষ্ঠান য’ত শিশুসকলৰ শাৰীৰিক, মানসিক আরু বৌদ্ধিক ক্ষমতাৰ বিকাশ সাধন কৰা হয় ।

 

(গ) শিক্ষাৰ গতিশীল প্রক্রিয়াৰ মাধ্যমঃ

    শিক্ষা হৈছে এক গতিশীল প্রক্রিয়া । বিভিন্ন সময়ত, বিভিন্ন পৰ্যায়ত প্রয়োজনীয় হোৱা নানা ৰকমৰ শিক্ষাৰ যোগান বিদ্যালয়সমূহে প্রদান কৰে ।

 

(ঘ) জীৱনৰ সৈতে যোগসূত্র স্থাপনৰ কেন্দ্রঃ

    বিদ্যালয় সমূহে অনুষ্ঠানিকভাৱে সকলো শিশু আরু শিক্ষাৰ্থীসকলক জটিল জীৱনৰ বিভিন্ন সন্ধিক্ষণৰ বাবে যোগসূত্র স্থাপনৰ ক্ষেত্রত মুখ্য ভূমিকা গ্রহণ কৰে ।

 

(ঙ) শিশুৰ সামাজিকৰণৰ উত্তম মাধ্যমঃ

    শিশুসকলক সমাজৰ সৈতে সমাযোজনৰ বাবে বিদ্যালয়বোৰ হৈছে এক উত্তম আনুষ্ঠানিক ব্যৱস্থা । ইয়াৰ মাধ্যমেৰে শিশুসকলে সমাজৰ সৈতে জড়িত হ’ব পৰাকৈ জ্ঞান আরু গুণাৱলী আয়ত্ব কৰিব পাৰে ।

 

(চ) জ্ঞানৰ সংৰক্ষণকাৰী অনুষ্ঠানঃ

    বিদ্যালয়বোৰৰ আন এক গুরুত্বপূর্ণ দিশ হৈছে- জ্ঞানৰ সংৰক্ষণ বিদ্যালয়সমূহৰ নীতি আরু জ্ঞানৰ মাধ্যমেৰে এক প্রজন্মৰ জ্ঞান আন প্রজন্মলৈ সংৰক্ষণ কৰাত সহায় কৰে ।

 

(ছ) সমাজৰ কু-সংস্কাৰ দূৰীকৰণৰ কেন্দ্রঃ

    বিদ্যালয়সমূহৰ মাধ্যমেৰে সমাজত প্রচলিত অন্ধবিশ্বাস, কু-সংস্কাৰ, দুৰ্নীতি আদি সমাজৰ ময়লাবোৰ আতৰ কৰাৰ প্রয়াস কৰা হয় ।

 

(জ) আচৰণৰ সংশোধনৰ মুখ্য কেন্দ্রঃ

    শিশুসকলৰ আচৰণৰ সংশোধন কৰি বিদ্যালয় বোৰে শিশুসকলক শুদ্ধ আরু গ্রহণযোগ্য আচৰণসমূহ প্রদান কৰে ।

 

(ঝ) সুপ্ত প্রতিভাৰ কেন্দ্র হিচাপেঃ

    বিদ্যালয়বোৰে শিশু আরু শিক্ষাৰ্থীসকলৰ সুপ্ত প্রতিভাসমূহ বিকশাই তুলি সমাজত প্রচলন আরু প্রসাৰিত কৰাত ভূমিকা গ্রহণ কৰে ।

 

(ঞ) অনৈক্যৰ মাজত ঐক্যৰ সাধনৰ কেন্দ্রঃ

    বিদ্যালয়সমহত বিভিন্ন জাতি, ধর্ম, সম্প্রদায়, বৰ্ণ, ভাষা আদিৰ ছাত্র-ছাত্রীসকল একগোট হয় । ইয়াৰ মাধ্যমেৰে ছাত্র-ছাত্রীসকলে এনে অনৈক্যৰ মাজত ঐক্য সাধন কৰাৰ সুযোগ লাভ কৰে ।

    এনেদৰে বিদ্যালয়বোৰে বিভিন্ন শিক্ষা আরু জ্ঞানৰ মাজেৰে এক অনুষ্ঠান হিচাপে সমাজত মুখ্য ভূমিকা গ্রহণ কৰি আছে ।

 

# অনানুষ্ঠানিক শিক্ষা কি? ইয়াৰ স্বরূপ সম্বন্ধে বৰ্ণনা কৰা ।

What is Informal Education? Explain about its nature.

অথবাঃ অগতানুগতিক শিক্ষা কি? ইয়াৰ লক্ষ্যবোৰ উল্লেখ কৰা

What is non-formal education? Mention its objectives.

অথবাঃ অগতানুগতিক শিক্ষাৰ সংজ্ঞা দিয়া । ইয়াৰ কি প্রয়োজন ? বহলাই লিখা ।

Define Non-formal education. Why is it necessary? Write elaborately.

 

অথবাঃ চমুটোকা লিখাঃ

# অনানুষ্ঠানিক শিক্ষা (Informal Education)

# অগতানুগতিক শিক্ষা (Non-Formal Education)

 

উত্তৰঃ যি শিক্ষাব্যৱস্থাৰ মাধ্যমেৰে আনুষ্ঠানিক শিক্ষাৰ প্রতিবন্ধক আরু ক্রটীসমূহ দুৰীকৰণৰ উদ্দেশ্যে সকলো ল’ৰা-ছোৱালী আরু নাগৰিকৰ বাবে অনানুষ্ঠানিকভাৱ শিক্ষা প্রক্রিয়া তৈয়াৰ কৰা হৈছে, সেই শিক্ষাব্যৱস্থাক অনানুষ্ঠানিক শিক্ষা বুলি কোৱা হয় ।

    অগতানুগতিক শিক্ষা হৈছে এক জীৱনৰ আনুষংগিক শিক্ষা আরু এক আনুষ্ঠানিকতাবিহীন শিক্ষা । এই শিক্ষাত কোনো বিশেষ অনুষ্ঠান, বিশেষ পূৰ্বপৰিকল্পিত আঁচনি, আরু বিশেষ লক্ষ্যৰ প্রয়োজন নহয় । এই শিক্ষাৰ একমাত্র উদ্দেশ্য হৈছে- বিভিন্ন লোকসকলক সামাজিক জীৱন-যাপনৰ বাবে প্রয়োজনীয় জ্ঞান, অভিজ্ঞতা, দক্ষতা আরু শিক্ষা প্রদান কৰা ।


অগতানুগতিক শিক্ষাৰ সংজ্ঞাঃ

এ. চন্দ্র আরু এ. চাহৰ মতে- “অগতানুগতিক শিক্ষা হ’ল- আনুষ্ঠানিক শিক্ষাৰ ব্যৱস্থাৰ বাবে আমোলাতান্ত্রিক পৰিকাঠামোৰ/নীতি-নিয়মৰ বাহিৰত উন্নত জীৱনধাৰণাৰ বাবে গ্রহণ কৰা শিক্ষা ।” (According to A. Chandra and A. Shah- “Non-formal education is the education for better living to be imparted outside the bureaucratic structure for the formal education system”)


এল. দাসৰ মতে- “অগতানুগতিক শিক্ষা হ’ল সেই শিক্ষাব্যৱস্থা যি ইচ্ছাকৃতভাৱে সমাজৰ দ্বাৰা সংগঠিত হয় আরু যি নিজস্ব কাৰ্য কৰে বা ঘটনামূলক শিক্ষাৰ দ্বাৰা পৰিপূৰক হয় ।” 
(According to L. Das- “Non-formal Education is that educational system which is deliberately organize by the society and which functions on their own or supplemented by incidental education”  )   

 

এই শিক্ষাৰ বিভিন্ন বৈশিষ্ট্যৰে পৰিপুষ্ট । এইবোৰৰ ভিতৰত উল্লেখযোগ্য বৈশিষ্ট্যসমূহ/ লক্ষ্য বা উদ্দেশ্যসমূহ/গুরুত্বসমূহ/স্বরূপসমূহ/ প্রয়োজনসমূহ হ’লঃ

(ক)জীৱনব্যাপি প্রক্রিয়া হিচাপে শিক্ষাঃ

অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা সকলো লোকৰ বাবে গোটেই জীৱনকালটোৰ সময়সীমাত গ্রহণ কৰিব পৰা এক শিক্ষা ব্যৱস্থা । অর্থাৎ আনুষ্ঠানিক বা গতানুগতিক শিক্ষাতকৈ এই শিক্ষাৰ সময়সীমা অধিক । 

(খ)সকলোৰে বাবে শিক্ষাঃ

    অগতানুগতিক/অনানুষ্ঠানিক শিক্ষাৰ মাধ্যমসমূহ সকলো লোকৰ বাবে সুৰক্ষিত আরু সহজলভ্য শিক্ষা গ্রহণৰ এক প্রচেষ্টা আনুষ্ঠানিক বা গতানুগতিক শিক্ষা ব্যৱস্থাৰ দৰে ইয়াত বয়সৰ সময়সীমা নাই

(গ)নমনীয় শিক্ষা ব্যৱস্থাঃ

    অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাসমূহ অতি নমনীয় অর্থাৎ জটিলতাহীন । এই শিক্ষাত গতানুগতিক শিক্ষা ব্যৱস্থাৰ দৰে কোনো আৱশ্যকীয়/বাধ্যবাধকতা নীতি-নিয়ম নাই ।

(ঘ)চাহিদা ভিত্তিক শিক্ষাঃ

    অগতানুগতিক শিক্ষা সকলো ব্যক্তি আরু সমাজৰ বাবে এক লেখতলবলগীয়া চাহিদা ভিত্তিক শিক্ষাৰ মাধ্যম । এই শিক্ষা অতি কম খৰচতে/ব্যয়তে গ্রহণ/অর্জন কৰিব পাৰি ।

 

(ঙ)ব্যৱহাৰিক আরু কাৰ্যকৰী শিক্ষা ব্যৱস্থাঃ

    অগতানুগতিক শিক্ষা/অনানুষ্ঠানিক, অধিক ব্যৱহাৰিক আরু কার্যকৰী শিক্ষা হিচাপে প্রতিষ্ঠিত হৈছে ।

(চ)মিতব্যয়ি শিক্ষা ব্যৱস্থাঃ

    অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা, গতানুগতিক শিক্ষাব্যৱস্থাতকৈ অধিক মিতব্যয়ি অর্থাৎ কম খৰচতে এই শিক্ষাসমূহ অর্জন কৰিব পাৰি

(ছ)এই শিক্ষা পৰীক্ষাকেন্দ্রিক কেন্দ্রিক নহয়ঃ

    অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা, গতানুগতিক শিক্ষাৰ দৰে পৰীক্ষাকেন্দ্রিক নহয় । এই শিক্ষাত জ্ঞান আহৰণ কৰাত অধিক গুরুত্ব আৰোপ কৰে

(জ)স্বতঃস্ফূর্ত আরু সুপৰিকল্পিতঃ

    অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা শিক্ষার্থীবৃন্দৰ বাবে গতানুগতিক শিক্ষাতকৈ অধিক স্বতঃস্ফূর্ত আরু সুপৰিকল্পিতভাৱে স্থাপন কৰা হৈছে ।

(ঝ)কর্মদক্ষতা আরু বৃত্তিমূলক শিক্ষাঃ

    অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা শিক্ষার্থীসকলক কর্মদক্ষতা গঢ়ি তুলা আরু বৃত্তিমূলক শিক্ষাপ্রদানত অধিক ফলপ্রসূ আরু সফল হৈছে ।

(ঞ)প্রাপ্তবয়স্কসকলৰ বাবেও শিক্ষাঃ

    অগতানুগতিক/অনানুষ্ঠানিক শিক্ষাৰ মাধ্যমে গতানুগতিক শিক্ষাৰ মাধ্যমৰ সময়সীমা নেওচি প্রাপ্তবয়স্ক সকলৰ বাবে শিক্ষা গ্রহণৰ সুবিধা কৰি দিছে ।

(চ) শিক্ষাৰ সার্বজনীনকৰণত ভূমিকাঃ

    অগতানুগতিক/অনানুষ্ঠানিক শিক্ষাৰ মাধ্যমেৰে অধিক ফলপ্রসূভাৱে শিক্ষাৰ সার্বজনীনকৰণত গুরুত্ব লাভ কৰিছে ।

 

(ছ) শৈক্ষিক আরু অর্থনৈতিক প্রয়োজন পূৰণঃ

    অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা শিক্ষার্থীসকলৰ বাবে গতানুগতিক শিক্ষাতকৈ অধিক শৈক্ষিক আরু অর্থনৈতিক প্রয়োজনসমূহ পূৰণত সফল রূপায়ণ হৈছে ।

(জ)সমাজৰ নিষ্পেষিত লোকসকলৰ শিক্ষাঃ

    অগতানুগতিক/অনানুষ্ঠানিক শিক্ষাৰ মাধ্যমেৰে গতানুগতিক শিক্ষাতকৈ অধিক সফলরূপায়ণৰে সমাজৰ নিষ্পেষিত লোকসকলৰ বাবে শিক্ষা লাভ কৰাত উদ্গনি লাভ কৰিছে ।

    এইদৰে অনানুষ্ঠানিক বা অগতানুগতিক শিক্ষাই শিক্ষা জগতৰ এক আধুনিকতা আরু নব্য উন্নতিৰ প্রদীপ জ্বলোৱাত সফল হৈছে ।




শিক্ষাৰ প্রয়োজনীয়তা সম্পর্কে এটা টোকা লিখা

বা শিক্ষাৰ প্রয়োজনীয়তা সম্পর্কে আলোচনা কৰা

বা শিক্ষাৰ প্রয়োজনীয়তা সম্পর্কে এক ৰচনা যুগুত কৰা ।   

উত্তৰঃ

  শিক্ষা হ’ল এক জীৱন-জুৰা প্রক্রিয়া যি জন্মৰ পৰা মৃত্যু পৰ্যন্ত অব্যাহত থাকে । প্লেটোৰ মতে, ‘শিক্ষা হ’ল উপযুক্ত সময়ত সুখ-দুখ অনুভৱ কৰিব পৰা ক্ষমতা ।’ এৰিষ্টটলে কৈছে, “শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে” জন ডিউইৱে শিক্ষা দিশটোক অভিজ্ঞতাৰ পুনৰ নিৰ্মাণ বুলি অভিহিত কৰিছে । জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছে, “শিক্ষাৰ জৰিয়তে মই শিশুৰ দৈহিক, মানসিক, আধ্যাত্মিক আদি সকলো ধৰণৰ বিকাশৰ কথাকে বুজো ।” সেয়েহে আমাৰ জীৱনত শিক্ষাৰ প্রয়োজনীয়তা সর্বাধিক । শিক্ষাৰ আন আন প্রয়োজনীয়তাসমূহ তলত উল্লেখ কৰা হ’ল ।

 

শিক্ষা হ’ল জীৱনজুৰি চলি থকা প্রক্রিয়া (Education is a lifelong Process) :

শিক্ষাবিদ জন ডিউইৰ মতে, “শিক্ষা হ’ল জীৱন ব্যাপি চলা এক অন্তহীন প্রক্রিয়া(Education is a lifelong process of development)দাৰ্শনিক হোৱাইটহেডেওৰ মতে, “শিক্ষাৰ একমাত্র বিষয় হ’ল সৰ্বতোপ্রকাৰে প্রকাশিত জীৱন” । ডামভিলৰ মতেও ‘নিচেই কেঁচুৱা অৱস্থাৰ পৰা মৃত্যু কাললৈকে ব্যক্তিৰ ওপৰত প্রভাৱ পেলোৱা সমস্ত অভিজ্ঞতাই শিক্ষাৰ অন্তৰ্ভুক্ত’ ।

    সেয়েহে, শিক্ষা হ’ল- পৰিপূৰ্ণ জীৱন-যাৱনৰ বাবে প্রস্তুতি (Preparation for complete living is education) শিশুৰ জন্মৰ সময়ত থকা প্রবৃত্তিসমূহ সু-পৰিকল্পিত নহয় । লগতে, এই সুপ্ত প্রতিভাসমূহক বিকশাই তুলাতো নিতান্তই প্রয়োজন । শিশুসকলৰ শাৰিৰীক, সামাজিক, মানসিক, সাংস্কৃতিক, আধ্যাত্মিক, সহানুভূতি, আচৰণৰ সংশোধন আদি সকলোবোৰ গুণৰ বিকশিত কৰিবৰ অৰ্থে শিক্ষাইহে মুখ্য ভূমিকা গ্রহণ কৰে শিক্ষাৰ মাধ্যমেৰেই শিশুৱে এই গুণসমূহৰ বিকাশ সাধন কৰিব পাৰেযেতিয়া এই গুণ সমূহৰ বিকাশ সাধন হয় তেতিয়া এজন মানুহ হিচাপে সমাজত প্রতিষ্ঠিত হয় । তথাপি শিক্ষাৰ অন্ত নহয়, ই মৃত্যু পৰ্যন্ত চলি থাকে ।

    মানুহৰ জীৱনত প্রত্যেক দিনাই নতুন নতুন সমস্যাৰ সৈতে সন্মুখিন হ’ব লগা হয় । এই সমস্যা সমূহৰ সমাধানৰ মূল মন্ত্র হৈছে শিক্ষা । এই শিক্ষা অভিজ্ঞ পুৰণা মানুহৰ জৰিয়তে নতুন প্রজন্মই লাভ কৰেইয়াৰ সমসাময়িকভাৱে, নতুন শিক্ষাৰ অগ্রগতিয়ে নব্য সমস্যাৰাজিৰ সমাধানৰ বাটো মানুহৰ বাবে মুকলি হৈছে । লগতে, প্রত্যেক দিনাই মানুহে নতুন নতুন শিক্ষাৰ অভিজ্ঞতা অৰ্জন কৰেআনকি মৃত্যুৰ আগক্ষণতো মানুহে নতুন শিক্ষা লাভ কৰে

 

শিক্ষা হ’ল জীৱনৰ প্রস্তুতি প্রক্রিয়া (Education is a process of preparation for life):

    জীৱনটো বহু জটিল পৰিস্থিতিৰে সংঘটিত হয় । এই জটিলতাৰ মাজেৰে সমস্যাসমূহক আতৰাই আগুৱাই যোৱাৰ নিমিত্তে শিক্ষা হ’ল এক অন্যতম অস্ত্র । শিক্ষাৰ মাধ্যমেৰে নানা সমস্যাৰ সমাধান বা সমাধা কৰাত সফল লাভ কৰিব পাৰিজন্মৰ সময়ত শিশু সকলৰ মন এখন বগা কাগজৰ দৰে খালী থাকে । তেওঁলোকৰ বাবে জীৱনৰ যুঁজত আগ্রাসন হবৰ বাবে প্রস্তুতিৰ প্রয়োজন হয় । এই প্রস্তুতি সাধাৰণতে শাৰীৰিক, মানসিক, আবেগিক, প্রজ্ঞাতম, সমাযোজন, আদি সকলো দিশতে নিতান্ত প্রয়োজন । শিক্ষাৰ মাধ্যমেৰেহে এই প্রায়বোৰ গুণ সমৃদ্ধি কৰিবলৈ সক্ষম হয় ।

জীৱনৰ প্রথম শিক্ষা গুরু হিচাপে মাতৃ আরু পিতৃয়ে, শিশুসকলক শাৰীৰিক শিক্ষা, ভাষা শিক্ষা, সমাযোজন শিক্ষা আদি প্রদান কৰেক্রমান্বয়ে বৃদ্ধি আরু বিকাশ হোৱাৰ লগে লগে শিক্ষাগুরুসকলে তেওঁলোকৰ পূৰ্ব অভিজ্ঞতাৰ মাধ্যমেৰে বিভিন্ন জ্ঞানৰাজিৰ সহায়ত শিশুসকলক জীৱনৰ বিভিন্ন পৰিস্থিতিৰ বাবে প্রস্তুতি কৰি তুলে । লাহে লাহে শিশুসকলে নিজে পঢ়িব পৰাৰ পিছত, পাঠ্যপুথিৰ মাধ্যমেৰে বিভিন্ন শিক্ষাৰ জ্ঞান অৰ্জন কৰে আরু জীৱনৰ জটিল ক্ষণৰ বাবে নিজকে প্রস্তুত কৰি তুলে ।

 

 

 

শিক্ষা হ’ল এক প্রচণ্ড শক্তিৰ বিকাশ প্রক্রিয়া (Education is a process of tremendous power of development):

মহাত্মা গান্ধীৰ মতে শিক্ষা হ’ল- শিশুৰ অন্তনিৰ্হিত আরু সুপ্ত শাৰীৰিক, মানসিক আরু প্রজ্ঞাত্মক বিকাশ । স্বামী বিবেকান্দৰ মতে- মানুহৰ অন্তনিৰ্হিত পূৰ্ণতাৰ স্পষ্ট প্রকাশেই হৈছে শিক্ষা । শিক্ষাই প্রত্যেক শিশুৰ বাবে এক প্রচণ্ড শক্তি প্রদান কৰেএই শক্তিৰ মাধ্যমেৰে শিশুসকলে ক্রমান্বয়ে বৃদ্ধি আরু বিকাশ সাধনত সফল হয় । জন্মৰ সময়ত শিশুসকলৰ কিছুমান জন্মজ গুণ অন্তনিৰ্হিত হৈ থাকে । এই আচৰণসমূহক সংশোধন কৰি প্রয়োজনীয় আরু লাগতিয়াল আচৰণ প্রদান কৰাৰ দিশত শিক্ষাৰ জৰিয়তেহে সম্ভৱ হৈ উঠে । শিক্ষাই শিশুসকলৰ বিভিন্ন আচৰণসমূহৰ সংশোধন কৰি বিকশিত কৰি তুলে ।

শিক্ষাৰ জৰিয়তে শিশুসকলে বিভিন্ন সজাগ আরু সচেতনতা গঢ়ি তুলে যাৰ সহায়েৰে তেওঁলোকে নিজকে জীৱন যুঁজৰ বাবে সাঁজু কৰেশিক্ষাৰ মাধ্যমেৰেই শিশুসকলে ভাষা শিক্ষাৰ আয়ত্ব কৰে আরু সমাজৰ সৈতে সমাযোজন কৰাত সফল হয় । পৰিয়াল আরু সমাজৰ পৰা লাভ কৰা শিক্ষাই সমাজত এজন সু-প্রতিষ্ঠ ব্যক্তি হিচাপে গঢ়ি তুলাত সহায়ক হয় । শিক্ষানুষ্ঠানৰ শিক্ষাৰ মাধ্যমেৰে নিজকে যোগ্য কৰি তুলি বিভিন্ন অনুষ্ঠানসমূহৰ বাবে এক মানৱ সম্পদ হিচাপে প্রতিষ্ঠিত হয় । জীৱনৰ আন আন বিভিন্ন অভিজ্ঞতাৰ মাধ্যমেৰে যি শিক্ষা অৰ্জন কৰে সেই শিক্ষাৰ জৰিয়তে জটিল জীৱনৰ লগত যুজ কৰাত অগ্রগতি হয় ।

 

শিক্ষাৰ কাম (Function of Education:

শিক্ষাৰ কাম বুলিলে আমাৰ বাস্তৱিক জীৱনৰ বাবে প্রয়োজনীয় সকলো জ্ঞান ৰাজিক সামৰিব পৰা যায় । ইয়াৰ ভিতৰত উল্লেখযোগ্য দিশসমূহ হৈছে-

(ক) অভিজ্ঞতাসমূহৰ সংৰক্ষণ আরু প্রসাৰঃ

     বাস্তৱিক জীৱন পৰিচালিত কৰিবলৈ আমাক বহুতো অভিজ্ঞতাৰ প্রয়োজন হয় । এই অভিজ্ঞতা সমূহ শিক্ষাৰ মাধ্যমেৰে নতুন প্রজন্মক দিব পৰা যায় বা নতুন প্রজন্মই লাভ কৰে

 

 

(খ) বাস্তৱিক পৰিৱেশৰ সৈতে সামঞ্জস্য ৰক্ষাঃ

     আমাৰ বাস্তৱিক পৰিৱেশৰ সৈতে সামঞ্জস্য ৰক্ষা কৰিবলৈ জ্ঞানৰ প্রয়োজন হয় । এই জ্ঞানৰাজিও শিক্ষাৰ মাধ্যমেৰে পাব পৰা যায় ।

 

 

(গ) সুপ্ত প্রতিভা আরু গুণাৱলীৰ বিকাশ সাধন কৰাঃ

     এজন শিশুৰ লগত সংগত থকা সুপ্ত প্রতিভা আরু গুণাৱলীৰ বিকাশ সাধন কৰা শিক্ষাৰ আন এক উল্লেখনীয় কাম । শিক্ষাৰ মাধ্যমেৰে সুপ্ত প্রতিভা সমূহ জগাই তুলি তাক শুদ্ধৰণি কৰি প্রয়োজনীয় জ্ঞান ৰাজিৰ মাধ্যমেৰে সাফল্য মণ্ডিত কৰিব পৰা যায়

 

(ঘ) সহজাত প্রবৃত্তি সমূহৰ সংশোধনঃ

     এজন শিশুৰ জন্মতে কিছুমান সহজাত প্রবৃত্তিৰে সংলগ্ন হৈ থাকে । এই প্রবৃত্তিসমূহক শুদ্ধৰণি কৰি উপযুক্ত কৰি তোলাটোয়েই হৈছে শিক্ষাৰ কাম ।

 

(ঙ) শিশুক সমাজমুখী কৰাঃ

     আমি সকলো মানৱে সমাজৰ মাধ্যমেৰেই বিকাশ লাভ কৰো আরু এই সমাজতে জীৱন নিৰ্বাহ কৰোসেয়েহে শিক্ষাই নব্য শিশুগণক সমাজৰ প্রয়োজনীয় গুণাৱলীসমূহ প্রদান কৰি শিশুসকলক সমাজমুখী আরু সমাজৰ বাবে প্রয়োজনীয় এক ব্যক্তি স্বরূপে গঢ়ি তুলে

 

(চ) সৰ্বাঙ্গীণ বিকাশ সাধন কৰাঃ

     এটি শিশুক নতুন পৰিৱেশ আরু পৰিস্থিতিৰ সৈতে সামঞ্জস্য কৰিবলৈ হ’লে শাৰীৰিক, মানসিক, আধ্যাত্মিক, নৈতিক, সামাজিক আদি সকলো দিশৰ জ্ঞান প্রদান কৰিব লাগিবএই দিশত শিক্ষাই মূল ভূমিকা গ্রহণ কৰি শিশুৰ বাবে প্রয়োজনীয় সৰ্বাঙ্গীণ গুণ সমূহ বিকাশ সাধন কৰিব লাগে ।

 

 

     এইদৰে শিক্ষাই সকলো মানৱ শিশু আরু মানৱক, অজ্ঞাত আন্ধাৰৰ পৰা ৰশ্মিকৃত জ্ঞানৰ শিখাৰ মাধ্যমেৰে বিকশাই তুলি সমাজখনৰ এজন প্রয়োজনীয় ব্যক্তি হিচাপে গঢ় তুলে । সেয়েহে শিক্ষাৰ প্রয়োজনীয়তা সদায়েই অব্যাহত থাকিব আরু শিক্ষাৰ অবিহনে মানৱ জাতি চকু থাকিও অন্ধ । 


updating.............