ভগৱান, ( A Poem)


প্রভু
     - পদ্মেশ্বৰ বৰা

হে প্রভু দয়াময়, কৰুণা সাগৰ
সৰ্বদিশে স্থিত তুমি, আছা চৰাচৰ ।।

ত্রিভূৱনৰ পতি তুমি, জ্ঞাত সৰ্বক্ষণে ।
ঠাই দিয়া প্রভু তুমি, তোমাৰ চৰণে ।।

সৰ্বজীৱ শৰীৰতে তোমাৰে স্থিতাপি ।
অজ্ঞাত মনুষ্য আমি, পূজো প্রতিলিপি ।।

অন্যায়-অধম কাজ, কৰি আছো আমি ।
ক্ষমা কৰা আমাক, হে অন্তযামি ।।

ইজনে-সিজনক কৰো, অন্যায় সদায় ।
তোমাৰেই হানি কৰো, নাজানি হায় হায় ।।

সকলো জীৱৰ দেহাতে আছা তুমি ।
কোনো জীৱক অন্যায় কৰিলে, আহে আমাৰে ছুনামি ।।

নাজানো তোমাৰ লীলা কৰোযে অন্যায় ।
মনক কৰা সদগতি, সু-পথে নিয়ায় ।।

হে ঈশ্বৰ, লোভ-মোহ কৰা বহিষ্কাৰ
ক্রোধ ক্ষান্ত কৰা আৰু লুপ্ত কৰা অহংকাৰ ।।

বদগুণসমূহে বেৰি ধৰে, পতি পলে পলে ।
অন্ত কৰা প্রভূ ইবোৰ, নিয়া বিকলে ।।

মায়াৰ বান্ধোনৰ পৰা, কৰা আমাক উদ্ধাৰ

তোমাৰ ওচৰত প্রভু, দিয়া হিতাধিকাৰ ।।