গোট-৬, আন্তঃৰাষ্ট্রীয় সংগঠনসমূহ by P.B.

1 Mark Questions:

১। ‘যুদ্ধ যুদ্ধ কৰাতকৈ বকবকনিয়েই ভাল’- এই মন্তব্য কোনে কৈছিল ?
উত্তরঃ ‘যুদ্ধ যুদ্ধ কৰাতকৈ বকবকনিয়েই ভাল’- এই মন্তব্য ইংলেণ্ডৰ পূর্বৰ প্রধানমন্ত্রী চার্চিলে কৈছিল ।

২। ৰাষ্ট্রসংঘ প্রতিষ্ঠাৰ সময়ত ৰাষ্ট্রসংঘৰ চনদত কিমান সদস্যই চহী কৰিছিল ?
উত্তরঃ ৰাষ্ট্রসংঘ প্রতিষ্ঠাৰ সময়ত ৰাষ্ট্রসংঘৰ চনদত ৫১ খন সদস্যই চহী কৰিছিল ।

৩। ৰাষ্ট্রসংঘৰ মূল উদ্দেশ্যটো কি?
উত্তরঃ ৰাষ্ট্রসংঘৰ মূল উদ্দেশ্যটো হ’ল- বিশ্বশান্তি ৰক্ষা কৰা ।

৪।বর্তমান ৰাষ্ট্রসংঘত কিমান সদস্য ৰাষ্ট্র আছে ?
উত্তরঃ বর্তমান ৰাষ্ট্রসংঘত ১৯৩ খন সদস্য ৰাষ্ট্র আছে ।

৫। খালী ঠাই পূৰণ কৰা
ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত.........স্থায়ী সদস্য আছে ।
উত্তরঃ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ৫ খন স্থায়ী সদস্য আছে ।

৬। ৰাষ্ট্রসংঘৰ বর্তমানৰ সচিব প্রধানগৰাকী কোন ?
উত্তরঃ ৰাষ্ট্রসংঘৰ বর্তমানৰ সচিব প্রধানগৰাকী হ’ল-এন্টোনিঅ' গুটেৰেছ  ।

৭। IAEA ৰ পূর্ণ রূপটো লিখা ।
উত্তরঃ IAEA ৰ পূর্ণ রূপটো হ’ল- International Atomic Energy Agency (আন্তর্জাতিক পাৰমাণৱিক শক্তি সংগঠন) ।

৮।ভেটো ক্ষমতাই কি বুজায় ?
উত্তরঃ ভেটো ক্ষমতাই ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ যিকোনো সিদ্ধান্ত গ্রহণ কৰাৰ পৰিপেক্ষিতত স্থায়ী সদস্যৰাষ্ট্রৰ বিৰোধিতা কৰিব পৰা ক্ষমতাক বুজায়/ সূচায় ।

৯।ৰাষ্ট্রসংঘৰ প্রথমগৰাকী সচিবপ্রধান কোন আছিল ?
উত্তরঃ ৰাষ্ট্রসংঘৰ প্রথমগৰাকী সচিবপ্রধান হ’ল- নৰৱে’ৰ টিগ্রভি লাই ।

১০। ৰাষ্ট্রসংঘলৈ একক বৃহৎ বৰঙণিদাতা দেশখনৰ নাম কি?
উত্তরঃ ৰাষ্ট্রসংঘলৈ একক বৃহৎ বৰঙণিদাতা দেশখনৰ নাম হ’ল- আমেৰিকা যুক্তৰাষ্ট্র ।


১১।কোনটো দিনত ৰাষ্ট্রসংঘ দিৱস পালন কৰা হয় ?
উত্তরঃ ২৪ অক্টোবৰ তাৰিখে ৰাষ্ট্রসংঘ দিৱস পালন কৰা হয় ।

১২। ৰাষ্ট্রসংঘৰ পৰিষদৰ প্রথমগৰাকী মহিলা অধ্যক্ষা কোন আছিল ?
উত্তরঃ ৰাষ্ট্রসংঘৰ পৰিষদৰ প্রথমগৰাকী মহিলা অধ্যক্ষ আছিল- বিজয়লক্ষ্মী পণ্ডিত (১৯৫৩ চনত) 

১৩। কোন বছৰত ৰাষ্ট্রসংঘই শান্তি সৃষ্টিৰ পুঁজি গঠন কৰিছিল ?
উত্তরঃ ২০০৬ চনত ৰাষ্ট্রসংঘই শান্তি সৃষ্টিৰ পুঁজি গঠন কৰিছিল ।

১৪। ‘বিগ থ্রি’ বুলিলে কি বুজা ?
উত্তরঃ ‘বিগ থ্রি’ বুলিলে রুছভেল্ট, চার্চিল আরু ষ্টেলিনক বুজা হয় ।

১৫। পাৰিপাৰ্শ্বিকতা কাৰ্যসূচী সম্পর্কীয় আন্তঃৰাষ্ট্রীয় অভিকৰণটোৰ নাম লিখা ।
উত্তরঃ পাৰিপাৰ্শ্বিকতা কাৰ্যসূচী সম্পর্কীয় আন্তঃৰাষ্ট্রীয় অভিকৰণটোৰ নাম হ’ল- UNEP

১৬। ৰাষ্ট্রসংঘৰ সর্ব্বোচ্চ কার্যবাহীৰ নাম কি?
উত্তরঃ ৰাষ্ট্রসংঘৰ সর্ব্বোচ্চ কার্যবাহীৰ নাম হ’ল- সাধাৰণ পৰিষদ ।

১৭।শান্তি গঢ়া আয়োগ কেতিয়া গঠন কৰা হৈছিল ?
উত্তরঃ শান্তি গঢ়া আয়োগ ২০০৫ চনত গঠন কৰা হৈছিল ।

১৮। ১৯৯৭ চনৰ খনি নিষিদ্ধকৰণ চুক্তিৰ মূল হোতা কোন আছিল ?
উত্তরঃ ১৯৯৭ চনৰ খনি নিষিদ্ধকৰণ চুক্তিৰ মূল হোতা আছিল- এটা বেচৰকাৰী সংগঠন ।

১৯। ৰাষ্ট্রসংঘৰ সহস্রাব্দ ঘোষনা-পত্র কেতিয়া অনুমোদিত হৈছিল ?
উত্তরঃ ৰাষ্ট্রসংঘৰ সহস্রাব্দ ঘোষনা-পত্র ২০০০ চনত অনুমোদিত হৈছিল ।

২০। এখন এককেন্দ্রিক বিশ্বত ৰাষ্ট্রসংঘৰ প্রাসংগিকতা কি ?

উত্তরঃ এখন এককেন্দ্রিক বিশ্বত ৰাষ্ট্রসংঘৰ প্রাসংগিকতা হ’ল- শান্তি আরু নিৰাপত্তা প্রতিষ্ঠা কৰা

২১। NGO সমূহৰ এটা দুর্বলতা লিখা ।
উত্তরঃ NGO সমূহৰ এটা দুর্বলতা হ’ল- NGO সমূহে কোনোধৰণৰ সিদ্ধান্ত নিজে গ্রহণ কৰিব নোৱাৰে ।

২২। ভাৰত কেতিয়া ৰাষ্ট্রসংঘৰ সদস্য হৈছিল ?

উত্তরঃ ভাৰত ১৯৪৫ চনত ৰাষ্ট্রসংঘৰ সদস্য হৈছিল । 

২৩। তলৰ উক্তিসমূহ শুদ্ধ নে অশুদ্ধ লিখা ।
(a)   নিৰাপত্তাৰ পৰিষদৰ স্থায়ী সদস্য সকলৰহে কেৱল ভেটো প্রদানৰ ক্ষমতা আছে ।
উত্তরঃ শুদ্ধ

(b)   ৰাষ্ট্রসংঘৰ সাধাৰণ সভাৰ সদস্যসকল স্বতঃস্ফূর্ত ভাবে আন সকলো প্রধান অঙ্গৰ সদস্য ।
উত্তরঃ শুদ্ধ ।

(c)   বিশ্ব বাণিজ্য সংস্থাই বাণিজ্য আরু শুল্ক বিষয়ক সাধাৰণ চুক্তিৰ উত্তৰাধিকাৰী হিচাবে কাম কৰি আছে ।
   উত্তরঃ শুদ্ধ ।

২৪। খালী ঠাই পূৰণ করাঃ
(a)ৰাষ্ট্র সংঘৰ মূখ্য উদ্দেশ্য হ’ল _______ ।
উত্তরঃ ৰাষ্ট্র সংঘৰ মূখ্য উদ্দেশ্য হ’ল- আন্তঃৰাষ্ট্রীয়/বিশ্ব শান্তি আরু নিৰাপত্তা ৰক্ষা কৰা/বজাই ৰখা

(b)ৰাষ্ট্রসংঘৰ আটাইতকৈ গুরুত্বপূর্ণ কাৰ্য্যকৰী সংস্থাটোক কোৱা হয়______ ।
উত্তরঃ ৰাষ্ট্রসংঘৰ আটাইতকৈ গুরুত্বপূর্ণ কাৰ্য্যকৰী সংস্থাটোক কোৱা হয় সাধাৰণ সভা

(c)ৰাষ্ট্রসংঘৰ নিৰাপত্তাৰ পৰিষদৰ_____ খন স্থায়ী আরু _____ খন অস্থায়ী সদস্য ৰাষ্ট্র আছে ।
উত্তরঃ ৰাষ্ট্রসংঘৰ নিৰাপত্তাৰ পৰিষদৰ খন স্থায়ী আরু ১০ খন অস্থায়ী সদস্য ৰাষ্ট্র আছে ।

(d)ৰাষ্ট্রসংঘৰ বর্তমানৰ সচিব প্রধান জন হ’ল______ ।
উত্তরঃ ৰাষ্ট্রসংঘৰ বর্তমানৰ সচিব প্রধান জন হ’ল এন্টোনিঅ' গুটেৰেছ  ।

২৫। UNDP ৰ সম্পূর্ণ রূপ কি?
উত্তরঃ UNDP ৰ সম্পূর্ণ রূপ হ'ল- United Nations Development Programme.

২৬। ৰাষ্ট্রসংঘ প্রতিষ্ঠা কিমান সদস্যই স্বাক্ষৰ কৰিছিল?
উত্তরঃ ৰাষ্ট্রসংঘ প্রতিষ্ঠা ৫১ খন সদস্যই স্বাক্ষৰ কৰিছিল ।

২৭। ৰাষ্ট্রসংঘত বর্তমান কেইখন সদস্য ৰাষ্ট্র আছে?
উত্তরঃ ৰাষ্ট্রসংঘত বর্তমান ১৯৩ খন সদস্য ৰাষ্ট্র আছে । 

২৮। ৰাষ্ট্রসংঘলৈ সৰ্ববৃহৎ অনুদান কোন দেশে আগবঢ়ায়?
উত্তরঃ ৰাষ্ট্রসংঘলৈ সৰ্ববৃহৎ অনুদান আমেৰিকাই আগবঢ়ায় ৷

২৯। ৰাষ্ট্রসংঘৰ সাধাৰণ সভাৰ প্রথম মহিলা সভাপতি কোন আছিল?
উত্তরঃ ৰাষ্ট্রসংঘৰ সাধাৰণ সভাৰ প্রথম মহিলা সভাপতি আছিল  বিজয়লক্ষ্মী পণ্ডিত (১৯৫৩ চনত)

৩০। ভাৰত কেতিয়া ৰাষ্ট্রসংঘৰ সদস্য হয়?

উত্তরঃ ভাৰত ১৯৪৫ চনত ৰাষ্ট্রসংঘৰ সদস্য হয় ।

2 Marks Questions:


১। আন্তঃৰাষ্ট্রীয় সংগঠনৰ প্রয়োজনীয়তা কি ?
উত্তরঃ আন্তঃৰাষ্ট্রীয় সংগঠনৰ প্রয়োজনীয়তা হ’লঃ
(ক) আন্তঃৰাষ্ট্রীয় শান্তি আরু নিৰাপত্তা ৰক্ষা কৰা
(খ) ৰাষ্ট্রসমূহৰ মাজত ঘটি থকা বা হৈ থকা ন ন সমস্যাসমূহৰ শান্তিপূর্ণ আলোচনাৰে সমাধান কৰাৰ ক্ষেত্রত আন্তৰ্জাতিক সংগঠনৰ প্রয়োজনীয়তা আছে ।

২। তুমি ভাবা নেকি যে আন্তঃৰাষ্ট্রীয় সংগঠন এটা অতি ৰাষ্ট্র / শ্রেষ্ঠ ৰাষ্ট্র ? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা
উত্তরঃ আন্তঃৰাষ্ট্রীয় সংগঠন এটা অতি ৰাষ্ট্র / শ্রেষ্ঠ ৰাষ্ট্র নহয় । কাৰণ, আন্তঃৰাষ্ট্রীয় সংগঠনৰ কোনো সাৰ্বভৌম ক্ষমতা আরু কৰ্তৃত্ব প্রয়োগ কৰাৰ আধিকাৰ নাই । সেয়েহে, এনে অনুষ্ঠানসমূহ দেশসমূহৰ ইচ্ছা আরু বুজাবুজিৰ সহায়েৰেহে গঢ় লৈ উঠে ।

৩। ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ নাম লিখা ।
উত্তরঃ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ নাম হ’ল- আমেৰিকা যুক্তৰাষ্ট্র, ৰাছিয়া, ইংলেণ্ড, ফ্রান্স আরু চীন দেশ ।

৪। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলে উপভোগ কৰা দুটা সুবিধা উল্লেখ কৰা
উত্তরঃ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলে উপভোগ কৰা দুটা সুবিধা হ’ল-
(ক) স্থায়ী সদস্যৰাষ্ট্র সমূহৰ ভেটো প্রয়োগ কৰাৰ অধিকাৰ আছে ।
(খ) ভেটো প্রয়োগ কৰি এই স্থায়ী সদস্যসকলে কোনো জরুৰীকালীন সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষেত্রত বাধা আৰোপ কৰিব পাৰে

৫। এমনেষ্টি ইন্টাৰনেশ্যনেল কি ?
উত্তরঃ ১৯৬১ চনত আইনজীৱী পিটাৰ বেনেনচনৰ নেতৃত্বত ‘এমনেষ্টি ইন্টাৰনেশ্যনেল’ নামৰ সংস্থাটো প্রতিষ্ঠা কৰা হৈছিল । ই এটা স্বয়ংসেৱী আরু বেচৰকাৰী আন্তঃৰাষ্ট্রীয় সংগঠন । এই প্রতিষ্ঠানটোৱে বিশ্বত মানৱ অধিকাৰ ৰক্ষাৰ ক্ষেত্রত গুরুত্ব প্রদান কৰিছে । 


৬। আজিৰ বিশ্বত ৰাষ্ট্রসংঘৰ প্রাসংগিকতা কি ?
উত্তরঃ আজিৰ বিশ্বত ৰাষ্ট্রসংঘৰ সর্বাধিক প্রাসংগিকতা আছে । সেয়া হ’লঃ
(ক)আজিৰ বিশ্বত ৰাষ্ট্রসংঘই আন্তর্জাতিক শান্তি আরু নিৰাপত্তা বজাই ৰাখিছে ।
(খ) ৰাষ্ট্রসমূহৰ মাজত বিবাদ নিষ্পত্তি আরু সংঘাতসমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰাত সক্ষম হৈছে

৭। সমগ্র বিশ্বতে মানৱ অধিকাৰ সুৰক্ষাৰ হকে কাম কৰা দুটা NGO ৰ নাম লিখা ।
উত্তরঃ সমগ্র বিশ্বতে মানৱ অধিকাৰ সুৰক্ষাৰ হকে কাম কৰা দুটা NGO ৰ নাম হ’ল- (ক) মানৱ অধিকাৰ প্রহৰী বা জাগৰণ আরু (খ) আন্তর্জাতিক ক্ষমাদান ।

৮। সামাজিক আরু অর্থনৈতিক বিষয়সমূহৰ কাম কৰা ৰাষ্ট্রসংঘৰ দুটা সংস্থাৰ নাম উল্লেখ কৰা
উত্তরঃ সামাজিক আরু অর্থনৈতিক বিষয়সমূহৰ কাম কৰা ৰাষ্ট্রসংঘৰ দুটা সংস্থাৰ নাম হ’ল- (ক) আন্তর্জাতিক শ্রমিক সংস্থা আরু (খ) অর্থনৈতিক আরু সামাজিক পৰিষদ ।

৯। নিৰস্ত্রীকৰণৰ ক্ষেত্রত ভাৰতৰ স্থিতি কি ?
উত্তরঃ ভাৰতে অতীজৰ পৰাই শান্তি আরু অহিংসাৰ নীতি মানি আহিছে । কোনো পৰিস্থিতিতে ভাৰতে অস্ত্র-শস্ত্র প্রয়োগ কৰাত সমর্থন নকৰেএখন শান্তিপ্রিয় ৰাষ্ট্র হিচাপে ভাৰতে নিৰস্ত্রীকৰণ সপক্ষে মত প্রকাশ কৰি আহিছে । লগতে, পাৰমাণৱিক অস্ত্র ব্যৱহাৰ কৰাৰ দিশতো ভাৰতে বিৰোধ ভাৱ প্রকাশ কৰিছে ।

১০। ৰাষ্ট্রসংঘৰ সচিবালয় ক’ত অৱস্থিত ? ৰাষ্ট্রসংঘৰ প্রথমগৰাকী সচিবপ্রধান কোন আছিল ?

উত্তরঃ ৰাষ্ট্রসংঘৰ সচিবালয় নিউয়ৰ্কত অৱস্থিত  ৰাষ্ট্রসংঘৰ প্রথমগৰাকী সচিবপ্রধান আছিল ত্রিগভি লী ।


১১। নিৰাপত্তা পৰিষদৰ কাৰ্য কি ?
উত্তরঃ নিৰাপত্তা পৰিষদৰ উল্লেখনীয় কাৰ্যসমূহ হ’লঃ
(ক) ৰাষ্ট্রবোৰৰ মাজত আন্তঃৰাষ্ট্রীয় শান্তি আরু নিৰাপত্তা ৰক্ষা কৰা
(খ) দূষী অথবা বিবাদ সংক্রান্ত বিষয়সমূহৰ বাবে শাস্তিমূলক ব্যৱস্থাৰ প্রয়োগ কৰা
(গ) নিৰস্ত্রীকৰণৰ ক্ষেত্রত নীতি আরু পৰিকল্পনা প্রস্তুত কৰা
(ঘ) ৰাষ্ট্রসংঘৰ নতুন ৰাষ্ট্র বা সদস্যৰ নির্বাচনসংক্রান্ত বিষয়তো সন্মতি প্রদান কৰে


১২। ৰাষ্ট্রসংঘৰ চনদত কেতিয়া স্বাক্ষৰ কৰা হৈছিল ? ২০০৬ পর্যন্ত তাত কিমান সদস্য আছিল ?
উত্তরঃ ৰাষ্ট্রসংঘৰ চনদত ১৯৪৫ চনৰ ২৬ জুনত স্বাক্ষৰ কৰা হৈছিল২০০৬ পর্যন্ত ৰাষ্ট্রসংঘৰ সদস্য সংখ্যা আছিল- ১৯২ জন

১৩। ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ____ স্থায়ী আরু ______ অস্থায়ী সদস্য আছে ।
উত্তরঃ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ৫ জন স্থায়ী আরু ১০ জন অস্থায়ী সদস্য আছে ।

১৪। নিৰাপত্তাৰ পৰিষদৰ গাঁথনি সম্পর্কে লিখা ।
উত্তরঃ প্রথমে নিৰাপত্তা পৰিষদত ৫ জন স্থায়ী সদস্য আরু ৬ জন অস্থায়ী সদস্যৰে নিৰাপত্তা পৰিষদ গঠন কৰা হৈছিল । ১৯৬৩ চনত ২৩ নং অনুচ্ছেদক সংশোধন কৰি ১০ জন অস্থায়ী সদস্য কৰা হয় । ১৯৬৫ চনৰ পৰা এই নতুন সংশোধনী বলৱৎ কৰা হৈছিল । বর্তমান, ৫জন স্থায়ী আরু ১০ জন অস্থায়ী সদস্যৰে ১৫ জন সদস্যৰ সৈতে নিৰাপত্তা পৰিষদ বৰ্তি আছে ।

১৫। সামাজিক আরু অর্থনৈতিক বিষয় সমূহৰ সৈতে জড়িত সংস্থাবোৰৰ নাম লিখা ।
উত্তরঃ সামাজিক আরু অর্থনৈতিক বিষয় সমূহৰ সৈতে জড়িত সংস্থাবোৰৰ নাম হ’ল- আন্তর্জাতিক স্বাস্থ্য সংগঠন (WHO), আন্তঃৰাষ্ট্রীয় শ্রমিক সংগঠন (ILO) , আন্তঃৰাষ্ট্রীয় বিত্ত ভাণ্ডাৰ (IMF), শিক্ষণীয় বৈজ্ঞানিক আরু সাংস্কৃতিক অনুষ্ঠান (UNESCO) আদি ।

১৬। ৰাষ্ট্রসংঘৰ সংস্কাৰ কিয় বিচৰা হৈছে ?
উত্তরঃ ৰাষ্ট্রসংঘৰ সংস্কাৰ বিচৰা হৈছে কাৰণ বর্তমান ইয়াৰ সদস্য সংখ্যা অত্যধিক হোৱাৰ প্রয়োজনীয়তা আছে । লগতে, সকলো ৰাষ্ট্রৰ উপযোগীতাৰ স্বার্থত নতুন কিছু নীতি আরু আদর্শৰ সংলগ্ন কৰাৰ আৱশ্যকতা আছে ।

১৭। ৰাষ্ট্রসংঘক কিহে এক অপৰিহার্য সংগঠন কৰি তুলিছে ?
উত্তরঃ ৰাষ্ট্রসংঘক এক অপৰিহার্য সংগঠন কৰাৰ দিশত কিছু উল্লেখযোগ্য বিষয় হ’লঃ
(ক) আন্তঃৰাষ্ট্রীয় শান্তি আরু নিৰাপত্তা ৰক্ষা কৰা
(খ) ৰাষ্ট্রসমূহৰ মাজৰ সমস্যা আরু বিবাদসমুহ নিষ্পত্তি কৰাৰ ক্ষেত্রত ।
(গ) সমঅধিকাৰ আরু আত্মনিয়ন্ত্রণৰ ক্ষেত্রত ৰাষ্ট্রসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন কৰাৰ ক্ষেত্রত ।
(ঘ) বিশ্বৰ বিভিন্ন ৰাষ্ট্রসমূহৰ মাজৰ সম্বন্ধ প্রতিষ্ঠাৰ মূল কেন্দ্র হিচাপে ।
(ঙ) আন্তঃৰাষ্ট্রীয় সহযোগিতাৰ সৃষ্টি কৰি সামাজিক, অর্থনৈতিক আরু সাংস্কৃতিক দিশৰ সমস্যাসমূহৰ সমধান কৰা আরু মানৱ অধিকাৰ আরু মৌ্লিক স্বাধীনতা পোৱাৰ ক্ষেত্রত সকলো ৰাষ্ট্রৰ জনসাধাৰণক সহায় কৰা

১৮। যিকোনো দুটা সামৰিক মিত্র জোটৰ নাম লিখা ।

উত্তরঃ দুটা সামৰিক মিত্র জোটৰ নাম হ’ল- নাটো আরু ছিয়েটা ।  


১৯। ভেটো ক্ষমতাই বুলিলে কি বুজা?
উত্তরঃ  ভেটো ক্ষমতাই ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ যিকোনো সিদ্ধান্ত গ্রহণ কৰাৰ পৰিপেক্ষিতত স্থায়ী সদস্যৰাষ্ট্রৰ বিৰোধিতা কৰিব পৰা ক্ষমতাক বুজায়/ সূচায় । এই ক্ষমতাৰ উত্তৰাধিকাৰী ৰাষ্ট্রকেইখন হ'ল- আমেৰিকা, ৰাছিয়া, চীন, ইংলেণ্ড আরু ফ্রান্স ।

২০। বৰ্তমান এক মেরু বিশিষ্ট বিশ্বত ৰাষ্ট্রসংঘৰ প্রাসঙ্গিকতা কি?
উত্তরঃ বৰ্তমান এক মেরু বিশিষ্ট বিশ্বত ৰাষ্ট্রসংঘৰ সর্বাধিক প্রাসংগিকতা আছে । সেয়া হ’লঃ
(ক)আজিৰ বিশ্বত ৰাষ্ট্রসংঘই আন্তর্জাতিক শান্তি আরু নিৰাপত্তা বজাই ৰাখিছে ।
(খ) ৰাষ্ট্রসমূহৰ মাজত বিবাদ নিষ্পত্তি আরু সংঘাতসমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰাত সক্ষম হৈছে ।

২১। সামাজিক আরু অর্থনৈতিক বিষয়ৰ লগত জড়িত ৰাষ্ট্রসংঘৰ দুটা অঙ্গৰ নাম লিখা ।
উত্তরঃ সামাজিক আরু অর্থনৈতিক বিষয়ৰ লগত জড়িত ৰাষ্ট্রসংঘৰ দুটা অঙ্গৰ নাম হ'ল- 
(ক) আন্তর্জাতিক শ্রমিক সংস্থা আরু (খ) অর্থনৈতিক আরু সামাজিক পৰিষদ ।


২২। ‘আইনৰ চকুত সমতা’ বুলিলে কি বুজা?
উত্তরঃ ‘আইনৰ চকুত সমতা’ বুলিলে জাতি বর্ণ ধর্ম ভাষা নির্বিশেষে সকলো আইনৰ দিশত সমান । অর্থাৎ কোনো ধনী বা দুখীয়া বা জাতি বা ধর্ম বুলি আইনখন পৃথক পৃথক নহয় ।

২৩। ৰাষ্ট্রসংঘৰ মুখ্য উদ্দেশ্য কি?
উত্তরঃ ৰাষ্ট্র সংঘৰ মূখ্য উদ্দেশ্য হ’ল- আন্তঃৰাষ্ট্রীয়/বিশ্ব শান্তি আরু নিৰাপত্তা ৰক্ষা কৰা/বজাই ৰখা  ৷




৪ বা ৬ নম্বররঃ

১। নিৰাপত্তাৰ পৰিষদৰ কার্য্যাৱলী কি কি ?
উত্তরঃ আন্তর্জাতিক নিৰাপত্তা প্রদান কৰাৰ অর্থে ৫ জ স্থায়ী সদস্য আরু ১০ জন অস্থায়ী সদস্যৰ সৈতে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদ গঠন হৈছে । ইয়াৰ মূল ক্ষমতা আরু কাৰ্যৱালীসমূহ হ’ল এনেধৰণরঃ

(ক) আন্তঃৰাষ্ট্রীয় শান্তি আরু নিৰাপত্তা ৰক্ষা করাঃ
       ৩৩ নং অনুচ্ছেদ অনুসৰি বিশ্বশান্তি আরু নিৰাপত্তা ব্যাহত হোৱা যিকোনো পৰিস্থিতি আরু বিবাদসমূহ নিৰাপত্তা পৰিষদে অনুসন্ধান, নির্দেশনা, আরু নিষ্পত্তি  কৰিব । আইনৰ লগত সংগতি থকা আন্তঃৰাষ্ট্রীয় সমস্যাসমূহৰ মধ্যস্থতাকাৰী আরু আন্তঃৰাষ্ট্রীয় আদালতৰ জৰীয়তে মিমাংসা নতুবা সমাধান কৰিব ।

(খ) শাস্তিমূলক ব্যৱস্থাৰ প্রয়োগঃ
       যদি কোনো সদস্য ৰাষ্ট্রই আন্তঃৰাষ্ট্রীয় শান্তি আরু নিৰাপত্তা ব্যাহত কৰে আরু বিবাদ বা সমাধান কৰিবলৈ অমান্তি হয় তেতিয়া নিৰাপত্তা পৰিষদে অর্থনৈতিক আরু সামৰিক, এই দুই ধৰণেৰে শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰিব লাগে । সেই ৰাষ্ট্রখনৰ বাবে অর্থনৈতিক সকলো সুবিধা কর্তন কৰিব পাৰে আরু অন্যথা সামৰিক বাহিণীৰ সহায়ত নিয়ন্ত্রণ কৰিব পাৰে

(গ) নিৰস্ত্রীকৰণঃ
নিৰাপত্তা পৰিষদে নিৰস্ত্রীকৰণ আরু অস্ত্র-শস্ত্র নিয়ন্ত্রণৰ বাবে পৰিকল্পনা প্রস্তুত কৰি সদস্য ৰাষ্ট্রসমূহলৈ প্রেৰণ কৰিব লাগে । লগতে, ৰাষ্ট্রসমূহৰ আর্থিক সম্পদসমূহ যাতে অস্ত্র-শস্ত্রৰ কাৰণ ব্যয় নহয়, সেই বিষয়ে চকু দিব লাগে ।

(ঘ) নির্বাচনসংক্রান্ত ক্ষমতাঃ
ৰাষ্ট্রসংঘত নতুন সদস্য ভর্তি আরু বহিষ্কাৰ কৰাৰ ক্ষেত্রত সাধাৰণ সভাই নিৰাপত্তা পৰিষদৰ অনুমোদন লব লাগে । লগতে, আন্তঃৰাষ্ট্রীয় আদালতৰ বিচাৰপতিসমূহৰ নিয়োগত নিৰাপত্তা পৰিষদে সন্মতি প্রদান কৰিব লাগে ।

(ঙ) ৰাষ্ট্রসংঘৰ আন সদস্যক সহায়ঃ
       নিৰাপত্তা পৰিষদে ন্যাসৰক্ষী পৰিষদ, সাধাৰণ সভা, আরু আন্তঃৰাষ্ট্রীয় আদালতৰ লগত আইন সম্পর্কীয় বিষয়সমূহত সহায় কৰিব লাগে ।

(চ)সাধাৰণ সভাৰ ওচৰত বার্ষিক আরু বিশেষ প্রতিবেদন দাখিলঃ
নিৰাপত্তা পৰিষদৰ পৰিকল্পনা আরু কারু-কার্যসমূহৰ বার্ষিক প্রতিবেদন দাখিল কৰিব লাগে । লগতে, বিশেষ পৃথক পৃথক কাৰ্যৰ বাবে পৃথকে প্রতিবেদন সাধাৰণ সভাত উত্থাপন কৰিব লাগে ।

২।ৰাষ্ট্রসংঘ এক নিখুঁত আন্তঃৰাষ্ট্রীয় সংগঠন বুলি ভাবানে? কাৰণ দর্শোৱা ।
অথবাঃ ৰাষ্ট্রসংঘৰ সফলতা আরু বিফলতা সমূহ লিখা ।

উত্তরঃ এক দিশত ৰাষ্ট্রসংঘ এক নিখুঁত আন্তঃৰাষ্ট্রীয় সংগঠন বুলি মই ভাবো । ইয়াৰ সফলতা বা দিশ সমূহ হ’লঃ
(ক) আন্তঃৰাষ্ট্রীয় শান্তি আরু নিৰাপত্তা ৰক্ষাঃ
       ১৯৪৫ চনৰ ২৪ অক্টোবৰত ৰাষ্ট্রসংঘৰ স্থাপনৰ পাছৰ পৰাই গোটেই বিশ্বত আন্তঃৰাষ্ট্রীয় শান্তি আরু নিৰাপত্তা ৰক্ষাত সহায়ক হৈছে । লগতে, প্রথম আরু দ্বিতীয় বিশ্ব যুদ্ধৰ দৰে এনে কোনো যুদ্ধ হোৱা নাই ।

(খ) ৰাষ্ট্র আরু মানৱ সমাজত সমঅধিকাৰ, আত্মনিয়ন্ত্রণ আরু বন্ধুত্ব ৰক্ষাৰ ক্ষেত্রতঃ
        ৰাষ্ট্রসংঘই ৰাষ্ট্রসমূহৰ মাজত সমঅধিকাৰ, আত্মনিয়ন্ত্রণ আরু বন্ধুত্ব ৰক্ষাৰ দিশত বহু পৰিমাণে সফল হৈছে ।

(গ) আন্তঃৰাষ্ট্রীয় অর্থনৈতিক, সামাজিক আরু সাংস্কৃতিক সহযোগিতাৰ ক্ষেত্রতঃ
       ৰাষ্ট্রসংঘই ৰাষ্ট্রসমূহৰ মাজত অর্থনৈতিক, সামাজিক আরু সাংস্কৃতিক সহযোগিতা গঠন কৰিছে । লগতে, ৰাষ্ট্রসমূহৰ মাজত এক বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি তুলিছে ।

(ঘ) আন্তঃৰাষ্ট্রীয় বিবাদ শান্তিপূর্ণভাৱে মীমাংসাৰ দিশতঃ
ৰাষ্ট্রসংঘই ৰাষ্ট্রসমূহৰ মাজত আন্তঃৰাষ্ট্রীয় বহু বিবাদ শান্তিপূর্ণভাৱে সমাধান কৰিছে । লগতে, ৰাষ্ট্রসমূহৰ মাজত হোৱা বিবাদসমূহৰ মধ্যস্থতাকাৰী হিচাপে ৰাষ্ট্রসংঘই সহায় কৰি আহিছে ।

(ঙ)ৰাষ্ট্রসমূহৰ সার্বভৌমত্ব, ৰাজ্যিক অখণ্ডতা আরু ৰাজনৈতিক স্বাধীনতা ৰক্ষাঃ
ৰাষ্ট্রসংঘই ২ নং অনুচ্ছেদৰ আধাৰত প্রত্যেক খন ৰাষ্ট্রৰ সার্বভৌমত্ব, ৰাজ্যিক অখণ্ডতা আরু ৰাজনৈতিক স্বাধীনতা নীতিৰ ৰক্ষা কৰি আহিছে ।

(চ)সামাজিক প্রগতি আরু বিকাশ সাধন করাঃ
       ৰাষ্ট্রসংঘই অর্থনৈতিক আরু সামাজিক পৰিষদৰ সহযোগত সদস্যৰাষ্ট্রসমূহৰ সামাজিক, অর্থনৈতিক, সংস্কৃতি, শিক্ষা, স্বাস্থ্য আদিত সহায় কৰি আহিছে ।

ৰাষ্ট্রসংঘৰ বিভিন্ন অংগসমূহৰ বাধ্যতামূলক নীতি আরু কাৰ্যসূচী থকাৰ পাছতো এক দিশত ৰাষ্ট্রসংঘ এক নিখুঁত আন্তঃৰাষ্ট্রীয় সংগঠন হিচাপে প্রতিষ্ঠিত হোৱা নাই । ইয়াৰ বিফলতা সমূহ হ’লঃ

 (ক) ৰাষ্ট্রসংঘ থকাৰ পাছতো শীতল যুদ্ধৰ সময়ত বিভিন্ন সংকট সমূহ সংঘটিত হৈছিল ।

(খ) ৰাষ্ট্রসংঘই আমেৰিকা আরু আন বহু পশ্চিমীয়া ৰাষ্ট্রসমূহৰ স্বেচ্ছাচাৰী প্রভাৱ কমাব পৰা নাছিল ।

(গ) সদস্য ৰাষ্ট্রসমূহৰ বহু চৰকাৰ আরু জনসাধাৰণে ৰাষ্ট্রসংঘক এক নিখুঁত আন্তঃৰাষ্ট্রীয় সংগঠন হিচাপে মানি লোৱা নাই ।

(ঘ) ৰাষ্ট্রসংঘৰ উপস্থিতিতেই আজি ভাৰত আরু পাকিস্তান মাজে মাজে যুদ্ধত লিপ্ত হৈ আছে ।

(ঙ) ৰাষ্ট্রসংঘই আমেৰিকাৰ দৰে পশ্চিমীয়া ৰাষ্ট্রসমূহক অধিক অধিকাৰ, সুযোগ আরু সুৰক্ষা প্রদান কৰা পৰিলক্ষিত হৈছে ।

(চ) সীমা বিবাদ, জীৱন-ধাৰণৰ নিম্ন মানদণ্ড, মানৱ অধিকাৰ উলংঘা, জীৱনৰ প্রতি ভাবুকি, নিবনুৱা সমস্যা, গোলকীয় সমস্যা আদিৰ দৰে আন্তর্জাতিক বহু সমস্যা সমাধান কৰাত ৰাষ্ট্রসংঘ অসফল হৈছে ।


 ৩। WTO ৰ বিষয়ে এটা চমু টোকা লিখা ।

উত্তরঃ WTO অর্থাৎ World Trade Organisation এক আন্তঃবাণজ্যিক সংস্থা অর্থাৎ বিশ্ব বেপাৰ/বাণিজ্য সংগঠন যি ৰাষ্ট্রসমূহক আন্তর্জাতিক বাণিজ্য সৈতে সম্পর্ক কৰেWTO ক ১ জানুৱাৰী ১৯৯৫ চনত মেৰাকেশ চুক্তি (the Marrakesh Agreement)ৰ জৰীয়তে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল । এই চুক্তিত ১২৩ খন দেশে সহযোগ আরু স্বাক্ষৰ কৰিছিল । এই সংগঠনটো বিশ্বৰ বৃহত্তম আন্তর্জাতিক সংস্থা হিচাপে প্রতিষ্ঠিত হৈছে ।

      এই সংগঠনৰ জৰীয়তে ব্যৱসায়সকলৰ বিভিন্ন বৈষম্যসমূহ ৰোধ কৰাত সফল হৈছেWTO, এই সংগঠনটোৱে দেশসমূহৰ মাজত পণ্য, সেৱাসমূহ আরু বৌদ্ধিক সম্পত্তিৰ বাণিজ্যক নিয়ন্ত্রণ আরু নীতি গঠন কৰেএই সংস্থাই বাণিজ্যিক চুক্তি সমূহ দেশসমূহৰ চৰকাৰী প্রতিনিধিসকলৰ জৰীয়তে স্বাক্ষৰিত কৰেপৰিবেশ সুৰক্ষা, জাতীয় সুৰক্ষা আরু অন্যান্য গুরুত্বপূর্ণ লক্ষ্য আগত ৰাখি আন্তর্জাতিক ব্যৱসায়-বাণ্যিজ্যসমূহ সৰবৰাহ কৰে লগতে, বাণিজ্যৰ লগত সম্পর্ক থকা বিৰোধসমূহ স্বতন্ত্ৰ বিচাৰ-বিবেচনা আরু নীতিৰ সহযোগেৰে নিষ্পত্তি কৰে

         এই সংস্থাটোৰ বর্তমান পৰিচালক হল ৰবার্তো আজিভাডো অর্থাৎ Roberto Azevêdo

৪। ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী পদৰ বাবে ভাৰতৰ প্রার্থীত্বক তুমি সমর্থন কৰানে?
অথবাঃ ১৭।ভারতর নিরাপত্তা পরিষদর স্থায়ী সদস্য দাবীর যুক্তি-যুক্ততা প্রতিপন্ন করা ।

উত্তরঃ
   ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী পদৰ বাবে ভাৰতৰ প্রার্থীত্বক মই সমর্থন কৰোএই দিশর উল্লেখযোগ্য কাৰণসমূহ/দাবীর যুক্তি-যুক্ততা সমূহ হ’ল এনেধরণরঃ

 (ক) নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ বাবে বিশ্ব বা আন্তঃৰাষ্ট্রীয় শান্তিপ্রিয় দেশ হব লাগিব, এই দিশত ভাৰতে অতীতৰে পৰা চেষ্টা অব্যাহত ৰাখিছে ।

(খ)ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী পদৰ বাবে সকলো দেশৰ নিৰাপত্তা আরু সার্বভৌমত্ব ৰক্ষা কৰিব লাগে, এই দিশত ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতিৰ জৰীয়তে বিশ্বত নিৰাপত্তা আরু সাৰ্বভৌমত্ব আদর্শ প্রতিষ্ঠা কৰিছে ।

(গ)ভাৰত বিশ্বৰ দ্বিতীয় জনবহুল দেশ, য’ত অতীতৰে পৰাই গণতন্ত্র বর্তি আছে, সেয়ে ৰাষ্ট্রসংঘৰ স্থায়ী সদস্যৰ ক্ষেত্রত দাবী জনাব পাৰে

(ঘ)“Foreign Policy magazine” য়ে উল্লেখ কৰিছে যে ভাৰতৰ এক লাখৰো অধিক নেতা আরু জনসাধাৰণে ৰাষ্ট্রসংঘৰ নীতি অনুসৰি আন্তঃৰাষ্ট্রীয় শান্তি প্রতিষ্ঠা কৰাৰ ক্ষেত্রত অগ্রণী ভূমিকা গ্রহণ কৰিছে ।

(ঙ)ভাৰতে ৫০ বছৰৰো অধিক কাল ধৰি অর্থাৎ ৰাষ্ট্রসংঘৰ স্থাপনৰ পাছৰ পৰাই ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ সকলো নিয়ম পালন কৰি আহিছে ।

(চ) ভাৰতে ৭ বাৰকৈ(১৪ বছর) নিৰাপত্তা সদস্যৰ অস্থায়ী সদস্য আছিলশেহতীয়াকৈ ২০১১-১২ চনত ভাৰত নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য রূপে প্রতিষ্ঠিত হৈছিল ।

(ছ)ভাৰত জি -(বিভিন্ন জাতিৰ গ্রুপ ) ৰ এখন সদস্য ৰাষ্ট্ৰ, যি নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ বাবে দাবী জনাই আহিছে আরু ৰাষ্ট্রসংঘৰ বহুতো সংস্কাৰ কাৰ্যসূচী সম্পন্ন কৰিছে ।

() ভাৰতও জি-77 ৰো এক সদস্য যিটো প্রতিষ্ঠাপক ৰাষ্ট্র ৭৭ আরু পাছলৈ ১৩৪ খন উন্নয়ণশীল দেশৰ এক সংগঠন হিচাপে প্রতিষ্ঠিত হৈছিল এই সংগঠনৰ সহায়ত ভাৰতে ৰাষ্ট্রসংঘৰ সংস্কাৰৰ ক্ষেত্রত সহায়-সহযোগিতা আরু আলাপ-আলোচনা কৰি আহিছে  

(ঝ) ভাৰত ৰাষ্ট্রসংঘৰ সনদৰো(Charter Member) এক সদস্য হিচাপে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যত দাবী কৰিব পাৰে

(ঞ) ভারত পারমাণৱিক শক্তিরো অধিকারী দেশ আরু বৃহত্তম সামরিক বাহিনী আছে, এই ক্ষেত্রত নিরাপত্তা পরিষদর স্থায়ী সদস্য দাবী জনাব পারে ।

(ট) ভারত রাষ্ট্রসংঘর শান্তি রক্ষা বাহিনীর ২য় সৰ্বোচ্চ দেশ হিচাপে খ্যাত আরু এই দিশতো স্থায়ী সদস্যর যোগ্য ।

(ঠ) লগতে, ভারত হ’ল বিশ্বৰ ৫ তম বৃহত্তম প্রতিরক্ষা বাজেট, প্রায় ৫৫ বিলিয়ন ডলার ।  

এইদৰে দেখা যায় যে বহু বিষয় আরু পদক্ষেপৰ বাবে ভাৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে দাবী জনাব পাৰে আরু যোগ্য হয় 

৫।কোন বছৰ বিশ্ব বেংক গঠন কৰা হৈছিল ? ইয়াৰ কাম-কাজৰ বিষয়ে আলোচনা কৰা
অথবাঃ  ১২। বিশ্ববেংকর কাম-কাজবোর আলোচনা করা । বিশ্ববেংকর বর্তমান সচিব প্রধানগরাকী কোন?

উত্তরঃ ১৯৪৪ চনৰ  জুলাই মাহত বিশ্ব বেংক গঠন কৰা হৈছিল । বিশ্ববেংকর বর্তমান সচিব প্রধানগরাকী হ’লঃ এন্টোনিও গোটেরেছ আন্তোনিও গুতেরেস (António Guterres)  বিশ্ব বেংকৰ কাম-কাজ সমূহ হ’লঃ

(ক) এছিয়া আরু আফ্রিকা মহাদেশৰ ৰাষ্ট্রসমূহৰ দৰিদ্রতা আরু নিবনুৱা হ্রাসকৰণঃ
       বিশ্ব বেংকে এছিয়া আরু আফ্রিকা মহাদেশৰ বিভিন্ন ৰাষ্ট্রসমূহত বর্তি থকা দৰিদ্রতা আরু নিবনুৱা সমস্যা ৰোধকৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰা

(খ) নতুনকৈ স্বাধীনপ্রাপ্ত দেশসমূহক অর্থনীতিৰ উন্নতিসাধন করাঃ
       অর্থনৈতিক ক্ষেত্রত সূচনীয় নতুনকৈ স্বাধীনতা প্রাপ্ত দেশসমূহক অর্থনীতিৰ ক্ষেত্রত বিশ্ব বেংকে উন্নতি সাধন কৰা

(গ) ভাৰতৰ দৰে উন্নয়ণশীল দেশসমূহক অর্থনৈতিক সাহায্য আগবঢ়োৱাঃ
       ভাৰতৰ দৰে বিভিন্ন উন্নয়ণশীল দেশসমূহক বিশ্ব বেংক আর্থিক অনুদান আরু ঋণৰ জৰীয়তে সহায় কৰা

(ঘ) বিশ্বৰ মহামাৰী সমূহৰ ৰোধকৰণঃ
 বিশ্বৰ মহামাৰী সমূহ বিশেষকৈ এইডছ, মেলেৰিয়া, HIV., আদি ৰোধকৰণৰ বাবে ৰাষ্ট্রসমূহলৈ অনুদান প্রদান কৰা


(ঙ)আন্তর্জাতিক আর্থিক সংকটসমূহৰ সমাধানঃ
আন্তর্জাতিকভাৱে হোৱা আর্থিক সংকটসমূহৰ পৰিচালনা আরু সমাধান কৰাৰ দায়িত্ব বিশ্ব বেংকে গ্ৰহণ কৰিছে

()আন্তঃজাৰ্তিক বাণিজ্যিক নীতি প্রস্তুতকৰণঃ
বিশ্ব বেংকে আন্তঃজাৰ্তিক ব্যৱসায় বাণিজ্যৰ ক্ষেত্রত নীতি প্রস্তুত আরু সম্প্রসাৰণ করা্ৰ কাৰ্যও সমাধান কৰিব লাগে ।

(ছ)উদ্যোগসমূহৰ বাবে ঋণ প্রদানঃ
বিশ্বৰ বিভিন্ন প্রান্তত থকা বৃহৎ উদ্যোগ-প্রতিষ্ঠান সমূহৰ বাবে ঋণ প্রদান কৰা
  
(জ) বাণিজ্যিক বেংকসমূহলৈ ঋণ আগবঢ়োৱাঃ
       বিভিন্ন ৰাষ্ট্রসমূহত থকা বাণিজ্যিক বেংকসমূহৰ বাবে ঋণ আগবঢ়োৱাটো বিশ্ব বেংকৰ আন এক উল্লেখনীয় কাৰ্য ।

(ঝ) গাথনিক দিশত সহায়ঃ
শিক্ষা, স্বাস্থ্য, উদ্যোগ, ব্যৱসায়-বাণিজ্যৰ আদি আন্তঃজাৰ্তিক পৰ্যায়ত আর্থিক সহযোগিতা কৰা

৬।সাধাৰণ পৰিষদৰ গাঁথনিটোৰ বিষয়ে আলোচনা কৰা
অথবাঃ ১৮।সাধারণ সভার গঠন আলোচনা করা ।

উত্তরঃ
ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদ বা সাধাৰণ সভাৰ হ’ল ৰাষ্ট্রসংঘৰ ৬ টা শাখাৰ ভিতৰত অন্যতম যিয়ে ৰাষ্ট্রসংঘৰ অধিকাংশক কাৰ্য সমাধান কৰে আরু নীতি প্রস্তুত কৰেইয়াৰ গঠন হ’ল এনেধৰণরঃ

(ক) ৰাষ্ট্রসংঘৰ সকলো সদস্য ৰাষ্ট্র মিলি সাধাৰণ সভা গঠিত হৈছে ।

(খ)ৰাষ্ট্রসংঘৰ সকলো সদস্য ৰাষ্ট্রই এই পৰিষদৰ সদস্য ।

(গ) প্রত্যেকখন সদস্য ৰাষ্ট্রৰ পৰা সাধাৰণ পৰিষদ বা সাধাৰণ সভালৈ ৫ জন প্রতিনিধিয়ে সহযোগ কৰিব পাৰে

(ঘ) সভা পৰিচালনাৰ ২১ নং নিয়ম অনুসৰি সদস্য ৰাষ্ট্রসমূহে ৫ জন প্রতিনধি, ৫ জন বিকল্প প্রতিনিধি আরু প্রয়োজনীয় বিশেষজ্ঞ আরু কর্মচাৰী সাধাৰণ পৰিষদ বা সাধাৰণ সভালৈ প্রেৰণ কৰিব পাৰে

(ঙ)ৰাষ্ট্রসংঘৰ সকলো বিষয়ৰ দায়িত্ব পালন কৰিবৰ বাবে সাধাৰণ পৰিষদ বা সাধাৰণ সভাৰ কিছুমান কমিটি আছে ।

(চ)সাধাৰণ পৰিষদ বা সাধাৰণ সভাৰ বিভিন্ন কাম-কাজ পৰিচালনাৰ বাবে প্রধান কমিটি, নীতি-নিয়ম সংক্রান্ত কমিটি, স্থায়ী কমিটি আরু তদর্থ কমিটি আছে ।

৭। ৰাষ্ট্রসংঘৰ কেইটামান বিশেষকৃত সংস্থাৰ নাম লিখা
অথবাঃ ১৪। রাষ্ট্রসংঘর আন্তঃরাষ্ট্রীয় সংস্থাবোরর নাম লিখা ।
উত্তরঃ   
ৰাষ্ট্রসংঘৰ কেইটামান বিশেষকৃত সংস্থা/ আন্তঃরাষ্ট্রীয় সংস্থাবোর হল এনেধৰণরঃ

()আন্তঃৰাষ্ট্রীয় শ্ৰমিক সংঘ(I.L.O.): ৰাষ্ট্ৰসংঘৰ ১৮৬ খন সদস্য ৰাষ্ট্ৰ আরু  Cook Islands ৰ সৈতে (১৮৭ খন) ১৯১৯ চনৰ ২৯ অক্টোবৰ তাৰিখে আন্তঃৰাষ্ট্রীয় শ্ৰমিক সংঘ ৰাষ্ট্ৰসংঘৰ প্ৰথমটো বিশেষকৃত সংস্থা হিচাপে প্ৰতিষ্ঠিত হৈছিল ইয়াৰ মূল কাৰ্য হ’লঃ বিশ্বৰ শ্রমিকসকলৰ অৱস্থাৰ উন্নতি সাধন আরু জীৱন-নিৰ্বাহৰ মান উন্নিতকৰণ কৰা

(খ) খাদ্য আরু কৃষি সংগঠন (F.A.O.):
       ১৯৭ খন সদস্য ৰাষ্ট্রৰ সহযোগত ১৯৪৫ চনৰ ১৬ অক্টোবৰত খাদ্য আরু কৃষি সংগঠন প্রতিষ্ঠিত হৈছিল যাৰ সদৰ কাৰ্যালয় ইটালীৰ ৰোম চহৰত অৱস্থিত । এই সংস্থাৰ মূল কাৰ্য হ’লঃ বিশ্বত পুষ্টিকৰ খাদ্যৰ যোগান দিয়া, শস্য উৎপাদনত উন্নতিসাধন কৰা, পশুপালনত সহায় কৰা, উন্নত বীজৰ যোগান ধৰা, জন্তুৰ ব্যাধিসমূহ ৰোধ কৰা আদি ।

(গ) শিক্ষা, বৈজ্ঞানিক আরু সাংস্কৃতিক অনুষ্ঠান (UNESCO):
       ১৯৩ খন সদস্য ৰাষ্ট্র আরু ১১ জন সহকাৰী সদস্যৰ সৈতে ১৯৪৬ চনৰ ৪ নবেম্বৰত শিক্ষা, বৈজ্ঞানিক আরু সাংস্কৃতিক অনুষ্ঠান (UNESCO)ৰ প্ৰতিষ্ঠা কৰা হৈছিল যিটোৰ সদৰ কাৰ্যালয় ফ্রান্সৰ পেৰিচ চহৰত অৱস্থিত এই স্ংস্থাৰ মূল কাৰ্য হ’লঃ শিক্ষাৰ মানদণ্ড উন্নত কৰি নিৰক্ষৰতা দূৰ কৰা, নব্য প্রযুক্তি সহায়ত বিজ্ঞান বিষয়সূচীসমূহৰ উন্নতিসাধন কৰা, বিভিন্ন ৰাষ্ট্রৰ সাংস্কৃতিকৰ লগত জড়িত থকা অনুষ্ঠান সমূহৰ মাধ্যমেৰে বিশ্বৰ বিভিন্ন সংস্কৃতিসমূহৰ উন্নতি আরু ৰক্ষণাবেক্ষণ দিয়া আদি ।

(ঘ) আন্তঃৰাষ্ট্রীয় ধন ভাণ্ডাৰ(I.B.):
       অনুন্নত ৰাষ্ট্রসমূহলৈ আর্থিক অনুদান আরু সাহায্য প্রদান কৰি আর্থিক দিশৰ উন্নতি সাধণৰ বাবে আন্তঃৰাষ্ট্রীয় ধন ভাণ্ডাৰ(I.B.) প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ সদৰ কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওৱাছিংটন চহৰত অৱস্থিত

() আন্তঃৰাষ্ট্রীয় ধন ভাণ্ডাৰ(I.M.F.):
       ১৮৯ খন ৰাষ্ট্রৰ সহযোগত ১৯৪৫ চনৰ ২৭ ডিচেম্বৰত আন্তঃৰাষ্ট্রীয় ধন ভাণ্ডাৰ(I.M.F.) প্ৰতিষ্ঠা কৰা হৈছিল যাৰ সদৰ কাৰ্যালয় আমেৰিকাৰ ওৱাছিংটন চহৰত অৱস্থিত ইয়াৰ মুখ্য কাৰ্য হলঃ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত আন্তর্জাতিক পৰ্যায়ত টকা-পইচাৰ বিনিময় আরু বেপাৰ-বাণিজৰ ক্ষেত্ৰত আর্থিক সুবিধা প্ৰদান কৰা

() আন্তঃৰাষ্ট্রীয় বিমান বিভাগ (I.C.A.O.):
       বিশ্বৰ ৰাষ্ট্ৰসমূহৰ বাবে নিৰাপদ আরু নিয়মিতভাৱে বিমান পৰিবহণৰ আরু যোগাযোগৰ সুবিধা প্রদান কৰাৰ লক্ষ্যৰে আন্তঃৰাষ্ট্রীয় বিমান বিভাগ (I.C.A.O.) প্ৰতিষ্ঠা কৰা হৈছিল  ইয়াৰ সদৰ কার্যালয় কানাডাৰ মন্ট্রিল চহৰত অৱস্থিত

() আন্তঃৰাষ্ট্রীয় বিত্তীয় নিগম (I.F.C.):
       অনুন্নত আরু উন্নয়ণশীল ৰাষ্ট্রসমূহৰ ব্যক্তিগত ব্যৱসায় আরু বাণিজ্যৰ উন্নতি সাধনৰ বাবে ধনৰ যোগান ধৰাৰ লখ্য-উদ্দেশ্য আগত ৰাখি ১৯৫৬ চনৰ ২০ জুলাইত আন্তঃৰাষ্ট্রীয় বিত্তীয় নিগম প্রতিষ্ঠা কৰা হৈছিল । ইয়াৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্রৰ ওৱাছিংটন চহৰত অৱস্থিত ।

(জ) আন্তঃৰাষ্ট্রীয় স্বাস্থ্য সংগঠন (W.H.O.):
       বিভিন্ন ৰাষ্ট্রসমূহৰ সংক্রামক ৰোগসমূহৰ নির্মূলকৰণ, জনস্বাস্থ্য ৰক্ষাৰ ক্ষেত্রত নীতি আরু পৰামর্শ প্রদান কৰা, এই সম্পর্কীয় সিদ্ধান্ত আরু কাৰ্যসঊচীৰ কাৰণে বিভিন্ন ৰাষ্ট্রৰ মাজত যোগাযোগ স্থাপন কৰা আদি কাম-কাজৰ বাবে ৬১ খন ৰাষ্ট্রৰ স্বাক্ষৰ আরু সহজোগত ১৯৪৮ চনৰ ৭ এপ্রিল তাৰিখে আন্তঃৰাষ্ট্রীয় স্বাস্থ্য সংগঠন (W.H.O.) প্রতিষ্ঠিত হৈছিল । ইয়াৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভা চহৰত অৱস্থিত ।

(ঝ) বিশ্ব ডাক সংঘ (U.P.U.):
       বিভিন্ন ৰাষ্ট্রসমূহৰ মাজত ডাক-ব্যৱস্থাৰে যোগাযোগ আরু চিঠি-পত্রৰ প্রেৰণৰ নিমিত্তে ১৮৭৪ চনৰ ৯ অক্টোবৰত বিশ্ব ডাক সংঘ (U.P.U.) স্থাপন কৰা হৈছিল । ইয়াৰ মুখ্য সদৰ কাৰ্যালয় ছুইজাৰলেণ্ডৰ বাৰ্ণ চহৰত অৱস্থিত ।

(ঞ) আন্তঃৰাষ্ট্রীয় টেলি-সংযোগ সংঘ ( I.T.U.):
       নিদিষ্ট নীতি নিয়ম অনুসৰি তাঁৰ-অনাতাঁৰ আদিৰ জৰীয়তে ৰাষ্ট্রসমূহৰ মাজত যোগাযোগ স্থাপনৰ লক্ষ্য আরু উদ্দেশ্যৰে ১৮৬৫ চনৰ ১৭ মে তাৰিখে আন্তঃৰাষ্ট্রীয় টেলি-সংযোগ সংঘ I.T.U.) স্থাপন কৰা হৈছিল । ইয়াৰ মুখ্য সদৰ কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভা চহৰত অৱস্থিত ।

(ট) আন্তঃৰাষ্ট্রীয় আণৱিক শক্তি সংঘ (I.A.E.A.):
        বিশ্বশান্তিৰ বাবে পাৰমাণৱিক শক্তিৰ সদব্যৱহাৰ কৰাৰ লক্ষ্য আরু উদ্দেশ্যে ১৯৫৭ চনৰ ২৯ জুলাই তাৰিখে আন্তঃৰাষ্ট্রীয় আণৱিক শক্তি সংঘ (I.A.E.A.) স্থাপন কৰা হৈছিল । ইয়াৰ মুখ্য সদৰ কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভা চহৰত অৱস্থিত ।

৮। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ চাৰি স্রজকৰ নাম লিখা 
অথবাঃ ১৯। গোষ্ঠী নিরপেক্ষ আন্দোলনর মুখ্য চারিজন স্থপতি প্রতিষ্ঠাপকর নাম লিখা ।

উত্তরঃ   ১৯৫৬ চনৰ ইন্দোনেছিয়াৰ বাণ্ডুং সন্মিলনৰ জৰীয়তে ১৯৬১ চনত বেলগ্রেডত গোষ্ঠী নিৰপেক্ষ আন্দোলন প্রতিষ্ঠিত হৈছিল । গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ চাৰি স্রজক হ’লঃ (ক)ভাৰতৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহরু, (খ) ইন্দোনেছিয়াৰ প্রথম ৰাষ্ট্রপতি ছুকাৰ্ণো, (গ)ইজিপ্তৰ দ্বিতীয় ৰাষ্ট্রপতি গামাল আবদেল নাছাৰ আরু (ঘ) যুগোশ্ল’ভিয়াৰ প্রথম ৰাষ্ট্রপতি যোচিপ ব্র’জ টিটো । এই চাৰি স্রজকে প্রাচ্য আরু পাশ্চাত্যৰ দুই মহাশক্তিগোষ্ঠীৰ পৰা আঁতৰি থাকি নব্য স্বাধীনতাপ্রাপ্ত ৰাষ্ট্রসমূহক এক মধ্যমপন্থাৰ অর্থাৎ মধ্যস্থতাকাৰী হিচাপে স্থাপন কৰিছিল ।

 তেওঁলোকৰ সহযোগত বিশ্বত এক বিকল্প সংগঠনৰ সৃষ্টি হৈছিল । তেওঁলোকৰ জৰীয়তে শীতল যুদ্ধ সংকটপূর্ণ পৰিস্থিতিক সুসম কৰাৰ ব্যৱস্থা কৰিছিল । তেওঁলোকৰ প্রচেষ্টাৰ জৰীয়তে NAM ৰ ৰাষ্ট্রসমূহৰ মাজত সার্বভৌমত্ব ৰক্ষা হৈছিল । তেওঁলোকে পাৰস্পৰিক নি-আগ্রাসন নীতি কাৰ্যকৰী কৰিছিল । তেওঁলোকৰ NAM ৰ জৰীয়তে গোটেই বিশ্বত শীতল যুদ্ধৰ সময়ত শান্তিপূর্ণ সহৱস্থান স্থাপন কৰিছিল ।   


৯। নিরাপত্তা পরিষদর স্থায়ী সদস্যইহে কেবল ভেটো ক্ষমতার অধিকার লাভ করে কিয় ?
উত্তরঃ
ভেটো ক্ষমতা হৈছে নিরাপত্তা পরিষদর পাঁচখন দেশে লাভ করা এক বিশেষ ক্ষমতা যার জরীয়তে পাঁচখন রাষ্ট্রই আন্তঃরাষ্ট্রীয় শান্তি আরু নিরাপত্তার যিকোনো সিদ্ধান্ত স্থগিত করিব পারে । নিরাপত্তা পরিষদর স্থায়ী সদস্যইহে কেবল ভেটো ক্ষমতার অধিকার লাভ করে । ইয়ার কারণসমূহ হ’লঃ
(ক) নিরাপত্তা পরিষদর স্থায়ী সদস্য আমেরিকা, রাছিয়া, ইংলেণ্ড, চীন আরু ফ্রান্স, হ’ল দ্বিতীয় বিশ্বযুদ্ধর পাঁচ বিজয়ী পরাশক্তি ।

(খ) এই পাচঁখন সদস্য রাষ্ট্র হ’ল- রাষ্ট্রসংঘ আরু নিরাপত্তা পরিষদর প্রতিষ্ঠাপক রাষ্ট্র ।

(গ) রাষ্ট্রসংঘর চনদত ৫০+১=৫১ খন দেশে স্বাক্ষর প্রদান করি এই পাচঁখন রাষ্ট্রক স্থায়ী সদস্য হিচাপে মনোনিত করিছিল আরু ভেটো ক্ষমতা অর্পণ করিছিল ।

(ঘ) রাষ্ট্রসংঘর চনদ অনুসরি এই পাঁচখন সদস্য রাষ্ট্ররহে ভেটো ক্ষমতা আছে ।

(ঙ)ছাৰ্টার আইনর ২৭ (৩)নং ধারা অনুসরি যিকোনো আন্তঃরাষ্ট্রীয় শান্তি আরু নিরাপত্তাৰ সিদ্ধান্ত গ্রহণর ক্ষেত্রত এই পাচঁখন রাষ্ট্রকহে ভেটো প্রয়োগ করার অধিকার অর্পণ করিছে ।

(চ) নিরাপত্তা পরিষদর সকলো কাম-কাজ, আলাপ-আলোচনা, বিতর্কমূলক বিষয়ত, এই পাঁচ স্থায়ী রাষ্ট্রই অধিকার লাভ করিছে ।

১০।বিশ্বত আন্তঃরাষ্ট্রীয় সংগঠন প্রয়োজনীয় কিয়? ইয়ার ভূমিকা ব্যাখ্যা করা ।
উত্তরঃ দ্বিতীয় বিশ্বযুদ্ধর সময়ত সমগ্র বিশ্বত মানৱ জাতির বহুতো ক্ষয়-ক্ষতি হৈছিল । এই ভয়াবহ ভাবুকির যাতে পুনর নহয় তার বাবে এক আন্তর্জাতিক সংগঠনর প্রয়োজনীয়তা আহি পরিছিল । লগতে, ইয়ার মূল লক্ষ্য আরু উদ্দেশ্যসমূহ হ’ল এনেধরণরঃ

(ক) সমগ্র মানৱ জাতির কল্যাণ আরু অস্তিত্ব রক্ষার বাবেঃ
       সমগ্র বিশ্বত মানৱ জাতির কল্যাণ আরু অস্তিত্ব রক্ষার বাবে এক শক্তিশালী আন্তঃরাষ্ট্রীয় সংগঠনর প্রয়োজনীয়তা আছে ।

(খ) বিশ্বশান্তি আরু নিরাপত্তা নিশ্চিত করাঃ
       বিশ্বশান্তি আরু নিরাপত্তা নিশ্চিত করার বাবে এখন রাষ্ট্রই অকলে সমাধান করিব নোৱারে । এই দিশতো এক আন্তঃরাষ্ট্রীয় সংগঠন প্রয়োজন আহি পরে ।

(গ) রাষ্ট্রসমূহর মাজত শান্তি-পূৰ্ণ সহৱস্থান করাঃ
       সমগ্র রাষ্ট্রসমূহর মাজত আলাপ-আলোচনার মাধ্যমেরে শান্তি-পূর্ণ সহৱস্থান করার ক্ষেত্রতো এক আন্তঃরাষ্ট্রীয় সংগঠনর প্রয়োজনীয়তে আহি পরিছে ।

(ঘ) আন্তঃজাৰ্তিক সমস্যাসমূহর সমাধানর উদ্দেশেঃ
       মহামারী, গোলকীয় সমস্যা, নিবনুৱা সমস্যা আদির দরে আন্তঃরাষ্ট্রীয় সমস্যাসমূহর সমাধানর বাবেও এক শক্তিশালী আন্তঃরাষ্ট্রী সংগঠনর প্রয়োজনীয়তা আছে ।

(ঙ) সমগ্র দেশর মিলনক্ষেত্র হিচাপেঃ
       বিশ্বত থকা প্রতিখন দেশর মাজর এক মিলনকেন্দ্র হিচাপে এক আন্তঃরাষ্ট্রীয় সংগঠনেহে সম্ভৱ করি তুলে ।

(চ) আন্তঃজাৰ্তিক বিবাদসমূহর নিষ্পত্তি করার অর্থেঃ
       বিভিন্ন রাষ্ট্রসমূহর মাজত অতীতরে চলি অহা আরু বর্তমানেও চলি থকা বিবাদসমূহর নিষ্পত্তি করি শান্তিপূর্ণ ভাৱে আরু সহযোগিতারে বাস করিবর বাবে এক আন্তঃরাষ্ট্রীয় সংগঠনর প্রয়োজনীয়তা আছে ।

১১। শীতল যুদ্ধর পিছত রাষ্ট্রসংঘৰ কাম-কাজত হোৱা পরিৱৰ্তনবোর লিখা । 
উত্তরঃ
শীতল যুদ্ধর পৰৱৰ্তী কালত মূলতঃ দুই ধরণর কাম-কাজত পরিবর্তন হৈছিল । সেয়া হ’লঃ
(ক) রাষ্ট্রসংঘর গাঁথনিৰ সংস্কাৰ
(খ) বিচার ব্যৱস্থার পুনর সংগঠন অর্থাৎ কাৰ্যপ্রণালীর সংস্কার আরু আলোচনার বিষয়বোরর পুনর নিরীক্ষণ

 যেতিয়া রাষ্ট্রসংঘর বৃহত্তম ভূমিকা আহি পরিছিল তেতিয়া কিছুমান দাবী উত্থাপনর সহায়ত নতুন কিছুমান কাম-কাজ আরু নীতির সলনি হৈছিল । ইয়ারে উল্লেখযোগ্যসমূহ হ’ল এনেধরণরঃ

(ক) সচিব প্রধানর সংস্কারমূলক নীতি আরু কাৰ্যসূচীঃ
সচিব প্রধান বুট্রোস বাট্রোস-ঘালি(Boutros Boutros-Ghali),য়ে সচিব প্রধান অথবা দপ্তরর (Secretariat) কাম-কাজর নীতি সংস্কার করিছিল । তেওঁ বিশ্বত শান্তি রক্ষার ক্ষেত্রত সমগ্র বিশ্বত প্রচার করিছিল । তেখেতে আন্তঃজাৰ্তিক করর ব্যৱস্থার নীতি গ্রহণ করিছিল কিন্তু আমেরিকাই ইয়ার তীব্র বিরোধিতা করিছিল ।

(খ) সচিব প্রধান কোফি আন্নান(Kofi Annan)র ভূমিকাঃ
       সচিব প্রধান কোফি আন্নানে ১৯৯৭-২০০৬ চনর সময়ছোৱাত রাষ্ট্রসংঘর পরিচালনা আরু সহযোগিতার কিছুমান নতুন নীয়ম গ্রহণ করিছিল । তেওঁ মানব জাতির অধিকার আরু শান্তি রক্ষার কারণে কিছুমান পদক্ষেপ গ্রহণ করিছিল ।

(গ) “G4 রাষ্ট্রর বা Nation” র ভূমিকাঃ
       G4 বুলি পরিচিত ভারত, জার্মানি, ব্রাজিল আরু জাপানে শীতল যুদ্ধর পাছত নিরাপত্তা পরিষদর স্থায়ী সদস্যর বাবে দাবী জনাই আহিছে । তেওঁলোকে, শীতল যুদ্ধর পাছত নিরাপত্তা পরিষদর স্থায়ী সদস্য বৃদ্ধির বাবে দাবী উত্থাপন করিছিল ।

(ঘ) চীন আরু রাছিয়ার উত্থানঃ
       শীতল যুদ্ধর পাছত রাষ্ট্রসংঘত চীন আরু রাছিয়া দেশে নিরাপত্তা পরিষদর স্থায়ী সদস্য হিচাপে এক আগস্থান দখল করিছিল । সকলো দিশতে রাষ্ট্রসংঘত দুয়ু রাষ্ট্রই আমেরিকার সমসাময়িকভাৱে প্রভাৱ বিস্তার করিছিল ।

(ঙ) নতুন সদস্য রাষ্ট্রর রাষ্ট্রসংঘত সহযোগঃ
       শীতল যুদ্ধর পাছত বহু নতুনকৈ স্বাধীন প্রাপ্ত দেশে রাষ্ট্রসংঘর সদস্য হৈছিল ।

(চ) রাষ্ট্রসংঘর আন্তঃজাৰ্তক পৰ্যায়ত নতুন পদক্ষেপঃ
       শীতল যুদ্ধর পাছত বিশ্বত শান্তি আরু নিরাপত্তা প্রতিষ্ঠা করার অর্থে রাষ্ট্রসংঘই নিরাপত্তা, মানব অধিকার, মহামারী রোধকরণ আদি নতুন কাৰ্যসূচী গ্রহণ করিছিল । লগতে, গোলকীয় সমস্যা, আন্তঃজাৰ্তিক অর্থনীতির উদ্দগনি, শিক্ষার অগ্রগতি, স্বাস্থ্যর সুরক্ষা, আদি বিষয়সমূহত নতুন নীতি আরু পরিকল্পনা প্রস্তুত আরু প্রণয়ণ করিছিল ।

(ছ) আমেরিকা যুক্তরাষ্ট্রর রাষ্ট্রসংঘত ভূমিকাঃ
       শীতল যুদ্ধর পাছত আমেরিকাই রাষ্ট্রসংঘত প্রায় সকলো দিশতে মুখ্য ভূমিকা গ্রহণ করিছে । নিরাপত্তা পরিষদর স্থায়ী সদস্যরূপে বহু দিশত অধিকার আরু বিশ্বশান্তি প্রতিষ্ঠার হকে বহুতো ভূমিকা গ্রহণ করিবলগীয়া হৈছিল ।

       এইদরে, শীতল যুদ্ধর পাছত রাষ্ট্রসংঘর বহুতো কাম-কাজর নতুন রেহ-রূপ প্রতিফলিত হৈছিল ।

১৩। আজির বিশ্বই সন্মুখীন হোৱা প্রধান গোলকীয় প্রত্যাহ্বান সমূহ কি কি?
অথবাঃ ২২। বিশ্বর গোলকীয় প্রত্যাহ্বানসমূহ কি কি?
উত্তরঃ  
গোলকীকরণ আরু বিশ্বায়ণে গোটেই বিশ্বক এখন গাওঁত পরিণত করিছে । সেয়ে আজির বিশ্বই বহুতো গোলকীয় প্রত্যাহ্বানর সন্মুখীন হব লগা হৈছে । ইয়ার প্রধান/উল্লেখযোগ্য সমূহ হ’লঃ

(ক)  পরিৱেশৰ সমস্যাঃ
       বর্তমান বিশ্বত বিজ্ঞান আরু প্রযুক্তির বাবে পরিৱেশ বারুকৈয়ে বিনষ্ট করিছে আরু গোলকীয় উষ্ণতার দরে সমস্যার সন্মুখীন হব লগা হৈ আছে  তথাপিতো ইয়ার বিকল্প প্রয়োগসমূহর পরিমাণ নিচেই সামান্য ।

(খ) প্রাকৃতিক সম্পদর অৱক্ষয়ঃ
       মানৱ জাতির স্বার্থ আরু উন্নয়ণর বাবে ক্রমান্বয়ে বিশ্বর প্রাকৃতিক সম্পদসমূহর পরিমাণ কমি গৈ আছে । ইয়ার বিকল্প সামগ্রীসমূহর পরিমাণ কম হোৱাৰ বাবে গোটেই বিশ্বত সংকটর সৃষ্টি হৈছে ।

(গ) রাজনৈতিক সমস্যাঃ
       বর্তমান বিশ্বত রাজনৈতিক দিশত প্রায়বোর রাষ্ট্রই প্রতিজোগিতা করি আছে । উন্নত আরু পশ্চিমীয়া রাষ্ট্রর লগত ফের মারিবলৈ গৈ বহুতো উন্নয়ণশীল রাষ্ট্রর নিজ দেশর রাজনৈতিক নীতি আরু সাৰ্বভৌমত্বত বিরোপ প্রভাৱ পরিছে ।

(ঘ) অর্থনৈতিক সমস্যাঃ
       বর্তমান সকলো রাষ্ট্রই মুক্ত আন্তঃজাৰ্তিক পুঁজিবাদী নীতি গ্রহণ করিছে । যার ফল স্বরূপে রাষ্ট্রসমূহর ক্ষুদ্র কুটীর শিল্প আরু কৃষি উদ্যোগসমূহ বিপদাপন্ন হৈ পরিছে ।

(ঙ) সামাজিক-সাংস্কৃতিক সমস্যাঃ
       গোলকীয় করণর প্রভাৱর বাবে প্রায়বোর দেশরে নাগরিক আরু জনিসাধারণে পশ্চিমীইয়া আরু আন রাষ্ট্রর সমাজ-সংস্কৃতিক গ্রহণ করিছে । ইয়ার ফলস্বরূপে, দেশর স্থানীয় সমাজ-সংস্কৃতির নীতি নিয়মত বিরোপ প্রভাৱ পরিছে ।

(চ)মহামারী আরু স্বাস্থ্যজনিত সমস্যাঃ
       এইডছ, মেলেরীয়া, এইছ. আই. ভি. আদির দরে মহামারীয়ে গোটেই বিশ্বত মানৱ জাতির জীৱন সংকিত করি তুলিছে । এই স্বাস্থ্য জনিত সমস্যাসমূহর ক্ষেত্রত পদক্ষেপ গ্রহণ করিছে যদিও বহুলোক এই মহামারীর বাবে প্রাণ দিব লগা হৈছে ।

(ছ) পারমাণৱিক শক্তির ভাবুকিঃ
       আন এক উল্লেখনীয় গোলকীয় প্রত্যাহ্বান হ’ল পারমাণৱিক শক্তি । বর্তমান সকলো রাষ্ট্রর পারমাণৱিক শক্তির অধিকারী হোৱাৰ বাবে মানৱ জাতি বিপদাপন্ন হৈ আছে আরু এক ভাবুকির সৃষ্টি হৈ আছে ।  

১৫। শীতল যুদ্ধর পিছত বিশ্বত কি কি পরিৱৰ্তনে দেখা দিছে ?
অথবাঃ ২০।শীতল যুদ্ধর পিছত বিশ্বত কি কি পরিৱৰ্তন ঘটিছে ?
উত্তরঃ
 (ক) একক মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্রৰ উত্থানঃ
       USSR বিভাজন পৰৱৰ্তী পর্যায়ত আমেৰিকা যুক্তই গোটেই বিশ্বত একক মহাশক্তি হিচাপে প্রতিষ্ঠিত হৈছিল । লগতে, আমেৰিকাৰ লগত প্রতিদ্বন্দী কৰিবৰ বাবে কোনো শক্তিগোষ্ঠী নাইবা ৰাষ্ট্র নাছিল ।

(খ) বহুসংখ্যক নব্য স্বাধীন ৰাষ্ট্রৰ উত্থানঃ
       USSR বিভাজন লগে লগে বহুতো নতুন স্বাধীন ৰাষ্ট্রৰ উত্থান ঘটিছিল । এই ৰাষ্ট্রবোৰে সাম্যবাদী আদর্শ ত্যাগ কৰি আমেৰিকাৰ পুঁজিবাদী আদর্শ গ্রহণ কৰিছিল ।

(গ) পুঁজিবাদী ব্যৱস্থাৰ উত্থানঃ
       USSR বিভাজন হোৱাত আমেৰিকাৰ পুঁজিবাদী আদর্শই গা কৰি উঠিছিল । লগতে, উদাৰীকৰণ, ব্যক্তিগতকৰণ আরু বিশ্ব অর্থনীতিত বিশ্বায়ণ প্রক্রিয়াৰ সূচনা হৈছিল ।

(ঘ) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রভাৱ হ্রাসপ্রাপ্তঃ
       USSR বিভাজন হোৱাৰ লগে লগে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মৰ্যদা বহু পৰিমাণে হ্রাস পাইছিল । সেই সময়ত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রয়োজনৰ প্রায় কমি গৈছিল ।

(ঙ) তৃতীয় বিশ্বৰ দেশসমূহৰ ভূমিকাক দুর্বল করাঃ
       USSR বিভাজনৰ পাছত তৃতীয় বিশ্বৰ দেশসমূহৰ ভূমিকা বহু দিশত হ্রাস পাইছিল । সমসাময়িকভাৱে, ১৯৭০ দশকৰ পৰা তৃতীয় বিশ্বৰ দেশসমূহে নৱ্য-আন্তৰ্জাতিক অর্থব্যৱস্থাৰ হকে গঢ়ি তোলা দাবীসমূহৰ প্রায় ভূমিকা/অস্তিত্ব কমি গৈছিল ।

(চ)সমাজবাদী অর্থনীতিৰ পৰা পুঁজিবাদী অর্থনীতিলৈ পূর্ণ পৰিবর্তনঃ
       ছোভিয়েট ইউনিয়নৰ পতনৰ লগে লগে নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্রসমূহে সমাজবাদী অর্থনীতিৰ পৰা পুঁজিবাদী অর্থনীতি গ্রহণ কৰিব লগা হৈছিল । ৰাষ্ট্রসমূহৰ ৰাজহুৱা খণ্ডৰ সম্পদসমূহ ব্যক্তিগত মালিকানাস্বত্বলৈ পৰিবর্তন হৈছিল ।

১৬। IMF কি ?এই সম্পৰ্কে এটা টোকা লিখা ।
উত্তরঃ আন্তঃৰাষ্ট্রীয় ধন ভাণ্ডাৰ(I.M.F.)হ’ল- ১৮৯ খন ৰাষ্ট্রৰ সহযোগত ১৯৪৫ চনৰ ২৭ ডিচেম্বৰত প্ৰতিষ্ঠা লাভ করা রাষ্ট্রসংঘর এক আন্তঃরাষ্ট্রীয় সংগঠন । ইয়ার সদৰ কাৰ্যালয় আমেৰিকাৰ ওৱাছিংটন চহৰত অৱস্থিত ইয়াৰ মুখ্য কাৰ্য হলঃ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত আন্তর্জাতিক পৰ্যায়ত টকা-পইচাৰ বিনিময় আরু বেপাৰ-বাণিজৰ ক্ষেত্ৰত আর্থিক সুবিধা প্ৰদান কৰা এই সংস্থাই বিশ্বর অর্থনৈতিক স্থিরতা রক্ষা আরু অর্থনৈতিক দিশর উন্নতিসাধন করি আহিছে ।
এই সংগঠনে রাষ্ট্রসমূহর বিভিন্ন মুদ্রার বিনিময়র ক্ষেত্রত মুদ্রার হারর নীতি গঠন করে । ই এখন দেশর মাজত আন এখন দেশর পণ্য বিনিময়র ক্ষেত্রত মুদ্রার নীতি নির্ধারণ করে । এই সংস্থাই উন্নয়ণশীল রাষ্ট্রর ক্ষেত্রত আর্থিক অনুদান আরু ঋণ প্রদান করে । লগতে রাষ্ট্রসংঘর সদস্য রাষ্ট্রসমূহর মাজত অর্থনৈতিক দিশত স্থিরতা রক্ষা করি উন্নতিসাধন করে ।

২১।এমনেষ্টি ইন্টারনেশ্যনেলর ওপরত এটা টোকা লিখা ।
উত্তরঃ
এমনেষ্টি ইন্টারনেশ্যনেলর (Amnesty International) এক মানৱ অধিকার বিষয়ক আন্তর্জাতিক সংস্থা । আন্তঃজাৰ্তিক পৰ্যায়ত মানৱ অধিকারর বিষয়ে উত্তরণ আরু মৰ্যাদা রক্ষার বাবে এই সংস্থাটো গঢ়ি উঠিছে । রাষ্ট্রসংঘর সাধারণ পরিষদর জরীয়তে সার্বজনীন মানব অধিকার সংক্রান্ত ঘোষণাপত্রর সহায়ত ইয়ার নীতি আরু উদ্দেশ্যসমূহ গঠন করিছে । এই সংস্থাটী ১৯৬১ চনর জুলাই মাহত স্থাপন করা হৈছিল । ইয়ার মুখ্য সদর কাৰ্যালয় লণ্ডনত অৱস্থিত । এই সংস্থাটোক ১৯৭৭ চনত ‘নবেল শান্তি পুরস্কার’ আরু ১৯৭৮ চনত রাষ্ট্রসংঘর মানৱা্ধিকার পুরস্কার’ প্রদান করা হৈছিল ।

এই সংস্থাটোর মূল লক্ষ্য-উদ্দেশ্য আরু কাৰখ্য-সমূহ হ’লঃ
(ক) নারীশিশুসংখ্যালঘু আরু আদিবাসী সম্প্রদায়র অধিকার রক্ষাকরণ বা রক্ষা করা ।
(খ) নারী নির্যাতন বন্ধকরণ বা বন্ধ করা ।
(গ) বিচার ব্যবস্থায় নির্যাতন বন্ধ আরু যুদ্ধ ভীতি বন্ধ সহায়তাকরণ বা সহায় করা ।
(ঘ) দারিদ্র হ্রাস করি ব্যক্তির অধিকার আরু মর্যাদা প্রাপ্তিত সহায়তাকরণ বা সহায় করা ।
(ঙ)মৃত্যুদণ্ডাদেশ স্থগিতকরণ করা ।
(চ) ধিবাসী আরু শরণার্থীসকলর অধিকার রক্ষাকরণ বা রক্ষা করা ।
(ছ) ন্যায়বিচারের স্বার্থত কারাদণ্ডর বাবে দণ্ডিত ব্যক্তির অধিকার রক্ষাকরণ বা রক্ষা করা ।
(জ) মানুহর মর্যাদা রক্ষাকরণ বা রক্ষা করা ।
(ঝ) আন্তঃরাষ্ট্রিক পর্যায়অস্ত্র ব্যবসায় নিয়ন্ত্রণ করা ।

updating.........