পাঠ-৪, শিক্ষণ, Education, Class 12, by P.B.


১। শিক্ষণ কি? ই কেতিয়াৰ পৰা আৰম্ভ হয় আরু শেষ হয় ? শিক্ষণৰ প্রধান বৈশিষ্ট্যসমূহ/বোৰ লিখা ।
উত্তরঃ শিক্ষণ হ’ল এনে এক প্রক্রিয়া যাৰ সহযোগৰ মাধ্যমেৰে আমি কোনো কামৰ ক্ষেত্রত কৌশল বা দক্ষতা আয়ত্ব কৰিব পাৰো
       এই প্রক্রিয়া, জ্ঞাতসাৰে আরু অজ্ঞাতসাৰে, মানুহৰ জীৱনত শৈশৱৰ পৰাই আৰম্ভ হয় আরু মৃত্যু পর্যন্ত্য চলি থাকে ।
শিক্ষণৰ প্রধান বৈশিষ্ট্যসমূহ হ’লঃ
(ক) নতুন অভিজ্ঞতা আরু প্রশিক্ষণৰ প্রভাৱঃ
       শিক্ষণ নতুন অভিজ্ঞতা আরু প্রশিক্ষণৰ বাবে সংঘটিত হয় ।
(খ) উদ্দীপক আরু প্রতিক্রিয়াৰ মাজত সংযোগ স্থাপনঃ
       শিক্ষণত উদ্দীপক আরু প্রতিক্রিয়াৰ মাজত সংযোগ স্থাপন হয় ।
(গ) পৰিৱেশৰ লগত সমাযোজনঃ
 শিক্ষণত পৰিৱেশৰ লগত ব্যক্তিৰ কাৰ্য্যৰ সমাযোজন ঘটে ।
(ঘ) শিক্ষণ উদ্দেশ্য প্রণোদিতঃ
       শিক্ষণ কোনো লক্ষ্য বা উদ্দেশ্যক লৈ সম্ভৱ হয় ।
(ঙ) শিক্ষণ কোনো সমস্যা সমাধানৰ প্রক্রিয়াঃ
       শিক্ষণ কোনো এক নিদ্দিষ্ট সমস্যা সমাধানৰ প্রক্রিয়া হিচাপে গঢ় লৈ উঠে ।
(চ) শিক্ষণ এক সাৰ্বজনীন প্রক্রিয়াঃ
       শিক্ষণ এক সাৰ্বজনীন প্রক্রিয়া হিচাপে প্রতিষ্ঠিত হয় ।
(ছ) দেহ-মানসিক পৰিপক্কতাৰ প্রভাৱঃ
       শিক্ষণ সাধাৰণতে দেহ আরু মানসিক পৰিপক্কতাৰ ওপৰত নির্ভৰ কৰে ।
(জ) শিক্ষণত অভ্যাসৰ প্রভাৱঃ
       অভ্যাসে শিক্ষণক স্থায়ী রূপ প্রদান কৰে ।
(ঝ) শিক্ষণ আগ্রহৰ ওপৰত প্রতিষ্ঠিতঃ
       শিক্ষণ সাধাৰণতে, আগ্রহৰ ওপৰত নির্ভৰ কৰে ।
(ঞ)উচ্চশ্রেণী আরু নিম্নশ্রেণীৰ জীৱৰ পৃথক শিক্ষণ ব্যৱস্থাঃ
       শিক্ষণ নিম্ন শ্রেণী জীৱতকৈ উচ্চ শ্রেণী জীৱৰ ক্ষেত্রত ক্ষমতা অধিক হয় ।
(চ) শিক্ষণত অভিৰোচনৰ প্রভাৱঃ
   শিক্ষণত অভিৰোচনে কাৰ্য্যসাধনৰ ক্ষেত্রত শিকারুক মানসিক প্রস্তুতি আরু অনুপ্রেৰণা প্রদান কৰে ।
(ছ) শিক্ষণ এক ব্যক্তিকেন্দ্রিক কাৰ্য্যঃ
      শিক্ষণ সাধাৰণতে ব্যক্তিকেন্দ্রিক হোৱা দেখা যায় বা পৰিলক্ষিত হয় । সেয়েহে, শিক্ষণ ক্ষমতা ব্যক্তি বিশেষে পৃথক পৃথক হোৱা দেখা যায় ।  

২।শিক্ষণৰ তিনিটা প্রয়োজন লিখা ।
উত্তরঃ শিক্ষণৰ তিনিটা প্রয়োজন হ’লঃ
(ক)শিক্ষণে পৰিৱৰ্তন সমাজত সমাযোজন কৰাৰ ক্ষেত্রত সহায় কৰে
(খ) শিক্ষণে মানব জীৱনৰ প্রত্যেক দিশৰ উন্নতি সাধণত সহায় কৰে
(গ)শিক্ষণে পৰিৱেশত আচৰণৰ সংশোধন আরু উৎকর্ষ সাধন কৰে

৩।শিক্ষণ এক.........চলা প্রক্রিয়া ।
উত্তরঃ শিক্ষণ এক জীৱনব্যাপি চলা প্রক্রিয়া ।

৪। শিক্ষণ কাক বোলে ? উদাহৰণ দিয়া ।
উত্তরঃ সকলো জীৱই জন্মৰ সময়ত কিছুমান জন্মগত প্রবৃত্তি লৈ আহে যিবোৰ সাধাৰণতে অমার্জিত বা অপৰিশোধিত হৈ থাকে । যি প্রক্রিয়াৰ মাধ্যমেৰে অভিজ্ঞতা আরু জ্ঞানৰ সমাযোজনেৰে বা সহায়েৰে এই চৰিত্র বা সহজাত প্রতিক্রিয়া বা আচৰণ সমূহ পৰিৱৰ্তন বা পৰিশোধণ কৰা হয় তাকে শিক্ষণ বোলে । উদাহৰণ স্বরূপে-এটি শিশুৰ খোজ কঢ়া, কাপোৰ পিন্ধা, গা-ধোৱা আদি শিক্ষণৰ জৰীয়তে সফল হয় ।

৫।শিক্ষণৰ সংজ্ঞা লিখা ।
উত্তরঃ গেইটৰ মতে, “শিক্ষণ হৈছে অভিজ্ঞতা আরু প্রশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কাৰ্য ।”
স্কিনাৰৰ মতে “অভ্যাস, জ্ঞান তথা মনোভংগীৰ আয়ত্বকৰণ আরু সংৰক্ষণেই হ’ল শিক্ষণ ।”

৬।পৰিপক্কতা কি? উদাহৰণ দিয়া ।
উত্তরঃ পৰিপক্কতা হ’ল বিকাশৰ স্বাভাৱিক রূপত সংঘটিত হোৱা দেহৰ এক অন্তৱৰ্তী ক্রিয়া বা প্রক্রিয়া ।
উদাহৰণস্বরূপে- এজন শিশুৱে পৰিপক্কতাৰ এক বিশেষ বিকাশৰ পাছতহে ভাষা আয়ত্ব কৰাত সফল হয় । লগতে, আমি টাৰজানৰ কথকো কব পাৰো

৭।পৰিপক্কতাৰ সংজ্ঞা দিয়া /লিখা ।
উত্তরঃ আমেৰিকাৰ মনোবিজ্ঞানী মেক্ গ’চে (Mc Goech) ৰ মতে, “পৰিপক্কতা হৈছে বয়সৰ লগে লগে ব্যক্তিৰ শিক্ষা আহৰণৰ ক্ষেত্রত সংঘটিত হোৱা যিকোনো পৰিবর্তন, যি মূলতে দৈহিক বিকাশৰ ওপৰত নির্ভৰশীল । ই পূর্বক্রিয়াৰ অনুশীলন অথবা অভিজ্ঞতাৰ ওপৰত নির্ভৰশীল নহয় ।”
মনোবিদ থমচনৰ মতে , “পৰিপক্কতা হৈছে দৈহিক বৃদ্ধি বা বিকাশৰ প্রক্রিয়াৰ এটা নাম, যাৰ ফলত দেহৰ গঠন আরু ক্রিয়া সম্পাদনৰ ক্ষমতা অধিকভাৱে পৈণত বা পৰিপক্ক হৈ উঠে । মুঠতে পৰিপক্কতা প্রক্রিয়াৰ দ্বাৰা ব্যক্তিৰ দৈহিক বিকাশ তাৰ নিজস্ব রূপত আরু স্বাভাৱিক গতিত সংঘটিত হয় ।”

৮।শিক্ষণ আরু শিকণ কি ? অর্থাৎ শিক্ষণ আরু শিকণৰ মাজত সম্পর্ক কি ?
উত্তরঃ শিক্ষণ হৈছে কোনো ব্যক্তিয়ে পৰিৱেশত কৰা প্রতিক্রিয়াসমূহৰ পৰিনতি । শিক্ষণে কোনো এক পৰিৱেশত আচৰণৰ সংশোধনৰ লগতে আচৰণৰ উৎকর্ষ সাধন কৰে শিক্ষণৰ যোগেদি হোৱা পৰিবর্তন কোনো স্বাভাৱিক বা জৈৱিক প্রক্রিয়াৰ ফল নহয় / হব নোৱাৰে ।
শিকণ হৈছে এজন ব্যক্তিৰ নিজস্ব ক্রিয়া আরু প্রক্রিয়াৰ লগত প্রচেষ্টাৰ এক ফল ।
সেয়ে দেখা যায় যে শিক্ষণ আরু শিকণৰ মাজত এক সু-সম্পর্ক আছে ।

৯।পৰিপক্কতা আরু শিক্ষণ কি ? পৰিপক্কতা আরু শিক্ষণৰ মাজত সম্পর্ক লিখা ।
উত্তরঃ পৰিপক্কতা হ’ল বিকাশৰ স্বাভাৱিক রূপত সংঘটিত হোৱা দেহৰ এক অন্তৱৰ্তী ক্রিয়া বা প্রক্রিয়া । শিক্ষণ হৈছে কোনো ব্যক্তিয়ে পৰিৱেশত কৰা প্রতিক্রিয়াসমূহৰ পৰিনতি । শিক্ষণে কোনো এক পৰিৱেশত আচৰণৰ সংশোধনৰ লগতে আচনৰ উৎকর্ষ সাধন কৰে
শিক্ষণ আরু পৰিপক্কতা দুয়ুটা প্রক্রিয়াৰ মাজত এৰাব নোৱাৰা সম্পর্ক আছে । ইয়াৰে, উল্লেখযোগ্য সম্পর্কসমূহ হ’ল এনেধৰণরঃ
(ক)পৰিপক্কতাই এজন ব্যক্তিৰ শিক্ষণৰ বাবে অনুশীলন আরু কাৰ্য্য সম্পাদনত ব্যক্তিজনক প্রস্তুত কৰি তুলে ।
(খ) শিশুসকলৰ ভাষা শিক্ষণৰ আয়ত্বৰ ক্ষেত্রত পৰিপক্কতাই গুরুত্ব আৰোপ কৰে
(গ) শিক্ষণৰ জৰীয়তে আচৰণৰ সংশোধন কৰাৰ দিশত এজন শিশুক পৰিপক্কতাইহে যোগ্যতা প্রদান কৰে
(ঘ) শিক্ষণে পৰিপক্কতাই প্রদান কৰা সম্ভাৱনীয়তা সমূহ উপযুক্ত দিশত বিকশাই তোলে ।
(ঙ)এজন শিশুৰ পৰিপক্কতা লাভ নকৰা অৱস্থাত শিক্ষণ কাৰ্য সফল আরু বিকশিত নহয় ।
(চ)কোনো কাৰ্য্যৰ বাবে লাগতিয়াল হোৱা পৰিপক্কতা অনুসৰি শিক্ষণৰ সুযোগ-সুবিধা হ’লেহে শিক্ষণৰ দিশত সফল হ’ব পাৰি
(ছ) শিক্ষণৰ বাবে লাগতিয়াল সীমা পৰিপক্কতাৰ দ্বাৰা নির্ধাৰিত কৰা হয় ।
      এইদৰে দেখা যায় যে শিক্ষণ আরু পৰিপক্কতা, এই দুয়ুটা দিশৰ সমন্বয় সাধনে শিক্ষা গ্রহণ আরু শিক্ষাৰ দিশসমূহৰ উন্নতি সাধণত সফল রূপায়ণ কৰে

১০।শিক্ষণৰ বাবে প্রয়োজনীয় চৰ্তসমূহ উল্লেখ কৰা
অথবাঃ শিক্ষণৰ বাবে লাগতিয়াল কেতবোৰ উপাদান সম্পর্কে আলোচনা কৰা
উত্তরঃ শিক্ষণ হৈছে কোনো ব্যক্তিয়ে পৰিৱেশত কৰা প্রতিক্রিয়াসমূহৰ পৰিনতি । শিক্ষণে কোনো এক পৰিৱেশত আচৰণৰ সংশোধনৰ লগতে আচৰণৰ উৎকর্ষ সাধন কৰে
শিক্ষণৰ বাবে লাগতিয়াল চৰ্তসমূহ বা উপাদানসমূহ হ’ল এনেধৰণরঃ
(ক) দৈহিক উপযুক্ততাঃ
   শিক্ষণৰ বাবে প্রত্যেক ব্যক্তিয়ে দৈহিকভাৱে সক্ষম হব লাগিব । এই দিশত অংগসমূহৰ স্বাভাৱিকতা, স্নায়বিক সক্রিয়তা, মস্তিষ্কৰ ক্রিয়া ক্ষমতা, দেহযন্ত্রৰ ৰোগমুক্তটা, গ্রহণ ইন্দ্রিয়সমূহৰ গ্রহণ ক্ষমতা আদি সক্রিয় হব লাগিব ।
(খ)ক্লান্তি আরু অৱসাদমুক্ততাঃ
      শিক্ষণ কাৰ্য্য ফলপ্রসু হবৰ নিমিত্তে আমাৰ দেহ ক্লান্তি আরু অৱসাদ গ্রস্ততা হব নালাগিব । মুক্ত আরু সক্রিয় মন আরু দেহতহে শিক্ষণ কাৰ্য্য সফল হব ।
(গ) অনুশীলনঃ
  শিক্ষণৰ বাবে অতিকৈ লাগতিয়াল হ’ল অনুশীলন । অনুশীলনৰ প্রভাৱত শিক্ষণৰ বিষয়সমূহ স্থায়িত্ব লাভ কৰে।
(ঘ)বয়স আরু লিংগঃ
     বয়সৰ পৰিপক্কতাইহে শিক্ষণ কাৰ্য্যৰ ক্ষেত্রত সুফল লাভ কৰিব পাৰি । লগতে, লিংগ বিশেষে ল’ৰা আরু ছোৱালীৰ শিক্ষণৰ ধৰণ-কৰণ পৃথকরূপে পৰিচালিত হয় ।
(ঙ) শিক্ষণ পদ্ধতিঃ
    শিক্ষণৰ দিশত সফলতা লাভৰ নিমিত্তে উচিত আরু উত্তম শিক্ষণ পদ্ধতি হোৱাতো বাঞ্ছনীয় । মৌখিক আরু যান্ত্রিক পদ্ধতিৰ সলনি ব্যৱহাৰিক আরু কাৰিকৰী পদ্ধতিৰ জৰীয়তে শিক্ষণ অধিক ফলপ্রসূ হয় ।
(চ) লক্ষ্য-সচেতনতাঃ
   প্রত্যেক শিক্ষণৰ নিমিত্তে এক নিদ্দিষ্ট লক্ষ্য থাকিব লাগে । শিক্ষণৰ দিশত এই সচেতনতা আগত ৰাখিলে উদ্দেশ্যত সফল হব পাৰি ।
(ছ) আগ্রহ আরু অভিৰোচনঃ
      শিক্ষণৰ বাবে অতিকৈ লাগতিয়াল হ’ল আগ্রহ আরু অভিৰোচন । আগ্রহ আরু অভিৰোচনে দেহ আরু মনক সক্রিয়া কৰি শিক্ষণ কাৰ্য্য সফল রূপায়ণ কৰে ।
(জ)মনোভাৱঃ
    সুস্থ গঠনাত্মক মনোভাৱৰ লগতে ইতিবাচক মনৰ চিন্তাই শিক্ষণ ক্রিয়াত উৎসাহ যোগায় । সমসাময়িকভাৱে, শিক্ষণৰ বাবে শক্তিশালী মনোবল প্রদান কৰে ।
(ঝ) কৃতকাৰ্য্যতা-অকৃতকাৰ্য্যতাৰ জ্ঞানঃ
   শিক্ষণ কাৰ্য্যৰ ফলাফলে পৰৱৰ্তী শিক্ষণ কাৰ্য্যত প্রভাৱ পেলায় । শিক্ষণ কাৰ্য্য কৃতকাৰ্য্য হ’লে উৎসাহ আরু অকৃতকাৰ্য্যতা হ’লে আগন্তুক শিক্ষণত নিরুৎসাহ প্রদান কৰে ।
(ঞ)অতিৰিক্ত শিক্ষণঃ
    অতিৰিক্ত শিক্ষণে সফলতা আরু বিফলতা দুয়ুটা আনি দিয়ে । অতিৰিক্ত শিক্ষণে শিক্ষণক স্থায়িত্ব প্রদান কৰে আরু লগতে অতিৰিক্ত শিক্ষণে অৱসাদৰো সৃষ্টি কৰিব পাৰে । সেয়েহে, এই দিশত মনোনিবেশ কৰিব লাগে ।
(চ)অর্থপূর্ণ বিষয়বস্তুঃ
       অর্থপূর্ণ উদ্দেশ্য আরু বিষয়বস্তুয়ে শিক্ষণ কাৰ্য্যক সহজ কৰি তুলে । লগতে, অর্থপূর্ণতা শিক্ষণত উৎসাহ আরু প্রেৰণা প্রদান কৰে ।
(ছ) বিষয়বস্তুৰ জটিলতাঃ
     শিক্ষণত বিষয়বস্তুৰ জটিলতাই সফল আরু বিফলত প্রভাৱ পেলায় । জটিলতাই শিক্ষণ কেতিয়াবা অসম্ভৱ আরু কেতিয়াবা অধিক স্থায়িত্ব প্রদান কৰে ।
         এইদৰে দেখা যায় যে, শিক্ষণৰ কাৰ্য্যৰ বাবে এই চৰ্তসমূহ বা উপাদানসমূহ অতীব প্রয়োজন ।
***(তলৰ শিক্ষণৰ পদ্ধতিসমূহৰ (ক)প্রতিষ্ঠাপক/প্রতিষ্ঠাতাজনৰ নাম লিখা ।(খ) এই পদ্ধতিসমূহ চমূকৈ বর্ণনা কৰা, (গ) এই পদ্ধতিসমূহৰ  বৈশিষ্ট্যসমূহ লিখা, (ঘ) এই পদ্ধতিসমূহৰ শৈক্ষিক মূল্য/তাৎপর্য্য/শিক্ষাগত প্রয়োজন উল্লেখ কৰা ।)***
১১। প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতিৰে কেনেকৈ শিক্ষণ সম্ভৱ হয়? উদাৰণৰ সৈতে বুজাই লিখা ।
অথবাঃ *প্রচেষ্টা আরু ভুল শিক্ষণ কি? বা প্রচেষ্টা আরু ভুল শিক্ষণ কাক বোলে? বা প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতিটো বা বিষয়ে লিখা ।
*প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতিৰ প্রতিষ্ঠাপক/প্রতিষ্ঠাতাজনৰ নাম লিখা ।
*প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতি কোনটো তত্বৰ ওপৰত প্রতিষ্ঠিত ?
*প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতিৰ প্রধান বৈশিষ্ট্যবোৰ লিখা ।
*প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতিৰ শৈক্ষিক মূল্য/তাৎপর্য্য/শিক্ষাগত প্রয়োজন উল্লেখ কৰা/বিষয়ে লিখা/নিরূপণ কৰা/দেখুওৱা । অথবাঃ *প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতিৰ শৈক্ষিক অৱদানৰ বিষয়ে চমুকৈ লিখা ।  
উত্তরঃ প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতিৰ প্রতিষ্ঠাপক/প্রতিষ্ঠাতাজনৰ নাম- এডৱাৰ্ড লী থৰ্ণডাইক (Edward Lee Thorndike) ।
প্রচেষ্টা আরু ভূল শিক্ষণ পদ্ধতিঃ
(ক)শিক্ষণৰ এক উল্লেখযোগ্য পদ্ধতি হ’ল প্রচেষ্টা আরু ভূল শিক্ষণ পদ্ধতি ।
(খ)প্রচেষ্টা আরু ভূল শিক্ষণ পদ্ধতিৰ প্রতিষ্ঠাপক হ’ল এডৱাৰ্ড লী থৰ্ণডাইক (Edward Lee Thorndike)
(গ) এই পদ্ধতি থৰ্ণডাইকৰ ‘সংযোগবাদ শিক্ষণ তত্ব’ৰ ওপৰত প্রতিষ্ঠিত ।
(ঘ)থৰ্ণডাইকৰ/ তেওঁৰ শিক্ষণ তত্ব অনুসৰি শিক্ষণ হ’ল উদ্দীপক(Stimular) আরু প্রতিক্রিয়াৰ(Response) সংযোগ সাধনৰ ফল । চমুকৈ এই তত্বক ‘S-R’ চুক্তিতত্ব বোলা হয় ।
(ঙ) প্রচেষ্টা আরু ভূল পদ্ধতিত বা এই ‘S-R’ চুক্তিতত্বত পৰিৱেশে উদ্দীপকস্বরূপে ব্যক্তিৰ ওপৰত ক্রিয়া কৰে আরু ব্যক্তিয়ে সংবেদনৰ মাধ্যমেৰে উদ্দীপকৰ প্রতি প্রতিক্রিয়া প্রকাশ কৰে ।
(চ)এই শিক্ষণ পদ্ধতিত উদ্দীপক আরু প্রতিক্রিয়াৰ সংযোগ সাধনক পুনৰাবৃত্তিৰ জৰীয়তে শক্তিশালী কৰা হয় আরু শিক্ষণত সফল হোৱা যায় ।
(ছ)এই শিক্ষণ পদ্ধতিত প্রথম অৱস্থাত ভূলৰ সন্মুখিন হব লগা হয় ।
(জ) এই প্রাৰম্ভিক পর্যায়ত ভূলৰ সংখ্যা অধিক হয় ।
(ঝ) পাছলৈ প্রচেষ্টা আরু অভ্যাসৰ পুনৰ চেষ্টাত এই ভূলৰ সংখ্যা ক্রমানয়ে কমি যায় ।
(ঞ) অৱশেষত ভূল নোহোৱা হৈ পৰে আরু শিক্ষণ কাৰ্য্যত সফল হয় ।
(চ) ভূল আরু প্রচেষ্টাৰ মাধ্যমেৰে এনে শিক্ষণ হোৱাৰ বাবে ‘প্রচেষ্টা আরু ভূল শিক্ষণ পদ্ধতি বুলি’ কোৱা হয় ।

প্রচেষ্টা আরু ভূল শিক্ষণ পদ্ধতিৰ পৰীক্ষা/উদাহৰণঃ
(ক)থৰ্ণডাইকে প্রচেষ্টা আরু ভূল শিক্ষণ পদ্ধতিটো এটি মেকুৰীৰ সৈতে পৰীক্ষা কৰিছিল ।
(খ) প্রথমে, থৰ্ণডাইকে এটি ভোকাতুৰ মেকুৰীক এটি কৌ্তুক বাকচ বা পিঞ্জৰাৰ ভিতৰত আবদ্ধ কৰিছিল ।
(গ)দ্বিতীয়তে, তেওঁ এথাল ভজা মাছ পিঞ্জৰাটোৰ বাহিৰত ৰাখিছিল ।
(ঘ) তৃতীয়তে, পিঞ্জৰাটোৰ দোৱাৰ খন এনেদৰে ৰাখিছিল যাতে ভিতৰৰ পৰা এডাল ৰচ টানি খুলিব পাৰি ।
(ঙ) তাৰ পিছত, মেকুৰীটোৱে মূৰটো পিঞ্জৰাৰ মাৰিৰ মাজত সুমুৱাই তাৰ হাতোৰাৰে মাছখিনি পাবলৈ প্রচেষ্টা বা অন্ধ প্রচেষ্টা চলাইছিল/কৰিছিল কিন্তু সফল হোৱা নাছিল ।
(চ)এনেদৰে, প্রচেষ্টা চলাই থাকোতেই, হঠাৎ এবাৰ ৰচীডাল টান খাই গৈছিল আরু দুৱাৰখন খুলি গৈছিল ।
(ছ)তেতিয়া, মেকুৰীটো বাহিৰলৈ ওলাই আহি খাদ্যবস্তু বা ভজামাছ খাইছিল ।
(জ) ইয়াৰ পৰৱৰ্তী সময়ত, মেকুৰীটোক একে পৰিস্থিতিত ৰখা হৈছিল ।
(ঝ)পিছৰ কেইবাৰ প্রচেষ্টাত মেকুৰীটোৰ ভূলৰ পৰিমাণ ক্রমানয়ে কমি আহিছিল ।
(ঞ) অৱশেষত, মেকুৰীটোৱে কোনো ভূল নোহোৱাকৈ ৰচীডাল টানি, দূৱাৰখন খুলি পিঞ্জৰাৰ পৰা ওলাই আহিব পাৰিছিল ।
(ট)এনেদৰে, মেকুৰীটোৱে প্রচেষ্টা আরু ভূল পদ্ধতিৰে এক শিক্ষণ লাভ কৰিছিল ।

প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতিৰ বৈশিষ্ট্যসমূহঃ
(ক)ক্রমাগত প্রক্রিয়াঃ প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতিটো ক্রমাগত প্রক্রিয়াৰ মাধ্যমেৰে সফল হয় ।
(খ)পুনৰাবৃত্তি ক্রিয়াঃ প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতিটো প্রচেষ্টাসমূহৰ পুনৰাবৃত্তিৰ জৰীয়তে শিক্ষণ কাৰ্য্য সমাধা হয় ।
(গ) ভুলৰ এক ক্রমাগত প্রক্রিয়াঃ প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতিত প্রাৰম্ভিক বা প্রথম অৱস্থাত ভুলৰ পৰিমাণ অধিক হয় । তাৰ পৰৱৰ্তী সময়ত, ভুলৰ পৰিমাণ কমি যায় আরু শেষত নাইকীয়া হয় ।
(ঘ) শুদ্ধ প্রচেষ্টাৰ উদ্দেশ্যে ভূল প্রচেষ্টা ত্যাগঃ প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতিত প্রথমে ভুল প্রচেষ্টা কৰা হয় । পাছলৈ শুদ্ধ প্রচেষ্টাৰ উদ্দেশ্য আগত ৰাখি ক্রমানয়ে ভুল প্রচেষ্টা পৰিহাৰ কৰা হয় ।
(ঙ)অন্ধ যান্ত্রিক শিক্ষণ পদ্ধতিঃ প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতিৰ পৰিক্রমা ক্রমে অন্ধ আরু যান্ত্রিক পদ্ধতি অৱলম্বন কৰা হয় । পাছলৈ এই যান্ত্রিক পদ্ধতি ব্যৱহাৰিক দিশলৈ উন্নতি হয় ।
(চ)সকলো জীৱৰ বাবে প্রযোজ্যঃ প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতি মানুহ আরু জন্তু সকলোৰে বাবে ব্যৱহাৰ যোগ্য হয় । এই পদ্ধতি সকলো জীৱই বিভিন্ন শিক্ষণ কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰে ।
(ছ)উচ্চ বৌদ্ধিক বা মানসিক ক্ষমতাৰ অপ্রয়োজনীয়তাঃ প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতিত কোনো উচ্চ বৌ্দ্ধিক বা মানসিক ক্ষমতাৰ প্রয়োজন নাই । সাধাৰণ মানুহ বা জন্তুৱেও এই পদ্ধতিটো ব্যৱহাৰ কৰি শিক্ষণ লাভ কৰিব পাৰে ।

  প্রচেষ্টা আরু ভুল পদ্ধতিৰ শিক্ষণ পদ্ধতিৰ শৈক্ষিক মূল্য/তাৎপর্য্য/শিক্ষাগত প্রয়োজনঃ
(ক)প্রচেষ্টা আরু ভুল পদ্ধতিয়ে ছাত্র-ছাত্রীসকলক পুনঃ পুনঃ প্রচেষ্টাৰ জৰীয়তে নানান বিষয়ত যোগ্যতা অর্জনত সহায় কৰে ।
(খ)প্রচেষ্টা আরু ভুল পদ্ধতিয়ে শিক্ষার্থীসকলৰ হতাশাৰ ক্ষেত্রত বাধাৰ সৃষ্টি কৰে আরু উৎসাহ যোগায় ।
(গ)প্রচেষ্টা আরু ভুল পদ্ধতিৰ জৰিয়তে বাৰে বাৰে কৰা চেষ্টাৰ বাবে শিক্ষণৰ ব্যৱহাৰিক দিশৰ উন্নতিসাধন হয় ।
(ঘ)প্রচেষ্টা আরু ভুল পদ্ধতিৰ প্রয়োগৰ জৰীয়তে শিক্ষক-শিক্ষার্থী উভয়ৰে অভিজ্ঞতা প্রাপ্ত হয় ।
(ঙ)প্রচেষ্টা আরু ভুল পদ্ধতিৰ জৰীয়তে বিভিন্ন শৈক্ষিক সমস্যা সমূহৰ সমাধান কৰিব পাৰি ।
(চ)প্রচেষ্টা আরু ভুল পদ্ধতিটো সাধাৰণ মানুহেও নিজৰ সমস্যা সমূহ সমাধানত ব্যৱহাৰ কৰিব পাৰে ।
(ছ) বেয়া অভ্যাস ত্যাগ আরু ভাল অভ্যাস গঠনত এই প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতিয়ে সহায় কৰে ।
(জ)প্রচেষ্টা আরু ভুল পদ্ধতিটো অনগ্রসৰ ল’ৰা বা ছোৱালীৰ বাবেও গ্রহণযোগ্য হয় ।
(ঝ) কুমলীয়া আরু সরু ল’ৰা-ছোৱালীৰ বিভিন্ন শিক্ষণ কাৰ্য্যত এই প্রচেষ্টা আরু ভুল পদ্ধতি ব্যৱহাৰ কৰিব পাৰি ।
(ঞ)প্রচেষ্টা আরু ভুল পদ্ধতিয়ে শিক্ষার্থীসকলৰ বৌদ্ধিক ক্ষমতাৰ বিকাশ সাধন কৰে ।


১২। অন্তদৰ্শন শিক্ষণ পদ্ধতিৰে কেনেকৈ শিক্ষণ সম্ভৱ হয়? উদাৰণৰ সৈতে বুজাই লিখা ।
অথবাঃ অন্তদৰ্শন শিক্ষণ কি? বা অন্তদৰ্শন শিক্ষণ কাক বোলে? বা অন্তদৰ্শন শিক্ষণ পদ্ধতিটো আলোচনা বা বিষয়ে লিখা ।
*অন্তদৰ্শন শিক্ষণ পদ্ধতিৰ প্রতিষ্ঠাপক/প্রতিষ্ঠাতাজনৰ নাম লিখা ।
*অন্তদৰ্শন শিক্ষণ পদ্ধতি কোনটো তত্বৰ ওপৰত প্রতিষ্ঠিত ?
*অন্তদৰ্শন শিক্ষণ পদ্ধতিৰ প্রধান বৈশিষ্ট্যবোৰ লিখা ।
*অন্তদৰ্শন শিক্ষণ পদ্ধতিৰ শৈক্ষিক মূল্য/তাৎপর্য্য/শিক্ষাগত প্রয়োজন উল্লেখ কৰা/বিষয়ে লিখা/নিরূপণ কৰা/দেখুওৱা । অথবাঃ অন্তদৰ্শন শিক্ষণ পদ্ধতিৰ শৈক্ষিক অৱদানৰ বিষয়ে চমুকৈ লিখা । 
উত্তরঃ অন্তদৰ্শন শিক্ষণ পদ্ধতিঃ
(ক)অন্তদৰ্শন শিক্ষণ পদ্ধতি সামগ্রীকতাবাদ তত্বৰ ওপৰত প্রতিষ্ঠিত আছিল ।
(খ)অন্তদৰ্শন শিক্ষণ পদ্ধতিৰ প্রৱৰ্ত্তক/প্রতিষ্ঠাতা আছিল জার্মান মনোবিজ্ঞানী ৱাৰ্থিমাৰ, কহলাৰ আরু কাফকা ।
(গ)এই মনোবিজ্ঞানীসকলৰ মতে, অন্তদৰ্শন শিক্ষণ পদ্ধতি বা শিক্ষণ হৈছে এক মানসিক অথবা বৌ্দ্ধিক ক্রিয়া, যি শিক্ষকৰ পর্যবেক্ষণ, অন্তদৰ্শন ক্ষমতা, আরু অনুভৱ শক্তিৰ ওপৰত প্রতিষ্ঠিত ।
(ঙ)অন্তদৰ্শন শিক্ষণ পদ্ধতিৰ মতে, শিক্ষণ বা শিক্ষা সামগ্রীকভাৱে সংঘটিত হয়, কিছু অংশ হিচাপে নহয় ।
(চ)অন্তদৰ্শন শিক্ষণ পদ্ধতিত শিক্ষণৰ অংশসমূহৰ পাৰস্পৰিক সম্পর্ক হয় আরু সামগ্রীকভাৱে এক নতুন অন্তদৰ্শনেৰে শিক্ষণ অর্জন কৰা হয় ।
(ছ) এই প্রক্রিয়াৰ ফলক্রমে, শিক্ষার্থীসকলে নানান সমস্যা অন্তদৰ্শনৰ মাধ্যমেৰে সমাধান কৰিব পাৰে ।
(জ) এই ক্ষেত্রত সামগ্রীকতাবাদি মনোবিদসকলে মতপোষণ কৰে যে শিক্ষণ অন্তৰ্দৃষ্টিৰ মাধ্যমেৰেহে সম্ভৱ হয় ।
(ঝ)উদাৰণৰস্বরূপে, কোনো এজন মানুহৰ চকু, নাক, কাণ, ওঁঠ, গাল আদিসমূহ পৃথক পৃথককে নিৰীক্ষণ নকৰি সামগ্রিকভাৱে মানুহজনৰ মুখখন দেখা কাৰ্য্য অন্তৰ্দশন শিক্ষণ পদ্ধতিৰ অন্তৰ্গত ।

অন্তদৰ্শন শিক্ষণ পদ্ধতিৰ পৰীক্ষা/উদাহৰণঃ
(ক)কহলাৰে অন্তদৰ্শন শিক্ষণ পদ্ধতিৰ চিপাঞ্জীৰ সৈতে নানান পৰীক্ষা কৰিছিল ।
(খ)তাৰে এটা পৰীক্ষাত, ‘চুলতান’ নামৰ এটা চিপাঞ্জীক এটা পিঞ্জৰাৰ ভিতৰত আবদ্ধ কৰিছিল ।
(গ) তাৰ পিছত, পিঞ্জৰাটোৰ বাহিৰত কিছুমান কল ৰাখিছিল ।
(ঘ) লগতে, দুডাল সরু লাঠী পিঞ্জৰাটোৰ ভিতৰত ৰাখিছিল ।
(ঙ) চিপাঞ্জীটোৱে যেতিয়া কলবোৰ দেখিছিল তেতিয়া খাবৰ বাবে চেষ্টা কৰিছিল ।
(চ)প্রথমে, তাৰ খালী হাত দুখন্ পিঞ্জৰাৰ বাহিৰলৈ মেলি দি কলখিনি পাবলৈ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল ।
(ছ)অলপ সময়ৰ পিছত, চাৰিওফালে লক্ষ্য কৰি সি লাঠী দুডাল দেখা পাইছিল ।
(জ) তেতিয়া, চিপাঞ্জীটোৱে দুইডাল লাঠী দুখন হাতত লৈ কলখিনি পাবৰ বাবে চেষ্টা কৰিছিল ।
(ঝ) কিন্তু, সি কলখিনি লগ পোৱা নাছিল ।
(ঞ) এনেদৰে, কিছু চেষ্টা কৰাৰ পিছত হঠাৎ এটা চিন্তা তাৰ মনত খেলাইছিল ।
(চ)এইবাৰ সি দুইডাল লাঠী জোৰা দি দীঘল কৰি কলখিনি পাবলৈ সক্ষম হৈছিল আরু অন্তৰ্দশন শিক্ষণৰ জৰীয়তে সমস্যাটো সমাধান কৰিছিল ।
(ছ) পিছৰ দিনা, চুলতান নামৰ সেই চিপাঞ্জীটোক সেই একে পৰিৱেশ প্রদান কৰা হৈছিল ।
(জ) সেইবাৰ, সি সেই সমস্যা সহজে সমাধান কৰিব পাৰিছিল আরু সেই শিক্ষণ লাভ কৰিছিল ।
(ঝ) অন্তৰ্দশনৰ সহায়ত এনে শিক্ষণ কার্য্য সমাধা হোৱা্ৰ বাবে এই শিক্ষণক অন্তৰ্দশন শিক্ষণ বোলা হয় ।

অন্তৰ্দশন শিক্ষণ পদ্ধতিৰ বৈশিষ্ট্যসমূহঃ
 (ক)সামগ্রীক বা সামগ্রীকতাৰ ওপৰত গুরুত্বঃ
অন্তৰ্দশন শিক্ষণ পদ্ধতিত বিষয়সমূহ সামগ্রিকভাৱে গুরুত্ব আৰোপ কৰা হয় ।
(খ)হঠাৎ সংঘটিত হোৱা শিক্ষণ প্রক্রিয়াঃ
অন্তৰ্দশন শিক্ষণ পদ্ধতি হঠাৎ অভিজ্ঞতা আরু প্রচেষ্টাৰ সময়ছোৱাত প্রাপ্ত হয় ।
(গ)অযান্ত্রিক পদ্ধতিঃ
অন্তৰ্দশন শিক্ষণ পদ্ধতি প্রচেষ্টা আরু ভূল শিক্ষণৰ অন্ধ আরু যান্ত্রিক পদ্ধতিৰ প্রয়োগ নহয় ।
(ঘ)ব্যৱহাৰিক পদ্ধতিঃ
অন্তৰ্দশন শিক্ষণ পদ্ধতি শিক্ষণ প্রক্রিয়াৰ মাধ্যমেৰে ব্যৱহাৰিক জ্ঞানৰ সমহাৰ ঘটে ।
(ঙ) পৰ্যবেক্ষণ ক্ষমতা আরু অনুভৱ শক্তিৰ ওপৰত গুরুত্ব প্রদানঃ
 অন্তৰ্দশন শিক্ষণ পদ্ধতিত শিক্ষণ প্রাপ্তৰ বাবে পৰ্যবেক্ষণ আরু অনুভৱ শক্তিৰ প্রয়োগ কৰা হয় ।
(চ)বৌদ্ধিক স্তৰৰ লগত সম্পর্কিতঃ
অন্তৰ্দশন শিক্ষণ পদ্ধতি মানুহৰ বৌদ্ধিক স্তৰৰ জৰীয়তে সম্ভৱ হৈ উঠে ।
(ছ)সাধাৰণ জনসাধাৰণৰ বাবে অযোগ্যঃ
অন্তৰ্দশন শিক্ষণ পদ্ধতি সকলো মানুহৰ বাবে সক্ষম নহয় । উচ্চ বৌদ্ধিক স্তৰৰ লোকৰ বাবে এই শিক্ষণ প্রযোজ্য ।
অন্তৰ্দশন শিক্ষণ পদ্ধতিৰ শৈক্ষিক মূল্য/তাৎপর্য্য/শিক্ষাগত প্রয়োজন
(ক) খণ্ডৰ পৰা সমগ্র শিক্ষণত সহায়ঃ
     অন্তৰ্দশন শিক্ষণ পদ্ধতিয়ে শিক্ষার্থীৰ লগতে এই পদ্ধতি ব্যৱহাৰকাৰী লোক সকললৈ সামগ্রিক জ্ঞানৰ সমাহাৰ অর্পণ কৰে ।
(খ) সৃষ্টিমূলক আরু গঠনমূলক দিশত সহায়কঃ
    অন্তৰ্দশন শিক্ষণ পদ্ধতিৰ জৰীয়তে সৃষ্টিমূলক আরু গঠনমূলক দিশসমূহৰ উন্নতিৰ বাবে সহায়ক হয় । লগতে উচ্চস্তৰৰ পৰীক্ষা আরু গৱেষণামূলক কাৰ্য্যৰ বাবে এনে শিক্ষণ প্রযোজ্য হয় ।
(গ)আত্মনিৰ্ভৰশীল আরু পৰিচালকরূপে গঢ়াৰ ক্ষেত্রত ভূমিকাঃ
     অন্তৰ্দশন শিক্ষণ পদ্ধতিয়ে শিক্ষার্থীসকলক শিক্ষণৰ মাধ্যমেৰে আত্মনিৰ্ভৰশীল আরু এজন সুপৰিচালকরূপে গঢ়াত সহায় কৰে ।
(ঘ)শিক্ষার্থীৰ সুপ্ত প্রতিভা বিকাশত অৰিহণাঃ
    অন্তৰ্দশন শিক্ষণ পদ্ধতিৰ জৰিয়তে শিক্ষার্থীসকলে নিজৰ নিজৰ সুপ্ত প্রতিভাসমূহ বিকাশত সুবিধা পায় ।
(ঙ)প্রতিভাসম্পন্ন ল’ৰা-ছোৱালীৰ বাবে সহায়কারীঃ
    অন্তৰ্দশন শিক্ষণ পদ্ধতিৰ সহায়ত প্রতিভাসম্পন্ন ল’ৰা-ছোৱালীসকলে নিজৰ প্রতিভাসমূহ প্রতিষ্ঠা কৰিব পাৰে ।
(চ) কঠিন বিষয় বুজাত উপযোগীঃ
    অন্তৰ্দশন শিক্ষণ পদ্ধতিৰ প্রয়োগেৰে কঠিন বিষয়সমূহৰ শিক্ষণৰ দিশত অধিক উপযোগী হয় ।
(ছ)প্রজেক্ট আরু মন্টেছৰী শিক্ষা পদ্ধতিৰ বাবে অতি দৰকারীঃ
     অন্তৰ্দশন শিক্ষণ পদ্ধতি প্রজেক্ট আরু মন্টেছৰী শিক্ষা পদ্ধতিসমূহৰ প্রয়োগ আরু উন্নতিত বিশেষ সহায়ক হয় ।
এইদৰে শিক্ষাৰ দিশত অন্তৰ্দশন শিক্ষণ পদ্ধতিয়ে বহু ধৰণে শিক্ষক আরু শিক্ষার্থীক সহায় কৰে ।

১৩। অনুবন্ধন শিক্ষণ পদ্ধতিৰে কেনেকৈ শিক্ষণ সম্ভৱ হয়? উদাৰণৰ সৈতে বুজাই লিখা ।
অথবাঃ অনুবন্ধন শিক্ষণ কি? বা অনুবন্ধন শিক্ষণ কাক বোলে? বা অনুবন্ধন শিক্ষণ পদ্ধতিটো আলোচনা বা বিষয়ে লিখা ।
*অনুবন্ধন শিক্ষণ পদ্ধতিৰ প্রতিষ্ঠাপক/প্রতিষ্ঠাতাজনৰ নাম লিখা ।
*অনুবন্ধন শিক্ষণ পদ্ধতি কোনটো তত্বৰ ওপৰত প্রতিষ্ঠিত ?
*অনুবন্ধন শিক্ষণ পদ্ধতিৰ প্রধান বৈশিষ্ট্যবোৰ লিখা ।
*অনুবন্ধন শিক্ষণ পদ্ধতিৰ শৈক্ষিক মূল্য/তাৎপর্য্য/শিক্ষাগত প্রয়োজন উল্লেখ কৰা/বিষয়ে লিখা/নিরূপণ কৰা/দেখুওৱা । অথবাঃ অনুবন্ধন শিক্ষণ পদ্ধতিৰ শৈক্ষিক অৱদানৰ বিষয়ে চমুকৈ লিখা ।
**অনুবন্ধিত শিক্ষণৰ পৰীক্ষামূলক কাৰ্য্যপ্রণালীৰ সাংকৃতিক রূপত উপস্থাপন কৰা ৷
উত্তরঃ  অনুবন্ধন শিক্ষণ পদ্ধতিঃ (ক) অনুবন্ধন শিক্ষণ পদ্ধতিৰ স্রষ্টা আছিল আইভান পেভলভ(Ivan Pavlov)  আরু এই শিক্ষণ পেভলভৰ ‘অনুবন্ধনবাদ (মৌ্লিক) তত্ব’ৰ ওপৰত প্রতিষ্ঠিত আছিল ।
(খ) সাধাৰণতে স্বাভাৱিক উদ্দীপকৰ পৰিপেক্ষিতত স্বাভাৱিক প্রতিক্রিয়াৰ সৃষ্টি হয় ।
 (গ) কিন্তু, আইভান পেভলভৰ মতে স্বাভাৱিক উদ্দীপকৰ বিপৰীতে অস্বাভাৱিক উদ্দীপক নাইবা কৃত্রিম উদ্দীপক প্রদান কৰিও স্বাভাৱিক প্রতিক্রিয়া লাভ কৰিব পাৰি ।
(ঘ) এই শিক্ষণ নিয়ম অনুসৰি কোনো এক স্বাভাৱিক প্রতিক্রিয়া আন এক স্বাভাৱিক উদ্দীপকৰ পৰিৱর্তে কৃত্রিম উদ্দীপকৰ লগত সংযুক্ত বা অনুবন্ধিত কৰা হয় ।
(ঙ) এই শিক্ষণ প্রক্রিয়া কোনো অস্বাভাৱিক উদ্দীপক নাইবা কৃত্রিম উদ্দীপকৰ সহায়ত আরু পুনৰ প্রচেষ্টাত, এই শিক্ষণ স্থায়ী কৰা হয় ।
(চ) অনুবন্ধণ শিক্ষণত অস্থায়ী এক উদ্দীপকক পুনৰ পুনৰ ব্যৱহাৰৰ জৰীয়তে দীর্ঘস্থায়ী কৰা হয় ।

পেভলভৰ অনুবন্ধন বা শিক্ষালব্ধ প্রতিক্রিয়াৰ শিক্ষণৰ পৰীক্ষা/উদাহৰণঃ
 (ক) এটা ভোকাতুৰ কুকুৰৰ সহায়ত পেভলভে অনুবন্ধন শিক্ষণৰ পৰীক্ষা কৰিছিল ।
(খ) প্রথমে, কুকুৰটোক মাংস দেখুওৱা হৈছিল তেতিয়া কুকুৰটোৰ মুখৰ পৰা লালটি ওলোৱা আৰম্ভ হৈছিল ।
(গ) দ্বিতীয়তে, কুকুৰটোৱে শুনাকৈ এটা ঘন্টা বজোৱা হৈছিল আরু তাৰ প্রতিক্রিয়াস্বরূপে সি ঘন্টাৰ শব্দটো শুনিছিল ।
(ঘ) তৃতীয়তে, পেভলভে ঘন্টা বজাইছিল আরু কুকুৰটোক মাংস দিছিল । এই ক্ষেত্রত কুকুৰটোৰ মুখৰ পৰা লালটি ওলোৱা প্রতিক্রিয়া দেখা গৈছিল ।
(ঙ)পেভলভে এই কাৰ্য্য একে পৰিস্থিতিৰে বা অৱস্থাৰ সৈতে কেইবাদিনো কৰিছিল ।
(চ) অৱশেষত, পেভলভে ঘন্টা বজাইছিল কিন্তু মাংস দিয়া নাছিল যদিও ঘন্টাৰ শব্দ শুনাৰ লগে লগে কুকুৰটোৰ মুখৰ পৰা লালটি ওলোৱা দেখা পাইছিল ।
(ছ) অর্থাৎ, কুকুৰটোৱে নতুন সেই ঘন্টাৰ শব্দটোৰ লগত অনুবন্ধিত হৈ নতুন শিক্ষণ লাভ কৰিছিল ।
অনুবন্ধিত শিক্ষণৰ পৰীক্ষামূলক কাৰ্য্যপ্রণালীৰ সাংকৃতিক রূপত উপস্থাপনঃ
S1(মাংস) -  R1(লালটি)
S2(ঘন্টাৰ শব্দ) -  R2 (শব্দৰ প্রতি প্রতিক্রিয়া)
S2+S1(ঘন্টা + খাদ্য) - R1(লালটি)
S2 (ঘন্টা) – R1(লালটি ওলোৱা, অনুবন্ধিত প্রতিক্রিয়া)   
অনুবন্ধন শিক্ষণৰ বৈশিষ্ট্যসমূহঃ
(ক)স্বাভাৱিক প্রতিক্রিয়া আরু কৃত্রিম উদ্দীপকৰ মাজৰ সংযোগ সাধনৰ শিক্ষণঃ
      অনুবন্ধন শিক্ষণ প্রক্রিয়া স্বাভাৱিক প্রতিক্রিয়া আরু কৃত্রিম উদ্দীপকৰ মাজৰ সংযোগ সাধন ফলস্বরূপে গঢ়ি উঠে ।
(খ) এক যান্ত্রিক প্রক্রিয়াৰ শিক্ষণঃ
     অনুবন্ধন শিক্ষণ পদ্ধতি এক যান্ত্রিক প্রক্রিয়াৰ মাধ্যমেৰে সমাধা হয় ।
(গ) বাৰম্বাৰ ক্রিয়া বা পুনৰ প্রচেষ্টাৰ এক শিক্ষণঃ
     অনুবন্ধন শিক্ষণত কোনো এক কাৰ্য্য কেইবাবাৰো পুনৰ চেষ্টাৰ ফলত নতুন শিক্ষণ লাভ হয় ।
(ঘ) ইন্দ্রিয় সম্বন্ধীয় এক শিক্ষণঃ
    অনুবন্ধন শিক্ষণ প্রণালী বিশেষকৈ ইন্দ্রিয় সম্বন্ধীয় এক শিক্ষণ হিচাপে প্রতিষ্ঠিত হয় ।
(ঙ) কৃত্রিক উদ্দীপকৰ সংযোগ সাধনঃ
    অনুবন্ধন শিক্ষণ কাৰ্য্যত কৃত্রিক উদ্দীপকৰ সংযোগ সাধন কৰি নতুন শিক্ষাৰ অবতাৰন কৰা হয় ।
(চ) নতুন অৱস্থাৰ সৈতে পুনৰস্থাপন কৰা এক শিক্ষণ প্রক্রিয়াঃ
   অনুবন্ধন শিক্ষণ প্রণালী্যে নতুন নতুন অৱস্থাৰ সৈতে পুনৰস্থাপন কৰে আরু শিক্ষণ ক্রিয়া সম্ভৱ কৰি তুলে ।

অনুবন্ধন শিক্ষণৰ শৈক্ষিক মূল্য/তাৎপর্য্য/শিক্ষাগত প্রয়োজনঃ

(ক) অনুবন্ধন আরু শাস্তি-পুৰস্কাৰ নীতিঃ
        অনুবন্ধন শিক্ষা নীতিয়ে, পুৰস্কাৰ নীতিৰ সহায়ত বন্ধন শক্তিশালী আরু শাস্তি নীতিৰ সহায়ত সেই বেয়া কর্ম পুনৰ নকৰাৰ ক্ষেত্রত সহায় কৰে ।
(খ) ভাল অভ্যাস গঠনত ফলপ্রসূতাঃ
     অনুবন্ধন শিক্ষা নীতিৰ সহায়ত ছাত্র-ছাত্রী সকলৰ ভাল অভ্যাস গঠন কৰাত অধিক ফলপ্রাপ্তি হব পাৰি ।
(গ) নব্য বা নতুন নতুন পৰিৱেশৰ সৈতে সমাযোজন কৰাতঃ
      অনুবন্ধন শিক্ষণ পদ্ধতিয়ে নতুন পৰিবেশৰ সৈতে শিক্ষার্থীসকলক সংযোগ হোৱাত সহায় কৰে ।
(ঘ) বদ অভ্যাস আতৰ কৰাত সহায়কঃ
     ছাত্র-ছাত্রী সকলৰ বদ অভ্যাসবোৰ অনুবন্ধন শিক্ষণৰ সহায়ত স্থায়ীভাৱে আতৰ কৰিব পাৰি ।
(ঙ) জীৱনৰ প্রাৰম্ভিক পৰ্যায়ৰ বাবে গুরুত্বপূর্ণঃ
     অনুবন্ধন শিক্ষণে সকলো শিশুৰে জীৱনৰ প্রাৰম্ভিক পৰ্য্যায়ৰ শিক্ষা গ্রহনত বিশেষ ভূমিকা গ্রহণ কৰে ।
(চ) ভাষাৰ বিকাশ সাধনত সহায়কঃ
     অনুবন্ধন শিক্ষণে ভাষাৰ বিকাশ সাধনত ছাত্র-ছাত্রীসকলক সুবিধা কৰি দিয়ে ।
(ছ) ভাষাৰ অনুষংগ নীতি আরু সান্নিধ্য নীতিৰ বিকাশসাধনতঃ
      ভাষাৰ অনুষংগ নীতি আরু সান্নিধ্য নীতিৰ বিকাশসাধনৰ দিশতো অনুবন্ধন শিক্ষণ পদ্ধতি প্রয়োগ কৰিব পাৰি ।

১৪। শিক্ষণৰ প্রধান নীতিকেইটা চমুকৈ লিখা ।
অথবাঃ শিক্ষণৰ মূল নীতিসমূহ কি কি?
অথবাঃ ই এল্ থৰ্ণডাইকৰ শিক্ষণৰ নীতিকেইটা লিখা ।
অথবাঃ শিক্ষণৰ দিশত বা শিক্ষাৰ ক্ষেত্রত ই এল্ থৰ্ণডাইকে আগবঢ়োৱা নীতিকেইটা চমুকৈ লিখা ।
অথবাঃ থৰ্ণডাইকৰ শিক্ষণৰ নীতিসমূহ ব্যাখ্যা কৰা আরু সিহঁতৰ শৈক্ষিক তাৎপর্য্য দেখুওৱা ৷(শৈক্ষিক তাৎপর্য্যৰ উত্তৰৰ বাবে ইয়াৰ পিছৰ প্রশ্নৰ উত্তৰ লিখিবা ।)
উত্তরঃ শিক্ষণৰ দিশত বা শিক্ষাৰ ক্ষেত্রত ক ই এল্ থৰ্ণডাইকে আগবঢ়োৱা নীতিকেইটা হ’লঃ
(ক) প্রস্তুতিৰ নীতি (Law of Readiness):
থৰ্ণডাইকৰ মতে শিক্ষাৰ বাবে দৈহিক প্রস্তুতিৰ প্রয়োজন । ইয়াৰ সমসাময়িক ভাবে মানসিক প্রস্তুতিও অতিকৈ লাগতিয়াল । এই নীতিৰ অনুসৰি যদি এজন শিক্ষার্থীয়ে কোনো বিষয় শিকাৰ ক্ষেত্রত প্রস্তুত হয় তেনেহ’লে অতি সোনকালে আরু ভালদৰে শিকিব পাৰে । যদি প্রস্তুত নহয় তেনেহ’লে শিকাৰ ক্ষেত্রত সফল নহয় ।  
(খ) ফলাফল (পৰিনামৰ) নীতি (Law of Effect):
    থৰ্ণডাইকৰ মতে শিক্ষণ ফলাফলৰ ওপৰত নির্ভৰ কৰে । এই নীতিৰ অনুসৰি যদি শিক্ষণৰ ফলাফল সন্তোসজনক হয় তেনেহ’লে পুনৰ কৰাৰ বাবে উৎসাহ পায় আরু শুদ্ধকৈ কৰিব পাৰে । যদি শিক্ষণৰ ফলাফল অসন্তোসজনক হয় আরু বাৰে বাৰে ব্যর্থ হয় তেনেহ’লে অধিক কৰাৰ ক্ষেত্রত উৎসাহ নাপায় । থৰ্ণডাইকৰ এই নীতিৰ অর্থ হ’ল এই যে যি বিষয়ে ফলাফল আনন্দ দিয়ে সেই বিষয় অতি সহজে শিকিব পাৰে আরু যি বিষয়ে কষ্ট দিয়ে তাক সহজে শিকিব পৰা নাযায় ।
(গ) অনুশীলনৰ নীতি (Law of Exercise):
     থৰ্ণডাইকৰ মতে শিক্ষণৰ বাবে অনুশীলনৰ প্রয়োজন । তেখেতে অনুশীলনৰ নীতিক ব্যৱহাৰৰ নীতি আরু অব্যৱহাৰৰ নীতি হিচাপে উল্লেখ কৰিছে । থৰ্ণডাইকে উল্লেখ কৰিছে যে শিক্ষণৰ সংযোগ শক্তি অনুশীলন বা চৰ্চ্চা বা ব্যৱহাৰৰ জৰীয়তে বৃদ্ধি কৰিব পাৰি । নহলে অর্থাৎ অব্যৱহাৰ হ’লে শিক্ষণ দুর্বল হয় । 

১৫। থৰ্ণডাইকৰ প্রস্তুতিৰ নীতিটো শ্রেণীকোঠাত কেনেকৈ বা কিদৰে ব্যৱহাৰ কৰিব পাৰি বা কেনেকৈ ব্যৱহাৰ কৰা হয় বুজাই লিখা /আলোচনা কৰা ।
অথবাঃ থৰ্ণডাইকৰ প্রস্তুতিৰ নীতিটোৰ শৈক্ষিক তাৎপৰ্য্য দেখুওৱা ।
উত্তরঃ থৰ্ণডাইকৰ প্রস্তুতিৰ নীতিটো ব্যৱহাৰৰ কৰাৰ ক্ষেত্রত পালন কৰিব পৰা নীতি বা কর্মসমূহ হ’ল এনেধৰণরঃ
(ক) এজন শিক্ষকে যিকোনো এক বিষয় শিকোৱাৰ আগত শিক্ষার্থীসকলৰ মানসিক আরু দৈহিক প্রস্তুতি আছে নে নাই তাক লক্ষ্য বা মন কৰিব লাগে ।
(খ) যেতিয়া শিক্ষার্থীসকল যিকোনো বিষয় শিকাৰ ক্ষেত্রত প্রস্তুতি হয় তেতিয়াহে বিষয়টো পাঠদান কৰিব লাগে ।
(গ) বিষয়সমূহ আলোচনা বা পাঠদান কৰাৰ আগত মনৰ অভিপ্রায়ৰ প্রস্তুতিৰ দিশত মন কৰিব লাগে ।
(ঘ) এটা পাঠ আৰম্ভ হোৱাৰ পূর্বে শিক্ষক আরু শিক্ষার্থী উভয়ে সেই শিক্ষণ কাৰ্য্যৰ বাবে শাৰীৰিক আরু মানসিক প্রস্তুত হ’ব লাগে ।
(ঙ) শিক্ষকসকলে শিক্ষার্থীসকলৰ প্রস্তুতিৰ দিশত সন্তুষ্টি ভাৱৰ সৃষ্টি কৰিব লাগে ৷
(চ)শিক্ষকসকলে যিকোনো বিষয় শিকাৰ বাবে ছাত্র-ছাত্রীসকল স্ব-ইচ্ছাৰে প্রস্তুত হোৱাৰ ক্ষেত্রত মনোনিবেশ কৰিব লাগে ।
   এইদৰে, থৰ্ণডাইকৰ প্রস্তুতিৰ নীতিটো শ্রেণীকোঠাত ব্যৱহাৰ কৰিব পাৰি ।

১৬। থৰ্ণডাইকৰ ফলাফলৰ নীতিটো শ্রেণীকোঠাত কেনেকৈ বা কিদৰে ব্যৱহাৰ কৰিব পাৰি বা কেনেকৈ ব্যৱহাৰ কৰা হয় বুজাই লিখা /আলোচনা কৰা ।
অথবাঃ থৰ্ণডাইকৰ ফলাফলৰ নীতিটোৰ শৈক্ষিক তাৎপৰ্য্য দেখুওৱা ।
উত্তরঃ থৰ্ণডাইকৰ ফলাফলৰ নীতিটো ব্যৱহাৰৰ কৰাৰ ক্ষেত্রত পালন কৰিব পৰা নীতি বা কর্মসমূহ হ’ল এনেধৰণরঃ
(ক) শিক্ষকসকলে পুৰস্কাৰ, স্বীকৃতি আরু প্রশংসাৰ জৰীয়তে শিক্ষণৰ ফলাফলত উৎসাহিত কৰিব পাৰে ।
(খ) শিক্ষকসকলে শ্রেণীকোঠাত শিক্ষণৰ দিশত শাস্তিমূলক ব্যৱস্থা ত্যাগ কৰি ফলাফল অধিক ফলপ্রসূ কৰিব পাৰে ।
(গ) শিক্ষার্থীসকলৰ মন পছন্দ বিষয়েৰে শ্রেণীকোঠাৰ শিক্ষণ আৰম্ভ কৰি ফলাফল অধিক উন্নত কৰিব পাৰে ।
(ঘ) শিক্ষকসকলে শ্রেণীকোঠাত আনন্দদায়কৰ মাধ্যমেৰে শিক্ষণৰ ফলাফল অধিক শক্তিশালী কৰাৰ মানস কৰিব লাগে ।
(ঙ) ফলাফলৰ ঋনাত্মক প্রভাৱৰ পৰা বিৰত থাকিব লাগে আরু নিৰানন্দ কথা বা বিষয়বোৰ শ্রেণীকোঠাত আলোচনা কৰিব নালাগে ।
(চ) শিক্ষকসকলে সদায় শ্রেণীকোঠাতো এক আনন্দময় পৰিৱেশৰ সৃষ্টি কৰি ৰখাত মনোনিবেশ কৰিব লাগে । তেতিয়াহে ফলাফল আনন্দদায়ক হব ।
  এইদৰে, থৰ্ণডাইকৰ ফলাফলৰ নীতিটো শ্রেণীকোঠাত ব্যৱহাৰ কৰিব পাৰি ।

১৭।থৰ্ণডাইকৰ অনুশীলনৰ নীতিটো শ্রেণীকোঠাত কেনেকৈ বা কিদৰে ব্যৱহাৰ কৰিব পাৰি বা কেনেকৈ ব্যৱহাৰ কৰা হয় বুজাই লিখা/আলোচনা কৰা ।
অথবাঃ থৰ্ণডাইকৰ অনুশীলনৰ নীতিটো শৈক্ষিক তাৎপৰ্য্য দেখুওৱা ।
উত্তরঃ থৰ্ণডাইকৰ অনুশীলনৰ নীতিটো ব্যৱহাৰৰ কৰাৰ ক্ষেত্রত পালন কৰিব পৰা নীতি বা কর্মসমূহ হ’ল এনেধৰণরঃ
(ক) শিক্ষকসকলে এটি পাঠ পুনৰ পুনৰ আলোচনা বা অনুশীলন কৰিব লাগে যাতে শিক্ষার্থীসকলে ভালদৰে বোধগম্য হয় বা বুজি পায় ।
(খ) শিক্ষার্থীসকলে জনা বা বুজি উঠা কথাবোৰ বা জ্ঞানবোৰ সজীৱ কৰি ৰখাৰ ক্ষেত্রত অনুশীলন কৰাব লাগে ।
(গ) অনুশীলনৰ জৰীয়তে শিক্ষার্থীসকল্রৰ কৌশল, কর্মদক্ষতা আরু হস্তনিপুণতা বৃদ্ধি কৰাৰ চেষ্টা কৰিব লাগে ।
(ঘ) শিক্ষার্থীসকলৰ অবাঞ্চিত আচৰণ আরু কাৰ্য্যবোৰ অনুশীলনৰ সহায়ত বন্ধ কৰি নাইকীয়া কৰিব লাগে ।
(ঙ) শিক্ষকসকলে অনুশীলনৰ মাধ্যমেৰে ছাত্র-ছাত্রীসকলৰ সু-অভ্যাস গঢ়ি তুলিব লাগে ।
(চ) শ্রেণীকোঠা আরু পাঠদানৰ অনুশীলনৰ মাধ্যমেৰে শিক্ষকসকলে নতুন নতুন জ্ঞান আরু অভিজ্ঞতা শিক্ষার্থীসকলৰ মাজত প্রদান কৰিব লাগে ।
  এইদৰে, থৰ্ণডাইকৰ অনুশীলনৰ নীতিটো শ্রেণীকোঠাত ব্যৱহাৰ কৰিব পাৰি ।

১৮। অনুশীলনৰ নীতিৰ ভাগ কেইটা আরু কি কি?
অথবাঃ থৰ্ণডাইকে আগবঢ়োৱা অনুশীলনৰ শিক্ষণ নীতিৰ ভাগকেইটা উল্লেখ কৰা ।
অথবাঃ ব্যৱহাৰৰ নীতি আরু অৱ্যহাৰৰ নীতিকেইটা লিখা ।
উত্তরঃ থৰ্ণডাইকে  অনুশীলনৰ শিক্ষণ নীতিক দুটা ভাগত বিভক্ত কৰিছে । সেইকেইটা হ’লঃ (ক)ব্যৱহাৰৰ নীতি আরু (খ) অৱ্যহাৰৰ নীতি
(ক)ব্যৱহাৰৰ নীতিঃ থৰ্ণডাইকে উল্লেখ কৰিছে যে শিক্ষণৰ সংযোগ শক্তি অনুশীলন বা চৰ্চ্চা বা ব্যৱহাৰৰ জৰীয়তে বৃদ্ধি কৰিব পাৰি । তেওঁ কৈছে, “যেতিয়া পৰিস্থিতি আরু প্রতিক্রিয়াৰ মাজত সংশোধিত সম্বন্ধ স্থাপন কৰা হয়, তেতিয়া আনবোৰৰ অৱস্থা একেই থাকিলে সংযোগৰ শক্তি বৃদ্ধি পায় ।”
(খ)অৱ্যহাৰৰ নীতিঃ থৰ্ণডাইকে উল্লেখ কৰিছে যে শিক্ষণৰ সংযোগ শক্তি অনুশীলন নহ’লে বা চৰ্চ্চা নকৰিলে বা অব্যৱহাৰ হ’লে শিক্ষণ অভিজ্ঞতা হেৰাই যায় আরু পাহৰি যোৱা হয় । তেওঁ কৈছে, “যেতিয়া পৰিস্থিতি আরু প্রতিক্রিয়াৰ মাজৰ সংশোধিত সম্বন্ধ দীর্ঘসময় ধৰি স্থাপন কৰা নহয়, তেতিয়া সেই সংযোগৰ শক্তি কমি যায় ।”

১৯। ফলাফল বা পৰিনামৰ নীতিক কিয় সন্তুষ্টি আরু অসন্তুষ্টিৰ নীতি বুলি কোৱা হয় ?
অথবাঃ ফলাফল বা পৰিনামৰ নীতিক কিয় আনন্দ আরু বেদনাৰ নীতি বুলি কোৱা হয় ?
উত্তরঃ থৰ্নডাইকৰ ফলাফল বা পৰিনামৰ নীতি অনুসৰি যেতিয়া এজন ছাত্র বা ছাত্রীয়ে কোনো প্রশ্নৰ উত্তৰ শুদ্ধকৈ ক’ব বা লিখিব পাৰে তেতিয়া ছাত্র বা ছাত্রীগৰাকীয়ে বেছিকৈ কৰিবলৈ উৎসাহিত হয় আরু আনন্দিত হয় । লগতে যদি, ছাত্র বা ছাত্রীগৰাকীয়ে বাৰে বাৰে ব্যর্থ বা অকৃতকৰ্য্য হয় তেতিয়া অধিক কৰিবলৈ উৎসাহিত নহয় আরু বেদনা অনুভৱ কৰে । সেয়েহে থৰ্নডাইকৰ ফলাফল বা পৰিনামৰ নীতিক সন্তুষ্টি আরু অসন্তুষ্টিৰ নীতি বা আনন্দ আরু বেদনাৰ নীতি বুলি কোৱা হয় ।

২০। ফলাফল বা পৰিনামৰ নীতিক কিয় পুৰস্কাৰ আরু শাস্তি সম্পর্কীয় নীতি বুলি কোৱা হয় ?
উত্তরঃ ফলাফল বা পৰিনামৰ নীতি অনুসৰি যি বিষয়ে আনন্দ দিয়ে সেই বিষয়ক সহজে শিকিব পাৰি আরু যি বিষয়ে কষ্ট দিয়ে, সেই বিষয়ে সহজে শিকিব পৰা নাযায় । অর্থাৎ যি বিষয়ে আনন্দ বা পুৰস্কাৰ দিয়ে সেই বিষয় সহজে বোধগম্য হয় আরু যি বিষয়ৰ জৰীয়তে কষ্ট বা শাস্তি প্রাপ্ত হয়, সেই বিষয় শিকাৰ ক্ষেত্রত সফল নহয় । সেয়ে, ফলাফল বা পৰিনামৰ নীতিক পুৰস্কাৰ আরু শাস্তি সম্পর্কীয় নীতি বুলি কোৱা হয় ।

২১। প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতি কোনটো তত্বৰ ওপৰত প্রতিষ্ঠিত ? এই তত্বৰ প্রতিষ্ঠিতা কোন ?
উত্তরঃ প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতি ‘সংযোগবাদ শিক্ষণ তত্ব’ৰ ওপৰত প্রতিষ্ঠিত । এই তত্বৰ প্রতিষ্ঠাতা হ’ল-এডৱাৰ্ড লী থৰ্ণডাইক ।

২২।অন্তদৰ্শন শিক্ষণ পদ্ধতি কোনটো তত্বৰ ওপৰত প্রতিষ্ঠিত ? এই তত্বৰ প্রতিষ্ঠিতা কোন ?
উত্তরঃ অন্তদৰ্শন শিক্ষণ পদ্ধতি ‘সামগ্রীকতাবাদ তত্ব’ৰ ওপৰত প্রতিষ্ঠিত । এই তত্বৰ প্রতিষ্ঠিতা হ’ল-ৱাৰ্থিমাৰ, কহলাৰ আরু কাফকা ।

২৩। অনুবন্ধন শিক্ষণ পদ্ধতি কোনটো তত্বৰ ওপৰত প্রতিষ্ঠিত ? এই তত্বৰ প্রতিষ্ঠিতা কোন ?
উত্তরঃ অনুবন্ধন শিক্ষণ পদ্ধতি ‘অনুবন্ধনবাদ (মৌ্লিক) তত্ব’ৰ ওপৰত প্রতিষ্ঠিত । এই তত্বৰ প্রতিষ্ঠাতা হ’ল- আইভান পেভলভ (Ivan Pavlov)

২৪।সামগ্রীকতাবাদ তত্বৰ প্রৱৰ্ত্তক কোন?
অথবাঃ সামগ্রীকতাবাদ তত্বৰ প্রতিষ্ঠাতা কোন ?
অথবাঃ সামগ্রীকতাবাদ তত্বটো কোন কেইজন জার্মান মনোবিজ্ঞানীয়ে প্রৱৰ্ত্তন কৰিছিল ?
উত্তরঃ ৱাৰ্থিমাৰ, কহলাৰ আরু কাফকা, এই তিনিগৰাকী জার্মান মনোবিজ্ঞানীয়ে সামগ্রীকতাবাদ তত্বটো প্রৱৰ্ত্তন কৰিছিল ।

২৫।গেষ্টাল্ট এটা কি শব্দ ? এই শব্দটোৰ অর্থ কি ?
উত্তরঃ গেষ্টাল্ট এটা জার্মান শব্দ । এই শব্দৰ অর্থ হ’ল- সমগ্র বা সম্পূর্ণ আকাৰ ।

২৬। প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতিৰ লগত সংলগ্ন থকা মূল উপাদান দুটা কি কি? এই দুইটাক একেলগে বা চমুকৈ কি বুলি জনা যায় ?
উত্তরঃ প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতি লগত সংলগ্ন থকা মূল উপাদান দুটা হ’লঃ উদ্দীপক (Stimular) আরু প্রতিক্রিয়া (Response) । এই দুইটাক একলগে বা চমুকৈ ‘S-R’ চুক্তিতত্ব বোলে ।

২৭। S-R চুক্তিতত্ব কাক বোলে? বা বুলিলে কি বুজা? বা কি?
উত্তরঃ এডৱাৰ্ড লী থৰ্ণডাইকৰ মতে প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতি সংযোগবাদ শিক্ষণ তত্বৰ ওপৰত প্রতিষ্ঠিত । তেখেতৰ মতে, শিক্ষণ হ’ল- উদ্দীপক আরু প্রতিক্রিয়াৰ মাজৰ সংযোগ সাধনৰ ফল । চমুকৈ ইয়াক ‘S-R’ চুক্তিতত্ব বোলে ।

 ২৮। শিক্ষণৰ প্রধান তিনিটা পদ্ধতি লিখা ।
অথবাঃ শিক্ষণৰ যিকোনো তিনিটা পদ্ধতি উল্লেখ কৰা ।
উত্তরঃ শিক্ষণৰ প্রধান তিনিটা পদ্ধতি হ’লঃ প্রচষ্টা আরু ভুল শিক্ষণ পদ্ধতি, অন্তদৰ্শন শিক্ষণ পদ্ধতি আরু অনুবন্ধন শিক্ষণ পদ্ধতি ।

২৯। সামগ্রীকতাবাদ মনোবিজ্ঞানীসকলৰ মতে শিক্ষণ কি?
উত্তরঃ সামগ্রীকতাবাদ মনোবিজ্ঞানীসকলৰ মতে শিক্ষণ হ’ল- এক মানসিক বা বৌদ্ধিক কাৰ্য যি শিক্ষকৰ পৰ্যবেক্ষণ, অনুভৱ শক্তি আরু অন্তদৰ্শন ক্ষমতাৰ লগত জড়িত হৈ থাকে ।

৩০। সামগ্রীকতাবাদ মনোবিজ্ঞানীসকলে কিয় প্রচেষ্টা আরু ভুল পদ্ধতি শিক্ষাৰ বিরুদ্ধিতা কৰিছিল ?
উত্তরঃ সামগ্রীকতাবাদ মনোবিজ্ঞানীসকলে প্রচেষ্টা আরু ভুল পদ্ধতি শিক্ষাৰ বিরুদ্ধিতা কৰিছিল কাৰণ এই শিক্ষণ কাৰ্য্যত দৈহিক কাৰ্য্যৰ ওপৰত অধিক গুরুত্ব দিয়া হয় । লগতে, তেওঁলোকৰ মতে ই এক অন্ধ যান্ত্রিক প্রক্রিয়া ।

৩১। শিক্ষণৰ কোনটো পদ্ধতি বা নীতিয়ে অনুষংগ নীতি আরু সান্নিধ্য নীতি (Law of the association of ideas specially law of contiguity) ৰ ওপৰত গুরুত্ব দিছিল?
উত্তরঃ শিক্ষণৰ অনুবন্ধন শিক্ষণ পদ্ধতি বা নীতিয়ে অনুষংগ নীতি আরু সান্নিধ্য নীতি (Law of the association of ideas specially law of contiguity) ৰ ওপৰত গুরুত্ব দিছিল ।

৩২। তলত দিয়া উক্তিবোৰ সঁচা নে মিছা লিখা ।
(ক) শিক্ষণ সমস্যা সমাধান কাৰ্য ৷
উত্তরঃ সঁচা ।
(খ) অন্তৰ্দশনৰ দ্বাৰা শিক্ষণ হৈছে শিক্ষণৰ এক যান্ত্রিক প্রক্রিয়া ।
উত্তরঃ মিছা ।
(গ) শিক্ষণ পৰিপক্কতাৰ ওপৰত নির্ভৰশীল নহয় ।
উত্তরঃ মিছা ।
(ঘ) অন্তৰ্দশন শিক্ষাৰ এক উচ্চ পদ্ধতি ।
উত্তরঃ সঁচা ।
(ঙ) শিক্ষণ এক জীৱণজোৰা প্রক্রিয়া ।
উত্তরঃ সঁচা ।
(চ) শিক্ষণ আচৰণৰ ভেটি ।
উত্তরঃ সঁচা ।

৩৩। উপযুক্ত শব্দৰে খালীঠাই পূৰ কৰা ।
(ক) প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতি............দ্বাৰা সমৰ্থিত আছিল ।
উত্তরঃ প্রচেষ্টা আরু ভুল শিক্ষণ পদ্ধতি এডৱাৰ্ড লী থৰ্ণডাইকৰ দ্বাৰা সমৰ্থিত আছিল ।
(খ) গেষ্টাল্ট এটা.........শব্দ ।
উত্তরঃ গেষ্টাল্ট এটা জার্মান শব্দ ।
(গ)অনুশীলনৰ নীতি.........দ্বাৰা প্রকাশিত হৈছিল ।
উত্তরঃ অনুশীলনৰ নীতি এডৱাৰ্ড লী থৰ্ণডাইকৰ দ্বাৰা প্রকাশিত হৈছিল ।
(ঘ) অভিজ্ঞতাৰ যোগেদি............সংশোধনেই হৈছে শিক্ষণ ।
উত্তরঃ অভিজ্ঞতাৰ যোগেদি প্রতিক্রিয়া বা আচৰণৰ সংশোধনেই হৈছে শিক্ষণ ।
(ঙ) .........শিক্ষণৰ অনুবন্ধন (মৌ্লিক) তত্বৰ এজন প্রৱৰ্তক আছিল ।
উত্তরঃ আইভান পেভলভ শিক্ষণৰ অনুবন্ধন (মৌ্লিক) তত্বৰ এজন প্রৱৰ্তক আছিল ।

৩৪। “শিক্ষণ হৈছে অভিজ্ঞা আরু প্রশিক্ষণৰ যোগেদি আচৰণ সংশোধনৰ কৰা কাৰ্য ।”, বহলাই লিখা বা চমুকৈ আলোচনা কৰা ।
উত্তরঃ সকলো মানুহৰ জন্মগত প্রবৃত্তিবোৰ অমার্জিত আরু অপৰিশোধিত আচৰণ নিহিত হৈ থাকে । মানুহৰ বুদ্ধি আরু বিচাৰ শক্তিসমূহ উন্নত কৰাৰ লগতে এই অমার্জিত আরু অপৰিশোধিত আচৰণসমূহ সংশোধন কৰা দৰকাৰ । এই ক্ষেত্রত আমি বিভিন্ন পৰিৱেশৰ সৈতে সমাযোজন কৰিব লাগে । তেতিয়া আমি জ্ঞান আরু অভিজ্ঞতা আহৰণ কৰো । এই জ্ঞান আরু অভিজ্ঞতাসমূহৰ মাধ্যমত আরু বিভিন্ন প্রশিক্ষণৰ সহযোগত আমাৰ প্রকৃতি সলনি হয় । সমসাময়িকভাৱে আমাৰ অমাৰ্জিত প্রতিক্রিয়া আরু আচৰণসমূহ পৰিশোধন হয় । সেয়ে আমি ক’ব পাৰো যে অভিজ্ঞতা আরু প্রশিক্ষণৰ জৰীয়তে প্রতিক্রিয়া বা আচৰণৰ পৰিৱৰ্তন বা পৰিশোধন কৰাই হৈছে শিক্ষণ । অর্থাৎ শিক্ষণ হৈছে অভিজ্ঞা আরু প্রশিক্ষণৰ যোগেদি আচৰণ সংশোধনৰ কৰা কাৰ্য                         


 Updating...